অভিশপ্ত বিছনাখন (অয়ন উত্তম)

 

ক্ৰেছ্ছ… হঠাৎ খুব জোৰেৰে ‘ব্ৰেক’ মাৰি গাড়ীখন ৰখালে গৌতমে। কাষৰ ছিটত চিলমিল টোপনিৰ আমেজত বহি যোৱা জিতুৱে চিঞৰ মাৰি উঠিল- “কি হ’ল ঐ? এনেকৈ হঠাৎ ব্ৰেক মাৰে নেকি? কোনোমতে আয়নাত খুন্দা নমৰাকৈ ৰ’লোঁ!”

দৰ্জাখন খুলি গৌতম লৰালৰিকৈ বাহিৰলৈ ওলাই আগচকাৰ তললৈ চালে। পুনৰ গাড়ীখনৰ টুলবক্সৰ ভিতৰৰ পৰা টৰ্চটো উলিয়াই গাড়ীখনৰ তললৈ মাৰি পঠিয়ালে। আচৰিত হৈ গৌতমৰ কাণ্ডবোৰ লক্ষ্য কৰি থকা জিতুও এইবাৰ বাহিৰলৈ ওলাই আহিল।

– কি হ’ল ক’বি নে? -গৌতমৰ কান্ধত হাত থৈ জিতুৱে প্ৰশ্ন কৰিলে।

– এজনী কণমানি ছোৱালী গাড়ীখনৰ আগত পৰিছিল। হঠাৎ ক’ৰপৰা ছোৱালীজনী ওলালে ক’বই নোৱাৰিলোঁ। ইমান ৰাতি ছোৱালীজনীয়ে ৰাস্তা পাৰ হোৱাৰ সময়ত মোৰ গাড়ীখনেই আগত পাব লাগে নে? কিন্তু গাড়ীত খুন্দা লগাৰ শব্দও হোৱা নাই! ক’ত যাব পাৰে ছোৱালীজনী বাৰু? -নিজৰ মাজতেই কথাবোৰ কৈ কৈ পুনৰ ড্ৰাইভিং ছিটলৈ ঘূৰি আহিল গৌতম।

– ঐ, মালৰ নিচা বেছি হ’ল নেকি? নামচাইৰ পৰা চৌখামলৈকে এটা মানুহ নেদেখিলোঁ, গোটেইখন অকল জংঘল জংঘল, না এখন দোকান, না এটা ঘৰ! তই আকৌ কোনজনী ছোৱালীক গাড়ীৰে খুন্দা মৰা দেখিলি? মহাদেৱপুৰৰ তোৰ মোমায়েৰৰ ঘৰৰ ‘ঘৰুৱাখিনি’য়ে বেছি নিচা লগাইছে। ব’ল ব’ল। সোনকালে গৈ পালেই হয় আৰু। যেনেতেনে মনীষহঁতৰ ঘৰ পালেই হয় আৰু। নিশাটো কটাই পুৱাই পৰশুৰাম-কুণ্ডলৈ যাব লাগিব। কেইটা বাজিল? -জিতুৱে সুধিলে।

– বাৰ বাজিবলৈ এতিয়াও সাত মিনিট আছে। তই বিশ্বাস নকৰিলে নাই, কিন্তু মোৰ চকুৰে ইমান ভুল নেদেখোঁ। বাৰু তই চিগাৰেট এটা জ্বলা। গৈ থাকোঁ।

ঘৰ্ঘৰ্… ঘৰ্ঘৰ্… ঘৰ্ঘৰ্…। নাই, বাৰে বাৰে চেষ্টা কৰিও গৌতমে গাড়ীখন ষ্টাৰ্ট কৰিব নোৱাৰিলে। পুনৰ নামি আহিল দৰ্জাখন খুলি। বনেটখন খুলি কিবা এটা পৰীক্ষা কৰিলে। পুনৰ ড্ৰাইভিং ছিটলৈ গৈ ষ্টাৰ্ট কৰিলে। ওহোঁ। ঘৰ্ঘৰ ঘৰ্ঘৰ শব্দৰ বাহিৰে ষ্টাৰ্ট হোৱাৰ কোনো লক্ষণেই দেখা নগ’ল। বাহিৰত ঘোপমৰা আন্ধাৰ। ৰাস্তাৰ দাঁতিত ওখ ওখ গছবোৰ দৈত্যৰ দৰে থিয় হৈ আছে। জিতুৰ মুখত বিৰক্তিৰ চিন। চিগাৰেটটো জ্বলাই সি নামি আহিল। গৌতমো নামি আহিল।  কিছু সময় কাৰো মুখত একো কথা নাই।

– কি হ’ব এতিয়া? কি কৰিম বুলি ভাবিছ? -জিতুৱে ৰ’ব নোৱাৰি গৌতমক সুধিলে।

– হুমমম। কিখন হৈছে ময়ো ধৰিব পৰা নাই। চৌখামৰ বৌদ্ধ মন্দিৰটো পাৰ হৈ পাঁচ কিলোমিটাৰমান আহিলোঁ যেন লাগিছে। এতিয়া ইয়াতে ৰৈ ৰৈ বেলেগ গাড়ী আহে নেকি অপেক্ষা কৰাৰ বাহিৰে কি কৰিম আৰু? মেকানিক যে পাম আশা দেখা নাই। এটা কাম কৰচোন, অলপ ঠেলি গাড়ীখন ৰাস্তাৰ দাঁতিলৈ লৈ যাওঁ। পিছফালৰ পৰা অলপ জোৰ দিলেই হ’ব! -গৌতমে চিন্তিত সুৰত জিতুক ক’লে।

দুয়ো যেনেতেনে ঠেলি ঠেলি গাড়ীখন ‘ছাইড’ত ৰখালে। জিলিৰ মাতৰ বাহিৰে একো শুনা পোৱা নগ’ল। এনেদৰে প্ৰায় ৪৫ মিনিট সময় পাৰ হ’ল। গাড়ী নালাগে, চাইকেল এখনৰো আহ-যাহ দেখা নাপালে দুয়োটাই। ডিচেম্বৰৰ ঠাণ্ডাত দুয়োৰে অৱস্থা কাহিল হৈ পৰিছে। এটাৰ পিছত আনটো চিগাৰেট জ্বলাই জিতুৱে ক’লে-

-এটা কাম কৰোঁ ব’ল। লাহে লাহে আগুৱাই যাওঁচোন, কাৰোবাৰ ঘৰ পাবও পাৰোঁ। গাড়ীখন ভালদৰে লক কৰ।

গাড়ীখন লক কৰি দুয়ো আগুৱাই যাবলৈ ধৰিলে। কিছুদূৰ যোৱাৰ পিছত ঘন অৰণ্যৰ মাজত লেম্পৰ পোহৰৰ দৰে কিবা এটা দেখা যেন পালে। ভালদৰে লক্ষ্য কৰিলে। হয়, অৰণ্যৰ ভিতৰৰ ওখ ঢিপ এটাৰ পৰা পোহৰৰ উৎসটো আহিছে। টৰ্চ মাৰি মাৰি দুয়ো আগুৱাই যাবলৈ ধৰিলে পোহৰৰ দিশলৈ। চাংঘৰৰ দৰেই লাগিল। দূৰৈৰ পৰা ঢিপ বুলি ভুল কৰিছিল সেইবাবেই। তলত গাহৰিকেইটামানে ‘ঘোৰ ঘোৰ’ শব্দ কৰি আছে। লাহে লাহে দুয়ো উঠি গ’ল ঘৰটোলৈ।

– কোনোবা আছে নে? অলপ বাহিৰলৈ ওলাবনে? -জিতুৱেই মাত লগালে প্ৰথমে।

নাই, কোনো সাৰ-সুৰ নাই। আকৌ মাত লগালে গৌতমে –“কয়ী হ্যে?”

এইবাৰ ভিতৰত জনজাতীয় ভাষাৰ দুটামান বাক্য শুনা পালে। একো বুজিব নোৱাৰি গৌতমে পুনৰ মাত দিলে- হেল্ল’

বাঁহৰ দৰ্জাখন কেৰেককৈ খুলি এইবাৰ এগৰাকী বৃদ্ধা ওলাই আহিল। দেখাত খামটি জনগোষ্ঠীয় মহিলাৰ দৰেই লাগিল। ডিঙিত এগালমান ৰঙা ৰঙা মণি। কাণতো ৰঙামণি। বগা ৰঙৰ মহিলাগৰাকীৰ হাতত এটা লেম্প। কিন্তু চকুকেইটা যেন কোটৰলৈকে সোমোৱা। দেহাত মাংসৰ নাম-গোন্ধও নাই। কিন্তু মুখখন উজ্জ্বল। একো মাত-বোল নকৰি বৃদ্ধাই তাহাঁতৰ কাষ পালেহি। ভৰিৰ পৰা মূৰলৈকে দুয়োটালৈ চালে তন্নতন্নকৈ। মুখত এটি হাঁহি ফুটি উঠিল। হাঁহিটো ভাল নালাগিল জিতুৰ। গৌতমৰ কিন্তু সেইবোৰলৈ ধ্যান নাই। সি বুজাবলৈ ধৰিলে যে গাড়ীখন ৰাস্তাত বেয়া হৈছে, পুৱা গুচি যাব, অলপ সময় বহিব পাৰিলেই হ’ল আৰু। মানে ঠাণ্ডা যে লাগিছে সেয়া বুজাবলৈ চেষ্টা কৰিলে যেনে-তেনে। বৃদ্ধাই মুখেৰে একো নামাতি আকাৰ-ইংগিতে দুয়োটাকে ভিতৰলৈ মাতিলে। ভিতৰ সোমাওঁতেই দুয়োৰে নাকত কেচেমা-কেচেম গোন্ধ এটা লাগিল। লেম্পৰ পোহৰত দেখিলে, ভিতৰৰ বেৰৰ ফুটাৰে কোনোবাই যেন জুমি চাইছে। ভালদৰে লক্ষ্য কৰাত দেখা পালে, এজনী ছোৱালী। কণমানি ছোৱালীজনীক দেখাৰ লগে লগেই গৌতমৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ক’বলৈ বিচাৰিলে। কিন্তু মনত সাহস গোটাই এইবাৰ দুয়ো ভিতৰত জ্বলি থকা জুইকুৰাৰ কাষত বহিয়েই হাতকেইখন সেকিবলৈ ধৰিলে। বৃদ্ধাই ছোৱালীজনীক জনগোষ্ঠীয় ভাষাত কিবা আদেশ দিয়াৰ দৰে লাগিল। লৰালৰিকৈ ছোৱালীজনী ভিতৰলৈ সোমাই গ’ল। অলপ সময়ৰ পিছত ভিতৰৰ পৰা হাতত দুটা সৰু বাঁহৰ চুঙা আনি সিহঁতৰ আগত থৈ পুনৰ ভিতৰলৈ সোমাই গ’ল। বৃদ্ধাৰ মুখৰ হাঁহি যেন মাৰ নাযাব। চুঙাটোত থকা ছাঁইমদৰ গোন্ধটোৱে কেচেমা-কেচেম গোন্ধটো কিছু তল পেলালে। দুয়ো খাওঁ-নাখাওঁকে চুঙাটোত ওঁঠ লগালে। বেছ সোৱাদ লগা মদখিনি। এইবাৰ যেন সাহস পালে গৌতমে। ইংগিতেৰে আৰু আছে নেকি সুধিলে। বৃদ্ধাই হাঁহি হাঁহি এইবাৰ নিজেই ভিতৰলৈ গৈ বটুৱাৰ দৰে পাত্ৰ এটা তাহাঁতৰ সন্মুখত থ’লে। হেতাৰ দৰে দীঘল পাত্ৰ এটাৰে বটুৱাৰ পৰা মদ বাকি দিলে দুয়োটাৰে চুঙাত। গৌতমৰ ভালকৈয়ে নিচা লাগিছিল। জিতুৱে যদিও খাইছিল, কিন্তু খুব সন্তৰ্পণে চাৰিওদিশ নিৰীক্ষণ কৰি থাকিল। বৃদ্ধাৰ হাঁহিটো তাৰ অলপো ভাল নালাগিল। ইফালে গৌতমৰ নিচা বেছি হোৱাত সি বেহুচ হৈ পৰাৰ দৰে হ’ল। বৃদ্ধাই তাক ছোৱালীজনীৰ কাষৰ কোঠাটোত থকা বিছনাখন দেখুৱাই দিলে। কোঠাবোৰৰ বেৰবোৰ ইকৰাৰে বন্ধা। এটা কোঠাৰ পৰা আনটো কোঠা সুন্দৰকৈ দেখা পোৱা। গৌতমক বিছনাখনত শুৱাই দি জিতুৱে এটা চিগাৰেট জ্বলালে। ইফালে বৃদ্ধাই ছোৱালীজনীক শুবলৈ ইংগিত দি নিজেও আন এটা কোঠাত শুবলৈ গ’ল। গৌতমৰ নাকৰ শব্দ ভাঁহি আহিল। জুইৰ তাপত কোঠাটো গৰম হৈ আছে। বগা বিছনা চাদৰেৰে ঢাকি ৰখা বিছনাখন সুকোমল শয্যাৰ দৰেই লাগিল জিতুৰ। তাৰো চিলমিলকৈ টোপনি আহিবলৈ ধৰিলে। বহি বহি ভাগৰ লগাত এপাকত চিগাৰেটটো মজিয়াত গচকি সিও গৌতমৰ কাষতেই বাগৰি দিলে।

নিশা হঠাৎ জিতুৱে ভৰিত কিহবাৰ স্পৰ্শ অনুভৱ কৰিলে। কিন্তু উঠিবলৈ যেন গাত শক্তি নাই। শোৱাৰ ভাও জুৰি সি কি হৈছে সেয়া লক্ষ্য কৰিবলৈ ধৰিলে। লেম্পৰ পোহৰ কমি আহিছিল ইতিমধ্যে। কিন্তু সেইকণ পোহৰতো সি দেখিবলৈ পালে, বৃদ্ধাই গৌতম আৰু তাৰ বুঢ়া আঙুলিত এডালকৈ সূতাৰ গাঁথি পিন্ধাই দিছে। সি মনে মনে পৰি ৰ’ল। এইবাৰ সূতাকেইডালৰ ইটো মূৰ বেৰখনৰ এটা ফুটাৰে পাৰ কৰি বৃদ্ধা পুনৰ বিছনাত বাগৰি পৰিল। এনেদৰেই কিছু সময় পাৰ হ’ল। জিতুৱে হাতত সাৰে ভৰিত সাৰে বিছনাৰ পৰা উঠি আহি ফুটাটোৰে বৃদ্ধাৰ বিছনালৈ চাবলৈ ধৰিলে। বৃদ্ধাই বিছনাত শুই শুই সূতাডাল চিগাৰেট হুপাৰ দৰে হুপি আছে। মুখখন ৰঙা হৈ পৰিছে বৃদ্ধাৰ। একো ধৰিব পৰা নাই জিতুৱে কি হৈছে। পুনৰ ভালদৰে লক্ষ্য কৰাত এইবাৰ দেখিবলৈ পালে, বৃদ্ধাই চুহি থকা সূতাডাল ৰঙা হৈ আহি আহি বৃদ্ধাৰ মুখত পৰিছে আৰু বৃদ্ধাৰ মুখখন ৰঙা হৈ পৰিছে। দীঘলকৈ উশাহ লৈছে বৃদ্ধাই। বৃদ্ধাৰ কোৱাৰেদি বাগৰি পৰিছে ৰঙা ৰঙা কেঁচা তেজ। জিভাখনেৰে পুনৰ চেলেকি মুখৰ ভিতৰলৈ টানি নিছে সেই তেজখিনি। জিতুৱে বুজি পালে প্ৰকৃতাৰ্থত কি হৈছে। বুঢ়া আঙুলিটোৰ পৰা সূতাডালৰ গাঁথিটো খুলিলে। সিটো কোঠাত শুই থকা ছোৱালীজনীৰ সোঁভৰিৰ বুঢ়া আঙুলিত সূতাডালৰ গাঁথিটো লগাই সি পুনৰ বিছনাৰ কাষলৈ আহিল। লাহে লাহে গৌতমৰ কাষলৈ গৈ তাৰ আঙুলিটোৰ পৰাও সূতাডাল খুলিলে। গৌতমৰ হুচ নাই, নাক ঘোৰ্ঘোৰাই শুই আছে। পুনৰ ছোৱালীজনীৰ কাষলৈ গৈ বাওঁভৰিৰ বুঢ়া আঙুলিত সেই গাঁথিটো লগাই দিলে। পুনৰ বেৰৰ ফুটাৰে লক্ষ্য কৰিলে বৃদ্ধাৰ বিছনাখনলৈ। পৰম তৃপ্তিৰে চুপি আছে সূতা দুডাল। বগা চেহেৰাৰ বৃদ্ধাৰ মুখখন ৰঙা হৈ পৰিছে।

এনেদৰেই কিছু সময় পাৰ হ’ল। সি পুনৰ গৌতমৰ কাষলৈ আহি গৌতমৰ বাহুত ধৰি জোকাৰিবলৈ ধৰিলে। মুখত টিপা মাৰি ধৰি থাকিল গৌতমৰ। গৌতমৰ কোনো মতে হুচ আহিল। কি হৈছে ধৰিব নোৱাৰি সি মুখেৰে চিঞৰিবলৈ চেষ্টা কৰিলে। জিতুৱে ইংগিতেৰে তাক মনে মনে থাকিবলৈ দি লাহে লাহে উঠিবলৈ ক’লে। গৌতমেও কিবা যেন উমান পাইছিল। জিতুৱে তাক বেৰৰ ফুটাটোৰে কি ঘটিছে সকলো লক্ষ্য কৰিবলৈ ক’লে। গৌতমৰ চকুত আতংকৰ চিন। বৃদ্ধাই তেতিয়াও চুপি আছে সূতাডাল। চকুত টোপনিৰ আৱেশ যদিও জিতুৰ সহায়ত কোনোমতে বিছনাখনত বহি দিলে গৌতম। কি কৰিব কি নকৰিব এনে ভাবত দুয়ো কিছু সময় কটালে। এইবাৰ দুয়ো ছোৱালীজনীলৈ লক্ষ্য কৰিলে। বৰ মৰমলগা ছোৱালীজনী। কিন্তু সেই সময়ত যেন মৰম-স্নেহ এইবোৰ কথা তাহাঁতৰ বাবে গৌণ হৈ পৰিল। লাহে লাহে দুয়ো হাতত সাৰে ভৰিত সাৰে বাঁহৰ দৰ্জাখন খুলিলে। লাহে লাহে ঘৰটোৰ পৰা নামি আহিল। জিতুৱে ইংগিতেৰে তাক বুজালে যে দৌৰিলে শব্দ হ’ব, গতিকে সাৱধান! দুয়ো লাহে লাহে আহি ৰাজপথলৈ খোজ ল’লে। পোহৰ হ’বলৈ বেছিপৰ নাই, আকাশত বেলিটোৱে আগজাননী দিছে পোহৰ হোৱাৰ। এইবাৰ ভালদৰে লক্ষ্য কৰিলে ঘৰটোলৈ। ওখ চেগুন আৰু আঁহত দুজোপাৰ মাজতেই চাংঘৰটো। দিনৰ পোহৰত কোনেও দেখা নাপায় ঘৰটো। ওখ ওখ গছৰ গভীৰ অৰণ্য ভেদ কৰি আহি চকুৱে ঢুকি নোপোৱাৰ দূৰত্বত ঘৰটো অৱস্থিত। কিছুদূৰ আহিয়েই দুয়ো দৌৰ দিলে ৰাজপথ অভিমুখে। কোনো মতে ৰাস্তাত উঠি দেখিলে দূৰৈত পৰশুৰামকুণ্ডৰ দিশৰ পৰা এখন ট্ৰাক আহি আছে। দুয়ো ৰাস্তাৰ মাজত থিয় হৈ হাত দাঙি ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰিলে। ৰখাওঁ-নৰখাওঁকৈ ট্ৰাকখন আহি আহি সিহঁতৰ গাৰ কাষত ৰখালে। দুয়ো ড্ৰাইভাৰৰ কাষলৈ আহি ক’লে যে তেওঁলোকৰ গাড়ীখন অলপ আগত বেয়া হৈ পৰি আছে, যেনে-তেনে চৌখামলৈ নিলেই হ’ব। তাতেই মেকানিক পোৱা যাব। সেমেনা-সেমেনি কৰি পঞ্জাবী ড্ৰাইভাৰজনে তাহাঁতক ক’লে, আগফালে ছিট নাই, পিছফালে যেনে-তেনে উঠি ল’বলৈ। মাল নাই, চিমেণ্ট কঢ়িয়াই আনিছিল ট্ৰাকখনে। পৰশুৰাম-কুণ্ডলৈ যোৱা ৰাস্তাত এখন দলং নিৰ্মাণ হৈ আছে। তালৈকে আহিছিল ট্ৰাকখন।

দুয়ো আহি চৌখামত নামিল। তেতিয়া পুৱা ৫ বাজিছে। জিতু-গৌতমে ট্ৰাকৰ পৰা নামিয়েই দেখে যে এজন বৌদ্ধ ভীক্ষুৱে তাহাঁতৰ দিশলৈ আহি আছে, পিছে পিছে এজাক কণ কণ বৌদ্ধ ধৰ্মাৱলম্বী শিশু। জিতু কাষ চাপি গ’ল ভীক্ষুৰ। অসমীয়া বুজি পালে ভীক্ষুৱে। এটা দিশলৈ আঙুলিয়াই দি সিহঁতক ক’লে যে সেইফালে গ’লেই এখন গাড়ী মেৰামতি কৰা দোকান আছে, তাতেই মেকানিক পাব। ধন্যবাদসূচক নমস্কাৰ এটা জনাই দুয়ো সেইদিশলৈ ঢাপলি মেলিলে। দোকান বন্ধ। কিছু সময় দোকানৰ বাহিৰতেই পাৰি থোৱা বেঞ্চখনত দুয়ো বহি পৰিল দোকান খোলাৰ অপেক্ষাত। এসময়ত টোপনিয়ে হেঁচা মাৰি ধৰিলে দুয়োকে। পুৱা ৮ বজাত দোকান খোলাৰ শব্দত সাৰ পালে দুয়ো। খামটি জনগোষ্ঠীয় এজন যুৱক। নিশা কি ঘটিছিল দুয়ো সকলো বিৱৰি ক’লে যুৱকজনক।

যুৱকজনে দুয়োকে চাহ-বিস্কুটেৰে আপ্যায়ন কৰিলে। এখন পুৰণি মাৰুতি ভেনত উঠিবলৈ কৈ গৌতমৰ গাড়ীখন এৰি থৈ অহা ঠাইলৈ ঢাপলি মেলিলে। ৰাস্তাত তাহাঁতক ক’লে

–সেইজনী বুলিয়েই নহয়, চৌখামৰ বহু অঞ্চলত ‘ডাইনী’ আছে। ভয়ংকৰী বিদ্যা শিকাৰ ফলত তাহাঁতক মানুহৰ তেজৰ প্ৰয়োজন হয়। মানুহৰ দৰেই থাকে যদিও দিনৰ পোহৰত তাহাঁতি নোলায়। চকুত পোহৰ পৰিলে সহ্য কৰিব নোৱাৰে এইধৰণৰ ডাইনীবোৰে। বছৰেকত তিনি-চাৰিবাৰ তাহাঁতক মানুহৰ তেজৰ প্ৰয়োজন হয়। তেতিয়াই ডাইনী বিদ্যাৰ সহায়ত সেই ৰাস্তাৰে গভীৰ নিশা গাড়ী বা মটৰচাইকেলত যোৱা যাত্ৰীক বাধ্যত পেলায় তাহাঁতৰ বাসস্থানলৈ যাবলৈ। এনে ঘটনা বহুকেইটা ঘটিছে এতিয়ালৈকে। মৃত্যুও হৈছে বহুকেইজন ব্যক্তিৰ। যিকেইজন বাচি আহিছিল, ৰক্তহীনতাত ভুগি পিছলৈ মৃত্যুমুখত পৰে।

আহি আহি গাড়ী বেয়া হোৱা স্থান পালেহি মাৰুতিখন। মাত্ৰ কিবা এটা ঠিক কৰি দিয়াৰ লগে লগে গাড়ীখন ষ্টাৰ্ট হ’ল। গৌতমে জেপৰ পৰা টকা উলিয়াবলৈ লওঁতে সেই জনগোষ্ঠীয় মেকানিকজনে ক’লে

– নালাগে, আমাৰ ঠাইলৈ আহিছে। বাচি আহিছে। সেয়াই বহুত। ময়ো সুখী, নহ’লে আমাৰ ওপৰতেই বহুতে আঙুলি টোঁৱায়। মাত্ৰ মনত ৰাখিব, নিশা বেছি হ’লে পৰাপক্ষত এই ৰাস্তাৰে অহা-যোৱা নকৰিলেই ভাল। -এইবুলি কৈয়েই যুৱকজনে বিদায় ল’লে।

জিতু আৰু গৌতমেও মনীষহঁতৰ ঘৰলৈ বুলি গাড়ী ষ্টাৰ্ট কৰিলে। আহি আহি সেইডোখৰ ঠাই পোৱাৰ সময়ত দেখিলে কেইজনমান মানুহে এটা মৃতদেহ মাজত লৈ কিবা আলোচনা কৰি আছে। হয়, সেই কণমানি ছোৱালীজনীৰেই মৃতদেহ আছিল সেইটো। কিন্তু বৃদ্ধাজনীক দেখা পোৱা নগ’ল।

শুনা যায়, চৌখামৰ গভীৰ অৰণ্যত আজিও সেই বৃদ্ধাজনীক দেখা পোৱা যায়। গভীৰ নিশা কৰুণ বিননি তোলে তাই। হয়তো সন্তানক(?) হেৰুওৱাৰ দুঃখত তায়ো দুঃখী।

 

(সত্য ঘটনাৰ আলমত)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments