অবুজ বেদনা (প্ৰীতম বৰুৱা)


”মা, অ’ মা, বোলো এইফালে আহচোন। বেগেতে আহ।” চিঞৰি চিঞৰি অঞ্জলিয়ে মাকক মাতিছে। পাকঘৰত গাখীৰৰ চচ্টো নমাই থৈ মাক সাবিত্ৰী উধাতু খাই জীয়েকৰ ওচৰ পালেহি। অঞ্জলিক দেখা পায়ে মাকে বক্ বকাই উঠিল—
 
”হেৰ’ এতিয়ালৈকে তোৰ চাদৰ-মেখেলা পিন্ধা হোৱাই নাই নে? মই ক’তে মৰো! আজিও যদি মই পিন্ধাই দিব লাগে কাইলৈ পৰহিলৈ তোক কোনে আলপৈচান ধৰি দিব?”
অঞ্জলিয়ে বিহু নাচিবলৈ পথাৰলৈ যাওঁতেই মাকৰ ভাগৰ ৰিহা মেখেলা পিন্ধে। এনেয়ে নো কি দৰকাৰ পৰিছে সেইবোৰ পিন্ধিবলৈ। কিন্তু আজি এই চোলাটোৰ পৰিবৰ্তে মেখেলা চাদৰ হঠাৎ পিন্ধিব লগা হোৱাৰ কাৰণটোহে তাই বুজি পোৱা নাই। দীঘল চোলাটোৰ ওপৰতে কঁকালত ৰচি এডাল বান্ধি তাইক মাকে মেখেলাখন দুজাপকৈ পিন্ধাই দি চাদৰখন জাপি-কুচি সুন্দৰকৈ পিন্ধাই দিলে। ১২ বছৰীয়া ফুলকুমলীয়া অঞ্জলিৰ মনত মাকে কোৱা এষাৰ কথাৰ অৰ্থ ভাঙিব নোৱাৰি তাই মাকক সুধিলে—
”অ’ মা কাইলৈ পৰহিলৈ আনৰ ঘৰত …., মানে কিনো? আকৌ দেউতাইনো চ’ৰা ঘৰত কাৰ সৈতে ইমান কথা পাতিছে?”
”এতিয়া মোৰ সেইবোৰ উত্তৰ দিবলৈ সময় নাই। তই বেগেতে মূৰতো ফণিয়াই পাকঘৰলৈ আহ” বুলি কৈ মাক সাবিত্ৰী পাকঘৰত সোমাল। মাকৰ পৰা একো উত্তৰ নাপাই তাই অসন্তুষ্ট হ’ল। কিন্তু উপাই নাপাই মূৰটো ফণিয়াই বেণী এডাল কোনোমতে যত্ন কৰি তেৰা বেঁকাকৈ গাঁঠি মাকৰ ওচৰলৈ আহো নাহোকৈ আহিছে। এনেতে খিৰিকিৰে জুমি চাই তাই দেখে যে ৰামুহঁতৰ চোতালত আটাইজাকে মাৰ্বল গুটি খেলি আছে। তাইৰো যাবলৈ মন গৈছিল যদিও আলহী নোযোৱালৈকে তাইৰ উপাই নাই। মাকে দিয়া চাহৰ বাতিকেইটা কাঁহী এখনত সজাই কেকোজেকোকৈ তাই চ’ৰা ঘৰলৈ সোমাই আহিল। দেউতাক মহীধৰৰ সৈতে কথা পাতি থকা তিলেশ্বৰ বৰুৱা আৰু পত্নী মালতী বৰুৱাক অঞ্জলিয়ে চাহৰ বাতিকেইটা আগবঢ়াই দি মাকে কৰি থোৱা লস্কৰা (নাৰিকলৰ লাডু) আনিবলৈ বুলি উঠোতেই অভ্যাস নথকা বাবে আলহীৰ সন্মুখতে জোতপোত খাই পৰিল। লাজতে ৰঙা চিঙা পৰি তাই মেখেলাখন কোচাই ভিতৰলৈ লৰ মাৰিলে। ভিতৰলৈ আহিয়ে তাই মাকক ক’লে—
”নেযাও দেই আকৌ আলহীৰ ওচৰলৈ, ইমান দীঘলকৈ মেখেলাখন পিন্ধাই দিচ; পৰিলো নহয় তেওঁলোকৰ মুখৰ আগতে। যা তয়ে লস্কৰা দি থৈ আহ গৈ।” – সাবিত্ৰীয়ে লৰালৰিকৈ কাঁহী এখনত লস্কৰা কেইটামান সজাই আনি আলহীক চাহৰ লগত যাঁচিলেহি। এনেতে মালতী বৰুৱাই সাবিত্ৰীক কথাৰ মাজত ক’লে – ”বুজিছে শইকীয়ানী আপোনাৰ ছোৱালীজনী বৰ মৰম লগা। তাইক আমাৰ পচন্দ হৈছে। চাওঁ তাইক মাতি দিয়কচোন।”
”খা বাপেকে। লস্কৰা খাই খাই এইবাৰ মোক বোৱাৰী কৰি নিয়াৰ কথাহে ভাবিল। ইফালে মোৰ ইমান ভোক লাগিছে। মায়ে হাঁহি হাঁহি ৰ’বই পৰা নাই এক্কেবাৰে। একমাত্ৰ জীয়েকৰ এই কণমানি পেটটো যে অথনিৰ পৰাই কলমলাই আছে খবৰেই নাই…।”
মাকৰ ওপৰত খং কৰি অঞ্জলিয়ে ভোৰভোৰাই এইবাৰ আলহীলৈ আনি থোৱা ম’হৰ দৈ টেকেলীটোৰ পৰা মুখৰ দৈকণ উলিয়াই আনি তিয়াই থোৱা চিৰা কেইটামানকে গুৰ এচপৰাৰে সৈতে সানি পোটকি খাই থাকোতেই মাকে আহি জীয়েকৰ কাণ্ড কাৰখানা দেখি কাণ মূৰ গৰম হৈ গ’ল।
”ঐ, তইনো বাৰু এই দৈকণকে খাব পাৱ নে? আৰু অলপ পৰ ধৈৰ্য্য ধৰিব নোৱাৰিলি? ব’ল ব’ল মুখখন ধুই বেগেতে ওলাই আহ। তোক আলহীয়ে মাতিছে।” – সাবিত্ৰীয়ে নিজেই অঞ্জলিৰ মুখ খন ধুৱাই দি চাদৰৰ আঁচলেৰে মুখ খন মচি কপালত চুমা এটা খাই বুকুৰ মাজলৈ টানি আনি সাবতি ধৰিলে। চ’ৰা ঘৰলৈ তাইক উলিয়াই আনোতে চকুহাল সেমেকি উঠিল। একমাত্ৰ জীয়েকক আনৰ ঘৰলৈ উলিয়াই দিব লাগিব বুকু শুদা কৰি। অঞ্জলিয়ে গৰম কৰি ৰখা ঘৰখন কিছু দিনতেই ঠাণ্ডা পৰিব। উহঃ! তেওঁ আঁচলেৰে চকুপানী মচিলে।
মালতী বৰুৱাই অঞ্জলিৰ সোঁ হাতৰ অনামিকা আঙুলিত ৰঙা বাখৰোৱা আঙুঠি এটা গুজি দি ক’লে – ”আজিৰ পৰা তুমি আমাৰ ঘৰৰ বোৱাৰী হ’লা দেই।”
অঞ্জলিয়ে এপাকত আঙঠিটো চাই দেখে যে আঙঠিটো তাইৰ বাবে সোলোক ঢোলোক হৈছে। তথাপি তাই সযতনে পিন্ধি থাকিল। চাহ জলপান খাই আলহী যাবলৈ ওলাল। এনেতে বাপেক মহীধৰে চকুৰে জীয়েকলৈ চাই ইংগিত দিলে যে শহুৰ-শাহুৱেকক সেৱা এটা কৰিব লাগে। কিন্তু ১২ বছৰীয়া অঞ্জলিয়ে একোকে বুজিব নোৱাৰি আলহীৰ মুখৰ আগতে কৈয়ে পেলালে নহয় – ”অ’ পিতাই কি চকুৰে পিৰিক-পাৰাক কৰি আছ, মুখেৰে ক চোন। মই হ’লে একো বুজা নাই দেই।”
আলহীৰ মুখৰ আগতে তাই তেনেকৈ কোৱাত বাপেক মহীধৰৰ মুখ খন পকা ঠেকেৰাৰ বৰণৰ দৰে কেইবাবাৰো বৰণ সলালে। তাইৰ কথাত সকলোৰে হাঁহি উঠিল। তাইৰ মূৰত হাত ফুৰাই মৰম কৰি আলহী যাবলৈ ওলাই দেখে যে অঞ্জলিৰ হাতত আঙঠিটো নাই।
”অ, আঙঠিটো কি হ’ল?”
তাইক প্ৰশ্ন কৰাত তাই তপৰাই উত্তৰ দিলে – ”মোলৈ আঙঠিটো ঢিলা হৈছে। খেলোতে-ধূলোতে ক’ৰবাত পৰিব বুলি মই চাদৰৰ আঁচলতে বান্ধি থৈছোঁ। পিছত পেৰাত ভৰাই থ’ম।”
আলহী সিহঁতৰ ঘৰৰ পৰা যাবলৈহে পালে অঞ্জলিয়ে একে জাপে কঁকালৰ চোঁচনি গাঁথিটো খুলি মেখেলা চাদৰ যোৰ সলাই তলত পিন্ধি থকা চোলাটোৰেই খেলিবলৈ বুলি লৰ মাৰোতেই আলহীক আগবঢ়াই ওভতি অহা বাপেকে নঙলা মুখতে পালে। তাইক দেখাৰ লগে লগে চকু কেইটা ডাঙৰ কৰি গলগলীয়া মাতেৰে সুধিলে—
”ক’লৈ যাৱ?”
সৰু ছোৱালীৰ সৰু কথা – ”এ পিতাই, ৰামুহঁতৰ চোতালত মাৰ্বল খেলিবলৈ যাওঁ। আটাইমখা তাতে আছে” বুলি বাপেকৰ কাষৰ পৰা ফালৰি কাটি যাবলৈ লওঁতেই মহীধৰে তাইৰ হাতখন থাপ মাৰি ধৰিলে।
”আজিৰ পৰা তোৰ খেলা-ধূলা বন্ধ। লোকৰ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰাতকৈ ঘৰৰ ভিতৰত আজিৰ পৰা তাঁত-সূত, ৰন্ধা-বঢ়া শিকি ল। অ’ আৰু এটা কথা, আজিৰ পৰা এই চোলাটোৰ সলনি চাদৰ মেখেলা পিন্ধিবি বুজিছ।”
বাপেকৰ মুখৰ কথাকেইষাৰে ফুলকুমলীয়া অঞ্জলিৰ মনত বাৰুকৈয়ে চাপ বহুৱালে। চকু কেইটা চলচলীয়া কৰি তাই দৌৰি ভিতৰলৈ সোমাল। দৌৰোতে মুখেৰে তাইৰ এটা শব্দহে ওলাইছিল – ”পিতাই তই!”
কিমান সময় অঞ্জলিয়ে পালেংখনত পৰি দুগাল তিয়ালে তাৰ হিচাপ নাই। তাইৰ মনৰ মাজত এটা এটাকৈ পুৱাৰ পৰা ঘটি যোৱা প্ৰতিটো ঘটনাই আহি ভিৰ কৰিলেহি।
মাকে চাদৰ মেখেল পিন্ধিবলৈ কোৱাৰ কাৰণ আৰু ঢিলা হ’লেও মালতী বৰুৱাই তাইক অনামিকা আঙুলিত পিন্ধাই দিয়া আঙঠিটোৱে তাইক বুজাই দিলে যে তাই আজিৰ পৰা সঁজাত বন্দী মইনা। সেইদিনা বৰ নামঘৰৰ ভাওনাত পোৱা ফুকননী আইতাই মাক সাবিত্ৰীক কোৱা কথা এষাৰেই ১২ বছৰীয়া মনটোক হুলে বিন্ধা দি বিন্ধিছিল।–
”এইক সোনকালে দৰা এটা চাই বিয়া দি দে। নহ’লে দৰা নাপাবি। ঘৰতে ছোৱালী বুঢ়ী হ’ব।”
১২ বছৰীয়া কুমলীয়া মনটোৱে বিদ্ৰুপ কৰি উঠিছিল যদিও এতিয়া সেই কথা মনত পৰাত একে জাপে তাই শোৱাৰ পৰা উঠি মেল খাই থকা চুলি কোচা বান্ধি লৈ অথনিয়ে সলাই থোৱা মেখেলা চাদৰ যোৰ পিন্ধি মাকৰ ওচৰলৈ আহিল। মাকে তাইক দেখি সুধিলে – ”আলহী গ’ল নহয়; আকৌ সেই সাজ কিয় পিন্ধিছ?”
 
মাকৰ কথা শেষ হ’বলৈ নিদি তাই মাথোঁ ক’লে – ”মই ডাঙৰ হৈছোঁ। সদায়ে তহঁতৰ লগত নাথাকো নহয়।”
 
অনামিকা আঙুলিত পিন্ধি থকা ৰঙা বাখৰোৱা আঙঠিটো মাকৰ সন্মুখত দেখুৱাই তাই কৈছিল—
”এয়া চা আজিৰ পৰা মই লোকৰ ঘৰৰ বোৱাৰী।”
এক অবুজ বেদনাই আহি সাবিত্ৰীক খুন্দা মাৰি ধৰিলেহি। চকুৰে সৰসৰাই পানী ওলাই আহিল। বেৰৰ আঁৰ হৈ মাক জীয়েকৰ কথা শুনি থকা বাপেক মহীধৰেও জোৰ কৰিও ধৰি ৰাখিব নোৱাৰি চকুপানী দুটোপাল নিগৰাই পেলাইছিল। তেতিয়া ৰামুহঁতৰ চোতালত বজোৱা ৰেডিঅ’টোত বাজি আছিল বিউতি শৰ্মা বৰুৱাৰ কণ্ঠত— ”বেছি দিন লগতে নাথাকো, দেউতা মৰম কৰিবি মোক……”
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক