অভিজ্ঞতা (ময়ুৰী দত্ত)

অভিজ্ঞতা

ময়ুৰী দত্ত

(১)

এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱলৈ কেইদিনমান বাকী থকা এটা দিনৰ দুপৰীয়াৰ কথা । হঠাতে ডাঙৰ ল’ৰাক জু ৰ’ডত থকা স্কুলৰ পৰা আনিবলৈ যাব লগা হ’ল । ছুটী হ’বলৈ ৪৫ মিনিট আছে, কমেও আধা ঘণ্টাৰ বাট নিজৰ গাড়ীৰে গ’লেও । চিনাকি অট’ চাৰিখনৰ এখনো নাই ভেটাপাৰাৰ ওচৰে পাজৰে, ৰেডিঅ’ টেক্সী, প্ৰাইম টেক্সীয়ে ইমান সোনকালে সেৱা আগবঢ়াব নোৱাৰে , ট্ৰেকাৰে-বাছে যাবলৈও কেইবাবাৰো সলনি কৰিব লাগে, ঘৰৰ পৰা এছোৱা খোজো কঢ়িব লাগে । ইফালে লগত তিনিবছৰীয়া কনিষ্ঠ পুত্ৰও । কি কৰোঁ ভাবি-গুণি গে’টৰ ওচৰ পাওঁতেই খালী অট’ এখন অহাত ৰক্ষা পালোঁ, বিশেষ দৰদাম নকৰাকৈ উঠি বহি, মাত্ৰ ৰাষ্টাত তিনি ঠাইত ২-৩ মিনিটৰ বাবে কিতাপৰ দোকান তিনিখনত ৰ’ম বুলি কৈ ললোঁ, আৰু প্ৰথমবাৰতে কামটো হৈ গ’লে আৰু ৰ’ব নেলাগে বুলিও জনালোঁ । চালকজনেও আপত্তি নকৰিলে, মোটা অংকৰ ভাড়া পাব, জু-ৰ’ডলৈ গৈ আকৌ গণেশগুৰিলৈ উভটিম, তাতে ইহঁতৰ দেউতাকে আমাক লগ ধৰিব আৰু আমি নিজৰ গাড়ীৰে গুছি আহিম ঘৰলৈ ।

গণেশগুৰি নাপাওঁতেই থকা এম পি বুক ষ্টলৰ ওচৰত ৰখাবলৈ ক’লোঁ । পূজা সংখ্যাৰ অসমীয়া আলোচনী গোটেইকেইখন তাতে পালোঁ, কিন্তু বেংগলী ‘দেশ’ আৰু ‘প্ৰাসাদ’ৰ বাহিৰে আন সকলো শেষ, “দেশ”ৰো সেইতো অন্তিম কপী । মনটো বেয়া লাগি আহিল, আচলতে এইবাৰ মোৰ খবৰ কৰাও দেৰি হ’ল । দুদিনমানৰ আগতে গ্ৰন্থমেলা শেষ হৈছে মাত্ৰ , গৃহিণীৰ মাহেকীয়া বাজেটৰ পৰা গ্ৰন্থমেলা, পূজাৰ আলোচনী, পূজাৰ বজাৰ সকলো মিলাবলৈ যাওঁতে এটা জটিল সমীকৰণ হয়গৈ । আৰু সকলো পৰিল আকৌ একেটা মাহতে । অংক মিলাওতে মিলাওতে বিচৰা বস্তু নাপালোঁ, এইখন দোকানত নাথাকিলে আনত পোৱাৰ সম্ভাৱনা যে তেনেই কম সেয়া আগৰ অভিজ্ঞতাৰ পৰা জানো । পোৱাকেইখনকে লৈ অট’ উঠিলোঁহি, আৰু ছিটৰ পিছফালে থৈ দিলোঁ ।

পূজাৰ বতৰ, ৰাষ্টাত ট্ৰেফিক জাম , যেনেতেনে ছুটী হোৱাৰ আগে আগে স্কুল পালোঁগৈ । কাতি মাহৰ ৰ’দ খুব চোকা তেতিয়াও । স্কুলৰ চৌহদত কিবাকিবি খেলা সামগ্ৰী আছে । দুয়োটাই খেলি খেলি নাহে, মোৰ ইফালে বেছি সময় ৰখালে ভাড়া বেছিকৈ দিব লগাৰ ভয় । দুইটাকে টানি-আজুৰি আনি অট’ত বহুৱালোঁহি । মোৰ সাৱধানবাণী নেওচি দুৱাৰ খুলি দিব পাৰে বুলি এখন হাতেৰে বজ্ৰমুঠিৰে ধৰি আছোঁ দুয়োটাৰে হাত, আন হাতত স্কুলৰ বেগ, ফ্লাস্ক, কান্ধত মোৰ নিজৰ বেগ । মাজে মাজে ফোনটো বাজে, ক’ত পালোহি সুধি থকা ফোন, আন ফোন ধৰা নাই। জু ৰ’ডৰ পৰা গণেশগুৰি পাবলৈ বহু বেছি সময় লাগিল । ভাড়াৰ বাবে টকা আগতেই উলিয়াই থৈছিলোঁ বাবেহে সুবিধা হ’ল । কিন্তু এতিয়া ৰাষ্টা পাৰ হ’ব লাগে, গাড়ী ইটো পাৰে । এনেয়েও প্ৰায়ে কৰ্তব্যৰত যানবাহন আৰক্ষীৰ সহায়তহে ৰাষ্টা পাৰ হওঁ , আগৰে পৰাই । পিছে এজনো নাই সেইদিনা । সৰুটোক কোলাত তুলি ল’লোঁ । দুই-তিনিজন পাৰ হ’বলৈ ৰৈ থকা মানুহৰ লগত প্ৰায় দৌৰি যোৱাদি গৈ গাড়ীত উঠিহে দীঘলকৈ উশাহ ললোঁ । স্কুল বেগ, ফ্লাস্ক, ল’ৰা সকলো থানথিত লগাওঁতেই অলপ সময় গ’ল । জটীয়াৰ ফালৰ প্ৰেছ এটাত অলপ কাম আছিল, অকলেই নামি গৈ কৰিলোঁ, বেছি সময় নেলাগিল, ১৫ মিনিটমানত । এইবাৰ ঘৰলৈ উভটিছোঁ । ইমান ভিৰ যে গাড়ী আগেই নেবাঢ়ে । ঘড়ীৰ কাঁটাই দুই ছোওঁ ছোওঁ কৰিছেগৈ ।

অলপ টোপনি অহাৰ দৰে লাগিছিল, ইমান সময়ৰ লৰাধপৰাৰ পিছত কিছু সকাহ পাই অলসভাৱে নিজকে এৰি দিছিলোঁ গাড়ীৰ ছিটত, এফ এমত ধুনীয়া গান এটা বাজিছিল । আধা টোপনি আধা সাৰপোৱা অৱস্থাতে মোৰ বেগত কিমান টকা থাকিব পাৰে হিচাপ কৰি আছোঁ, দৰ্জীৰ তাৰ পৰা কাপোৰ নিবলৈ আছে । ঠিক তেতিয়াই মনলৈ আহিল- আলোচনীৰ টোপোলাটো ক’ত থ’লোঁ , নামোতে এহাতে কোলাত সৰু পুত্ৰ, আনহাতত ডাঙৰটোৰ হাত, স্কুল বেগ, ফ্লাস্ক…..নাই, কিতাপৰ টোপোলা লোৱা মনত নপৰে, পাহৰিয়েই গ’লোঁ সেইসময়ত। নিজৰ অন্যমনস্কতাৰ বাবে নিজকে পাৰে মানে দূষিলোঁ । টকাও গ’ল, আলোচনীও, অসমীয়া কেইখনপালেও ”দেশ’খন আৰু নাপাওঁ । বাকীছোৱা ৰাষ্টা নিশ্চুপ হৈ আহিলোঁ মনৰ মাজত নিজকে গালি পাৰি পাৰি । দৰ্জীৰ তাতো সোমোৱাৰ ইচ্ছা নহ’ল ।

দুয়োটাকে হাত-ভৰি ধুৱাই, খুৱাই-বুৱাই নিজেও এবাগৰ দিলোঁ সিহঁতৰ লগতে । চিলমিলকৈ টোপনিৰ মাজতে দুবাৰমান কলিং বেলৰ শব্দ শুনিছোঁ, প্ৰায়ে ফেৰীৱালা, কোম্পেনীৰ এজেন্ট হয় । মই ওলাই নাযাওঁ প্ৰয়োজন নহ’লে , আমি আজৰি হোৱালৈ দেউতাই জিৰায়ো উঠে আৰু সেইখিনি চম্ভালে । আজিও তাৰ ব্যতিক্ৰম নহ’ল । ভাতঘুমটিৰ পৰা উঠি কিন্তু আবেলিৰ গৰম চাহকাপ নোখোৱাকৈয়ে মই সতেজ হৈ উঠিলোঁ দেউতাৰ মুখত কথাতো শুনি । দুচকু বহল হৈ পৰিল বিস্ময়ত, আনন্দত। দেউতাৰ হাতত মোৰ আলোচনীৰ টোপোলাতো, অট’চালকে দি থৈ গৈছেহি । গণেশগুৰিৰ পৰা দিবলৈ অহাতো মোৰ বাবে আশ্চৰ্যজনক, আমাৰ ঘৰলৈ ভাড়া অ’তি কমেও ১০০ টকা, অহা যোৱা কৰিলে ২০০ টকা, অথচ তেওঁ নিজৰ টকাৰে কিনা তেল পুৰি দি থৈ গ’লহি । দেউতায়ো কথাটো ধৰিব নোৱাৰি মোক জগাই নিদিলে, যাৰবাবে ধন্যবাদসূচক কথা এষাৰিও ক’ব নোৱাৰিলোঁ । আচল কথাটো জানি দেউতায়ো ইচইচাই উঠিল । ৰিক্সা, অট’ত থাকি যোৱা টকা, বেগ ঘূৰাই দিয়া চালকৰ কথা কেতিয়াবা পঢ়িবলৈ পাওঁ । কিন্তু আলোচনী ঘূৰাই দিবলৈ ইমানদূৰ অহা আৰু স্বয়ং মোৰ লগত ঘটা এইটো ঘটনা মোৰ বাবে বিস্ময়কৰ আৰু কিছু দুখেৰেও ভৰা, তেওঁক ক’ৰবাত লগ পালেও মই হয়তো চিনি নাপাম । কিন্তু এই অভিজ্ঞতাৰে চহকী হৈ যি সুখানুভতিৰে মোৰ মনটো ভৰি উঠিল তাৰ অনুভৱ আজীৱন মোৰ লগত থাকিব সেইটো নিশ্চিত ।

 

(২)

এইবাৰৰ সাহিত্য ডট্‌ অৰ্গৰ থীম সম্পাদকে ঘোষণা কৰাৰ পৰাই কেইবাটাও সুন্দৰ ব্যতিক্ৰমী লেখাই ন-স্বাদ দিছে, কঁপাই তুলিছে কেতিয়াবা আৱেগৰ জগতক, কেতিয়াবা জোকাৰি গৈছে চিন্তাজগতক । নাৰী তুমি অৰ্দ্ধাকাশ বুলি কোৱাৰ লগে লগে অৱধাৰিত ভাৱে নাৰী পুৰুষৰ চিৰন্তন সম্পৰ্কসমূহে ভুমুকি মাৰেই । মাতৃ-পুত্ৰ, ভ্ৰ্ৰাতৃ-ভগ্নী, বন্ধুবান্ধৱী, প্ৰেমিক প্ৰেমিকা , পতি-পত্নী প্ৰতিটো সম্পৰ্ক স্ব-স্থানত স্ব-গৰিমাযুক্ত । তাৰমাজতেই আন সম্পৰ্কৰ ক্ষেত্ৰত সাধাৰণ যেন লগা কিছু কথা পতি-পত্নীৰ মাজত সাধাৰণ হৈ নাথাকে, হয়তো এই সম্পৰ্ক অধিক সংবেদনশীল । অলপতে তেনে এক অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ , আগতে শুনি অহা কিছু কথাৰ বাস্তৱৰূপ দেখিলোঁ।

কলেজীয়া জীৱনৰ দুই বান্ধৱী , বিভাগ বেলেগ আছিল, বিশ্ববিদ্যালয়ো বেলেগ আছিল, কিন্তু খবৰ-খাতি পাই আছিলোঁ , মোৰ বিয়ালৈ দুয়ো আহিছিল, সংসাৰৰ ব্যস্ততাত মই তেওঁলোকৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিলোঁ, এগৰাকীৰ বিয়া হোৱা এবছৰ হৈছে, ধৰি ললো নাম লীনা,তেওঁৰ পৰাই আনগৰাকীৰো, ধৰি লৈছোঁ তেওঁৰ নাম অলকা ,খবৰ পাই থাকোঁ । অলকা গুৱাহাটীতে থাকে বুলি জানো, লগ পোৱা নাই, ফোন নম্বৰ আছে যদিও ফোন কৰা নহয় । আজিকালি ল’ৰা-ছোৱালীৰ ২ বছৰ হোৱাৰ লগে লগেই স্কুললৈ পঠিওৱাৰ কুৰুং কাৰাং আৰম্ভ হয় । প্লে’ গ্ৰুপ, প্ৰিপেৰেটৰী, নাৰ্চাৰী, কেজি- ইংৰাজী মাধ্যমত প্ৰথম শ্ৰেণী পাবলৈ এই চাৰিটা শ্ৰেণী পাৰ হৈ যাব লাগে । সৰু পুত্ৰৰ তিনি বছৰ হৈ গৈছে অলপতে, ইমানদিনে ওচৰৰে স্কুল এখনত গৈ খেলা-ধূলা কৰি আছিল, এইবাৰ প্ৰিপেৰেটৰীত নাম লগাবলৈ আন এখন স্কুলত আৱেদন কৰিছিলোঁ , আজিকালি এনে আবেদন পত্ৰবোৰত বহুতো কথা উল্লেখ কৰিব লাগে , মাক-দেউতাকৰ শিক্ষাগত অৰ্হতা, কোনে কিমান সময় সন্তানক দিব পাৰে, কেইটি সন্তান, সেইখন স্কুলত কিয় পঢ়াবলৈ বিচাৰোঁ, সৰু ল’ৰা-ছোৱালীক কিদৰে শিকাবলৈ আৰম্ভ কৰিব লাগে, সাধু কথা, খেলাৰ কি আৱশ্যকতা ইত্যাদি ইত্যাদি । ইণ্টাৰৰ্ভিউত মাক-দেউতাক দুয়ো থাকিব লাগিব, লগতে এনে ধৰণৰ প্ৰশ্নৰো মুখা-মুখি হ’বই লাগিব । প্ৰায়ে ইমান সৰু ল’ৰা-ছোৱালীৰ সাক্ষাৎকাৰ লোৱা নহয়, মাত্ৰ কথা বুজি পাইনে বা ৰং চিনি পায় নে সেয়া চায় । ডাঙৰ পুত্ৰৰ ক্ষেত্ৰত ভেবাচেকা খাইছিলোঁ, এইবাৰ অভিজ্ঞ । সেই একেখন স্কুলতে নিজৰ প্ৰথম সন্তানক নাম ভৰ্তি কৰিবলৈ অহা অলকাক লগ পাই খুব ভাল লাগিল । উভয়ে উভয়ৰ পৰিয়ালৰ লগত চিনাকি হৈ সুখী হ’লোঁ , কলেজৰ দিনবোৰলৈ মনত পৰিল, অলকা আৰু তাইৰ স্বামীয়ে অলপ ভয়ো খাই আছে, ছোৱালীজনীয়ে নাম সুধিলেও নকয় কেতিয়াবা । এইটো এটা সাধাৰণ সমস্যা, প্ৰায়বোৰ ল’ৰা-ছোৱালীৰে থাকে , তাইক সকাহ দিবলৈ চেষ্টা কৰিলোঁ , সম্ভাব্য প্ৰশ্নবোৰো ক’লোঁ । আমাতকৈ বহু পিছত তেওঁলোকৰ নাম আছিল লিষ্টত, সেইবাবে আমি অপেক্ষা নকৰিলোঁ । মাত্ৰ ফোনত কেনে হ’ল খবৰ দিবলৈ বাৰে বাৰে দোহাৰিলোঁ । সেইখন স্কুলতে ডাঙৰ পুত্ৰও পঢ়ি যোৱাত সৰু পুত্ৰই ছিট পাব বুলি আমি একপ্ৰকাৰ নিশ্চিত হৈ আছিলোঁ, আমাক সোধা কথাখিনিৰ উত্তৰো প্ৰত্যয়েৰেই দিছিলোঁ ।

মই অলপ উদ্বিগ্নতাৰেই অলকাৰ ফোনলৈ বাট চালোঁ পিছদিনাও, নিজে কৰিবলৈও অস্বস্তি পাইছোঁ । অলকাৰ ফোন নাহিল, আহিল লীনাৰ ফোন । আৰু তাইৰ কথাত এক্প্ৰকাৰ স্তম্ভিত হৈ পৰিলো । লীনা আৰু অলকা স্কুলতো একেলগে পঢ়িছিল, সৰুৰে পৰাই ঘৰে ঘৰে আহযাহ আছিল । লীনাৰ মাক চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী হিচাপে অৱসৰ লৈ গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ আমি পঢ়ুৱাবলৈ বিচৰা স্কুলখনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰীৰূপে যোগদান কৰিছিল, তেখেতো সিদিনা সাক্ষাৎকাৰ লোৱাসকলৰ ভিতৰত আছিল । মই এইবিষয়ে নাজানিছিলোঁ, আৰু তেখেতক কাহানিও লগ পোৱা নাছিলোঁ । অলকায়ো জনা নাছিল কিন্তু সেইদিনা তাত দেখি বুজি পালে কিবা এটা ধৰণেৰে লীনাৰ মাক স্কুলখনৰ লগত জড়িত । সকলোৱেই ফৰ্মখন চাই অলকা আৰু তাইৰ পতিক ইটো-সিটো সুধি আছে । এবাৰত তেওঁলোক দুয়োৰে শিক্ষাগত অৰ্হতাৰ কথা আহিল, দুয়োৱে নিজৰ কলেজৰ নাম তথা বিভাগৰ কথা ক’লে, সন্মানীয় বিষয়ৰ কথাও । সেইখিনিতে আহিল অস্বস্তিকৰ কথাটো । অলকাই কৈছে তাই স্নাতক উত্তীৰ্ণ, ফৰ্মত লিখাও আছে সেইদৰে অথচ লীনাৰ মাকে জানে অলকা স্নাতকোত্তৰ ডিগ্ৰীধাৰী । মাকে সুধিয়েই দিলে কথাটো, অলকা আৰু তাইৰ পতি অসহজ হৈ পৰিল। লীনাৰ মাকেও কথাটো অলপ অনুমান কৰিব পাৰি লিখোঁতে কেতিয়াবা ভুল হৈ যায় বুলি সামৰি থ’লে । মাকেই আহি লীনাক ফোন কৰি জনালে কথাটো, তাই আজিকালি অসমৰ বাহিৰত থাকে । তাই অলকাক ফোন কৰি সুধিলে আৰু অলকাৰ উত্তৰটো শুনি নিমাত হৈ পৰিল । অলকাৰ প্ৰেম বিৱাহ হৈছিল, সেইসময়ত তাইৰ প্ৰেমিক তথা স্বামীৰ মনত এই কথাটোৱে গুৰুত্ব লাভ কৰা নাছিল যে আনুষ্ঠানিক শিক্ষা অলকাৰ বেছি । কিন্তু বিয়াৰ পিছত কোনোবাই তাইৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে প্ৰশ্ন সুধিলে তাই ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বুলি দুই এবাৰ কোৱাৰ পিছত শাহুৱেকে ক’বলৈ মানা কৰিলে আৰু স্নাতক উত্তীৰ্ণ বুলি ক’বলৈ জোৰ দিলে । পতিয়েও একেটা কথাকে ক’লে । প্ৰথম অৱস্থাত তাই হতাশ হৈ পৰিলেও লাহে লাহে সহজ হৈ পৰিবলৈ চেষ্টা কৰিলে, আনকি চাকৰিৰ বাবে আবেদন কৰিলেও শিক্ষাগত অৰ্হতা স্নাতক উত্তীৰ্ণ বুলি লিখিবলৈ ল’লে । ক্ৰমাৎ সেয়া তাইৰ অভ্যাস হৈ পৰিল । বিয়াৰ আগতে এই বিষয়টো কেতিয়াও অৱতাৰণা হোৱা নাছিল দুয়োৰে মাজত । নিজৰ প্ৰিয় পুৰুষৰ এই ঠেক মনোবৃত্তিৰ কথা তাই কাকোৱেই ক’ব পৰা নাছিল, কিন্তু সেইদিনা কথাটো তেনেদৰে আনৰ আগলৈ অহাত আকৌ এবাৰ তাইৰ মনৰ দুখবোৰ উথলি উঠিল । লীনাৰ পৰা কথাবোৰ শুনি মনটো গধূৰ হৈ পৰিল । লীনাই অলকাক একো নক’লেও তাই লীনাৰ ওপৰত ক্ষুব্ধ , কিয় তাই সেই মিছা কথাটো মানি চলিছে । তাইক বুজাব নোৱাৰিলোঁ যে সংসাৰখন চলাই নিয়াৰ বাবে বিভিন্ন ক্ষেত্ৰত এৰা-ধৰা আহি যায় । অৱশ্যে মই নিজেও কথাটো মানিব পৰা নাছিলোঁ । পত্নীৰ উচ্চশিক্ষাই লাজত পেলাই নেকি কিছুমান পুৰুষক ? হীনমন্যতাৰ স্বীকাৰ হয় নেকি তেওঁলোক ? বৈবাহিক সম্পৰ্কৰ ভেটি পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা, বিশ্বাস, আস্থা, বুজাবুজি , ভালপোৱা । নিজৰ মাতৃ, ভগ্নী, বান্ধৱী, প্ৰেমিকাৰ শিক্ষাগত অৰ্হতাক লৈ আহুকালত নপৰা কিছুমান পুৰুষে পত্নীৰ ক্ষেত্ৰত ওলোটা মনোভাৱ দেখুৱাই কিয় ? মই ‘কিছুমান’ শব্দটো ব্যৱহাৰ কৰিছো , কাৰণ মই নিজে এনে দুজন পুৰুষক জানো যাৰ ভিতৰত এজনে বিয়াৰ পিছত নৱবিবাহিতা পত্নীক হোষ্টেলত ৰাখি স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগতে গৱেষণা সমাপ্ত কৰাৰ পিছতহে প্ৰকৃত অৰ্থত সংসাৰী হৈছিল । আনজনে নিজে উচ্চতৰ মাধ্যমিক পাছ কৰি এটা সৰু চাকৰিত সোমাইছিল, বিবাহৰ সময়ত পত্নী (মোৰ বান্ধৱী) স্নাতকোত্তৰ পাঠ্যক্ৰমৰ দুটা ষাণ্মাসিক বাকী আছিল । পত্নীক তেওঁ এবছৰ সম্পূৰ্ণ নিজৰ খৰছত পঢ়ুৱাইছিল কাৰণ ঘৰৰ অসন্মতিত বিয়াত বহা বাবে বান্ধৱীৰ ঘৰে তেওঁৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছিল ।

কিছু ব্যক্তিগত : কিছু সময়ত পতি-পত্নী বা ঘৰ দুখনে একো নাভাবিলেও মানুহে কিছু অদ্ভুত প্ৰশ্ন সুধি নিজৰ হীন মনোভাৱৰ পৰিচয় দিয়ে । আমাৰ বিয়াৰ সময়ত দুজনমানে মোৰ মা-দেউতাক কৈছিল ছোৱালীতকৈ কম পঢ়া ল’ৰালৈ কিয় বিয়া দিব খুজিছে , চৰুক সুধি চাউল বঢ়োৱা ঠিক নহয় ইত্যাদি । আকৌ মোৰ শহুৰ-শাহুক কোনোবাই কৈছিল ল’ৰাতকৈ উচ্চ শিক্ষিত ছোৱালী বিয়া পাতিলে তেখেতসকলক অৱমাননা কৰিবলৈ সুযোগ দিয়া হ’ব । আনুষ্ঠানিক শিক্ষাৰ তাৰতম্য পতি-পত্নীৰ সম্পৰ্কৰ পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা,বিশ্বাস, আস্থা, বুজাবুজি , ভালপোৱাৰ হীনদেঢ়ি ঘটাৰ কাৰণ কেতিয়াও হ’ব নোৱাৰে বুলি দৃঢ়বিশ্বাস, কিন্তু তথাপিও অলকাৰ পতি বা শাহুৰ দৰে মনোভাৱাপন্ন মানুহৰ সংখ্যা আমাৰ সমাজত এতিয়াও বহুত বেছি । আজিৰ যুৱচামৰ বেছিভাগেই এনে কথা গুৰুত্বহীন বুলি ভবাটো অৱশ্যেই এটি শুভলক্ষণ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments