অমৰনাথ যাত্ৰাঃ অমৰ তীৰ্থৰ অমৰ গাঁথা (মূল লেখিকা– ইলা ৰাজখোৱা)

সঘনাই আৰু বাৰম্বাৰ হোৱা অভিজ্ঞতাৰ ভিত্তিত তীৰ্থ দেৱতাৰ ইচ্ছা আৰু দয়াৰ অবিহনে তীৰ্থ দৰ্শন অসম্ভৱ বোলা ভক্তপ্ৰিয় সত্য কথাষাৰ নিজেও মানি লৈছোঁ৷ কেইবাবাৰো বহুচেষ্টাৰ মূৰতো যাব পৰা নাই, কেতিয়াবা শেষ মূহুৰ্ততো যাত্ৰা বাতিল কৰিব লগীয়া হৈছে আৰু কেতিয়াবা এতিয়া নাযাওঁ বা যাব নোৱাৰিম বা যাম বুলি নভবাৰ পিচতো হয়তো হঠাৎ কোনোবা তীৰ্থলৈ গৈ দৰ্শন কৰি আহিলোঁ৷ ২০১০ চনত অমৰনাথ যাত্ৰাৰ সকলো প্ৰস্তুতি হোৱাৰ পিচতো হঠাতে আৰম্ভ হোৱা মোৰ প্ৰচণ্ড ভৰিৰ বিষৰ বাবে মূৰকত যাত্ৰা বাতিল কৰিব লগীয়া হৈছিল৷ এইবাৰো বিষে-কোপে জৰ্জৰিত বয়সীয়া দেহাই যে যোৱাৰ অনুমতি দিব বা যোৱাত সহযোগিতা কৰিব, সেই আশা মোৰ নাছিলেই৷ কিন্ত হঠাতে অহা প্ৰস্তাৱ এটাৰ সঁহাৰিত আৰু ডাক্তৰী পৰীক্ষাৰ অন্তত মৰসাহ কৰি পুনৰাই চেষ্টা এটা চলালোঁ৷ আৰু অভাৱনীয় ভাবে এইযাত্ৰাত সফলো হ’লোঁ৷ এই লিখা তাৰেই বিৱৰণ৷ জনবিশ্বাস মতে বাধা আৰু কষ্টৰ পৰীক্ষাৰ মাজেৰে তীৰ্থৰ দেৱতাই ভক্তৰ ভক্তিৰ গুণগত মান নিৰূপণ কৰে৷ 

জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ১২,৭৫৬ ফুট উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু নাইকীয়া হোৱা দক্ষিণমুখী শিৱলিংগ প্ৰকৃতিৰ এক আচৰিত সৃষ্টিৰ অন্যতম৷ জুলাইৰ পৰা আগষ্টলৈকে (শাওণ মাহ)৪৫ দিনীয়া এই সময়ছোৱাত প্ৰায় চাৰি লাখ ভক্ত অমৰনাথ দৰ্শনৰ বাবে আহে৷ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু ভাবুকিৰ বাবে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈকে চৰকাৰে এই যাত্ৰা বন্ধ কৰি দিছিল৷ কিন্তু সন্ত্ৰাসবাদী বিলাকে ১৯৯৬ চনত এই যাত্ৰাত ভক্তসকলক একো ক্ষতি নকৰে বুলি আশ্বাস দিয়াত তেতিয়াৰে পৰা আগতকৈয়ো অধিকলোক অমৰনাথ দৰ্শনৰ বাবে আহিবলৈ ল’লে৷ হ’লেও ২০০০ চনত কোনো এক সন্ত্ৰাসবাদী দলৰ আক্ৰমণত প্ৰায় ত্ৰিশজন যাত্ৰী আৰু সহায়কে প্ৰাণহেৰুৱাব লগীয়া হয়৷ এই যাত্ৰাক লৈ বিতৰ্কৰো অন্ত নাই৷ ২০০৮ চনত ভাৰত চৰকাৰ আৰু কাশ্মীৰ চৰকাৰে যাত্ৰীসকলৰ সুবিধাৰ বাবে ১০০একৰ বনভুমি Shri Amarnathji Shrine Board ক হস্তান্তৰ কৰিব খুজিছিল যদিও কেইবাটাও সন্ত্ৰাসবাদীদলৰ হেঁচাত কাশ্মীৰ চৰকাৰে পিচহোঁহোকা মাৰিলে৷ যোৱাৰ আগতেও প্ৰস্তুতিৰ বাবে ৱেবচাইটৰ পৰা বিতং তথ্য সংগ্ৰহ কৰিলোৱা ভাল৷

কাশ্মীৰলৈ আগতে কেইবাবাৰো গৈছোঁ যদিও এই যাত্ৰাৰ উদ্দেশ্য ভূ-স্বৰ্গৰ সৌন্দৰ্য উপভোগতকৈ অমৰনাথৰ আচৰিত সৃষ্টিৰ দৰ্শনহে আছিল৷ সেই উদ্দেশ্যৰে ২০১১ চনৰ ১৩ জুলাইত গুৱাহাটীৰ পৰা অমৰনাথ এক্সপ্ৰেছেৰে যাত্ৰা আৰম্ভ কৰি ১৫ তাৰিখে ৰাতি ৮ বজাত চাবী নদীৰ পাৰত অৱস্থিত জন্মু পালোঁগৈ৷ আমাৰ বাবে তাতে আগতে বন্দোবস্ত কৰি থোৱা গাড়ী, কুলি ৰৈ আছিল৷ মালপত্ৰ বোজাই গাড়ীৰে কিছুদূৰ যোৱাৰ পিচতেই পাহাৰৰ ওপৰত যাত্ৰী বহু বেছি হোৱাৰ লগতে আগদিনাৰ প্ৰবল বৰষুণৰ বাবে হোৱা অসুবিধাৰ বাবে তাত নতুন যাত্ৰীৰ ভিৰ কমাবলৈ পুলিচে ওপৰমুখী সকলো যাত্ৰা স্থগিত কৰিদিলে৷ সৌভাগ্যবশতঃ আমাৰ যাত্ৰাৰ আয়োজকজনৰ লগত কাশ্মীৰ পুলিচৰ ডি আই জি এজনৰ সৈতে ভাল চিনা পৰিচয় থকাৰ সুবিধা লৈ তেওঁৰ পৰা পোৱা অনুমতিৰ ভিত্তিত পুলিচে আমাৰ গাড়ী দুখন যেনিবা আগুৱাবলৈ দিলে৷ তাৰ পৰা প্ৰায় ১১০ কিঃমিঃ উধাই ৰাতি দেৰ বজাত পত্নীতপ নামৰ ঠাইত আগেয়ে ঠিক কৰি থোৱা হোটেল এখনত ৰাতিটো খপিলোঁ৷ পুৱাৰ চাহ-জলপানৰ পিচত ধুনীয়া পত্নীতপৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হ’ল, এইবাৰৰ লক্ষ্য ২০০ কিলোমিটাৰ দূৰৈৰ শ্ৰীনগৰ৷
ঝীলামৰ পাৰে পাৰে কিছুদূৰ গৈ চিনাব বা চেনাব পাৰ হলোঁ৷ ঝীলামৰ পাৰেৰে আহোঁতে আমাৰ শ্ৰীনগৰ মুখী যাত্ৰাৰ লগে লগে মোৰ মনত বৰ্তমানৰ পৰা অতীতলৈয়ো আন এক যাত্ৰা আৰম্ভ হৈছিল৷ মনলৈ আহিল মহান যোদ্ধা পুৰুৰ কথা৷ ইয়াতেই প্ৰবল প্ৰতাপী বীৰ আলেকজেণ্ডাৰে তেওঁৰ বিশাল সৈন্যবাহিনীৰ সমুখত তেনেই মুষ্টিমেয় সেনাৰ গৰাকী পুৰুৰ আত্মসন্মানবোধৰ উমান পাই পুৰুক মুকলি কৰি দিয়াই নহয়, তেওঁৰ ৰাজ্যও সসন্মানে ওভোটাই দিছিল৷ বুৰঞ্জীৰে সৈতে কিছু সময় কটাই, এই দুয়োজন মহানবীৰকে মোৰ শ্ৰদ্ধাঞ্জলী যাচি পুনৰ বৰ্তমানলৈ ঘুৰি আহিলোঁ৷
ৰাতিটো ডল লেকৰ হাউচ বোটত কটাই পিচদিনা পুৱা ১০ মান বজাত বলতল (Baltal) অভিমুখে ৰাওনা হলোঁ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে কিছুদুৰ আগুৱাই গৈ সোনমাৰ্গ নামৰ ধুনীয়া ঠাই এখন পালোঁহি৷ ইয়াত এটা হ্ৰদ আছে আৰু গ্লেছিয়াৰ ইয়াৰ পৰাই আৰম্ভ হৈছে৷এইবাৰ সিন্ধুনদীৰ পাৰে পাৰে যাত্ৰা আৰম্ভ হ’ল৷ প্ৰাকৃতিক দৃশ্য অতি মনোৰম৷ সোনমাৰ্গত জনবসতি, দোকান-পোহাৰ আদি পাতলীয়া৷ ইয়াৰ পৰাই লেহ, লাডাখ, কাৰ্গিল আদিলৈ যায়৷ তলৰ পৰা অহা-যোৱা কৰি থকা গাড়ীবোৰ দেখিলে পুতলা যেনহে লাগে৷ ইয়াত কিছুসময় কটাই আমি বলতল অভিমুখে পুনৰ ৰাওনা হলোঁ৷ ৰাতি সাতটামানত বলতল পালোগৈ৷ কাশ্মীৰ চৰকাৰে যাত্ৰীৰ বাবে সকলো ব্যৱস্থা সুন্দৰকৈ কৰি দিছে৷ ওচৰতে থকা হেলিপেদৰ পৰা কেইবাখনো হেলিকপ্টাৰে বলতলৰ পৰা অমৰনাথ গুহাৰ পৰা ছয় কিলোমিটাৰ আঁতৰৰ ১২,৭২৯ ফুট উচ্চতাৰ পঞ্জতৰণী (Panjtarni) নামৰ ঠাইলৈ অহৰহ যাত্ৰী কঢ়িয়াই আছিল৷ পেহেলগাম আৰু বলতল, এই দুয়ো ঠাইৰপৰা অহা হেলিকপ্টাৰ যাত্ৰীক ইয়াতেই নমাই দিয়ে৷ আমি ৰাতিটো বলতলতেই থাকিলোঁ৷ ওচৰা ওচৰিকৈ বহু সৰু সৰু টেন্ট হাউচ আছে৷ তাৰ অলপ ওপৰতে শাৰী শাৰীকৈ চাফচিকুন, অনৰবৰতে পৰিস্কাৰ কৰি থকা পাইখানা, গাধোৱা ঘৰ৷ আমি থকা টেন্টৰ ওচৰতে কেইবাখনো লঙ্গৰ আছিল৷ যাত্ৰীৰ সুবিধাৰ বাবে এইবিলাকত বিনামূলীয়া আহাৰৰ ব্যৱস্থা কৰা হয়৷ যাৰ যি মন যায় বিনা পইচাতে খাব পাৰি৷ সেইদিনা বাৰুকৈয়ে জ্বৰ, কাঁহ হৈছিল৷ সেনা বাহিনীৰ বেৰেকৰ বাদে বেলতলত স্থায়ী ঘৰ-দুৱাৰ, দোকান-পোহাৰ একো নাই৷ যাত্ৰাৰ আগে আগে অস্থায়ীভাবে সজা দোকান-পোহাৰ বিলাক যাত্ৰাত লগা সকলো প্ৰয়োজনীয় বস্তুৰে ভৰাই পেলোৱা হয়৷ দেশৰক্ষাৰ খাতিৰত সৈনিক সকলে নিজৰ আপোনজনক কৰবাতে এৰি আহি ইয়াত হাঁহিমুখেৰে নিজৰ কৰ্তব্যপালন কৰি আছে৷ যাত্ৰাৰ সময়ত যাত্ৰী সকলক তেওঁলোকে অশেষ সহায় আগবঢ়ায়৷ কাৰোবাৰ অসুখ-বিসুখত বিনা পইচাতে চিকিৎসাৰ সুবিধা দিয়ে, ঔষধ, চেলাইন, অক্সিজেন পৰ্যন্ত৷ প্ৰতি প্ৰহৰতে দেশৰ নিৰাপত্তাৰ বাবে সষ্টম হৈ থাকি, জীৱনৰ প্ৰতি প্ৰতিমূহুৰ্ততে আহিব পৰা ভাবুকিকো উলাই কৰি সকলোৰে প্ৰতি আগবঢ়োৱা তেওঁলোকৰ উমাল সহায়ে সকলোকে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ কৰে৷

সেনা বাহিনীৰ বাদে অমৰনাথ যাত্ৰীক বিভিন্ন ধৰণেৰে সহায় আগবঢ়োৱা সকলৰ অধিক সংখ্যকেই ইছলাম ধৰ্মাৱলীৰ–পাল্কীৱালা, ঘোঁৰা ৱালা, পিঠুকে ধৰি প্ৰায় সকলো সাৰথিয়েই তেওঁলোকৰ সহায়ৰ অবিহনে এই যাত্ৰাৰ কথা ভাবিবই নোৱাৰি৷ হিন্দু-মুছলমানৰ এনাজৰী এনে সময়ত অধিক স্পষ্ট হৈ উঠে৷ মই হাজোলৈয়ো কেইবাবাৰো গৈছোঁ আৰু প্ৰতিবাৰেই দুই ধৰ্মৰ বুজন সম্প্ৰীতিক প্ৰণিপাত জনাইছোঁ৷ বৃটিছে সিঁচি থৈ যোৱা সন্দেহ আৰু হিংসাৰ বীজত হস্ৰমাদী লাভৰ বাবে এতিয়াৰ অপূৰঠ ৰাজনৈতিক নেতাহঁতে যোগোৱা সাৰপানীত আমি বহুতেই জধামুৰুখৰ দৰে অবুজনৰ সঁহাৰি দিছোঁ৷ ফল আমি দেখিয়েই আছোঁ৷ বলতল, লেহ, লাডাখৰ ৰাস্তাত প্ৰায় ন হেজাৰ পাঁচশ ফুট উচ্চতাত এটা সৰু উপত্যকা- জেজিলা গিৰি৷ ইয়াতো ৰাতিটো খপিব লাগে৷ ৰাতি এটা মান বজাৰে পৰা যাত্ৰী সকল উঠি যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ কৰিব লাগে৷ চৌবিছ ঘন্টাই নিজৰাৰ পানী পাইপেৰে আহি থাকে যদিও অত্যন্ত চেঁচা বাবে গৰম পানীৰ বাদে গত্যন্তৰ নাই৷ এইযে পানীৰ ব্যৱস্থা, সকলো বস্তু চাফ-চিকুণ কৰি ৰখা, সময়মতেই সকলো দৰকাৰী বস্তুৰ যোগান দিয়া-এই সকলো কাম স্থানীয় দুখীয়া মুছলমান লোকে কৰে৷ তেওঁলোক সময়ৰ প্ৰতি বিশেষ সচেতন, সৎ আৰু বিশ্বাসী৷ বহু শিক্ষিতৰ সময়ৰ জ্ঞান, সততা শোকলগা৷ ৰাতি দুই বজাৰে পৰা তেওঁলোক পাল্কী, ঘোঁৰা লৈ নিজ যাত্ৰীৰ বাবে ৰৈ থাকে৷ ময়ো এটা বজাতে উঠি গা-পা ধুই সাজু হলোঁ৷ গৰম পানীৰ ব্যৱস্থা আছিলেই৷ আগদিনাই বন্দোবস্ত কৰি থোৱা পাল্কীৱালাই দুই মান বজাত আহি সাজু হ’লোনে নাই তাৰ খবৰ কৰি গ’লহি৷ তিনি বজাৰ আগে আগে পাল্কী আহি হাজিৰ৷ ময়ো তাতে উঠি সেনাবাহিনীৰ জপনালৈকে আহিলোঁ৷ চাৰি বজাতহে যাত্ৰী যাবলৈ সেই জপনা খুলি দিয়ে৷ সেই সময়তে সকলো যাত্ৰীৰে বৰ ঠেলা হেঁচা লাগে৷ ভাৰতীয় জাতীয় চৰিত্ৰ৷ সাধাৰণতে এখন পাল্কীৰ বাবে চাৰিজন পাল্কীভাৰী লাগে যদিও মোৰ ওজনৰ বাবে আৰু দুজনৰ প্ৰয়োজন হ’ল৷সেই অনুপাতে ভাৰাও বাঢ়িল৷ হ’লেও তেওঁলোকৰ কষ্টৰ তুলনাত সেই মাননী তেনেই তুচ্ছযেন লাগিল৷ নিজৰ শৰীৰটোকে সেই পথত কঢ়িওৱা দিগদাৰ, তেনেক্ষেত্ৰত ইমান ওজন লৈ যোৱাটো কেনে কষ্টকৰ অনুমান কৰাটো কঠিন নহয়৷ বেয়া লাগিলেও বহু সময়ত আমি নিৰূপায়৷ একাবেকা, ঠেক পাহাৰীয়া পথেৰে কিন্তু উৰণীয়া মনেৰে এইবাৰ মোৰ লক্ষ্যস্থান হ’ল অমৰনাথ গুহা৷ যাত্ৰা আৰম্ভ কৰোঁতেই বৰষুণ আহিল৷ আমি প্ৰায় সম্পূৰ্ণকৈ তিতিলোঁ৷ ভীষণ ঠাণ্ডাত আমি ঠক ঠককৈ কঁপিবলৈ ধৰিলোঁ৷ তেনেদৰেই কিছুদূৰ অহাৰ পিচত এখন চাহৰ দোকান পাই পাল্কীৰখাই সকলোৱে গৰম চাহখাইহে কিছু সকাহ পালোঁ৷ পাল্কী যতে ততে ৰখাব নোৱাৰে৷ এইবাৰ আকৌ লাহে লাহে ওপৰমুৱা যাত্ৰা আৰম্ভ হ’ল৷ কিছুমান ঠাইত পথ ইমানেই ঠেক যে পাল্কীত বহি যোৱাই অসম্ভৱ৷ তেনে ঠইত নামি কিছুদূৰ খোজকাঢ়ি যাব লাগে৷ খোজকাঢ়োতেও মোক দুজন মানুহে দুফালে ধৰি পাৰ কৰাই নিব লগা হৈছে৷ ইমান কষ্টত মাজে মাজে উশাহ-নিশাহ বন্ধ হৈ যাব যেন লাগে৷ উশাহ-নিশাহ যেনিবা বন্ধ নহ’ল, বৰষুণহে বন্ধ হ’ল৷ হ’লেও আগদিনাৰ পৰা দি থকা বৰষুণৰ বাবে ৰাস্তা অতি দুৰ্গম হৈ পৰিছে৷ তাতে ঘোঁৰাৰ গোবৰ, পিচল বোকা, মানুহ, পাল্কীৰ ভিৰ–সকলো মিলি মেলি যাত্ৰাটো আৰু বিপদ সঙ্কূল কৰি তুলিছে৷এনেবোৰ যাত্ৰাত failures are the pillars of success কথাটো নিজৰ ক্ষেত্ৰত নাখাটে৷ এইভুলৰ কোনো শুধৰণি নাই বুলিবই পাৰি৷ অলপ ইফাল সিফাল হলেই চিধা তললৈ গৈ সোঁসোৱাই একেবাৰে ওপৰ, পাৰ্থিৱ শৰীৰৰ যাত্ৰা তাতেই শেষ৷ সেনা বাহিনীৰ লোকে বিপদজনক ঠাইত হাতত ধৰি পাৰ কৰাই দিয়ে৷ কিছু তলতে পৰি থকা মানুহ, ঘোঁৰাক কেনেবাকৈ জীৱন্ত অৱস্থাত পালে উঠাই আনি চিকিৎসা দিয়াৰো ব্যৱস্থা ৰাখিছে আৰু পাৰ্যমানে দিয়েও৷ পৰি মৃত্যু হোৱা সকলক পাৰিলে উঠাই আনি মৃতদেহ পৰিয়ালৰ লোকক গটাই দিয়ে, বা তাতে সৎকাৰ কৰে৷ বহু মৃতদেহ বিনা সৎকাৰেই থাকি যায়৷
গোটেই পথচোৱাত সেনাবাহিনীয়ে সৰু সৰু বহুতো অস্থায়ী কেম্প ৰাখিছে৷ কাৰোবাৰ উশাহ-নিশাহত কষ্ট হ’লে তাতে যিমান সোনকালে পাৰি অক্সিজেন দিয়াৰ ব্যৱস্থা কৰে৷ এইবোৰ দেখিও কিন্তু বাহিৰৰ প্ৰাকৃতিক দৃশ্যৰ সৌন্দৰ্যত ভয়ে তাপ মাৰি থাকে৷ সেই অপৰূপ সৌন্দৰ্যই সকলো দুখ-কষ্ট-ভয় পাহৰাই দিয়ে৷ সিন্ধু নদীৰ পাৰে পাৰে উঠা নমা কৰি আগুৱাই যাওঁতে বৰফেৰে ভৰা নদীখন আৰু আশে পাশে থকা পৰ্বতৰ টিংবোৰ বেলেগ বেলেগ ৰঙৰ যেন লাগে৷ এনে নয়নাভিৰাম দৃশ্য চাই থাকিলেও হেপাহ নপলায়৷কিন্ত ৰোৱাৰ উপাই নাই, ইয়াত গৈ থকাৰে নিয়ম৷ লাহে লাহে সঙ্গম (Sangam)ৰ ওচৰ চাপিছোঁ৷ পেহেলগাম (Pahalgram) আৰু বলতল-এই দুয়োফালৰ পৰা অহা যাত্ৰীসকল সঙ্গমতে লগ লাগে৷ ইয়াৰ পৰা গুহালৈ তিনি কিলোমিটাৰ৷ অমৰ গঙ্গাৰ পাৰে পাৰে কঠিন বৰফৰ ওপৰেৰে আমি গৈ আছোঁ৷ দূৰৈৰ পৰাই গুহাটো দেখা যায়৷ গুহাটো যেন কোনোবা নিপূন স্থপতিবিদে অতি সুন্দৰকৈ কাটি সমান কৰি থৈছে৷ প্ৰকাণ্ড গুহা৷ বাহিৰটোহে ইয়াৰ পৰা দেখি, ভিতৰৰ লিংগ নেদেখি৷ মই শিঁহৰি উঠিছোঁ, মন উগুল ঠুগুল৷ বহুবছৰৰ আশা এটা পূৰণ হোৱাৰ পথত৷ আৰু কিছু সময়ৰ পাছতেই অমৃতলিংগৰ দৰ্শন পাম৷ কল্যাণময়, শ্বাশ্বত, সুন্দৰ আৰু মংগলময় শিৱৰ দৰ্শন৷ পৰুৱাৰ নিচিনাকৈ মানুহ বোৰ লানি লাগি ওপৰলৈ গৈ আছে৷মোৰ পাল্কীও গুহামুখৰ চিৰিৰ আধালৈকে গ’ল৷ তাতে নামি জোতা, মোজা খুলি পাল্কীত থৈ পাল্কীৱালাৰ হাতত ধৰি আৰু ওপৰলৈ আগুৱাই গলোঁ৷ চিৰি বহুত৷ তুষাৰ লিংগৰ একেবাৰে ওচৰলৈ যাবলৈ নিদিয়ে৷ আমি ৰেলিঙৰ ওচৰতে ৰলোঁ৷ লিংগ আৰু বেদী ৰেলিঙেৰে ঘেৰা৷ দূৰৈৰ পৰাই দৰ্শন আৰু সেৱা কৰিব লাগে৷ ১৩,৫০০ফুট উচ্চতাত তুষাৰ বেদীত স্বয়ম্ভু তুষাৰ লিংগ শ্ৰী অমৰনাথ বিৰাজমান৷ লিংগ ধৱল বা বগা ৰঙৰ নহয়৷ ইষৎ নিলাভ৷ লগতে মাতা পাৰ্বতী আৰু গনেশ দেৱতাৰো তুষাৰ মূৰ্তি আছে৷ মোৰ অন্তৰাত্মা আলোকিত হৈ উঠিল৷ভাব হ’ল মোৰ জীৱন আৰু দুই নয়ন সাৰ্থক হ’ল৷ মই অভিভূত হৈ পৰিলোঁ আৰু কিছু সময় এই স্বৰ্গীয় দৃশ্যৰে সৈতে কটোৱাৰ মন আছিল যদিও নিৰাপত্তা বাহিনীৰ লোকে তাত ৰবলৈ নিদিয়েই৷ সেৱা কৰি বাহিৰ ওলাই আহিলোঁ৷ গুহাত এযোৰ পাৰ চৰাই থাকে৷ চৰাইহাল দেখিলে দৰ্শন সম্পূৰ্ণ হয় বুলি জনবিশ্বাস৷এই গুহা তীৰ্থৰ এক ৰহস্য আছে৷ কৈলাশত মহাদেৱক পত্নী পাৰ্বতীয়ে অমৰত্ব আৰু সৃষ্টিৰ ৰহস্যৰ বিষয়ে কবলৈ কুটুৰিবলৈ ধৰিলে৷ শেহত মহাদেৱ পত্নীৰ মনোবাঞ্চা পূৰণ কৰিবলৈ সন্মত হ’ল৷ কিন্তু সৃষ্টিৰ এই গোপন কথা কবলৈ আন কোনোৱেই শুনিব নোৱৰা এটুকুৰা নিৰ্জন স্থান লাগিব৷ সেইসূত্ৰে তেওঁ অমৰনাথ গুহাটোকে সঠিক স্থান বুলি বাছনি কৰিলে৷ ইয়াৰ প্ৰস্তুতিৰ বাবে কৈলাশৰ পৰা অমৰনাথ গুহালৈ যোৱাৰ বাটত পেহেলগ্ৰামত (বালিগাওঁ) তেওঁ নন্দীক এৰে, চন্দনবাৰীত নিজ শিৰৰ চন্দ্ৰ, শেষনাগত কণ্ঠৰ নাগ আৰু পঞ্জতৰণীত পঞ্চতত্ব (বায়ু, পানী, আকাশ, অগ্নি আৰু মাটি) ত্যাগ কৰি তেওঁ আগুৱাই যায়৷ পঞ্চতৰণীতে শিৱৰ জটাৰ জল পাঁচ ভাগ হৈ বৈ আহি এক ধাৰাত মিলিত হৈ নদীৰূপে বৈ গৈছে৷ পুত্ৰ গণেশকো মহাগুনা পৰ্বততে এৰিলে৷ ধৰ্মীয় বিশ্বাসমতে পাৰ্থিৱ জগতখন ত্যাগ কৰাৰ প্ৰতীকৰূপে মহাদেৱে ইয়াৰ পাছতে তাণ্ডব নৃত্য কৰিছিল৷ সেই প্ৰকাণ্ড গুহাত প্ৰৱেশ কৰি শিৱই হৰিণাৰ চালৰ ওপৰতে সমাধিত বহি ধ্যানত মগ্ন হ’ল৷ অমৰ কথা আৰু সৃষ্টিতত্বৰ গোপন কথা আন কোনোৱেই শুনিব নোৱৰাতো নিশ্চিত কৰিবলৈ তাতে তেওঁ ৰুদ্ৰনামৰ কালগ্নি সৃষ্টি কৰি গুহাৰ ভিতৰত আৰু ওচৰে পাজৰে থকা সকলো জীৱকে পুৰি নাশিবলৈ আদেশ দিলে৷ শিৱই চকু বন্ধ কৰি পাৰ্বতীক সৃষ্টিৰ ৰহস্যৰ বিষয়ে কবলৈ ধৰিলে৷ কিন্তু দৈৱক্ৰমে শিৱ-পাৰ্বতীৰ আসনখনৰ তলত এটা পাৰ চৰাইৰ কণী অক্ষত অৱস্থাত থাকি গ’ল৷ ৰুদ্ৰই কণীটো নিৰ্জীৱ পদাৰ্থ বুলি নুপুৰিলে আৰু শিৱ-পাৰ্বতীৰ আসনখনেও কণীটোক নিৰাপত্তা দিলে৷ সেই কণীৰ পৰা জন্মহোৱা পাৰ চৰাই এহাল অমৰকথা শুনি অমৰ হ’ল৷ সেই গুহাৰ ভিতৰে মহাদেৱ স্বয়ম্ভু তুষাৰ লিংগ ৰূপে বিৰাজমান৷ এই লিংগ প্ৰায় ৫০০০ বছৰৰ পৰা আছে বুলি বিশ্বাস কৰা হয় যদিও যোৱা ১৫০ বছৰ মানৰ পৰাহে তালৈ সঘনাই মানুহ যাবলৈ ধৰিছে৷ আদিগুৰু শঙ্কৰাচাৰ্যই এই তীৰ্থ দৰ্শন কৰিছিল বুলি জনা যায়৷ তেখেতেই চৰি যাত্ৰা প্ৰবৰ্তন কৰিছিল৷ স্বামী বিবেকানন্দ ১৮৯৮ চনৰ জুলাই মাহত এই তীৰ্থ দৰ্শনৰ বাবে আহিছিল৷ আক্ৰাম বক্ত (বুটা? )মালিক নামৰ এজন ভেৰা ৰখীয়াই তেওঁৰ হেৰোৱা ভেৰা বিচাৰি আহি এই গুহা তীৰ্থ আবিষ্কাৰ কৰে৷ তেতিয়াৰ পৰাই এই তীৰ্থ যাত্ৰা আৰম্ভ হয়৷ ভিন্ন মত এটাৰ মতে কোনোবা সাধু এজনে মালিকক কয়লাৰ টুকুৰাৰে ভৰা মোনা এটা দিছিল৷ ঘৰলৈ আহি মালিকে দেখে যে মোনাটোত কয়লাৰ পৰিবৰ্তে সোণৰ টুকুৰাৰেহে ভৰি আছে৷ সেই সাধুজনক কৃতজ্ঞতা জনাবলৈ বুলি ঘুৰি গৈ মালিকে দেখে যে সাধু তাৰ পৰা অন্তৰ্ধান হৈছে, কিন্ত সাধুক লগপোৱা ঠাইতে এটা শিৱলিংগহে আছে৷ এই আবিষ্কাৰৰ কথা তেওঁ গাওঁবাসীক জানিবলৈ দিলে আৰু তেতিয়াৰে পৰা ই তীৰ্থস্থানলৈ পৰিবৰ্তন হ’ল৷ আক্ৰাম বক্ত মালিকৰ বংশধৰ সকলে এতিয়াও যাত্ৰীয়ে দিয়া দান বৰঙণিৰ এটা অংশ পায়৷ তেওঁৰ বংশৰ লোক পেহেলগ্ৰামত থাকে৷আন এটা বিশ্বাস মতে আকৌ কাশ্মীৰ আগতে পানীৰ তলত আছিল৷ ই এটা ডাঙৰ হ্ৰদহে আছিল৷ কাশ্যপ মুনিয়ে কেইবাখনো নদীৰে সেই পানীখিনি বোৱাই দিলে৷সেইসময়তে আকৌ ভৃগুমুণি হিমালয় দৰ্শনৰ বাবে আহিছিল৷ তেৱেই প্ৰথমে এই গুহা আৰু লিংগৰ দৰ্শন পায়৷ মানুহে এই কথা জনাৰে পৰা দৰ্শনৰ বাবে তালৈ যাবলৈ ধৰিলে৷ শিৱ আশুতোষ৷ সকলোৱে তেওঁৰ পূজা কৰিব পাৰে৷ জাতি ধৰ্মৰ বাধা নাই৷ সাধাৰণতে আহাৰ মাহৰ পূৰ্ণিমাৰ পৰা শাওণ মাহৰ পূৰ্ণিমাৰ ভিতৰে অমৰনাথ দৰ্শন কৰি ঘুৰি আহিব লাগে৷ তুষাৰ লিংগৰ হ্ৰাস, বৃদ্ধি হৈ থাকে৷ শুক্ল পক্ষত লাহে লহে ডাঙৰ হৈ পূৰ্ণিমাত পূৰ্ণ হয় আৰু কৃঞ্চ পক্ষত লাহে লাহে সৰু হৈ নাইকীয়া হয়৷ 

(টোকাঃ ইলা ৰাজখোৱা প্ৰায় সত্তৰ বছৰীয়া মহিলা৷ তেখেতৰ হাতেলিখা এই ভ্ৰমণ বৃত্তান্ত মই কেনেবাকৈ পাই, অলপ হাত ফুৰাই আপোনালোকৰ বাবে আগবঢ়ালোঁ(তেখেতৰ অনুমতি লৈহে)৷ আগেয়ে লিখা-মেলাৰ অভ্যাস নথকা মহিলা গৰাকীৰ এই প্ৰয়াসক ধন্যবাদ যাচিছোঁ- পাৰ্থ পি শৰ্মা)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments