অভিশপ্ত কুলধাৰা (হিতেন্দ্ৰ কুমাৰ শৰ্মা)

 

Hitendra Sharma1ৰাজস্থানৰ জৈছলমেৰৰ এটা ধূসৰিত প্ৰান্ত। দূৰ-দূৰণি পৰ্যন্ত বসতি বিহীন, পৰিত্যক্ত জয়াল এখনি ঠাই৷ নাম কুলধাৰা। মৰুভূমিৰ তপ্ত বতাহৰ চো-চোৱনি আৰু ধূলিৰ ধুমুহাৰ বাহিৰে যʼত একোৰে অস্তিত্ব নাই। একোৰে অস্তিত্ব নাই বুলি কʼলে হয়তো ভুল হ’ব কাৰণ যিয়ে সেই ঠাই দৰ্শন কৰি আহিছে তেওঁলোকে কিছুমান অতি প্ৰাকৃতিক তত্বৰ অৱস্থিতি অনুভৱ কৰা বুলি দাবী কৰে। মোৰ নিজৰ সেই ঠাই দৰ্শন কৰাৰ সুবিধা আজিলৈ হোৱা নাই যদিও মোৰ সহকৰ্মী কেইজনমান কোম্পানীৰ কামত জৈছলমেৰলৈ যাওঁতে সেই ঠাইলৈ গৈছিল। জৈছলমেৰত থকা আমাৰ কোম্পানীৰ বায়ু ক্ষেত্ৰ (wind farm site)ৰ পৰা ১৫-২০ কি.মি. দূৰত্বতে এই কুলধাৰা গাঁও অৱস্থিত। সেই অঞ্চলৰ মানুহেও তাৰ কিংবদন্তি আৰু তাত ঘটি থকা ক্ৰিয়া-কলাপবোৰ বিশ্বাস কৰে।
কুলধাৰা ৮৪ খনমান সৰু সৰু গাঁওৰ সমষ্টি। ইয়াত বহুতো পৰিত্যক্ত প্ৰাচীন ঘৰ, বস্তি আদি আছে। পৰ্যটনৰ দৃষ্টিকোণৰ পৰা ইয়াৰে কিছুমান চৰকাৰে নৱীকৰণ আৰু সংৰক্ষণ কৰিছে। কিন্তু ৰাতি(সন্ধিয়া বেলি লহিওৱাৰ পিছত) সেই অঞ্চলত অকলে বা লগ-সংগ লৈও বিচৰণ কৰাত চৰকাৰী নিষেধাজ্ঞা আছে। গোটেই অঞ্চলটোত সীমা সুৰক্ষা বল(BSF)ৰ পহৰাৰ ব্যৱস্থা আছে। অৱশ্যে সীমামুৰিয়া ঠাই বাবে ৰাজস্থানৰ অন্য ঠাইতো বি.এছ.এফৰ উপস্থিতি দেখা যায়। কিন্তু কথিত আছে, কোনো মানুহেই অকলে সেই ঠাইত এৰাতি কটাব কৰিব নোৱাৰে। অনুমান কৰিব পাৰি যে নিশ্চয় এনে কথাবিলাক কিছু পৰিমাণে অতিৰঞ্জিত কৰি কোৱা হয়। কিন্তু সম্পূৰ্ণ অসত্য বুলি উৰুৱাই দিয়াও উচিত নহয়, বিশেষকৈ এই বিষয়ে পোৱা প্ৰমাণ বা অসংখ্য লোকে বৰ্ণনা কৰা অভিজ্ঞতাবিলাক শুনাৰ পিছত।
কুলধাৰাৰ ইতিহাস প্ৰাচীন। ইয়াৰ ৮৪ খনমান গাঁও সেই সময়ত জন-বসতিৰে পৰিপূৰ্ণ আছিল। ১২৯১ চনত ৰাজস্থানৰ পালিৱাল ব্ৰাহ্মণ সকলে এই গাঁওৰ প্ৰতিস্থা কৰিছিল। সেই ব্ৰাহ্মণ সকলৰ ভিতৰৰে এজনৰ অতি ধুনীয়া এজনী ছোৱালী আছিল। সেই অঞ্চলৰ ৰজাৰ সেই ছোৱালীজনীৰ ওপৰত চকু পৰিল আৰু তাইক পাবলৈ তাইৰ দেউতাকৰ ওচৰলৈ বাৰ্ত্তা পঠিয়ালে। কিন্তু ব্ৰাহ্মণজনে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে এইবুলি যে ব্ৰাহ্মণৰ কন্যা ক্ষত্ৰিয়লৈ বিয়া দিয়াটো সমাজ আৰু নীতিবিৰুদ্ধ৷ ৰজাই এই অপমান সহ্য কৰিব নোৱাৰি সেই অঞ্চলৰ পালিৱালসকলক অত্যাচাৰ কৰিব ধৰিলে আৰু শেষত ছোৱালীজনীক পাবলৈ বল প্ৰয়োগ কৰিবলৈ উদ্যত হʼল। অত্যাচাৰ সহ্যৰ বাহিৰ হোৱাত আৰু নিজৰ নিৰাপত্তাৰ খাতিৰত ব্ৰাহ্মণসকলে ৰাতিটোৰ ভিতৰতে গাঁও ত্যাগ কৰিলে আৰু লগতে ঠাইখিনি অভিশাপেৰে বান্ধি থৈ গʼল যে তাত কোনোৱে বসবাস কৰিব খুজিলে সি জীয়াই নাথাকে। এইটো ঘটনা ঘটিছিল ১৮২৫ চনৰ কোনোবা এটা ৰাতি। ৰহস্যটো এইখিনিতেই। ৮৪ খন গাঁওৰ মানুহ ৰাতিটোৰ ভিতৰতে কোনো শুং-সূত্ৰ নোহোৱাকৈ অন্তৰ্দ্ধান কেনেকৈ হʼল আৰু তেওঁলোক গʼল কলৈ? সেই সময়ৰ পৰা আজি পৰ্যন্ত কোনেও সেই অন্তৰ্ধানৰ বিষয়ে একো নাজানে। ওচৰ চুবুৰীয়া অন্য গাঁওৰ মানুহেও কেনেকৈ একো নেদেখিলে বা নাজানিলে? তেওঁলোকে আত্মহত্যা কৰিলে বা ৰজাৰ হাতত নিহত হ’লেও ৮৪ খন গাঁওৰ এজন মানুহো বাছি নগʼলনে? আৰু মৰিলেও তেওঁলোকৰ মৃতদেহবোৰ কেনেকৈ অদৃশ্য হʼল? নে কিবা যজ্ঞ-পূজা আদি কৰি পুৰাণ, মহাভাৰতত পোৱাৰ দৰে দেহত্যাগ কৰি শূন্যত বিলীন হৈ গʼল আৰু লগতে ঠাইখিনিক অভিশাপেৰে বান্ধি থৈ গʼল? এনেবোৰ প্ৰশ্নৰ আজিও কোনো উত্তৰ নাই। মোৰ নিজস্ব যুক্তি মতে, ৮৪ খন গাঁও হ’লেও সেই সময়ত নিশ্চয় জনসংখ্যা আৰু জন-বসতি যথেষ্ট পাতল আছিল আৰু সেয়েহে এই উক্ত অঞ্চলটোৰ জনসংখ্যা হয়তো কেইবাশ মানতকৈ বেছি নাছিল। গতিকে পূৰ্ব পৰিকল্পিতভাবে কেইবাশমান মানুহে ৰাতিটোৰ ভিতৰতে পলাই ৰাজ্যৰ সীমা পাৰ হৈ ৰজাই ঢুকি পোৱাৰ বাহিৰলৈ পলাই যোৱাটো একেবাৰে অসম্ভৱো নহয়। সেই একেই যুক্তিৰেই ৰাতিটোৰ ভিতৰতে ৰজাই সৈন্য লগাই দি নৰসংহাৰ কৰি মৃতদেহবোৰ নিশ্চিহ্ন কৰাটোও অসম্ভৱ নহয়। কিন্তু তেনে ক্ষেত্ৰতো এই ঘটনাৰ সাক্ষ্য দিয়া মানুহ থাকিব লাগিছিল। এই যুক্তি কুলধাৰাৰ বাসিন্দাসকল কেনেকৈ অদৃশ্য হʼল তালৈকেহে সীমিত। এতিয়াৰ কুলধাৰাত যিবোৰ ঘটনা ঘটে তাৰ সমিধান কাৰো হাতত সঠিককৈ নাই।
Hitendra Sharma2প্ৰেতাত্মাৰ বিচৰণ ভূমি :
কুলধাৰাৰ সেই অভিশপ্ত অঞ্চলত সোমোৱাৰ লগে লগেই কিবা এটা আচহুৱা ভয়ে চুই যায়। ৰাতি সেই অঞ্চলত প্ৰবেশ কৰা চৰকাৰীভাবে নিষেধ৷ কাৰণ বহুতো পৰ্যটকৰ লগত ইতিমধ্যে অঘটন ঘটিছে। যদি গৱেষণা বা অন্য কোনো কামত আপুনি যাব খোজে তেন্তে প্ৰৱেশদ্বাৰত থকা কাৰ্যালয়ত আণ্ডাৰটেকিং লিখি দি যাব লাগে ‘এণ্টাৰ এট অউন ৰিক্স’। বহুতো লোকে কয়, ভিতৰত সোমোৱাৰ পিছত কিছুমান অদ্ভুত শব্দ শুনিবলৈ পোৱা যায়। কিছুমানে অদৃশ্য কাৰোবাৰ স্পৰ্শও অনুভৱ কৰা বুলি কয়। গাড়ীৰ গ্লাছত সৰু সৰু শিশুৰ হাতৰ নিচান দেখা পোৱা আন এটা অভিজ্ঞতা। ৰাতি তাপমানৰ তীব্ৰ তাৰতম্য দেখা যায়। কোনো কোনো ঠাইত একেবাৰ শীতল পৰিৱেশ, ওচৰতে আন এটা বিন্দুত অত্যন্ত অস্বাভাৱিক গৰম। কিছুমান ছায়ামূৰ্ত্তি বিচৰণ কৰি থকা দেখা বুলিও কোৱা যায়। পেৰানৰ্মেল এক্টিভিটিৰ ওপৰত গৱেষণা কৰা দল এটাই নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াৰ ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে ʼঘোষ্ট বক্সʼ নামেৰে যন্ত্ৰ এটাৰ সহায়ত ভিন্ন ভিন্ন কম্পনাংকৰ শব্দৰে সেই আত্মা বা অদৃশ্য শক্তিৰ লগত সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰিছে আৰু সফল হোৱা বুলিও দাবী কৰিছে। তেওঁলোকে কোৱা মতে বেলেগ ‘ফিকুৱেন্সি’ৰে আত্মাৰ নাম সোধাত সেই একেই ‘ফিকুৱেন্সি’তে আত্মাই উত্তৰো দিছে নিজৰ নাম কৈ।
মুঠতে কুলধাৰাকলৈ কাহিনী আৰু কৌতূহলৰ অন্ত নাই। ইয়াৰে কিছুমান কাহিনী, প্ৰত্যক্ষদৰ্শীৰ অভিজ্ঞতা আৰু গৱেষণা আদিৰ পৰা ওলোৱা সিদ্ধান্তৰ ফলত মানুহৰ কৌতূহল আৰু বাঢ়িছেহে। পৰ্যটনো বৃদ্ধি হৈছে। যিয়েই নহওক, কুলধাৰা সদায় ৰহস্য হৈয়েই থাকিব৷ মাত্ৰ তাৰ ৰহস্যবোৰ সমাধান কৰিবলৈ আজি আমি অনুমানহে কৰিব পাৰোঁ৷ তাত থকা আত্মাবোৰ সেই গাঁওৰ বাসিন্দাসকলৰে প্ৰতিশোধৰ জ্বালাত জলি থকা অতৃপ্ত আত্মানে? নে সেই ব্ৰাহ্মণসকলে তাহানিতে তাত থাপি যোৱা ভূত, যখিনী আৰু অন্য অপশক্তি? সঁচাকৈ তাত আত্মা আছে নে মানুহৰ মুখ বাগৰি অহা কিংবদন্তি বিকৃত হৈ আজিৰ অৱস্থা পাইছে আৰু স্থানীয় লোকে নিজৰ লাভৰ বাবে এনে উৰাবাতৰি বিয়পাই আ্ছে? তেনেকুৱা হ’লে তাত সোমাবলৈ চৰকাৰী বাধা আৰু সাৱধানতাৰ জাননী কিয় থাকিব? ৰহস্যৰ যেন অন্ত নাই। সেয়ে পাৰিলে এবাৰ সেই ঠাইলৈ যোৱাৰ ইচ্ছা আছে। কিজানি কোনো অতৃপ্ত অশৰীৰিৰ দুখ বুজিব পাৰোঁৱেইবা। জৈছলমেৰলৈ গলে কুলধাৰা চাবলৈ নাপাহৰিব।
(তথ্যসমূহ ইণ্টাৰনেট আৰু প্ৰত্যক্ষদৰ্শীৰ অভিজ্ঞতাৰ পৰা লোৱা৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক