-অমুকা নপতা ফুকনৰ এবকলা বদহজমী ভাচন-(- লিখন নীল কোঁৱৰ)


প্ৰস্তাৱনা

গধূলিতে এই গোটত সোমাই দেখিলোঁ ইয়াত আলোচনা চলি আছে-বিষয়:কবিতা, কবিতা-
অমুকাৰো দুই-চাইটা কবিতা(?)লিখাৰ মুদ্ৰাদোষ আছে|স্বাভাৱিকতে কবিতাকেন্দ্ৰিক আলোচনা প্ৰত্যক্ষ কৰি কিছু ভাৱে মনত দোলা দি গ’ল(নকৈ নোৱাৰো কবিতা-এই শব্দটো দেখিলে শুনিলেই নিস্তৰংগ হৃদয়-সমুদ্ৰত তুমুল জোৱাৰ উঠে)|যেনেকৈ কবিতাৰ এই পংক্তি দুটাই অমুকাৰ হৃদয়েইদি সৰকি গ’ল-


নিসংগতাত উজাই আহে হেঁপাহ…..

তই দুৰ আকাশৰ ৰূপোৱালী জোন
তোৰ স্নিগ্ধতাত এবাৰ হেৰাই চাবলৈ,
ওৰে নিশা তোৰ প্রেমত পৰিবলৈ
শুক্লপক্ষৰ ৰাতিবোৰত মই এপাহ ভেট-ফুল হ’ম –ৰশ্মিৰেখা দাস


বাৰিষা বুলিয়ইততো সদায় বৰষুণ নাহে।
গোমা আকাশৰ তলতো হাঁহিব পাৰি,
ভেঙুচালি কৰি মেঘৰ গৰ্জনক
উৰুৱাব পাৰি চিলা
তোমাৰ নীলাখামৰ চিঠিৰে সজা.. — হৃষীৰাজ শৰ্মা


ফে’চবুকৰ বিষয়ে

অমুকাই ফে’চবুকত যোগ দিয়া প্ৰায় পাঁচমাহমান হৈছে- গতিকে অমুকা তেনেই পানীকেঁচুৱা এই আজৱ দুনীয়াত!এক ধৰণৰ আপাত পৃথিৱীৰ এচকল এই ফে’চবুকে অমুকাকো পোনপ্ৰথমে জোলোকা-জোলোকে পানী(ৰাইজে সিবিধ পানী বুলি ভুল নুবুজিব আকৌ) খুৱালে!মোৰ আঙুলিত ধৰি এই দুনীয়াত ভ্ৰাতৃপ্ৰতীমবন্ধু পাৰ্থই দাখিল কৰালে-ভালেকেইদিন চুচুক-চামাক কৈ কেনি যাওঁ, কি কৰোঁ হৈ ফে’চবুক দুনীয়াত অনাই-বনাই ঘূৰিলো|অমুকাৰ তেতিয়া ৰাজহুৱাকৈ ক’বলৈ লজ্জাবোধ হোৱা তেনেই নগণ্য বন্ধু আৰু ইফালে কিছু ফে’চবুকিয়ানৰ হাজাৰ-হাজাৰ বন্ধু; আনকি কিছুমানৰ হাজাৰৰ ঘৰত চাবস্ক্ৰিপচন-সেই মহামান্যসকলক কৰযোৰে সেৱা জনাই শুভাশীষ আৰু আশীৰ্বাদ ল’লো; যাতে কালক্ৰমত তেনে বৃহদাকাৰৰ বন্ধু-তালিকাৰ গৰাকী হৈ এই দুনীয়াত জাকতজিলিকা হওঁগৈ আৰু দেশ-মাতৃৰ শ্ৰীমুখ উজলাই জীৱন ধন্য কৰি তোলোগৈ!এইবোৰ ভাৱনাৰ মাজে-মাজে ছেগ বুজি অমুকাই আদাক দেখি উঠিল গা, কেটুৰিয়ে বোলে মোকো খা জাতীয় হৈ এটা দুটা কৈ কবিতা (?)লিখা কৰিলোঁ :মনত ভয়-আশংকা-কমেণ্টক মাৰৌ গুলী, কোনেও লাইক নকৰিলে-হ’ল আৰু-কচু গছত চিপ লৈ নিগমে মৰাৰ গত্যন্তৰ নাথাকিব|যি কি নহওক, অমুকাৰ কালজয়ী, মহান কবিতা দুই-চাৰিজন সদাশয় বন্ধু সন্তুষ্ট হ’বপায়-লাইক দুটামান উফৰি আহিল, লগতে গোটাদিয়েক সোণসেৰীয়া মন্তব্য|আনন্দতে তিনি জাঁপ মাৰিলোঁ ভাৰাঘৰৰ ভিতৰত- উকি এটা মৰাৰ বিৰৰৰাট ইচ্ছা হৈছিল|নামাৰিলোঁ-অত্যুৎসাহত পৰি মালিকৰ তীব্ৰ ধমকি খাই ভিগী বিল্লী হৈ থৈছোঁ|গতিকে কম ভলিউমত উকিটো সামৰি পৰম্পৰা ৰক্ষা কৰিলো|

এইদৰে অমুকাৰ ফে’চবুক তথা কবিতা-লিখনৰ জয়যাত্ৰা আৰম্ভ হ’ল|বন্ধু-অনুৰোধৰ ফৰ্মুটি মাৰি মাৰি ভালেকেইজন বন্ধুও গোটালোঁ!তাৰে দুজনমানে অমুকাক অবন্ধু কৰি ইতিমধ্যে অৱসৰো দিলে|বন্ধু-চাকৰিৰ পেঞ্চনহে এতিয়ালৈ পোৱা নাই|লাষ্টগে’টত ধৰ্ণা দিব লাগিব যেন পাওঁ|অৱশ্যে, অমুকাইও দুজনমানক বাধ্যতামূলক বিদায় -সংবৰ্ধনা জনালে|কি ক’ম আৰু-তাৰে দুজনমানে বৰ …….ফ’টো আপলোড কৰি অমুকাক টে’গ কৰিলে- দুজনমানে বাৰ ঘণ্টাত তেৰবাৰমান প্ৰ’ফাইল ফ’টো সলনি কৰে আৰু শিৰোনাম লিখে it’s mee…. meeh- এবাৰ কঁকালত হাত থোৱা ফ’টো, আনবাৰ জেলযুক্ত চুলি থিয় কৰি তোলা ফ’টো|আকৌ, এবাৰ মেখেলা-চাদৰ পিন্ধা ফ’টো, আনবাৰ মিনিস্কাৰ্ট পিন্ধা ফ’টো- ধেৎ তেৰি!!অন্য ভাল নিউজ-ফীদ বিলাকত মন দিবই নোৱাৰি এই মহানসকলৰ পৰা|গতিকে ……গম পাইছেই আৰু উপযুক্ত বঁটা-বাহন, মাননি প্ৰদান কৰি সেইসকলক তৎকালে কাৰ্যকৰী হোৱাকৈ কৰি ভালনলগা কামফেৰা কৰিবলগা হ’ল|বাৰু, কৈ আছিলোঁ কবিতাৰ কথা|অমুকাইও মন কৰিছে যে ফে’চবুকত লাইক আৰু কমেণ্ট কৰা কাৰবাৰটো বিলকুল সুকীয়া-বহু ভাল পোষ্টত দেখিব নগণ্য ৰাইজৰ সঁহাৰি আৰু মন্তব্যৰ ফুলজাৰি|আকৌ কোনো কোনো জনৰ পোষ্টত বানপানী হেন লাইকৰ ঢল-চাই শেষ কৰিব নোৱাৰা কমেণ্টৰ লেথাৰি নিছিগা লানি- ‘‘আজি আহাৰ খাওঁতে মোৰ দাঁতৰ ফাঁকত ভাত এটা লাগি ধৰিছিল” এই বুলি যদি নীলিম কুমাৰে কেনেবাকে ফে’চবুকত আপডেট এটা দিয়ে|তেখেতৰ ফে’চবুকৰ প্ৰ্ফাইলৰ দুৱাৰমুখ স্বৰূপ ৱালত লাইকৰ ট্ৰেফিক জাম লাগি যাব আৰু ইম্মানেই কমেণ্ট আহিব যে -হাত সাৱটি বিন্দাছ বহি থাকিলে একো নাই-কিন্তু নীলিম কুমাৰে যদি তাৰ সঁহাৰি যেনে, ধন্যবাদ, আন্তৰিক ধন্যবাদ, নহয় ঔ-উখোৱা চাউলৰ ভাত খাইছিলোঁ -এইৰকম দি থাকে ৰাতি দুইবজালৈ টোপনিয়াই হ’লেও সাৰে থাকি যাব|ৰাইজক থেংক ইউ দি দি জিভা ওলাই যাব-কমি যোৱা মেক-আপ কৰিবলৈ এককেজি ওজনৰ চোনা-চান্দী চ্যৱনপ্ৰাশ, কমপ্লান বটলকেইটামান নিৰ্ঘাত হজম কৰিব লাগিব|সেই একেটাই পোষ্ট কোনোবা নদাই বা ভদায়ে দি চাওক ……নিজে নিজেই গম পাব|

গতিকে, ফে’চবুক দুনীয়াখন এনেকৈয়ে চলে|কাৰ পোষ্টত কিমান লাইক আৰু মন্তব্য আহিব (গুণগত মানৰ কথা বাদ দিলো)সেয়া চিধাচিধি বন্ধু-তালিকাৰ ওপৰত নিৰ্ভৰশীল|যদি আপোনাৰ বন্ধু-তালিকা অন্ধ্ৰপ্ৰদেশৰ গামোছাৰ দৰে দুআঙুলীয়া-আপুনি পুৱতি নিশালৈ টোপনিয়াই টোপনিয়াই বোন্দাপৰ দি থাকিলেও ফয়দা নাই; আঙুলি মূৰটো লিখিব নলগীয়াকৈ গোটাচেৰেক লাইক হে উফৰি আহিব|মন্তব্য পালেতো একলাখ টকাৰ ল’টাৰি জিকা বুলি ধৰি লৈ সৰু-সুৰাকৈ পাৰ্টীয়ে কৰিব পাৰিব|মুঠতে, অমুকাই আৰু কি কম- ভঙা মথাউৰিয়েদি বান অহাৰ দৰে হোৰাহোৰে লাইক আৰু অভিলেখ স্থাপন হ’বপৰাকৈ মন্তব্য আহক বুলি কোনেনো আশা নকৰে-গোঁসাই ঘৰত, মছজিদত, গীৰ্জাত, গুৰুদ্বাৰত বহুতে হয়তো কায়মনোবাক্যে বিনীত প্ৰাৰ্থনাও জনায়|অদেখা ভগৱানে তেওঁলোকক কি বৰ দিছে নাজানো-অমুকাৰ ফালৰপৰাই ভগৱান ভংগিমাত সোঁহাতখন দাঙি যৎসামান্য ‘তথাস্তু’ বুলি ক’লো আৰু!আপোনালোকে মনত বুৰবুৰাই থকা, উকমুকাই থকা, ঠেনঠেনাই থকা, পেনপেনাই থকা, কুটকুটাই থকা-নথকা-সমস্ত ভাৱবোৰ গৰমে-গৰমে নিজা ৱালত, ফে’চবুকৰ বুকুত গজি উঠা সৰু-বৰ গোটবোৰত এৰি দিয়ক এক্কেবাৰে বিন্দাছ হৈ!লাইক কমেণ্ট আহ্ক বা নাহক -হু কেয়াৰ্ছ-বুকু ডাঠ কৰি পোষ্ট মাৰি থাকক, মাৰি থাকক!বাপতিসাহোন নিজা বন্ধু-তালিকাত বন্ধু যোগ কৰি থাকক, কৰিয়ে থাকক- এৰি নিদিব, এক্কেবাৰে এৰি নিদিব!

এইখিনিতে অমুকাই এটা বিনামূলীয়া টিপছ দিয়া য’ক বুলি ভবা হৈছে: পাৰিলে ভাল-বেয়া বাচ-বিচাৰ নকৰাকৈ বন্ধুৰ (অবন্ধুৰো)পোষ্টবিলাকত লাইক বুটামটো টিপাৰ অভ্যাসটো গঢ়ি তোলক!’ বঢ়িয়া’, মন চুই গ’ল, আপ্লুত হ’লো, বাহ!কি ক’ম ভাবি পোৱা নাই!মুখৰ মাত হেৰাই গৈছে-এনে জাতীয় মন্তব্যবোৰ সঘনাই মাৰি থাকক|মনত অন্য একো নাভাবিব-মাথোঁ সলনা-সলনিকৈ মাৰি থাকক এইকেইটা|আপুনি সুফল পাবই -একদম গেৰাণ্টি আছে|ইয়াৰ অন্যথা হ’লে অমুকাৰ কাণ কাটিবলৈ নকওঁ, কনজুমাৰ ফ’ৰামত গৈ জবৰদস্ত কমপ্লেইণ্ট দি থৈ আহিব অমুকাৰ এগেইনস্টত|আৰু দুটামান জৰি-বুটি আছে স্থান-কাল-পাত্ৰ চাই (পাৰিলে কোনো বিদগ্ধ দেওক মঙল চোৱাই)মিহি মিহিকৈ দি দিব|এয়া দিছো লওঁক- :-),:P,:D, :-(, rofl, lol – সদ্যহতে এইকেইটাকে ইউজ কৰি চাওঁক আৰু আছে পিছে-পৰে দিম বাৰু|


সামৰণি

অমুকাই বেছি দেৰি নকৰোঁ আৰু|শ্ৰীমতীয়ে বেলনা মাৰি লৈ আহেহে এথোন-চিঞৰি আছে!শুই থাকোগৈ এতিয়া-ধেৰ কিবাকিবি বকিলো|অমুকাৰ খাৰ খোৱা জিভা ক’ব লাগে কিবা, কওঁ কিবা|ফে’চবুক দুনীয়াৰ অজান বালক বুলি কনচিদাৰ কৰি দায়-দোষ নধৰিব আৰু ৰাইজ|কথাবোৰ তেৰা-বেকা, চিধা-নিচিধাকৈ ফৰফৰাই বেকত কৰিলো-জগৰ লাগিলে এই ম’বাইল নম্বৰত গোচৰ দিব পাৰিব- 9876543210|কিবা কাৰণত এই নম্বৰত যোগাযোগ কৰিব নোৱাৰিলে ইয়ালৈ ই-মেইল কৰিব পাৰিব[email protected] অথবা এই ঠিকনালৈ চিঠি লিখিব পাৰিব-

অমুকা নপতা ফুকন
মাৰফৎ হুতাশন চন্দ্ৰ হাতীবৰুৱা
টিকাফটা ৰ’দ
ডাকঘৰ-ফুলামপুৰ
জিলা-নলবাৰী
পিন-৭৮৯৯৯৯!!


এটুকুৰা কবিতাৰেই সামৰণি মাৰোঁ-

….তই মোৰ হিয়াৰ আহ্লাদিত জোন
তোৰ সতে
শব্দৰ জোনাকত তিতিম !
এটি আলাসৰ সপোন এয়া…
তিতি তিতি আত্মহাৰা হ’ব মোৰ পনীয়া হৃদয়
এখন এখনকৈ সুলকি পৰিব
বুকুত মেৰ খাই থকা বিষাদৰঙী চাদৰ
ভালপোৱাবোৰ উজাই আহিব এনেকৈয়ে
পানীত খলকনি তুলিব লাজৰ এটোপাল
আৰু তই ডাৱৰৰ আঁৰ হৈ
আমেজ ল’বি আঁজলী প্রিয়াৰ…! — ৰশ্মিৰেখা দাস

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments