অমানিশা (বনজিৎ পাঠক)

অমানিশা

বনজিৎ পাঠক

ডিচেম্বৰ মাহ৷ ছিলঙত এতিয়া হাড় কঁপোৱা জাৰ৷ লাহে লাহে ছিলঙৰ আকাশলৈ অন্ধকাৰ নামি আহিছে৷ পাইন গছৰ ফাকেৰে সোমোৱা ৰ’দ খিনিও কেতিয়াবাই নাইকিয়া হ’ল৷ বাহিৰত ফেৰফেৰীয়া এজাক বতাহ৷ কোঠাৰ ভিতৰৰ ফায়াৰ প্লেচত জ্বলি থকা জুই কুৰাই যেন মোৰ ঠাণ্ডা কমোৱাত অলপো সহায় কৰিব পৰা নাই৷ জুইৰ ওচৰৰ চকীখনত বহিও ঠাণ্ডা অনুভৱ কৰিছোঁ৷ আবেলিৰ পৰা চকীখনত বহি থাকোঁতে কেতিয়ানো গধুলি হ’ল গমকে নাপালোঁ৷
মই থকা ভাৰাঘৰটো এটা ধুনীয়া টিলাৰ ওপৰত৷ ঘৰটোৰ ওপৰৰ তলাত মই ভাৰাতীয়া হিচাপে থাকোঁ৷ ঘৰৰ মালিক লাইটম্‌খ্ৰাৰ হাইস্কুলত শিক্ষকতা কৰে৷ একমাত্ৰ লৰাটো গুৱাহাটীৰ কটন কলেজত পঢ়ে৷
ৰাজধানী গুৱাহাটীৰ দিছপুৰলৈ উঠি যোৱা প্ৰায় এবছৰেই হ’ল৷ সচিবালয়ৰ প্ৰায়বোৰ বিভাগ ইতিমধ্যে গৈছেই৷ মই কাম কৰা বিভাগটো‍ও অতি সোনকালেই যাব৷ মইয়ো যাব লাগিব এই ছিলং এৰি৷ ………
লাহেকৈ চকীখনৰ পৰা উঠি কাষৰ টেবুলখনত জ্বলি থকা টেবুল লেম্পটোৰ পোহৰ অলপ বঢ়াই দিলোঁ৷ ইমান সময়ে ইয়াৰ পোহৰে ৰূমটো ভালদৰে পোহৰাব পৰা নাছিল৷ কাষতে ফ’টোফ্ৰেমত থকা চাৰু আৰু মোৰ বিয়াৰ পাছতেই তোলা ক’লা-বগা ফ’টো খনলৈ চকু গ’ল৷ আমাৰ বিয়াৰ প্ৰায় দুই বছৰেই হ’ল৷ ঘৰখনত তৃতীয় সদস্য কোনো নাই৷ চাৰু মানে চাৰুলতা বৰুৱা, মোৰ পত্নী, যোৰহাটৰ প্ৰতিস্থিত টি প্লেন্টাৰ চন্দ্ৰকান্ত বৰুৱাৰ সৰু জীয়ৰী৷ চাৰু সৰুৰে পৰা লাহবিলাহত, কোনো বস্তুৰে অভাৱ নথকা এখন ঘৰত ডাঙৰ হোৱা৷ অভিমানী আৰু যথেষ্ট সৰু সৰু কথাতে হঠাতে খং কৰাটো চাৰুৱে নিজৰ অধিকাৰ হিচাপে ধৰে৷ বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই আমাৰ চিনাকী৷ প্ৰথমে প্ৰেম আৰু তাৰ পিছত বিয়া৷ চাৰুৱে ছিলঙৰ দৰে ঠাইত থাকি বৰ ভাল পোৱা নাছিল কাৰণ গধুলি হোৱাৰ পিছতেই জনশূণ্য হৈ পৰে ঠাইখন৷ যাবলৈও কোনো বিশেষ ঠাই নাই৷ ছিলং পিক্ আৰু চেৰাপুঞ্জীলৈ আৰুনো কিমান যাব৷ চাকৰি সূত্ৰে মইী ছিলঙত থাকিব লগা হোৱা বাবে উপায়হীন হৈহে চাৰুলতা ইয়াতে আছিল৷
মই খিৰিকীৰ কাঁচৰ মাজেৰে বাহিৰলৈ চাই পঠিয়ালো। ইতিমধ্যে নিশাৰ অন্ধকাৰে বাহিৰখন আৱৰি পেলাইছে৷ পূৰ্ণিমা ন’হলেও জোনাক আছে৷ কিন্তু সেই পোহৰে কুঁৱলীৰ আৱৰণ ফালিব পৰা নাই৷ তলৰ ৰাস্তাৰ কেকুঁৰিৰ মূৰত থকা ষ্ট্ৰীট লাইটটোক কুঁৱলীয়ে ঢাকি তাৰ পোহৰ আৰু ম্লান কৰি পেলাইছে৷ খুউব কষ্টতহে যেন লাইটটোৰ পৰা পোহৰ ওলাইছে৷ ৰাস্তাত মানুহ প্ৰায় নায়েই৷ ক’ৰবাত এজন-দুজন লোক ছায়া মূৰ্তিৰ দৰে অহা যোৱা কৰি আছে৷ এনেয়ো ৰাজধানী গুৱাহাটীলৈ গুছি যোৱাৰ পিছত ছিলঙত মানুহৰ সংখ্যা বহু কমি গ’ল৷ তাতে এই ৰাতি ঠাণ্ডাত মানুহ আৰু কমিছে৷ অদূৰত লেডী কিন কলেজৰ ছাত্ৰীবাসটো৷ ভালদৰে নাচালে তাত লাইট জ্বলি থকাটো ধৰিবইে নোৱাৰি৷ হয়তো কোনো আবাসীয়ে পঢ়া টেবুলত বহিছে৷
মই থকা কাঠৰ দুই মহলীয়া ঘৰটোৰ ওপৰ মহলাত থাকোঁ৷ চৰাঘৰৰ সন্মুখতে কাঠৰ চিৰিটো৷ চিৰিটোৰে নামি তলত থকা ঘৰৰ মালিকৰ বাৰাণ্ডাৰে বাহিৰলৈ যাব পাৰি৷ খিৰিকীখন বন্ধ আছে যদিও মাজৰ ফাকেৰে অহা বতাহৰ পৰাই বাহিৰৰ ঠাণ্ডা অনুভৱ কৰিব পাৰি৷ হাতেৰে খিৰিকীখন এনেয়ে ঠেলি চালোঁ, ভালদৰেই বন্ধ কৰা আছে৷
তলৰ কেকুঁৰিটোত এখন গাড়ীৰ পোহৰ লাহে লাহে আগুৱাই অহা দেখা পালোঁ৷ ৰাস্তাটোৰ মাজৰ এটা অংশ ইয়াৰ পৰা দেখা নাপালেও গাড়ীৰ পোহৰৰ তিব্ৰতা ক্ৰমান্বয়ে বাঢ়ি অহাটো স্পষ্ট ভাৱে ধৰিব পৰা হৈছে|গাড়ীখন আহি আমি থকা টিলাটোৰ তলতে ৰ’লহি৷ সম্ভৱ জিত আহিছে৷ জিত মানে সম্পূৰ্ণ নাম সত্যজিত ফুকন, মোৰ বন্ধু৷ ইউনিভাৰ্চিটীত একেলগে পঢ়া৷ ছিলঙতে জন্ম তাৰ৷ বৰ্তমান এজন প্ৰতিস্থিত ব্যৱসায়ী৷ পুলিচ বজাৰত ডাঙৰ কাপোৰৰ দোকান আছে৷ ককাকৰ দিনৰ পৰাই সিহঁত ছিলঙত আছে৷ ককাকৰ ইংৰাজ চাহাবৰ লগত থাকি হোৱা চাহাবী ঢঙটো যেন জিতৰ গাটো আছে৷ দেখাতো সি চাহাবৰ দৰেই ওখ-পাখ আৰু বগা৷ কাপোৰ কানি সদায় ফিট ফাটকৈ পিন্ধে৷ সংসাৰ এতিয়াও আৰম্ভ কৰা নাই৷ খাছী ছোৱালী এজনীৰ লগত অলপ ঘনিষ্ঠতা আছে৷ কিন্তু মাক-দেউতাকে কথাটোৰ এতিয়াও উমান পোৱা নাই৷
কোঠাৰ সন্মুখৰ চিৰিটোত জোতাৰ শব্দ শুনা পালোঁ৷ সেইয়া নিশ্চয় জিতেই হব৷ দৰ্জাখন খুলিবলৈ বুলি আগবাঢ়োঁতেই জিতে নিজেই ঢংকৈ দৰ্জাখন বাহিৰলৈ টানি খুলি দিলে৷ চেচা বতাহ এজাক সোমাই আহিল৷ বতাহত লেম্পটোৰ জুই নুমুৱাৰ উপক্ৰম হ’ল৷
সোমায়েই সি ক’লে-“কি হ’ল, হঠাতে এনেকৈ মাতি পঠিয়ালি যে?এই ৰাতি ইমান ঠাণ্ডাত কি ইমান আৰ্জেন্সি হ’লনো?চাওঁ, চাহ একাপ খুউৱা, তোৰ তাতটো আৰু আন গা গৰম কৰা বস্তু নাথাকেই৷”
মোক কিবা কবলৈ সুযোগ দিয়াৰ আগতেই ৰূমৰ ভিতৰলৈ চাই চিঞৰিলে “চাৰু, চাহ লৈ আহ৷” তাৰ পিছত মোৰ ফালে চাই তুলনামূলক ভাবে সৰুকৈ ক’লে “কি হ’ল, ভিতৰত আন্ধাৰ যে, চাৰু নাই নেকি?” চাৰু জিতৰ মাহীয়েকৰ ছোৱালী৷ জিতৰ যোগেদিয়েই মোৰ চাৰুৰ লগত চিনাকী হৈছিল ইউনিভাৰ্চিটিত৷
“নাই”৷ – মই ক’লো৷
“নাই মানে ক’লৈ গ’ল হঠাতে, কালি দেখোন আমাৰ দোকানলৈ আহিছিল?”
“বহচোন, সকলো ক’ম”- দৰ্জাখন ভালদৰে বন্ধ কৰি মই ক’লো৷ জুইকুৰা অলপ বঢ়াই দিবলৈ মইই আগবাঢ়ি গ’লো৷
“কি হ’ল, হঠাতে এনেকৈ ৰাতিখন মাতি পঠিয়ালি, চাৰু‍ও নাই, সোনাকালে ক’, মোৰ কাম আছে৷ গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা মাৰোৱাৰী দুজন আহিছে, বিজনেছৰ কামত, সিহঁতক হোটেলত থৈয়েই তোৰ ওচৰলৈ আহিছোঁ৷ আকৌ হোটেললৈ যাব লাগিব৷” জিতে জুইকুৰাৰ ওচৰলৈ চকী এখন টানি ক’লে৷
ময়ো আনখন চকীত বহি লৈ ক’লো “চাৰু হঠাতে গুৱাহাটীলৈ গ’লগৈ, তাত ককায়েকৰ তাত ৰাতি থাকি সম্ভৱতঃ কাইলৈ ৰাতিপুৱাৰ ট্ৰেইনত মৰিয়্নী হৈ যোৰহাট যাবগৈ, ভালকৈ একো নকলে৷”
“কি কৈছ?এনেকৈ কথা নাই বতৰা নাই গুছি গ’ল যে?ৰহ কাইলৈ মইল মাহীহতৰ ঘৰলৈ ট্ৰাংক কল এটা কৰিম৷” সি মোৰ ফালে চাই ক’লে- “কি হৈছে ভালকৈ খুলি নকৱ কিয়?”
“কৈছো ৰহ, এই সকলোবোৰৰ মূলতে হৈছে এখন চিঠি৷……” মোৰ কথাৰ মাজতে জিতে কৈ উঠিল, “তই কথাবোৰ কিবা ৰহস্যময় কৰি তুলিছ, এখন চিঠিৰ বাবে সকলোবোৰ হৈছে৷” জিতৰ যে খং উঠিছে সেইটো তাৰ কথাত স্পষ্ট হৈ উঠিল৷

“কি চিঠি চাও!” বুলি সি ইফালে সিফালে চিঠিখন বিচাৰিলে৷ টেবুলত থকা ওপৰত কিবা এখন পৰি থকা দেখা পাই উঠি গৈ সি হাতত তুলি ল’লে৷ লেম্পটোৰ ফালে অলপ বেকাকৈ ধৰি কাগজখনত কি লিখা আছে সি পঢ়িবলৈ চেষ্টা কৰি ক’লে “এইখন নেকি?”। মইে লগে লগে উঠি গৈ তাৰ হাতৰ পৰা সেইখন কাঢ়ি আনি ক’লো “হয়, এইখনেই সেই চিঠিখন, কিন্তু তই পঢ়াৰ আগতে তই মোৰ কথাখিনি শুনি ল’! নহ’লে তই পঢ়াৰ পাছত কথাখিনি তোক কোৱা নহ’বও পাৰে৷” -কথাখিনি মই তাৰ মুখলৈ নোচোৱাকৈ ক’লো যদিও ধৰিব পাৰিলো সি মোলৈ যথেষ্ট উষ্মাভৰা চকুৰে চাই আছে৷
চিঠিখন তাৰ পৰা হাতত লৈ আকৌ চকীত বহিলোঁহি৷ জিতে নিজৰ চকীখনত নবহাকৈ মোৰ কাষতে থিয় হৈ ৰ’ল৷ পিন্ধি থকা ক’লা ৰঙৰ অভাৰকোটটোৰ দুটামান বুতাম খুলি, চকীখনত ধৰি সি তলমূৰ কৰি ৰ’ল৷ চিঠিখন মই এনেয়ে জুইৰ পোহৰৰ ফালে দাঙি ধৰিলোঁ৷ এখন অতি সাধাৰণ চিঠি৷ মাখন ৰঙৰ এটা লেফাফাত একোণত মোৰ নাম “বৰদা প্ৰসাদ চৌধুৰী”, লগতে এই স্থানৰ ঠিকনা ইংৰাজীত গোট গোট আখৰত লিখা আছে৷ ওপৰত ছিলঙৰ মূল ডাকঘৰৰ মোহৰ মৰা আছে৷ আজিৰ তাৰিখটো‍ও তাত স্পষ্টকৈ জিলিকি আছে-4.12.1973 ৷ প্ৰেৰকৰ ঠিকনাৰ উল্লেখ নাই৷
-“ক’ৰ পৰা আহিছে চিঠিখন?” জিতৰ মাতত মোৰ সম্বিত ঘুৰি আহিল৷
-“নাজানো কোনে দিছে একো লিখা নাই!” মই ক’লো৷
-“কিনো লিখা আছে ভিতৰত!” বিৰক্তিৰে জিতে সুধিলে৷
-“নাজানো, মইত পঢ়া নাই৷” চিঠিখন লিৰিকি বিদাৰি মই ক’লো৷
-“কি?তই পঢ়াই নাই?” এইবাৰ জিতে আচৰিত হৈ চকুকেইটা ডাঙৰকৈ মেলি মোৰ কান্ধত হাত দি ক’লে “কি হৈছে, খোলাখুলিকৈ ক’চোন!” এইবুলি কৈ সি কেপস্টান চিগাৰেটৰ পেকেট এটা পকেটৰ পৰা উলিয়াই চিগাৰেট এটা হাতত ল’লে৷ পেকেটটো আকৌ পকেটত সুমুৱাই থৈ, চকীখন অলপ টানি মোৰ পৰা অলপ আঁতৰি বহিল৷ মই চিগাৰেটৰ গোন্ধ ভাল নাপাওঁ বুলি সি জানে৷ মোৰ দৃষ্টি পুনৰ জুইকুৰাত নিৱদ্ধ হ’ল৷ সি চিগাৰেটটো জ্বলাই ল’লে৷
“আজি দুপৰীয়া এখন চিঠি আহিছে মোলৈ৷ সেই সময়ত মই ঘৰত নাছিলো৷ চাৰুৱে চিঠিখন পঢ়ি চালে৷ আগতেও এনেকৈ মোলৈ অহা চিঠি চাৰুৱে পঢ়ি চায়৷”
ঘৰখনত সোমায়েই দেখিলোঁ এক বিশৃংখল পৰিৱেশ৷ ঘৰৰ কেইবাটাও বস্তু স্থানচ্যুত হৈ মজিয়াত পৰি আছে৷ আনহাতে শোৱনি কোঠাত চাৰুৱে কান্দি কান্দি কাপোৰ সামৰি আছে৷ মোক দেখাৰ ল’গে ল’গে তাই প্ৰায় চিঞৰি উঠিল “আপোনাৰ দৰে মানুহৰ লগত আৰু মইম এখন্তেকো নাথাকোঁ৷ আপোনাক মইে এনে মানুহ বুলি ভবা নাছিলো৷”
-“কি হ’লনো বাৰু!” মই ক’লো৷
-“কি, কি হ’লনো, এইখন চাওক, ইয়াত কি লিখা আছে!” বুলি চাৰুৱে মোৰ চকুৰ আগত সেই ৰহস্যময় চিঠিখন দাঙি ধৰিলে৷
-“চাও, কি চিঠি” বুলি মই হাতখন আগবঢ়াই লব খোজোতেই চাৰুৱে চিঠিখন মোৰ পিনে দলিয়াই ক’লে “ইউনিভাৰ্চিটিত থাকোতে আপোনাৰ কেমেষ্ট্ৰিৰ কিতাপৰ মাজত বাণী নে ফাণী সেইজনীৰ ফ’টো দেখোতেও মই ইমান আচৰিত হোৱা নাছিলো৷ মাহঁতে কিমান মানা কৰিছিল মোক……” সুবিধা পাই চাৰুৱে পুৰণি কথাবোৰ আৰম্ভ কৰি দিলে৷
-“ৰ’বাচোন ৰ’বা, কি চিঠি, কোনে দিছে!”
মনে মনে মোৰ চিন্তা হ’বলৈ ধৰিলে কাৰ চিঠি হ’ব পাৰে! বাণী মানে বাণী কাকতিক মই বহুদিন ল’গ পোৱা নাই আৰু কোনো খবৰো নাপাওঁ৷ ছমাহমান আগতে কোনোবাই কৈছিল, তাই বোলে গোলাঘাটৰ ডি আৰ কলেজত সোমাইছে, তাৰ বাহিৰে আৰু একো নাজানো৷ বাণীৰ চিঠি হ’বই নোৱাৰে৷
চিঠিখন মজিয়াত পৰি আছিল৷ আগবাঢ়ি গৈ চিঠিখন হাতত তুলি ল’লো৷ চাৰুৰ কান্দোন আৰু বাঢ়িবলৈ ধৰিলে৷ বাহিৰত কেৱল মোৰ ঠিকনাটো লিখা আছে৷ আখৰকেইটাও অচিনাকী, ইংৰাজীত লিখা৷ কোন হ’ব পাৰে বাৰু?? লেফাফাটোৰ ফালি থোৱা অংশৰে আঙুলিদুটা সুমুৱাই চিঠিখন উলিয়াবলৈ লওঁতেই কোঠাৰ দৰ্জাখন খুলি ঘৰৰ মালিকনী সোমাই আহিল- “কি হ’লনো ভাইটী? বাহিৰৰ পৰা কান্দোনৰ শব্দ শুনিলোঁ৷ চাৰুৱে কন্দা যেন লাগিল৷” মই অলপ বি‍ব্ৰত বোধ কৰিলো৷ এটা শেতা হাঁহি মাৰিবলৈ চেষ্টা কৰি ক’লো “নাই, এনেয়ে-”
-“কি এনেয়ে হা, কি এনেয়ে?” চাৰুৱে খেদি আহিল৷ চাৰুৰ এনে খঙাল ৰূপ মই আগতে দেখা নাছিলোঁ৷ যেন চাৰুৱে দুৰ্গা গোঁসানীৰ ৰূপ ধাৰণ কৰিছে৷
-“চাওকচোন বাইদেউ, এওঁৰ দৰে লোকৰ কাণ্ড চাওক, এইখন পঢ়ি চাওক, মই কেনেকুৱা লোকৰ লগত সংসাৰ কৰিলোঁ অ’…”
চাৰুৰ কান্দোনৰ কোব আৰু চৰি গ’ল৷ এইবাৰ মোৰ যথেষ্ট খং উঠিল, এইদৰে নিজৰ ভিতৰুৱা কথাত অন্যলোকক সুমুৱাৰ বাবে৷ মই বৰ বিবুধিত পৰিলোঁ৷ ঘৰৰ মালিকনী যথেষ্ট মৰমিয়াল, পঞ্চাছৰ ঊৰ্ধ্বৰ মহিলা৷ তেখেতৰ হাতৰ পৰা চিঠিখন কাঢ়ি আনিবলৈকো বেয়া হ’ল৷ তেওঁ কিন্তু চিঠিখন পঢ়োঁ নপঢ়োঁকৈ পঢ়া আৰম্ভ কৰিলে৷ চাৰুৱে সিফালে ভোৰভোৰাই কাপোৰ কানি চুটকেছটোত ভৰোৱাত লাগিল৷ মালিকনীয়ে আমাক নিজৰ ল’ৰা-ছোৱালীৰ দৰে ভাবে৷ মই তেওঁৰ মুখখনলৈ লক্ষ্য কৰিলোঁ৷ চিঠিখন পঢ়ি বগা মানুহগৰাকীৰ মুখখন ৰঙা পৰি উঠিল৷ মোলৈ ঘোপাকৈ চাই ক’লে “তোমাক মই এনে মানুহ বুলি ভবা নাছিলোঁ৷” আৰু চিঠিখন হাতত লৈ ফোঁ ফোঁৱাই তললৈ নামি গ’ল৷ এইবাৰ মোৰ সঁচাকৈয়ে চিন্তা হ’বলৈ ধৰিলে- কিনো এনে কথা লিখা আছে চিঠিখনত? স্বজ্ঞানত আজিলৈকে কোনো বেয়া কাম কৰা নাই মই৷ মোৰ অজানিতে কাৰোবাৰ কিবা ডাঙৰ অপকাৰ কৰিলো নেকি? নাই, তেনে একো হ’ব নালাগে৷ সৰুৰে পৰা মোৰ বন্ধু-বান্ধৱ, লগ-সংগ প্ৰায় নায়েই৷ কোনোবাই এনেয়ে বেনামী চিঠি দি মোক শ’লঠেকত পেলাবলৈ চেষ্টা কৰিছে নেকি? নাই নাই, সেইটো‍ও হ’ব নোৱাৰে৷
-“তুমি কি সচাঁকৈয়ে ঘৰলৈ যাবলৈ ওলালা নেকি?”
-“অ’..আপোনাৰ লগত এদিনো থাকিব নিবিচাৰোঁ মইে, কথাও পাতিব নিবিচাৰোঁ৷” চাৰুৱে থোকা-থুকি মাতেৰে ক’লে ৷
-“চিঠিখনত কি লিখা আছেনো? তুমি চিঠিখন তেখেতক তেনেকৈ দি দিব নালাগিছিল৷ নিজৰ ব্যক্তিগত কথা…৷” মোৰ কথা শেষ হোৱাৰ আগতে চাৰুৱে চিঞৰি উঠিল- “কি লিখা আছে নিজে পঢ়ি ল’ব৷ কি ব্যক্তিগত কথা, জানক সকলোৱে, মই ঘৰতো কৈ দিমগৈ, এনে কথা জনাৰ পিছত আপোনাৰপৰা সকলো আঁতৰি যাব৷ আপুনি অকলশৰীয়া হৈ থাকিব৷” চাৰুৱে কাপোৰৰ চুটকেছটো দঙা আৰু চোচঁৰোৱাৰ মাজতে কিবা এটা কৰি শোৱা কোঠাটোৰ পৰা উলিয়াই মাজৰ কোঠালিটোলৈ আহিল৷ মই আগবাঢ়ি গৈ বেগটো ধৰিব খোজোতে, মোক ঠেলা মাৰি ক’লে “নালাগে একো ধৰিবলৈ…৷”
মই নিৰুপায় হৈ ৰ’লোঁ৷ কি কৰোঁ কি নকৰোঁ লাগিল৷ আজিলৈকে চাৰুৰ গাত হাত দিয়াটো দূৰৰ কথা টানকৈ এষাৰো কৈ পোৱা নাই৷ এইহেন ডিচেম্বৰ মাহতো মই ঘামিবলৈ আৰম্ভ কৰিলো ৷ ঠিক সেই সময়তে চিৰিৰে মালিকনী ওপৰলৈ উঠি আহিল, লগতে তেওঁৰ স্বামী অৰ্থাৎ ঘৰৰ মালিক৷ কোঠালিটোৰ ভিতৰলৈ সোমায়েই ঘৰৰ মালিকে ক’লে, “বৰদা, মই জীৱনত এনে কথা শুনিম বা পঢ়িবলৈ পাম বুলি ভবা নাছিলোঁ৷ এই ৬০ বছৰীয়া জীৱনত বহুধৰণৰ মানুহ লগ পাইছোঁ৷ চোৰ, ডকাইত, হত্যাকাণ্ড এনে ধৰণৰ কোনো কাম নাই যিটোৰ লগত লিপ্ত লোকৰ সংস্পৰ্শলৈ মই অহা নাই৷ মই দুখ পাইছোঁ …তোমাৰ দৰে লোক মোৰ ঘৰত থাকিব নালাগে৷ এসপ্তাহ সময় দিলো তোমাক মোৰ ঘৰ খালী কৰি দিবলৈ……” এইবুলি কৈ চিঠিখন তেওঁ টেবুলত দলিয়াই দিলে৷ মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ যোৱাৰ দৰে লাগিল, মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ ওচৰতে থকা চকীখনত ঢপকৈ বহি পৰিলোঁ ৷
-“খুড়া মোক এখন অট’ যোগাৰ কৰি দিব পাৰিব নেকি, মই যোৰহাট যাওঁগৈ, নোৱাৰোঁ এখেতৰ লগত থাকিব আৰু ৷”
-“বাৰু মই আনি আছো ৰ’বা! নালাগে এনে লোকৰ সৈতে থাকিবলৈ…৷”
ঘৰৰ মালিকৰ খং মাৰ যোৱাৰ কোনো লক্ষন দেখা নাপালোঁ৷ থৰ হৈ বহি ৰ’লো মই ৷……
-“কি আছিল চিঠিখনত?” জিতৰ প্ৰশ্নত মই যেন বাস্তৱলৈ ঘূৰি আহিলোঁ৷ মুখত এইবাৰ তাৰ সেই আগৰ খং বা বিৰক্তিৰ ঠাইত আশ্বৰ্য আৰু কৌতূহলৰ বিচৰণ৷
-“ক’লো দেখোন মই পঢ়াই নাই চিঠিখন৷ আচলতে ইমানবোৰ ঘটনা ঘটি যোৱাৰ পিছত সেইখন পঢ়িবলৈ মই সাহস গোটাব পৰা নাই৷ যিয়েই পঢ়ে তেওঁৱেই দেখোন মোক বেয়া পায়৷”
‘‘চাওঁ দে, মই পঢ়ি চাওঁ!” –জিতে মোৰ হাতৰ পৰা চিঠিখন ল’বলৈ তাৰ হাতখন আগবঢ়াই দিলে৷
‘‘নালাগে দে, সেইখন পঢ়িলে তয়ো কি কৰ ঠিক নাই ….’’ -মইত উদাস ভাবেৰে ক’লো৷
‘‘তই মোক কি বুলি ভাব? এখন বেনামী চিঠিৰ কথাত বিশ্বাস কৰি মই তেনেকুৱা কাম কৰিম নেকি? তোক মই ইমান দিনৰ পৰা জানোঁ, কোনোদিনে ডাঙৰকৈ মাত এটা মাতি পোৱা নাই তইে, অন্য বেয়া কামৰ কথাটো নকওঁৱেই বাৰু৷ চাওঁ চিঠিখন দে, পঢ়ি চাওঁ৷ চাৰুৰ কথা চিন্তা নকৰিবি , কাইলৈ মইা মাহীৰ তালৈ ট্ৰাংক কল কৰিম, সকলো ঠিক হৈ যাব৷’’ জিতে চিঠিখন মোৰ হাতৰ পৰা ল’ব খুজিলে৷
মই আকৌ ক’লো- ‘‘কথাটো তই ছিৰিয়াছলী লোৱা নাই, যিয়েই চিঠিখন পঢ়ে সিয়েই কেনেকুৱা ব্যৱহাৰ তই দেখোন গম পালিয়েই…..’’ মই কথাখিনি শেষ কৰিবলৈ নাপালোৱেই৷
‘‘দে বুলি কৈছোঁ নহয় চিঠিখন..’’ এইবুলি থাপ মাৰি সি মোৰ হাতৰ পৰা চিঠিখন লৈ চকীখনৰ পৰা প্ৰায় জপিওৱাৰ দৰে উঠি গৈ টেবুল লেম্পটোৰ কাষ পালেগৈ৷ চিঠিখনৰ জাপকেইটা খুলি সি পঢ়িবলৈ ধৰিলে৷ লেম্পৰ পোহৰত দৃশ্যমান হোৱা বেৰত তাৰ দীঘল ছাঁটোলৈ মোৰ চকু গ’ল৷ এনে লাগিল যেন এটা দৈত্যই মোক গিলিবলৈ সাজু হৈছে৷ লাহে লাহে যেন দৈত্যটোৱে মোৰ ফালে আগুৱাই আহি আছে৷
-‘‘তই মোৰ কথা নুশুনিলি নহয়৷ এতিয়া …..?’’
মোৰ মাত শুনি জিতে মোলৈ চালে৷ এইটো যেন ক্ষন্তেক সময়ৰ জিত নহয়, সম্পুৰ্ণ এটা বেলেগ জিত৷ খঙত তাৰ ওঠদুটা ভীষণ জোৰত কঁপিবলৈ ধৰিছে, হাতৰ মুঠিত চিঠিখন ধৰি সি চিঞৰি উঠিল৷
‘‘বৰৰৰদাআআআ…. তোক মই, তোক মই… এনেকুৱা বুলি ভবা নাছিলোঁ……. ইমান দিনৰ বন্ধুত্ব, বিশ্বাস সকলো তই মিছা বুলি প্ৰমাণ কৰিলি৷ তোৰ লগত মোৰ সকলো সম্বন্ধ শেষ৷ আজি এই মুহূৰ্ত্তৰ পৰা তোৰ মুখ মই কোনো দিনে নাচাওঁ ………………….চাল্লা…. ” বুলি সি চিঠিখন হাতেৰে মোহাৰি এটা লাৰুৰ দৰে কৰি মোৰ ফালে দলিয়াই দি, ধুমুহাৰ গতিত ধমকৈ দৰজাখন খুলি কোঠাটোৰ পৰা ওলাই গ’ল৷ অবিশ্বাস্য আছিল তাৰ সেই আচৰণ৷ চিঠিখন মোৰ গাত লাগি চিটিকি গৈ ফায়াৰ প্লেচৰ অলপ অলপ কৈ জ্বলি থকা জুইকুৰাত পৰি ল’গে ল’গে জ্বলি ছাই হৈ গ’ল৷ হিমচেচাঁ বতাহ এজাক খোলা দুৱাৰ খনেৰে সোঁ সোঁৱাই সোমাই আহি জ্বলি থকা টেবুল লেম্পটো নুমুৱাই পেলালে৷ কোঠাটো অন্ধকাৰ হৈ পৰিল৷ ফায়াৰ প্লেচৰ জ্বলি থকা জুইকুৰায়ো যেন সেই অন্ধকাৰ আঁতৰাব নোৱাৰিলে৷ হঠাতে আজি দুপৰীয়া সাধাৰণ যেন লগা এই চিঠিখনৰ দ্বাৰা নামি অহা অন্ধকাৰখিনিয়ে মোৰ জীৱন অন্ধকাৰ কৰি পেলালে৷ গ্ৰাস কৰি পেলালে মোৰ সুখৰ সংসাৰ৷ চাৰুলতায়ে কোৱাৰ দৰে সঁচাকৈয়ে মই অকলশৰীয়া হৈ পৰিলোঁ৷

(লিখকৰ টোকা: বহুদিনৰ আগতে লগৰ বন্ধুৰ লগত কথা/আড্ডাত মোৰ লগৰ এজনে কোৱা এটা কৌতুহলপূৰ্ণ সৰু কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা। লিখাটো চাই মেলি দিয়াৰ বাবে মনোৰঞ্জন মজুমদাৰলৈ বিশেষ ধন্যবাদ জনালোঁ।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments