অভিভাৱকৰ সফলতা – প্ৰতিম প্ৰতাপ বৰুৱা

আপোনাৰ সন্তানে সুন্দৰকৈ ইউনিফৰ্ম পিন্ধি, পিঠিত বেগটো লৈ স্কুললৈ যাবলৈ ওলাইছে৷ সেই সময়ত সন্তানৰ মুখলৈ চাই আপোনাৰ নিজৰ সৰু কালটোলৈ মনত পৰেনে? আপোনাৰ মনত পৰেনে যে এসময়ত আমিও স্কুলীয়া ছাত্ৰ (ছাত্ৰী শব্দটোও লগতে সামৰিছো) আছিলো৷ স্কুলীয়া জীৱনৰ সেইবিলাক দিনত আমি পঢ়া-শুনাৰ লগতে আন কি কি কৰিছিলো সেইবোৰ কথা আজি আমাৰ বাবে এক মধুৰ সোঁৱৰণী৷ ছাত্ৰ হিচাপে পঢ়া-শুনাত আমি কি পৰ্য্যায়ৰ আছিলো সেয়া অৱশ্যে আজি সিমান গুৰুত্বপূৰ্ণ নহয়৷ কিন্তুু এটা কথা ঠিক যে পঢ়া-শুনাৰ ক্ষেত্ৰত আমি সকলোৱেই সেই সময়ত কম বেছি পৰিমানে সচেতন আছিলো৷ কৈশোৰত ছাত্ৰ হিচাপে আমাৰ সৰহসংখ্যকৰে মুখ্য উদ্দেশ্য আছিল পৰীক্ষাবিলাকত, বিশেষকৈ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰি ইঞ্জিনিয়াৰিং, মেডিকেল, ভেটেনেৰী, এগ্ৰিকালচাৰ আদি কিবা এটা লাইনত পঢ়িবলৈ ছীট এটা পোৱা৷ কিবা এটা লাইন ল’ব নোৱাৰিলেই জীৱনত আন একো নহ’বগৈ – আমি তেনেকৈ ভাবিবলৈ লৈছিলো৷ এই কথাবোৰ আমাৰ মনলৈ নিজে নিজে আহিছিলনে? নহয়, অভিভাৱক, শিক্ষকসকলৰ লগতে চৌপাশৰ কথাবিলাকে এই চিন্তাবোৰ আমাৰ মগজত ভৰাই দিছিল৷ আমাক কথাবোৰ তেনেকৈয়ে চিন্তা কৰিবলৈ শিকোৱা হৈছিল৷ ইয়াত আমাৰ অভিভাৱকসকলৰ বা শিক্ষকসকলৰ একো দোষ নাছিল৷ আচলতে সেই সময়ত সকলোৱে কথাবোৰ তেনেকৈয়ে ভাবিছিল, তাতকৈ দূৰলৈ বা তাতকৈ বেলেগকৈ একো নাভাবিছিল৷ কিন্তুু তাৰ ফলত আমাৰ মনবোৰত এটা প্ৰেছাৰৰ সৃষ্টি হৈছিল৷ সেই প্ৰেছাৰৰ মাত্ৰা ইমান বেছি আছিল যে আমি আন বিকল্পৰ কথা চিন্তা কৰিব নোৱাৰিছিলো৷ ফলত আমি আন বিকল্পবিলাকৰ বিষয়ে জানিবলৈও চেষ্টা কৰা নাছিলো৷ আমি মাত্ৰ পঢ়িছিলো আৰু পৰীক্ষা দিছিলো৷ ছাত্ৰাৱস্থাত আমি কাহানিও কেৰিয়াৰ সচেতন হোৱা নাছিলো৷ স্কুল-কলেজৰ পিছত, আনুষ্ঠানিক পঢ়া-শুনা শেষ কৰাৰ পিছত কেৰিয়াৰ গঢ়িবৰ বাবে যিখন প্ৰতিযোগিতামূলক পৃথিৱীৰ সন্মুখীন হ’বলগা হয় সেই পৃথিৱীখনৰ বিষয়ে আমি সেই সময়ত বিশেষ একো নাজানিছিলো৷ সেই পৃথিৱীখনত সফলতা লাভ কৰিবৰ উদ্দেশ্যেৰে ছাত্ৰাৱস্থাতে আমি নিজকে বিশেষভাৱে সাজু কৰিব নাজানিছিলো৷ সেইটোৱে আমাক কিমান ক্ষতি কৰিছিল সেয়া আজি আমি নিশ্চয় বুজি পাওঁ৷ সেইবোৰ সময়ত এইকেইটা এইকেইটা কাম কৰা হ’লে, নিজকে এনেকৈ সাজু কৰা হ’লে, এইকেইটা এইকেইটা পৰীক্ষা দিয়া হ’লে আজি জীৱনটো বেলেগ ধৰণৰ হ’লহেঁতেন – আজি নিজৰ ছাত্ৰজীৱনটোলৈ উভতি চাই মনলৈ এইধৰণৰ অনুশোচনা আহেনে? (দুটামান উদাহৰণ – মেট্ৰিক পৰীক্ষা দি উঠি যদি মই টাইপিং শিকিলোহেঁতেন তেন্তে আজি কম্পিউটাৰত মোৰ হাতখন বেছি খৰকৈ চলিলহেঁতেন৷ ৰসায়ন বিজ্ঞানৰ সলনি ৰাজনীতি বিজ্ঞানত অনাৰ্চ লৈ পঢ়া হ’লে আৰু একেসময়তে সমান্তৰালকৈ চিভিল ছাৰ্ভিচ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰি নিজকে সাজু কৰা হ’লে আজি কথাবোৰ অলপ বেলেগ ধৰণৰ হ’ব পাৰিলেহেঁতেন৷ বিজ্ঞানৰ স্নাতক হোৱাৰ ঠিক পিছতে বেংকৰ চাকৰিৰ বাবে পৰীক্ষা কিয় নিদিলো? ইত্যাদি৷ ) যদি আপোনাৰ মনলৈকো এনে ধৰণৰ অনুশোচনা আহে তেন্তে মোৰ কিছু চিন্তা আপোনাৰ সৈতে ভগাই ল’ব খুজিছো৷ মোৰ এই চিন্তাখিনিত আপুনিও নিজৰ চিন্তাৰ সংযোজন কৰিব পাৰে

.
আজিৰ ছাত্ৰ-ছাত্ৰীসকল আমাতকৈ বেছি কেৰিয়াৰ সচেতন, এইবোৰ বিষয়ত তেওঁলোকে আমাতকৈ বেছি কথা জানে, ভবিষ্যতৰ প্ৰতিযোগিতাময় পৃথিৱীখনৰ বিষয়ে তেওঁলোকে এতিয়াই আমাৰ সমান বা আমাতকৈও বেছিকৈ জানে, সেই পৃথিৱীখনৰ সন্মুখীন হ’ব পৰাকৈ নিজকে সাজু কৰিবৰ বাবে যিকোনো কষ্ট স্বীকাৰ কৰিবলৈ তেওঁলোক এতিয়াই সাজু – এইবোৰ কথা আমি অতি সন্তোষেৰে মানি ল’বই লাগিব৷ তেওঁলোকৰ এই কেৰিয়াৰ সচেতনতাৰ প্ৰতি আমি সন্মান জনাব পাৰিব লাগিব৷ এতিয়া এইক্ষেত্ৰত আমাৰ দায়িত্ব কি? মই নিজে এই প্ৰশ্নটোৰ সদায় সন্মুখীন হওঁ আৰু তাৰ সন্তোষজনক উত্তৰ বিচাৰি ফুৰো৷ অৱশ্যে পিতৃ-মাতৃ আৰু অভিভাৱক হিচাপে এই ক্ষেত্ৰত আমাৰ দায়িত্ব অপৰিসীম আৰু সেয়া মাত্ৰ কেইটামান বাক্যত লিপিবদ্ধ কৰিব পৰাকৈ নিৰ্দিষ্ট নহয় – সেয়া মই মানি লওঁ৷ এই দায়িত্বৰ অংশ হিচাপে আমি আমাৰ সন্তানসকলৰ বাবে বাবে কৰিবলগীয়া অনেক থাকিব পাৰে৷ কিন্তুু মোৰ বোধেৰে আমি তেওঁলোকৰ বাবে কৰিবপৰা সকলোতকৈ ডাঙৰ কামটো হ’ব – আমাৰ সন্তানসকলে যাতে আমাৰ বয়সত নিজৰ ছাত্ৰ জীৱনলৈ উভতি চাই আজি আমি কৰাৰ দৰে অনুশোচনা কৰিবলগীয়া নহয় সেয়া নিশ্চিত কৰা৷ সেই কামটো আজি আমি কেনেকৈ কৰিম তাৰ ওপৰতেই নিৰ্ভৰ কৰিব পিতৃ-মাতৃ আৰু অভিভাৱক হিচাপে আমাৰ সফলতা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক