অব্যক্ত – দিগন্ত কুমাৰ ভট্টাচাৰ্য

 

হৰিহৰ জমিদাৰৰ পুতেক ৰুদ্ৰৰ বিয়াৰ দিন চমু চাপি অহাৰ লগে লগে ওচৰ-চুবুৰীয়াৰ উৎসাহ দুগুণে বাঢ়িল। স্কুলৰ ফিল্ডত প্ৰতি বছৰে পতা ব’হাগী বিদায়খনৰ দৰে এই বিয়াখনলৈও চিনাকিসকলে আগ্ৰহেৰে ৰৈ আছিল বিয়াৰ দিন ঠিক হোৱাৰ দিনৰে পৰে।

চেঙেলীয়া কেইটামানে জমিদাৰৰ বাৰীত চৰি ফুৰা খাহী ছাগলীকেইটালৈ চাই চাই নিজৰ মাজতে ওজনৰ বাজি মাৰে আৰু জিভাৰ পানী পেলায়। মাছ কিমান অৰ্ডাৰ কৰিছে, ম’হৰ দৈ মুকালমুৱাৰ পৰা কোনদিনা আহি পাব, মিঠাই দুটা থাকিব নে বেছি – এই সকলোবোৰ এতিয়া সিহঁতৰ আলোচনাৰ মূল বিষয়।
গাঁৱৰ চাৰিআলিৰ চ’কত থকা ফাৰ্নিছাৰৰ দোকানখনৰ মালিক অতীন্দ্ৰ কলিতাৰো এইকেইদিন চকুত টোপনি নাই। জমিদাৰৰ পুতেকে সাজিবলৈ দিয়া পালেংখনৰ কাম শেষ হ’বলৈ এতিয়াও কিছু বাকী। ইফালে বিয়ালৈ দুদিন মাজত।
‘কাইলৈ দিবা আৰু যেনে তেনে। সেইবুলি দৌৰা-দৌৰিত কাম বেয়া কৰিলে নহ’ব কিন্তু’ – ৰুদ্ৰই কালিয়েই কৈ গৈছে অতীন্দ্ৰ কলিতাক। দোকানত কাম কৰা দীগেনকে মালিক কলিতাই কালিৰপৰা সমস্ত দায়িত্ব দিছে। দীগেনে কালিৰেপৰা বিৰামহীনভাবে পালেংখনৰ কামতে লাগি আছে। নিশাও এক পলো শুৱা নাই। চকু দুটা জ্বলিছে তাৰ। ৰঙা বৰণ লৈছে।
অৱশেষত আজি আবেলি পালেংখনৰ কাম হ’ল। অতীন্দ্ৰ কলিতাই সুকলমে পাৰ হৈ যোৱা বিয়াৰ কইনাৰ দেউতাকৰ দৰে দীঘলীয়া নিশ্বাস এৰিলে।
হৰিহৰ জমিদাৰে নতুনকৈ সজা চ’ৰাঘৰটোতে ৰুদ্ৰহঁত থাকিব। চ’ৰাঘৰটোৰ চিৰিৰে পালেঙখন চাৰিজনে মিলি ধৰি উঠাই নিওতে ৰুদ্ৰৰ বায়েকে ‘ডাইৰেক্ট দৰা-কইনা শোৱা কোঠাতে নি ৰাখা গৈ’ বুলি কওতে দীগেনে মোচকা খালে। বেঁকা হৈ যাওতেই পিঠিতে কিহবাই কোব মৰা যেন লাগিল তাৰ। ‘আস:’ – তাৰ মৃদু কেঁকনিটো শুনি ওচৰতে বহি থকা জমিদাৰে ক’লে-‘চাবা বাপু, ভাৰী বস্তু নহয়? সাৱধানে নিবা’।
চালে-চকুৰোৱা কোঠাটো দেখি দীগেনৰ চকু দুটা বহলকৈ মেল খালে। সিহঁতৰ গোটেই ঘৰ-চোতাল মিলালেও চাগে কোঠাটোৰ সমান ডাঙৰ নহ’বগৈ! পালেংখনে কোঠাটোৰ ৰূপ দুগুণে বঢ়ালে। বেৰত দিয়া ৰঙৰ সুবাসে তাক বেলেগ এখন দুনীয়ালৈ লৈ গ’ল।
‘ফিনিছিংটো কৰি দে আৰু, দীগেন’- অতীন্দ্ৰ কলিতাই চিঞৰিলে।
‘হৌৰা, অলপ মজবুত কৰিবা দেই..নহ’লে প্ৰথম নিশা…’-ৰুদ্ৰৰ বন্ধু এজনে দীগেনক ফুচফুচাই কৈ ওচৰতে ৰৈ থকা ৰুদ্ৰক কিলাকুটিৰে হেঁচুকি জোকালে।
দীগেনে হাতৰ সমস্ত জোৰেৰে স্ক্ৰু’বোৰ ঘূৰালে।
‘বিয়া ঠিক হোৱাৰ লগে লগে আমি কইনা ঘৰক একো ফাৰ্নিছাৰ নালাগে বুলি কৈছিলোঁ। তেওঁলোকৰ অৱস্থাও যে বৰ এটা ঠিক নহয়…’ – বাহিৰত হৰিহৰ জমিদাৰে কাৰোবাৰ লগত কথা কৈছে। দুজনমানে ‘সজ সজ’, ‘ভাল কৰিলে’ আদি কৈ জমিদাৰক শলাগিছে।
‘জেতুকীও ভাল ছোৱালী। একে গাঁৱৰে, সৰুৰে পৰা দেখি অহা। পিছে, তাইৰ ভাগ্য ভাল নহ’লে এইখন ঘৰৰ বোৱাৰী হ’ব পাৰিবনে!’ – কোনোবা এজনে কৈছে বাহিৰত।
দীগেনেও তেনেকৈয়ে কৈছিল চকুৰ ভাষাৰে। বহু কথা তাৰ তাইক ক’বলৈ থাকি গ’ল। যোৱা দহবছৰে সি চকুৰ ভাষাৰেই জেতুকীক বহু কথা কৈছিল। তায়ো তাক। বিয়া ঠিক হোৱাৰ দিনা তাইৰ সিক্ত দুচকু দেখি সিও চকুৰেই বুজাইছিল-‘ভাগ্য ভাল নহ’লে জমিদাৰৰ ঘৰৰ বোৱাৰী হ’ব পাৰিবনে! অকল মৰম-ভালপোৱাই সদায় সুখত ৰাখিব পাৰিব জানো?’
পালেংখন দীগেনে শেষ বাৰৰ বাবে চুই চালে। এইখন দুদিন পাছত ৰুদ্ৰ আৰু জেতুকীৰ হ’ব।
পিঠিৰ বিষটো তাৰ বুকুলৈ উজাই আহিল। বিষটো কিছুদিনলৈ নকমে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments