অলগদ্ধ (অভিজিত কলিতা)

চিটবাছৰ পৰা নামি তাৰ সৰু ঘৰটোলৈ (ঘৰ শব্দটো উপযুক্ত হয় নে নহয় কোৱা টান, গতিকে সি সকলোকে ’ৰূম’ বুলিহে কয়) বিছ মিনিট মান খোজকাঢ়ি যাব লাগে৷ বাটটোত ষ্ট্ৰীট লাইট আছে যদিও প্ৰায়ে নজ্বলে, মাজে মাজে ধিমিক ধামাক কৰি থকাকেইটাই পথিকৰ চকুত অসুবিধাহে দিয়ে৷ তাতকৈ ঘোপমৰা এন্ধাৰ হৈ থকাই ভাল আছিল৷ ঠাইখিনি চহৰখনৰ একেবাৰে মাজমজিয়াতে যদিও, ঘৰবোৰৰ চাৰিওফালে থকা ওখ দেৱালবোৰৰ বাবে ঠাইখন নিসংগ জেইল এখনৰ দৰেই লাগে৷
আজি বতৰটো অলপ সেমেকা, লগতে কিবা এক ধূলি-বালিৰ অদ্ভুত আচ্ছাদন, ঘাম আৰু নিয়ৰ মিহলি এটা গোন্ধ৷ এই পৰিবেশটো কিন্তু তাৰ বাবে অচিনাকি নহয়, বৰঞ্চ সি এই অনুভূতিটোৰ সৈতে সহজহে হৈ পৰিছে৷
সি অফিচৰ বে’গটো কান্ধেৰে দি সুমুৱাই পিঠিৰ পিছফালে লৈ লয়৷ এখন হাত পেণ্টৰ জেপত ভৰাই, তলমূৰকৈ খোজকঢ়াটো আজিকালি তাৰ অভ্যাসেই হৈ গৈছে৷ বাটটোত কোনো জনপ্ৰাণী এটা নাই, ভতুৱা কুকুৰ এটা থাকিলেও অলপ প্ৰাণ আহিলহেঁতেন চাগে’৷ উজ্জ্বল হাইৱেটোৰ পৰা পাঁচ মিনিট খোজকাঢ়িলেই যে সদাব্যস্ত মহানগৰীখনৰ মাজ-বুকুতে এনেকুৱা নিৰ্জন-নিৰস ঠাই এটুকুৰা পোৱা যায়, সেই কথাটোৱে তাক আজিকালি আচৰিত কৰি নোতোলে, প্ৰাত্যহিকতা হৈ পৰিছে এইটো৷ যিদিনা সি প্ৰথমবাৰলৈ এই কথাটো উপলব্ধি কৰি মনে মনে আমোদ পাইছিল; সেই দিনটো আজি প্ৰায় বিশ বছৰ পুৰণা এক স্মৃতি হৈ পৰিছে৷

পেণ্টৰ পকেটত হাত ভৰাই সি চিগাৰেটৰ পেকেটটো এবাৰ চুই চায়৷ কেইটা আছে? মনে মনে হিচাপ কৰে, চাৰিটা থাকিব লাগে৷ কিন্তু চাৰিটাৰে হ’ব জানো? সি অলপ শংকিত হৈ পৰে৷ এইখিনিতে কোনো দোকানো নাই, আকৌ বহুদূৰ ঘূৰি যাব লাগিব!
হ’ব- মনে মনে সি ভাৱে৷ চিগাৰেট কমকৈ খোৱাই ভাল৷ সকলোৱেই দেখোন কৈ থাকে৷
সেই দুইমিনিট মান সময় তাৰ মনত চিগাৰেট কিনিবলৈ ঘূৰিব নে ঘৰলৈ যাব সেই কথাটো লৈ অলপ দ্বন্দ চলে৷ কিন্তু ফলাফল আন দিনাৰ দৰে নহয়- আজি সি ঘৰলৈকে গৈ থাকিবলৈ সিদ্ধান্ত কৰে৷
মাৰুতি গাড়ী এখন কোনোমতে সোমাব পৰা বাটটোৰে গৈ কেইবাটাও অদ্ভুত কেঁকুৰি আৰু তাতকৈয়ো অদ্ভুত তিনিআলি আৰু চাৰিআলিটো পাৰ হোৱাৰ পাছতহে তাৰ ঘৰটো চকুত পৰে৷ আনৰ দেৱালৰে ঘেৰা ঘৰটো- মানে তাৰ ঘৰটোতকৈয়ো দেৱালবোৰ অলপ ওখহে৷
ঘৰটো তাৰ দেউতাকে সজাইছিল৷ দেউতাকে গাঁৱৰ পৰা আহি চহৰখনত মাটি কিনি ঘৰ সাজি সকলোৰে চকুত বৰমানুহ হোৱাৰ ইচ্ছা কৰিছিল যদিও শেষত পুৰাকৈ সফল হ’ব নোৱাৰিলে৷ ধন, জন, স্বাস্থ্য একোৱেই সহযোগ নকৰিলে৷ সেয়ে ঘৰটোৰ ফাউণ্ডেচন আৰু আচল ঘৰটোৰ মাজত আকাশ পাতাল প্ৰভেদ৷ ছাদৰ পৰা ওলাই থকা দ্ৱিতীয় মহলাৰ খুঁটাৰ বাবে ৰখা ৰদ কেইডাল যোৱা দশক দুটাত বেঁকা বেঁকি হৈ হালি পৰিছে, মামৰেও খাইছে৷
ঘৰটো দুকোঠলীয়া হ’লেও তাৰ পদূলিটো অপ্ৰয়োজনীয় ভাৱে দীঘল, মহানগৰত মানুহে ইমান দীঘল পদূলি নেৰাখে৷ আচলতে পদূলি নেৰাখে বুলি ক’লে ভুল হ’ব, মানুহবোৰে গোটেই মাটিখিনিতে ঘৰ সাজিয়েই নেৰে, দ্বিতীয় মহলাটো কেণ্টিলিভাৰ কৰি পথৰ ওপৰতে সাজিহে তেওঁলোক ক্ষান্ত হয়৷ তাৰ দেউতাকে হয়তো আপ্ৰাণ চেষ্টা কৰিও সম্পূৰ্ণকৈ মহানাগৰিক হ’ব পৰা নাছিল, গতিকেই এই অদৰকাৰী পদূলি৷ এতিয়া পদূলিৰ দুইকাষে অপ্ৰয়োজনীয় শণখেৰ, সাপৰ ভয়৷
তাৰ পদূলিৰ ওচৰতে থকা ষ্ট্ৰিট লাইটটো আজি ভুলতে জ্বলি আছে, লাইটটোৱে পিছে তাৰ চিনাকি পৰিবেশটো আচহুৱাহে কৰি তুলিছে৷ সৰু গে’টখন মামৰে ধৰিছে, এলুমিনিয়ামৰ তাঁৰেৰে সজা হুকটো দাঙি সি গেটখন খোলে৷ এদিন গে’টখনৰ ওপৰতে সাপ এটা বহি আছিল৷ সেইদিনা ষ্ট্ৰীট লাইটটো জ্বলা নাছিল৷ জোনৰ পোহৰতহে চিকমিকাই আছিল সাপটো৷ সাপটোৰ গাতে হাত দি গে’টখন খুলিবলৈ সেইদিনা তাৰ বৰ ইচ্ছা হৈছিল৷ কথাটো গে’টখন খোলাৰ সময়ত সদায় তাৰ মনত পৰে৷ গে’টখন খুলি অদৰকাৰী পদূলিটোৰে সি সোমাই যায়৷ আকৌ অনুভৱ কৰে সদায় ঘৰলৈ অহাৰ সময়ত হোৱা সেই চিৰন্তন উৎসাহহীনতা৷
বাৰান্দাৰ লাইটটো নুমাই আছে, কিন্তু ষ্ট্ৰীট লাইটৰ পোহৰখিনি বাৰান্দাখনৰ আধালৈকে পৰিছে৷ গতিকে সি আজি মোবাইলৰ টৰ্চটো জ্বলোৱাৰ প্ৰয়োজন অনুভৱ নকৰে৷ বেগটো খেপিয়াই খেপিয়াই চাবিকোছা বিচাৰি উলিয়ায়, মূল দুৱাৰৰ তলাৰ ছাবিটো বিচাৰোঁতে তাৰ বিশেষ অসুবিধা নহয়, চকু মুদিও সি সেইটো বিচাৰি উলিয়াব পাৰে৷ ছাঁ-পোহৰৰ ধূসৰ খেলাৰ মাজতে সি অনায়াসে তলাটো খুলিবলৈ সক্ষম হয়৷ পুৰণা তলা, ছাবিটো এক বিশেষ কোণত জোৰ দি নপকালে খোল খাবলৈ আপত্তি কৰে৷ পিছে তলাটোৰ এইখিনি অভিমান চেঁচা কৰিবলৈ সি বিশেষ কষ্ট কৰিব নেলাগে৷ বহু বছৰৰ অভিজ্ঞতা আছে তাৰ৷
তলাটো খুলি দুৱাৰখন ঠেলি দিয়াৰ লগে লগে সেই প্ৰাচীন গোন্ধটো তাৰ নাকত লাগে, এই গোন্ধটো তাৰ প্ৰিয় নহয়, কিন্তু এইটোৰ বাদে আন কিবা গোন্ধ সি শেষবাৰ কেতিয়া অনুভৱ কৰিছিল তাৰ মনত নাই৷ দুৱাৰখন ঠেলি দিওঁতেও চিনাকি শব্দ এটা হয়৷ আৰু এটা মৃতপ্ৰায় শব্দ৷
বাৰান্দাত পৰা ষ্ট্ৰীটলাইটৰ পোহৰখিনি কোঠাটোৰ ভিতৰলৈয়ো চিটিকি পৰিছে, পিছে উজ্জ্বলতা নাই৷ তথাপি সেই পোহৰতে সি তাক দেখিলে৷ মাকে যৌতুকত অনা তেল চিকটি লগা চোফাখনতে সি বহি আছে, তলমূৰ কৰি, হয়তো নিজৰ নখকেইটাকে চিকুটি আছে৷ কি ভাবি আছে সি হে জানে! সদায় সেই একেটাই ৰূপ৷
অলগদ্ধ, ননচেন্স – তাৰ মূৰটো অলপ গৰমেই হৈ গ’ল৷ বছৰ বছৰ ধৰি একেই ৰূপ তাৰ, না জীয়াই থকাৰ উৎসাহ, না কিবা নতুনত্ব, একো নহ’লেও অলপ পৰচৰ্চা, টিভিৰ নিউজ, নাই একো নাই৷ চাল্লা সদায় ঘৰ সোমোৱাৰ লগে লগে এই হাৰামীটোৰ মৰাশৰ দৰে মুখখন সি দৰ্শন কৰিব লাগে৷ মৰাশও নহয়, ই কুত্তা, মৰাশ এটাত কমেও মৃত্যুৰ বিভীষিকা এটাই থাকে, তাৰ মুখত সেয়াও নাই৷ ড্ৰাকুলা চাল্লা!
কোঠাটোৰ লাইটৰ চুইচটো খেপিয়াই পাই সি, টিপি দিয়ে৷ ৬০ ৱাটৰ বাল্বটোৰ ঢেলঢেলীয়া পোহৰত কোঠাটো মোটামোটিকৈ উজলি উঠে৷ নাই, তাৰ মুখত কোনো ভাৱান্তৰ নাই৷ মুখখনত পোহৰ নেপেলোৱাকৈ ৰখাই যেন তাৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য৷ আঙুলিৰ নখ চিকুটি তলমুৰ কৰি থকাৰ বাবেই তাৰ জন্ম৷
সি কাষৰ চোফাখনতে বহি পৰে, জোতাজোৰ ভৰিৰে ঠেলিয়েই খুলি পেলায়৷ মোজাৰ পৰা অলপ গোন্ধ ওলাইছে, কাইলে’ ধুব লাগিব৷ ভৰি দুখন দীঘলকৈ মেলি দি গধুৰ উশাহ এটা লয় সি৷ আজিকালি এই বিশ মিনিট খোজ কাঢ়িলেও ভাগৰ লগা হৈছে অলপ৷ আচলতে কিছুদিনৰ আগৰ পৰাই এই ভাগৰ লগা, বয়স বঢ়া, বুঢ়া হোৱা আদি চিন্তাবোৰ তাৰ মনলৈ একেৰাহে আহি থকা হৈছে৷ ভাললৈকে হৈছেনে বেয়ালৈকে হৈছে, বুজা টান৷
এঘণ্টামান চোফাতে পৰি থাকে সি৷ হঠাৎ ভাবে, কিবা এটা খাব লাগিল নহয়৷ -‘কি আছে আজি খাবলৈ?’
সি সোধে, যদিও জানে, ইয়াৰ কোনো উত্তৰ নাই৷ দ্বায়িত্বজ্ঞানহীন অলগদ্ধ এটাৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচৰা এটা যেন দুৰাশা৷ তথাপিও সি সোধে, মনত মৰা মৰা আশা এটাও ধিপ ধিপাই উঠে, কিজানি সি কিবা উত্তৰ দিয়েই৷
নাই- নহ’ব, সি নিজেই কিবা এটা কৰিব লাগিব, যোৱা বি‍শ বছৰে সদায় কৰি অহাৰ দৰে৷ একো লাভ নাই বুলি জানে, তথাপিও তাৰ সুধিবৰ মন যায়৷ কোনোবা দিনা যদি সি ভাত দুটামানকে ৰান্ধি থলেহেঁতেন৷ এনেই অহেতুক আশা এটা৷
কিন্তু কিবা এটাতো খাবই লাগিব, ভোক থাকক বা নেথাকক, জীয়াই থাকিবলৈ ৰাতি কিবা এটা খোৱা বহুত জৰুৰী, জীয়াই থকাতো হয়তো তাতকৈয়ো বেছি জৰুৰী৷ হঠাতে সি আকৌ ওলোটাকৈ ভাবে- হয় জানো?
নাঃ, এইবোৰ ফাল্টু কথা ভাৱি আৰু এই অলগদ্ধটোৰ ওপৰত ভৰষা কৰি কোনো লাভ নাই৷ আপোন হাত জগন্নাথ৷ যদি তোৰ ডাক চুনে কেও না আসে..তবে …
ধলং পলং খোজেৰে সি ফ্ৰীজটোৰ ওচৰলৈ যায়, ফ্ৰীজৰ দুৱাৰখন খুলি প্ৰথমতেই বটলটোত কিমান বাকী আছে চাই লয়৷ হৈ যাব আজিৰ বাবে৷ কাইলৈ মনত পেলাই লৈ আনিব লাগিব৷ আজিকালি কথাবোৰ বৰ পাহৰা হৈছে সি, আজিও চিগাৰেট কিনিবলৈ পাহৰি গ’ল৷
চিগাৰেট কিনিবলৈ পাহৰাৰ কথাটো মনত পৰাৰ লগে লগে তাৰ চিগাৰেট এটা জ্বলাবলৈ তীব্ৰ ইচ্ছা জাগে৷ মনে মনে আকৌ হিচাপ কৰে সি- চাৰিটা আছে, এতিয়া এটা, ভাত খাই উঠি এটা, মাজনিশা সাৰ পাই উঠি এটা আৰু পুৱা টয়লেটত এটা৷ হৈ যাব লাগে৷ চিগাৰেটৰ কৃপণালি আৰু এতিয়াৰ অদম্য ইচ্ছাটোৰ মাজত আকৌ এবাৰ তাৰ মনত দ্বন্দ লাগিল৷ এইবাৰো অদম্য ইচ্ছাই বিজয়ী হ’ল৷ এই ইচ্ছাক সদায় যুদ্ধত জিকোৱা অভ্যাসটোৱে তাক তাক জীৱনত ভালে বেয়াই বহু অভিজ্ঞতা দিছে৷
সি বটলটোত বাকী থকা গোটেইখিনি গিলাছটোত বাকী দিয়ে, টেবুলখনত থকা পানীৰ বটলটো গিলাছত ওলোটাই দিয়ে, তথাপিও পানী কম হোৱা যেন লাগে, ফিল্টাৰটোৰ পৰা আৰু অলপ পানী উলিয়াবলৈ তাৰ এলাহ লাগে৷
সি চিগাৰেট এটাও জ্বলাই লয়৷ তাৰ চকু এইবাৰ আকৌ তাৰ ফালে যায়৷ নাই, একো পৰিৱৰ্তন নাই, চোফাত বহি তলমুৰকৈ নখ চিকুটি আছে৷
গিলাছটো ডাঙি ’চিয়েৰ্চ’ বুলি কৈ চোৱা যাওক নেকি এবাৰ? কিবা ভাৱান্তৰ হয়েই নেকি অলগদ্ধটোৰ! তাকো এটা পেগ অফাৰ কৰিব লাগিছিল নিয়মমতে, দুইটাৰ কাৰণে এটা এটা স্মল হৈয়েই গ’লহেঁতেন৷ কিন্তু সিয়েইবা কিয় কৰিব? চাল্লা কুত্তাই কি হেল্প কৰিছে তাক জীৱনত? কেতিয়াবা সুধি পাইছেনে- আজি তোৰ অফিচত বেছি কষ্ট হ’ল নেকি? বছে কিবা বেয়াকৈ ক’লে নেকি? কোনোবা সুন্দৰী কলিগে তোক দেখি মিচিকিয়াই হাঁহিলে নে? মন মাৰি আছ’ যে, ব’ল আজি দুইটা পাব্ এখনলৈ যাওঁ৷ তোক আজি মহানগৰীৰ ৰাতিৰ অভিসাৰিকা ৰূপ দেখুৱাও৷ ব’ল, আজি চাল্লা বাটত উৎপাত কৰোঁ, শিলগুটি মাৰি ষ্ট্ৰীট লাইট ভাঙি পাগলৰ দৰে উকিয়াও৷ ওলা, আজি ৰাষ্টাত যিজনী ছোৱালীকে দেখোঁ, তাইক প্ৰপ’জ কৰোঁ- কওঁ, মোৰ লগত বিয়া হ’বানে? তোমাক ৰাণীৰ দৰে ৰাখিম৷ কিডালনো হ’ব? বৰ বেছি চৰ মাৰি দিব! মাৰক৷ নহ’লে ‘কাট’ মাৰি সুধিব, ৰাণী বা কোন? তেতিয়া আমি দুইটাই কিৰিলিয়াই দৌৰ দিম- চিঞৰি কম- ৰাণী তোৰ সতিনী৷ আহিবিনে মোলৈ? বৰ বেছি পুলিচত দিব৷ থাকিম দুইটা লকআপত৷ কেইদিন ৰাখিব?
নাই এনে একো নহয়, সি সদায় তলমূৰকৈ চোফাত বহি নিজৰ নখ চিকুটি থাকে, চাল্লা গাহৰি৷ ফ্ৰীজত যোৱাৰাতিৰে ডাইল আৰু জিকা ভাজি অলপ আছেই, আজি কেৱল ভাতকেইটা পাতি দিলেই হ’ব৷ ভোকো দেখোন একেবাৰে লগা নাই৷ তথাপি…
সি কুকাৰটোত দুটা মানুহৰ জোখাৰে চাউল পাতি দিয়ে৷ হুইচেল মাৰি কুকাৰটো ঠাণ্ডা হয় মানে তাৰ পেগটোও শেষ হয়৷ সি সকলো টেবুলখনত উলিয়াই লয়৷ কাঁহী দুখন টেবুলত থৈ সি তাক শেষবাৰৰ বাবে সোধে-
-‘ভাত বাঢ়োনে?’
সি একো উত্তৰ নিদিয়ে৷ সি জানে যে তাৰ পৰা উত্তৰ আশা কৰি লাভ নাই৷ তথাপিও সোধাটো তাৰ কৰ্তব্য৷ এখন থালত কমকৈ ভাত কেইটামান বাঢ়ি সি খাবলৈ আৰম্ভ কৰে, সি তেতিয়াও চোফাতে বহি আছে৷ মানে আজিও ভাত নেখায়৷
কিন্তু সি তাৰ ব্যৱহাৰত অকণো আচৰিত নহয়৷ আচৰিত হ’বলগীয়া একো নায়েই, আজি বিশ বছৰে সি সদায় ৰাতি অকলেই ভাত খাই আহিছে! কাইলেও তাৰ ভাগৰ ভাতখিনি পেলাই দিব লাগিব৷

তথাপি…..?
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments