অলগৰ্ধ লাপুং বুঢ়া (দিগন্ত যাদৱ শৰ্মা)

অলগৰ্ধ লাপুং বুঢ়া

হৰেশ্বৰে ফ্ৰক পিন্ধি থকা মালতিৰ ফালে একেথৰে চাই ৰ’ল। কঁকাললৈ বৈ যোৱা সুন্দৰ একোচা ঘন চুলি। এখন সুগঢ়ী নিপোটল মুখ। চালে চাই থাকিবৰ মন যায়। ফ্ৰকটোৰ পিছফালে বুটাম দুটামান বোধকৰো ছিগি গৈছিল। বুটামৰ ঠাইত দুটা ‘চেফটি পিন’ মাৰি থৈছিল। ডিঙিত সেউজীয়া পাৰিৰ দীঘল গামোছা এখন। আগলৈ ওলোমাই লৈছে। গামোছাখনে তাইৰ লাজকণো ঢাকি ৰাখিব পাৰিছে। ৰিব-ৰিব বতাহ এজাক বলি আছিল। মুকলি ঠাই। ৰাজহুৱা পুখুৰীটোত পাতি থোৱা বৰশিটোত মাছ খুটিয়ালেনে নাই চাব এৰি হৰেশ্বৰে তাইৰ ফালেহে চাই থাকিল। পুখুৰীৰ পাৰতে তাই থিয় হৈ আছিল। গা ধুবলৈ আহি বোধকৰো সেউতীলৈ ৰৈ আছে। হৰেশ্বৰে হয়তো মন কৰিলে দেখিলেহেঁতেন যে ইতিমধ্যে মজলীয়া আকাৰৰ মাছ এটাই মহা আৰামেৰে বৰশিৰ টোপটো ভক্ষণ কৰি আঁতৰি গৈছিল।

অকস্মাৎ হৰেশ্বৰে দেখিলে মালতিয়ে পিন্ধি থকা ফ্ৰকটোৰ এটা ‘চেফটি পিন’ খুলি গৈছে। তাইৰ কোমল নিমজ পিঠিখনৰ পৰা যদি পিনটোৰ খোঁচত তেজ ওলাই আহে! – নাই আৰু হৰেশ্বৰৰ সহ্য নহ’ল। তাই শুনাকৈ চিঞৰিলে-

: মালতি… চাবা তোমাৰ ফ্ৰকটোৰ পিনটো খুলি গৈছে। খোঁচ খাই তেজ ওলাব।

মালতি ষোল্ল বছৰীয়া গাভৰু ছোৱালী। পিনটো খুলি পিঠিৰ এছোৱা উদং হৈ থকাৰ কথা জানিব পাৰি তাইৰ লাজ লাগিছিল। কিন্তু তাতোকৈ বেছি খংহে উঠিছিল। দৌৰ মাৰি তাই কুঁহিয়াৰৰ জোপোহাটোৰ ফালে গৈ সেউতীহঁতৰ ঘৰলৈ বাট পোনালে। যাওঁতে কিন্তু হৰেশ্বৰক শুনাই থৈ গ’ল-

: অসভ্য! বৰশি বাব এৰি ছোৱালীৰ ফালে লক্ষ্য কৰি আছিলি। বায়েৰক কৈ দিম ৰ’! ঘৰলৈ গৈ শুই থাকগৈ যা!

পিৎ…পিৎ…পিৎ

: ককা, ককা! কি হ’ল। ইমানকৈ ‘হৰ্ন’ বজাই আছোঁ। ব’লা যাওঁ। খুড়ী আইতাই ভাত সাজি থৈ দিছে। কি কৰি আছা পুখুৰীৰ পাৰত?

: তই যা। মই গৈ আছো। এইকণ বাটো তই গাড়ীখন লৈ আহিব লাগেনে?

: নহয়! তুমি খোজ কাঢ়োঁতে অসুবিধা পাবা বুলিহে! তাতে যিহে ৰ’দ!

: ভাল লাগিছে ইয়াতে। আকৌনো কেতিয়া আহিব পাৰিম? তই যাগৈ। মই লাহে লাহে গৈ থাকিম। গোটেই পথটোত গছ-গছনিবোৰ আছেই দেখোন। তোৰ গাড়ীৰ ‘এচি’ নালাগে মোক।

: এস! তুমি যে আৰু। যি ভাল দেখা কৰা! মই যাওঁ। এতিয়া তোমাক লগত লৈ নহা বাবে মইহে আটাইৰে কথা শুনিব লাগিব!

ডেইজীৰ কথাত মান্তি হৈ হৰেশ্বৰে মালতিৰ লগত অন্তৰঙ্গ মুহূৰ্তৰ সোৱাদকণ হেৰুৱাব নুখিজিলে। তেওঁ ভাবিলে দুদিনমান ইয়াতে কটাব পাৰিলে? আৰুনো ক’ত অহা হ’ব। কিন্তু তেওঁৰ ইচ্ছাত চলিলেহে? লাহে লাহে তেওঁ পুখুৰীটোলৈ চুঁচুৰি নামিবলৈ চেষ্টা কৰিলে। ভৰি এখন পানীলৈ নমাই দিলে।

দুই বাজিবলৈ হ’লেই। পুখুৰীটোৰ পৰা উঠি অহাৰ কাৰোৰেই লক্ষণ নাই। আটাইবোৰৰ মুখ আৰু শৰীৰ বোকাৰে লুটুৰি-পুটুৰি হৈ চিনিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল। হৰেশ্বৰেও বহুতো মাছ পাইছিল। কাৱৈ, মাগুৰ, গৰৈ, শিঙি কিমান যে মাছ! প্ৰত্যেক বছৰৰ এইদিনটোৰ বাবেই বহুতেই আশা পালি থাকে। পুখুৰী সিঁচি মাছ ধৰাৰ আনন্দৰ লগত আৰু বহুতো কিবাকিবি। শিঙিমাছ দেখিলেই বিন্ধিব বুলি ছোৱালীহঁতে ভয়তে চিঞৰি উঠে। তেতিয়া ডেকাহঁতে দৌৰি গৈ ধৰি দিয়ে। এনেকৈয়ে পুৰুষত্ব জাহিৰ কৰাৰ সুযোগ এটাও পায়। হৰেশ্বৰেও আশাপালি থাকে এনে এটা সুযোগৰ বাবে। ইয়াৰ বাবে অন্তঃকৰণৰে আপেক্ষা কৰি থাকে মালতিৰ এটা চিঞৰলৈকে। কোনোবা আগেই আহি যাব বুলি হৰেশ্বৰে মালতিৰ আশে-পাশে থাকে। তাৰ বাবে দুই-এটা মাছ-পুঠি কমেই পাওঁক লাগে। কোনো কথা নাই। মাত্ৰ মালতিৰ ভৰিৰ সৰুগাঁঠি অথবা কলাফুলৰ ওচৰত এটা হলেও শিঙি মাছে লৰচৰ কৰি উঠক। নাই! এনে সু্যোগ হৰেশ্বৰলৈ নাহে! মালতিয়ে হয়তো শিঙি মাছ ধৰিবলৈ ভয় নকৰে, নহয়তো তাইৰ ভাগ্যই বেয়া!

: হৰেশ্বৰ! চাছোন এইটো নিশ্চয় শিঙি মাছেই হ’ব। মোৰ ধৰিবলৈ ভয় লাগে পায়!

: ৰ! ৰ! চিন্তা নকৰিবি। মই ধৰি দিম।

শেৱালীৰ অনুৰোধত হৰেশ্বৰে বোকা ফেনেকি ফেনেকি কাষ পালেগৈ। সন্তৰ্পনে হাত সোমাই ঢোৰা সাপ এডালেহে টানি উলিয়ালে। আটাইবোৰ ছোৱালীয়ে গিৰ্জনী মাৰি হাঁহিলে। হৰেশ্বৰে ঘূৰি চাই দেখিলে মালতিয়েও হাঁহিছে। হাঁহোতে তাইৰ মুখত লাগি থকা শুকাই যোৱা বোকাবোৰ এৰাই যাবলৈ লৈছিল। পুৰঠ গাল দুখনৰ কিছু অংশ দুপৰীয়াৰ ৰ’দ পৰি গুলপীয়া হৈ পৰিছে। এটা সময়ত আটাইবোৰেই পুখুৰিটোৰ পৰা উঠি আহিছিল।

: সেউতী চাছোন! এইডাল জোক নেকি?

: হয় হয়! জোকেই। বৰ ডাঙৰ। মোৰ ভয় লাগে। কি কৰোঁ?

: কাৰোবাক মাতছোন এৰুৱাই দিবলৈ।

: অই হৰেশ্বৰ, এইপিনে শুনছোন। মালতিৰ কলাফুলৰ পৰা জোকডাল এৰুৱাই দে না। আমাৰ বৰ ভয় লাগে।

সেউতীয়ে কাষতে থকা হৰেশ্বৰক ফ্ৰক পিন্ধি থকা মালতিৰ ভৰিৰ কলাফুলৰ পৰা জোকডাল এৰুৱাই দিবলৈ অনুৰোধ কৰিলে। খালৈ, জাকৈ থেকেচা মাৰি থৈ মালতিৰ ওচৰলৈ গ’ল। হৰেশ্বৰৰ হাত-ভৰিবোৰ কঁপিবলৈ ধৰিলে। জোকডাল এৰুৱাবলৈ তললৈ হাওলি গ’ল। সোঁহাতখন আগবঢ়াই দিলে জোকটো ধৰিবলৈ। হাতখনে কৰোঁ নকৰোঁকৈ কলাফুলটো স্পৰ্শ কৰিলে। হৰেশ্বৰৰ চকুদুটা মুদ খাই গ’ল। হাতৰ কঁপনি আৰু বেছি হ’ল। ঘামিবলৈও আৰম্ভ কৰিছিল। ভাব হৈছিল যেন বুকুৰ ধপধপনি আনেও শুনিবলৈ পাইছিল!

: ধেৎ! ইয়াৰ দ্বাৰা নহ’ব। তাৰ ভয় চা! কেনেকৈ হাতখন কঁপিব ধৰিছে। অই বুৰ্বক চকু মুদি কি বিচাৰি পাবি তই। জোক এৰুৱাবলৈ আহে!

জিতেনৰ তিৰস্কাৰ ভৰা কণ্ঠস্বৰ শুনি হৰেশ্বৰে হঠাত সম্বিৎ ঘুৰাই পালে। সেউতীৰ ককায়েক জিতেনে তাক ঠেলা মাৰি জোকডাল এৰুৱাই দিলে। মালতিয়ে কিছু সময় হৰেশ্বৰৰ ফালে চাই থাকি অস্ফুট মাতেৰে এটা শব্দই কৈ উঠিল -‘অলগৰ্ধ’।

হৰেশ্বৰে পিছফালে ঘূৰি নাতিদূৰৈৰ পৈত্ৰিক ভিঠাটোলৈ চাই পঠিয়ালে। পদূলিমুখত দুই-তিনিজনক দেখিলে। তাৰে এজনী নিশ্চয় ডেইজীয়ে হ’ব। গছৰ ছাঁত গাড়ীখন ৰখাই থৈ দিছে। পানীৰ পৰা ভৰিখন উলিয়াই আনিলে। লাখুটিডালত হাত দিলে। চশমাজোৰো ঠিক কৰি ল’লে। চেন্দেলযোৰ পিন্ধোতে অলপ সময় ল’লে। পুখুৰীটোৰ পৰা মূল পথলৈ খোজ ল’লে। ভৰ দুপৰীয়া। পথৰ ওপৰত আন মানুহ নাই। চুটি ফ্ৰক পিন্ধা ছোৱালী এজনীয়ে চাইকেল এখন চলাই আহিছে। হৰেশ্বৰে একেথৰে ছোৱালীজনীৰ কলাফুলদুটাৰ ফালে চাই থাকিল। তাই বোধকৰো অপ্ৰস্তুত হৈছিল। পাৰ হৈ যাওঁতে কৈ গৈছিল- “অলগৰ্ধ লাপুং বুঢ়া।”

হৰেশ্বৰে একো নুশুনিলে। শ্ৰৱণ যন্ত্ৰটো যথাস্থানত নাছিল। হাতেৰে খেপিয়াই শ্ৰৱণ যন্ত্ৰটো আকৌ কাণৰ যথোচিত স্থানত ৰাখিলে। ছোৱালীজনীক তেওঁৰ আজিৰ পৰা ষাঠি বছৰ আগৰ মালতি যেন লাগিছিল নেকি বাৰু! অবচেতন মনত মালতিৰ কথাই মনলৈ অহাত নিশ্চয় এই ছোৱালীজনীৰো কলাফুলদুটালৈ দৃষ্টি গৈছিল। কিজানি তাইৰো কলাফুলত জোক এডাল লাগিয়েই আছিল।

ডেইজী, ভাই-বোৱাৰী সমন্বিতে আটাইবোৰে তেওঁৰ বাবে আপেক্ষা কৰি আছে। বৰ চিন্তা আটাইবোৰৰ। কাৰণ তেওঁৰ বয়সো হৈছে। আশী বছৰীয়া হৰেশ্বৰ বৰুৱাই বৰকৈ জিদ ধৰাতহে নাতিনীয়েক ডেইজী আৰু নাতি জোঁৱায়েকে চাৰিশ কিলোমিটাৰ গাড়ী চলাই ইয়ালৈকে লৈ আহিছিল। আজিৰ পৰা ষাঠি বছৰ আগতে ইয়াৰ পৰাই তেওঁ একেবাৰে গুছি গৈছিল। পঢ়া-শুনা আৰু চাকৰিৰ তাগিদাত। বৰ কমকৈহে নিজৰ জন্মস্থানলৈ আহিবলৈ সময় পাইছিল। অৱশ্যে চাৰি-পাঁচ বছৰৰ অন্তৰে অন্তৰে দুই এবাৰ আহিছিল। ভায়েকহঁতক মাজে মাজে দুই এবাৰ নিজৰ ঘৰতে পাইছিল। অসুস্থ হোৱাত দহবছৰৰো অধিক কাল নিজৰ এই জন্মস্থানলৈ অহা নাছিল। সময়বোৰ যে কেনেকৈ আগবাঢ়ে!

: ককা চাবা। লাহে লাহে। পদূলিমুখটো বৰ উখোৰা-মোখোৰা। পৰি যাবা।

নাতিনীয়েকৰ মাতত আশী বছৰীয়া হৰেশ্বৰৰ ভাবত যতি পৰিল। একেটাই পুখুৰী। তেওঁ একেজনেই মানুহ। পৰিৱেশ অৱশ্যে সলনি হৈছে। মনবোৰো বাৰু আগৰ দৰে হৈ আছে নেকি? ষাঠি বছৰ আগৰ কথাবোৰ দেখোন খুব ভালকৈয়ে মনত পৰিছে। মালতি বা কেনে আছে, ক’ত আছে, ইহসংসাৰত আছেনে নাই বা! আছে যদি নিশ্চয় বয়স ছয়সত্তৰ হ’লহেতেঁন! কাৰোবাক কথাটো সুধিব পৰা হ’লে!

—————————

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক