অভিভাৱক হোৱাৰ গৌৰৱ -(অজয়লাল দত্ত)

-অজয়লাল দত্ত

অভিভাৱক হোৱাৰ গৌৰৱ

একমাত্ৰ সহোদৰ, ককাইদেউজন বিদেশত গৱেষণাৰত হোৱাৰ সুবাদতে কণমানি ভতিজাটিৰ অকন সান্নিধ্য তথা যতন লোৱাৰ সুযোগ পাইছো ৷ তাৰ সতে কৰা ধেমালি-ধুমুলা,  গুড-গুডিৰ খেল, নাকত নাক ঘঁহা, পেটত হেপাঁহ পলুৱাই ফু-মৰা আদিৰ মাজত সময়ৰ পাখিত উঠি মনে উভতনি যাত্ৰাৰে আকৌ শৈশৱৰ দিনলৈ দৌৰ মৰাৰ উপক্ৰম কৰে৷ মায়া নগৰীত কনমাণি অস্মিত মোৰ নতুন লগৰীয়া ৷

সিদিনা তাৰ প্ৰাক্-প্ৰাথমিক বিদ্যালয় খনৰ বছেৰেকীয়া অনুস্থানত অভিভাৱক  ৰূপে যোগদান কৰাৰ সুযোগ পালো ৷ স্কুলৰ নিজা অডিটৰিয়াম ৰখাটো যিহেতু  এই চহৰত সম্ভৱ নহয়, গতিকে অকণি দূৰৈৰ ৰাজহুৱা প্ৰেক্ষাগৃহ এটাতে এই আয়োজন ৷

প্ৰেক্ষাগৃহটো আকৌ ভাৰতৰ এজন গৌৰৱী পিতৃ তথা অভিভাৱক দীননাথ মংগেশকাৰ নাট্যগৃহ ৷ উপাধিটো উল্লেখ কৰাৰ পাছত আৰু তেওঁৰ কুকিল কণ্ঠী গায়িকা জীয়ৰীসকলৰ নাম লোৱাৰ প্ৰয়োজন নাই নিশ্চয় ৷ ভাৰত বিখ্যাত পাৰলে বিস্কুটৰ মূল কাৰ্যালয় তথা প্ৰতিস্থান থকা ভিলে পাৰ্লে নামৰ মুম্বাই এয়াৰ পৰ্টৰ নাতি-দূৰতে এই স্থান ৷ অট’ৰ পৰা নামি জিকমিকীয়া নৃ্ত্যৰ বাবে সাজ-পৰিহিত কণমানিটোক লৈ বৌৰ সতে প্ৰেক্ষাগৃহটোলৈ আগবাঢিলো ৷ ওখ চিৰিত বহু নতুন পিতৃ-মাতৃ, কণমানি সকলৰ সৈতে ৷ সকলো ছাত্ৰ-ছাত্ৰীয়েই গ্ৰুপ ডান্সৰ যোগেদি আজি মঞ্চ আৰোহন কৰিব ৷

“ আৰে দাদা কি খবৰ”,- চিনাকী যেন মুখ এখন দেখি হাতখন খামুচি ধৰিলো ৷ তেখেত যোৰহটীয়া ৰিকুদা, শ্ৰেয়া ঘোশালৰ মিউজিক টিমৰ লীড গীটাৰিষ্ট ৷ এওঁৰ  আত্মীয়ৰ কুটুম্বৰূপে মোক প্ৰথম টাইফয়ডত পৰি থাকোতে হস্পিতালতে তেওঁ  দেখা কৰিবলৈ যোৱা, সেয়ে চাগে ধৰিব পৰা নাই৷ (হস্পিতালৰ সেই বিশেষ কয়দীৰ সাজটোত এদিনহে দেখা!) তেখেতে থতমত খাই হিন্দীতে সুধিলে- “হ্যা আপ কেচে  হ্যে?”

মই বোলো-“ৰিকুদা, থওকহে আপোনাৰ হিন্দী,চিনি পোৱা নাই, মই অমুক  আক, হস্পাতাল!” এইবাৰ তেওঁ চিনি পাই হাতখনত প্ৰতি-খামোচেৰে সহাঁৰি জনালে ৷

“আপোনাৰ ছোৱালী পাল্কীও কি অঙ্কুৰ স্কুলতে পঢ়ে?”

“অ অ আজি তাই জীৱনত প্ৰথম মঞ্চত উঠিব, সেয়ে সকলো কাম এৰি আহিছো”, তেখেতে অতি উচাহেৰে ক’লে ৷ তাকেইটো দিনে-নিশাই, দেশে-বিদেশে মঞ্চতে পাৰফৰ্ম কৰা শিল্পী এজনৰ বাবে জীয়ৰীৰ প্ৰথম মঞ্চ আৰোহনৰ দিনটো কিমান আগ্ৰহৰ, হেঁপাহৰ আৰু গুৰুত্বপূৰ্ণ তেতিয়াহে অনুভৱ কৰিলো ৷ তেখেতৰ চকুলৈ চাই ক’লো- “আগবাঢ়ক দাদা, শুভেচ্ছাহে জনালো দেই” !

সেই সন্ধিয়াটোতে প্ৰথম বাৰৰ বাবে বহু শিশুৱেই সমাজৰ আগত এখন মঞ্চত আৰোহন কৰিলে ৷ প্লে-গ্ৰুপৰ কণমানি দল মঞ্চত, সশব্দে গাণ বাজি আছে, মঞ্চৰ কাষৰ পৰা শিক্ষয়ত্ৰীৰ হাতৰ ইংগিত ৷ নাই একো লৰচৰ নাই কাৰোৰে, লাইটৰ পোহৰৰ উজ্জ্বলতাৰ মাজত কণমানিহঁত আচলতে হেৰাই গৈছে ৷ সমুখত আকুল জনতা, আকুল পিতৃ-মাতৃ-অভিভাৱক-বাই-ভনী ৷  অনুভৱ হ’ল কণমানিহঁতৰ সমুখত এখন বহল পৃথিৱীয়ে তেওঁসৱৰ যি কোনো কলা-কৌশল  অথবা সফলতা চাবলৈ আগ্ৰহেৰে ৰৈ থকাৰ আকুলতাখিনি যেন কণমানিহঁতে আপোন কৰি লৈছে৷ ভয় ভাগিছে, এইবাৰ মন্ত্ৰ-মুগ্ধ হৈ ৰোৱাৰ সময়কণতেই যেন সিহঁতে পণ লৈছে, অনাগত দিনত সৱল ৰূপত ঘূৰি অহাৰ আকুল প্ৰতিশ্ৰুতি৷ অগণন হাত-জাউৰিৰ  উৎসাহৰ মাজতে এজাক শিশুৰ প্ৰথম মঞ্চাৰোহন সফল হ’ল৷

স্কুলখন ৩০ বছৰীয়া পুৰণি স্কুল ৷ সেয়ে তেখেতসকলৰ অভিজ্ঞ ব্যৱস্থাপনাবোৰ চকুত নপৰাকৈ নাথাকিল৷ ফটোগ্ৰাফী কৰিবলৈ নিদিয়ে, অযথা ভিৰ হয়, মঞ্চৰ সমুখত ৷ তাৰ ঠাইত প্ৰফেচনেল ফটোগ্ৰাফাৰে কণমাণিহঁতৰ প্ৰথম মঞ্চাৰোহনক সুন্দৰকৈ তুলি ৰাখিব, ২০টকাৰ বিনিময়ত আপুনি পাছত সংগ্ৰহ কৰক ৷ ভিডিঅ’ ৰেকৰ্ডিংৰ বাবেও দেখিলো বৰ ভাল কেমেৰাৰে প্ৰফেচনেল সাজু , ১৫০টকাৰ বিনিময়ত প্ৰফেচনেলৰ হাতত আপোনাৰ কণমানিৰ প্ৰথম প্ৰদৰ্শনৰ ডিভিডি, বৰ সুন্দৰ দেই ,  মনে মনে ক’লো ৷ চুমকি খচিত নীলা সাজত কনমাণিটোৰ সতে বৌয়ে ফটো উঠিলে, ২০টকা ৷ আচলতে ই টকাৰ সতে তুলনা কৰিবই নোৱাৰা ধৰণৰ স্মৃতিৰ টোপোলাহে! আন এটা কথা মন কৰিলো ২০জনতকৈ অধিক কণমানিয়ে ভাগলোৱা নৃত্যৰ দুবাৰ প্ৰদৰ্শন হয়, আগৰ লাইনৰ খিনি পাছলৈ, পাছৰ খিনি আগলৈ আহি ৰটেশ্বনত, যাতে কোনোৱে পাছ পৰি নাথাকে, ধন্য শিক্ষক! স্কুলৰ দিনলৈ মনত পৰি গ’ল, সুন্দৰ ব্যৱস্থাপনা খিনি পৰ্যবেক্ষন কৰি ভাল লাগি গল ৷ আমাৰ স্কুলীয়া খেল-ধেমালি, মইনা পাৰিজাতৰ সময়বোৰৰ স্মৃতিয়ে দোলা দিব খুজিলে !

তাৰ পাছৰ পৰ্যায়ত ক্ৰমে জুনিয়ৰ কেজি , তাৰ পাছত চিনিয়ৰ কেজিৰ কণমাণিৰ নৃত্য  প্ৰদৰ্শন ৷ কিছুমান শিশুৰ মাজত যি মূলা বাঢ়ে দুপাততে চিনবোৰ উজলি উঠিল ৷ জনপ্ৰিয় হিন্দী গীতৰ তালে তালে গা-ভাঁজ দিয়া কণমাণিবোৰৰ উদ্দাম হেঁপাহ দেখি মনটো আমাৰ বিহু মেলাৰ মৌ-কোঁৱৰ, মৌ-কুঁৱৰী নচাৰ কথা মনলৈ আহিল ৷ দুগৰাকী মানৰ ইমান সুন্দৰ লয়লাস-তালত মন মোহিত হ’ল যে এতিয়াই যেন আমাৰ গাঁৱৰ সংস্কৃতিপ্ৰমী উৎসাহী ৰাইজৰ দৰে মঞ্চলৈ উঠি গৈ দহটকীয়া নোট এখন বুকুত পিন মাৰি দি আহিমগৈ৷ লগতে তামোল চোবোৱা ৰঙা ওঁঠৰ একোটা চুমা ৷ পুৰষ্কাৰ নাপালেও নাই, তথাপি কোনোবাই মৰমতে টকা এটা পিন-মাৰি দিলেও আমাৰ বোৰ ঠাইত কণমানিবোৰৰ উৎসাহে পাৰ-ভঙা দিয়ে৷ ৰঙা-ওঁঠৰ তামোলৰ পিক গালত মোচিব পাৰিলেটো তামাম সফলতা ৷ আমাৰ মাইনাৰ গালত তিনিটাকৈ চুমা আৰু বুকুত পিন মৰা তিনিটা দহটকা বুলি কৰা অসমীয়া অভিভাৱকৰ বুকু-ফলা তুলনা চাগৈ কাৰোৰে লগতেই নহয়গৈ! পৰৰ-দেশ বুলি গঞা মনটোক যেনেতেনে দমাই ৰাখিলো !  ( লগতে মঞ্চৰ চকুত লগা মূলাবোৰলৈ আঙুলিয়াই দেখুৱাই দেখুৱাই ইঁহতৰ ভৱিষ্যত সুন্দৰ হবই জাতীয় কথাৰে কাষত বহা মাৰাঠী মানুহজনৰ কান খোৱাৰ আনন্দতে নিজকে বিলাই দিলো৷)

কাৰ্যসূচীৰ আৰম্ভণীতে কণমানি এগৰাকীয়ে শ্লোক-পাঠ কৰিলে সংস্কৃত লোক ৷ সেই বাণীৰ মাজতে কৰবাত পঢ়া কথা এষাৰ মনটোলৈ উৰি আহিল ৷ লিখা আছিল, বৰ্তমানৰ ভাৰতত নিজকে মহীয়ান কৰি তুলিবলৈ মাত্ৰ দুটা ভাষাত বুৎপত্তি লাভ কৰিলেই যথেষ্ট ৷ কথাই প্ৰতি সংস্কৃতৰ শ্লোক মাতি বেদ-বেদান্তৰ ৰেফাৰেন্স জাৰিবলৈ তথা অতি চহকী প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ অধ্যয়ণ তথা জ্ঞানেৰে সমৃদ্ধ হবলৈ ৷ আৰু গোলকীয় বজাৰত সলসলীয়া বিদেশী সুৰেৰে নিজৰ সামৰ্থ্যক প্ৰতীয়মান কৰিবলৈ, তথা পশ্চিমীয়া শিক্ষা-সংস্কৃতিৰ ভাল-বেয়া আহৰণ কৰিবলৈ আন এটা ভাষা ইংৰাজীয়েই যথেষ্ট৷ কৰ্পৰেট পৃথিৱীত এনে ক্লাছিক অৰটৰে ইংৰাজী আৰু সংস্কৃত শ্লোকৰ সঠিক প্ৰয়োগেৰে নিজৰ অশ্বমেধ ঘোঁৰা দৌৰাই থকা ইমান দিনে প্ৰত্যক্ষ কৰি আছিলো ৷

আজি মনেও ক’লে, এনে চিন্তাৰ বাবেই ৰাষ্ট্ৰতে ৰাষ্ট্ৰীয় ভাষা, ৰাজ্যতে ৰাজ্য ভাষা এলাগী হৈছে ৷ এই ৰাষ্ট্ৰীয় বা ৰাজ্য ভাষাত কথা ক’লে যেন দ্বিতীয় শ্ৰেণীৰ তলৰহে মানুহ, হীন-চকুৰেহে চাব, শ্বপিং মলৰ দ্বাৰ-ৰক্ষীয়েও টানমাত এষাৰহে দিব তেনেহেনহে লাগে! সেয়ে কণমানিটোকো প্ৰথমে এই দুটাত ভাষাতহে ফকাচ কৰাবৰ হেপাঁহটো উজাই আহিল, প্ৰথম শ্ৰেণীৰ নাগৰিক ৰূপে গঢ় দিয়াৰ সপোনে দেখাই অভিভাৱকৰ প্ৰথম দ্বায়িত্ব নহয় জানো?  (ভাৱনাহে দেই!)

তাৰ পাছতে এগৰাকী কণমানিৰ ইংৰাজীত দিয়া অনুপম ভাষণ ৷ বৌৱে কানে কানে ক’লে- “এই আমাৰ ইয়াৰ লগৰে, কিন্তু মাষ্টৰণীৰ জীয়েক”৷ লগে লগে আমাৰ নিজৰ আই মাতৃৰ কাষলৈ মনটো উৰা মাৰিলে ৷ শিক্ষক-শিক্ষয়ত্ৰীৰ সন্তানবোৰ আগবঢ়াই হয় নে আগৰণুৱা হোৱাৰ বেছি সুযোগ পায়, সেই কথাটোহে সঠিককৈ ধৰিব নেৱাৰিলো ৷ কিন্তু এটা কথা ঠিক যে এগৰাকী সচেতন, সুদক্ষা মাতৃৰ সন্তানে সহজেই আগুৱাবৰ সুবিধা পায় ৷ প্ৰতিটো শিল্পী দিৱস, ৰাভা দিৱস, মইনা পাৰিজাতৰ অনুষ্ঠান, বিহু আদিলৈ পুৱাই খোৱাই বোৱাই আনকি জিলাৰ সিমূৰৰ ওখমাটি মিংমাং পৰ্যন্ত মাত্ৰ মোকেই নহয় আন শিশু সকলকো লৈ ফুৰা মা-লৈ আকৌ এবাৰ শ্ৰদ্ধা জনাবৰ মন গ’ল৷ ফেচবুকৰ বুকুতে মাৰ ফটো এখন দেখা পাই বৰ্তমান বাংগালোৰত চফটৱেৰ ইঞ্জিনীয়াৰ ভাইটি এজন আৰু ডুৱাইৰ পৰা জেট এয়াৰৱেজৰ আৰ্ন্তজাতিক সেৱাত কৰ্মী মাৰ প্ৰাক্তন ছাত্ৰী এগৰাকীয়ে কমেণ্ট ৰূপে, বাইদেউৰ প্ৰেৰণাতে আমি আজিৰ আমি হব পাৰিলো বুলি লেখা কথাই মোৰ মনত দোলা দি গ’ল ৷ এগৰাকী শিক্ষয়ত্ৰী হিচাবে চাগে তাতোকৈ ডাঙৰ প্ৰাপ্তি নাই ৷ অৱসৰৰ পাছতো গাঁৱৰ শিশুসকলৰ লগতে খেলা কৰি থকা মাতৃৰ চৰণত সেৱা লোৱাৰ বাসনাটো পুনৰ বাৰ উজাই আহিল !

এইবাৰ ঘোষিকাই ইংৰাজীতে ঘোষণা কৰিলে জুনিয়ৰ কেজিৰ কনমাণিৰ কণ্ঠত ভজন শুনক ৷ মাইকত প্ৰথমটো স্তৱক সুন্দৰকৈ গায়েই কমমাণিয়ে মঞ্চৰ কাষৰ আঁৰ কাপোৰৰ আঁৰলৈ চাই চিঞৰি উঠিল-“মাম্মী…”৷ লগে লগে হলঘৰ ভৰি হাঁহিৰ ৰজনজন ৷ সেই একেই নাটক, আকস্মিক বক্তৃতাই হওঁক বা মৌ-কুঁৱৰীয়েই হওঁক, মাকে ঠেলি-হেচি বুজাই-বহাই মঞ্চলৈ পঠোৱা কণমানিয়ে মাজতে যে ভয় খাই কয়, “মা মই  আৰু নেগাও, ভ্যে ভ্যে…..” ৷ মজা লাগি গ’ল…৷

এইবাৰ আমাৰ ইয়াৰ গ্ৰুপ ডেন্সৰ বাবে নাম ঘোষণা কৰিলে, মাকৰ হাতত ধৰি আঁৰ কাপোৰৰ পাছফালে লুকাই পৰিল ৷ মঞ্চৰ লাইট জ্বলি উঠিল, সশব্দে স্পীকাৰত উচ্ছল সংগীত৷ নৃত্যৰত জাকটোৰ মাজত অস্মিতক দুচকুৱে আৱিস্কাৰ কৰিবলৈ ব্যস্ত হৈ পৰিলো, কাষৰ মাৰাঠী ভদ্ৰলোক জনেই আঙুলিয়াই দেখুৱালে এইবাৰ ৱহ দেখো, পিছে কী লাইন ম্যে…দেখো ক্যা মস্ত ডেন্স কিয়া হে চটুনে? আৰে হয়তো ঘৰত এবাৰো কৰি নেদেখুওৱা কণমাণিটোৱে দেখোন সংগীতৰ তালে তালে প্ৰতিটো ষ্টেপ মনত ৰাখি নৃত্য কৰিছে৷ না ককা-আইতাই নৃত্য কৰে, না মাক-দেউতাকে, অথচ ই, একেবাৰে মূলাৰ পাত চকুত লগাকৈ বাঢ়িছে, গোটেই জাকটোৰ মাজতে জিলিকি উঠিছে ৷ ধেমাজিৰ নলনিপমিয়া কণমানিটিয়ে সূদূৰ মায়া নগৰীত মংগেশকাৰ নাট্যগৃহত সুন্দৰ নৃত্য কৰিছে…কাষৰ মাৰাঠী মানুহজনে পুনৰ কৈ উঠিল- “ডান্স ক্লাছ ম্যে ডালো’ হা উচকো, অচ্ছা কৰেগা!”, মোৰ মাতটো থোকাথুকি হৈ আহিল, চুই চালো, চকু-দুটা সেমেকি উঠিছে ৷ সেয়াই চাগে অভিভাৱক হোৱাৰ গৌৰৱ! নতুন প্ৰজন্মৰ প্ৰতিভাত জিলিকি উঠা আনন্দৰ চকু-পানীৰ টোপাল কেইটা যেন সঁচাই বহুমূলীয়া…..৷ মাকেও নেদেখিলে মঞ্চৰ আঁৰত থকা বাবে, দেউতাকো বিদেশত, তাৰ মেক-আপ অমেন খুড়ীয়েকো ঘৰত, ককা-আইতা সকলো অসমত৷ পৰিয়ালৰ একমাত্ৰ হিচাবে স্ব-চক্ষুৰে প্ৰতিভা দেখি বুকুখন উফন্দি উঠিল, ভদ্ৰলোকজনক সগৌৰৱে শলাগ ললো , “চিওৰ চিওৰ!”

গান শেষ হল, এইবাৰ ৰুটেশ্বনত অস্মিত আগৰশাৰীত, চলচলীয়া চকুৰে তাৰ নাচ চাবলৈ লাগিলো, “বেণ্ড-বাজা-বাৰাতৰ এৱে এৱে মে-তু লুট গেয়ীত” হাত-চাপৰিৰে তাল দিবলৈ লাগিলো, সকলো স্বতঃস্ফুত!

 

আন কিছু পৰ্যবেক্ষণঃ

১. নতুন প্ৰজন্মৰ নামঃ কণমানি পাৰফৰমাৰ সকলৰ নামবোৰ মাতি যাওতে কান খোলা ৰাখি বিবেচনা কৰিবলৈ লাগিলো, বোলো কৰা যাওঁক নতুন প্ৰজন্মৰ নামাকৰণৰ এক তুলনামূলক সমীক্ষা ৷ অদি, অদা, অগ্নি, আকাশ, আশীষ, আয়ুস, অংশুমান, অৰ্ণৱ, অৰ্নশ, আৱিস্কাৰ…হয় হয় আৱিস্কাৰ কৰিলো যে অ-আ আখৰৰে নাম সৰ্বাধিক, আনবোৰৰ তুলনাত৷ সকলোকে আগ স্থান লাগে, মানে অন্ততঃ এলফাবেটিকেলি ৷ প্ৰথম বেন্সত বা তালিকাৰ প্ৰথম পৃষ্ঠাত ৷

মেট্ৰিকৰ ফৰ্ম ফিলাপৰ সময়তে আমাৰবোৰ মফচলীয় চহৰত নাম-সলনিৰ ধুম উঠে৷ মাক-দেউতাকে দিয়া আওপুৰণি নামটো এইটো সুৱৰ্ণ সুযোগতে কেতবোৰে চিৰদিনৰ বাবে বিদায় দি আধুনিক নামৰ ভূষণ পৰিধান কৰে ৷ মেট্ৰিক আৰু নকল, যেন দুটা একে মুদ্ৰাৰ দুপিঠিহে,  ( টিভিত এই কেইদিনৰ নকল যোগান লাইভ চোৱাৰ অনুভৱ!) সেয়ে নাম সলনি কৰোতেও নকল কৰাৰ বাবে সহজ হোৱাকৈ বহুতেই লাষ্ট বেন্স প্ৰিফাৰ কৰে৷ দাদাৰ লগৰ এজনৰ নাম B-ৰে আৰম্ভ হৈছিল, সিও গুণাগুঠা কৰি লাষ্ট-বেন্স পাবৰ বাবে সঠিক মানৰ সন্ধান কৰিলে৷ দাদাই তাক বুদ্ধি দিলে ZYX ৰাখ, অত্যাধুনিক নাম আৰু তাতে লাষ্ট-বেন্স পাক্কা! সি আইডিয়াটো নললে যদিও আমাৰ মনত থাকি গ’ল, কোনোবাই আজিৰ যুগতো সদ্-ব্যৱহাৰ কৰি উপকৃত হব পাৰে! পিছে সেই শেষৰ শাৰী কামনা কৰাজন এজন এতিয়া আমাৰ জিলাৰ আগৰশাৰীৰ কোটি-টকীয়া ব্যৱসায়ী! সহজ পথৰ সন্ধানৰ সেই তীখৰ মনৰ সদ্-ব্যৱহাৰৰ ফলাফল চাওক, সেয়ে এনেয়ে নকয়, যি মূলা বাঢ়ে……৷

২. গীতৰ কথাঃ

শিশুসকলক জনপ্ৰিয়তাৰ শীৰ্ষত থকা গীতৰ সংগীত যোগাবলৈ গৈ, শিক্ষক সকলে কি কৰি পেলালে চাওকচোন৷ এজাক কনমাণিয়ে জীৱনৰ প্ৰথম মঞ্চাৰোহনতে গীতৰ তালত হাতৰ মুঠি মাৰি ধৰি,মুখত কেৱল বুঢ়া আঙুলি ভৰাই প্ৰয়োজনীয় ষ্টেপটো ফল’ কৰিছে, পাতিয়ালা পেগ লগাকে ম্যে-টো কেহদুংগা কেহদুংগা…..এজাক কনমাণিৰ গণ-মদ্যপানৰ ষ্টেপে মোৰ মনটো কলীয়া ডাৱৰে ভৰাই আনিলে৷ জনপ্ৰিয় শিশুগীতৰ অভাৱত ভোগা সমাজ এখনলৈ দুখ লাগি আহিল, আমি কি কৰিছো এইটো বুলি কণমানিয়ে সুধিলে-উত্তৰ বিহীন এক অৱস্থা ! কলৈ গ’ল নৱকান্ত বৰুৱাৰ কেৰেলুৱাৰ ৰেল, গগন চন্দ্ৰ অধিকাৰীৰ সৃষ্টি৷ কোনোবাই হিন্দী-ইংলিচত কৰা ঐ, জনপ্ৰিয় শিশু উপযোগী গীতি-নৃত্যৰ প্ৰচাৰ৷ তৈয়াৰ হওক, তেওঁলোকেই অমৰ সৃষ্টিৰে প্ৰচাৰ পাওক অন্ততঃ ৰাষ্ট্ৰীয় মঞ্চত৷ চিঞৰি ক’লো, শুনোতাই শুনি-কৰিলে ভাল লাগিব!

 

৩. কি হব কনমাণিঃ

কোনো শিশুৱে টেলিফোনত আইতাকক কৈছে- মই আজি দেছি বয়জ নাচিম ৷

আইতাকে কৈছে- অ মোৰ পোনাকন, ভালদৰে নাচিবা দিয়া, আশীষ কৰিছো ৷

নাতিয়েও নাজানে, আইতাকেও! নাতিয়ে যে পুৰুষ বেশ্যা গীগলুৰ নৃত্য কৰিব!

সংস্কৃতিৰ সন্ধিক্ষণত এনেবোৰ আইৰণিৰ সমুখীন হোৱাৰ আগতে আমিও সজাগ হবৰ হ’ল ৷ আচলতে চিকনী চামেলী, দেছী বয়জত সিহঁতক কিহৰ ৰূপত মঞ্চত তুলি ধৰিব খুজিছো ৷ এইয়া অভিভাৱক সকলৰ চিন্তনীয় বিষয় নহয় জানো ৷

৪. শেষত আকৌ অভিভাৱকঃ

কণমাণিটিক নতুন বছৰৰ কেলেণ্ডাৰখনলৈ আঙুলিয়াই দেখুৱাইছো৷ সেয়া চা, মাদাৰ টেৰেচা আইতা! সকলোকে মৰম দিছিল, তয়ো দিবি দেই৷ সি মূৰ জোকাৰে৷ কেলেণ্ডাৰ খনৰ প্ৰতিচ্ছবিয়ে আমাৰ আজীৱন মনত অভিভাৱক বুলিলে কাক বুজা প্ৰশ্নৰ উত্তৰ থকা বুঢ়ী-আই গৰাকীলৈ মনত পেলাই দিয়ে৷ চি ইজ নট আডাৰ ডেন আৱাৰ অওন- খেৰসুঁতি ! খেৰসুঁতি মোৰ আদৰ্শ অভিভাৱক ৷ কেতিয়াবা ভাবো, ইয়াক কেনেকৈ খেঁৰসুতিৰ নাতিয়েক বনাব পাৰি, সৰ্ব-গুণাকৰ ৷ চেহ্ কণমানিটোক খেৰসুঁতি আইতাক দেখুৱাবলৈ ফটো এখনো নাই ৷ কল্পনাৰে অসমীয়া শিল্পী কোনোৱে সৃষ্টি কৰিব নেকি, নৱ-প্ৰজন্মক উপহাৰ দিবলৈ? আমিও কম এইয়া খেৰসুঁতি আইতা, তইয়ো তেওঁৰ নাতিল’ৰা কনৰ দৰেই হবি দেই! সেই বুলি লিখিব লওঁতেই ই আহি সুললিত কন্ঠৰে সুধিলেহিয়েই নহয়-“আপুনি কি লিখি আছে খু?”৷ মই উত্তৰ দিও দেই, সামৰিলো ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক