অমৃতা (ৰঞ্জন জ্যোতি বৰ্মন)

অমৃতাক লগ পোৱাটো বিপুলৰ বাবে যিমান আচৰিত কথা আছিল, তাতকৈ বেছি আচৰিত আছিল তাইৰ কথাখিনিয়ে তাৰ মনত জগোৱা অনুভূতিখিনি। ভাল-বেয়া, সুখ-দুখ এই আটাইবোৰৰ এটা মিশ্ৰিত অনুভূতি।

বিপুলে অমৃতাৰ সৈতে একেখন কলেজত পঢ়িছিল। কলেজত বন্ধুবোৰৰ ভিতৰত সি তাইৰ অন্তৰংগ আছিল, কিন্তু তাৰ বাবে অমৃতা এজনী বান্ধৱীতকৈ বহুত কিবা-কিবি বেছি আছিল। দিঠকে-শয়নে তাইক লৈ সি কিমান কি সপোন দেখিছিল সেইবোৰ ভবাটোও এতিয়া তাৰ সপোনৰ নিচিনাই লাগে। কথাবোৰ খুলি কোৱা নহ’ল। সি ভাবিছিল যদি তাৰ প্ৰেম সঁচা হয় তাই নিজেই এদিন সহাঁৰি জনাব। কিন্তু অব্যক্ত প্ৰেম মিছা প্ৰমাণিত কৰি সি তাইৰ পৰা কোনোদিনে একো সহাঁৰি নাপালে।
তাৰ বন্ধু নিৰেনে তাক কৈছিল- “প্ৰেমত হৃদয়ৰ গ্ৰুপ মিলাটো জৰুৰী ভাই, বেড্-লাক, তোৰ গ্ৰুপ নিমিলিল।”

হঠাৎ এদিন সি আৱিষ্কাৰ কৰিলে অমৃতাৰ হৃদয়ৰ গ্ৰুপ মিলিবলৈ ধৰিছে অনিৰ্বাণৰ লগত। নিৰ্বাক বিপুলৰ চকুৰ আগৰেই অনিৰ্বাণে অমৃতাক নিজৰ কৰি লৈ ললে।
অমৃতা আছিল ধীৰ-স্থিৰ, নম্ৰ। তাৰ সম্পূৰ্ণ ওলোটা আছিল অনিৰ্বাণ। চুম্বকৰ বিপৰীত মেৰুৰ আকৰ্ষণৰ দৰে সিহঁতৰ প্ৰেমটো কিজানি বৈপৰীত্যই টনাটনি কৰিছিল।
লতাই গছত মেৰাই বগাই যোৱাৰ দৰে অমৃতাই অনিৰ্বাণৰ জীৱনত সাৱট মাৰি পকাই ধৰিছিল….এটা এটা কৈ তাৰ কু-অভ্যাসবোৰ অনায়াসে তাই আঁতৰাই পেলাইছিল।

পঢ়া-শুনা সমাপ্ত কৰি বিপুলে গাঁৱৰ ঘৰলৈ ঘুৰি আহিল। অমৃতাক চকুৰ আগত নেদেখি সি একপ্ৰকাৰ শান্তিয়েই পালে। তথাপি পাহৰিব পৰা নাছিল সি তাইক। ৰাতি বিচনাত শুই শুই সি ভাবে- কেলেই নুবুজিলে তাই মোৰ প্ৰাণৰ ভাষা? কিয় তাই মোক এৰি থৈ গুছি গ’ল? ইমান নিষ্ঠুৰ নে তাই? নাই নাই- প্ৰেম তেনেকুৱাই- কৰা নাযায়, হৈ যায়। অমৃতাৰো হৈ গ’ল- অনিৰ্বাণৰ লগত। মইহে তাইক ভাল পাইছিলোঁ, তাইতো পোৱা নাছিল। তাইৰ কি দোষ? তাই সুখী হওক। তই সুখী হ’ অমৃতা…।
মৌন প্ৰেমৰ মৌন অভিমানে তাৰ বুকুখন গধুৰ কৰি তুলিছিল।
……………….

অমৃতাক লগ পোৱাটো অলপ নাটকীয় আছিল। তাৰ অভ্যাসৰ চিৰন্তন সংগী বাম এটা কিনি ফাৰ্মাছিৰ পৰা ওলাই আহিব লওঁতেই সন্মুখত দেখিলে তাইক।
তাৰ হাতলৈ চাই তাই ক’লে-“পুৰণি অভ্যাস এৰিব পৰা নাই?”
অমৃতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাইৰ ক’লা পৰি যোৱা চকুযুৰিলৈ চাই বিপুলে ক’লে-“পুৰণি হ’লেই অভ্যাস এৰিব পাৰি নে? কাৰ অসুখ? তোৰ?”
-“কিছুমান অসুখৰ দৰৱ নাথাকে অ’।” ম্লান হাঁহিৰে তাই ক’লে।
ফাৰ্মাছিৰ ল’ৰাজনে কলে-“বাইদেউ, কাগজ আনিছে? নুসুধাকৈ কেনেকৈ জানিলে ঔষধ আছে নে নাই? চাওঁ কাগজখন দিয়ক…. দাদা, সেইপিনে এশ বিশ টকা।”
ফাৰ্মাছিৰ বাহিৰত দুই-এটা কথা পাতোঁতে সি গম পাই গ’ল তাইৰ মনৰ অস্থিৰ অৱস্থা। মূৰত এজাক ধুমুহা লৈ তাই জীৱন-মৃত্যুৰ দুৱাৰদলিত ৰৈ আছে। প্ৰচণ্ড ধুমুহা এচাটিয়ে তাইৰ জীৱনটো কোবাই বিধ্বস্ত কৰি পেলাইছে।
বিপুলে সুধিছিল-“এইবোৰতো কেতিয়াবাই এৰিছিল সি, তয়েইতো বাদ দিয়াইছিলি?”
তাই কৈছিল- “সব নাটক। বুৰ্বক আছিলোঁ মই, বুজি নাপালোঁ, যেতিয়া পালোঁ তেতিয়া বহু পলম হৈ গ’ল।”
-“মদ-পানী বাৰু সকলোৱে খায়। কিন্তু এই যে জুৱা খেলা, খাই-বৈ ৰাতি ঘৰত গণ্ডগোল, মাৰপিত কৰা আদি, এইবোৰ কি প্ৰায়েই হয়?”
কওঁ-নকওঁ কৈ তাই ক’লে- “যোৱা দুবছৰত খুউব কম দিন আছে যিদিনাখন মই গালি বা মাৰ খোৱা নাই তাৰ।”
বিপুলৰ শুনি আচৰিত লাগিছিল। “যাঃ, সি যে এনে কৰিব পাৰে বুলি মোৰ বিশ্বাসেই নাই হোৱা।”
তাইৰ চকুযুৰি চলচলীয়া হৈছিল। তলৰ দাঁতপাৰিলৈ দেখুৱাই কঁপি উঠা মাতেৰে তাই কৈছিল- “এয়া চিন চা। সামান্য কথা এটাত অনিৰ্বাণে এদিন গোৰ মাৰি দিছিল। জোতাৰ লাথত দাঁত এটা ভাঙি ওলাই আহিছিল।”

বিপুলৰ কথা এটা মনত পৰিল। তেতিয়া তাহাঁতৰ প্ৰেমৰ গজালি ফুটিবলৈ আৰম্ভ কৰিছিল মাত্ৰ। অমৃতাই দুৰ্ঘোৰ আপত্তি কৰি তাক কৈছে -“চবে যে কিয় ইমান লাগিছে মোৰ পিছত, বুজিব পৰা নাই। ঘৰত, বাহিৰত সকলোৰে একেই কথা। আৰে, অনিৰ্বাণক মই চিনিছোঁ, মই বুজিছোঁতো। অইনৰ দৰকাৰ নাই নহয় ইমান জানিবলৈ। কচোন হয় নে নহয়?”
– তাৰ সৈতে সম্পৰ্ক এৰি পেলা অমৃতা, তোৰ বাবে সি উপযুক্ত নহয়।
তেনেকৈ ক’বলৈ ইচ্ছা গৈছিল তাৰ, কিন্তু নোৱাৰিলে। তাইলৈ থকা গুপুত অভিলাষে এই অপ্ৰিয় সত্যটো ক’বলৈ তাক নিষেধাজ্ঞা জাৰি কৰি দিলে। তাৰ ভয় হৈছিল, তাৰ নিৰুৎসাহ মন্তব্যৰ আঁৰত যদি নিজৰ ভালপোৱাৰ অভীপ্সা সিদ্ধিয়ে কাৰণ বুলি তাই সন্দেহ কৰি লয়?
-“উফ্ ৰাম! বামবোৰ মূৰে-কপালে লেটিয়াই লৈ কিনো ভাবি থাক অ’?” বিৰক্তিৰে তাই তাৰ হাতৰ পৰা বামটো থাপ মাৰি কাঢ়ি নিলে।
বামবোৰ কপালত ঘঁহি ঘঁহি সি কৈছিল- “ভালপোৱা, মৰম এইবোৰ নিজৰ মনৰ কথা, যিয়ে যেনেকৈ সুখী হয়।”
চৰম বিস্ময়!
এই অমৃতাই দুনীয়াখনৰ লগত মত-বিৰোধ কৰি প্ৰেম-বিবাহ কৰিছিল।
……………….
অমৃতাৰ লগত তাৰ যোগাযোগ হৈ থাকিল। তাই ফোন কৰে। অনিৰ্বাণৰ কাণ্ড-কাৰখানাবোৰ কৈ যায়, সি শুনে। সি আচৰিত হয় চূড়ান্ত শাৰীৰিক-মানসিক নিৰ্যাতন সহ্য কৰি কেনেকৈ তাই বাচি আছে। নিজৰ অজ্ঞাতে বিশ্লেষণ কৰিব ধৰে সি- মোৰ লগত থাকিলে অভাৱ হলেও কিজানি ইমান দুখী নহ’লহেতেন তাই! …ধেত্, কিবোৰ যে ভাবে সি, এনেবোৰ কথাৰ আৰু কিবা অৰ্থ আছেনে? এতিয়া ভবা উচিত কেনেকৈ তাইৰ ভাল হয়, কেনেকৈ কিবা সহায় কৰিব পাৰি- তাকেই। কিন্তু কি কৰিব পাৰে সি? কেনেকৈ সহায় কৰিব পাৰে তাইক? এগাল প্ৰশ্নই তাক আগুৰি ধৰে।
কেতিয়াবা খং উঠি সি কয়- “এনেকৈয়ে শাস্তি খাই মৰিবি তই।”
অমৃতাই কয়- “মই মৰিলেও কথা নাই বিপুল, কিন্তু মোৰ ছোৱালীজনীৰ কি হ’ব? মাকজনী নাথাকিলে তাই বাচি থাকিবনে? সি মাৰি পেলাব। সি কাকো মৰম নকৰে, কাকো ভাল নাপায়। সি নিৰ্দয়, পাষাণ।”
-“অনিৰ্বাণে বিবাহ-বিচ্ছেদ হোৱা কি নিবিচাৰে?”
-“নিবিচাৰিব নে? বিচ্ছেদ হ’লেই সি ৰক্ষা পৰে। প্ৰায়ে মোক ঘৰৰ পৰা ওলাই যাবলৈ কয়। ডাইভোৰ্চ হ’লে বোলে সি ভাল ছোৱালী এজনী বিয়া কৰি আনিব পাৰে- সেইবোৰ। কেতিয়া কি কয় একো লাগ-বান্ধ নাই, প্ৰতিটো কথাত জঘন্য গালি, জঘন্য ব্যৱহাৰ।”
-“তহঁতৰতো লাভ-মেৰেজ আছিল। এনে ঘটনাৰ আঁৰত কিবাটো কাৰণ আছে। তই নিজেই সৰু হৈ মৰমেৰে তাক মাতবোল কৰচোন। সি ভালপোৱা কামবোৰ কৰ, ভালপোৱা বস্তু ৰান্ধি দে তাক। তইতো ভালকৈয়ে চিনি পাৱ তাক, প্ৰেম কৰিয়েতো বিয়া হৈছিলি।”
বিপুলৰ তীৰ্যক কথাত আহত হৈ তাইৰ মুখখন কৰুণ হৈ পৰে। তাই কয়- “তাক মই চিনি নাপাওঁ বিপুল, পোৱা বুলি ভাবিছিলোঁ, ভুল কৰিছিলোঁ। বিয়াৰ আগৰ অনিৰ্বাণ আৰু এতিয়াৰ, দিন ৰাতিৰ পাৰ্থক্য। আগৰ সেই দিনবোৰলৈ মনত পৰিলে কোনোবা জনমৰ কথা যেন লাগে সেইবোৰ, সেইয়া যেন আমি নাছিলোঁৱেই। মই নোৱাৰো বিপুল, কেতিয়াবা শুনিবলৈ পাবি অমৃতা মৰি থাকিল।”
নিৰ্লিপ্ত শীতল সুৰত কোৱা কথা শুনি তাৰ গা-মন শিয়ঁৰি উঠে। ভয় হয় যদি নকৰিবলগীয়া কাম কৰি পেলায় তাই।
ঘৰৰ মানুহৰ অসন্মতিত বিয়া হোৱা অমৃতাৰ ঘৰৰ লগত অহা-যোৱা বন্ধ হৈ পৰিছিল। বিয়াৰ আগতেই তাইৰ মাক নাছিল, দেউতাকো দুবছৰ আগত ঢুকাল। যি দুটা ককায়েক আছে, সিহঁতেও তাইৰ দুৰ্দশাৰ কথাবোৰ শুনি আতঁৰি থাকিবলৈ ধৰিলে। চতুৰ ককায়েকহঁতৰ অংক শুদ্ধ আছিল, জানি-বুজি ভনীয়েকৰ বোজা ব’ব লগাৰ ভয়ত আগে ভাগেই এৰা দিছিল।
……………….
অলেখ নিৰ্যাতন ভুগিয়ো অমৃতা জীয়াই থাকিল। মুক্তি বিচাৰি তাই একো কৰিব নোৱাৰিলে। নোৱাৰাৰ কাৰণ কম নাছিল। বিবাহ বিচ্ছেদ কৰি কণমানিজনীৰ লগত তাই কৰিব কি, থাকিব ক’ত, খাব কি? তাতে অনিৰ্বাণ যি দানৱ প্ৰকৃতিৰ, যদি সি তাইৰ, ছোৱালীজনীৰ কিবা অন্যায় কৰে! তাইৰ আশংকা অহেতুক নাছিল। বৰং যুক্তিসন্মতই আছিল।
অমৃতাক আশ্ৰয় দিবলৈ বিপুলৰ যে সাহসৰ অভাৱ হৈছিল এনে নহয়। অৱশ্যেই সীমাবদ্ধতা আছিল। তাৰ স্থায়ী সংস্থাপন হোৱা নাছিল। গাঁৱৰ ল’ৰা-ছোৱালীবোৰক টিউচন কৰি যেনেতেনে সি চলিছিল। তাইৰ প্ৰতি থকা মৰম-ভালপোৱাবোৰ যদিও একেই আছিল, সিহঁতৰ ঘৰুৱা কথাত সোমাবলৈ সি বিব্ৰতবোধ কৰিছিল। সি বিচাৰিছিল তাইৰ সংসাৰখন বাচক। তাইলৈ থকা গোপন দুৰ্বলতাৰ বাবে সদায় এটা সংকোচবোধ আছিল। ইপিনে হৃদয়ৰ একোণত থকা অনুৰাগৰ বাবে সি তাইক এৰিবও পৰা নাছিল। বিবাহ-বিচ্ছেদৰ নিচিনা চৰম পদক্ষেপটো ল’বলৈ কবলৈ ওলায়ো বহুদিন সি ৰৈ গৈছিল। কথাবোৰ ভাবি-চিন্তি সি ওৰ পোৱা নাছিল।
পিছৰ দিনবোৰৰ কাহিনী একেই আছিল। মাৰ-ধৰ, অবাইচ গালি-শপনি, ৰাতি মাতাল হৈ কৰা উৎপাত…তাইৰ জীৱনত এইবোৰ প্ৰাত্যহিক ঘটনা হৈ পৰিছিল।
নিজৰ সংস্থাপন নাথাকিলেও বিপুলে তাইক উপদেশ দি কয়- “সৰুকৈ হলেও ক’ৰবাত তই সোমাই ল। সংস্থাপিত হোৱাটো তোৰ দৰকাৰ।”
সম্পৰ্কীয় মানুহ এজনৰ চিকিৎসাৰ বাবে বিপুল কিছুদিনলৈ চেন্নাইলৈ যাবলগীয়া হ’ল। তাইক ফোন কৰিলে সি। “দিনবোৰ একেদৰে নাযায়, তই চিন্তা নকৰিবি। সি নিজৰ ভুল বুজিব। এদিন সি আকৌ ভাল হ’ব।”
-“ভাল হ’ব বুলি এই আশাতে ইমান বছৰ পাৰ কৰিলোঁ। ভাল হওক চাৰি দিনক দিনে মদগৰ্বীতা বাঢ়িহে গ’ল। অলপতে মোৰ গলৰ চেইনডাল টানি চিঙি লৈ গ’ল। জুৱাত হাৰিলে তাৰ অত্যাচাৰ বাঢ়ি যায়। যোৱাৰাতি ৰুমৰ পৰা চোঁচৰাই বাহিৰত উলিয়াই দি দৰ্জাৰ হুক লগাই শুই থাকিল। গোটেই ৰাতি মই বাৰাণ্ডাত।”
কৈ তাই হুকহুকাই কান্দিব ধৰিলে। কান্দি কান্দিয়ে ক’লে-“কিবা এটা কৰ বিপুল, এনেকৈ মই বাচি নাথাকিম। মই মুক্তি বিচাৰোঁ বিপুল, মোক লৈ যা ইয়াৰ পৰা।”
চেন্নাইত সন্ধিয়া সাগৰৰ পাৰত ঘূৰি ফুৰি অশান্ত সাগৰৰ ঢৌবোৰ চাই বিপুলৰ অমৃতাৰ কথাবোৰ মনলৈ আহি থাকিল। অস্তপথৰ বেলিটোলৈ চাই বিপুলে সিদ্ধান্ত ললে- সি তাইক আশ্ৰয় দিব, তাৰ দুবাহুৰ শক্তিৰে সি তাইক ৰক্ষা কৰিব। দৰকাৰ হ’লে সমাজৰ নিয়ম মানি সি তাইক জীৱন-সংগী কৰিব। তাইৰ লগতে তাইৰ ছোৱালীজনীকো সি আপোন কৰি ল’ব।
মোবাইলটো উলিয়াই মেচেজ এটা টাইপ কৰিব ধৰিলে সি- ‘অমৃতা তোক মই…’
-নাহ, লিখিব নোৱাৰি মেচেজত এইবোৰ, কিছুদিন আৰু অপেক্ষা কৰোঁ।
চেন্নাইৰ পৰা ফোন কৰি সি ক’লে-“কিছুদিন মাত্ৰ অপেক্ষা কৰ অমৃতা, উকীলৰ লগত কথা পাতি লওঁ।”
……………….
ঘূৰি আহি ঘৰ পায়েই সি তাৰ চিনাকি উকীল এজনক ফোন কৰিলে। উজীলজনে তেওঁৰ চেম্বাৰলৈ মাতি পঠিয়ালে তাক। অলপ পিছতে সি উকীলক লগ কৰিবলৈ ওলাই যাব। অমৃতালৈ ফোন কৰিব বুলি ভাবোঁতেই তাইৰ পৰা ফোন আহিল।
সি কলে-“মই আজি আহি পালোঁ, তোক ফোন কৰিব ওলাইছিলোঁৱেই।”
-“এটা কথা কওঁ।” অমৃতাৰ মাতটো চেপা, অলপ যেন কঁপিছে।
কি বা হ’ল-সব ঠিকে আছেতো! আশংকাত তাৰ বুকুখন ঢিপঢিপাই উঠিল।
অলপ পৰ ৰৈ লাহেকৈ তাই ক’লে-“মই মা হ’ব ওলাইছোঁ।”
বিপুলে যেন একো নুশুনিলে।
তাই সুধিলে-“শুনিছনে?”
-“কৈ যা।”
তাই কৈ গ’ল- “কথাটো শুনাৰ পিছত অনিৰ্বাণৰ পৰিবৰ্তন হৈছে বিপুল। মদ খোৱা কমিছে, মাত-বোলো ভালকৈ কৰিছে। নতুন সন্তানৰ ভাগ্যই কিজানি তাৰ বেয়া অভ্যাসবোৰ নাইকিয়া কৰিব ধৰিছে। আগতে সি কিমান ভাল পাইছিল মোক। সঁচাকৈ কৈছোঁ বহুত দিনৰ পিছত মোৰ ভাল লাগিছে বিপুল। এনে অনুভৱ হৈছে অনিৰ্বাণ পুনৰ সঠিক পথলৈ ঘুৰি আহিব ধৰিছে। চাবি, সি আকৌ ভাল হ’ব, আকৌ আগৰ দৰে হ’ব। আটাইতকৈ ডাঙৰ কথা কি জান, সি মোক তাৰ ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিছে। তাক মই ভাল পাওঁ বিপুল, বৰ ভাল পাওঁ। তাকেই এইকেইদিন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ- সি ভাল হওক। কচোন, কি ক’ব খুজিছিলি তই?”
-“নাই, এনেই। বহুদিন কথা পতা নাছিলোঁ যে। থৈছোঁ বাৰু দে।”
মাতটো স্বাভাৱিকভাৱে উলিয়াবলৈ চেষ্টা কৰিও তাৰ নিজৰ কাণতে অস্বাভাৱিক হৈ বাজিল, তাই কিবা কোৱাৰ আগতে সি ফোনটো কাটি দিলে।

আকাশলৈ চালে সি।
ভাদমাহৰ আকাশ ক’লা হৈ ওন্দোলি আছে, ডাঙৰ বৰষুণ এজাক আহোঁ আহোঁ কৰিছে। তাৰ মাজতো বহু দূৰৈত, উত্তৰ-পশ্চিম গগনত ক’লা মেঘমালাৰ মাজেৰে চকু চাঁত মাৰি ওলাই অহা ৰ’দ এচাটিয়ে বিসদৃশ আৰু দৃষ্টিকটুভাৱে ছলনাৰ হাঁহি মাৰিছে।
বাহিৰলৈ ওলাই যোৱা কথা আছিল। এতিয়া আৰু নালাগে। আহক ৰ’দ, বৰষুণ বা ধুমুহা, তাৰ কি আহে-যায়?
কিবা এটা খালী খালী যেন লাগিল। টেবুলৰ ওপৰত থোৱা বেগটোত তাৰ চকু পৰিল- চেন্নাইৰ পৰা কাঞ্চিপুৰম শাড়ী এখন কিনি আনিছিল সি।

মূৰটো কামোৰা যেন লাগিল তাৰ। এসোপা ‘ইমামি-মেন্থোপ্লাচ’ কপালত সানি সি বিচনাত দীঘল দি পৰিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক