অভাবৰ মাজতো থকা আনন্দবোৰ–আৰমান হাজৰিকা

আমি সৰু থাকোঁতে চাহ বাগিচাৰ দৰে পৰিবেশ এটাত বেছি ৰঙ-ৰহইচ কৰাৰ সুবিধা প্ৰায় নাছিল বুলিলেই হয়। আমাৰ শীতৰ বন্ধৰ লগত মিলাই আব্বাই বছৰেকীয়া ছুটী লোৱাৰ পিছত আমি গোটেই পৰিয়ালটো আমাৰ যোৰহাটৰ মূল ঘৰখনলৈ গলে সেইকেইদিন আমি নিজকে ৰম্যপুৰীত থকা যেন অনুভৱ কৰিছিলোঁ। তাতে সেই কেইদিনত যোৰহাটলৈ গৈয়েই আব্বাই পোৱা বছৰেকীয়া ছুটীৰ পইচাৰে আমাৰ পোছাকী সাজ-পোছাকবোৰ কিনাৰ কামটোৱেই প্ৰাথমিকতা পায়। মই ঘৰৰ সৰু আছিলোঁ বাবেই মোৰ কাপোৰ-কানিৰ বেলিকা বহুকেইটা এৰা-ধৰাৰ প্ৰশ্ন উত্থাপন হয়। তাৰ ভিতৰত আমাৰ ‘কেকা’হঁতৰ বাবে টান হৈ যোৱা অথচ বেছিকৈ নিপিন্ধা কাপোৰবোৰেৰে মোৰ পোছাকী কাপোৰৰ ‘তহ’ মৰিব নেকি, সেইটো প্ৰধানতঃ বিবেচনালৈ আহে। জোতাৰ ক্ষেত্ৰত সেইটো বৰ গুৰুত্ব সহকাৰেই গৃহীত হৈ যায়। তাৰ বাবে আগতীয়াকৈয়েই কাপোৰ-কানিৰ বাকচত পুৰণি খবৰ কাগজেৰে মেৰিয়াই, সৰু ‘কেকা’লৈ টান হোৱা জোতাযোৰ মায়ে লৈয়েই আনে। কোনোবা এপাকত ঘৰৰ সন্মুখেৰে চিঞৰি চিঞৰি গৈ থকা মুচী এজনক মাতি পুৰণি জোতাযোৰ ৰং কৰাই নতুন যেন কৰাই দিয়ে। তিনিফালে তিনিটা ফেৰেঙণি মেলা লোহাৰ যতনটোৰ ওপৰত জোতাযোৰ থৈ মুচিয়ে হাতুৰীৰে মৰিয়াই মেলি জোতাযোৰৰ বাহিৰে-ভিতৰে থকা বিসঙ্গতিবোৰ নিমিষতে দূৰ কৰি দিয়ে। বাগানত আমাৰ বেছিকৈ জোতা পিন্ধাৰ সকাম নাথাকে। বেছিভাগ সময় খালী ভৰিৰেই চেকুৰি ফুৰোঁ। কিন্তু নিশা শোৱাৰ আগতে বিছনাৰ তলৰ পৰা এপাট, আকৌ আলনাৰ তলৰ পৰা আন এপাট হাৱাই চেন্দেল বিচাৰি উলিয়াই পিন্ধি ভৰিখন ধুই আহিব লাগিছিল। মায়ে কেতিয়াবা চেন্দেল খোলাই ভৰিৰ তলুৱা দুখন খালি চকুৰেই ‘স্কেন’ কৰি এনেকুৱা লেতেৰা ভৰিৰ বাবে কি কি অসুখ হব পাৰে তাৰ ওপৰত দি থকা ভাষণটো শুনি শুনি পানীৰ টেপৰ ওচৰৰ শিলচটাত ভৰিৰ তলুৱাখন আকৌ ঘঁহি ঘঁহি তাত লাগি থকা ক’লা চানেকিয়া দাগবোৰ ধুই আহোঁ। পিছে ভৰিত পানী ঢলাৰ লগে লগেই, আবেলি পৰত বননিৰ ওপৰত লুটি-বাগৰ মাৰি খেলাৰ বাবেই বোধহয় ক’লাফুল দুটা বৰকৈ চিট-চিটায়। জোতাৰ প্ৰসঙ্গৰ সামৰণিৰ পিছত সৰু ‘কেকা’ৰ পুৰণি চাৰ্ট এটা বা দুটাৰে মোৰ কঁকালৰ ওপৰচোৱাৰ সমস্যা সমাধান হ’ল বুলি প্ৰায়েই গ্ৰহণ কৰা হয়। অৱশ্যে নতুন হাফপেণ্ট দুটা আৰু নতুন মোজা এযোৰ নিশ্চয়কৈ পাওঁ। কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গলে নতুন মোজাৰ লগত পুৰণি জোতা আৰু নতুন হাফপেণ্টৰ ওপৰত ‘কেকা’ৰ পুৰণি চাৰ্ট পিন্ধি কিবা এক আচহুৱা ধৰণৰ অনুভৱ এটা হয়। বিশ্বাস কৰক, তেতিয়া পুৰণি কাপোৰকেইটাৰ বাবে কোনো হীনমন্যতা নাহে। বৰঞ্চ তাৰ মাজতেই নতুন কাপোৰকেইটাৰ পৰা গাত অনুভৱ কৰা নতুন নতুন ভাবটো ষোল্ল অনাই উপভোগ কৰিছিলোঁ। বিশেষকৈ মোজাযোৰ খোলাৰ পিছত ভৰিৰ কলাফুলত ৰৈ যোৱা মোজাৰ ইলাষ্টিকৰ সাঁচটো বহুত সময়লৈকে মোহাৰি মোহাৰি পৰম আত্মসন্তুষ্টিৰে উপলব্ধি কৰি থাকোঁ। আৰু এটা কথাত মই নিজকে প্ৰায়ে ভাগ্যবান বুলি ভাবিছিলোঁ। সেইয়া হৈছে কেকাৰ পুৰণি জোতাযোৰৰ বাবে মোৰ ভৰিত জোতাই কটা সমস্যাটো খুবেই কম হৈছিল। কিন্তু ‘কেকা’হঁতে নতুন জোতা পিন্ধি ফুৰিবলৈ গৈ উভতি আহোঁতে প্ৰায়ে নতুন জোতাই ভৰিত কটা বাবে লেকেচিয়াই লেকেচিয়াই আহিবলগীয়া হৈছিল। সৰু ‘কেকা’ইও ডাঙৰ কেকাৰ দুই এটা পুৰণি কাপোৰ by default legacy বুলিয়ে লব লগীয়া হৈছিল। নতুন কাপোৰ লোৱাৰ ক্ষেত্ৰত বাইটিয়ে আৰু ডাঙৰ ‘কেকা’ই কোনো ধৰণৰ compromise কৰিবলগীয়া নহৈছিল। মায়েও এখন বা দুখন নতুন শাৰী লৈছিল। কাপোৰ-কানি কিনাৰ এই পৰ্বটোৰ সতে আগন্তুক বছৰটোত বংশ-পৰিয়ালৰ ভিতৰত হবলগীয়া বিয়া-বাৰু বা সকাম-নিকাম আদি সকলোবোৰ কথাকে নখ-দৰ্পনত লৈ মায়ে আব্বাৰ লগত পৰামৰ্শ কৰি কিনিবলগীয়া কাপোৰ-কানিৰ তালিকাখন চূড়ান্ত কৰিছিল। মই যদিও প্ৰায়ে তালিকাখনৰ কথাত মূৰ নঘমাইছিলোঁ, পিছে সৰু ‘কেকা’ই কিছু ভোৰভোৰণি আৰু দুই-এসাজ অনশনেৰে তালিকাখনৰ সংশোধনী প্ৰস্তাৱ এটা প্ৰায়ে গৃহীত কৰাবলৈ সক্ষম হৈছিল। অবশ্যে তাৰ মাজতে মায়ে ‘ঘৰলৈ গৈ(মানে চাহ বাগিছাৰ ঘৰ) পোৱাৰ পিছত তাৰ ওপৰত এটা বিহিত ব্যৱস্থা লোৱা হব বুলি’ ভাবুকি এটা অৱশ্যেই দিছিল। পিছে সেইটো ভাবুকি কোনো দিনেই কাৰ্যত পৰিণত হোৱা দেখা নাপাইছিলোঁ। নানাজান-নানীজানহঁতে নুশুনাকৈ মায়ে আমাক চেপা মাতেৰে দবিয়াই আমি ফুৰিবলৈ অহা দিন কেইটাৰ মাজত আমি যাতে আৰু উদ্ভণ্ডালি নকৰোঁ তাৰ বাবে সতৰ্কবাণী শুনাইছিল। লগতে আমাৰ কাপোৰ-জোতাৰ লগতেই যে আব্বাৰ সকলো পইচা উদং হ’ল, সেইটো কথাৰে আমাক কিছুসময় বিমৰিষ কৰি ৰাখিছিল। আমাক সকলোকে নতুন কাপোৰ-কানি দিও, আব্বাই নিজৰ কাৰণে নতুন কাপোৰ আদি কিনিবলৈ ধন যোৰাব নোৱাৰা কথাষাৰে মোক আৰু বাইটিক অতিকৈ ভাবুক কৰি ৰাখিছিল। সচৰাচৰ আব্বাৰ লগত বেছিকৈ ঘনিষ্ঠ নাছিলোঁ যদিও সেই সময়ত মনলৈ কিছু সাহস গোটাই আব্বাক নিজলৈও কিবা নতুন কাপোৰ এসাঁজ কিনিবলৈ মনে মনে কৈ চাইছিলোঁ। অৱশ্যে আব্বাই প্ৰায়ে, “মই বুঢ়া হলোঁ, নতুন কাপোৰ কেলেইনো!” বুলি বুজনিৰ সুৰেৰে কৈ, আমাক মৰমেৰে সাৱটি ধৰিছিল। তথাপিও আব্বাই শেষান্তত নতুন চাৰ্ট-পেণ্ট এযোৰ লৈছিল। তাৰ বাবে প্ৰয়োজন হোৱা পইচা মায়ে ঘৰৰে গৰুৰ গাখীৰ বা কুকুৰাৰ কণী বেছি লুকুৱাই সাঁচি ৰখা পইচাকেইটাৰ পৰাই উলিয়াই দিছিল। সেইকেইটা পইচাৰে মায়ে ঘৰৰ কাৰণে কিনিবলৈ পৰিকল্পনা কৰা, বেটৰ চোফা-চেটটো কিনাৰ বাবে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব বুলি আমি জানিছিলোঁ। কিন্তু আমাৰ সকলোকে জেপ উদং কৰি কাপোৰ দিয়াৰ পিছত যে, আব্বাইও এযোৰ নতুন কাপোৰ পিন্ধিব পাৰিলে, সেইয়া ভাবি মনটো আনন্দেৰে ভৰি পৰিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments