অবিচল (হেমেন্দ্ৰ পাটৰ)

ৰতন মাষ্টৰ নাম নুশুনা মানুহ ধূপগুৰি গাঁৱৰ লগতে ওচৰ পাজৰৰ কোনো গাঁৱতে নোলাব। সকলোৱে তেখেতক ৰতন মাষ্টৰ বুলিয়েই মাতে, তেখেতেও বেয়া নাপায় কাৰণ এই  বৃত্তিতেই যৌৱনকাল শেষ কৰি এতিয়া বৃদ্ধ বয়সত উপনীত হৈছেহি। এৰা সময় যে গতিশীল, বৰ বেগেৰে আগবাঢ়ে। কোন সময়ত কি কৰা উচিত ভাবি থাকোতেই সেই কাম কৰাৰ সময় উকলিয়ে যায়। ষাঠি বছৰ কেনেকৈ উকলি গ’ল ৰতন মাষ্টৰে গমেই নাপালে, এতিয়াও তেখেতৰ বৰ স্পষ্টভাৱে মনত আছে দেউতাকৰ কান্ধত উঠি পথাৰলৈ যোৱা, মাকৰ বোকোচাত উঠি জাকৈ বোৱা, ধান ৰোৱাৰ দৃশ্য চোৱা। দেউতাক বৰ কষ্ট সহিষ্ণু আছিল, ৰতনক যেনেতেনে পঢ়াবলৈ বিছাৰিছিল। সিও পঢ়াশুনাত বৰ বেয়া নাছিল, পঢ়াৰ লগতে আবেলি আৰু বন্ধত দেউতাকৰ লগত পথাৰলৈ গৈছিল। কাৰণ সিহঁতৰ পথাৰখনেই আছিল একমাত্ৰ জীৱিকাৰ পথ, তেতিয়া আন উপাৰ্জনৰ বাটো তেনেকৈ নাছিল। তাৰ মনটো উচ্চাকাংক্ষী আছিল, সি বৰ ডাঙৰ মানুহ হ’ব বা বহু টকা পইচা ঘটিব বিছৰা নাছিল, বিচাৰিছিল সমাজৰ কাৰণে, আনৰ কাৰনে কিবা এটা কৰিবলৈ। সেয়েহে আই এ পাছ কৰাৰ পিছতেই যেতিয়া বাপেক আৰু গাঁৱৰ বৰমূৰীয়া সকলে গাঁৱতে এল পি স্কুল খন পাতি তাকেই হেড তথা একমাত্ৰ শিক্ষক হিচাবে নিযুক্তি দিব বিচাৰিলে সি না কৰিব নোৱাৰিলে। নিজৰ সৰ্বস্ব উজাৰি তেওঁ বিদ্যালয়খন তিলতিলকৈ গঢ়িছিল, যদিও তেওঁক বিদ্যালয় খনে একো দিব পৰা নাছিল তেওঁ কিন্তু কোনো দিনেই কৰ্তব্যত অৱহেলা কৰা নাছিল। বিদ্যালয়খন অপ্ৰাদেশীকৃত হৈয়েই ৰ’ল যদিও ইয়াত পঢ়া ছাত্ৰ ছাত্ৰীবোৰে কিন্তু বিদ্যালয়ৰ লগতে গাঁৱৰ নাম উজলাবলৈ সক্ষম হৈছিল। তেওঁ চৰাইৰ ডাকতেই উঠি মুখ হাত ধুই লালচাহ এটোপা খাই গৰুহাল লৈ পথাৰলৈ ঢাপলি মেলিছিল, পথাৰৰ বতৰৰ কাম বতৰত কৰি ঘৰমূৱা হৈ লৰালৰিকৈ ভাত কেইটামান খাই ওচৰৰ ধূপগুৰি গাওঁ প্ৰাথমিক বিদ্যালয়লৈ গৈছিল। আবেলি আকৌ পথাৰত ধৰেগৈ। তেনেকৈয়ে দিনবোৰ পাৰ হৈছিল, মাজতে ওচৰৰ বৰচলা গাঁৱৰ পৰা বিয়াও পাতিলে। সুখে-দুখে তেওঁলোকে দিনবোৰ কটাইছিল, তাৰ মাজতে ধন আৰু মাইনা সিঁহতৰ মাজলৈ আহিল। এতিয়া সিঁহত ডেকা গাভৰু। দেউতাকৰ আদৰ্শ লৈ সিঁহত ডাঙৰ দীঘল হৈছে সেয়েহে সিঁহত কষ্ট সহিষ্ণু আৰু সৎ।
“দেউতা, দেউতা চাহ লোৱা, অ’… দেউতা হ’বলা পেপাৰখন হাতত লৈ ভাৱত বিভোৰ”, মাইনাই তেখেতৰ কাণৰ ওচৰতেই কথাষাৰ কোৱাত উচপ খাই খপজপ কৰাত পেপাৰখন হাতৰ পৰা পৰি গ’ল। “অ’ মাইনা, নাই মই এনেয়ে পেপাৰখনহে চাই আছিলো।” কথাষাৰ কৈ থাকোতেই এখন হাতেৰে পেপাৰখন তুলি ললে আৰু আনখন হাতেৰে চাহকাপ লৈ কলে.. “মাজনী তুমি আজি কলেজলৈ নোযোৱা জানো?’’ যাম দেউতা, ভাত কেইটা বঢ়াই দিওঁ আৰু লগতে ঘৰৰ কামখিনি কৰি অটাওঁ ৰ’বা বুলি কৈ তাই খৰধৰকৈ ভিতৰলৈ সোমাই গ’ল।
তেওঁ পেপাৰ খনলৈ জোৰ কৰি চকু দুটা নিলে, কাৰণ পেপাৰবোৰত খালি হত্যা, হিংসা, ধৰ্ষণৰ দৰে অপৰাধৰ খবৰেৰে ভৰি থাকে। সেইবোৰ পঢ়ি সৰু ল’ৰা-ছোৱালীবোৰৰ মনত যে কিমান বেয়া প্ৰতিক্ৰিয়া হয়! সিঁহতৰ কুমলীয়া মনবোৰ যে ৰক্তাক্ত হয় সেয়া জানো আমাৰ সমাজে বুজিব? কিয় ভাল, চৰিত্ৰ গঠন কৰিব পৰা খবৰবোৰ, লিখনিবোৰ প্ৰথম পৃষ্ঠাত স্থান নাপায়? এয়াই নেকি আধুনিকতাৰ চৰম শিখৰত উঠা জীৱশ্ৰেষ্টৰ নিজ সন্তানৰ প্ৰতি সুবিচাৰ। সমাজখন- দেশখন ৰাজনীতিকৰ বাবেই শেষ হৈছেনে ৰাজনীতিক সকলে সমাজৰ পৰাই তেনে অনুপ্ৰেৰণা লাভ কৰিছে ৰতন মাষ্টৰে ভাবি পাৰ নাপায়। হয়তো সমাজখনেই অধ:পতনে গৈছে, অভিভাৱক সকলে আদৰ্শ দাঙি ধৰিব নোৱাৰাৰ ফলতেই এনে হৈছে। তেখেতে কিন্তু এই ক্ষেত্ৰত কিছু গৌৰৱান্বিত। দুয়োটা ল’ৰা ছোৱালীকেই তেখেতে সৎ ব্যক্তি হিচাবে গঢ় দিব পাৰিছে, তাৰ বাবে তেওঁ যে কিমান কষ্ট স্বীকাৰ কৰিছে নেদেখাজনেহে জানে অৱশ্যে তেওঁৰ পত্নী সাৱিত্ৰীৰ সহায় নোপোৱাহলে হয়তো ইমান ধৈৰ্য ধৰিব পাৰিলহেঁতেননে নাই তেওঁ নাজানে।
এইবাৰ বিহুতে ধন ঘৰলৈ আহিছিল, সুদূৰ উৰিষ্যাত কৰ্মৰত আই পি এছ বিষয়া ধন বৰদলৈ। গৰ্বত তেখেতৰ বুকুখন কিমানখিনি ফুলি উঠিছিল নিজেই অনুমান কৰিব পৰা নাছিল। নিজ হাতেৰে গঢ় দিয়া সুদক্ষ, সৎ বিষয়া। ঘৰলৈ আহিলে মাক বাপেক ভনিয়েকলৈ মৰমবোৰ থুপ খোৱাই লৈ আহে আৰু বিলাই তৎ নাপায়। তেওঁলোকৰো জানো কম আনন্দ সেইকেইদিন। হয়, এই চাকৰিৰ মহঙা দিনতো, ঘোচ আৰু শক্তিশালী বেকআপ নাথাকিলে পৰ্বতত কাছ কণী বিচৰা হেন কামতো সিঁহত হাল সফল হৈছিল একমাত্ৰ নিজ ধৈৰ্য, একাগ্ৰতা আৰু কষ্টৰ বলত। ধন সৰ্বভাৰতীয় পৰীক্ষাত পাছ কৰি উৰিষ্যাত ছুপাৰিটেনডেন্ট অব পুলিছ হিচাবে আৰু মাইনাই স্হানীয় কলেজখনত ইংৰাজীৰ অধ্যাপিকা ৰূপে কাৰ্য্যৰত। এতিয়াও সমাজখন একেবাৰে নি:শেষ হোৱা নাই, মাষ্টৰে ভাৱে। তেওঁ এতিয়া পেপাৰবোৰত নিজৰ অভিজ্ঞতা সন্নিবিষ্ট কৰি প্ৰবন্ধ লিখে আৰু খুব কিতাপ পঢ়ে, বৰ্তমান এইকেইটাই তেওঁৰ কাম। পেপাৰখন হাতোঁৰাথকা চকীখনতেই থৈ তেওঁ ভিতৰলৈ গ’ল।
“হেৰা শুনিছানে, কত আছা?” পত্নীক মাতি তেখেত শোৱনি কোঠালৈ সোমাই গল।“ ইয়াতেই দেখোন আছো” বুলি সাবিত্ৰীয়ে বিছনাৰ চাদৰখন পাৰি থাকিয়েই মাত লগালে। বিছনাত বহি দি তেওঁ হাত খনত ধৰি গাৰ কাষলৈ টানি দিলে। কথমপি মাষ্টৰক খুন্দা নমৰাকৈ ৰৈ সাবিত্ৰীয়ে কৃত্ৰিম ধমক দিবলৈ কৈ উঠিল, “বুঢ়া বয়সত পৰকীতি লৰিছে হবলা চাওঁ এৰক মাইনাই দেখিলে সৰ্বনাশ হ’ব। ইহ আমি তাইৰ মাক দেউতাকনে তাই আমাৰ? বাৰু বাৰি চুপতি মাৰিবলৈ এৰক আৰু কিয় মাতিছিল সোনকালে কওঁক মোৰ কাম আছে। পাকঘৰলৈও যাব লাগে মাইনাক সহায় কৰিবলৈ।” বাৰু এতিয়া নকওঁ যোৱা সন্ধিয়া কথা পাতিম। পাকঘৰলৈ যাওঁতে তেওঁ ভাবি গ’ল কি কব খুজিছিল বাৰু মানুহজনে? আচলতে তেখেতে ধনৰ বিয়াৰ কথা পাতিব বিছাৰিছিল, তাৰ বিয়াৰ উপযুক্ত বয়স হৈছে গতিকে বিয়াখন সোনকালে পাতি দিয়াৰহে কথা। তেওঁৰ জীৱনত নোপোৱাবোৰ পাওঁক সিঁহতে, কাৰণ কিছুকাম সময় মতে কৰিলেহে আনন্দ উপভোগ কৰিব পৰা যায়। ইতিমধ্যে তেওঁ ধনলৈ  ছোৱালীৰ কথাও মনে মনে ভাবিয়েই থৈছে। তেওঁৰে বন্ধু এজনৰ একমাত্ৰ অধ্যাপিকা জীয়ৰী। দুয়োটাৰে পাভ যোৰা হ’ব তাত কাৰো নিশ্চয় সন্দেহ নাথাকিব আৰু কোনেও হয়তো নাকচ নকৰিব। পুত্ৰৰ বিয়াখন ধুমধামেৰে পতাৰ কথা ভাবি আৰু নিজে নোপোৱাবোৰ পুত্ৰ কন্যাহঁতে পাব বুলি অন্তৰখন ভৰি গ’ল সাৱিত্ৰীৰ। সন্ধিয়া অহালৈ তেওঁ আগ্ৰহেৰে বাট চালে।

°°°°°°°°°°
ৰাষ্ট্ৰপতিৰ পৰা বীৰতাৰ সৰ্বোচ্চ সন্মানটো লৈ  ৰতন মাষ্টৰে যেতিয়া হহুমুনিয়াহ এটা কাঢ়ি__ সন্মুখৰ আসনখন শুৱনি কৰি বহিলে তেতিয়া বিষাদ আৰু গৰ্ব মিহলি দুটোপাল লোতক তেওঁৰ দুচকুৰে বাগৰি আহিল। জীয়েকে আলফুলে ৰূমালেৰে চকুলোখিনি মচি দিলে। যোৱা ডিচেম্বৰ মাহৰ কথা, আন দিনাৰ দৰেই দৈনন্দিন কাম কাজেৰে সকলো ব্যস্ত আছিল। দুপৰীয়া কাল সময়তেই সেই দূৰ্ভগীয়া সংবাদটো আহিছিল তেখেতলৈ। উৰিষ্যাৰ  দূৰ্গম অঞ্চলত মাওবাদীৰ অতৰ্কিত আক্ৰমণত ধন বৰদলৈ স্বৰ্গগামী হয়। তেওঁ অদম্য সাহেৰে যুজিঁ নিজ সতীৰ্থৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু শেষত নিজেই ঢলি পৰিছিল।ধনৰ অদম্য সাহস আৰু বীৰতাক সন্মান কৰি ভাৰত চৰকাৰে বীৰ চক্ৰৰে সন্মানিত কৰিছিল, তাকেই গ্ৰহণ কৰিবলৈ জীয়ৰীক লৈ নতুন দিল্লীত উপস্হিতি হৈছিল ৰতন মাষ্টৰ। পুত্ৰৰ মৃত্যুৰ খবৰটো পাই তেখেতে কন্দা নাছিল, অভিমান নে গৰ্বতেই দুটোপাল চকুৰ পানী অজ্ঞাতসাৰে বাগৰিছিল।abichol__hemendra patar

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments