অভাৱ (মন জিৎ)

দশোদিশে জাক জমকেৰে চলিছে এতিয়া শৰত বন্দনা। কেৱল মানুহেই নহয় কহুৱা নিয়ৰ শেৱালি দুৱৰি কুৱলীহতৰো ব্যস্ততাৰ অন্ত নাই শৰতক ইম্প্রেছ কৰিবই কৰিব বোলে এইবাৰ। কহুৱাই বাৰে বাৰে নদীৰ দাপোনত নিজকে চাই চাই হালি জালি থাকে বতাহৰ তালে তালে শৰতৰ ভাৱনাত বিভোৰ হৈ। নিশাৰ নিস্তব্ধতাৰ সুযোগতে নিয়ৰ দুবৰিয়েও পাতে গোপন বৈঠক শৰতক নিজৰ কৰাৰ। শেৱালিও আকৌ কম নহয় নিয়ৰ দুৱৰিৰ ফুছ ফুছনি শুনি তাইও গছৰ পৰা নামি আহে হাতত সাৰে ভৰিত সাৰে, কিনো পৰিকল্পনা কৰিছে সিহতে সেয়া কাণপাতি শুনিবলে। ইফালে কুৱলীয়ে জোনাকক ফিটিং দি থৈছে। তাইক ৰুপোৱালী ফেছিয়েল এটা কৰি দিবই লাগিবই বোলে। তাই যেতিয়াই শিৰিষ গছৰ ফাকেৰে ওলাব তেতিয়া যেন সকলোৱে ৰ লাগি কুৱালীকেই চাই আৰু। জোনাকী পৰুৱাৰ চর্দাৰ জনকো কৈ থৈছে এহেজাৰ এটা জোনাকী পৰুৱাৰে জিকমিকাই তুলিব লাগিব কেউদিশ। মুঠতে সকলোৰে ব্যস্ততাৰ সীমা নাই।

প্রতিবাৰেই শৰত আহিলে থিক এনেকুৱাই অনুভৱেই হয় ধৃতিমানৰ। সকলো পাহৰি মনটোৱে আকোৱালি লয় এক গভীৰ প্রশান্তি। মিচিকিয়া সুখ এটা ওলমি ৰয় ওঠৰ দুই কোণত।

এই খিনিতে গল্পৰ নায়কৰ বায়ডাটা :
নাম : শ্রী ধৃতিমান হাজৰিকা
বয়স : ২৯
অর্হতা : ইঞ্জিনিয়েৰিং স্নাতক তথা এম বি এ
কাম : বহুজাতিক কোম্পেনীৰ সন্মানীয় বিষয়া।
কর্মস্থান : মুম্বাই

কবিতা লিখিব নাজানিলেও কিন্তু ধৃতিমানৰ জোনাক সেই তাহানিৰে পৰা খুবেই প্রিয়। চোতালত বহি আইতাকৰ সতে “জোনবাই এ বেজি এটি দিয়া… ” বুলি কবিতাটো আওৰোৱাৰ দিনৰে পৰা সি নিজকে জোনাক আৰু জোনবাইৰ আজন্ম প্রেমিক বুলি স্বীকৃতি দি থৈছে। কিন্তু মুম্বাইৰ বাসিন্দা হোৱাৰে পৰা যান্ত্রিকতাৰ দৌৰাত্মত তাৰ প্রিয় সখী জোনাকৰ সতে কথা পতাৰ অৱকাশেই নোহোৱা হ’ল। দিনতোৰ সীমাহীন ব্যস্ততা আৰু নিশাৰ লেহুকা অৱসাদ এতিয়া তাৰ অন্যতম লগৰী হৈ পৰিলে। আজি সম্পুর্ণ ৫ বছৰৰ মুৰত সি পূজা বুলি ঘৰ আহিছে। যদিও ছুটি বোলা শব্দটো থিকেই বুজে পিছে তাৰ অনুভৱটো হে ধৃতিমানৰ বাবে আজিৰ তাৰিখত মৰিচিকা সদৃশ। সেয়ে বহু কাজিয়া পেছাল কৰিহে সপ্তাহযোৰা ছুটি মোকোলাইছে কোনোমতে। অবশ্যে উপায়ো নাই কাৰণ দায়িত্ব ইজ ইভার্ছলি প্রপৰচুনেট তু ছুটী। দায়িত্ব বাঢ়িলে ছুটীও কমি গৈ থাকে ক্রমান্বয়ে। এইটো তাৰ যোৱা বছৰৰেই পৰিকল্পনা যে এইবাৰ পূজাত ঘৰ আহিবই আহিব। পূজা বুলিলে আন দহজনৰ দৰে ধৃতিমানৰো দুচকুত জিলিকি উঠে চিকমিক চিকমিক আহিনীয়া আৱেশ। দুর্গাদেৱী, মহীষাশুৰ, ঢোলকৰ শব্দ, পেপা, চকৰী,ৰকম ৰকম পুতলা, বন্দুক, ঘিউত ভজা গৰম জেলেপি আৰু কেউফালে মানুহ মাথো মানুহ। মুঠতে সকলো দুখ ক্ষোভ পাহৰি প্রতিজন মানুহে যেন বিলিন হৈ যায় পুজাৰ উলহ মালহৰ ধামখুমীয়াত। সিও নিজকে তেনেকৈয়ে হেৰুৱাম বুলি মন এটা লৈ লগতে নিজৰ ঠাইত আপোন মানুহৰ সতে পূজা চোৱাৰ উৎসাহেৰেই সি ঘৰ আহিছে। সেয়ে বেগ ভৰাই ভনীয়েকে দিয়া অর্ডাৰৰ দীঘলীয়া লিষ্ট খনৰ মতে সকলো বস্তুৱেই আনিছে ভায়েকৰ বাবে ব্রেণ্দেড জিন্স ,টি চার্ট ভনীয়েকৰ বাবে দিজাইনাৰ মেড চেলোৱাৰ আৰু কুর্তা , মাকৰ বাবে দামী শাৰী আৰু চেন্দেল , দেউতাকৰ বাবে ৰেমন্দৰ চার্ট পেন্ট কাম কৰা ল’ৰা জীৱনৰ বাবেও ৰিবকৰ ৰঙা টি চার্ট আৰু ৬ টা পকেট লগা কার্গ পেন্ট। আনকি পোহণীয়া কুকুৰ লুজ-মোচন( সঘনাই টিৰিক টিৰিক কে এৰে বাবে সি তাৰ নাম সেইটো ৰাখিছে) লৈও এডাল ধুনীয়া শিকলি লৈ আনিছে। তাৰ আগমনত গোটেই ঘৰ খনতে উৎসৱ মুখৰ পৰিবেশ। সি অহাৰ দিনাৰ পৰাই মাক ভনীয়েক ব্যস্ত থাকে সি ভাল পোৱা বিধে বিধে খাদ্য বনোৱাত। ভায়েকেও জীৱনৰ সতে মিলি ক’ৰবাৰ পৰা বিছাৰি আনিছে সি ভাল পোৱা গৰৈ কাৱৈ পুঠি মোৱা দনিকনাকে ধৰি কেইবাবিধো মাছ আৰু কাতি মহীয়া তেল থকা এছ ঘিচিং পাতি হাঁহ এটা ( লোডোৰ পোডোৰ টিকা চুচৰি যোৱা বাবে এচ ঘিচিং বুলি কয় সিহতে নিজৰ ভাষাত)। গৰৈ মাছ খৰিকাত দি পুৰি কেচা মিঠাতেল আৰু কেচা পিয়াজে সৰু সৰুকে কাটি অলপ জ্বলকীয়াৰে কৰা পোৰা গৰৈ মাছৰ পিটিকাৰ সোৱাদ শৈশৱতেই আইতাকে ধৃতিমানৰ জিভাত বহুৱাই থৈ গৈছে। লগতে হাঁহে বাহে এসাজৰ কথাটো কবই নালাগে বেলেগাই। লোভৰ পানী সাজি কাচি জিভাৰ আগত ৰেডি হৈয়ে যায় আৰু তৎক্ষনাত। বাকীবোৰৰ দৰে দেউতাকেও আঁৰ চকুৰে বুজ লৈছে তাৰ স্বাস্থ্য পাতি আৰু মনৰ অৱস্থাৰ। অহাৰ দিনাই যাত্রাৰ ভাগৰত সি শুই থাকোতে তাৰ বিচনাৰ কাষতে টেবুল এখন পাৰি তাতে থৈ যোৱা প্রসাদৰ পাত খিলা আৰু পায়সৰ বাতিটো ৰাখি যোৱা কথাটোৱে তাক বুজাই দিছে যে সি অহাৰ বাবে সকলোৰে লগতে দেউতাকো যে কিমান সুখী। মুম্বাইয়ে সম্পুর্ণ প্রফেচনেল আৰু প্রেক্টিকেল কৰি পলোৱা ধৃতিমান যেন হঠাৎ মৰম আকলুৱা হৈ পৰিল। তাৰ আইতাকলেও বৰকৈ মনত পৰিল। কিমান যে ভাল পাইছিল সি তাৰ আইতাকক। আইতাকে তাক কি কি যে শিকোৱা নাছিল। হাল বোৱা গৰুৰ নেগুৰত ধৰি কঠিয়ী তলিত মৈ দিয়াৰপৰা নদীত সাঁতোৰালৈকে শাস্ত্র ভাগৱতৰ পৰা ডিঙিত কাইট লাগিলে কাইট আতৰোৱা মন্ত্রলৈকে কত যে কি। আইতাকৰ হাতৰ জুইত ৰন্ধা বিধে বিধে ব্যঞ্জনৰ যি সোৱাদ কে এফ চি বা পিজ্জা হাতৰ ৰেচিপিয়েও পাত্তা নাপাব কাহানীও।
“ কি ভাবি আছ নো? উঠ আকৌ পুজা চাবলে নাযাও নেকি। আমি ৰেডী হ’লোৱেই কিন্তু “
ভনীয়েকৰ মাতত হে তাৰ তন্দ্রা ভাগিল।
অ টো সি পুজা চাম বুলি হে আহিছিল। লগৰ অভিলাষ ৰাজদ্বীপ নয়ন অজয় হ’তকো লগ ধৰাৰ কথা আছে। সিহতো আহি নিজ নিজ ঘৰত থিত লৈছেহি ইতিমধ্যে। কথাটো মনত পৰি খপজপ কে উঠি বাথৰুমলে বাট ল’লে। গা পা ধুই ৰেডী হৈ দাইনিং টেবুল পাই দেখে মাকে ফুলা ফুলা লুছি সৰু আলুৰ ভাজি আৰু বিলাহীৰ টক বানাই সজু কৰি ৰাখিছে। অকনো সময় নষ্ট নকৰি মুহুর্ততে ৮ খন লুছি গো গ্রাসে গিলি মাকক আৰু লাগে বুলি কোৱাত ভনীয়েক আৰু মাকে হাঁহি হাঁহি পাকঘৰলে সোমাই গ’ল। লগতে ভনীয়েকে কৈ গ’ল
“যিমান খাৱ সিমান খুৱাম মোক কিন্তু চেমচাংৰ মোবাইল এটা কিনি দিব লাগিব ৩ জি লগা। “
“ হয় নেকি ? তোমাৰ ‘অ’ হেৰাক’ এবাৰ নেদেখিলে পেটলে ভাতে নাজায়েই চাগে নহয় ? বিজ্ঞানৰো কি কি অবদান ,থ্রী জী নহ’লে দেখোন নেবাজেই প্রেম সুৰীয়া গান। ” সুবিধাটো পাই ভনীয়েকক জোকাও বুলি কামোৰ এটা দিলে মিহিকে।
“ ইহ তোৰ লেখিয়া বুলি ভাবিছ নেকি। অ মা দেখিছানে ই মোক কেনেকে জোকাই আছে ” ভনীয়েকেও কামোৰ খাই মাক মাকক ওজৰ দিলে
মাকে একো নকৈ হাঁহি এটা মাৰি লুছি বনোৱাত লাগিল
“ আমি বুঢ়া হ’লো এতিয়া আৰু। অ’ জি, হা জি ক’বলেই কোনো নাই থ্রী জী ক’ৰ পৰা বুজি পাম হয়। তোমালোকৰেই দিন আৰু বুজিছা তোমালোকৰেই দিন “ আকৌ এটা কামোৰ দিলে ভনীয়েকক
“ আয়ৈ দেহী মোৰ বুঢ়া ককাইটোলে বেয়াই লাগে পাই। মই বাৰু চাই দিম দেই তোমালে ধুনীয়া এজনী তুমি তাইৰ লগতে থ্রী জী ত কথা পাতিবা। আৰু থ্রী জী কেনেকে কথা পাতে তাকো শিকাই দিম বাৰু। কিন্তু তাৰ বাবে থ্রী জী মোবাইল কিনি দিবা দেই। আছলতে মোৰ বাবে নেলাগে তোমাক শিকোৱাৰ আগতে ময়ো শিকি ল’ব লাগিব নহয় সেই বাবে হে লাগে। ” ভনীয়েকৰ চতুৰ প্রত্তুত্যৰ
সি তাইৰ উত্তৰ সুনি একো নকৈ মাথো মিচিকিয়াই হাঁহিলে। তাৰ অনুভৱ হ’ল সেই সৰুতেই আকৰি আজলী বুলি পিঠিত দবা বজোৱা ভনী জনী বাৰুকৈয়ে ডাঙৰ হ’ল। কথাও ভালকেই ক’ব জনা হ’ল।
লুচি পুৰি পর্ব সামৰি ঘৰৰ আটাইয়েই সাজু হ’ল পুজা চাবলে যাও বুলি। নতুন কে কিনা চুইফট দিজায়াৰ খনৰ আজি সি মালিক কাম ড্রাইভাৰ আগ চিটত ভনীয়েক আৰু পিছ ফালে মাক দেউতাক। ভায়েক আগতেই জীৱনক লগত লৈ লগৰ ল’ৰাৰ সতে ওলাই গ’লেই।
পার্কিংৰ সকলো সংকত আতৰাই এক সুবিধাজনক স্থানত গাড়ী খন ৰাখি এখনৰ পিছত সিখনকৈ চাই গ’ল সকলো মণ্ডপ। ভানীয়েকৰ নেৰানেপেৰা কথাৰ মাজতে বহু চিনাকী মুখে তাক পুজাৰ ওলগ জনাই সুধি গ’ল তাৰ খবৰ বতৰা। সিও প্রতেককেই সুন্দৰ ভাবেই প্রতি সম্ভাষন জনালে। কেউফালে মাথো পোহৰৰ খেলা। এনে লাগিল যেন তাৰ লগতে জোনাকে যেন তাৰ দৰেই সপ্তাহ যোৰা ভ্রমন সুচীৰে পৃথিৱীলে নামি আহিছে। সকলোৰে গালে মুখে সুখৰ আভা। গাড়ীত আহি থাকোতেও সি ৰেয়াৰ ভিউত চাইছিল মাক দেউতাকক। দুয়োৰে গালে মুখে সন্তুষ্টি আৰু গৌৰৱৰ আমেজ সনা প্রলেপ। তেও লোকৰ শৰীৰে মুখে জিলিকি আছিল এক সুখমুদ্রা আৰু নিজৰ মাজেতেই যেন মনে মনে পাতিছিল “ মেৰা বেটা ট’ আব বড়া হৌ গেয়া ৰে ”। ভনীয়েকৰটো ক’বই নালাগে। ককায়েকে চোলা দিছে মোবাইল দিব তাকো থ্রী জী কোনে পাই আৰু তাক মুঠতে সকলো সুখী তাক লৈ সকলোৱে পুজা উপভোগ কৰিছে হেপাহ পলুৱাই। অলপ আগলৈকে সিও সকলোৰে ভৰি থকা মনবোৰ দেখি বেছ আগ্রহেৰে বেছ ফুর্তিৰেই পুজা উপভোগ কৰি আছিল। মাক দেউতাক ভনীয়েকক পুজা মণ্ডপ এখনত এৰি মাজতে চিগাৰেট এটা টানি লগৰ কেইটাৰ সতে অলপ সময় আড্ডাও পিটি আহিল ঘন্টাযোৰা নষ্টালজিয়াত উটি ভাঁহি। এসময়ত পুজা চাই মানুহ বাকী মানুহবোৰৰ লগতে সিহতো উভতিল। সকলোৰে মুখে মুখে হাঁহি মাথো হাঁহি। মাক দেউতাক ভনীয়েকেও পাতিছে কোন মণ্ডপৰ দেৱী কেনে লাগিল। ছোৱালী জোকাই পুলিছৰ বেট খোৱা চালিয়া ল’ৰটোৰ অৱস্থা কি হ’ল। জেলেপী কেইটা সোৱাদেই আছিল যদিও দুটা জেলেপী অলপ কেছা হৈয়ে থাকিল ইত্যাদি ইত্যাদি। মুঠতে সকলো হেপি হেপি। কিন্তু ধৃতিমান ? সি যেন হঠাৎ অসুখী হৈ গ’ল কিবা এটাই যেন তাক থেলা মাৰি অসুখীয়া পুখুৰী এটাত পেলাই থৈ গ’ল। সকলো থাকিও যেন সি কিবা এটা অভাৱত ভুগিছে। কিন্তু কি? সুখৰ ৰভাঘৰত হঠাৎ অভাৱৰ কিৰিলি কিয় ? এই অভাৱৰ উৎসটো কি ?আচলতে উৎসটো এটি তেনেই সাধাৰণ দৃশ্য।সি দেখা পাইছিল ভিৰৰ মাজতে এজন দেউতাকে তেওৰ মৰম লগা কনমানি সন্তানটোক চাইকেলৰ আগফালে গাৰু এটা বান্ধি তাতে বহুৱাই, চাইকেলৰ হেন্দেল ডালত এটা সাপ বেলুন এটা গেছ বেলুন এটা চকৰী বান্ধি মণ্ডপে মণ্ডপে দেৱী দেখুৱাইছে আৰু কণমানিটোৱেও পূজা বুলি কিনি দিয়া ৰঙা নতুন চোলাটো পিন্ধি পেঁপা বজাই বজাই আনন্দত আত্মহাৰা হৈ পূজা চাই চাই যিমান পাৰি কিৰিলিয়াইছে। বেলেগৰ চকুত সাধাৰণ যেন লগা কিন্তু তাৰ বাবে অসাধাৰণ হৈ পৰা এই দৃশ্যই তাক ক্ষনিকতে অভাৱী কৰি গ’ল। আৰু মুহুর্ততে মনৰ টিকনিত ধৰি সিও উভতি গ’ল তাৰ শৈশৱলে। কনমানিটোৰ দৰে সিও আগতে দেউতাকৰ চাইকেলত উঠি পূজা চাব গৈছিল গৰম জেলেপি আৰু খুৰমা খাইছিল চকৰি পেপা কিনি বজাইছিল জেলেপি খুমা খাইছিল। আৰু ঘৰ উভতি আহি পূজা চাবলে নোপোৱা ভনীয়েকক জোকাৰি জোকাৰি কন্দুৱাইছিল। উফ কি যে দিন আছিল সেইবোৰ। এবাৰ পূজাত সি বাপেকৰ লগত গৈ তেতিয়াৰ হিট ফেশ্বন বুত কাট জিন্সটো পচন্দ কৰাত কি আগফটা পেন্ট পচন্দ কৰিছ বুলি বাপেকে দিয়া ধমককো আওকান কৰি জিন্সটোৰ লগতে সি বুজি নোপোৱা ইংৰাজীত কিবা কিবি লিখি থোৱা ৰঙা স্পর্টিং এটা কিনি আনিছিল। আৰু লগৰ কেইটাৰ আগত ইংৰাজী জানো বুলি ফুটনি মাৰি সেই লিখা খিনিৰ ভয়ংকৰ অর্থ এটা বনাই বুজাই তাক সমীহ কৰিবলে বাধ্য কৰাইছিল। আৰু কত যে কি ?
“ হেইই ব্রেগ মাৰ ব্রেগ মাৰ আগত গৰু আছে দেখা নাই নেকি ঔ। কি ভাবি গাড়ী চলাই আছ নো ? “ দেউতাকৰ চিঞৰ শুনি সি খকমক কে বাস্তৱলে উভতিল
“ হা ..?? অ …. “
লাহেকে ব্রেক ধৰি গৰু কেইতাৰ পিছফালেদি গাড়ীখন আগুৱাই নিলে। আৰু লগতে আগুৱাই গ’ল তাৰ ভাৱনাৰ গাড়ী খনো। মুখেৰে দেউতাৰ প্রশ্নৰ উত্তৰ নিদিলেও ভিতৰি ভিতৰি সি এক অভাৱী সুৰত কৈ উঠিল
“ তোমাৰ কথাকে ভাবি আছিলো দেউতা। মোক বাৰু আকৌ সেই চাইকেলৰ আগফালে উঠাই পূজা দেখুৱাবলে নিবা নে ? আকৌ সেই তাহানিৰ দৰে জেলেপি খুৰমা কিনি খুৱাবা নে ? চকৰি পেপা কিনি দিবা নে ? আজি যদিও মই এলেন চলিৰ চোলা পিন্ধো বা লেভিচৰ পেন্ট পিন্ধি লাড চাহাব হৈ থাকো তাথাপিও তুমি ধমক দি কিনি দিয়া বুত কাট জিন্স আৰু ইংৰাজীত লিখা থকা ৰঙা স্পর্টিং টোৰ বৰ অভাৱ অনুভৱ কৰিছো ঔ। লাখটকীয়া গাড়ীত চিট বেল্ট মাৰি এ চি লগাই গান শুনি পূজা চাই উভতিলেও , তোমাৰ চাইকেলৰ আগ চিটোত বহি তুমি গুন গুনাই যোৱা গানৰ কলি কেইটা শুনাৰ অভাৱ বৰকৈ অনুভৱ কৰিছো ঔ দেউতা। মোৰ এই অভাৱ বাৰু তুমি আকৌ এবাৰ পুৰাবানে? পুৰাবানে বাৰু দেউতা?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক