অবৈধ -প্লাৱিতা বৰুৱা

 

“লিখিব লোৱা ঘটনাটোত লেখকৰ নিজৰ বিশেষ একো সৃষ্টিশীলতা নাই আৰু আপোনাৰ ওচৰে -পাজৰে হৈ থকা কিবা পৰিস্থিতিৰ পৰা নকল কৰা হৈছে যদি সেয়া একেবাৰে জানি-বুজি কৰা হৈছে“
ঘটনাটোৰ নায়ক আপুনিয়েই। আপুনি নিজৰ পৰিয়ালৰ লগত নিজৰ ঘৰত সুখী বুলিয়েই ধৰি লোৱা হৈছে৷ ঘৰটো বিশেষ জাক-জমক নহ’লেও নিজৰ সুবিধামতে আটোম-টোকাৰিকৈয়ে মৰম আৰু সপোনবোৰৰ তাগিদাত ধুনীয়াকৈয়ে সাজি লৈছে৷ ঘৰটোৰ লগতে নিজৰ বুলিবলৈ অলপ মাটি আছে য’ত আছে সময়-সুবিধা বুজি পৰিয়ালটোক মাজে সময়ে সতেজ শাক-পাচলি খুৱাবলৈ সৰু-সুৰা খেতি এডৰা আৰু তাৰ উপৰিও চোতাল শুৱনি কৰি মানুহজনীয়ে কষ্টৰে পোহ-পাল কৰা ফুলকেইজোপা৷ বিহুৱে-বিয়াই অলপ ফূৰ্তি-ফাৰ্তা কৰে যদিও হাই-কাজিয়া এৰাই চলা শান্তিপ্ৰিয় পৰিয়ালেই৷ এদিন আপোনাৰ ঘৰলৈ এজন লোক আহিল৷ তেওঁ ক’লে যে তেওঁ আপোনাৰ ওচৰ-চুবুৰীয়াই হয় আৰু বিশেষ পৰিস্থিতিৰ ফলত তেওঁ নিজৰ ঘৰত থাকিব পৰা অৱস্থাত নাই৷ অলপ সহায় পোৱাহ’লে…… লোকজনক দেখি আপোনাৰ হৃদয়খন গলিয়ে গ’ল৷ এনেও অসমীয়া মানুহৰ সহজ-সৰলতা আৰু অতিথিপৰায়নতা দেশজুৰি বিখ্যাত৷ আপুনি তেওঁক নিজৰ বাৰীৰ চুকতে বাহ-খেৰ লগাই কোঠা এটা সাজি দিলে৷ মানুহজন তাতে থাকিব ল’লে আৰু আপোনাৰ ঘৰৰ এটা দুটা কামো কৰি দিয়ে৷ কেইদিনমানৰ পিছত তেওঁ নিজৰ কণমানি পুত্ৰকো লগত লৈ আনিলে৷ আপুনি লক্ষ্য কৰিলে যদিও বিশেষ গুৰুত্ব নিদিলে৷ মানুহজনে নিজৰ অৱস্থা অলপ ভাললৈ আহিলেই নিজৰ ঘৰলৈ ওভটি যাম বুলি কৈছিল যদিও অৱস্থা ভাললৈ অহাত আৰু এটা কোঠালি বঢ়াই ঘৈণীয়েককো লৈহে আনিলে৷ আপোনাৰ কথাটো ইমান ভাল নালাগিল যদিও নিজৰ সহনশীল স্বভাৱৰ বাবেই একো নক’লে৷ এনেও সৰু পৰিয়ালটোৱেনো আপোনাৰ কি ইমান ক্ষতি কৰিব৷ লাহে লাহে আপোনাৰ চকুৰ আগতেই সেই মানুহজনৰ পৰিয়ালটো বাঢ়িব ধৰিলে- একদম এটা বছৰত এটা সন্তানৰ হাৰত৷ আপোনাৰ অস্বস্তি বাঢ়িব ধৰিলে৷ এদিন গৈ দেখে যে মানুহজনে নিজৰ মাক-দেউতাক আৰু ভায়েক-ভনীয়েককো লৈ আনিছে৷ তেওঁলোক অহা পিছে গ’মেই নাপালে কাৰণ তেওঁলোক আপোনাৰ গেটেৰে ন’হয় পিছফালৰ জেওৰা পাৰ হৈ হে আহিছিল৷ আপুনি মানুহজনক কেনেকৈ যাবলৈ ক’ব ভাবি থাকোতেই সেইফালে হাই-উৰুমি, কাজিয়া-পেচাল, চিঞৰ-বাখৰৰ মাত্ৰা বাঢ়ি গৈ থাকিল৷ আপুনি সিদ্ধান্ত ল’লে যে আজি গৈ ঘৰ খালি কৰিব ক’বই লাগিব৷ ক’বলৈ যাওঁতে দেখিলে তাত তেওঁৰ মহা-মাহীয়েক, পেহা-পেহীয়েক, বন্ধু-বান্ধৱ, দ্বিতীয় পত্নী, শহুৰ-শাহুৱেকক ধৰি প্ৰায় গোটেই বংশটোৱেই আছে৷ আপুনি অকলে আছিল বাবে ঘৰ খালী কৰা কথাটো বেছি জোৰ দি ক’বলৈ অলপ ভয় লাগিল৷ আপুনি ঘূৰি আহি আপোনাৰ ভাই–ককাই দুজনমানক মাতি একেলগে কথাটো ক’লেহে ভাল হ’ব বুলি জোখ-মাখ কৰিব ধৰিলে৷ ইতিমধ্যে পৰিয়ালটোৱে আপোনাৰ মাটিত খেতি-বাতি আৰম্ভ কৰাৰ উপৰিও আপোনাৰ ঘৰৰ বস্তু চোৰ কৰা, আপোনাৰ ভণ্টিহতঁক ৰাস্তাত জোকোৱাও আৰম্ভ কৰিলে৷ আপুনি জেৰা কৰোঁতে আপোনাক ঘৰৰ পৰা উলিয়াই দিয়াৰ ধমকিও দিলে……. বৰ্তমান আপুনি এইতো পৰিস্থিতিতেই আছে বাবে আগলৈ কি হ’ব লেখকৰ জ্ঞান নাই৷ কাহিনীটো সমাপ্ত কৰিবলৈ আপোনালোকৰ হাততেই এৰি দিয়া হ’ল………..।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক