অবোধ — নিমিষা ফুকন সোণোৱাল

ঘৰৰ আগেদি বাছখন চলিবৰে পৰা মনটো লিকলিকাই থাকে তাৰ৷ হালবাই আহি পাটিখন বাঁহতললৈ লৈ যায়৷ গছৰ ছাঁত জিৰাবলৈ৷ তপত ৰ’দত পথাৰত লাগি লাগি গাটো এঙাৰ ক’লা পৰিল তাৰ৷ গেঞ্জী নিপিন্ধিলেও হয়৷ দূৰৰ পৰা তাৰ উ
উদং গাটো দেখিলে গেঞ্জী পিন্ধাৰ দৰেই দেখি৷ ৰ’দে গাটো সেইটো পিন্ধাৰ দৰেই চাব মাৰি থৈছে৷ কঁঠাল পাতবোৰ খিলখিলকৈ লৰিছে৷ কুকুসূুতাজোপাও লৰিছে৷ ওচৰৰে পুখুৰীটোৰ সৰু সৰু পুণিবোৰৰ মাজে মাজে হালধীয়া কাৱৈ মাছবোৰে চালাক্ চুলুক্ লুকা ভুমুকা কৰি আছে৷ সি ইবাগৰ মাৰে, সিবাগৰ মাৰে টোপনি মাৰিবহে নোৱাৰে৷
সি ভাবিলে মনতে ….
জাকৈয়া ছোৱালী পথাৰত নোহোৱা হ’ল৷ জলপান দিবলৈ অহাকেইজনীও বৰ সেৰেঙা৷ উপায় নেপায় বৌহঁতহে আহে পথাৰলৈ৷ বৌ মানে চোন ’আই’৷ কিনো চুপতি মাৰিবি হয়! আগতে দদাইহঁতে হাল বাইও মহাবিদ্যালয়ত পঢ়িছিল৷ মইতো লগত মৈত উঠিবলৈ এনেই আহোঁ৷ সেই পিলপিলিখন আজিকালি ল’ৰা – ছোৱালীয়ে চিনিকে নাপাব৷ দদাইহঁতে তেতিয়া জলপান লৈ অহা গাভৰু ছোৱালীৰ লগত নিৰ্দোষ ধেমালি কৰে বিহু নাম গোৱাৰ চলেৰে৷

“ অই, আছে যদি কপালত ফুৰিবগৈনো চহৰত
ফুৰিম গৈনো চহৰত
হাতত নো ধৰাধৰি কৈ

অই, নাই যদি কপালত খেতি কৰিম পথাৰত
খেতি কৰিম পথাৰত, মূৰত নো ভগা জাপী লৈ৷ ৷ “

দাইহঁতক ভেবা লাগি চাওঁ৷ কপালৰ ঘাম বৈ যায়৷ আকৌ বোলে বিহু নাম গাই৷ কৃষ্ণ৷
—“ অই, নৈ লৈ হালিলে ন ডালি ভলুকা,
অই, পথাৰলৈ হালিলে কাক( বাঁহ)
অই, বুকুৰে কামিহাড় হয় ডালি ডালি
কালৈ চিন্তা কৰি থাক! “

“– অ’ ৰঙানদী শুকালে মাছৰে বেজাৰত
লুইতখন শুকাইছে কিয়
অ’ মই চেনাই শুকাইছো তোমাৰে বেজাৰৰৰৰত
তুমি চেনাই শুকাইছা কিয়! “

মই একো নুবুজি খুব কিৰিলি পাৰি লপ্থপীয়া বোকাতে এপাক নাচো৷ মোৰ নাচেই চাব নে দদাইহঁতৰ বিহুনাম৷ বিপাঙত পৰে দেহি গাভৰু ছোৱালী! পৰে কেঁচা আলিতে বাগৰি৷ কোনে পাই! হাল এৰি যায় কাষে চাপি৷ ককা- দেউতা থাকে অগা – দেৱা কৰি৷ থাকে কেঁচা আলি তুলি৷ হায়! হালোৱা এছাাৰিৰ “ চাৰোপ্ কে“ পৰাৰ আগে আগে ভৰি পিছ হুহকে৷ উপায় নাপায়! “ঘূৰ..ঘূৰ..চাপি আহ,
ঘূৰ..ঘূৰ..সিফালে যা,
ইফালে যা “
সেই পুৰণি জেঠ – আহাৰ মাহৰ গ্ৰাম’ ফোনটো বজায়৷ বেলি চাই ঘৰলৈ আহি তপত ভাত খাই পঢ়াশালীলৈ যায়৷ পঢ়াশালীত মনো দিব পাৰে পথাৰতো৷ আহিল যে কি দিন কাল! হৰিণাই চেলেকে বাঘৰ গাল!

এতিয়া মিনিগিলা পথাৰ ভৰি থাকে উজনিত৷ সোহাগমণি, ৰূক্মীনি, ফুলমিনি… কত ৰকম নাম ৰে …
কথাবোৰ ভাবি ভাবি সি পাটিতে পেটটো পেলাই মাটিত গছৰ ঠাৰিৰে কিবা কিবি আঁক বাক কৰি থাকিল৷ কঁকাল চিঁঞা দুজনী মান আহি তাৰ কিনাৰেদি পাৰ হৈ গ’ল৷ মূৰত কিবা এটোপোলা এটোপোলা লৈ৷ ইজনীৰ পিছত, সিজনী পাৰ হৈ গ’ল৷ যেন বগানদিকে চলিছে মিনি গিলা৷ মানুহৰ ঘৰে ঘৰে ধান মাৰি মাৰি৷ পাবলগীয়াখিনি লৈ৷ পিছে, এই খামুচীয়া কঁকালেৰে লিকে লিকে পোনাই যোৱা কেইজনী আমগছত উঠিল গৈ৷ কি যে মনহৰা! বাহটোও!

পঁট পঁট কৰি হৰ্ণটো মাৰি মাৰি বাছকেইখন যাবলৈ লোৱাৰ পৰা চ’ৰাঘৰৰ মজিয়াতে শুৱাই থোৱা ন কৈ উপজা কেঁচুৱাটোহঁত বৰ চক খায়৷ লগতে কপৌ, দলপুঙা চৰাইবোৰে ধপধপাই নল খাগৰিত জপক্ কৈ পৰেগৈ৷
নিজান দুপৰীয়াবোৰ বাছকেইখনে সৰব কৰি তোলে৷ তামোলগছে দাবিবোৰ থল থলকে পেলায়৷ দূৰৈৰ গাওঁখনৰ আজাৰ -সোণাৰুৱে, চেৰী ফুলবোৰে হালোৱা সজোৱাক মনৰ জুৰ পেলায়৷ — কয় যেন, — আমিও ৰ’দতে নিজৰ অভিব্যক্তি প্ৰকাশিছোঁ৷ সূৰুজ যিমান তপ্ত, সিমান আমি বিগলিত৷ ডালে ডালে আমি মূৰ্ত৷ টোপাল টোপাল পেলোৱা লোণ ( ঘাম)৷ তেহে পাবা মুঠি মুঠি সোণ৷ স্বাগতম তোমাক সদায়৷ “
সি ভাবিলে, হালখতিতে এদিন যাব লাগিব নগৰলৈ৷ চিনেমা এখন চাবলৈ৷ এইবাৰ অম্বুবাঁচিতে যাব৷ বাছখন আমাৰ আলিটোৰেদি সদায় যাব, আৰু আমি চাই থাকিম! উঠি চাব লাগিব৷ লগত তো কোনোবা নগ’লে কি দৰে চিনেমাখন হলত চাম! লগত টজীয়াকে নিব লাগিব৷
নখৰ “ওপৰচকুৱা “ৰংটো গুচাবলৈ সি দোকানৰ পৰা ব্লেড এখন আনি বাঁহতলতে নখ চুঁচি থাকি কথাবোৰ মনতে পাঙি আছে৷
এদিন গ’ল৷ দুয়ো চালে চিনেমা৷ অসমীয়া৷ চাই থাকোঁতে ডাঙৰকৈ প্ৰথমতে INTERMISSION দি অসমীয়াত “ জিৰণী“ বুলি দিলে যদিও, মানুহবোৰ দম্ দম কৈ চকীৰ পৰা উঠি দিলে৷ সিহঁত দুয়োটাই আজিও লগ পালেই হাঁহে৷
“– হয়, কিবা বুজিছিলি নে চিনেমাখন?
— জাত কেই বুজি নেপালো৷
— আমি গুচি আহিব নেলাগিছিলে নি বাৰু?
–“ তোৰ হে ৰসগুল্লা খোৱাৰ খঁক লাগিছিল৷
–“ তাই বাৰু শেহত, ল’ৰাটোৰ লগত বিয়া হ’ল নাই হয়? “
–“ যা, মাৰক সোধগৈ তইয়ে৷ “
–“ ধেৎতেৰী…..অবোধ ক’ৰবাৰ! “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments