অর্ধ আকাশ আৰু অন্যান্য (ময়ূৰ চেতিয়া)

মূলঃ Feminism Keeps My Marriage Together
লেখিকাঃ Christie Church
………….

নাৰীবাদৰ বিৰুদ্ধে বহুতৰে অভিযোগৰ সীমা সংখ্যা নাই । বিবাহ বিচ্ছেদৰ পৰা আৰম্ভ কৰি ক্রমহ্রাসমান জন্ম হাৰলৈকে, নিচাসক্তিৰ পৰা গোপন সমকামী ‘অভিসাৰ’লৈকে – অসংখ্য গুৰুতৰ ‘অভিযোগ’ত অভিযুক্ত এই বদনামী দর্শন  ।  গুজব আছে যে নাৰীবাদে হেনো নাৰীক স্বামীগৃহ পৰিত্যাগ কৰিবলৈ, শিশু আৰু ল’ৰা ছোৱালীৰ অনাদৰ কৰিবলৈ আৰু সমাজ ব্যৱস্থা ধ্বংস কৰিবলৈ উৎসাহ দিয়ে  ।  অথচ যোৱা দুবছৰ ধৰি নাৰীবাদেই আমাৰ সংসাৰখন নিয়াৰিকৈ চলাই অহাৰ ক্ষেত্রত সহায় কৰি আহিছে ।  বিয়াৰ দ্বিতীয় বার্ষিকীৰ দিনা আমি দুয়ো স্বামী-স্ত্রীয়ে নাৰীবাদলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

দ্বিতীয় প্রজন্মৰ নাৰীবাদীসকলে আঙুলিয়াই দেখুৱাইছে যে নাৰীবাদী আন্দোলনৰ ফলস্বৰুপে আমি ইতিমধ্যে বহুখিনি সামাজিক অগ্রগতি লাভ কৰিছোঁ ।  কিন্তু তাৰ অর্থ এয়া নহয় যে নাৰীবাদ বর্তমান সময়ত অপ্রাসংগিক হৈ পৰিছে ।  বৰঞ্চ নাৰীবাদী দর্শনৰ অহৰহ প্রচাৰ এতিয়াও অতিশয় প্রয়োজনীয় হৈয়েই আছে ।  প্রায়েই দেখা যায় যে পৰিবর্তিত পৰিস্থিতি সাপেক্ষে বহুতো ন’ ন’ ৰূপত যৌনবাদে(sexism) ভূমুকি মাৰে ।  এই ক্ষেত্রত নৱ-প্রজন্মৰ যুবক-যুবতীসকল প্রায়েই দিশহাৰা হৈ পৰা যেন দেখা যায় ।  নাৰীবাদী দর্শনৰ মার্গ-দর্শন আৰু সহায় সহযোগিতা অবিহনে এনে অভিজ্ঞতাসমূহ সিবিলাকৰ বিশেষ পটভূমিত পর্যালোচনা কৰি চোৱাটো প্রায়েই দূৰুহ হৈ পৰে ।

আমাৰ বিয়াৰ দুবছৰীয়া অভিজ্ঞতাই নাৰীবাদীসকলৰ এই শিক্ষা সত্য বুলি প্ৰমাণিত কৰিলে ।  পেট্রিক আৰু মই সদায়েই ইজনে সিজনক সমান স্তৰৰ ব্যক্তি আৰু বন্ধু বুলি গণ্য কৰি আহিছিলোঁ ।  অৱশ্যে আমি তেতিয়া নিজকে স্পষ্ট ভাৱে নাৰীবাদী বুলি ঘোষণা কৰাৰ প্রয়োজন অনুভৱ কৰা নাছিলোঁ ।  এদিন সন্ধিয়া একেলগে কাপোৰ ইস্ত্রী কৰি থাকোঁতে আমি ইজনে সিজনক বিয়া কৰোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ ।

আমাৰ বিয়া কৰাৰ সিদ্ধান্ত আন আন শত-সহস্র ডেকা গাভৰুতকৈ কোনো পধ্যেই পৃথক নাছিল ।  বিশৰ ডেওনা গৰকা আন কোনো কোমল বয়সীয়া, অতি উচ্ছাসী আৰু প্রেমত বলীয়া যুৱক যুৱতীৰ দৰেই আমিও আমাৰ মৰমক এক সামাজিক স্বীকৃতি দিব বিচাৰিছিলোঁ ।  আমি অসমকামী(straight) আছিলোঁ আৰু বাকী আন কিবা হোৱাৰ কথা আমি কল্পনাও কৰা নাছিলোঁ আৰু কৰিবও নাজানিছিলোঁ ।

কিন্তু এই যে আমি বিয়া কৰাৰ সিদ্ধান্ত ললোঁ, তাৰ পাছতে এটাৰ পাছত এটাকৈ যৌনবাদৰ হেজাৰটা ৰূপে আমাৰ জীৱন দুর্বিষহ কৰি তুলিবলৈ আৰম্ভ কৰিলে ।  দৰাই বিয়াৰ সময়ত কইনাক বহুমূল্যৰ আঙুঠি পিন্ধোৱা কথাটো আমাৰ পছন্দৰ নাছিল ।  আমি অনুভৱ কৰিছিলোঁ যে এনে একপক্ষীয় পৰম্পৰাসমূহৰ দ্বাৰা নাৰীগৰাকীক ভৰণ-পোষণ দিব পৰাকৈ পুৰুষজনৰ যে আর্থিক ক্ষমতা আৰু আর্থিক সচ্ছলতা আছে- এই কথাৰ সস্তীয়া প্রমাণ দিবলৈ বিচৰা হয় ।  অৱশ্যে বিকল্প হিচাপে আমি ইজনে সিজনক এযোৰকৈ সুন্দৰ জোতা উপহাৰ দিছিলো ।  আনন্দত আত্মহাৰা হৈ আমি ভাবিছিলোঁ- আমি এক বৈকল্পিক সংস্কৃতিৰ জন্ম দিছোঁ ।  কিন্তু ঠিক তেতিয়াই বহুজনৰ অজস্র একঘেয়ামী প্রশ্নই আমাক জুমুৰি ধৰিবলৈ আৰম্ভ কৰিলে ।

: “অ’, তোমালোকৰ বিয়াখন ঠিক হ’ল বুলি শুনিলোঁ  ।  বৰ ভাল খবৰ দেই ।  পিছে আঙুঠি পৰ্ব কেতিয়াকৈ আছে?”

: “ধন্যবাদ, পিছে আমি এইবোৰ বিচৰা নাই । সাধাৰণ ভাৱে বিয়াখন পতাৰ কথাহে…” ।

: “নাই নাই, আঙুঠি নিপিন্ধোৱাকৈ বিয়া কেনেকৈ হ’ব?”

: “আচলতে মই নিজেই এইবোৰ বিচৰা নাই । বৰঞ্চ আমি ইজনে সিজনক সুন্দৰ জোতা একোযোৰ উপহাৰ দিছোঁ ।  মই বিচাৰিছিলো যে মই পেট্রিক’কো কিবা এটা উপহাৰ দিওঁ ।  কথাবোৰ একপক্ষীয় হোৱাটো আমি বিচৰা নাছিলোঁ” ।

: “ওঁ, চাবা তোমাৰ হাজবেণ্ডে নিজেই জোঁৰ কৰি তোমাক এটা সুন্দৰ আঙুঠি উপহাৰ দিব ।  আচ্ছা, সি বাৰু তোমাক কেনেকৈ প্রপ’জ কৰিলে?”

: “নাই নাই, তেনেকুৱা একো হোৱা নাছিল ।  আমি বহুদিন ধৰি এই বিষয়ে আলোচনা কৰিছো আৰু শেহত এই বিয়া কৰাৰ সিদ্ধান্ত লৈছোঁ ।  এয়া আমাৰ নিজস্ব ষ্টাইল” ।

: “এই যে আঁঠু লৈ প্রেম নিবেদন কৰা, ৰঙা গোলাপ, স্পেচিয়েল ডিনাৰ, চাৰপ্রাইজ…তেনে একো হোৱা নাছিল?”

: “নাই, তুমিতো জানাই, মই চাৰপ্রাইজ একেবাৰে পছন্দ নকৰোঁ ।  পেট্রিকেও এইবোৰ বেয়া পায় ।  আৰু এই আঁঠু লৈ প্রেম নিবেদন কৰা কথাটো মই মুঠেও পছন্দ নকৰোঁ” ।

: “আস, মোৰ সোণজনী, তুমি ইমানতে সন্তুষ্ট হোৱা কথাটো মুঠেও ভাল হোৱা নাই ।  তুমি পেট্রিকক অন্ততঃ এটা ইঙ্গিত দিয়া উচিত আছিল ।  মোৰ বিশ্বাস যে তুমি এবাৰ ক’লেই সি তোমাক দামী সোন গহনাৰ উপহাৰেৰে ভৰাই পেলাব ।  তুমি ইয়াতকৈ ভাল কিবা-কিবি পোৱাৰ যোগ্য” ।

এই ভাল কিবা-কিবিবোৰ কি? কথাবোৰ অলপ একপক্ষীয় হোৱা নাইনে? এই কিবা-কিবি বোৰে দেখোন আমাৰ সমতাৰ লক্ষ্যটোকে ধ্বংস কৰি পেলাব?

বর্তমান সমাজত প্রচলিত প্রেম সম্পর্কীয় বেছিভাগ ধ্যান-ধাৰণাই যৌনবাদৰ দ্বাৰা গভীৰভাৱে আক্রান্ত ।  সিবিলাকৰ বিপৰীতে যাবলৈ চেষ্টা কৰাৰ বাবেই মই হৈ পৰিলো পুতৌৰ পাত্রী আৰু সিবিলাকৰ অবিৰাম হেঁচাৰ ফলত মই ক্রমান্বয়ে মোৰ মূল্যবোধসমূহৰ প্রতিয়েই সন্দিহান হ’বলৈ আৰম্ভ কৰিলোঁ ।  নিশ্চিতভাৱেই মই আৰু পেট্রিক- দুয়োয়েই যৌনবাদী পৰম্পৰাসমূহ মূল্যহীন বুলি গণ্য কৰি আহিছিলোঁ ।  কিন্তু প্রেমৰ ধাৰণাটোৰ পৰা যদি সিবিলাকক সম্পূর্ণভাৱে বর্জন কৰা যায়, তেনেহ’লে বাকী থাকিল কি? পেট্রিকে বাৰু সঁচাকৈয়ে মোক ভাল পায়নে? মই সদায়েই ভাবিছিলোঁ যে বিয়াৰ পাচত মই মোৰ নামটো সলনি নকৰোঁ ।  কিন্তু যেতিয়া পেট্রিকে ক’লে যে তাৰ এই ক্ষেত্রত কোনো আপত্তি নাই, মই এক গভীৰ বিৰক্তিহে অনুভৱ কৰিলোঁ ।

: “মই তোমাৰ নামটো ব্যৱহাৰ নকৰোঁ বুলি জানিও তোমাৰ খং উঠা নাই? তোমাৰ বেয়া লগা নাই? চবেই কৈছিল- মই এনে কৰিলে তুমি দুখ পাবা ।  কিন্তু তোমাৰ দেখোন কোনো ভাৱান্তৰেই হোৱা নাই ।  হে ভগৱান! তুমি বাৰু সঁচাকৈয়ে মোক বিয়া কৰাব বিচাৰিছানে? তুমি সঁচাকৈয়ে মোক বিয়া কৰিবলৈ বিচৰাহ’লে মোক মোৰ নামটোও সলনি কৰিবলৈ বাধ্য কৰিলাহেঁতেন ।  চবেই মোক দেখোন তেনেকৈয়ে কৈছে!”

সেয়াই আছিল আৰম্ভনি ।  তাৰ পাছতে আমাৰ মাজত প্রায়েই কাজিয়াৰ সূত্রপাত হোৱা আৰম্ভ হয় ।  পেট্রিকৰ যুক্তি আছিল যে- কিয় আমি আনৰ কথালৈ কাণ নিদি কেৱল আমাৰ পছন্দৰ মতেই জীয়াই থাকিব নোৱাৰোঁ ।  হয়তো পেট্রিকেই এই ক্ষেত্রত শুদ্ধ আছিল ।  কিন্তু মই বুজি নাপাইছিলো যে কিয় বাৰু আমাৰ দুজনৰ আশা-আকাংক্ষা, জীৱন সম্পর্কীয় ধ্যান-ধাৰণা আন সকলোতকৈ ইমান পৃথক আছিল? এজন পুৰুষৰ পৰা মই যিখিনি আশা কৰিব লাগে বুলি মোৰ পৰিয়াল, বন্ধু, বান্ধৱী, টি ভি আলোচনী আদি সকলোৱেই শিকাবলৈ চেষ্টা কৰিছিল, সিবিলাকৰ সতে মোৰ নিজস্ব আশা-আকাংক্ষাবোৰৰ কিয় বাৰু একো মিল নাছিল? কথাবোৰ ভাবি ভাবি মই অত্যন্ত বিৰক্তি আৰু অৱসাদ অনুভৱ কৰিছিলোঁ ।  মই খুউব অপৰাধবোধত ভূগিছিলোঁ যেতিয়া পেট্রিকে অকলেই বিয়াখনৰ সমস্ত দিশবোৰ চোৱা-চিতা কৰিছিল ।  বিয়াৰ নিমন্ত্রণী পত্র ডিজাইন কৰা, সাঁজ-সজ্জা আদিৰ আয়োজন কৰা ইত্যাদি কামসমূহৰ প্রতি পেট্রিকৰ পূর্বৰে পৰাই দূর্বলতা আছিল ।  আনহাতে এনে কলাসূলভ কোনো কামৰ প্রতিয়েই মই কেতিয়াও কোনো আগ্রহ অনুভৱ কৰা নাছিলোঁ ।  বহুতৰে মতে সেয়া আছিল অস্বাভাবিক ।  বহু আকাংক্ষিত আমাৰ যুগ্ম জীৱনৰ প্রতি মই নিশ্চয়েই আগ্রহী আছিলোঁ; কিন্তু অতিমাত্রাই গহনা ইত্যাদি ক্রয় কৰা অথবা বিয়াৰ ৰিচেপছন মেনূত অতিশয় মূৰ ঘমোৱা – আদি কামৰ জৰিয়তে তাৰ স্বাভাৱিক প্রতিফলন ঘটে বুলি মই ভবা নাছিলোঁ ।  মোৰ নিৰুদ্বেগ চিত্ত দেখি বহুতৰে চকু কপাললৈ উঠিছিল ।  বহুতেই ভাবি লৈছিল- বিয়াখন ‘ভালকৈ’ পাতিবলৈ পেট্রিকৰ হয়তো আর্থিক সচ্ছলতা নাছিল ।  এনে স্থূল চিন্তা-চর্চা সমূহৰ প্রতি মোৰ পূতৌ জন্মিছিল ।  কিন্তু তথাপিও কিয় জানো কোনো অজান যান্ত্রনাত মোৰ হৃদয়খন মোচৰ খাই পৰিছিল ।

এতিয়া ভাবি আচৰিত লাগে- ইমানবোৰ বাধা-বিপত্তি নেওচা দি কেনেকৈযে আমাৰ বিয়াখন সম্ভৱপৰ হৈছিল ।  মাজে-সময়ে অনুভৱ হয়- নাৰীবাদী দর্শনৰ সতে সেই সময়ত পৰিচয় থকা হ’লে আমি হয়তো বুজিবলৈ সক্ষম হ’লো হয় যে কিদৰে সামাজিকৰণৰ এক বিশেষ প্রক্রিয়াৰ মাজেৰে “বিয়াখনেই হৈছে নাৰী এগৰাকীৰ জীৱনৰ পৰম উপহাৰ” যাতীয় কেতবোৰ ধ্যান-ধাৰণা আমাৰ মগজুত সুমুৱাই দিবলৈ চেষ্টা কৰা হয় । আনহাতে পুৰুষসকলৰ ক্ষেত্রত কিন্তু প্রক্রিয়াটো সম্পূর্ণ ওলোটা হয় ।  বিয়াৰ এই সমস্ত কাৰবাৰটোৰ প্রতি তেওঁলোকৰ কোনো বিশেষ আগ্রহ নাথাকিব বুলিয়েই ধৰি লোৱা হয় । সি যি কি নহওঁক, বিয়াখন মাত্র আৰম্ভনিহে আছিল ।  বিয়াৰ পাছতে সমস্যাবোৰে ক্রমশঃ অতিশয় জটিল ৰূপ লবলৈ আৰম্ভ কৰিলে ।

আমাৰ সমাজৰ প্রচলিত ধাৰণামতে, নাৰী গৰাকীয়েই ঘৰখনৰ সমস্ত কাম-কাজ চোৱা-চিতা কৰিব লাগে ।  সৰুৰে পৰাই মই লক্ষ্য কৰিছিলো যে আমাৰ পৰিয়ালটোতো নাৰীসকলেই ৰন্ধা-বঢ়া, ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা, আত্মীয়-স্বজনৰ খবৰ-খাতি লোৱা আদি ঘৰখনৰ সমস্ত কাম-কাজ কৰিছিল ।  “পুৰুষে কোনো ঘৰুৱা কাম নিয়াৰিকৈ কৰিব নোৱাৰে” অথবা “মতা মানুহক পাকঘৰত সোমাবলৈ দিয়া মানেই সর্বনাশ মাতি অনা” – এনে কেতবোৰ যৌনবাদী ধাৰণাৰ বশৱর্তী হৈ মই নিজেই ঘৰখনৰ সমস্ত কাম-কাজৰ হেচাঁ বহন কৰিবলৈ আৰম্ভ কৰিলোঁ; লগতে বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ খবৰ-খাঁটি লোৱা, জন্মদিন, শ্রাদ্ধ-উৎসৱ আদিৰ হিচাপ মিলোৱা- ইত্যাদিবোৰতো আছিলেই ।  মই আমাৰ জীৱন দুটি সামাজিকভাৱে স্বীকৃত ভূমিকাসমূহৰ লগত খাপ খোৱাই ল’বলৈ আপ্রাণ চেষ্টা কৰিলোঁ ।  কামৰ হেঁচাত ক্লান্ত হৈ মই নিজকে প্রবোধ দিছিলোঁ -“এয়াতো মোৰ কর্তব্য! এগৰাকী নাৰী হিচাপে ঘৰুৱা কামখিনি মইতো কৰিবই লাগিব!”

দৰাচলতে মই নিজকে ফাঁকি দিছিলো ।  পেট্রিক আছিল এজন অতিশয় ভাল ৰান্ধনী আৰু ঘৰুৱা কাম-কাজ সমূহ কৰাৰ ক্ষেত্রতো তাৰ বিশেষ কোনো অসুবিধা নাছিল ।  যৌনবাদী চিন্তাৰ বশৱর্তী হৈ ঘৰৰ সমস্ত কামখিনি মই নিজৰ মূৰত চপাই নোলোৱা হ’লে পেট্রিকেও সেইখিনি সুকলমেই চলাই নিব পাৰিলে হয় ।  প্রকৃততে “পুৰুষে ঘৰুৱা কাম কৰিব নোৱাৰে”- এই ধাৰণা সত্য নহয় ।  নাৰীগৰাকীয়ে শিকাৰ দৰেই পুৰুষজনেও ইচ্ছা কৰিলে ঘৰুৱা কামখিনি শিকি ল’ব পাৰে ।

মেৰিলীন ফ্রেঞ্চৰ মতে নাৰীবাদ সম্পর্কে হোৱা যিকোনো বিতর্ক শেহত গৈ “কোনে ভাত খোৱা কাঁহী-বাচনবোৰ ধূব?” এই প্রশ্নলৈ পর্যৱসিত হয় ।  আমাৰ ঘৰখনৰ অৱশ্যে তোলপাৰ লগোৱা বিষয়টো আছিল – ‘ছেক্স’ ।

মোৰ সঘন আৰু তীব্র ইচ্ছাৰ বিপৰীতে পেট্রিক এইক্ষেত্রত আপেক্ষিকভাৱে উদাসীন আছিল ।  ছেক্স সম্পর্কে নাৰীগৰাকী উদাসীন হোৱাটো আমাৰ সমাজত স্বাভাৱিক বুলিয়েই ধৰি লোৱা হয় ।  কিন্তু যদিহে সমীকৰণটো ওলোটা হৈ পৰে, সকলোৰে মনত হেজাৰটা প্রশ্নই জূমুৰি মাৰি ধৰা দেখা যায় ।  “কোন পুৰুষে বাৰু নাৰীৰ যৌন প্ৰস্তাৱ প্রত্যাখ্যান কৰিব পাৰে?”… “নিশ্চয়েই নাৰীগৰাকীৰ কিবা খুঁত থাকিব লাগিব!”… “তাই বাৰু দেখাত ভাল নহয় নেকি?”… “তাই বাৰু অত্যাধিক শকত হৈ পৰিছে নেকি?”

এগৰাকী বান্ধবীৰ সৈতে এই সম্পর্কে আলোচনা কৰোঁতে তেওঁ চিন্তিত হৈ ক’লে, “তোমাৰ হাজবেণ্ড সমকামী নহয়তো?” সেই সময়ত সপ্তাহত দুই কি তিনিবাৰ আমাৰ যৌন-সংসর্গ ঘটিছিল ।  “তথাপিও…” মোৰ বান্ধবীগৰাকীয়ে মন্তব্য কৰিলে, “কোন পুৰুষে বাৰু যৌন ইচ্ছা দমাই ৰাখিব পাৰে?” আমাৰ যৌনবাদী সমাজৰ এনেহে ধাৰণা যেন পুৰুষ হোৱাৰ অর্থই হৈছে – তেওঁ অতিপাত কামাতুৰ হ’বই লাগিব ।

ঠিক সেই সময়ৰ পৰাই মই কথাবোৰ পুনৰাই চালি-জাৰি চাবলৈ আৰম্ভ কৰিলোঁ ।  কিয় বাৰু পেট্রিক আৰু মই- আমাৰ দুয়োজনৰে ব্যক্তিত্ব সামাজিকভাৱে নির্ধাৰিত আৰু স্বীকৃত ভূমিকাসমূহৰ লগত খাপ নেখায়? ব্যক্তি হিচাপে আমি সদায়েই ইজনে সিজনক সমান দৃষ্টিৰে চাইছিলোঁ; কিন্তু আমি লাহে লাহে উপলব্ধি কৰিলো যে কিদৰে যৌনবাদী সামাজিক ধ্যান ধাৰণাসমূহে আমাৰ জীৱনবোৰ প্রভাৱিত কৰি আহিছে ।  দৰাচলতে সিবিলাকক উলাই কৰি কেৱল ব্যক্তিগত সীমাৰ ভিতৰত সমতা স্থাপন কৰাৰ চেষ্টা প্রায় অর্থহীন ।  আমাৰ সহজ সৰল বিশ্বাসৰ বিপৰীতে আমি কেতিয়াও শূন্যত বাস কৰা নাছিলোঁ, আৰু এয়া সম্ভৱো নাছিল ।  গতিকেই এই যৌনবাদী ধ্যান-ধাৰণাসমূহৰ বিপৰীতে অবিৰাম সংগ্রাম কৰাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই ।  যিদিনা আমি এই কথা আৱিষ্কাৰ কৰিলোঁ, ঠিক সিদিনাৰ পৰাই আমাৰ মৰমেও পূৰ্ণতা পালে ।

পেট্রিকৰ পৰা মই নাৰীবাদ সম্পর্কে বহু কথাই শিকিছোঁ ।  মই বুজিব পাৰিছোঁ যে পিতৃতন্ত্র কেৱল মহিলাসকলৰ বাবেই নহয় ই পুৰুষসকলৰ বাবেও অনিষ্টকাৰী ।  ঘৰুৱা কামৰ সমস্ত দায়িত্ব লৈ মই যিদৰে নিজৰ বাবেই এক শ্বাসৰূদ্ধকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছিলোঁ, ঠিক তেনেদৰেই পেট্রিকেও চাকৰি, দৰমহা, আত্মবিশ্বাসহীনতা, যৌন-উদাসীনতা আদি অন্যান্য বিষয় লৈ হীনমন্যতাত ভূগিছিল ।  আমাৰ সমাজৰ প্রচলিত ধাৰণামতে পুৰুষে আত্মবিশ্বাসহীনতা অথবা উৎকণ্ঠাত ভোগাটো দুর্বলতাৰ চিন; যেন স্পর্শকাতৰ অথবা অনুভূতিপ্রৱণ হোৱাৰ কোনো অধিকাৰেই পুৰুষৰ নাই ।  নিজ সমস্যা সম্পর্কে আলোচনা কৰা পুৰুষকতো আমাৰ সমাজত ‘তিৰোতা সেৰুৱা’ নাম দিয়া হয় ।

যৌনবাদে পুৰুষ আৰু নাৰী দুয়োকে এক অতিশয় সংকীর্ণ ৰুপত গঢ় দিবলৈ চেষ্টা কৰে । এই সীমা উলংঘন কৰাজনক উপহাস আৰু ঠাট্টাৰ দৃষ্টিৰে চোৱা হয় ।  যৌনবাদী এই ধ্যান-ধাৰনাসমূহৰ প্রভাৱ সমাজত ইমানেই ব্যাপক যে তথাকথিত ‘পুৰুষসূলভ’ অথবা ‘নাৰীসুলভ’ গুণ নথকা অথবা ৰাখিব নিবিচৰা আমাৰ চেনেহৰ আপোনজনকো আমি তিৰস্কাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ ।  প্রকৃততে পিতৃতান্ত্রিক এই সমাজত প্রেম আৰু আন্তৰিকতাৰ সৰল প্রকাশ সম্ভৱেই নহয় ।

আপুনি আপোনাৰ আপোনজনক, আনকি নিজকো লৈংগিক প্রত্যাশাৰ (gendered expectations) এক বিশেষ চশমাৰ ফাঁকেৰেহে পৰীক্ষণ কৰে আৰু এনে ক্ষেত্রত এই লৈংগিক প্রত্যাশাৰ সামান্যতম উলঙ্ঘনো বিভ্রান্তি অথবা ভাবুকিৰ কাৰণ হৈ উঠিব পাৰে ।  ফলস্বৰুপে আপুনি আপোনাৰ সকলো ‘অপ্রত্যাশিত’ আবেগ-অনুভূতি(যেনে নন-মন’গেমিৰ প্রতি আকর্ষণ, ঘৰুৱা কাম-কাজৰ সম-বিতৰণ প্রসংগ, প্রেম-সম্পর্কৰ বিভিন্ন ইছ্যু)ৰ প্রতি ভীতিগ্রস্ত হৈ উঠে আৰু সিবিলাক লুকুৱাই ৰাখিবলৈ আপুনি আপ্রাণ চেষ্টা কৰে ।  আপোনাৰ ভয় হয়- কিজানি সিবিলাকে লৈংগিক প্রত্যাশাৰ ভিত্তিত গঢ় লৈ উঠা আপোনাৰ প্রেম-সম্পর্কটোকে ধ্বংস কৰি পেলায়!

হয়তো কিছুসংখ্যক লোকে এনেদৰেই ভীতিগ্রস্ত জীৱন জীয়াবলৈ পচন্দ কৰিব ।  কিন্তু তেইছ আৰু পঁছিশৰ ডেউনা গৰকি আমি দুয়োজনে সংকল্প লৈছোঁ যে এনে বিভ্রান্তিপূর্ণ আৰু বৈষম্যমূলক জীৱন কটোৱাতকৈ আমি ইজনে সিজনৰ প্রকৃত আশা আকাংক্ষাৰ সৈতে পৰিচিত হৈয়েই জীৱন অতিবাহিত কৰিম ।  এনে এক দীর্ঘ বৈবাহিক জীৱনৰ প্রতি আমি অতিশয় আশাবাদী ।

আপোনাৰ প্রেম-সম্পর্কটিৰ প্রতি আপুনি এক সুমধুৰ নিৰাপত্তা অনুভৱ কৰিব যেতিয়া আপুনি আৰু আপোনাৰ প্রিয়জনে পৰস্পৰ-লৈংগিক প্রত্যাশাবোৰ আঁতৰাই পেলাব ।  ‘নিখুঁত স্বামী’ অথবা ‘নিখুঁত পত্নী’ এই যাতীয় লৈংগিক প্রত্যাশাসমুহে কিমানজনৰেই যে জীৱনলৈ অশান্তিৰ অমানিশা নমাই আনে!

আজিকালি আমি দুয়োজনেই নিজকে নাৰীবাদী বুলি গণ্য কৰোঁ ।  নাৰীবাদী দর্শনৰ মাজত আমি এনে এক নতুন ভাষাৰ সন্ধান পাইছোঁ যি পিতৃতন্ত্রৰ দ্বাৰা নির্ধাৰিত নাৰী-পুৰুষ সম্পর্কীয় সংকীর্ণ ধ্যান-ধাৰণা সমূহৰ বিপৰীতে জটিল আৰু বহুমূখী ব্যক্তিত্বৰ মানুহ হোৱাৰ সামাজিক প্ৰত্যাহ্বান সমূহ উদঙাই দিয়ে ।  অসমকামী(heterosexual) হোৱাৰ বাবে আমি হয়তো সমলৈংগিক(homosexual)সকলে সম্মুখীন হোৱা বহুতো অন্যান্য প্রত্যাহবানৰ মূখামুখি হ’ব লগা হোৱা নাই; কিন্তু লগতে ই অসমলৈংগিক-বিবাহ সম্পর্কে থকা বহুতো বদ্ধমূল মূল্যবোধৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈকো আমাক সূযোগ দিছে ।

এই বছৰ মই আইন বিদ্যালয়ত পূর্ণকালীন ছাত্রী ৰূপে এডমিছন ল’ম আৰু এই সময়ত পেট্রিকেই ঘৰখনৰ সমূহ কাম-কাজ চোৱা-চিতা কৰিব ।  মোৰ পঢ়া-শুনা সমাপ্ত হোৱাৰ পাছতেই পেট্রিকেও তাৰ লেখা-মেলাৰ কামত মনোনিবেশ কৰিব ।  পঢ়া-শুনা আৰু ইন্টার্নচিপৰ বাবে প্রয়োজন সাপেক্ষে বেলেগে বেলেগে থকাৰ পৰিকল্পনাও আমি ইতিমধ্যে কৰি পেলাইছোঁ ।

আন যিয়েই নহওঁক কিয়, এটা কথাত মই খুবেই বিশ্বাসী যে আমাৰ বিয়াৰ প্রাৰম্ভিক সময়ছোৱাৰ বিপৰীতে, আহিব ধৰা দিনবোৰ পুনৰ কেতিয়াও অপৰাধবোধ আৰু শ্বাসৰূদ্ধকাৰী পৰিবেশেৰে ভাৰাক্রান্ত হৈ নপৰে ।  হয়তো শৈশৱৰ পৰাই বিবাহিত জীৱন সম্পর্কে যিখন ছবি আমাৰ সন্মুখত দাঙি ধৰা হৈছিল, সেইখন ছবিৰ সৈতে আমাৰ বর্তমান সংসাৰখনৰ কোনো সাদৃশ্যতা নাই ।  কিন্তু এয়ে লৈ আমি অকণো অসুখী নহয় ।  বৰঞ্চ এনেকৈয়ে আমাৰ জীৱন দুটি নিয়াৰিকৈ চলি আহিছে ।  বিয়াৰ আগতে আমি বন্ধু আছিলোঁ আৰু এতিয়া আমি ইজনে সিজনৰ মাজত একোজন সতীৰ্থ বিচাৰি পাইছোঁ । ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক