অবুজ স্মৃতি (বনজিৎ পাঠক)

অবুজ স্মৃতি

 

 

“ৰাধা, কেতিয়া আহিলা?” অৱনী খুড়াৰ দোকানত সোমাই প্ৰয়োজনীয় বস্তু এটা কিনিবলৈ ধৰোঁতেই, কোনোবাই মোক পিছফালৰ পৰা মাত দিয়া শুনিলোঁ। ঘূৰি চাই দেখোঁ শুভময় দা। দাদা, মোৰ খুড়াৰ ল’ৰা বিকাশৰ লগত একেলগে পঢ়িছিল, মোতকৈ তিনি বছৰৰ চিনিয়ৰ।

“অ, মই অহা তিনি দিনমানেই হ’ল, শুকুৰবাৰে আহিলোঁ। “কোনোমতে মাতটো ওলাল মোৰ। আচলতে মই শুভময় দাক ইয়াত এনেকৈ দেখা পাম বুলি অলপো ভবা নাছিলোঁ। শুভময় দা অলপ বেলেগ হ’ল দেখাত, কিন্তু কি বেলেগ হ’ল ঠিক এই মুহূৰ্তত মই ধৰিব পৰা নাই।

“শেৱালী, এইয়া ৰাধা, মই যে মাজে মাজে তোমাক কওঁ বিকাশৰ ভনীয়েক, এওঁৰ কথায়ে কওঁ। ” বুজিছা ৰাধা, এওঁ বিকাশকো লগ পোৱা নাই কিন্তু তোমাৰ আৰু বিকাশৰ কথা ভালকৈ জানে।” শুভময় দাই কৈ গ’ল।

মই অলপ অপ্ৰস্তুত হৈ পৰিলোঁ। “অ” মোৰ মুখেৰে এটাই শব্দ ওলাল। ডাঙৰকৈ সেন্দুৰৰ ফোঁটটোৰে জিলিকি থকা সুন্দৰ মুখৰখনৰ শেৱালীৰ পৰিচয় ততালিকে ধৰিব পাৰিলোঁ।

“আপোনাৰ কথা এওঁ কৈয়েই থাকে। আপোনাৰ দাদাৰ কথাতো সদায়ে কয়” শেৱালীয়ে অলপ হাঁহি হাঁহি ক’লে কথাখিনি।

“অ, দাদা আজিকালি ইটানগৰত থাকে। “মই যেন নিজকে অলপ সহজ কৰিবলৈ চেষ্টা কৰিলোঁ কথাখিনিৰে।

“অ, জানো জানো, মোক ফোন কৰি থাকে নহয়! ” শুভময় দাই ক’লে।

“বাৰু তোমাৰ খবৰ কি? ভালেই চাগে’?”

“অ, ভাল।” আৰু কি ক’ম মই একো ভাবি নাপালোঁ।

“আহিবচোন আমাৰ ঘৰলৈ, সময় পালে। কেতিয়ালৈকে আছে? “শেৱালীয়ে সুধিলে অলপ হঁহাৰ নিচিনা কৰি।

“অ আহিবা আকৌ। “শুভময় দাই যোগ দিলে।

“বাৰু চাওঁচোন, পৰহিলৈ যামগৈ।” মই যেন কথা সামৰিব খুজিছোঁ নিজৰেই তেনে লাগিল।

“ঠিক আছে কাইলৈ আহিবা, পিছবেলা।”

“আপোনাৰ ম’বাইল নাম্বাৰটো দিবচোন!” শেৱালীয়ে মোৰ লগত বন্ধুত্ব আগবঢ়াবলৈ যেন ইচ্ছা কৰিছে,মোৰ তেনে লাগিল।

“মোৰ মবাইল নাই, মানে লোৱা নাই।” কথা চমুৱাব খোজাটো যিমান পাৰি ধৰা নপৰাকৈ ক’বলৈ চেষ্টা কৰিলোঁ।

“বাৰু ঠিক আছে কাইলৈ আবেলি আহিবা, ঘৰটো চিনি পোৱাই নহয়?” শুভময় দাই মোৰ ফাল চাই সুধিলে।

মই দাদাৰ ফালে চাই, মুখখন ঘূৰাই দোকানীজনৰ ফালে চাই অস্পষ্টকৈ “ও” বুলি ক’লোঁ।

“মোৰ বস্তুকেইটা দিয়ক।” মই দোকানীজনক ক’লোঁ।

“বাৰু যাওঁ দিয়া, ৰাধা।” মোৰ আকৌ শুভময় দাৰ চকুৱে চকুৱে পৰিল, শেৱালীয়ে অলপ মিচিকিয়াই হাঁহিলে। মই হঁহাৰ নিচিনা কৰি কৰি মূৰটো দুপিয়াই দিলোঁ।

ময়ো বস্তুকেইটা সামৰি ঘৰলৈ বুলি খোজ দিলোঁ।

আজি শুভময় দাক বহু বছৰৰ মূৰত দেখিলোঁ। আগতকৈ বহু সহজহৈ মোৰ লগত কথা পাতিলে, বৰং মইহে দেখোন সহজ হ’ব নোৱাৰিলোঁ। চকুত যেন আগৰ সেই মোক কিবা ক’বখোজা, কিবা যেন কওঁ বুলিও ক’ব নোৱাৰা কথাখিনি থুপ খাই নাই। কোনো দিনে মই চকুলৈ ভালকৈ চাই শুভময় দাৰ লগত কথা নাপাতিছিলোঁ। চকুলৈ চালেই যেন মোৰ এনে লাগিছিলে মোক যেন এনেকুৱা কিবা এটা ক’ব যিটোৰ মই উত্তৰ দিবলৈ অপাৰগ। কিন্তু কোনো দিনেইতো একো নক’লে, নে মইহে নিজে আশা কৰি আছিলোঁ তেওঁ এনে কিবা এটা কওঁক বুলি? নাই মই আকৌ কিয় আশা কৰিম, কিন্তু মোৰ কিয় এনেকুৱা লাগিছিল তেওঁৰ যেন মোক ক’বলৈ বহু কথা আছিল, কিন্তু ক’ব পৰা নাই বা সুবিধা পোৱা নাই। মই কিয় তেওঁৰ চকুলৈ চাই কথা ক’ব পৰা নাছিলোঁ।

বিয়াৰ পিছত মই কেইবাবাৰো ঘৰলৈ আহিছোঁ, ঘৰলৈ আহিলে এনেকৈ গধূলি ঘৰৰ ওচৰৰ চিনাকী ঠাইবোৰত মই প্ৰায়ে অকলে অকলে ঘূৰোঁ। বিয়াৰ পিছত ভাবিছিলোঁ প্ৰতি মাহতে ঘৰলৈ আহিম, বা অন্ততঃ ছয়মাহৰ ভিতৰত এবাৰ হ’লেও আহিম। কিন্তু ক’তা? দুবছৰৰ মূৰতো ঘৰলৈ অহাটো দিগদাৰ হৈ পৰিল। এইবাৰ অকলেই আহিছোঁ। অকলে মানে মোৰ লগত লগত মোৰ তিনি বছৰীয়া ছোৱালী গীতিও আহিছে। তাইক আইতাকৰ লগত থৈ মই অকলেই ওলাই আহিছোঁ, ঘৰলৈ আহিলেই মই এনেকৈ ওলাই আহোঁ। নিজৰ এৰি অহা শৈশৱ যেন এতিয়াও এই ৰাস্তাবোৰত খেলি আছে। নিজে পঢ়ি অহা স্কুলখনৰ সমুখেদি এপাক মাৰোঁ, এনে লাগে যেন মই আকৌ ক্লাচ এইটত পঢ়া ছোৱালী হৈ ক্লাচৰ পৰা ওলাই আহিছোঁ। নীহাৰিকা বাইদেউৰ খংটো, গিৰিশ শৰ্মা চাৰৰ সেই কথাই প্ৰতি “বুজি পালিনে?” বোলা কথাষাৰ যেন কাণত বাজি উঠে। আৰু পানীখোৱা ছুটিত চানা কিনি খোৱা সেই চানাৱালাকেইটাক মোৰ চকুৱে বিছাৰি যায়, নাই দেখা নাপাওঁ। হয়তো দেশলৈ গ’ল, বা আন কিবাও হ’ব পাৰে। ৰুবী বা ক’ত আছে, চচমা পিন্ধা দুডাল বেণী গুঁঠা, মুখত দুষ্ট হাঁহিৰে তাইৰ মুখখন মনলৈ আহি গ’ল। ক্লাচত শেষৰ বেঞ্চত বহি বিস্ময় বা চিনেমাৰ আলোচনী পঢ়ি থকাৰ বাবে কিমান দিনযে তাই চাৰ, বাইদেউৰ গালি খাইছিল। ৰাস্তাৰে যোৱা ল’ৰাৰ গালৈ কাগজৰ সৰু সৰু টুকুৰা বলৰ আকৃতি কৰি ক্লাচৰ পৰা দলিওৱাত তাই ওস্তাদ আছিল।

 

ঘৰৰ সমুখৰ ৰাস্তাটো গৈ য’ত মূল পথৰে লগ লাগিছে সেই তিনি আলিতে এটা মেচ আছিল, এতিয়াও আছে মেচটো। সেই সময়ত আমাৰ কলেজৰে কেইজনমান চিনিয়ৰ ল’ৰা তাত মেচ কৰি আছিল, চিনাকি নাছিল, কেৱল জানিছিলোঁ আমাৰ কলেজৰে বুলি। সেইখিনি সদায়ে কোনো ফালে নোচোৱাকৈ যিমান পাৰি সোনকালে পাৰহৈ গৈছিলোঁ; মেচৰ খিড়িকীৰ পৰা মোলৈ বুলি উফৰি অহা শব্দবোৰ যাতে কাণত নপৰে।

“অ, ৰাধা, তুমি মোৰ জীৱনৰ আধা !!!”

“আজি ভাল লাগিছে দেই!”

আজিও সেইখিনি পাওঁতে মোৰ খোজ নিজে নিজেই খৰহৈ গ’ল, নাই তেনে কোনো শব্দ বা বাক্য নুশুনিলোঁ। এটা ৰুমত লাইট জ্বলি আছে বাকীকেইটা আন্ধাৰ। কোন বা থাকে আজিকালি।

 

মূল ৰাস্তাটোৰে অলপ পশ্চিমলৈ গৈ সোঁহাতে সোমাই যোৱা ৰাস্তাটোৰে গ’লে আমাৰ কলেজ পোৱা যায়। মই যিমান পাৰোঁ এই ৰাস্তাৰে নোযোৱাকৈ আছিলোঁ। অলপ আগলৈ গৈ ঘূৰি আন ৰাস্তাৰেহে কলেজলৈ গৈছিলোঁ। কিন্তু আজি এইটোৰেই যাবলৈ মন গ’ল। ৰাস্তাৰ ছয় নম্বৰ ঘৰটোৱেই শুভময় দাহঁতৰ ঘৰ আছিল। এটা ডাঙৰ পদূলিৰে সৈতে, পূৰণা ঐতিহ্যৰ চাপ থকা এটা ঘৰ। শুভময় দাৰ ককাকেই সজোৱা। মই কেইবাৰো আহিছো এইটো ঘৰলৈ; দাদাৰ লগত আৰু দুবাৰ মান অকলেও। ৰাষ্টাৰ পৰা শুভময় দাৰ কোঠাটো দেখা পায়, খিড়িকীত সেউজীয়া পৰ্দা লগোৱা আছিল। নাই, আজি লাইট জ্বলি থকা নাই। বাৰান্দাত কোনোবা এজন বহি আছে। ঘৰটোৰ ৰং বেলেগ কৰিলে, হয়তো শুভময় দাৰ বিয়াৰ বাবে। ফুলনীখনত কি কি ফুল আছে দেখা নাপালোঁ, ঠাইখিনি অলপ অন্ধকাৰ হৈ আছে। গেটৰ প্ৰায় সমুখতে ইংৰাজী W আখৰটোৰ দৰে পানীডোঙা এটা আছিল, বাওঁফালৰখিনি অলপ বেছি দ’ আছিল। সেইটো মোৰ পাৰ হওঁতে প্ৰায় জপিয়াই পাৰ হ’ব লাগিছিল, এবাৰ আগলৈ গৈ, আকৌ উভতি, তাৰ পিছত আকৌ আগলৈ। এইখিনিতে এনেকৈ জপিয়াই পাৰ হওঁতেই এবাৰ মোৰ চেন্দেল ছিঙিছিল, লাজতে কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই শুভময় দাই ঘৰৰ পৰা ওলাই আহি নিজৰ হাৱাই চেন্দেলজোৰ দি কৈছিল,”ঘৰলৈকেহে যাবা এইযোৰ পিন্ধি যোৱা।” মোৰ লাজতে মৰি যোৱাৰ দৰে লাগিছিল। ঠাইতে যেন মই নাইকিয়াহৈ যাম। একো নমতাকৈ চেন্দেলযোৰ পিন্ধি লগে লগে মই গুছি আহিছিলোঁ, পাৰিলে যেন মই দৌৰি ঘৰলৈ যাম। চেন্দেলযোৰ আৰু পিছত উভতাই দিয়া নহ’ল, দাদাক মই কেইবাদিনো ক’লো কিন্তু সি কথাটোত সিমান একো গুৰুত্ব নিদিলে “থাকক, সি কেতিয়াবা আহিলে পিন্ধিব।” বহুদিনলৈ মই আলনাত থৈ দিছিলোঁ চেন্দেলযোৰ। কাকো পিন্দিব দিয়া নাছিলোঁ, বেলেগৰ বস্তু বেয়া হ’ব বুলি। কিবা অলপ বিশেষ যতন লৈছিলোঁ নেকি? জোনালীৰ পৰা অনা মূৰত মৰা কিলিপ বা খাৰুবোৰৰটো মই তেনেকৈ ৰখা নাছিলোঁ। লোকৰ বস্তু এনেকৈ অনাৰ বাবে মায়েও মোক গালি পাৰিছিল। নাই পানীডোঙা নাই এতিয়া, ৰাস্তাটো নতুনকৈ বান্ধিলে, পানীডোঙাটো নেদেখি কিবা যেন অলপ দুখ লাগি গ’ল মনটো।

 

বিয়া হোৱা প্ৰায় পাঁচ বছৰ হ’ল, বিয়াৰ পিছত এইবাৰ প্ৰথম আকাশে মোক অকলে আহিব দিছে, ব্যৱসায়ৰ কামত কলিকতালৈ গৈছে। মই সিমান বুজি নাপাওঁ এই ব্যৱসায়ৰ কথাবোৰ। বুজিবলৈ সিমান চেষ্টাও নকৰোঁ অৱশ্যে। ইউনিভাৰ্ছিটীত পঢ়ি থকা সময়তে আকাশৰ লগত চিনাকী, তাৰ পিছত ভালপোৱা আৰু বিয়া। আকাশে যিমান পাৰে মোৰ আৰু গীতিৰ লগত সময় কটাবলৈ ভাল পায়। ব্যস্ত থাকে, তাৰ মাজতো যিমান পাৰে। মোক যথেষ্ট ভাল পায়, ময়ো পাওঁ। আমাৰ মাজত কোনো কথাৰেই লুক-ঢাক নাই বা মই কোনো কথায়ে আকাশৰ পৰা নুলুকুৱাওঁ, তথাপিও যেন মোৰ নিজা এখন পৃথিৱী আছে তাত থকা আকাশখন যেনে এখন বেলেগ আকাশ।

শুভময় দাই বাৰু শেৱালীক মোৰ কথা কি কি কৈছে? কিনো এনেকুৱা কথা আছিলে যে শেৱালীয়ে মোৰ কথা কৈয়েই থাকে বুলি ক’লে। চেন্দলৰ কথাটো নিশ্চয় নকয়, সেইটোনো ক’বলগীয়া কথা জানো? কিন্তু সেইটো মোৰ কিয় ইমান দিনৰ পিছতো মনত ৰৈ গ’ল! কেৱল সেইটোৱেই নহয় শুভময় দাৰ বহু সৰু কথায়ে দেখোন মনত আছে। মই কলেজলৈ যাওঁতে ঘৰৰ সমুখেৰে যোৱাৰ সময়ৰ লগত সময় মিলাই ঘৰৰ চোতালত বাইকখন ধুই থকা শুভময় দাৰ ছবিখন মনলৈ আহি গ’ল। কথা উলিয়াবলৈ চেষ্টা কৰি আন কথা বিছাৰি নাপায় বিকাশৰ কথা সোধা, বা আগদিনা মাক লগ পায়ো মাৰ ভালনে সেইটোকেই সোধা শুভময় দাৰ চকুৱে যেন আচলতে আন কিবাহে ক’ব বিছাৰিছিল। মই বাৰু সেই আন কিবাখিনি শুনিবলৈ আগ্ৰহী আছিলোঁ নেকি? নাই তেনে কোনো কথা নাছিল।

 

শেৱালীক মোৰ কথা কি ক’ব পাৰে বাৰু? নিজৰে লাজ লাগিল দেখোন মোৰ অলপ। খুড়াৰ ল’ৰা বিকাশৰ লগত আমাৰ ঘৰত দিনটো ক্ৰিকেট চাই কটোৱা কথাটোও ক’ব পাৰে। কিন্তু সেইটো কেতিয়াবাহে হৈছিল শুভময় দাৰ ঘৰত কাৰেন্ট নাথাকিলে। অলপো ইন্টাৰেষ্ট নথকা ময়ো পিছলৈ যেন ভাৰত পাকিস্থানৰ কেতিয়া আকৌ খেল হয় সেইটো খবৰ ৰাখিবলৈ লৈছিলোঁ। কলেজ খোলা থাকিলে, খেল থকাৰ দিনা সোনকালে ঘৰলৈ আহোঁ আহোঁ লাগিছিল। সিহঁত দুজন ক্ৰিকেট খেলা চাবলৈ আহিলে চাহ দি দি ভাগৰি গৈছিলোঁ। বিকাশ দাটোৱে ইমান চাহ চাহ কৈ চিঞৰি থাকিছিল। শুভময় দাই নিমখীয়া বিস্কুট ভাল পাইছিল, আজিকালি বা…?

 

শেৱালীৰ মিচিকিয়া হাঁহিটোৱে বাৰু মোক কৈ গ’ল নেকি “তুমি হাৰিলা”। কিন্তু মইটো কোনো প্ৰতিযোগিতা কৰা নাছিলোঁ, তেনেহ’লে কিহত হাৰিম? নাই, এনেয়ে হাঁহিছে শেৱালীয়ে। শুভময় দাক মই কোনো দিনে অকলে লগ পোৱা নাই আৰু ধৰিবলৈকো বিছৰা নাছিলোঁ কেতিয়াও। এবাৰ নে দুবাৰ ডিচেম্বৰ মাহত ৰাতি থিয়েটাৰ চাই ঘৰলৈ উভতি আহোঁতে শুভময় দাই ঘৰলৈ আহি থৈ গৈছিল, তেতিয়াতো লগত মাও আছিল। মা অলপ আগবাঢ়ি গৈছিল, আমি অলপ পিছ পৰিছিলোঁ। মায়ে বাৰু অলপ ইচ্ছা কৰিয়েই খৰকৈ খোজ দিছিল নেকি? নে আমি অলপ বেছি লাহে লাহে খোজ দিছিলোঁ? এনে লাগিছিল যেন ঘৰটো যদি আৰু অলপ দূৰত হ’লহেঁতেন! মোৰ ভালকৈয়ে মনত আছে ডিচেম্বৰ মাহ যদিও মোৰ কাণ-মূৰ যেন গৰম হৈ আছিল। কিবা যেন কথা শুনিবলৈ মোৰ কাণদুখন ৰৈ আছে , নাই তেনে একো কথাই নুশুনিলোঁ। ডিগ্ৰী পাছ কৰি কি কৰিম, কলেজৰ কেণ্টিনখনত ৰাতিপুৱাহে ভাল চাহ পায়, নাইটচুপাৰবোৰ যে ইমান জোৰকৈ চলাই জাতীয় কথাবোৰ হে ওলাইছিল।

 

কিন্তু আজি শুভময় দাক বেলেগ বেলেগ লাগিছে, চকুত যেন সেই কিবা ক’ব খুজিও ক’ব নোৱাৰা এসোপামান কথালৈ ফুৰা শুভময় দাটো যেন এইজন নহয়। কিবা যেন মই বিছাৰি নাপালোঁ তেওঁৰ চকুত। মোৰ বাৰু দুখ লাগিছে নেকি? চকুকেইটা অলপ যেন সেমেকি উঠিছে। নাই, কিবাবোৰ মই এনেয়ে ভাবি আছোঁ, মই দেখোন সুখী আজি! মোৰ কিহৰ দুখ? কিন্তু ক’ৰবাত যেন…!!

 

কিবা কিবি ভাবি আহি কেতিয়া ঘৰৰ বাৰান্দাত ভৰি দিলোঁ গমেই নাপালোঁ। গীতিয়েও আইতাকৰ লগত বা কি কৰি আছে? সোমাই দেখিলোঁ দ্ৰয়িংৰুমত মাৰ কোলাত গীতি শুই আছে।

“আহিলি? আকাশে ফন কৰিছিল। “

“ও” – চমুকৈ মাৰ ফালে নোচোৱাকৈ গীতিক কোলাতলৈ শোৱনী কোঠাৰ বিছনাখনত তাইক শুৱাই দিলোঁ। চেন্দেল ৰখা ঠাইখিনিলৈ চকু গ’ল মোৰ। তাত নথকা চেন্দেল এযোৰ মোৰ চকুৱে যেন চাব খুজিলে। অজানিতে মনটো গধুৰ হৈ পৰিল। বিছনাখনত এনেয়ে গাটো পেলাই দিলোঁ। গাৰুৰ কাষত থকা আকাশে দিয়া নতুন মবাইলটো পৰি আছে।

হাতত লৈ ফেচবুকটো খুলি search option-লৈ গৈ শুভময় দাৰ প্ৰফাইলটো বিছাৰি add friend button-টো ক্লিক কৰিব খুজিও ৰৈ গ’লোঁ। accept কৰিবনে?

————————-

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments