অভিহত ইচ্ছাময় — প্ৰনিতা ৰানী বৰা

কণমানি জনীৰ তিতা গাটো মচি মচি নতুন সাজটো পিন্ধাই অতাওঁতেই তাই ক’লে — “মা মোৰ টয়লেট লাগিছে, জোৰকৈ” বুলি তাই বেকা হৈ দিলে৷ ময়ো লৰালৰিকৈ তাইক লৈ গ’লো প্ৰস্ৰাৱ কৰাবলৈ৷ অকনো বিৰক্ত নহ’লো৷ হিচাপত কৈ বেছি ভাবুক মই ঘূৰি গ’লো ত্ৰিছ বছৰৰ আগৰ মইজনীৰ ওচৰলৈ৷ ময়ো চাগৈ এনে কৰিছিলো …৷ একাদিক্ৰমে বছৰৰ পাছৰ বছৰ বোৰ মনত পেলাই আছো৷ অনামী শিহৰণ৷ ওলাই নোলাওকৈ হাঁহি এটা ওলাই লাহে লাহে হাঁহিৰ প্ৰৌজ্বলতা ম্লান হৈ, এটা কণ্ঠস্বৰত থমকি ৰৈছে৷ “সোণজনী মোৰ প্ৰস্ৰাৱ লাগিছে, উঠাচোন মই পৰা নাই৷” দেউতা গৈছো বুলি অকনো বিৰক্ত নোহোৱাকৈ উঠি গ’লো, যদিও বা বুকুখন ক্ষতবিক্ষত হ’ল৷ তুলনাটো মনলৈ অহাত ভাল নালাগিল কিন্তু উপায় নাই৷ সত্যকথাবোৰৰ বেছিভাগেই আমি সহ্য কৰিব লাগে বা সহ্য কৰি লোৱাটো যেন নিয়ম৷ এই এটা কাৰণতেই প্ৰকৃতিৰ নিয়ম ভাঙিবৰ মন যায় মোৰ৷ কেৱল মোৰেইনে? অন্তৰাত্মাই কৈ যায় “অভিহত ইচ্ছাময়”…

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক