অভিনয়:আবোল তাবোল চিন্তা (দ্বীজেন মহন্ত)

অভিনয়:আবোল তাবোল চিন্তা

দ্বীজেন মহন্ত


বৰ্তমান অসমত দূৰদৰ্শনৰ বাহিৰেও কেবাটাও টিভি চেনেল গঢ় ল’লে। বাতৰিৰ উপৰিও নানা মনোৰঞ্জনৰ কাৰ্য্যসূচী ২৪ ঘন্টাই চলিব ধৰিছে । কিন্তু প্ৰথম অৱস্থাত মানুহে যি দৰে এই অনুষ্ঠান সমূহলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, লাহে লাহে মানুহৰ আগ্ৰহ কমি আহিবলৈ ধৰিছে । ইয়াৰ বিভিন্ন কাৰণৰ লগতে অন্যতম কাৰণ হ’ল অভিনেতা অভিনেত্ৰীৰ পুতৌ লগা দুৰ্বল অভিনয় । একোখন অসমীয়া ধাৰাবাহিক চাই থাকিলে এনে লাগে যেন অভিনেতা সকল যেন পৰিচালকৰ দাসহে। কেৱল পৰিচালকৰ নিৰ্দেশ মানি লৈ চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ সমূহ ৰেল ষ্টেচনৰ কুলিয়ে কঢ়িওৱাদি কঢ়িয়াই লৈ গৈছে। প্ৰকৃততে জানো এজন অভিনেতা/অভিনেত্ৰীৰ পৰিচালকৰ নিৰ্দেশত চিত্ৰনাট্যকাৰে লিখি দিয়া সংলাপ কঢ়িয়াই নিয়াই কাম ? নিশ্চয় নহয়। আচলতে অভিনেতা এজন সৃষ্টিকৰ্তা । এজন অভিনেতাক সৃষ্টিকৰ্তাৰ মৰ্য্যদা দিয়া হয়। কাৰণ তেও নাট্যকাৰে লিখা প্ৰাণহীন সংলাপ সমূহত প্ৰাণ প্ৰতিস্থা কৰি দৰ্শকৰ হৃদয়ত প্ৰৱেশ কৰোৱাই। ই অভিনেতাৰ বাবে সত্যৰ অনুসন্ধান । এই সত্যক বিচাৰি পাবৰ বাবে অভিনেতাই পাণ্ডুলিপিৰ চৰিত্ৰৰ মাজত সোমাই এই সত্যক বিচাৰি পায়।এতিয়া কথা হল অসমৰ বিভিন্ন টিভি চেনেল বোৰলৈ মঞ্চৰ পৰা অভিনেতাৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে। প্ৰতিজনেই হয়তো মঞ্চৰ একোজন ভাল অভিনেতা, কিন্তু টিভিৰ পৰ্দাত দৰ্শকে তেওঁক মুঠেই হজম নকৰিলে। ইয়াৰ কাৰণ হল মঞ্চ আৰু টিভি দুয়োটাৰে অভিনয় কৌশলৰ ভিন্নতা আছে। সাধাৰণতে মঞ্চ অভিনেতাই ষ্টুডিঅ’ৰ মজিয়াত থকা কেমেৰা আৰু দৰ্শক একে বুলি ভবাৰ এক প্ৰৱণতা থাকে। ২য়তে অভিনয়ৰ মাত্ৰা সম্পৰ্কে অজ্ঞতা । টিভিৰ অভিনেতাই সদায় মনত ৰখা উচিত যে মঞ্চৰ অভিব্যক্তি(Expression)তকৈ টিভি কেমেৰাত বহু কমমাত্ৰাৰ অভিব্যক্তি প্ৰয়োজন । আমি ক’ব পাৰোঁ- মঞ্চৰ অভিব্যক্তিক ১০০০ৰে হৰণ কৰিলে যি
পোৱা যাব সি হব কেমেৰাৰ Expression.অভিনয় সত্যৰ অনুসন্ধান।অভিনেতাই সত্যৰ মাজত ডুবগৈ সত্যক বিচাৰি উলিয়াব লাগে।কিন্তু মঞ্চত যি ধৰণে সত্যৰ অনুসন্ধান চলে, টিভিত সেই ধৰণে নহয়।টিভিৰ অভিনয় হয়
কেমেৰাৰ সন্মুখত । এতিয়া কথা হল কেমেৰা এটা নিৰ্জীৱ বস্তু । ই চলাফুৰা কৰে কেমেৰামেন আৰু পৰিচালকৰ নিৰ্দ্দেশত । কেমাৰাৰ প্ৰধান সংঙ্গী হল পোহৰ।অভিনেতাৰ শৰীৰৰ সৈতে পাৰিপাৰ্শ্বিক পটভুমিক যুক্ত বা বিযুক্ত ভাবে
কেমেৰাই যিখিনিক গ্ৰহণ কৰে তাক আমি Shot বুলি কওঁ ।এই Shot বিভিন্ন নামৰ হয়, যেনে : Close-Shot, Long-Shot, Mid-shot,Mid-Long,Mid-Close,Big-Close ইত্যাদি।অভিনেতা একোজনে কেমেৰাৰ সন্মুখত অভিনয় কৰিবলৈ যাওঁতে এই shot সম্পৰ্কে সদাই সচেতন হব লাগে।এইখিনিতে মোৰ মনলৈ আহিছে কামাল হাচান আৰু ৰতি অগ্নীহোত্ৰী অভিনীত “এক দুজে কে লিয়ে”ৰ এটা দৃশ্যৰ কথা। ছবিখন নিশ্চয় বহুতে চাইছে।দৃশ্যটো আছিল কামাল হাচান আৰু ৰতি দুয়োৰ এক প্ৰেমালাপৰ। কামাল হাচানৰ মুখত কেমেৰা close-upৰ পৰা zoom-out হৈছে।কামাল হাচানৰ হাতৰ মাজত ৰতিৰ কোমল হাতখন।পুনৰ কেমেৰা ৰতি আৰু কামালৰ হাতত zoom-in কৰিছে।এইবাৰ কামালৰ মুখত কেমেৰাৰ Big-close।এই মূহুৰ্ত্তত আমি কামাল হাচানৰ মুখৰ সূক্ষ্ম অভিব্যক্তি দেখা পাওঁ।কামালে ৰতিৰ হাতখন মুখৰ ওচৰলৈ আনি আঙুলি এটাৰ ওলাই থকা নখৰ সুত এডাল কামুৰি চিঙি দিয়ে। সম্পূৰ্ণ দৃশ্যটোত হাত আৰু মুখৰ অভিব্যক্তি ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে যে তেতিয়াই আমি অনুভব কৰো যে ই যেন সঁচাকৈ ঘটি আছে। এয়াই সত্যৰ সন্ধান । কেমেৰাই যিকোনো অভিব্যক্তিকে ১০০০ গুণ ডাঙৰকৈ দেখে। গতিকে কেমেৰাৰ সন্মুখত অত্যন্ত সাৱধানে অভিনয় কৰিবলগীয়া হয়। এইখিনিতে উল্লেখ কৰা ভাল যে এজন প্ৰযোজকে প্ৰায়ে চলচিত্ৰৰ অভিনেতাক টিভিৰ ধাৰাবাহিক বিলাকত অভিনয় কৰোৱাব বিচাৰে।তাৰ দুটা কাৰণ।১) চলচিত্ৰ অভিনেতাৰ গ্লেমাৰ বিক্ৰী কৰি মুনাফা লোৱা।২)কেমেৰাৰ সন্মুখত সাৱলীল অভিনয় কৰিব পাৰে। বৰ্তমান আমি দৰ্শক হিচাপে যি সকল অভিনেতাক গ্ৰহণ কৰিছোঁ সেই সকল মুলত চলচিত্ৰৰ অভিনেতা। মঞ্চ অভিনেতা সকল মঞ্চত যথেষ্ঠ সহজ ভাবে অভিনয় কৰে কিন্তু চলচিত্ৰত সিমান সহজ বা সাৱলীল হ’ব নেৱাৰে । আতাইতকৈ আচৰিত কথা যে মঞ্চ অভিনেতা সকল চলচিত্ৰত যিমান সাৱলীল টিভিত কিন্তু সিমান সাৱলীল নহয়। সলিল দে নামৰ কলিকতা দূৰদৰ্শনৰ এজন অভিজ্ঞ প্ৰযোজক, পৰিচালক, অভিনেতা তথা চিত্ৰনাট্যকাৰ কৈছিল যে ভাল ভাল চলচিত্ৰ অভিনেতাও এই –তিনি ঠেঙীয়া ডিজিটেল যন্ত্ৰটোক ভয় কৰে।তাৰ কাৰণটো হল, চিনেমা আৰু টিভিৰ shot লোৱাৰ পদ্ধতি ভিন্ন । টিভিত Shooting কৰোঁতে অভিনেতাই নাজানে কেতিয়া কি shot লৈ আছে।কাৰণ সাধাৰণতে তিনিটা কেমেৰাই একে সময়তে বিভিন্ন shot লৈ থাকে । প্ৰযোজক আৰু সম্পাদকে online সম্পাদনা কৰি থাকে। ইয়াৰউপৰি, চলচিত্ৰৰ shooting কৰোতে সৰু সৰু shot লোৱা হয় বাবে অভিনেতাৰ মুখস্থ বিদ্যাৰ ওপৰত বেছি নিৰ্ভৰ নকৰিলেও চলে।কিন্তু টিভিৰ বাবে shootingত সেই সুবিধা নাপায়।[অৱশ্যে এটা কেমেৰাৰে shooting কৰাৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়।]গতিকে টেলিভিচনৰ অভিনয়ৰ ক্ষেত্ৰত অভিনেতাৰ প্ৰয়োজন এটা টেনচন-মুক্ত মন আৰু নিৰোগী দেহা । মনত অকণমান টেনচন আহিলে ই অতি কুন্ধচ ভাবে কেমেৰাত ধৰা পৰি যাব । এটা কথা প্ৰতিজন অভিনেতাই মনত ৰখা উচিত যে টেলিভিচনত বেছি ভাগেই close shot ব্যৱহাৰ হয় । প্ৰতিজন অভিনেতাৰ সংলাপ মনত ৰখা অৰ্থাত মুখস্থ বিদ্যা শক্তিশালী হব লাগিব। গতিকে দেখা গল যে টেলিভিচনৰ অভিনয় বেছি সূক্ষ্ম হব লাগিব।
টেলিভিচনৰ বাণিজ্যিক প্ৰযোজনা আৰু অভিনয়:
বৰ্তমান টিভিত যিবোৰ ধাৰাবাহিক বা অপেৰা চলি আছে তাৰ আঁৰত আছে একোটা বাণিজ্যিক উদ্দেশ্য । অৰ্থাত মুনাফা অৰ্জন । সেয়ে কোনো প্ৰযোজকে এটা shot ল’বৰ বাবে ২ বা ৩ বাৰৰ অধিক সুযোগ কোনো অভিনেতাকে দিব নোখোজে । কাৰণ প্ৰতিটো চেকেণ্ডৰ মূল্য বহুত । এক চেকেণ্ড অথলে যোৱাৰ অৰ্থ হল লাভ বা মুনাফা হ্ৰাস । সেয়ে অভিনেতাই নিজকে তেনে ধৰণে প্ৰস্তুত কৰা
উচিত ।
বাণিজ্যিক চিৰিয়েলৰ বাবে অভিনেতাক লাগে:
১)পূৰ্ণ অনুভূতিৰ এটা মন।
২)অতি প্ৰখৰ স্মৃতি শক্তি
৩)তৎক্ষণাৎ চৰিত্ৰ আৰু দৃশ্য বুজাৰ ক্ষমতা ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments