অভ্যাস – ময়ূৰী দত্ত

“হে’ৰা বিতু, টাববোৰ সমানকৈ শাৰী পাতি ৰাখিবলৈ ক’বাছোন মালীটোক, নহ’লে তুমিয়েই কৰি দিবা৷“ কেঁকো-জেঁকোকৈ টাব এটা দাঙি ফ্লেটৰ ছিকিউৰিটী ল’ৰাটোক উদেশ্যি ক’লে চলিহাই৷ তৃতীয় মহলাৰ পৰা পতিৰ কাৰ্যকলাপ চাই অতিষ্ঠ হৈ টিকচিবিকচি উঠিল শ্ৰীমতী চলিহা— “ কিহে পাইছে আপোনাক? কঁকালৰ বিষটো আৰ্জিব খুজি মোক ভূঞ্জাব খুজিছে নেকি? টাববোৰৰ শাৰীটো বেঁকা হ’লে কি ভূ-ভাৰস্তখন অশুদ্ধ হ’বনো? ভালে ভালে ঘৰ সোমাওকহি৷ “ যোৱাবছৰ চাকৰিৰ পৰা অৱসৰ লোৱা চলিহাই কাণেৰে অলপ কমকৈ শুনে৷ শ্ৰীমতী চলিহাই এই কথাটোলৈ লক্ষ্য ৰাখি যথেষ্ট ডাঙৰ মাতেৰে কোৱা বুলি গম পাই তেওঁ একো নমতাকৈ লিফ্টত উঠিল৷ আচলতে চলিহা মানুহজন অলপ বেছি চিকচাক৷ ৰেকৰ কিতাপখিনি, টেবুলৰ পেপাৰ মেগাজিনখিনি জাপোতে পূৰা সমান হৈ থাকিব লাগিব, পৰ্দা দাং খাই থাকিব নেলাগিব, চোফাৰ কুচনকেইটা নিৰ্দিষ্ট পজিচনত থাকিব লাগিব৷ শ্ৰীমতী চলিহা নিজেও পৰিপাটী মহিলা৷ কিন্তু পতিৰ এনে অত্যধিক ( তেওঁৰ মতে) চাকচিকুনতাত তেওঁ বিৰক্ত হয়৷ আলহী অতিথি আহি থকা ঘৰ, চোফাত বহিলে কুচনবোৰ বেঁকা হ’বই, মেগাজিন এখন চালে আকৌ একে জোখত নৰ’বও পাৰে৷ গৰমত বতাহ সোমাবলৈ পৰ্দাখন কোঁচাবই লাগিব৷ এতিয়া মানুহ মাটিত বহিলেহে হ’ব! মুঠতে শ্ৰীমতী চলিহাই চলিহাৰ এই ধাৰণাবোৰত গুৰুত্ব নিদিয়ে, ল’ৰা-ছোৱালী হালেও নিদিয়ে৷ “মই নকৰিলে কৰোঁতাই নাই বুলি “ ভোৰভোৰাই চিজিল কৰি ফুৰা দেউতাকক দেখিলে দুইটাই যেনিবা মনে মনে থাক, শ্ৰীমতী চলিহাই আকৌ ডাঙৰকৈ ৰেডিঅ’টো বজাই দিয়ে৷ চলিহাই “যেতিয়াই তেতিয়াই এফ এম শুনে কেনেকৈ “ বুলি আপত্তি কৰিলে মুখতে ধৰে — “বাচন যেতিয়াই তেতিয়াই ধোওঁ যেতিয়া ৰেডিঅ’ও শুনিম৷“ চলিহাই এই যুক্তি উফৰাব নোৱাৰে কাৰণ তেওঁ পাকঘৰৰ কামত শূণ্য৷ তেওঁৰ চিজিলৰ আওতাত পাকঘৰ নপৰে৷ ঘৰৰ ধূলি মচে শ্ৰীমতী চলিহাই, শহুৰেকৰ ফটোত চাকি দিয়ে তেওঁ, অথচ ফটোখন অলপ বেঁকা হৈ থাকিলেই চলিহাৰ আপত্তিৰ শেষ নাই বোলে “মোৰ চকুতহে পৰে, বাকীবোৰে নেদেখেই৷“ বাকীবোৰ মানে যে তেঁৱেই, শ্ৰীমতী চলিহাই জানে সেই কথা৷ আগতে মুখপাতি ধৰিছিল পিছে আজিকালি মেগাজিন এখন লুটিয়াই বা নাৰায়ণ কবচফাঁকি আওঁৰাই নিৰ্বিকাৰ হৈ থাকিবলৈ জনা হ’ল যিটোত চলিহা জ্বলে বুলি গম পোৱাৰে পৰা৷ অৱশ্যে পিছপাকতে চলিহাই দেখুওৱা ক্ৰুটীবোৰ আঁতৰায়ো পেলায়৷ কিন্তু চলিহাই দেখুৱাই দিয়াৰ বাবে কৰা যেন নেদেখুৱায়৷

কাপব’ৰ্ডৰ ওপৰত থকা ফটোখনৰ ফুলৰ মালাডালৰ পৰা সৰি পৰা পাহিকেইটা আঁতৰাই দি, ধুপৰ পেকেটটো খালী হৈছিল, সেইটোও ডাষ্টবিনত পেলাই ধূলি মোচা কাপোৰখনেৰে এবাৰ মচি দিলে শ্ৰীমতী চলিহাই৷ চোফাৰ বেঁকা হৈ যোৱা কুছনটো সঠিক ঠাইলৈ আনি নিজেই কোঁচাই থোৱা পৰ্দাখন চাইড পৰ্দা দুখনৰ মাজত সমানজোখত দুফালে আছে নে নাই পৰীক্ষা কৰিলে৷ “ মালীটো আহিলে টাববোৰ সজাব লাগিব“ — মালী অহাৰ খবৰটো জনাবলৈ ছিকিউৰিটীক ক’বলৈ তেওঁ ফোনটো বিচাৰিলে৷ ফোনটো কাপব’ৰ্ডৰ ওপৰতে মবাইল ষ্টেণ্ড এটাত ৰাখে৷ ষ্টেণ্ডদাল চলিহায়েই কোনোবা এটা জন্মদিনত আনি দিছিল৷ নহ’লে ফোন ক’ত থয় ঠিক নেথাকিছিল, বাজি থাকিলেও নুশুনিছিল৷ ষ্টেণ্ডডালতে অভ্যাসটো বাৰু চলিহাৰ কেটকেটনিৰ ফলতে গঢ়ি উঠিছিল৷ মোবাইলটো আনোতে শ্ৰীমতী চলিহাৰ, চলিহাৰ মাত শুনা যেন লাগিল — “চোৱা, মই গিফ্টবোৰো ভাবি-চিন্তিয়েই দিওঁ তোমাক, ভাল অভ্যাসবোৰৰ বাবে৷“ এৰা, ক’ব নোৱাৰাকৈয়ে চলিহাৰ চিকচাকৰ অভ্যাসবোৰ শ্ৰীমতী চলিহাৰো অভ্যাস হৈ পৰিল৷ ক’ৰবাত কিবা এটা বেচিজিল হ’লেই শ্ৰীমতী চলিহাৰ আজিকালি এনে লাগে যেন চলিহাই ফটোখনৰ পৰা ওলাই আহি ক’ব- “হে’ৰা…৷“ তাতকৈ আগতে সকলো ঠিক কৰি ৰখাই ভাল, ফটোখনলৈ সকাহৰ দৃষ্টিৰে চাব পৰাটোওতো সুখ … চলিহাৰ অবৰ্তমানত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments