অফিচ-কাছাৰী : অসম আৰু জাৰ্মানী

—————————-

“আপুনি কাইলৈ আহক, ফাইলটোত চহী হোৱা নাই |”,
কি কৰিবহে বহুত কাম, আপোনাৰ ফাইলটো চাব‍ই পৰা নাই, আপুনি কাইলৈ এপাক মাৰিব |”
“ম‍ই ফাইলটো পঠিয়াইছোঁ, ছাৰে চহী কৰা নাই, আপুনি এসপ্তাহ পিছত খবৰ কৰক |”,
এদিন-দুদিন, এসপ্তাহ-দুসপ্তাহকৈ, মাহ-বছৰ পাৰ হৈ যায়, ফাইল চহী নোহোৱাকৈ পৰি থাকে |আপোনাৰ অহা-যোৱা কৰোঁতে টকা-প‍ইচা, স্বাস্থ্য-পাতি সকলো হেৰুৱাব, তথাপিও চহী আনিব নোৱাৰে | কিন্তু আপুনি -“এইটো লওঁক, চাহ একাপ খাব”-বুলি পঞ্চাশ বা এশ টকা পিয়নজনৰ হাতত গুজি দিয়ক, আপোনাৰ ফাইলত চহী হৈ যাব | পিয়নজনৰ হতুৱাই কামটো কৰিব পাৰিলেতো কথাই নাই, আপোনাৰ কাম কমতে হ’ল | কিবাকৈ কেৰাণী-মহৰীৰ ওচৰপালে চাহৰ মুল্য পাঁচশৰ পৰা হাজাৰলৈ যাব | হাজাৰ টকীয়া চাহকাপ কিমান সোৱাদৰ হ’ব বাৰু!!!
২০০৬ চনৰ ছেপ্তেম্বৰ মাহত পাচপ’ৰ্টৰ বাবে আবেদন কৰিছিলোঁ, ভবিষ্যতে কামত আহিববুলি |
২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত পুলিচ থানাত গৈ যাবতীয় “ইন্ফৰমেচন” দি আহিলোঁ |ভাগ্য সুপ্ৰসন্ন হোৱাত জুলাই মাহত
বাহিৰলৈ যাবলৈ সুযোগ পালোঁ | পাচপ’ৰ্টৰ দৰকাৰ আহিল | মে’ মাহত বেলতলাৰ অফিচত খবৰ কৰিলোঁ, মোৰ ফাইলটো
জালুকবাৰীৰ পৰা বেলতলা পোৱাগৈ নাই, চাৰিমাহ হ’ল | জালুকবাৰী আৰু পাণবজাৰত খবৰ কৰি কাহিলীপাৰা পালোঁগৈ |
কাহিলীপাৰাত মোৰ অৱস্থা কাহিল হ’ল (ভাল ঠাইত অফিচটো পাতিছে) |কাহিলীপাৰাৰ অ’ফিচত মে মাহৰ প্ৰচণ্ড গৰমত
দুদিন শাৰীত ঠিয় হৈও মোৰ ফাইলৰ ঠিকনা বিচাৰি নাপালোঁ | এদিন কৰ্মচাৰীবোৰে বিজুলী নাই বুলিয়ে কাম নকৰিলে,
আমি গোটেই ৰ’দত থিয় হৈ থাকিলোঁ | বিজুলী নাথাকিলে মানুহে ভাত নোখোৱাকৈ থাকে নেকি বাৰু !!!
ফাইল বিচাৰি পোৱাৰ আশা বাদ দি, দ্বিতীয় পন্থা হাতত ল’লোঁ | উচ্চ ন্যায়ালয়ৰ পৰা “এফিডেফিট”উলিয়াই জমা দিলে,
পুলিচৰ কাগজ-পাতি নহ’লেও হয় | ১৫০ টকা দামী চহী এটাৰে কাগজখন উলিয়ালোঁ | আচৰিত হলোঁ-হাকিমৰ চহীটোৰ বাবে দিব লাগে মাত্ৰ পাঁচ টকা |কিন্তু উকীলৰ চহীৰ দাম ১৫০ টকা, অবশ্যে এই দামটোৰ তাৰতম্য কৰিব
পাৰি, যদিহেআপোনাৰ দৰ-দাম কৰাৰ অভ্যাস আছে | কাগজখন লৈ বেলতলা ওলালোঁগৈ, তাৰমানুহবোৰ ইমান ব্যস্ত যে
মাত এষাৰ দিবলৈ সময় নাই | বাকী থকা ফাইলটো নিজেই বিচাৰি উলিয়ালোঁ | পিয়নজনক চাহ খাবলৈ টকা পঞ্চাচটা দিলে
মোৰ সেইখিনি কষ্ট নহ’লহেতেঁন |উৎকোচ লোৱাটোত সমৰ্থন নকৰা ম‍ই উত্‌কোচ দিয়াটো বেছি বেয়া বুলি ভাবোঁ |
নিজৰ ফাইলটো গগৈ উপাধিৰ মানুহজনৰ হাতত দিলোঁ –
“এসপ্তাহ পাছত আহিবা |”
“আপুনি দেখোন এই কাগজখন দিলে, এদিনতে হৈ যায় বুলি কৈছিল |”
“ম‍ইটো তোমাৰ কামৰ বাবে বহি থকা নাই |”
“ম‍ই জানোঁ, কিন্তু মোৰ এইসময়ত এইখন অত্যন্ত দৰকাৰী, সেয়েহে আপোনাক অনুৰোধ কৰিছোঁ অলপ সোনকালে কৰি
দিবলৈ |”
“কাইলৈ খবৰ কৰিবা |”
এদিন দুদিনকৈ চাৰিদিন যাব লগাত পৰিল | উত্তৰ গুৱাহাটীৰ পৰা বেলতলা পাবলৈ প্ৰায় দুঘণ্টা সময় লাগে | তাতে প্ৰচণ্ড গৰম | নিজে নিজেই প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ -এটকা নিদিয়াকৈপাচপৰ্ট উলিয়াম |
চতুৰ্থ দিনা খঙে চুলিৰ আগ পালেগৈ, কিবা এটা কম, গোটেই মুধা মৰিব |গগৈ উপাধিৰ মানুহজনৰ ব্যৱহাৰ দেখি আচৰিত
হলোঁ | ঠাইতেই সঞ্চালক-প্ৰধানলৈ বুলি দৰ্খাস্ত এখন লিখিলোঁ | তাৰ পিছত গৈ তেওঁক সকলো বিৱৰি কলোঁ | “তেওঁলোকে নপঠিয়ালে ম‍ই কেনেকৈ চহী কৰিম, এতিয়া ম‍ই তোমাক কেনেকৈ সহায় কৰিম কোৱা !”- “চাৰ,এই দৰ্খাস্তখনত চহী এটা কৰি দিয়ক |” তেওঁ নোচোৱাকৈয়ে চহী কৰি দিলে | সেইখন আনি গগৈৰ আগত দিলোঁ |
বছ, হৈ গ’ল | এঘণ্টা আগতে মোৰ ফাইল ক’ত আছে গম নোপোৱা গগৈদেৱে পিছফালৰ পৰা সেইটো উলিয়াই দিলে | আবেলি চাৰি বজাত পাচপৰ্ট লৈ আহিলোঁ|
এইখিনিতে আৰু এটা কথা মনত পৰিছে | ২০০৪ চনত যোৰহাট জগন্নাথ মহাবিদ্যালয়ত প্ৰবক্তা পদৰ সাক্ষ্যাৎকাৰত উত্তীৰ্ণ
হৈছিলোঁ  | এপ‍ইণ্টমেণ্ট লেটাৰ হাতত লৈ কলেজ পালোঁ |গম পালোঁ গুৱাহাটীৰ ডি পি আই অফিচলৈ যাব লাগিব |
কাৰোবাৰ মুখত সেই অফিচটোৰকথা শুনিছোঁ | অধ্যক্ষ মহোদয়ক মোৰ নথি-পত্ৰ জমা দি কিবা ভাল খবৰ থাকিলে
জনাবলৈঅনুৰোধ কৰি আহিলোঁ, লগতে ম‍ই সেই অফিচটোলৈ নাযাওঁ বুলিও ক’বলৈয়ো নাপাহৰিলোঁ | আজিলৈকে কোনো
বাৰ্তা নাহিল, এতিয়াও ছাগে মোৰ ফাইলটো অফিচৰ এচুকত পৰি আছে| অলপতে শিক্ষামন্ত্ৰীয়ে সেই অফিচটো ভ্ৰমন কৰি
স্বৰূপটো উদঙাই দিয়াত মনটো অলপ ভাল লাগিল | পিছলৈ যিয়েই নহওঁক, অন্ততঃ মানুহবিলাকে কেইদিনমানৰ বাবে
মনত ৰাখিব |
এইবোৰ কথা কাৰো বাবে নতুন নহয়, সকলোৱে জানে, সকলো ভুক্তভোগী | আপোনালোকে ভাবিব পাৰে আজি হঠাতে
২০০৪, ২০০৭ ৰ ঘটনা লিখিবলৈ কিহে পালে | ম‍ই জাৰ্মানী বা অসমক ৰিজাবলৈ যোৱা নাই | ইয়াত হোৱা অভিজ্ঞতাৰ
কথাহে লিখিব ওলাইছোঁ | প্ৰথম বিশ্বৰ দেশ হিচাবে ইয়াত সকলো পৰিপাটী | অহাৰ দিনাৰ পৰাই বিভিন্ন মানুহ লগ পাইছোঁ,
বহুত অফিচলৈ যাব লগা হৈছে | শেহতীয়াকৈ কৰ দিয়াৰ বাবে নিদিষ্ট নথি-পত্ৰ আনিব লগাহ’ল | যোৱা বুধবাৰে
এখন কাগজ আনিবলৈ এটা অফিচলৈ গলোঁ | ইণ্টাৰনেটৰ পৰা অফিচটো বিচাৰি উলিওৱাৰ তথ্য গোটাই ল’লোঁ | বহু
মহলাৰ অফিচটোৰ সমুখতে পোৱা মানুহজনীয়ে নিদিষ্ট মহলালৈ পঠিয়াই দিলে | তাত বহুত চকী-মেজ পাৰি থোৱা আছে,
আনকি ঘূৰণীয়া মেজো আছে | কিছুমান মানুহ আপেক্ষা কৰি আছে | ম‍ই অনুসন্ধান কৰিলোঁ,মোৰ কাগজখন চাই নামটো
লিখি  ল’লে আৰু অলপ সময়ৰ ভিতৰতে মাতিব বুলি ক’লে | পাঁচমিনিট নহওঁতেই মাতিলে |
এজন মানুহৰ ওচৰলৈ গলোঁ -“ম‍ই আপোনাক কেনেকৈ সহায় কৰিবপাৰোঁ”- মিচিকিয়া হাঁহিটোৰে মোক সম্ভাষণ জনালে | “অনুগ্ৰহ কৰি আপোনাৰ পাচপৰ্টখন দিবনেকি ?”-তেওঁতো মোৰ কামেই কৰিব তথাপিও শালীনতাত ম‍ই মুগ্ধ হ’লোঁ | তেওঁ কাম কৰিথকাৰ মাজতে ম‍ই তেওঁক লক্ষ্য কৰি
থাকিলোঁ | তেওঁৰ যেন বহু সুখ বা আৰামত থাকে সেইকথা তেওঁৰ অনবৰতে হাঁহি থকা মুখখনতেই প্ৰ্তিফলিত হৈছে |
তেওঁৰ সুখে যেন তেওঁৰআগত থিয় হৈ থকাজনকো সুখী কৰিব | ম‍ই তেনেকুৱা মানুহ আজিলৈকে দেখা নাই | মোৰকামৰ
মাজতে আনএজনৰ কাম এটাও কৰি দিলে, পাঁচ মিনিটৰ ভিতৰত মোৰ হাতত লাগতিয়াল কাগজখন পৰিল |
“-আকৌ কিবা দৰকাৰ হ’লে আহিবা -” মোৰ হাতত কাগজখনতুলি দি সেই একে হাঁহিটোৰে বিদায় দিলে | গোটেই বাটতে তেওঁৰ হাঁহিটো মোৰ চকুত ভাঁহি থাকিল আৰু তেওঁৰ সেই ব্যৱহাৰ ম‍ই কেতিয়াও পাহৰিব নোৱাৰিম | মানুহ এজনৰ ভিতৰত কিআছে কেইষাৰমান কথাৰ
পৰা জানিব পাৰি | ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যেন মানুহজনক সদায় সুখত ৰাখে |

অসমত ম‍ই বহু অফিচ ঘূৰিছোঁ, স্কুল, কলেজ, ইউনিভাৰচিটি পাৰ হৈ আহিলোঁ |ক’তো তেনেকুৱা মানুহ পোৱা নাই |গিৰিয়েক ঘৈণীয়েকৰ ঘৰুৱা কাজিয়াৰ খংপাতলাবলৈ যেন অফিচটোকে বিচাৰি পায় !!!তদুপৰি সেই বিয়নি মেলবোৰতোআছেই | দহ বজাত আহি এঘাৰ বজাত চাহ, এক বজাত ভাত, তিনি বজাত আকৌ চাহ খাই চাৰি বাজিল কি নাবাজিল যাবলৈ হ’লেই !!! সেই ফাইল তেনেকৈয়ে পৰিথাকে, ওপৰত ধুলি-মাকতিৰ চামনি পৰে | কেৱল এয়েইনে ?? আৰু বা কত কি !!উৎকোচ নিদিওঁ বুলি ভবা কিমান ডেকাৰ বা সেই অ’ফিচবোৰলৈ গৈ গৈ চেণ্ডেল ক্ষয় গ’ল , গোটেই জীৱন শিক্ষকতা কৰি ছাত্রক নীতি-পাঠ দিয়া কিমান শিক্ষকে কিজানি অৱসৰৰ পাচত সেই অ’ফিচবোৰলৈ গৈ গৈ পেঞ্চনৰ মুখ নেদেখাকৈ বাস্তৱৰ এই কঠুৱা পৃথিৱীৰ পৰা বিদায় মাগিলে এইবোৰৰ কিবা হিচাপ-ঠিকনা ওলাবনে কাহানিবা???

 

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক