অবৈধ (দেৱীকা ফুকন)

(১)

খৰস্ৰোতা নদীখনত অনন্তৰ চকুৰ সমুখতে মানুহজনী উটি গ’ল৷ মানুহগৰাকীক অনন্তই চিনি পাইছেও, নাইও পোৱা যেন৷ খুউব খেলিমেলি লাগে এনেকুৱাতে৷ চিনাকীয়েই নে অচিনাকী জীয়া মানুহ এজনী পলকতে কোবাল সোঁতত লীন গ’ল৷ কি কৰিব, কি নকৰিব ভাবি উৱাদিহ নোপোৱা অনন্তৰ বুকুখনত বিষ এটা উঠিল৷ ঠিক আপোন মানুহ হেৰুৱালে শোকে খুন্দা মাৰি বিষায় যে, তেনেদৰে৷ অথচ সি ধৰিব পৰা নাই, নদীত কিছু মুহূৰ্ত্তৰ আগতে উটি যোৱা মানুহগৰাকী কোন! ……………………
নদীৰ কোবাল সোঁতৰ গৰ্জন কাণত বাজি থকা ভাবেই অনন্ত সাৰ পাই গ’ল৷ আজি বহুবছৰে এই একেটা সপোনে অনন্তক অশান্তি কৰে৷ সাৰ পাই অবুজ বেদনা এসোপাই তাক হেঁচা মাৰি ধৰে৷ গোটেই জীৱনটো যেন তাক এই সপোনটোৱে খেদি ফুৰিব৷ অথচ কাকো ক’ব বা বুজাবও নোৱাৰে সপোনটোৰ কথা৷ আনে বুজিবই বা কেনেকৈ; সপোনবোৰ যে সকলোৰে সুকীয়া চিন্তা, কল্পনা, গ্লানি, অতীত, অশান্তি, কষ্টৰ বহিঃ প্ৰকাশ৷
কথাবোৰ ভাবি ভাবি অনন্তই বিছনাৰ তলত থকা চেণ্ডেলযোৰত খেপিয়াই খেপিয়াই ভৰি ভৰালে৷ বিছনাৰ কাষতে থকা টেবুলৰ পৰা দাঁত ঘঁহা ব্ৰাছডাল লৈ বাহিৰলৈ ওলাই আহিল৷ নিয়ৰ পৰি চোতালৰ সমুখৰ জবাজোপা জুৰুলী জুপৰী হৈ পৰিছে৷ আস্! কিমান দিন যে নিজৰ ঘৰখন দেখা নাই অনন্তই৷ চাহবাগানেৰে ভৰা পাহাৰীয়া গাঁৱখন এৰি অহা বছৰ হ’ল৷ সি অকলে ঘৰ এৰি অহা নাছিল৷ তাৰ লগত তাৰ মাকো আহিছিল৷ ”মা”, শব্দটোৱে বুকু ভেদি নিয়ে তাৰ৷ ওখকৈ লাহী দেহৰ মানুহজনীয়ে তাক এহাতে কোলাত লৈ দীঘল পদূলীৰ ঘৰটো এৰি থৈ আহিছিল৷ কিমান দূৰ খোজ কাঢ়ি আহি সি মাকৰ লগত চহৰখনত সোমাইছিল তাৰ আজি মনত নাই৷ আনকালে দেউতাক, দদায়েকৰ লগত চাইকেলৰ আগত বন্ধা গাৰুত বহি সি চহৰলৈ আহে৷ কেতিয়াবা বিহুৰ কাপোৰ ল’বলৈ, কেতিয়াবা কপালত প্ৰায়ে উঠা ফোঁহাবোৰ চিকিৎসালয়ত ফলোৱাবলৈ আহে সি৷
সেইদিনা প্ৰথম মাকে আনিছিল তাক চহৰলৈ৷ আন কেইবাৰৰ দৰে এইবাৰ আইতাই আহি চাদৰৰ আঁচলেৰে তাৰ মুখত উপৰঞ্চিকৈ লাগি থকা পাউদাৰখিনি মোহাৰি দিবলৈ ওলাই অহা নাছিল৷ ৰাতিপুৱাৰ বেলি উলোৱাৰ আগতেই সিহঁতে নিজৰ পদূলী এৰিছিল৷ আগদিনাৰ চুলাই মদৰ নিচাত দেউতাক বাহিৰৰ ৰুমতে লালকাল দি পৰি আছিল৷ আইতাই হয়তো উমান পাইছিল, মাক আৰু সি যে ওলাই আহিছে৷ কাৰণ তেওঁ খুউব সোনকালে উঠে৷ কিন্তু কিয় জানো তেওঁ সেইদিনা ওলাই নাহিল অনন্তই তেতিয়া ভাবি পোৱা নাছিল৷ অৱশ্যে তাৰো টোপনি সম্পূৰ্ণ হোৱা নাছিল৷ মাকৰ কান্ধত মূৰটো পেলাই পিছত এৰি অহা তাৰ নিজৰ ঘৰখনৰ চোতালখন চাই চাই কোন সময়ত পুনৰ টোপনি গ’ল গমকে নাপালে৷ মাক নিৰ্বিকাৰ ভাবে আগবাঢ়ি গৈ আছিল৷ তাৰ মনত অলপো অস্বাভাৱিকতাৰ ভাব অহা নাছিল৷ এইটো হয় যে তাৰ মাক-দেউতাকে আনদিনাৰ দৰে কালি ৰাতিও কাজিয়া লাগিছিল৷ মাকক দেউতাকে কিছুমান শব্দ কৈছিল যিবোৰ শুনি মাকৰ ধৈৰ্যৰ বান্ধ খুলিছিল৷ সদায় নিজে তল পৰি দিয়া মাকজনীয়ে কালি হাতত দা তুলি লৈছিল৷ সেইসময়তো সি মাকৰ ভৰিত পিছপিনৰপৰা সাৱটি ধৰি আছিল৷ আনদিনাৰ দৰে আইতায়ো মাক কৈছিল -” তই ল’ৰাটোৰ মূৰ খালী! ” মাকে দেউতাকৰ কি মূৰ খাইছিল সি নাজানে; কিন্তু সি দেউতাকতকৈ মাকক বেছি ভাল পায়৷ কিয়নো দেউতাকে যে সদায় মদ খাই আহি ঘৰত হুলস্থুল কৰে, মাৰপিট কৰে!
সেই গাওঁ এৰি অহাৰ পিছদিনা পুৱা সি নিজকে পাইছিল বাঁহৰ চালি দিয়া দোকান এখনৰ তলত৷ আলুৰ খালী বস্তা এটা পাৰি তাক শুৱাই থোৱা হৈছিল৷ শুৱাৰ পৰা উঠি সি দেখিছিল মাকে দোকানৰ কাষতে ডাঙৰ ডলা লৈ দাইল বাছি আছে৷ এনেদৰেই গাঁৱৰ নিজৰ ঘৰ এৰি চহৰৰ এই বজাৰ অঞ্চলত অনন্ত আৰু তাৰ মাকৰ জীৱন সংগ্ৰাম আৰম্ভ হয়৷ কামৰ বিনিময়ত যিকেইটকা পাই কোনোমতে এসাজ খাবলে হয়৷ সেই যি গাওঁ এৰিছিল সি আৰু গাঁৱলৈ উভতি যাবলৈ নাপালে৷ কেইবছৰমানৰ পিছত খবৰ পাইছিল দেউতাকে বেলেগ এগৰাকীক বিয়া কৰালে৷ সি মাকক কেতিয়াও সুধিব নোৱাৰিলে যে মাক আকৌ কিয় ঘৰলৈ ঘূৰি নগ’ল অথবা দেউতাকে কিয় মাকক বিচাৰি নাহিল৷ এই কথাবোৰ চিন্তা কৰিবলৈ আহৰি পোৱাটোও সিহঁতৰ দৰে মানুহৰ বাবে একপ্ৰকাৰৰ বিলাসিতা বুলিয়েই ক’ব পাৰি৷ য’ত দিনটোৰ ভাতমুঠিৰ বাবে চকুৰ টোপনি নোহোৱা হয়, তাত জীৱনৰ বহুত প্ৰশ্ন এৰাই চলিবলগীয়া হয়৷
সেইসময়ত তাৰ আপোন বুলিবলৈ মাকৰ বাদে আন কোনো নাছিল৷ ”আপোন” শব্দটো মনলৈ আনিবলৈও তাৰ মনত সংশয় হয়, কাৰণ যিজনক সি আপোন দেউতা ভাবিছিল, তেওঁ তাক নিজ সন্তান বুলি মানি ল’বলৈ টান পালে৷ মাকৰ চৰিত্ৰৰ দোষ দেখুৱাই দেউতাকে সিহঁত ওলাই অহাৰ আগদিনা কোৱা কথাবোৰ তাৰ কাণত বাজি থাকে৷ ৰাতি বিছনাত পৰি কাষত শুই থকা মাকৰ মুখখনলৈ চাই সি ভাবে -সি সঁচাকৈয়ে অবৈধ! ! নে বৈধ তাৰ জন্ম পৰিচয়! ক্ষীণ দেহৰ মাকজনীলৈ নাচাওঁ বুলিও সন্দেহৰ চকুৰে চাই সি৷ ওহো! ক’তা, ঘৰৰ মানুহ কিটাই যাতে লঘূণে থাকিবলগীয়া নহয় তাৰ বাবেই দেখোন মাকে লোকৰ ঘৰত ৰোৱা-তোলা আদি কাম কৰোঁতেই সময় যায়৷ মদ খাই মাতাল হৈ অহা তাৰ দেউতাকৰ বাবেই দেখোন নিজৰ কাঁহীৰ ভাত কেইটা নিজে নাখাই খৰাহীৰে ঢাকি থয়৷ পিছমুহূৰ্ত্ততে সি অনুতপ্ত হয়৷ তাক আঁচলত আশ্ৰয় দিয়া মাকজনীক সি সন্দেহ কৰিছে? ? নিজকে পাপী যেন লাগি যায়৷ মাকক সন্দেহ কৰাতো তাৰ মানত পাপেই৷ কথাবোৰ ভাবি খুউব দুখ লাগে তাৰ৷ তাৰ অৱস্থা দুৰ্দোল্যমান৷ কাৰ কথা বিশ্বাস কৰিব! মাক তাৰ বাবে ভগৱানৰ দৰে৷ মাকক সন্দেহ কৰিবলৈ তাৰ মন নাযায়৷ আনফালে তাৰ দেউতাক, আইতাক সকলোৱেই তাৰ দৰে অবৈধ সন্তানক লগত লৈ মাকে ঘৰ এৰাটোৱেই আশা কৰিছিল৷ যাৰবাবে সি আজি নগৰৰ এই বজাৰ অঞ্চলত মাকৰ লগত থাকিবলগীয়া হৈছে আৰু আনফালে তাৰ আৰু মাকৰ অনুপস্থিতিত পৱিত্ৰ (? ) হৈ পৰা ঘৰখনত দেউতাকে আন এগৰাকীক পত্নী হিচাবে গ্ৰহণ কৰিলে৷ সম্বন্ধবোৰ এনেকুৱাইনে! তাক বোকোচাত লৈ ঘূৰি ফুৰা দেউতাকে হয়তো কাইলৈ আন কাৰোবাক বোকোচাত লৈ ফুৰিব৷ তাক দদায়েকে সাজি দিয়া কাঠৰ ক্ৰিকেট বেটখনৰ মালিক চাগে কাইলৈ তাৰ দেউতাকৰ নতুন পত্নীৰ সন্তান হ’ব৷
কথাবোৰ ভাবিবলৈ মন নাযায় তাৰ৷ কেৱল মৰমৰ বেট খনেই নে, তাৰ দেখোন মৰমৰ সকলো এৰিবলগীয়া হ’ল৷ স্কুললৈ গৈছিলহে মাথোন, স্কুলৰ তেতেলিজোপাৰ তলত লগৰীয়াৰ লগত খেলিবলৈ শিকিছিলহে সি; সকলো দেখোন এৰি থৈ আহিবলগীয়া হ’ল৷ —-কথাবোৰ মনত পাগুলি পাগুলি অনন্ত কামলৈ ওলাল৷ সি থকা ঠাইৰপৰা নাতিদূৰত ৰক্তিম বৰুৱাৰ ঘৰ৷ যোৱা দহ বছৰেই এওঁলোকৰ মহানুভৱতাত অনন্ত জীয়াই আছে৷ আগতে ঘৰৰ সৰু-সুৰা কামত সহায় কৰি দি আৰু এতিয়া তেওঁলোকৰ গাড়ী চলাই সি নিজৰ জীৱন চলাই আছে৷
লোহাৰ ডাঙৰ গেটখন ঠেলি সি সোমাই গ’ল৷ এটা অসম আৰ্হিৰ ডাঙৰ ঘৰ৷ দীঘল পদূলীৰ ঘৰটোৱে তাক নিজৰ এৰি অহা গাঁৱৰ ঘৰলৈ মনত পেলাই দিয়ে৷ একেই দীঘল পদূলী৷ অৱশ্যে তাৰ অতীতৰ ঘৰখনৰ শাৰী শাৰী তামোলগছৰ ঠাইত ইয়াত নানান দেশী-বিদেশী ফুল৷
এই ঘৰখনত ভৰি দিয়াৰ প্ৰথম দিনটো আজিও সজীৱ তাৰ স্মৃতিত৷ তাৰ বয়স কিমান হৈছিল বাৰু? নাই মনত নাই তাৰ নিজৰ বয়স৷ সি গাঁৱৰ ঘৰ এৰাৰ সময়ত অথবা এই ঘৰখনত সোমোৱাৰ সময়ত তাৰ কিমান বয়স আছিল সেয়া ভাবিবলৈ বা জানিবলৈ পৰিস্থিতিয়ে শিকোৱা নাছিল তাক৷ অৱশ্যে তাৰ এইটো কথা ভালদৰে মনত আছিল যে গাঁৱৰ ঘৰ এৰোঁতে মাক তাৰ লগত আছিল আৰু এই ঘৰত সোমোৱাৰ সময়ত মাক তাৰ লগত নাছিল৷ পাৰ্থক্য কেৱল সেয়াই নহয়৷ পাৰ্থক্য আৰু আছিল৷ ঘৰৰপৰা ওলাই অহাৰ পৰত মাক তাৰ আশা ভৰষাৰ থল আছিল৷ অথচ এই ঘৰত ভৰি দিয়াৰ পৰত সি সম্পূৰ্ণ নিঠৰুৱা আছিল৷ সেইদিনা ৰাতিপুৱা শুই উঠি সি মাকক পোৱা নাছিল৷ এটা কোঠাৰ ঘৰটোত পাগলৰ দৰে মাকক বিচাৰিছিল সি৷ এপাকত বিজুৰ পিচিঅ’ৰ পৰা দদায়েকে কাম কৰা ফেক্টৰীলৈ বুলি ফোন কৰিছিল৷ ঘৰ এৰাৰ পৰা সেইবাৰ সি দ্বিতীয়বাৰ দদায়েকৰ লগত কথা পাতিছিল৷ দদায়েকে আশ্বাস দিছিল মাক আছে ওচৰতে কৰবাত বুলি, আৰু তাক চিন্তা কৰিবলৈ হাক্ দিছিল৷ অনন্তই বিচাৰিছিল এবাৰ অন্ততঃ দেউতাক বা দদায়েক আহক তাৰ কাষলৈ৷ তেওঁলোকৰ মৰমৰ ‘কনপোনা ‘এখন নতুন চহৰত সম্পূৰ্ণ অকলশৰীয়া আজি, অন্ততঃ আজি আহক তাক বিচাৰি৷ কিন্তু সন্ধিয়া ৰাস্তাত মাকক বিচাৰি ভোকে ভাগৰে ঢলি পৰালৈকে কোনো নাহিল৷ না মাক না দেউতাক না দদায়েক৷ সেইদিনা আৰক্ষী বিষয়া ৰক্তিম বৰুৱা তাৰ বাবে ত্ৰাণকৰ্তাৰূপে থিয় দিছিল৷
বহুত বিচাৰ খোচৰ কৰাৰ পাছতো মাকৰ খবৰ সি পোৱা নাছিল৷ কোনোবাই কয় মাকে মনৰ দুখত আত্মহত্যা কৰিলে৷ তাৰ নিজলৈ খং উঠে, দেউতাকৰপৰা পৃথক হৈ মনোকষ্টত ভুগি আছিল নেকি তাৰ মাকে! যদি আছিল তেন্তে সি সঁচাকৈয়ে মাকক সন্দেহ কৰি অক্ষমণীয় অপৰাধ কৰিলে৷ অনুশোচনাত তাৰ চকুলো সৰে৷ সেই একে সময়তে আকৌ আন এচামে কয়, মাক কাৰোবালৈ পলাই গ’ল৷ কিছুমানে মাকক উদ্দেশ্যি সেই দেউতাকে ব্যৱহাৰ কৰা শব্দবোৰ প্ৰয়োগ কৰে৷ সি চিৎকাৰ কৰি উঠে৷ তাৰ মাক এনে হ’ব নোৱাৰে৷ অন্ততঃ তাক এৰি সংসাৰ কৰাৰ কথা মাকে ভাবিবই নোৱাৰে৷ কিন্তু সঁচাকে তেনে হয় জানো! অনন্তক পুনৰ কেতবোৰ দুৰ্দোল্যমান অৱস্থাই ঘেৰি ধৰে৷ সি যেন অভিশাপ সকলোৰে বাবে৷ দেউতাকৰ বাবে সি অবৈধ, যি তেওঁৰ সপোনৰ ঘৰ তচ্ নচ্ কৰিলে৷ আৰু আনহাতে মাকৰ বাবে তাৰ দৰে অবৈধ সন্তানৰ বোজা এক জঘন্য অভিশাপ৷
এটা সময়ত সি মাকক বিচাৰি পোৱাৰ হেপাহ বাদ দিয়ে৷ নিজে উপাৰ্জন কৰিবলৈ জীৱন জীয়াবলৈ শিকিব ধৰিল৷ ৰক্তিম বৰুৱাৰ পত্নীয়ে অলপকৈ হ’লেও মাকৰ অভাৱ পুৰালে৷ অৱশ্যে তাৰ যে কোনোবা দেউতাক আছিল গাঁৱত, সি সেই কথা পাহৰিব শিকিলে৷ মনত ৰখাৰ প্ৰয়োজনো নোহোৱা হ’ল, কাৰণ তাৰ পৰিচয় এতিয়া সেইখন ঘৰত ‘অবৈধ’৷ সকলো পাহৰিবলৈ শিকিলে যদিও এই প্ৰায়ে দেখা সপোনটোৱে তাক ঘূৰাই লৈ ফুৰে অতীতত৷

(২)

আজি ৰক্তিম বৰুৱাৰ পত্নী এফালে যোৱাৰ কথা৷ মালিকৰপৰা চাবিপাত লৈ সি গাড়ীখন চোতাললৈ আনি মচি-কাচি ল’লে৷ অলপ পিছত বৰুৱানী গাড়ীত উঠাৰ লগে লগে সি গাড়ীখন চহৰৰ মাজেদি চলাই লৈ গ’ল৷ প্ৰায় তিনিঘণ্টাৰ বাটত সি মাত্ৰ দুবাৰ বৰুৱানীৰ লগত কথা পাতিলে৷ মানুহৰ লগত সি বেছি কথা পতাৰ প্ৰয়োজনবোধ নকৰে৷ সঁচা ক’বলৈ গ’লে সি ভয় কৰে কিজানি সকলোৱে তাৰ অবৈধ পৰিচয় জানি যায় বুলি৷ বৰুৱানীয়ে ঘৰুৱা কামত সহায়ৰ বাবে মানুহ বিচাৰি গাঁৱখনলৈ আহিছে৷ অৱশেষত এটা পদূলীৰ মূৰত তাক গাড়ী ৰখাবলৈ ইংগিত দিয়া হ’ল৷ ওখকৈ এজন মানুহে বৰুৱানীক কেঁচা ঘৰ এটালৈ আগবঢ়াই নিলেহি৷ অনন্ত গাড়ীৰ কাষতে থিয় দি ৰ’ল৷ প্ৰায় বিশ মিনিটমানৰ মূৰত এগৰাকী মানুহ কাপোৰৰ বেগ এটা লৈ বৰুৱানীৰ সতে গাড়ীত উঠিলহি৷ মানুহগৰাকীয়ে তাৰ মুখলৈ চাই হাঁহিলে৷ অনন্তৰ বুকুত শিল এটাই খুন্দা মৰাদি মাৰিল৷ নিজকে নিয়ন্ত্ৰণ কৰি সি গাড়ী পুনৰ চহৰ অভিমুখে দৌৰালে৷ এইবাৰ মানুহগৰাকীয়ে বৰুৱানীৰ লগত পাতি অহা কথা শুনিবলে সি যত্ন কৰিলে৷ মানুহগৰাকীক বৰুৱানীয়ে ল’ৰা-ছোৱালীৰ কথা শুধিলে৷ মানুহজনীয়ে দুজনী জীয়েক থকাৰ কথা ক’লে৷ অনন্তই বিচাৰছিল, মানুহজনীয়ে এবাৰ মাত্ৰ কওঁক তেওঁৰ এটা পুত্ৰ সন্তানো আছে বুলি৷ কিন্তু নিৰাশ হ’ল৷ গোটেই বাটটো সি পুৰণি কথাবোৰ পাগুলি গ’ল৷ মনতে ভাবিলে সি কাইলৈকে বৰুৱাক কৈ এই চহৰৰ পৰা আঁতৰৰ কৰবাত কিবা কামৰ বন্দৱস্ত কৰি দিবলৈ ক’ব৷ দেউতাকৰ পিছত এইবাৰ মাকৰ সুখৰ সংসাৰখন সি ভাঙিব নোখোজে৷ তাতে মাকেও হয়তো কাইলৈ তাক চিনি পালে ৰক্তিম বৰুৱাহঁতৰ আগত তাক ”অবৈধ” সন্তান বুলিয়েই ক’ব৷ অনন্তই এতিয়া কাৰো আগত নিজক পিতৃ পৰিচয়হীন বুলি নিজকে জনাব নোখোজে৷
——খৰস্ৰোতা নৈখনত অনন্তৰ চকুৰ সমুখতে মানুহজনী উটি গ’ল৷ উটি যোৱা মানুহজনী তাৰ চিনাকী অথচ অচিনাকী যেন৷ অনন্তৰ বুকুত শোকে খোন্দা মাৰি ধৰিল৷ তাৰ ”মা” জনী চকুৰ আগতে পানীৰ সোঁতত হেৰাই গ’ল৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments