“অব্যক্ত বেদনা” (নিৰ্মালী বৰঠাকুৰ)

নিজৰা পাৰৰ দুখন গাঁও। প্ৰায়বোৰ মানুহেই শিক্ষিত। কিন্তু চাকৰি কৰা মানুহ সীমিত। কিছুমানে খেতি-বাতি কৰিছে আৰু কিছুমানে দোকান-পোহাৰ ইত্যাদি ব্যৱসায়। ৰীমাহঁতৰ দেউতাক এজন শিক্ষক। তিনিটা সন্তানক কষ্টোপাৰ্জিত ধনেৰে পঢ়ুৱাই উচ্চ শিক্ষিত কৰিলে। ককায়েক যতিনে টিউচন কৰে আৰু ভায়েক ৰুবুল ঘৰতে আছে, তাৰ MA কৰাৰ ইচ্ছা। ৰীমাই দেউতাকৰ স্কুলতে খাটি আছে কিন্তু চাকৰিটো স্থায়ী হোৱা নাই। ইখন গাঁৱৰ শিক্ষিত যুৱক তৰুণে MSc কৰি আহিলে কিন্তু তাৰো চাকৰি নাই। সেই কাৰণে ঘৰতে coaching এটা খুলি লৈছে। তাৰ পঢ়ুৱাটো ভাল। সেয়েহে বহুত দুৰৰ পৰা ভালেসংখ্যক ল’ৰা- ছোৱালী তাত পঢ়িবলৈ আহে। তথাপিও তাৰ এইবোৰত একেবাৰে মন নাই। তৰুণ আৰু ৰীমা সমনীয়া। সেইসূত্ৰে দুয়োটাৰ মাজত ভাল সম্বন্ধ। তৰুণে জোৰ কৰিয়েই তাইকো Coaching ত সুমুৱাই ল’লে। কেইদিনমানৰ ভিতৰতে সিহঁতৰ
Coachingৰ নাম সকলোৰে মুখে মুখে হ’ল। সেইবাৰ ল’ৰা-ছোৱালী বোৰে মেট্ৰিকত বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তাকে দেখি ৰীমাৰ ককায়েকেও join কৰিলেহি। ৰীমাহঁতৰ ঘৰখনলৈ অলপ সকাহ আহিল। ভায়েকক MA কৰিবলৈ পঠালে। ৰীমাইও B Ed ত নাম লগাই ল’লে।
B Ed ৰ class লৈ যাব লগা হোৱাত ৰীমাহঁতে পঢ়ুৱাৰ সময়বোৰ ভগাই লব লগা হ’ল। আগবেলা পঢ়ুৱাৰ দ্বায়িত্ব ৰীমাৰ আৰু পিচবেলা পঢ়ুৱাৰ দ্বায়িত্ব তৰুণ আৰু যতিনৰ। ইফালে ৰীমা আৰু তৰুণৰ হলি-গলি দেখি গাৱঁত বু বু-বা বা আৰম্ভ হবলৈ ধৰিলে। ব্যস্ততাৰ মাজত সিহঁতৰ সম্বন্ধ যে ইমান ওচৰ চাপিছিল ৰীমাহঁতে গমকে পোৱা নাছিল। অৱশেষত যেনিবা দুয়োটাই প্ৰেমক স্বীকৃতি দিলে। কেইদিনমানৰ ভিতৰতে ৰীমাৰ ককায়েক যতিনৰ বিয়া হৈ গ’ল, সিহঁতৰ গাৱঁৰে কমলাৰ লগত।কমলাই মেট্ৰিকলৈকেহে পঢ়া কিন্তু ঘৰখন সোনকালেই নিজৰ কৰি ল’ব পাৰিলে। মাক নোহোৱা ঘৰখনত ৰীমাইও অলপ আজৰি পালে।ঘড়ীৰ কাটাৰ দৰে সিহঁতৰ সময়বোৰো আগবাঢ়িল। ৰীমাই লক্ষ্য কৰিলে তৰুণৰ মনৰ অস্থিৰতা বাঢ়ি গৈছে। তাৰ শিক্ষকতা কৰাটো ভাল নলগা হৈ আহিছিল। তাক সুধিলে কয়—সিহেঁনো বেলেগ কিবা এটা কৰিব, কিন্তু কি কৰিব সি নাজানে ! তৰুণৰ কথা-কামবোৰ চাই ৰীমাই Coaching ৰ কাৰণে বেলেগ এগৰাকী শিক্ষকৰ ব্যৱস্থা কৰিলে—–সিহঁতৰ গাৱঁৰে শিক্ষিতা যুৱতী ধৰিত্ৰী।সময়বোৰ গৈ আছিল—– ৰীমাই B Ed পৰীক্ষাত উৰ্ত্তীৰ্ণ হ’ল আৰু দেউতাকৰ স্কুলৰ চাকৰীটো স্থায়ী হোৱাৰ পথ প্ৰশস্ত হ’ল। সকলো কথা চিন্তা কৰি এদিন ৰীমাৰ দেউতাকে দেউতাক নোহোৱা ল’ৰা তৰুণৰ আগত সিহঁতৰ বিয়াৰ কথা উলিয়ালে। ৰীমাৰ দেউতাক তৰুণৰো শিক্ষাগুৰু আছিল, সেইকাৰনে একে উশাহে না কব নোৱাৰি মাকৰ লগত আলোচনা কৰিবলৈ ক’লে। তৰুণে ৰীমাক পচন্দ কৰে,মানে ভাল পায় কিন্তু বিয়াৰ বান্ধোনত সোমাব বিচৰা নাই। কাৰণ ৰীমাই জনা মতে সি কিবা বেলেগ এটা কাম আগতে কৰিব ,তাৰ পিচতহে বিয়া পাতিব। অৱশেষত সি মাকৰ মুখলে চাই বিয়াত মত দিলে। সোনকালেই সিহঁতৰ বিয়াখন হৈ গ’ল। কিন্তু তৰুণ সলনি নহ’ল। ৰীমাই বিয়াৰ পিচৰ পৰা তৰুণক বেছি চিন্তিতহে দেখিবলৈ পালে। Coaching লৈ নোযোৱা হ’ল। মাজে মাজে টাউনলৈ যাওঁ বুলি যায় আৰু এদিন বা দুদিন থাকি গুছি আহে। কেতিয়াবা ৰীমাৰ এনেভাৱ হয়—তাই কিবা ভূল কৰিলে নেকি তৰুণৰ লগত বিয়াত বহি। আকৌ নিজক বুজাই চম্ভালি লয়।
ৰীমাই Coaching ত থকা তৰুণৰ কামখিনিও চকু দিব লগা হ’ল। ইফালে স্কুলৰ চাকৰীটো স্থায়ী হোৱা বাবে দ্বায়িত্বও বাহিল। তৰুণৰ মাকে তাইক বহুতখিনি সহায় কৰি দিয়ে। ঘৰখনত কামবোৰ দুয়োজনীৰ মাজত ভাগ কৰি ল’লে। পুৱাৰ কামবোৰ ৰীমাই কৰে আৰু পিছবেলাৰ কামবোৰ শাহুৱেকে কৰে কাৰণ, ৰীমাই স্কুলৰ পৰা আহি Coaching ৰ ক্লাছবোৰো কৰিব লাগে। ৰীমাক দেখি গাৱঁৰ সকলোৱে এবাৰলৈও কয়—এটাৰ ঘৰ-সংসাৰৰ চিন্তা নাই আৰু লোকৰ ঘৰৰ এজনীয়ে স্কুল,কছিং আনকি শাহুৱেকৰ দ্বায়িত্বও ভালকৈ সামৰিব পাৰিছে। তাৰুণৰ চিন্তাই ৰীমাক বাৰুকৈয়ে চিন্তিত কৰিবলৈ ধৰিলে। তৰুণ ক’লৈ যায়, কি কৰে তাই একো নাজানে।সুধিলে কয়—সি হেনো এটা ভাল চাকৰীৰ সন্ধানত আছে।
চাওঁতে চাওঁতে এবছৰ হ’ল। এদিন ৰীমাই গৰ্ভ গধুৰ হোৱাৰ কথা গম পালে। তাইৰ আনন্দৰ পাৰ নোহোৱা হ’ল। সিহঁতৰ প্ৰেমৰ সাক্ষীয়ে যে তাইৰ গৰ্ভ শুৱনি কৰিলেহি সেই কথা তৰুণক জনাবলৈ ৰীমা ব্যাকুল হৈ পৰিল কিন্তু তৰুণ যে আজি এসপ্তাহেই হ’ল টাউনলৈ যোৱাৰ,আজিও ঘুৰি অহা নাই! যোৱাৰ সময় ৰীমাই কৈছিল,তাইৰ গা-নোধোৱাৰ কথা মানে দিন বঢ়াৰ কথা কিন্তু সি গুৰুত্বই নিদিলে, মাথো ক’লে—“দেৰি হ’লে চিন্তা নকৰিবা,মন বেয়া কৰি নথাকিবা, মাৰ লগতে নিজৰ প্ৰতিও যতন ল’বা।” মাহ বাগৰিল, তৰুণৰ কোনো খবৰ নাহিল।ৰীমাৰ শৰীৰত সন্তানৰ স্থিতি সকলোৱে ধৰিব পাৰিলে। প্ৰথম অৱস্থাত সন্তানটো কাৰ বুলি প্ৰশ্নও উঠিছিল কিন্তু শাহু-বোৱাৰীৰ সম্বন্ধ দেখি সকলোৰে মাত হৰিল। লাহে লাহে সেই দিনটো আহিল পঞ্চামৃত খোৱাৰ। এক হুলস্থুলীয়া পৰিবেশৰ মাজত কামটো সম্পন্ন হ’ল কিন্তু ৰীমাই তৰুণক লৈ কৰা প্ৰশ্নবোৰৰ উত্তৰ দিয়াত অপাৰগতা প্ৰকাশ কৰিলে। সেইদিনা তাইৰ মনৰ ভিতৰখনে কান্দি উঠিল। শাহুৱেকে তাইৰ মনৰ অৱস্থা বুজি পাই বহুত বুজালে—-“আই অ’ এতিয়া তুমিয়েই মোৰ সকলো,ধৈৰ্য্য ধৰা,ভগৱানৰ ওপৰত ভৰষা ৰাখা, সকলো এদিন ঠিক হৈ যাব।”তাই শাহুৱেকৰ কোলাত মুৰ থৈ বহুত কান্দিলে। আজন্ম সন্তানটোৰ কথা চিন্তা কৰি নিজকে শান্ত কৰিলে। গোটেই দিনটোৰ ভাগৰত দুয়োজনী অৱশ হৈ পৰিছিল। দুয়োজনীয়ে সোনকালে ভাত খাই বিচনা ল’লে। তেনেতে দুৱাৰত টোকৰ পৰাত শাহু-বোৱাৰী দুয়োজনীয়ে উধাতু খাই আহিল দুৱাৰৰ ওচৰলৈ কিজানি তৰুণ আহিছে ! কিন্তু তৰুণৰ চিঠি এখন দি মুখ বন্ধা ল’ৰাটো গুছি গ’ল। ৰীমাই একো সুধিবলৈকে সুবিধা নাপালে। সি আন্ধাৰত বিলিন হৈ গ’ল।বাৰু যি কে নহওক ,তৰুণৰ চিঠি পাই মনৰ স্ফুৰ্টিতে শাহুৱেকক সাৱতি ধৰিলে। তৰুণ জীয়াই আছে! এন্‌ভলপটো খুলি চাই এখন চিঠি আৰু অলপ টকা পালে। চিঠিখনত লিখিছে——
মৰমৰ ৰীমা,
মৰম আৰু শুভেচ্ছা ল’বা। মই যাব পৰা নাই।নতুন কাম। আশা কৰিলো তুমি মোক মাফ কৰি দিবা। মই তোমালোকৰ খবৰ বোৰ পাই আছো। তোমাৰ ভাল খবৰটো পাই মই অত্যন্ত সুখি।নিজৰ লগতে মাৰ প্ৰতিও চকু দিবা। বহুত বহুত মৰমেৰে-
তৰুণ
চিঠিখন পঢ়ি ৰীমা কন্দোনত ভাগি পৰিল।সকলো কথা জানে অথচ ঘৰলৈ অহা নাই।গোটেই ৰাতি ৰীমাই শুব নোৱাৰিলে।পিচদিনা তাইৰ ঘৰৰ পৰা ওলাবলৈ সাহ নহ’ল। দিনৰ দিনটো তৰুণৰ কথাকে চিন্তা কৰি পাৰ কৰিলে। অৱশেষত তাই সিদ্ধান্ত কৰি পেলালে—–“যি জন মানুহে তাইক এনেকুৱা অৱস্থাত এৰি ,ৰুগীয়া মাকক নাচাই আতঁৰি আছে—তেওঁৰ বিষয়ে চিন্তা কৰি থাকিবৰ কোনো প্ৰয়োজন নাই। নিজৰ আৰু সন্তানটোৰ কথাহে চিন্তাৰ প্ৰয়োজন। আকৌ ৰীমা সুস্থিৰ হৈ ল’লে। দৈনন্দিন কামবোৰ কৰি যাবলৈ ধৰিলে।লাহে লাহে ৰীমাৰ প্ৰসৱৰ দিনো চমু চাপি আহিল, সেইকাৰণে ৰীমাই schoolআৰু Coaching ৰ পৰা চুটি লৈ ঘৰতে থাকি আৰাম কৰিবলৈ ল’লে। সেইদিনা ৰীমাই ঘৰৰ আগফালে বৰাণ্ডাতে বহি পুৱাৰ বাতৰিখন চাই আছিল,হঠাতে তাইৰ চকু পৰিল এখন ফটোৰ ওপৰত, এইয়া কি!! এইখন দেখোন তৰুণৰ ফটো। তলত লিখা আছে—-“ ২৬ জানুৱাৰিৰ মহানগৰীৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তৰুণ বৰাক চিনাক্ত কৰিব পাৰিলে বা সম্ভেদ দিলে ১০ হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ’ব।” তাৰমানে তাৰমানে তৰুণ আজি ——!!! ৰীমাৰ সৰ্ব শৰীৰ কপিবলৈ ধৰিলে। উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল। তাই বাতৰি কাকত খন চিৰা-চিৰ কৈ ফালি পেলালে ,যদি শাহুৱেকে দেখা পাই!! ৰীমাৰ অৱস্থা দেখি শাহুৱেকে বাৰেপতি কি হৈছে সুধিলে কিন্তু ৰীমাই একো ক’ব নোৱাৰিলে। তাই অত্যন্ত প্ৰসৱ বেদনাহে অনুভৱ কৰিলে। দিনটো থাকি সন্ধিয়ালৈ ৰীমাই এজনী কন্যা সন্তানৰ মাক হ’ল। ঘৰ খনত এটি আনন্দৰ পৰিবেশে বিৰাজ কৰিলে। কিন্তু ৰীমাই সকলো পাইও সকলো হেৰুওৱাৰ দুখত বোবা হৈ ৰ’ল।
পিচদিনা ৰীমাহঁতৰ গাওঁখন পুলিছে ঘেৰি,ঘৰে ঘৰে তলাচি আৰম্ভ কৰি দিলে। শাহুৱেকৰ পৰা গম পাই ৰীমাই বেৰত ধৰি ধৰি বাহিৰলৈ ওলাই আহিল।বাটেদি যোৱা সকলো মানুহে সিহঁতৰ ঘৰলৈ উৎসুকতাৰে চাই যোৱা দেখি ৰীমাৰ বুজিবলৈ বাকী নাথাকিল। কিন্তু সিহঁতক একো সুধিবলৈ সাহ নকৰিলে। ৰীমাই আৰু নিজকে বান্ধি ৰাখিব নোৱাৰিলে, আনৰ মুখেৰে গম পোৱাৰ আগতেই শাহুৱেকক সকলো কথা কৈ দিলে। সকলো শুনি শাহুৱেকে দুৱাৰৰ পোলাটোত ধৰিহে কথমপি ৰ’ল। ৰীমাই শাহুৱেকৰ অৱস্থা দেখি ৰুগীয়া শাহুৱেককে চাব নে নিজকে চাব একো ধৰিবই নোৱাৰিলে। এনেতে তৰুণে ঘামি-জামি আহি ঘৰ সোমালেহি।মাকৰ ভৰিতে পৰি কন্দিবলৈ ধৰিলে —-“মোৰ বহুত ভূল হৈ গ’ল,মই ভূল পথত গৈছিলো,মোৰ বচাৰ কোনো উপাই নাই। মোক মাফ কৰি দে !!!”ৰীমাৰ ওচৰতো ক্ষমা খুজিলে। এবাৰ ছোৱালীজনীক চোৱাৰ হেঁপাহ কৰিছিল কিন্তু শাহুৱেকে নিদিলে। “মোৰ এজনীয়েই ছোৱালী—-তাই হ’ল ৰীমা ,তই মোৰ কোনো নহৱ”— বুলি তৰুণক দুৱাৰ খুলি বাহিৰলৈ উলিয়াই দুৱাৰ বন্ধ কৰি দিলে। শাহুৱেকৰ ৰূপ দেখি ৰীমা তবধ মানিলে,মুখৰ মাত হৰিল। কিছুসময়ৰ পিচত বাহিৰত বন্দুকৰ গুলিৰ শব্দ শুনা পোৱা গ’ল। গাৱঁৰ মানুহৰ হুলস্থুলত গাৱঁৰ পৰিবেশ কপি উঠিল। ৰীমা আৰু ভিতৰত সোমাই থাকিব নোৱাৰিলে ,দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। বাহিৰৰ চোতালত তৰুণৰ নিথৰ দেহ পৰি থকা দেখি ৰীমাই “ত ৰু ণ—–” বুলি চিঞৰি তৰুণৰ ওচৰ পাই কান্দিবলৈ ধৰিলে। মাক বাহিৰলৈ ওলাই আহিল হয় কিন্তু নিবাক হৈ ৰ’ল।“নিজৰেই ল’ৰা জীয়াই থাকোতে যি কৰিলে ,কৰিলে—এতিয়া মৰাৰ পিচত খং লৈ থাকিলে কি হব ,সিটো ঘূৰি নাহে !!!!—–মানুহবোৰৰ কথাতহে শাহুৱেকৰ হুচ্ ঘূৰি আহিল আৰু পুতেকক সাৱতি ধৰি কান্দিবলৈ ধৰিলে। ৰীমাই কি কৰিব তৰ্কিবই নোৱাৰিলে। নিজকে উচ্চ শিক্ষাৰে শিক্ষিত সচেতন মহিলা বুলি ভাবিব নে এজনী সন্ত্ৰাসবাদীৰ বিধবা পত্নী বুলি ভাবিব—-এইটো তাইৰ জীৱনৰ কাৰণে এটা প্ৰশ্ন হৈ ৰ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক