অবাঞ্চিত (নয়নজ্যোতি বৰা)

“সোণ, কি কৰিছ এইবোৰ তই?”

মাকৰ মাতত চক্ খাই প্ৰতিমে ঘূৰি চালে৷ ওঁঠৰ লিপিষ্টিকবোৰ পিন্ধি থকা শাৰীৰ আচলটোৱেদি মোহাৰিলে৷ লাজ আৰু ভয় মিশ্ৰিত চাৱনিৰে সি মাকলৈ চালে৷ মাকে জোৰেৰে হাঁহিছিল৷ তেতিয়া প্ৰতিমৰ বয়স ৬ বছৰ আছিল৷ মাকৰ শাৰী, গহনা আৰু প্ৰসাধনেৰে সি নিজকে সজাই আছিল৷ মৰমতে মাকে তাক সাৱটি লৈছিল৷

“সোণ, এইবোৰ ছোৱালীয়েহে পিন্ধে, ল’ৰাই নিপিন্ধে নহয়৷ কলনিৰ মানুহে দেখিলে হাঁহিব৷”

লাজ লাজকৈ সি শাৰীখন খুলিলে৷ মাকে তাৰ গালত চুমা এটা আঁকি দিলে৷

প্ৰতাপ বৰুৱা, প্ৰতিমৰ দেউতাক৷ চাকৰিসুত্ৰে সপৰিয়ালে চৰকাৰী কলনিত থাকে৷ বিয়াৰ ১০ বছৰৰ পিছত তেওঁলোকৰ জীৱনলৈ আহিছিল এক পুত্ৰ সন্তান৷ সেইকাৰণেই প্ৰতিম আছিল আলাসৰ লাড়ু৷ বৰুৱায়ে প্ৰায়ে বেলেগক কৈছিল, কিদৰে বহুত সাধনাৰ অন্তত প্ৰতিমৰ জন্ম হৈছিল৷ সাধনা মানে, কেইবাজনো জ্যোতিষৰ বিধান, পুজা পাতল ইত্যাদি৷ ৰক্ষণশীল মনোভাৱৰ বৰুৱাই বিচাৰিছিল পুত্ৰ সন্তান আৰু বিচৰা দৰেই বৰুৱাৰ মনোকামনা পুৰ্ণ কৰি জন্ম হৈছিল প্ৰতিমৰ৷ বৰুৱা বংশৰ শিপাডালত আৰু এডাল শাখাশিপাৰ উৎপত্তি হৈছিল৷ বেলেগক কৈ থাকোতে দেউতাকৰ কোলাত বহি থকা প্ৰতিমে শুনিছিল কথাবোৰ৷

এদিন স্কুলৰ শেষত ঘৰত আহি প্ৰতিমে মাকক সুধিছিল

“মা মোৰ জন্ম দেউতাই কোৱাৰ দৰেই হৈছিলনিকি?”

“উম্ সোণ, ভগবানে তোমাক আমাৰ বিছনাখনত শুৱাই থৈ গৈছিল”

“তুমি দেখিছিলা ভগৱানক?”

“নাই সোণ, ভগৱান অদৃশ্য হয়, কোনেও নেদেখে?”

“সকলোকে ভগৱানে বিছনাত দি থৈ যাইনিকি?”

“উম্”

“কিন্তু মা মোৰ লগৰ হিমাংশোৱে কৈছিল”

“কি কৈছিল হিমাংশোৱে?”

মাকে একপ্ৰকাৰৰ চিঞৰি সুধিলে তাক৷ উচাপ্ খাই উঠিছিল সি৷ মাকৰ বুজনিত সি বুজি পাইছিল সেইদিনা সৎ-অসৎ, পবিত্ৰ-অপবিত্ৰৰ মাজৰ পাৰ্থক্য৷ মাকৰ কঠোৰ সকিয়নীত সি সেইদিনাৰ পৰা হিমাংশুৰ লগত বহা নাছিল৷

বৰুৱা দম্পতীয়ে বিচাৰিছিল প্ৰতিমক এক আদৰ্শ সন্তান হিচাপে গঢ়ি তুলিবলৈ৷ এদিন টিভিৰ স্ক্ৰীণত সাগৰৰ পানীৰ মাজৰ পৰা ওলাই অহা ছোৱালীজনীৰ এড্ভাৰটাইজটো ওলোৱাত বৰুৱাই প্ৰতিমৰ হাতৰ পৰা থাপ মাৰি ৰিম’টতো লৈ চেনেল সলাই দিছিল৷ কণমানি প্ৰতিমে তেতিয়া একো বুজি পোৱা নাছিল৷

When one sperm penetrates the egg, then fertilization occurs.

বিজ্ঞানৰ চাৰে বুজাই গৈছিল৷ sperm শব্দতো সি হিমাংশুহঁতৰ আলোচনাত শুনিছিল এবাৰ কিন্তুু গুৰুত্ব দিয়া নাছিল৷ মাকে তাক প্ৰায়ে সকীয়াইছিল, সিহঁতৰ আলোচনাত ভাগ ন’লবলৈ৷ চাৰে সেইদিনা বুজাই থাকোতে গহীন হৈ আছিল৷ কোনেও প্ৰশ্ন কৰিব সাহস কৰা নাছিল৷ লাষ্ট বেঞ্চৰ কেইটাইও মনযোগেৰে শুনি গৈছিল, কেইটামানে sperm শব্দটোৰ পুনৰাবৃতি কৰোতে মুখ টিপি হাঁহিছিল৷ ক্লাছটোৰ শেষলৈ প্ৰতিমৰ মগজুত হাজাৰটা প্ৰশ্নই ঘূৰি ফুৰিছিল৷ সি বুজি পোৱা নাছিল মাকে কিয় তাক এটা ভুল ধাৰণা দিছিল৷ চাৰ ওলাই যোৱাৰ পাছত প্ৰতিমে সেইদিনা অনিচ্ছা সত্বেও আগবাঢ়ি গৈছিল হিমাংশুহঁতৰ ওচৰলৈ৷ তেতিয়া সিহঁতৰ আলোচনাৰ মুল কেন্দ্ৰবিন্দু আছিল চাৰে পঢ়াই যোৱা পাঠটোৰ৷ প্ৰতিমে তাত বিচাৰি পাইছিল তাৰ প্ৰশ্নবোৰৰ উত্তৰ লগতে পাইছিল বেলেগ কিছুমান নতুন ৰহস্যৰ মোৰ৷

“তই আজিলৈকে কৰা নাই?”

বিপ্লৱে অদ্ভুদ দৃষ্টিৰে চাই সুধিছিল প্ৰতিমক৷ মৌন হৈ ৰৈ আছিল প্ৰতিম৷

“অ’ই মাইকিতোক কি সুধিছ, লাজতে মৰিব এতিয়া সি”

পাছফালৰ পৰা এটাই চিঞৰিছিল৷ শান্ত স্বভাৱৰ প্ৰতিমৰ গাল-মুখ ৰঙা হৈ গৈছিল৷ বিপ্লৱে তাক একাষৰীয়া কৰি লৈ গৈছিল৷

“তই সঁচাই নাজান’?”

প্ৰতিমে মুৰ জোকাৰিছল৷

সেইদিনা প্ৰতিমে বিপ্লৱৰ পৰা গম পাইছিল তাৰ দৈহিক পৰিৱৰ্তনৰ কাৰণবোৰ৷ সি যেতিয়া গম পাইছিল কেতবোৰ সুখ নিজৰ মাজতো পোৱা যাই বুলি সি বিশ্বাস কৰা নাছিল৷

বিপ্লৱৰ লগত হোৱা কথাৰ পৰা সি বুজি পাইছিল যে সি এখন বেলেগ জগতত সুমুৱাই আছিল৷

লাহে লাহে প্ৰতিমৰ মনত নতুন চিন্তাই গজালি মেলিলে৷ মাক বাপেকে গম নোপোৱাকৈ সি নতুন জগতখনত খোজ দিলে৷ পঢ়াৰ কিতাপৰ মাজত লৈ সি বিপ্লৱৰ পৰা অনা আলোচনীবোৰ পঢ়িছিল৷ দিনে দিনে তাৰ হাবিয়াসবোৰ আসক্তিলৈ পৰিণত হৈ গৈছিল৷

কলনিৰ কাষৰ গাৰ্লছ হোষ্টেলখনত এদিন গধূলি চিঞৰ বাখৰ হৈছিল৷ এজনি ছোৱালীয়ে দুটা ছায়ামুৰ্তিক পাইপেৰে চাদৰ ওপৰলৈ উঠি অহা দেখিছিল৷ ছোৱালীজনিয়ে চিঞৰ মাৰি দিয়াত দুমহলীয়া ঘৰটোৰ পৰা কাষৰ ডাঙৰ জোপোহাকেইটালৈ ছায়ামুৰ্তি দুটা জপিয়াই দিছিল৷ লগতে চাদৰ ওপৰত মেলি থোৱা অৰ্ন্তবাস কেইটামান নাইকিয়া হৈছিল৷ ছোৱালীবোৰে আন্ধাৰত ওপৰৰ পৰা তলত কাকো দেখা পোৱা নাছিল৷

“ সোণ, কিহ’ল তোৰ ভৰিত? “

দুপিয়াই দুপিয়াই খোজ কাঢ়ি অহা প্ৰতিমক দেখি মাকে উধাতু খাই আহিছিল৷

“চাইকেলৰ পৰা পৰিলো“

ভয়ে ভয়ে মাকলৈ চাইছিল সি৷ মাকে আৰু একো নুসুধি ফাষ্ট এইডৰ বাকচটো আনি তাৰ ঘাবোৰত মলম লগাই দিছিল৷ গৰম কাপোৰ এখনে তাক মেৰিয়াই দি মাকে তাক সাৱটি ধৰিছিল৷

“দেউতা, আনি দিয়ানা৷ ইণ্টাৰনেটত আজিকালি বহুত পঢ়াৰ কথা থাকে৷”- আমাক চাৰে কৈছিল।

কেইদিনমানৰ পৰা প্ৰতিমে দেউতাকক এটা লেপটপ আনি দিব কৈ আছিল৷

“হেৰি, সি ইমানকৈ কৈ আছে, কিনি দিয়ক৷ আজিকালিৰ যুগৰ লগত তেতিয়াহে চলিব পাৰিব” বৰুৱানীয়ে পুতেকক হয়ভৰ দি কৈছিল৷

প্ৰতাপ বৰুৱাইয়ো কথাটো ভাবিছিল৷ প্ৰতিমৰ ভৱিষ্যতটো আৰু উজ্জ্বল কৰিবলৈ তেওঁ কিনি দিয়াটোৱে শ্ৰেয় হ’ব বুলি ভাবিছিল৷

লেপটপটোৰ লগতে কৰি দিছিল ব্ৰডবেণ্ড কানেক্চন৷ সেইদিনা ৰাতি প্ৰতিম চিনাকি হৈছিল আন এখন জগতৰ সৈতে, বিপ্লৱে বহীৰ পিছফালে লিখি দিয়া ৱেবচাইটতোট সি দেখা পাইছিল যেন প্ৰকৃত সুখ৷ ওৰে ৰাতি প্ৰতিমে চাই আছিল সেই ভিডিঅ’বোৰ৷ তাৰ কামনাবোৰে কেতিয়াবাই উচ্ছস্তৰত অৱস্থান কৰিছিল৷ লাহে লাহে প্ৰতিমৰ সলনিবোৰ মাক বাপেকৰ দৃষ্টিলৈ আহিছিল৷ হায়াৰ চেকেণ্ডাৰি ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্ট প্ৰতিমৰ নিম্নগামি হোৱাৰ দিনা প্ৰতাপ বৰুৱা দৌৰ মাৰিছিল জ্যোতিষীৰ ওচৰলৈ৷ ৰাহু কেতুৰ কু দশা গুচাবলৈ প্ৰতিমৰ হাতৰ আঙুলিত আঙুঠিৰে ভৰাই তুলিছিল৷ মাক বাপেকৰ অৱস্থা দেখি প্ৰতিমে ছেকেণ্ড ইয়েৰত পঢ়াত মন বহাইছিল৷ যিদিনা সি প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল, সেইদিনা বাপেকে জ্যোতিষীজনৰে গুণানুকীৰ্তন কৰিছিল৷

উচ্চশিক্ষাৰ কাৰণে যেতিয়া প্ৰতিম ঘৰৰ পৰা দুৰলৈ যাব ওলাইছিল, বাপেকে প্ৰতিমৰ ডিঙিত কেইবাটাও তাবিজ ওলোমাই স্বস্তিৰ নিস্বাস লৈছিল৷ প্ৰতিমে চহৰৰ এখন নামজ্বলা কলেজত স্নাতকৰ এডমিছন লৈছিল৷

ঘৰৰ পৰা বাহিৰত ওলায় প্ৰতিম হৈ পৰিছিল সজাৰ পৰা মুকলি হোৱা চৰাই৷ নতুন সংগৰ লগত সি এটা নতুন জীৱন বিচাৰি পাইছিল৷ লাহে লাহে প্ৰতিমৰ পকেট মানি দুগুন হৈ গৈছিল৷

ঘৰলৈ আহোতে মাকে তাৰ ডিঙিলৈ আঙুলিয়াই দি সুধিছিল

“ডিঙিত তোৰ এইবোৰ কিহৰ ৰঙ? “

“ৰঙ নহয় মা, এইটোক ট্যাটু বুলি কয়, নতুন ষ্টাইল“

“আৰু এই চুলিকোছা, কি কৰি থৈছ এইবোৰ? “

“আহ্ মা, তুমি নাজানা৷ এনেকে ৰাখিলে চুলি ভালে থাকে “

বৰুৱানীয়ে সেইদিনা বুজি পাইছিল ল’ৰাটো ডাঙৰ হৈছে৷ কিন্তুু ভাল বেয়াৰ দোমোজাত সেইদিনা বৰুৱানী ৰৈ গৈছিল৷

মাজনিশা ফোনৰ ৰিঙত বৰুৱা সাৰ পাইছিল

“হেল্ল’“

“প্ৰতাপ বৰুৱা হয়নে? “

“হয় কওকচোন, আপুনি কোনে কৈছে? “

তাৰ পিছৰ কথাখিনি শুনি প্ৰতাপ বৰুৱা শিল পৰা কপৌৰ দৰে থৰ লাগিল৷

ফোনতো আছিল পুলিছ থানাৰ পৰা৷ প্ৰতিম আৰু তাৰ লগৰ ৪টা ল’ৰাক অসামাজিক কাৰ্য্যত লিপ্ত থকাৰ অপৰাধত ল’কআপত ভৰাই থৈছে৷ প্ৰতাপ বৰুৱাই কাষতে শুই থকা বৰুৱানীলৈ চাই ৰৈ গ’ল৷ কোনখিনিতনো ভুল হৈ ৰ’ল তেওঁৰ!

পিছদিনা পুলিছ থানাৰ পৰা প্ৰতিমক উলিয়াই আনোতে সি বাপেকৰ মুখলৈ চাবলৈ সাহ কৰা নাছিল৷ প্ৰতাপ বৰুৱাই তালৈ চাই আছিল বহুত পৰ৷ ঈশ্বৰৰ আৰ্শীবাদ হিচাপে ভবা প্ৰতিম যেন আজি তেওঁৰ কাৰণে অবাঞ্চিতভাৱে এটা ডাঙৰ অভিশাপ হৈ ৰ’ল৷ প্ৰতিমৰ বুকুত তেতিয়াও বাপেকে পিন্ধাই দিয়া তাবিজকেইটা ওলমি আছিল…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments