অভিজ্ঞতাৰ সঁফুৰা (মাখন লাল দাস)

অভিজ্ঞতাৰ সঁফুৰা


 

 

অপমান কাৰ ?

 

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ৰ কথা৷ কলেজৰ কিবা এটা কামত অধ্যাপক দুগৰাকীমান কোনো এটা বিভাগৰ এজন বিষয়াৰ ওচৰলৈ গৈছিল৷ বিষয়াগৰাকী মোৰ একে ঠাইৰ বুলি জানিব পাৰি অধ্যাপক এগৰাকীয়ে মোৰ নামটো উল্লেখ কৰিছিল৷ বিষয়াগৰাকীয়ে মোক চিনি পাওঁ বুলি কৈ মোৰ বিষয়ে ভাল মন্তব্য কৰিলে, খুব প্ৰশংসা কৰিলে৷

 

তেওঁ মোক চিনি নোপোৱাৰ প্ৰশ্নই নুঠে৷ চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আমি একেলগে পঢ়া৷ একেলগে খেলা, একেলগে উঠা-বহা কৰা৷ অষ্টম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ পাছত, বিশেষ কাৰণত তেওঁ বেলেগ এখন স্কুলত গৈ নৱম শ্ৰেণীত নাম লগাই লোৱাৰ পাছত অৱশ্যে বেছি দেখা-সাক্ষাৎ নোহোৱা হৈছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি মই গুৱাহাটীলৈ গুছি অহাৰ পাছত দুবাৰমান লগ পাইছিলোঁ৷ কথা-বতৰা পাতিছিলোঁ৷ তেওঁ চৰকাৰী চাকৰি এটাত মকৰল হোৱা কথাটো বেলেগৰ মুখত শুনিছিলোঁ৷ ভাল লাগিছিল শুনি৷

 

অধ্যাপকজনে অতি উৎসাহেৰে মোক ক’লেহি, “তেখেত আপোনাৰ অতি চিনাকি, বাল্যবন্ধু, আপুনি ফোন এটা কৰি নিদিয়ে কিয়? আপোনাক চিনি পায় বুলি কৈছে৷ মই ফোন নম্বৰ লৈ আহিছোঁ৷”

 

মই সচৰাচৰ কোনো কামৰ বাবে কাকো ফোন নকৰোঁ, অনুৰোধ কৰিব নাজানো৷ ডাঙৰ মানুহৰ লগত অৱশ্যে চিনাকিও নাই৷ তথাপি ভাবিলোঁ, ইমানদিনৰ মূৰত পুৰণি বন্ধু এজনৰ লগত কথা হ’ব৷ ভালেই লাগিব৷ মোৰ ব্যক্তিগত কামতো নহয়, কলেজৰ সমূহীয়া কামৰ বাবেহে অনুৰোধ কৰিম৷ গতিকে আপত্তি কিহৰ?

 

তেতিয়া ম’বাইল ফোনৰ প্ৰচলন হোৱা নাছিল৷ সকলোৰে ঘৰত ফোনো নাছিল৷ অধ্যাপকজনৰ পৰা ফোন নম্বৰটো লৈ দুয়ো ফোন থকা আন অধ্যাপক এজনৰ ঘৰলৈ গ’লোঁ৷ মই যথেষ্ট উৎসাহেৰে নম্বৰ মিলালোঁ৷ অধ্যাপকজনো কাষতে থিয় হৈ থাকিল৷

 

সিফালৰ পৰা মাত শুনাৰ লগে লগে সুধিলোঁ৷

“অমুকে কৈছে নেকি ?”

“হয়, কৈছোঁ”, সিফালৰ পৰা উত্তৰ আহিল৷

“মই অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা কৈছোঁ৷” তাৰপাছত অতি উৎসাহেৰে মোৰ নামটো ক’লোঁ৷

“কোন?” সিফালৰ পৰা সুধিলে৷

“মই অমুকে কৈছোঁ….আমি একেলগে পঢ়া, হাইস্কুলত৷” মই আকৌ নিজৰ নামটো ক’লোঁ৷

“কোন ধৰিব পৰা নাই”, সিফালৰ পৰা উত্তৰ আহিল৷ মই অবাক৷ একো বুজিব নোৱাৰিলোঁ৷

 

“ঠিক আছে, ধন্যবাদ” বুলি কৈ মই ফোনটো থৈ দিলোঁ৷ তাৰপাছত আগ্ৰহেৰে কাষত থিয় হৈ থকা অধ্যাপকজনলৈ চাই ক’লোঁ,“চিনি নাপাওঁ বুলি ক’লে৷ কি কথা ধৰিব পৰা নাই৷”

“কালি দেখোন আপোনাৰ ইমান গুণ গাইছিল আমাৰ আগত”, আচৰিত হৈ তেখেতে মন্তব্য কৰিলে৷

 

মই কি উত্তৰ দিম ভাবি নাপাই মনে মনে থাকিলো৷ সহকৰ্মী অধ্যাপকজনৰ আগত মোৰ অপমান হ’ল নে মোৰ বন্ধুজনৰ অপমান হ’ল সেইটোও নুবুজিলোঁ৷ মান-অপমান কথাবোৰ নিশ্চয় আপেক্ষিক৷

 

মহামূৰ্খৰ ৰেলযাত্ৰা

 

এটা সময় আছিল, ৰেল যাত্ৰা অসমীয়া মানুহে প্ৰায়েই এৰাই চলিব বিচাৰিছিল৷ সেই সময়ত ৰেলৰ কৰ্মচাৰীৰ মাজত অসমীয়া মানুহৰ সংখ্যাও কম আছিল, ৰেলেৰে ভ্ৰমণ কৰা লোকসকলৰ মাজতো অসমীয়া মানুহ পাবলৈ টান আছিল৷ ৰেলৰ জগতখন অসমীয়া মানুহৰ বাবে অতি আচহুৱা জগত যেন আছিল৷ মইও তাৰ ব্যতিক্ৰম নাছিলোঁ৷ ৰেলষ্টেচনৰ ওচৰে-পাজৰে থকা মনুহৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া আছিল হয়তো৷

চনটো মনত নাই৷ খুব সম্ভৱ সেয়া আছিল ১৯৭৯ চন৷ মোৰ ডাঙৰ দাদাই বি ডি এচ পাছ কৰি আহি বঙাইগাঁৱত ক্লিনিক এখন খুলি বহিছিল৷ ক্লিনিকৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিছুমান গুৱাহাটীৰ শিখ মন্দিৰৰ কাষৰ দোকান এখনৰ পৰাই কিনিছিল তেতিয়া৷ এদিন মোলৈ আদেশ আহিল কিছুমান বস্তু সেই দোকানখনৰ পৰা কিনি আবেলি ৰেলেৰে বঙাইগাঁৱলৈ লৈ যাবলৈ৷

লাখটকীয়াৰ সেই দোকানখনৰ পৰা বস্তুখিনি কিনি ৰিক্সাত উঠি ৰেলষ্টেচন পালোঁগৈ৷ দুইমান বজাত অসম মেইলনে কিবা এখন ৰেল যাবলগীয়া আছিল৷ সেই সময়ত উত্তৰ বঙ্গত প্ৰবল বানপানী হোৱা বাবে ৰেলৰ চলাচল অতি অনিয়মীয়া হৈ আছিল৷ কামৰূপ এক্সপ্ৰেছখনো যাবলগীয়া হৈ আছিল৷ তেতিয়া নিউবঙাইগাঁৱৰ পৰাহে ব্ৰডগজ আছিল৷

কামৰূপ এক্সপ্ৰেছখন চাৰেপাঁচমান বজাত আহিব বুলি গম পাই প্লেটফৰ্মত ৰৈ থাকিলোঁ৷ বেছি মানুহ-দুনুহ নাছিল৷ প্ৰায় চাৰিমান বজাত হঠাতে ষ্টীম ইঞ্জিনৰ ফোঁচ ফোঁচ শব্দ কৰি এখন ট্ৰেইন আহি ওলাল৷ মইও ট্ৰেইনখন সময়তকৈ আগতেই আহি পোৱা বাবে মনৰ আনন্দতে জাপ মাৰি ট্ৰেইনত উঠি বহিলোঁ টালি-টোপোলাৰে সৈতে৷ অলপ পাছত ঘেটলেং–মেটলেঙকৈ ট্ৰেইনখন লাহে লাহে চলিবলৈ ধৰিলে৷ ভৰলু দলং পাৰ হৈ লাহে লাহে কামাখ্যা পালেগৈ৷ কিন্তু তাত বহি যোৱা মানুহবোৰলৈ চাই মনত কিবা এটা সন্দেহ হ’ল৷ মানুহবোৰ প্ৰায় নামি শেষ হ’ল ট্ৰেইনখনৰ পৰা৷ মানুহ এজনক সুধি জানিব পাৰিলোঁ সেইখন হেনো কিবা চাটল গাড়ীহে৷ গুৱাহাটীৰ পৰা পাণ্ডুলৈকে চলে৷

কথা বিষম দেখি মই ট্ৰেইনৰ পৰা জাপ মাৰি নামিলোঁ৷ হাতৰ ঘড়ীলৈ চালোঁ৷ প্ৰায় চাৰে চাৰি বাজিল৷ ইফালে মই ধৰিবলগীয়া কামৰূপ এক্সপ্ৰেছখনো গুৱাহাটী ষ্টেচন পাবলৈ বেছি সময় নাই৷ উধাতু খাই মালিগাঁও চাৰিআলি পালোঁগৈ৷ ফোঁপাই-জোপাই চিটিবাছ এখনত কেনেবাকৈ উঠি দিলোঁ৷ যথাসময়ত চিটিবাছ কাছাৰীত ৰ’লগৈ৷ বাছৰ পৰা জাপ মাৰি নামি ৰিক্সা এখন ধৰিলোঁ৷ ৰিক্সাৱালাই আপোনমনে ৰিক্সা চলাই আগবাঢ়িল ষ্টেচনৰ ফালে৷ মই বাৰে বাৰে হাতৰ ঘড়ীলৈ চাওঁ৷ ৰেলখন আহিবলৈ বেছি সময় নাই আৰু৷ যথাসময়ত ষ্টেচন পালোঁ৷ ৰিক্সাৱালাক ভাড়াটো দি বেগাই প্লেটফৰ্ম পালোঁগৈ৷ তেতিয়াও ৰেলখন নাই অহা৷ প্ৰায় এঘন্টামান অপেক্ষা কৰিবলগা হ’ল ৰেলখনৰ বাবে৷

ৰেল আহিল৷ একেবাৰে খালী ৰেল৷ মই ডবা এটাত উঠি বহিলোঁ৷ চাৰি-পাঁচজনমান মানুহহে আছিল ডবাটোত৷ লাহে লাহে ৰেল চলিবলৈ ধৰিলে৷ ৰাতি দহমান বজাত গৈ বঙাইগাঁও পালোঁগৈ৷

ঘৰ পাই মই সকলোৰে আগত মোৰ বীৰত্বৰ কাহিনী বৰ্ণনা কৰিলোঁ৷ কেনেদৰে চিটিবাছেৰে আকৌ পাণবজাৰলৈ উভতি গৈ ৰেল ধৰিলোঁগৈ সকলোখিনি অলপ ৰহণ লগাই লগাই ক’লোঁ, যেন পৃথিবী জয় কৰিহে আহিলোঁ৷

মোৰ কথা শেষ হোৱাত, মিচিক-মাচাককৈ হাঁহি মোৰ ৰসিক সৰু দাদাই লাহেকৈ মাত দিলে,“তই এটা এক নম্বৰ বুৰ্বক৷ মালিগাঁওতেই ৰৈ থাকিলে হ’লহেঁতেন৷ ৰেলখনতো পাণবজাৰৰ পৰা মালিগাঁও হৈহে আহিব৷ সকলো ৰেলেই মালিগাঁওত ৰয়৷ মিছাতে ইমান উধাতু খাই চিটিবাছ ধৰি উভতি যোৱাৰ কি প্ৰয়োজন আছিল? যদি ৰেলখন মিছ কৰিলিহেঁতেন? আকৌ সেই চাটল ৰেলখনো চিনি নাপালিনে, তাতে উঠি দিছিলি যে ?”

 

“এৰা, কথাটোতো হয়৷ মইহে ভাল বুৰ্বক৷” লাজতে ৰঙা-চিঙা পৰি মনতে ভাবিলোঁ৷

 

নিজৰ গালতে চৰ এটা মাৰি দিবৰ মন গ’ল৷

 

বেগৰ মহিমা

 

দিল্লীত পি এইচ ডি কৰি থকা সময়ছোৱাত সৰু সৰু ল’ৰা দুটাৰে সৈতে শ্ৰীমতী গুৱাহাটীতে আছিল৷ মই প্ৰায় প্ৰতি দুমাহৰ মূৰে মূৰে গুৱাহাটীলৈ আহিছিলোঁ৷ সেইসময়ত টিকট কটাও এটা ডাঙৰ সমস্যা আছিল৷ ৰাতিপুৱাতে গৈ সৰোজিনী নগৰত টিকটৰ বাবে লাইন দিব লাগে৷ নহ’লে আবেলি৷ সেইসময়ত উৰাজাহাজেৰে অহাৰ কথা ভাবিবই নোৱাৰি৷ দিল্লীৰ পৰা গুৱাহাটীৰ ভাড়া প্ৰায় এমাহ-দুমাহৰ দৰমহাৰ সমান৷ সেয়া আছিল ১৯৯৫-৯৮ৰ সময়ৰ কথা৷

ৰেলৰ সকলো শ্ৰেণীতে ভ্ৰমণ কৰিছিলোঁ৷ দুবাৰমান প্ৰথম শ্ৰেণীতো ভ্ৰমণ কৰি কেনেকুৱা লাগে সোৱাদ লৈ চাইছিলোঁ৷ কিন্তু অতি সাধাৰণভাবে শ্লিপাৰ শ্ৰেণীত ভ্ৰমণ কৰাৰো বেলেগ এটা আমেজ আছে৷ ইতিমধ্যে হিন্দী কোৱাত কিছু আত্মবিশ্বাস আহি গৈছিল বাবে মানুহৰ লগত মিলি পৰিব পাৰিছিলোঁ৷

ঘৰলৈ আহিলেও যিহেতু মাত্ৰ তিনি-চাৰিদিনৰ বাবেহে আহিবলৈ ছুটি পাওঁ গতিকে সৰু পুৰণা এয়াৰবেগ এটাতে অকণমান কিবাকিবি ভৰাই লৈ ৰেলত উঠি দিওঁ৷ গুৱাহাটীৰ পৰা বৰপেটা/বঙাইগাঁৱলৈ যাবলৈ বাছত উঠি দিয়াৰ নিচিনাকৈ৷ প্ৰয়োজনীয় সকলোখিনি ঘৰত থাকেই৷ একো নানিলেও হয়৷

এবাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছোঁ৷ শ্লিপাৰ শ্ৰেণীত৷ গৰমৰ দিন৷ মোৰ পিন্ধনত পঁচিশটকীয়া হাফচাৰ্ট এটা৷ ফুটপাথত কিনা৷ পিন্ধি পিন্ধি উঁৱলি গৈছিল যদিও ৰেলত তেনেকুৱা কাপোৰ পিন্ধিয়েই অহা-যোৱা কৰিছিলোঁ৷ লগত পুৰণি এয়াৰবেগ এটা৷ আশী টকাত কিনিছিলোঁ কলিকতাত৷ চেইনডাল বন্ধ কৰি তলা মাৰিবৰো ব্যৱস্থা নাই৷

খিড়ীকিৰ কাষত মোৰ চীট৷ সম্মুখৰ চীটৰ তলতে বেগটো থৈ দিলোঁ৷ বেলেগে নতুন-নতুন , দামী-দামী চুটকেচ, বেগ আদি শিকলিৰে বান্ধি থয়৷ মোৰ পিছে কেতিয়াও তেনেদৰে বন্ধা মনত নপৰে৷

সন্ধিয়া নিউ জলপাইগুড়িত মাৰোৱাৰী স্বামী-স্ত্ৰী এহাল উঠিল৷ তেওঁলোকৰ ধুনীয়া ভি আই পি চুটকেচটো মোৰ ছাল-বাকলি যোৱা বেগটোৰ কাষতে থৈ প্ৰকাণ্ড শিকলি এডালেৰে তলা লগাই বান্ধি থ’লে৷ ভাত-পানী খাই সকলো দীঘল দিলোঁ৷ কেতিয়া টোপনি আহিল গমেই নাপালোঁ৷

হঠাৎ চিঞৰ-বাখৰ শুনি সাৰ পালোঁ৷ তেতিয়া ৰাতিপুৱা পাঁচমান বাজিছে৷ দেখিলোঁ মাৰোৱাৰী মহিলাগৰাকীয়ে কান্দি আছে৷ কি হ’ল সুধিলোঁ গিৰিয়েকক৷ গিৰিয়েকে চীটৰ তললৈ আঙুলিয়াই দি ক’লে, “নিলে, সকলো নিলে৷ শিকলি কাটি চুটকেচটো লৈ গ’ল৷ আমি বিয়া এখনৰ বাবে গৈ আছোঁ৷ প্ৰায় পঁচিশ হেজাৰ টকামানৰ অলঙ্কাৰ আছিল৷ কাপোৰ-কানি ধৰি মুঠতে চল্লিশ হাজাৰমানৰ বেছি হ’ব”৷

সেই সময়ৰ চল্লিশ হাজাৰ মানে এতিয়াৰ কেইবালাখো হ’ব৷ মই চীটৰ তললৈ চালোঁ৷ চুটকেচটো নাই৷ কিন্তু মোৰ দুৰ্বল বেগটো সগৌৰৱে জিলিকি আছে৷ বেগটো হাতেৰে টানি আনিলোঁ৷ চেইনডাল খুলি হাতখন ভৰাই চালোঁ৷ তিনিশ পঞ্চাশটকাৰে নতুনকৈ এফ এম/এ এম ৰেডিঅ’ এটা কিনি লৈ আহিছিলোঁ৷ কাপোৰৰ ওপৰতে থৈ দিছিলোঁ, বেগৰ ভিতৰত৷ ৰেডিঅ’টো আছে৷ চোৰে চেইনডাল খুলি মোৰ ৰেডিঅ’টো অন্ততঃ নিব পাৰিলেহেঁতেন৷ তাকো নিনিলে৷

বেগটো দেখি মোক হয়তো ভিকহু বুলি ভাবিলে ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments