অভিজ্ঞতা (ধনমণি তালুকদাৰ)

(১)
পুজাৰ বন্ধত ঘৰমুখী যাত্ৰা,বাছৰ বাবে মাছখোৱালৈ যাব লাগে৷ চিটি বাছত পুজাৰ বতৰ বাবেই বহুত ভিৰ ৷ লগত থকা ডাঙৰ বেগ আৰু লেপটপ টোৰ কথা ভাবি,অটোৰিক্সা এখনতে উঠিলো ৷ মাছখোৱা গৈ পোৱাত প্ৰায় ১৫-১৬ বছৰীয়া ল’ৰা এজনে (হেণ্ডিমেন) বাছ এখনলৈ লৈ যায় ৷বাছত ভিৰ নাছিল,মই বাছৰ সোঁমাজৰ আসন এখন লও ৷ তেনেতে উক্ত লৰাজন আকৌ আহে,মোক বাছ খনৰ সন্মুখৰ দৰ্জাৰ ফালে মাতে আৰু টিকট লবলৈ কয়,মই যেতিয়া টিকটৰ বাবে টকা নিবলৈ আহো,দেখো যে লেপটপ টো নাই ! মই বাছৰ পৰা নামি যোৱা নাছিলো,লৰাজনে মোক কথাত ব্যস্ত ৰাখিছিল আৰু পাছফালৰ দৰ্জাৰে আহি কোনোবাই মোৰ লেপটপটো লৈ গ’ল ৷লগে লগে বাছৰ হেণ্ডিমেন,ড্ৰাইভাৰ কণ্ডাকটৰক অবগত কৰাও,আনহাতে কোনো যাত্ৰীয়েও কথাটোত অলপো গুৰুত্ব নিদিলে ৷দুখ,খঙ বোৰ চকুপানী হৈ বৈ আহিছিল ৷
লেপটপটোৰ লগত আছিল বহু আবেগিক স্মৃতি ৷MBA পঢ়াৰ সময়ত দেউতাই দিছিল,দেউতাৰ দৰে এজন চৰকাৰী চাকৰিয়ালৰ বাবে ৪০ হাজাৰ টকাৰে লেপটপ এটা দিয়াটো সেই সময়ত সহজ নাছিল ৷ আমি তিনিজনীক চহৰৰ হোষ্টেলত ৰাখি পঢ়াওতেই যে দেউতাৰ কষ্টোপাৰ্জিত ধনৰ গোটেই অংশ খৰছ হৈছিল সেয়া তেওঁৰ বহু পুৰণি চাইকেল খন চলাওঁতে হোৱা বিশেষ শব্দ তৰংগ,অথবা বহু বছৰ ব্যৱহৃত অথচ আটোমটোকাৰিকৈ ৰখা জোতোযোৰ আৰু লাগে লাগে বুলি কৈ থকা সত্বেও তেওঁৰ অত্যন্ত প্ৰিয় নতুন ৰেডিঅ’ এটা ঘৰলৈ আহি নোপোৱাবোৰেই মোক বুজাই দিছিল কথাবোৰ ৷৷ কিন্তু মই যাতে অসুবিধা নাপাওঁ তাৰ বাবে তেওঁ দ্বিতীয়বাৰ একো প্ৰশ্ন নকৰাকৈয়ে আনি দিছিল লেপটপটো ৷তাত আছিল পিতৃত্বৰ গভীৰ দায়িত্ববোধ আৰু বুকুৰ উম ৷হোষ্টেলৰ বহু অকলশৰীয়া মুহুৰ্তত পাপনৰ “সন্ধা যেতিয়া নামে”গানটো শুনি মালৈ মনত পেলোৱা বহু মুহুৰ্তৰ সাক্ষী আছিল লেপটপটো ৷ ঘটনাৰ আকস্মিকতাত মই বাছৰ পৰা নামি দিছিলো ৷ মোক আচৰিত কৰি বাছৰ ড্ৰাইভাৰ জনে কৈছিল যে মই হেনো লেপটপ লগত নিয়াই নাছিলো আৰু বাছ খন চকুৰ আগতেই গুছি গ’ল ,আৰু মই থাকি গ’লো খঙ,দুখ আৰু অপমানত জৰ্জৰিত হৈ ৷বাছখনে মোৰ লেপটোৱেই লৈ যোৱা নাছিল,কাঢ়ি নিছিল বহু আবেগিক স্মৃতিও!
ঠিক সেই সময়ত মোৰ চকুত পৰিছিল ট্ৰেফিক Point ত থকা পুলিচ জনলৈ,মই তেওঁক সকলো কথা বিৱৰি কও,তেওঁ কোনোবাক ফোন কৰি কিবা ক’লে আৰু মোক লগত লৈ ভৰলু থানালৈ যায়,থানা কাছাৰীৰ বিষয়ে মোৰ একোৱেই জ্ঞান নাই আৰু ইমান খিনি তেতিয়ালৈ কাকোৱেই জনোৱা নাছিলো ৷ ট্ৰেফিক পুলিচ জনে মোক Oc ৰ ওচৰলৈ লৈ যায়,প্ৰাৰম্ভিক দুই এটা কথা শুধি তেওঁ মোক আহিবলৈ দিয়ে,আছৰিত ধৰনে Oc জনে মোৰ মুৰত হাত দি কৈছিল,আমি চেষ্টা কৰিম মাজনী,তুমি এতিয়া ঘৰ বা হোষ্টেল যাব নেলাগে,LG ৰ ঘৰতে থাকি দিবা ৷ অবিশ্বাস্যভাবে দোষীক তেওঁলোকে কৰায়ত্ত কৰে আৰু মই লেপটপটো নাপালেও তাৰ ক্ষতিপুৰন পাওঁ৷
সেই ট্ৰেফিক পুলিচ জন আৰু ভৰলুমুখ থানাৰ প্ৰতিজন আৰক্ষীয়ে যি কৰিলে সেয়া তেওঁলোকৰ কৰ্তব্য,কিন্তু যি নিষ্ঠা,আৰু মানবীয়তাৰে মোক সহায় কৰিছিল সেয়া ভাষাৰে বুজাব নোৱাৰিম ৷ কিন্তু এটা কথা বুজি উঠিছিলো,পুলিছ মানেই ঘোছখোৰ নহয়,পুলিছ মানেই হৃদয়হীন নহয়,পুলিছ মানেই সুবিধাবাদী নহয় ৷খাকী পোছাকেৰে এছামে এতিয়াও নিষ্ঠাৰে পালন কৰি আছে নিজ কৰ্তব্য ৷ যেতিয়ালৈ থাকিব এনে লোক সমাজত,সমাজে গায় যাব মানবতাৰ জয়গান ৷

(২)
কৰ্মস্থলীৰ পৰা গৃহঅভিমুখে গৈ আছো ৷ সময় দুপৰীয়া ২ মান বাজিছিল,ছেপ্তেম্বৰ মাহৰ শেষৰ সপ্তাহ যদিও এফালে উৎকত গৰম আৰু আৰু আনফালে ভুতৰ ওপৰত দানহ পৰাদি বাছ খনত ইমানেই যাত্ৰী উঠাইছিল যে, তাত ঠিয় হৈ থকাটোও অসম্ভৱ প্ৰায় হৈ গৈছিল ৷ সাধাৰনতে অলপ বেলেগ ধৰনৰ বেশভূষাৰ লোকসকলে সকলোৰে দৃষ্টি আকৰ্ষন কৰে৷সেয়া স্বাভাবিক কথা,বাছ খনত উঠিয়েই এক মৃদু গুণগুণনি শুনিলো,বুজিবলৈ বাকী নাথাকিল যে বাছ খনৰ তৃতীয় আসন খনত বহি থকা যুবতী গৰাকীক লৈয়েই এই শব্দৰ মালা ! ! তেওঁৰ পিন্ধনত আছিল skirt ( কিছু লোকৰ দৃষ্টিত তাৰ দৈৰ্ঘ্যই যথেষ্ট আছিল তেওঁক বেয়া নাৰীৰ বিশেষণ প্ৰদান কৰিবৰ বাবে ), আৰু টপ ৷ চুলিবোৰত তেওঁ ৰং প্ৰয়োগ কৰিছিল,কাণত earphone লৈ হয়তো গান শুনি গৈ আছিল ৷ “ এই সোপাৰ বাবেই সমাজখন অধঃপতনে গ’ল” “লৰাক দোষ দি কি হ’ব,ধৰ্ষনৰ কাৰন এই বোৰেই আকৌ” হৃদয়ত বিন্ধিছিল শব্দবোৰে,তথাপি শব্দ এটা কৰা নাছিলো কাৰন সেই সময়ৰ শাৰিৰীক মানসিক অবস্থা তথা পূৰ্ব অভিগ্যতাই মনতোক নহলেও বিবেকক বাধা দিছিল ৷ চৰম বিৰক্তিত চকু কান বন্ধ কৰি গৈ আছো ৷ ড্ৰইভাৰ হেন্ডিমেনে ঠেলিহেছি মানুহ ভৰাইছে, মাজতে মোৰ লগতে এজনী মোৰ সমবয়সীয়া ছোৱালীয়ে প্ৰতিবাদ কৰিলে যদিও,আমাক সমৰ্থন কৰা মানুহ এজন নোলাল ৷ আনফালে উক্ত ছোৱালী গৰাকীক লৈ হোৱা আলোচনা বেছ জমি উঠা যেন লাগিল ৷ তেনেতে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি বাছ খনত উঠিল,আছলতে তেওঁ গুৱাহাটীত যাম বুলি কোৱাত অলপ আগত খালী হ’ব বুলি কৈ একপ্ৰকাৰ টানিয়েই আনিলে বাছৰ হেণ্ডিমেনজনে ৷ আকৌ বাছ চলিল৷বহি থকা মানুহতকৈ ঠিয় হোৱাৰ সংখ্যা বাঢ়ি গৈ থাকিল ৷ এবাৰ বৃদ্ধ মানুহ জনলৈ চালো,গৰমত ঘামি জামি আছিল মানুহজন,কি কামত বা এই বয়সত এই গেলা গৰমত তেওঁ ওলাই আহিছে তাকো এই ভৰ দুপৰীয়া খন !! মোৰ ভাবৰ ইতি পেলাই ইমানপৰে headphont গান শুনি থকা উক্ত আধুনিকাই (যি ইতিমধ্যেই এক ৰসাৰ আলোচনাৰ বিষয় হৈ পৰিছে) প্ৰয়োজনাধিক উচ্ছ স্বৰত কৈ উঠিল(হয়তো headphont গান শুনি আছিল বাবেই) “ বৰদেউতা,আপুনি ইয়াতেই বহক৷মই অলপ আগত নামিম ” ৷ মানুহ জন বহি পৰিছিল তাৰ আগত কিন্তু ছোৱালী জনীৰ মুৰত হাত বুলাই দিছিল,ঠিক ককাই মোক দিয়াৰ দৰেই ৷৷ ৩৮ ডিগ্ৰীৰ গেলা গৰমতো মনতো ভাল লাগি গ’ল…এটা কথা নিলিখিলেই আধৰুৱা হৈ ৰব যে ইমান সময়েই ছোৱালীজনীক character certificate প্ৰদান কৰি থকা লোক সকল কিন্তু আৰামত বহিয়েই আছিল ,আৰু তাৰে এগৰাকী পুৰুষে প্ৰায়েই ফেছবুকত নাৰীবাদৰ কথা লিখি থাকে ৷৷ ভণ্ডামিৰো সীমা থাকে !! উক্ত ছোৱালীজনীলৈ মৰম লাগি গ’ল,মই গন্তব্য স্থানত নামি দিলো,তাই কিন্তু ঠিয় হৈ গৈয়েই থাকিল৷তাইৰ“ অলপ দুৰত্বটোৱে” ইতিমধ্যেই ১০ কিমি অতিক্ৰম কৰিছিল !!

(৩)
আমাৰ ঘৰৰ পৰা প্ৰায় ডেৰ কিঃমি দুৰত্বত দুটা মছজিদ ৷ দোকমোকালিতেই আজানৰ পবিত্ৰ শব্দত সাৰ পাওঁ। সৰুতে মায়ে আজানৰ শব্দ শুনিলে হাতযোৰ কৰি সেৱা জনাবলৈ শিকাইছিল, ঠিক যেনেদৰে শিকাইছিল গধূলি গাওঁৰ নামঘৰত ডবা, শংখ, বৰকাহঁ বাজিলে সেৱা জনাবলৈ৷ সুধিছিলোঁ এয়া কিহৰ শব্দ বুলি। যেতিয়া জানিব পৰা বয়স হ’ল, সেয়া এক ধৰ্মীয় আচৰণতকৈ মনক শান্তি দিয়া এটি মুহূৰ্তত পৰিণত হ’ল। হাতযোৰ কৰি সেৱা এটি জনোৱাটো এক অভ্যাসত পৰিণত হ’ল, যি অভ্যাস আজিও আছে ৷
এতিয়া জীৱন বাটৰ বহুখিনি পথ অতিক্ৰম কৰিলোঁ, জীৱনে বহু অভিজ্ঞতা দিলে। স্কুলত হাফীজৰ টিফিনৰ মলমলীয়া গোন্ধত জিৰণিৰ বেল পৰাৰ বহু আগতেই তাক হজম কৰাটো বিক্ৰমহতঁৰ নিয়মমাফিক কাম আছিল,ঈদৰ চেঁৱৈ খাবলৈ নোপোৱালৈকে মুখ ফুলাই বহি আছিল সিহঁত, সৰস্বতী পুজাৰ বেদী বনোৱাৰ পৰা মুৰ্তি অনাই দেৱী বিসৰ্জন নিদিয়ালৈকে এক ছেকেণ্ড সময় অপব্যয় নকৰিছিল হাফীজে। এতিয়া সিহঁতে ফেছবুকত ধৰ্মক লৈ বহুত যুক্তি তৰ্ক কৰে, ঈদ আৰু পূজাক লৈ উপলুঙা কৰে ইজনে সিজনক। কষ্ট হয় হৃদয়ত,আমিবোৰ এতিয়া হাফীজ বা বিক্ৰমহঁতৰ প্ৰিয় নহয়, কাৰণ আজিও সেই একেই পবিত্ৰতা অনুভৱ কৰোঁ যেতিয়াই শুনো মছজিদত আজান অথবা নামঘৰত ডবা-শংখ-বৰকাঁহৰ শব্দ৷৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments