“অমলৰ মনুষ্যত্বৰ অধিবাস” (দিগন্ত যাদৱ শৰ্মা)

সৰু ল’ৰাটোৰ যন্ত্ৰণা কাতৰ চিঞৰটোত ওচৰে পাজৰে থকা প্ৰায় সকলোৱে এবাৰ হলেও ঘূৰি চাইছিল। পথৰ দাঁতিৰ চাহ দোকান খনৰ পৰা ল’ৰাটোৱে ডাঠ কাগজৰ ‘ট্রে’ এখনত পাঁচ গিলাচ চাহ আনি গৈ আছিল হয়তো কোনো এখন প্ৰতিষ্ঠানলৈ। লৰা-ঢপৰাত পথৰ ওপৰতে গৰম চাহ দুই গিলাছমান তাৰ নিজৰ গাতে পৰি গ’ল। ল’ৰাটো দহ-বাৰ বছৰ বয়সৰ হ’ব। খালি গা। গৰম চাহ পেটেৰে বৈ গৈ পিন্ধি থকা পেন্টটোৰ ভিতৰ পাইছিল। গৰম চাহৰ সংস্পৰ্শত শৰীৰৰ নিম্নাংশত পোৰণি আৰম্ভ হৈছিল। যন্ত্ৰণাত তাৰ জাপ দেখি কিছু মানুহে হাঁহিবলৈ লৈছিল।
অমল বেজবৰুৱাই পথটোৰ সিটো পাৰে ফল কিনি আছিল। তেওঁৰো দৃষ্টিগোচৰ হৈছিল গোটেই ঘটনাটো । তেওঁ অৱশ্যে অইনবোৰৰ দৰে নাহাঁহিলে । বেজবৰুৱাই জানে বিপদত পৰা মানুহক হাঁহিব নাপায় । ফল কিনা হোৱাত মন্থৰ গতিত আহি থকা চিটি বাছখনত জঁপিয়াই উঠি তেওঁ ঘৰমুৱা হ’ল । যি হয় হৈ থাকক, তেওঁৰ কি ! কাষত থকা লোকবোৰেওতো একো কৰা নাই । কোনোবাইতো ঠাণ্ডা পানীকে ঢালি দিব পাৰিলেহেঁতেন, ল’ৰাটোৰ কিজানি পোৰণি কমিলেইহেঁতেন । বাছখনত উঠি নভবাকৈও সেই সৰু ল’ৰাটোৰে কথাই মনলৈ আহিল । …ধেৎতেৰি ! এনেবোৰ কাৰণতে অমল বেজবৰুৱাই মাজে মাজে বৰ অশান্তি পায়। ইমানেই যদি দৰদ আছিল, নিজে পানী অলপ আনি ল’ৰাটোৰ যন্ত্রনাৰ উপশম নকৰালি কিয়? হাঁহিঁ ৰং চোৱা কেইজনক ভালকৈ এজাউৰি নিদিলি কিয়? এতিয়া কিয় ভাবিব আহিছ? ক’ব নোৱাৰাকৈ এনেকৈ প্রায়ে অমল বেজবৰুৱাৰ নিজৰ মাজত একো একোখন কাজিয়াৰ সৃষ্টি হৈ থাকে। নিজৰ ওপৰতে খং উঠে। মনটোৱে ক’ব কিবা এটা, তেওঁ নিজে কৰিব অন্য এটা। নিজে কৰিব মানে, আচলতে একো নকৰে। নিজৰ গাতে গোটেই দোষসোপা ঢালি দিয়ে বেজবৰুৱাই। পিছত যে কাজিয়া খন লাগে, আগতেইটো ইয়াৰ সমাধান এটা উলিয়াই ল’ব পাৰি। কিয় যে এনে হয়!

বেজবৰুৱাই এবছৰমানৰ পৰা মধুমেহ ৰোগত ভুগি আছে। ওচৰ চুবুৰীয়া ডেকা ডেকানী দুয়োজনেই বোলে যোৱা সাত-আঠ বছৰৰ পৰাই এই ৰোগত ভুগি আছে। নিয়মিত ‘ইনচুলিন’ লয়। বেজবৰুৱাই মাজে মাজে ওচৰৰ ‘ফার্মাচি’ খনত কিবা এটা সৰু মেচিনেৰে ‘ব্লাড চুগাৰ’ পৰীক্ষা কৰাই আহে। তেওঁ এতিয়াও ‘ইনচুলিন’ ল’বলগীয়া অৱস্থা এটাত আহি পৰা নাই। কিন্তু একো ঠিক নাই, যিকোনো সময়তে ‘ব্লাড চুগাৰ’ বাঢ়িও যাব পাৰে। সেয়ে অলপ সঘনাই অমল বেজবৰুৱাই ‘ব্লাড চুগাৰ’ ‘টেষ্ট’ কৰি আহেগৈ। ডেকাই এদিন বুদ্ধি দিলে যে ‘ব্লাড চুগাৰ’ পৰীক্ষাৰ ‘কিট’ এটা নিজে কিনি ঘৰত ৰাখিলে খৰচো ৰাহি হয়, বহুতো সুবিধাও হয়। ডেকাও ইয়াকো ক’লে যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল চৌহদত থকা ‘ফার্মাচি’ত এনেধৰণৰ ‘কিট’ অলপ কম দামতে কিনিব পাৰি। সেয়ে ৰতিপুৱা এদিন ‘অফিচ’লৈ অহাৰ পথত ভঙাগড়ত বাছৰ পৰা নামি মেডিকেল কলেজ চৌহদত থকা ‘ফার্মাচি’ এখনলৈ সোমাই গ’ল। তেওঁ বিচৰা বস্তুটো ডেকাই কোৱা দামতে পালে।

মেডিকেল কলেজখন অমলৰ বাবে তেনেই অচিনাকী নহয়। তিনিবছৰ মান আগতে দুর্ঘটনা এটাত পতিত হৈ ভিনিহিয়েকজন এমাহ থাকিব লগীয়া হৈছিল। তেতিয়াই ইয়াৰ তলানলা অলপ বুজি উঠিছিল। বিভিন্ন মানুহৰ হাঁহি-কান্দোন শুনিছিল, দেখিছিল। সঁচাকৈয়ে কি যে মানুহৰ বিচিত্র জীৱন। সেই এমাহৰ ভিতৰত অমল বেজবৰুৱাই প্রায় ১৫ দিনমান ভিনিহিয়েকৰ লগত আছিল। মানে ভিনিহিয়েকক চোৱা-চিতা আৰু আন যাৱতীয় কাম-কাজ বোৰ কৰিছিল। ৰাতি হ’লে বহুতো বিচিত্র অভিজ্ঞতাৰ সাক্ষী হৈছিল। আজি বহুদিনৰ পিছত ‘মেডিকেল’লৈ আহি অমলৰ অলপ আলেখ-লেখ চাবলৈ মন গ’ল। তেনেতে অমলৰ চাহ একাপলৈও মন গৈছিল। কাষতে লাগি থকা ‘ৰেষ্টুৰেন্ট’ খনলৈ সোমাই গ’ল। আৰাম কৰি চকী এখনত হেলনীয়া হৈ চাহত চুমুক দি ইফালে-সিফালে চালে। ‘মেডিকেল ৱার্ড’ বোৰৰ পৰা হাতত চিকিৎসকৰ ব্যৱস্থা পত্র একো-একোখন লৈ ‘ফার্মাচি’লৈ দৌৰি দৌৰি অহা মানুহবোৰৰ মুখলৈ চাব ধৰিলে। কাৰ যে কিমান উৎকণ্ঠা ভৰা চকু-মুখ!

একেবাৰে সাধাৰণ সাজ পাৰত মানুহ এজনে ছয়-সাত বছৰীয়া ছোৱালী এজনীক হাতত ধৰি অমল বহি থকা ‘ৰেষ্টুৰেন্ট’ খনলৈ সোমাই আহিল। ছোৱালীজনীৰ চকুত পানী, কিবা এটা কথাত খুব যে ভয় খাই আছে দেখিলেই ধৰিব পাৰি। অমলে এতিয়াহে মন কৰিলে ছোৱালীজনীৰ সোঁহাত খন ‘প্লাষ্টাৰ’ কৰি থোৱা আছে। ‘প্লাষ্টাৰ’টো লেতেৰা হৈ অদ্ভুত কিবা এটা ৰং লৈছে। তেওঁলোকৰ কথা-বতৰা শুনা নুশুনাৰ মাজতে বেজবৰুৱাই কিছু অনুমান কৰিব পাৰিলে যে-
এমাহ আগতে ছোৱালীজনীৰ হাত খন ভগাত ‘প্লাষ্টাৰ’ কৰাইছিল। আজি দেউতাকে ছোৱালীজনীৰ ‘প্লাষ্টাৰ’টো কটাবলৈ আহিছে। তাই খুব ভয় খাইছে ‘প্লাষ্টাৰ’টোৰ লগতে তাইৰ হাতখনো কটা যাব বুলি। দেউতাকে বুজাইছে, তাই বিশ্বাস নকৰে। শেষত বোধহয় মিঠাই খোৱাৰ লোভত তাইৰ চকুপানী বন্ধ হ’ল।
“এইটো মিঠাইৰ কিমান দাম … আৰু এইবোৰৰ …” দেউতাকে ‘ৰেষ্টুৰেন্ট’ খনৰ কর্মচাৰীজনক এফালৰ পৰা মিঠাইৰ দামবোৰ সুধি গ’ল। বিৰক্তি ভৰা কণ্ঠৰে কর্মচাৰীজনেও কৈ গ’ল। পিতৃয়ে জীয়েকৰ ফালে চাই দেখিলে তাই অপলক নেত্রেৰে আইনাৰ বাকচৰ ভিতৰত শাৰী শাৰীকৈ ৰখা মিঠাইবোৰ চাই আছে। তেওঁ পেন্টৰ জেপত হাত সোমোৱাই কিবা বোধকৰো হিচাব এটা কৰি চালে।
“ৰসগোল্লা এটা আৰু একাপ চাহ দিবা” মানুহজনে ‘অর্ডাৰ’ দিলে।
“দেউতা, তই ৰসগোল্লা নাখাৱ নেকি” ছোৱালীজনীয়ে বাপেকক প্রশ্ন কৰিলে। হয়তো বাপেকৰ পকেটত ইয়াতকৈ অধিক খৰচ কৰিব পৰাকৈ অৰ্থ নাছিলেই। দেউতাকে একো উত্তৰ নিদিলে। কর্মচাৰী এজনে মেজত প্লেট এখনত ৰসগোল্লা এটা আৰু প্লাষ্টিকৰ গিলাচ এটাত চাহ আনি থলে। ৰসগোল্লা খোৱাৰ আনন্দত ছোৱালীজনীৰ চকুত আনন্দৰ তিৰবিৰণিখিনি দেখি অমলৰ মনটো ভাল লাগি গ’ল।
তাই চামুচ খনৰে মিঠাইটো লিৰিকি-বিদাৰি প্রথমতে চামুচখনকে চেলেকিবলৈ ল’লে। কিন্তু!!! অনভিজ্ঞতাৰ বাবেই হয়তো চামুচৰ খোচ এটাত ৰসগোল্লাটো দোকানৰ মজিয়াত আহি পৰিল। অতি হেপাহৰ মিঠাইটো তাই খাবলৈ নাপালে। দেউতাকে জীয়েকক ধমক এটা দি আৰু চাহকাপো খাই শেষ হোৱাত বাহিৰলৈ ওলাই আহিল। অতি আনন্দৰ মুহূৰ্ত এটাৰ নিশ্চিত ভাবে ছন্দপতন ঘটিল। অমলৰ ছোৱালীজনীৰ মুখ আৰু চকুলৈ দৃষ্টি দিবলৈ ভয় লাগিল।

অমল বেজবৰুৱা ওলাই আহি বাহিৰলৈ খোজ ললে। এইবাৰো অমলৰ মানসিক অন্তৰ্দ্বন্দ্ব আৰম্ভ হৈ গৈছিল। কিয়? কিয়? কিয়? ছোৱালীজনীক তেওঁ এটা ৰসগোল্লা এটা খুৱাব নোৱাৰিলেহেঁতেন নেকি? এস! থাকক, আৰু অইন মানুহো আছিল সেই সময়ত। তেওঁলোকৰ এজনেওঁতো এই কথা ভবা নাছিল। কিয়! দোকান খনৰ কোনোবা এজনেওঁতো এটা মিঠাই ছোৱালীজনীক আনি দিব পাৰিলেহেঁতেন। থাকক… এইবোৰ ভাবি থকাৰ কোনো অর্থ নাই।

‘অফিচ’ৰ পৰা ঘৰলৈ গৈওঁ অমলে মনত শান্তি নাপালে। ৰাতি বিছনাত পৰিলেই এনেবোৰ কথাই মনৰ ভিতৰত বিদ্রোহ কৰি উঠে। কেতিয়াবা কেতিয়াবা তেনেকৈ গোটেই ৰাতিটো উজাগৰেই থাকিব লগীয়াত পৰে। সৌ সিদিনা পল্টন বজাৰত দেখা ল’ৰাটোৰ কথাও মনলৈ আহিল। গৰম চাহৰ পোৰণিত কিযে এক যন্ত্রণাত কাতৰ হৈ পৰিছিল। অমল ওচৰতে আছিল, দেখিও আছিল। একো নকৰিলে, কিন্তু কৰিব পাৰিলেহেঁতেন। অমল বাৰু ভীৰু নেকি, নে এয়া কাপুৰুষালি। সৰু্তে কিতাপৰ পাতত পঢ়া ভাল মানুহৰ সংজ্ঞাৰ লগত অমলৰ ধৰণ-কৰণ দেখোন একেবাৰে নিমিলে। কৰিব পৰা কামেৰে অইনৰ মুখত হাঁহি বিৰিঙোৱা আৰু বিপদক অইনক সহায় কৰা্টো নিশ্চয় মানুহৰ ধর্মৰ ভিতৰতে পৰে। তাৰ মানে অমল মানুহৰ শাৰীত নপৰে নেকি? তেনেহ’লে অমলৰ ওচৰে পাজৰে থকা লোকবোৰ… তেওঁলোক মানুহ হয়নে? সেই ৰাতিও বেজবৰুৱাই মানসিক অন্তৰ্দ্বন্দ্বত ভুগি উজাগৰী নিশা কটাইছিল।

দেওবাৰ, এটা বন্ধৰ দিন। হাতত বেগখন লৈ বেজবৰুৱাই বজাৰলৈ বাট ল’লে। উদ্দেশ্য চুলিখিনি কটাব, একেলগে বজাৰো কৰি আহি ঘৰ সোমাবহি। চুলিখিনি কটাবলৈ চেলুন পালেগৈ। চেলুনখনৰ সন্মুখভাগতে অইন দেওবাৰ বোৰৰ দৰে অস্থায়ী ভাবে শাক-পাচলিৰ বজাৰখন বহিছে। বৰ হুলস্থূল। ক্রেতা-বিক্রেতাৰ মাত আৰু যান-বাহনৰ শব্দবোৰ মিশ্রিত হৈ অদ্ভুত কিবা এটা কোলাহলৰ সৃষ্টি হৈছে।

নাপিতে চুলিখিনি কাটিবলৈ আৰম্ভ কৰিছিল। অমলে সন্মুখত থকা আৰ্চীখনত আলেখ-লেখ বোৰ চাই আছিল। আৰ্চী খনত আকৌ বজাৰৰ এটা অংশও দেখা গৈছিল। অমলে দেখিলে বেছ হৃষ্টপুষ্ট ডেকা এজনে বিক্রেতা এজনৰ লগত বোধকৰো পাচলিৰ দৰ-দাম কৰি আছে। অমলৰ পৰিচিত বিক্রেতাজন। বেছ ভদ্র, অমায়িক। বৰ কষ্ট কৰি তেওঁৰ ছোৱালী দুজনীক স্কুলত পঢ়ুৱাই আছে। হঠাতে উত্তেজিত হৈ ডেকাই ভৰিৰে লঠীয়াই সেই বিক্রেতাজনৰ সকলো পাচলি পিছফালৰ লেতেৰা নলাটোত বগৰাই দিলে। কিনো জানো হ’ল! অমল বেজবৰুৱাই আধাকটা চুলিৰে ততাতৈয়াকৈ চেলুনৰ চকীৰ পৰা উঠি গৈ সেই তথাকথিত ডেকাক এক পূৰ্ণহতীয়া চৰ সোধালে। ফোপাই জোপাই অমলে ক’বলৈ ধৰিলে…
“…(অশ্লীল)… … জাননে তই কিমান দূৰৰ পৰা কিমান কষ্ট কৰি এই মানুহজনে পাচলিখিনি লৈ আহে। ইয়াৰ লাভাংশৰে সি তাৰ পৰিয়ালটো পোহপাল দিয়ে। তাৰ সৰু সৰু দুজনী ছোৱালী আছে। সিহঁতে সন্ধিয়ালৈ বাপেকলৈ বাট চাই থাকিব, আজি দেউতাকে সিহঁতৰ বাবে কি কি ৰঙৰ মূৰত মৰা ‘বেন্দ’, ‘ক্লিপ’ আনিব। আৰু তই নিমিষতে সেই কণ-কণ ছোৱালী দুজনীৰ সপোন বোৰ ধূলিস্যাৎ কৰি দিলি!” চৰটো মাৰি কথাখিনি কৈয়ে অমল বেজবৰুৱাই প্রাণটাকি দৌৰিবলৈ ধৰিলে।
হৃষ্টপুষ্ট ডেকাজনৰ ওলোটা মাৰ খোৱাৰ ভয়ত অমল বেজবৰুৱাই প্রাণটাকি দৌৰিছিল… তাত উপস্থিত থকা মানুহ খিনিয়ে তেনেকৈয়ে ভাবিছিল। বজাৰৰ সিটো প্রান্তত অন্ধ লোক এজনে দতঁৰা বজাই লোকগীত গাই আছিল। দুই এজনে এটকীয়া-দুটকীয়া মুদ্রা দলিয়াই দিছিল সন্মুখৰ থকা কাপোৰখনত। অমল সেইখিনিতে ৰ’ল। এশ টকা এটা অন্ধ লোকজনৰ হাততে গুজি দিলে। দতঁৰা বজোৱা বন্ধ কৰি লোকজনে অবিশ্বাস ভৰা মন এটাৰে এশ টকীয়া নোট খন চুই থাকিল। অমলে আকৌ ঘুৰি আহি চুলি কটোৱা সম্পূর্ণ কৰিলে।
“ভালকৈ গাটো মালিশ কৰি দে, বিশ টকা ‘এক্সট্রা’ দিম” অমলে নাপিত জনক ক’লে।

অমল বেজবৰুৱাৰ আজি কোনোফালে ভ্ৰুক্ষেপ নাই। ‘চেলুন’ৰ পৰা ওলায় আহিয়েই ‘পণ্ডিত পান ছপ’ৰ সন্মুখত ৰ’ল-
“মিঠাপট্টি ১২০ এখন দে, কিমাম দিবি দেই। ডুপ্লিকেট জর্দা নিদিবি কিন্তু। আৰু পানত ‘লিপিষ্টিক’ লগাই দিবি। বুজিছ নহয়”। পাণখন মুখত সুমুৱাই চিন্তা কৰিলে কি কি বজাৰ কৰিব লাগিব। অমল বেজবৰুৱাই বজাৰ খন ইফালৰ পৰা সিফাললৈ নিৰীক্ষণ কৰি দৰ দাম কৰি মোনাখন ভৰাবলৈ ল’লে।

“… … মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে;
অকণি সহানুভুতিৰে
ভাবিব কোনেনো কোৱাঁ- সমনীয়া।। …” এই গীতটোৱেই গুণগুণাই গুণগুণাই অমল বেজবৰুৱাই ঘৰ আহি পালে। অমল বেজবৰুৱাই স্বগতোক্তি কৰিলে “অমল, আজি ৰাতি তোৰ ভাল টোপনি হ’ব। তই মানুহ বনিলি দেই!”…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক