অভিশপ্ত ছাঁ (কল্লোল কুমাৰ বৰুৱা)


“মই জীয়াই আছোনে বন্ধু অৰিন্দম ? ”
মই সামান্য ভুৰু কোঁচাই তাৰ ফালে চালো ৷ ডিমলাইটোৰ পোহৰত কোঠালিটোৰ ভিতৰত সকলোবোৰ বস্তু স্পষ্টভাবে মনিব নোৱাৰিলেওঁ সন্মুখৰ মানুহজনক চিনিবপাৰি ৷ বেচেৰা কল্পই চাগৈ লাইটটো জ্বলাই দিওঁতে আমনি পাই সাৰ পালে ৷ পেছাতমই এজন সাধাৰন ডাক্টৰ আৰু কল্পজ্যোতি ফুকন মোৰ বহু পূৰনি বন্ধু ৷
লাহেকৈ ক’লোঁ “সম্পূৰ্ণ সুস্থ নহ’য় যেন লাগে অ’৷ আৰু অকনমান সময় ৰেষ্ট কৰিব পাৰা ”৷
সামান্য ইত:স্ততবোধ কৰি সি সুধিলে “চিগাৰেট এটা দিবানে ?”
-“নিশ্চয়” ৷
টেবুলত থোৱা লাইটাৰেৰে চিগাৰেটটো জ্বলাই থাকোতেই মোৰ দৃষ্টি তাৰ চকুকেইটালৈ যোৱাত মই নিজেই চক খাই উঠিলো ৷ ইমান ৰঙা কেনেকৈ হ’ল ?এনে লাগিল যেন সি একেৰাহে বহুৰাতি শোৱানাই ৷ কোনো নৰ্মেল মানুহৰ নৰ্মেল অৱস্থাত চকুৰ মনি ইমান ৰঙা হ’ব পাৰে জানোঁ ? কোঠালিটোৰ ভিতৰত জ্বলি থকা ৰঙা ডিমলাইটৰ ‘ৰিফ্লেকছন’ বুলি মনটোক সান্ত্বনা দি ৰাখিলো ৷ এয়াই চাগৈ ইল্যুছন ৷
-“এতিয়া কেনে লাগিছে ?
-বন্ধু সেই ৱালখনলৈ চোৱাছোন ৷
-কিয় ?কিবা আছে নেকি ?
-কানৰ ওচৰত ফুচফুচাই “তুমি কেইটা ছাঁ দেখিছা ?তিনিটা নহ’য়টো ?”
-কিয় ?মই দেখাত দুটা দেখিছোঁ ৷ এটা তোমাৰ আৰু আনটো মোৰেই ৷
-তেনেহলে ঠিক আছে ৷ সেইটো নোহোৱা হ’ল ৷ মই আজি মুক্ত ৷
তাৰ অদ্ভুত শব্দহীন হাঁহি আৰু আওভাও দেখি মই কিছু হতচকিত হ’লো ৷
-“কি হৈছিল তোমাৰ ? গোটেই দুপৰীয়াখন শুই থাকিলা আৰু এতিয়া এনেবোৰ কৰিছা যে ? কি হৈছে খুলিকোৱা ৷”
-“ক’ম ৷ ক’ম ৷ সমস্ত ঘটনাই খুলি ক’ম ৷” লাহে লাহে সি ক’লে “আৰে বন্ধু, ক’বৰ বাবেইটো তোমাৰ ওচৰলৈ ধপলিয়াই আহিছো ৷
-সমস্যাটো ক’ত ? হৈছে কি ?
-সমস্যাটো অইন ক’ৰবাতহে ৷
-ক’ত?
কথাটো কৈ কল্পই অদ্ভুত চাৱনিৰে মোলৈ চালে ৷ লক্ষ্য কৰিলোঁ তাৰ চকুদুটা যেন জ্বলি উঠিছে ৷
-মোৰ কথা বিশ্বাস কৰিবা ? সঁচাই কৰিবানে ?
-কিয় নকৰিম ?মই তোমাৰ বন্ধু ৷ তুমি নিৰ্ভয়ে কোৱা ৷
-শুনা তেনেহলে ৷অৰিন্দম তুমিটো জানাই মই থ্রিলাৰ লিখি ভাল পাওঁ ৷ মাজে মাজে দুই-এখন চিনাকি আলোচনীলৈ পঠিয়াওঁ ৷ এইবাৰ বিহু সংখ্যাৰ কাৰনে বিশেষকৈ আমাৰ ইয়ং জেনেৰেছনৰ টেষ্টৰ ওপৰত ‘বেছ’ কৰি অইন এখন আলোচনীৰ বাবে মোৰ সম্পাদক বন্ধু এজনে গল্প এটা বিচাৰিছিল ৷ তথাপিও কেনে ধৰনৰ লিখা বিচাৰি আছে বুলি সোধোতে ক’লে –“বিজয় , এইবাৰ কিন্তু ডিটেকটিভ থ্রিলাৰেৰে কাম নচলিব ৷ এনে এক বিভৎস চৰিত্রক লৈ লিখা ৷ হত্যা-ৰক্তাৰক্তি ৷ হত্যাবোৰৰ সাংঘাটিক চিকুৱেঞ্চ থাকিব ৷যেতিয়া গোটেইবোৰ ফৰ্মূলা জানাই আৰু অযথা পলম নকৰি লিখি পেলোৱা ৷”

কিবা এটা ক’ম বুলি ভাবিও বিশেষ একো নকৈ ট্রাই এটা দি চাম বুলি কৈ তাৰ অফিচৰ পৰা গুচি আহি মোৰ নিজা কামত লাগি গলোঁ ৷
ৰাতি ভাত খাই উঠাৰ পিছত যেতিয়া কথাটো চিন্তা কৰিলো –‘বোলো কথা দি আহিলো কিন্তু কিহৰ ওপৰত লিখিম’ ৷ বহু ভাবিলো কিন্তু তেনে ধৰনৰ চৰিত্র মনলৈ নাহিল৷ ভাবি ভাবি অবশেষত শেষ ৰাতিৰ পিনে চৰিত্রটোৰ লগত যেন কাহিনীও ফাইনেল কৰিলোঁ৷ কাহিনী এনেধৰনৰ হ’ব ৷চৰিত্রটোৰ নাম ৰখা হ’ল মিষ্টাৰ সৌৰভ চলিহা, ৬ফুট, মধ্যবয়সীয়া ৷ হঠাৎ তেওঁ ক’লা যাদুৰ ওপৰত গৱেষণা কৰিবলৈ মন কৰিলে ৷সেইমতে তেওঁ কামো আৰম্ভ কৰিলে ৷ ক’লা যাদুৰ কিতাপ এখন পঢ়ি গম পালে যেকেনেকৈ মানুহৰ কলিজা চয়তানক উৎসৰ্গা কৰি আৰু তেজ পান কৰি অমৰত্ব লাভ কৰিব পৰা যায় ৷ সেইখন কিতাপে তেওঁৰ মূৰ নষ্ট কৰি দিয়ে ৷ অমৰত্ব লাভৰ লোভত পৰি মিষ্টাৰ সৌৰভ চলিহাই এটাৰ ওপৰত এটাকৈ নাৰকীয় হত্যাকাণ্ড কৰি যায় ৷প্রথমে প্রতিৱেশী, তাৰপিছত বন কৰা ছোৱালী , আনকি নিজৰ স্ত্রী-পুত্রকো হত্যা কৰি তেওঁলোকৰ কলিজাবোৰ চয়তানক উৎসৰ্গা কৰি যাবলৈ লৈছিল ৷…..শেষত পুলিচ তেওঁক কৰায়ত্ত কৰে আৰু তেওঁৰ ফাঁচি হয় ৷ ভবা মাত্রকেই এইখিনিক লৈ কাহিনীটো যোগাৰ কৰি যিমানখিনি সম্ভৱ, লিখা কামখিনি আগুৱাই থলোঁ ৷

তাৰে প্রায় এসপ্তাহমান পিছত পাণ্ডুলিপিখন লৈ মোৰ সম্পাদক বন্ধুক দি আহিলোঁ ৷ তেওঁ পঢ়ি ভাল পালেআৰু তেওঁৰ ভাল লগা বাবে কিছু স্বস্তি মইয়ো পালো ৷
-চিগাৰেট আৰু এটা দিবানে ?
পেকেটটো আগুৱাই দি সুধিলো“তাৰপিছত ?”
আগৰ ষ্টাইলতে চিগাৰেটটো জ্বলাই লৈ মোৰ ফালে বনৰীয়া জন্তুৰ চাৱনিৰে ক্ষন্তেক চাই ৰ’ল ৷
-তাৰপিছত দুটা ৰাতি গতানুগতিকভাৱে পাৰ হ’ল ৷ তৃতীয় নিশা অলপ বেছি ভাগৰ অনুভৱ কৰিলো ৷ লিখি থাকোতে কেতিয়া যে শুই পৰিছিলো ক’ব নোৱাৰিলো ৷ এনেতে কাৰোবাৰ গলগলীয়া স্পষ্ট মাতত সাৰ পাই দেখো যে প্রায় ৬ ফুট ওখ, ব্লেক অভাৰকোট পিন্ধা মানুহ এজন মোৰ সন্মুখত থিয় হৈ আছে ৷ মই সেই থ্রিলাৰখনত লিখা কাহিনীৰ চৰিত্রৰ দৰে ৷ হুবহু ৷ মই যথাৰিতি চক্ খাই উঠিলো ৷ এইটো কেনেকৈ সম্ভৱ হ’ব পাৰে ৷ এক অজান শংকাতেই মোৰ গা শিঁয়ৰি উঠিল ৷ চৰিত্রৰ ৰহস্যময় মানুজনে ক’বলৈ আৰম্ভ কৰিলে -“ মিষ্টাৰ কল্পজ্যোতি ফুকন , আপুনি কি ভাবে নিজকে ? এনেবোৰ অপবাদ মোৰ ওপৰত জাপি দি সামান্য টকাৰ লালসাত য’তে ত’তে মোক বিক্রীকৰি ফুৰিছে ?
ভয়তেই কোনো মাতেই নোলাল মুখেৰে ৷ মই অকল মোৰ চৰিত্রৰ ৰহস্যময় মানুজনক ভালদৰে লক্ষ্য কৰিবৰ চেষ্টা কৰিলো ৷ তেনে চেষ্টা বিফল আছিল কাৰন , মই কেৱল মানুজনৰ ছাঁটোহে স্পষ্ট ভাৱে দেখিছিলো ৷ কিছু সাহস লৈ মইয়ো থোকাথুকি কম্পিত মাতেৰে বুজোৱাৰ সুৰত ক’লো “এইবোৰ গল্পহেআছিল…..কাল্পনিক….” মোৰ কথা শেষ নহওঁতেই সেই ছাঁ গৰ্জি উঠিল –“কাল্পনিক ?? মোক মাৰি পেলাই , মোৰ মৰমৰ মানুহকেইটাক মাৰি পেলাই আপুনি এতিয়া কৈছে কাল্পনিক!! ইয়াৰ উচিত মূল্য আপুনি দিবই লাগিব….ইউ হেভ টু পে ফ’ৰ ইট্মিষ্টাৰ কল্পজ্যোতি ফুকন ” গলগলীয়া ভয়ংকৰ মাতটোয়ে নিৰ্জনতা ভাঙি মোৰ বুকুফালি যোৱা যেন অনুভৱ কৰিলো ৷ অলপ সময়ৰ পিছত …প্রায় জপিয়াই উঠিলো! ঠিক তেতিয়াই ধপ্ কে কেন্দেলডাল নুমাই গল ৷ লগে লগেই প্রচণ্ড শব্দৰে বজ্রপাত পৰা যেন অনুভৱ হ’ল..! খিৰিকীকেইখন কঁপি উঠিল ৷

তাৰপিছত আৰু একোকেই মনত নপৰিল ৷ পিছৰদিনা পুৱা উঠি গম পাওঁ যে আমাৰ প্রতিবেশীৰ ঘৰত হুলস্থল ৷ কোনোবাই যেন বৰকৈ কান্দিছে ৷
মোৰ স্ত্রীয়ে বেড-টি দিওঁতেই কিবা এটা সোধাৰ আগতেই উত্তেজিত স্বৰত কলে—“জানে, যোৱাৰাতি কোনোবাই শইকীয়াদাক মাৰ্দাৰ কৰিছে..!”
প্রফেছৰ দিগম্বৰ শইকীয়া আমাৰেই প্রতিবেশী ৷
“টুকুৰা টুকুৰাকৈ কাটিছে ” স্ত্রীৰ চকু দুটাত আতঙ্কত বিস্ফোৰিত ৷ “সকলোতকৈ আচৰিত কি জানা “তেওঁৰ হৃৎপিণ্ডটো নাই , কোনোবাই যেন খুকুৰী লৈ গৈছে !”
মই আৰু একো নকলো৷ যোৱাৰাতিৰ কথা মনত পৰি গল ৷ এতিয়াওঁ যেন আতংকৰ ছাঁ মোৰ বুকুত বহি আছে ৷

বেড টি খালোঁ , কিন্তু খাই যেন ভাল নালাগিল ৷ মুখখনৰ পৰা যেন বৰ বেয়া দুৰ্গন্ধ ওলাইছিল ৷ গাটো কেনেবা লাগিছিল ,কেঁচা মঙহ চোবালে যেনে হয় ঠিক তেনেই লাগিছিল ৷ ভাবিলো ব্রাছ কৰিলে ঠিক হৈ যাব ৷ হয়তো ৰাতিৰ খাদ্য হজম নহল ৷
বাথৰুমত …জিভাখন সম্পূৰ্ণ ৰঙা…! তেজবোৰ তেতিয়ালৈকে শুকোৱা নাছিল ..! মই হতভম্ব ৷ এনে লাগিছিল যেন এতিয়াই বাগৰি পৰিম, লাহে লাহে ফ্ল’ৰখনত বহি পৰিলো ৷
বহোতেই অদ্ভুত বস্তুটো মোৰ চকুত পৰিল ৷ মই বহি থকা ছাঁটোৰ ঠিক কাষতেই আৰু এটা দীর্ঘদেহী ছাঁ ভাঁহি উঠিছে..! অ’ভাৰকোট, টুপি পিন্ধা..! সেইছাঁ মোৰ নহয় কিন্তু ঠিক মোৰ পিছফালেই ৷
তাৰপিছত দেখো সেই ছাঁটোৱে সৰীসৃপৰ দৰে পকী ৱালখনত বগাই ফুৰিছে ৷ গম পালো যে সি মোক নিষ্কৃতি নিদিয়ে ৷সৃষ্টিয়ে এইবাৰ স্রষ্টাক ধ্বংস কৰিয়েই এৰিব ৷

কাকো একো নকলো ৷ নিৰৱেদেখি গলো সেই ছাঁটোৰ কাণ্ড ৷ কোনো কাৰনতেই যেন মোৰ পিছ নেৰে ৷ মোৰ অদ্ভুত আচৰণ চাই মোৰ স্ত্রী অবাক আৰু আচৰিত হ’ল আৰু ভাবিলে হয়তো শইকীয়াদাৰ মৃত্যুৰ সংবাদত … …মই ভয় খাইছে ৷ সেয়ে এনে অৱস্থা ইত্যাদি ৷
ইয়াৰ ঠিক দুদিন পিছৰ কথা ৷

আমাৰ ঘৰৰ বনকৰা ছোৱালীজনী সিদিনা আবেলি অলপমান দেৰিকৈ আহিছিল ৷ মোৰ স্ত্রী-পুত্র ঘৰত নাছিল ৷ মই অকলেই আছিলো ৷

-চাহ একাপ খাবনে ভিনদেউ ?
অন্যমনস্ক হৈয়েই কলোঁ –“দিয়া” ৷
তাই গুচি গল ৰন্ধাঘৰলৈ ৷ শুনিলো বাচনবোৰৰ শব্দ, পানী পৰাৰ শব্দ …!
-“ কুমলীয়া ছোৱালী….কোমল হৃৎপিণ্ড..! ” হঠাৎ এছাতি ঠাণ্ডা বতাহে মোৰ কাণ চুই গল ৷ ফিচফিচাই যেন কলে-“কেনে লাগিব খাই? ”
সেইয়ে শেষ কথা… বিশ্বাস কৰা বন্ধু তাৰপিছত আৰু একো মনত নাই ৷ যেতিয়া জ্ঞান আহিল তেতিয়া দেখো ছোৱালীজনী মোৰ সন্মুখত পৰি আছে …ভীষণ আতঙ্কত চকুদুটি খোলা… গোটেই ৰন্ধাঘৰত ৰক্ত… মোৰ মুখত… হাতত… সর্বাঙ্গত…!!আৰু মৃতদেহটোৰ কাষত পৰি আছে ৰক্তমখা হ্রিংস এখন চুৰীকটাৰি ৷
কি কৰিম আৰুনকৰিম ? এক ভীষণ আত্মক্রন্দনত কম্পিত হৈভয়তে কান্দিলো ৷ আহ !কি কষ্ট..!মৃত্যুযন্ত্রণাৰ দৰে ৷ মই এটা জানোৱাৰ …জানোৱাৰ…! খুনী… চাইক’… অ’হঈশ্বৰ..!

কেইটিমান ক্ষন তেনেদৰে কটোৱাৰ পিছত ষ্ট’ৰৰুমৰ তাইৰ মৃতদেহটো পেলনীয়া বস্তুবোৰৰ স্তূপত লুকুৱাই থলো ৷
তেতিয়াই দৃষ্টি পৰিল সেই ছাঁটোলৈ…..মোৰ কাষত থিয় হৈ চাই আছিল মই কি কৰিছো ৷
সজোৰে কৈ উঠিলো নাই নাই মই তাৰ আগত হাৰিব নোৱাৰো, এতিয়াই কিবা এটা কৰিব লাগিব ৷
ততাতৈয়াকৈ তেজৰ দাগবোৰ আগৰদৰেই মচি ৰাখিলো ৷ঠিক গা ধুবলৈ সোমাইছিলোহে , এনেতে মোৰ স্ত্রী আহি পালেহি আৰু সুধিলে ইমান সন্ধিয়াতেই গা ধুবলৈ গৈছাযে ?

কি কম ভাবি নাপাই কলো “এনেয়ে মন গ’ল”
তেওঁ মোক যেন এবাৰ জুখি ল’লে ৷
“চামেলী আহিছিলনে ?”
চামেলী আমাৰ বনকৰা ছোৱালীজনীৰ নাম ৷

“নাই ৷ অহা নাই ৷”- বুলি কৈ থলো ৷
মোৰ সহধৰ্মিনীয়ে বিৰক্তিৰে মুখৰ ভিতৰতে কিবা কিবি বকবকাই পাকঘৰত সোমাই ক’লে “যদি তাই নাহিল তেন্তে বাচনবোৰ কোনে মাজিল?”
বাথৰুমৰ ভিতৰৰ পৰাই উত্তৰ দিলোঁ –“মই মন গ’ল,মাজি থলো ৷”
সেইৰাতি সকলোৱে যেতিয়া শুই পৰিছিল মনে মনে ৰন্ধাঘৰলৈ গৈ যিমান য’তচুৰী,কটাৰী আছে এই গোটেইবোৰ একেলগে গোটাই লৈ, বান্ধি টোপোলা কৰি ৰাস্তাৰ দাঁতিত থকা ডাষ্টবিনটোত পেলাই থৈ আহিলো ৷ নাই, মই হাৰিব নিবিছাৰো ৷

এই সমস্ত কামবোৰ কৰি লোৱাৰ পিছত যেনকিছু স্বস্তিবোধ কৰিলো ৷ নিচিন্ত হ’লোএইবাৰ আৰু একো নহ’ব বুলি ৷ সকলো ঠিকেই আছে…সকলো ঠিকেই আছে ,বুলি মনটোক সান্তনা দিলো ৷

শোৱাৰ আগতে সেই ছাঁটো মোৰ আকৌ চকুত পৰিল ৷ দেখো যে সি আগৰদৰেই পকীবেৰখনত ঘূৰি আছে ৷ কিন্তু আজি যেন ছটফটাই খোজকাঢ়ি আছে ৷ মই তৃপ্তিৰ হাঁহিলোঁ ৷ যা হওঁক , তাক হৰুৱালো ৷ সি মোক আৰু কষ্ট দিব নোৱাৰে ৷

মনত একধৰনৰ বুজাব নোৱাৰা শান্তি লৈ শুৱলৈ গলো ৷ ধুনীয়া মানে বৰ সুন্দৰ টোপনি হ’ল ৷ যাক ক’য় সুখৰ টোপনি ৷
পিছৰদিনা বহু দেৰিকৈ টোপনি ভাঙিল ৷ ঘড়ীটোলৈ চাওঁ ,প্রায় ১২ টা বাজে ৷ আচৰিত হ’লো মোৰ স্ত্রী নীতাই(মৰমতে মতা , তেওঁৰ নাম নবনীতা ) মোক আজি জগোৱা নাইযে !! বেড টি কনো দিয়া নাই ৷ মোৰ কাষত শুইয়ো থকা নাই !! হ’ল কি ?
সামান্য অবাক হৈ উঠি বহোতেই চকুত পৰিল সেই দৃশ্যটো !
মোৰ দুয়োখন হাতত ৰক্ত, গোটেই গাতেই তেজ…..গোটেই মুখতেই তেজৰ দাগ..!!!

বুকুৰ ভিতৰখনত কিহবাই লৰচৰ কৰি যেন কঁপি উঠিল ৷ মোৰ আৰু কোনো জ্ঞান নাথাকিল ৷লৰ মাৰি গ’লো …বাৰাণ্ডাত নাই ….বাথৰুমত নাই….ছাদত নাই….ক’তো নাই, নাই ঘৰটোতে নাই ৷
…হঠাৎ মোৰ টেবুলখনৰ ওপৰত চকু পৰিল….! তাতে এটা পাত্রত দুটা হৃৎপিণ্ড সজোৱা আছিল ৷ এটা সৰু……….আৰু আনটো ডাঙৰ…!!!!!!

কথাখিনি কৈয়েই মোৰ বন্ধু কল্পজ্যোতি ফুকনে সজোৰে কান্দি পেলালে ৷ মই হত্যা কৰানাই সিঁহতক ৷ বিশ্বাস কৰা বন্ধু ৷ মই কেনেকৈ মোৰ মৰমৰ নীতাক হত্যা কৰিবপাৰো??
বাকীবোৰ কথা কান্দোনৰ শব্দত একাকাৰ হৈ গল ৷ মই ৰুদ্ধশ্বাসত তাৰ কথাবোৰ শুনি আছিলো ৷

অসম্ভৱ যন্ত্রণাত কল্পজ্যোতিয়ে হাহাকাৰ আৰ্তনাদ কৰি উঠিল— “মোৰ আৰু কোনোনাই অ’ বন্ধু অৰিন্দম বৰুৱা ৷ কোনো আৰু বাকী নাথাকিল ৷ মই এজন চাইক’ ৷ মইএজন খুনী ৷মই এটা জঘন্য কাম কৰিলো ৷ মোৰ কোনো ক্ষমা নাই ৷ মই এটা হ্রিংস জানোৱাৰ, কি কৰিম মই ! জীয়াই থকাৰ যোগ্যতা মোৰ আৰু নাই ৷ সেইকাৰনেই মই আজি মোৰ একমাত্র বন্ধু তোমৰ ওচৰলৈ আহিছোঁ ৷ কি কৰিম মই কোৱা ??? মইমই….”
-“তুমি খুনী”
কল্পজ্যোতিয়ে তাৰ অস্পষ্ট মুখখন তুলি অৰিন্দমৰ ফালে চায় ,তাৰ চকুবোৰ চিকমিকাই উঠিল ৷
-“এই মুহূৰ্ততে তোমাক পুলিচত দিয়া উচিত” ৷
– হয়..পুলিচত দিয়াই ভাল হ’ব….উচিত হ’ব….ফোন কৰি এতিয়াই মাতা পুলিচক” ৷

ৰুমটোত তেতিয়া কল্প শুই আছিল বাবে অৰিন্দমে ডিমলাইটোহে জ্বলাই থৈছিল ৷ ফোন কৰিবৰ বাবে নিয়ন লাইটটো অন কৰিবৰ প্রয়োজন হ’ল ৷
কিন্তু লাইটটো অন কৰিয়েই তীব্র চিৎকাৰ কৰি উঠিল অৰিন্দমে !!
ৰুমটোত থকা গোটেই বস্তুবোৰ যত যেনেকৈ থাকিব লাগে আছিল ৷ অৰিন্দমৰ ৰুমৰ বেৰখনত দুটা ছাঁ তেতিয়া মুখামুখিকৈ বহি আছে ৷ কল্পজ্যোতি ফুকনে হুপি থকা চিগাৰেটটোৰ জুই তেতিয়াও জ্বলি আছে !!!

কিন্তু……… শূন্যত !!

আৰু কোনো নাই !!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments