“…………….” (অমিতাভ মহন্ত)

হেল্লো নিনাদ….
– হুমম….
-টাইৰ দাম কিমান জান নে?
– কি???
-টাই টাই। তঁহতে যে ডিঙিত বান্ধি ফুৰ সেয়া টাই।
নিনাদে কাণৰ পৰা ম’বাইলটো গুচাই স্ক্ৰীণত সময় চালে ৷ তাৰপিছত চকুৱে মুখে চূড়ান্ত বিৰক্তি একগোট কৰি লৈ চিঞঁৰি উঠিল,
– অই বান্দৰী, পাগল হ’লি নেকি তই ৷ এই ৰাতি তিনি বজাত টাইৰ দাম?? মাথা নষ্ট হোৱা নাই তো তোৰ??
নিনাদৰ বিৰক্তিক নামমাত্ৰও গুৰুত্ব নিদিয়াকৈ কন্বকীয়ে আকৌ সুধিলে,
– অ’ পাগলেই হৈছো বুজিছ  ৷ দাম কিমান?
– কি দাম?
– টাইৰ  ৷
– নাজানো, ফোন ৰাখ  ৷
– সঁচাই নাজান দাম?
– নাজানো অ’ মোৰ মা  ৷ প্লিজ ফোন ৰাখ  ৷ পুৱাই ক্লাছ আছে  ৷ তয়ো শুই লছোন ৷ ৰাতিপুৱা কামুৰিবি আকৌ ৷
– আৰে শুয়েই আছিলো ৰে ৷ সপোনত দেখিলো নীবিড় দাই এডাল টাই মাৰিছে ৷ কি যে হেণ্ডছু লাগিছে নহয় ৷
– তাতে কি হ’ল?
– কি হ’ল মানে? টাই কিনিম আকৌ ৷ মস্তি লাগিব কাইলৈ ৷
নিনাদৰ মূৰটো এইবাৰ ভকভককৈ গৰম হ’বলৈ ধৰিলে ৷ অলপ সময় মনে মনে থাকি লাহেকৈ ক’লে,
– ফোন ৰাখ ৷ তোৰ নীবিড়দাৰ বিষয়ে এই ৰাতি কথা পতাৰ কোনো ইচ্ছা নাই মোৰ ।
কন্বকীয়ে কিবা কিবি কৈয়েই আছিল ৷ নিনাদে সেইবোৰ নুশুনাকৈ খঙতে ফোনটো কাটি দিলে ৷ এই ৰাতি বুলিয়েই নহয়, দিনতো এই ‘নীবিড় গাঁথা’ শুনিবলৈ তাৰ মুঠেও ভাল নালাগিব ৷
কন্বকীক কেতিয়াবা বৰ অদ্ভুত লাগে নিনাদৰ ৷ কলেজৰ প্ৰথম দিনটোৰ পৰাই চিনাকী দুয়ো ৷ এতিয়া অভিন্ন বন্ধু ৷ পিছে নিনাদৰ যে বন্ধুতকৈ বেছি কিবা হোৱাৰ মন ৷
ছেকেণ্ড ইয়েৰত এদিন হঠাৎ কন্বকীয়ে নিনাদক ৰেষ্টুৰেন্টলৈ মাতি নিলে,
– বুজিছ নিনাদ, মোৰ লাগিছে মই চাগে তোক বন্ধুতকৈ বেছি কিবা বুলি ভাবি লৈছো ৷
নিনাদৰ হাৰ্টবিট বন্ধ হোৱাৰ উপক্ৰম ৷ কোনোমতে সুধিলে,
– কি বুলি ভাবিছ??
প্ৰকাণ্ড ম’ম’ এটা মুখত সুমুৱাই লৈ কন্বকীৰ চিধিচিধি উত্তৰ,
– বেষ্ট ফ্ৰেইণ্ড আকৌ ৷
সেইদিন ধৰি বেষ্ট ফ্ৰেইণ্ড হৈয়েই ৰৈ গৈছে নিনাদ ৷ বহুদিন চেষ্টা কৰিও পাগলীজনীক মনৰ কথা কোৱাৰ সাহস নহ’ল তাৰ ৷
এসপ্তাহ আগতে কন্বকীয়ে ফুচফুচাই তাক ক’বলৈ ধৰিলে,
– তোক বহুদিনৰ পৰা কথা ক’ম বুলি ভা‌ৱি আছো ৷
আকৌ নিনাদৰ হাৰ্টবিট বন্ধ হোৱাৰ উপক্ৰম ৷ কোনোমতে মাত দিলে,
– কি কথা ?
– নীবিড় দাই মোক প্ৰপ’জ কৰিছে ৷
মূৰটো গৰম গৈ গ’ল নিনাদৰ ৷ চূড়ান্ত খঙত চিঞঁৰি উঠিল সি,
থাপ্পৰ লগাই দিবি তাক ৷ কি বুলি ভা‌ৱে সি নিজকে ৷
– ছি: ছি: কি কৈছ ? থাপ্পৰ কিয় মাৰিম বাৰু ? ইমান কিউট নীবিড় দা !
– তাৰমানে?? তাৰমানে তই ‘হাঁ’ কৈ দিলি তাক? তই পাগল হৈছ নেকি?
– আৰে নাহ ৷ লগে লগে ‘হাঁ’ ক’লে মোৰ ডিমাণ্ডটো ক’ত থাকিব ? দুদিনমান যাব দেছোন ৷
নিনাদৰ কিবা ক’বলৈ ভাষা নোহোৱা হৈ পৰে ৷ অবাক হৈ সি কন্বকীলৈ চাই ৰয় ৷ এইবোৰ কথা কোৱাৰ সময়ত সাধাৰণতে ছোৱালীবোৰে চকু নমাই লাজ লাজকৈ কয় ৷ এইজনীয়ে পিছে লাজ মান নোহোৱাৰ দৰে নিনাদলৈ তেলতেলকৈ চাই আছিল ৷
মুখৰ ভাষাত আহত হৈ নিনাদৰ বোধকৰো তাইৰ চকুৰ ভাষা পঢ়াৰ ধৈৰ্য্য নাছিল সেইদিনা…
এছ এম এছৰ শব্দত নিনাদ বাস্ত‌ৱলৈ ঘুৰি আহিল ৷ কন্বকীয়ে কিবা পঠিয়াইছে ৷
” বেয়া নাপাবি তোক এই ৰাতিখন দিগদাৰ দিছো ৷ এটা কথা জনাবলৈ মেছেজ কৰিলো ৷ সপোনত আচলতে কাকো স্পষ্টকৈ দেখা নাই ৷ কিন্তু এটা কথা ঠিক, টাইৰ ৰংটো নীলা আছিল …….. ”
মেছেজটো বাৰে বাৰে পঢ়িলে সি ৷ ডট কেইটাৰ ফালে বাৰে বাৰে চকু গৈছে তাৰ ৷ মুঠ আঠটা ডট ৷ কিয় জানো তাৰ ভা‌ৱিবলৈ মন গৈছে যে আৰু কিছু সময় চাই থাকিলেই এই আঠটা ডট নিজে নিজেই ৮টা ইংৰাজী বৰ্ণ হৈ উঠিব ৷
ৰাতি তিনি বাজি বিশ মিনিট গৈছে ৷ নিনাদে কিবা ভাবি ৰাহুলক ফোন লগালে ৷
– হেল্লো ৰাহুল ৷
– হুমম ৷
– টাই এদাল আছে নহয় তোৰ, নীলা ৰঙৰ টাই এদাল?
– হুমম, অ’ আছে ৷ কি হ’ল?
– মোক সেইদাল দিবি এদিনৰ কাৰণে?
– কামুৰিবলৈ সময় নাপালি?? কেইটা বাজিছে দেখা নাই?
– কাইলৈ ভাই টাইডাল লাগিব হা !
ৰাহুলে ফোনটো কাটি দিলে ৷ চেহ্, কাইলৈ বা দিয়ে নে নিদিয়ে টাইডাল ৷
একেজাপে উঠি নিনাদে নীলা টাইৰ লগত মিলি যোৱা চাৰ্ট বিছাৰিবলৈ ধৰিলে ৷ পছন্দৰ চাৰ্ট এটা লৈ ইষ্ট্ৰি কৰাত লাগি গ’ল নিনাদ ৷ সময়ৰ কাম সময়ত কৰিব লাগে….
হঠাৎ যেন কিবা এটা মনত পৰিল নিনাদৰ ৷ গণি গণি ১১টা ‘ডট’ লিখি কন্বকীলৈ মেছেজটো পঠিয়াই দিলে সি ৷ এনেওঁ কন্বকী তাতকৈ বহুত স্মাৰ্ট, চোকা, বুধিয়ক ৷
বুজি পাব চাগে!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments