অলপতে পঢ়া দুখন মূল্যৱান গ্ৰন্থ

বিজয় বেজবৰুৱা

 

গৱেষণা, ঐতিহাসিক বিশ্লেষণ আৰু যুক্তিনিষ্ঠ বিতৰ্ক যেতিয়া যিকোনো লিখিত বিষয়বস্তুৰ সমল হৈ পৰে, তেতিয়া সেয়া সুখপাঠ্য হৈ পৰে৷ ‘বড়ো: বৈদিক সভ্যতাৰ এটা অগ্ৰজ ভাষা’ তেনেধৰণৰ এখন সুখপাঠ্য তথা চিন্তাগধুৰ গ্ৰন্থ৷ গ্ৰন্থখন অসমীয়া ভাষাত লিখা মৌলিক গ্ৰন্থ নহয়; মোৰ ইংৰাজী ভাষাত লিখা গৱেষণা গ্ৰন্থ ‘Social Mobility: From Tribalism to Indianism’ৰ তৃতীয় অধ্যায় ‘Linguistic Affinity of the Bodos’ৰ অসমীয়া অনুবাদ৷ নতুন কিছু তথ্য সংযোজন কৰা হৈছে আৰু মূল গ্ৰন্থত ৰৈ যোৱা দুই-এটা ভুল সংশোধন কৰাৰ চেষ্টা কৰা হৈছে এই সংস্কৰণটোত৷ গৱেষক লেখক ডঃ বিনয় কুমাৰ ব্ৰহ্মৰ এই গ্ৰন্থখনে প্ৰাগৈতিহাসিক কালৰ পৰা বড়ো ভাষাৰ যি এক স্বৰ্ণাভ ঐতিহ্য আছিল, তাক প্ৰামাণিক যুক্তিসহ পাঠক সমাজৰ আগত দাঙি ধৰিছে৷ আৰ্যবাদৰ আগ্ৰাসনমুখী ধ্যান-ধাৰণাই কেনেদৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভাষা-সংস্কৃতিক বিস্মৃতিৰ গৰ্ভত নিক্ষেপ কৰাৰ অপচেষ্টা চলাইছিল তাৰ নিৰ্মোহ বিশ্লেষণ আছে গ্ৰন্থখনত৷ ভাষা-সংস্কৃতি সন্দৰ্ভত অনুসন্ধিৎসু পাঠকসমাজক এই গ্ৰন্থখনে নতুন চিন্তাৰে আলোড়িত কৰিব, তাত আমাৰ সন্দেহ নাই৷ বড়ো ভাষা সন্দৰ্ভত ভ্ৰান্ত ধাৰণা লৈ থকাসকলকো চিন্তাগধুৰ ঐতিহাসিক সমল সন্নিৱিষ্ট গ্ৰন্থখনে প্ৰকৃত পথৰ সন্ধান দিব৷ গ্ৰন্থখনত মুঠ চৈধ্যটা বড়ো ভাষা সম্পৰ্কীয় সুখপাঠ্য লেখাই গ্ৰন্থখনত স্থান পাইছে৷ সেই লেখাকেইটাৰ শিৰোনামকেইটা হ’ল—(১) আৰ্যবাদ: এটা ভাষা আৰু সাংস্কৃতিক ধাৰণা, ২) বৈদিক যুগত বডো (তিব্বত-বৰ্মী)সকলৰ অৱস্থান, (৩) ভাষাগত পাৰ্থক্যৰ উপাদানসমূহ, ৪) বডো অথবা তিব্বত-বৰ্মীসকলৰ ইন্দো-আৰ্য ভাষালৈ অৱদান, (৫) সন্দেহজনক উৎস: প্ৰতো-আৰ্য উপাদান নে বডো (বাৰিক)-অষ্ট্ৰিক উপাদান? , ৬) সংস্কৃত ভাষা: পূৰ্ব আৰ্য উপাদান নে বডো (বাৰিক) উপাদান? , (৭) কিছুমান বিতৰ্কিত শব্দৰ বডো ভাষা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা বিশ্লেষণ, ৮) আৰ্য ভাষাত বিদেশী নে বডো (তিব্বত-বৰ্মী) উপাদান, ৯) উত্তৰ ভাৰতৰ ভৌগোলিক নামসমূহত বডো উপাদান, ১০) বডো বা বডিক বা বাৰিক ভাষিক গোষ্ঠীসকলেই বৈদিক সভ্যতাৰ জনক হ’ব পাৰেনে? , (১১) সামাজিক সংস্কৰণৰ ভাৰতীয় পৰম্পৰা আৰু ভাৰতৰ কিৰাতি-বডোসকল, (১২) ভাৰতৰ পুৰণি সভ্যতা আৰু ইন্দো-আৰ্য ভাষাৰ স্থান, (১৩) উত্তৰ বংগৰ প্ৰাকৃতিক উপাদানসমূহত বডো অথবা তিব্বত-বৰ্মী ভাষাৰ উপাদান, (১৪) পালি-প্ৰাকৃত ভাষাত বডো উপাদান

গ্ৰন্থখনিৰ পাতনিৰ পৰা এটা অংশ তুলি দিলো, যাতে পাঠকৰ বোধগম্য হোৱাত সুবিধা হয়— ’…শিক্ষা ব্যৱস্থাৰ এটা অংশ হিচাপে আমি সৰুৰে পৰাই আৰ্য ধৰ্ম, ভাষা-সংস্কৃতিৰ মহত্ত্ব আৰু শ্ৰেষ্ঠত্বৰ বিষয়ে শুনি আহিছো আৰু শিকি আহিছো৷ স্কুলকক্ষত পোৱা ধাৰাবাহিক শিক্ষা আৰু হিন্দু ধৰ্মৰ কাব্য আৰু গ্ৰন্থসমূহৰ চিন্তাচৰ্চাই আমাৰ মনত এনে ভাবৰ জন্ম দিছিল যে আৰ্য ধৰ্ম, ভাষা-সংস্কৃতি সম্পূৰ্ণৰূপে সুকীয়া; আৰ্যভিন্ন সমাজৰ লগত ইয়াৰ কোনোধৰণৰ সম্পৰ্ক নাই৷ আৰ্য ভাষা আৰু সংস্কৃতি আৰু আদৰ্শৰ দ্বাৰা পৰিপুষ্ট নিষ্ঠাৱান লোকসকলে অবিৰতভাৱে যুগ যুগ ধৰি এই কথাটোকে সকলোৰে মনত সংস্থাপন আৰু আৰোপণ কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে৷ আৰ্যবাদৰ এনে ভ্ৰান্ত ধাৰণাক আৰ্যভিন্ন লোকসকলৰ মাজত সম্প্ৰসাৰণৰ প্ৰচেষ্টাত বহুখিনি কৃতকাৰ্য হৈছে৷ আৰ্য সংস্কৃতি আৰু সমাজ ব্যৱস্থাৰ সৌজন্যত আস্থা আৰু মহান ধাৰণাৰ উন্মেষণ আৰু আৰোপণ কৰাৰ বিপৰীতে তেওঁলোকৰ নিজস্ফ ভাষা-সংস্কৃতিৰ প্ৰতি আত্মগ্লানিৰ ভাবৰ নিৰসন ঘটাইছে৷ অগণন মানুহে স্ফেচ্ছাই নিজস্ফ ধৰ্ম, ভাষা আৰু সংস্কৃতি বিসৰ্জন দিছে৷ আৰ্য ভাষা-সংস্কৃতিৰ বুনিয়াদী ধ্বাসা যে আৰ্যভিন্ন লোকসকলৰ ভাষা-সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠিত, এই সত্যটো সদায় অন্ধকাৰত ৰাখি মহান ভাৰতীয় ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যভিন্ন লোকসকলে যোগাই অহা বৰঙনিসমূহক প্ৰশংসা কৰাৰ বিপৰীতে নিন্দা আৰু ইতিকিং কৰি আহিছে৷ এই গ্ৰন্থখনত ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আৰ্যভিন্ন লোকসকলে যোগোৱা বৰঙনিৰ জীৱন্ত নমুনাসমূহ দাঙি ধৰাৰ চেষ্টা কৰা হৈছে৷ ভাষা বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা বড়ো অথবা ইয়াৰ সমমূলীয় তিব্বত-বৰ্মী (বাৰিক) ভাষাসমূহৰ যে ইন্দো-আৰ্য ভাষাৰ লগত নিবিড় সম্পৰ্ক আছে, ইও যে ইন্দো-আৰ্য ভাষাৰ অগ্ৰজ ভাষা, এই সত্যটো বিজ্ঞ মহলৰ মাজত উপস্থাপনৰ চেষ্টা কৰা হৈছে৷ যি ভাষাসমূহক আৰ্য সংস্কৃতিৰে পৰিপুষ্ট নিষ্ঠাৱান লোকসকলে ’ম্লেচ্ছ’ ভাষা বুলি উপহাস কৰি আহিছে, সেই ভাষাসমূহ যে ইন্দো-আৰ্য ভাষাৰ বুনিয়াদ ইয়াক অস্বীকাৰ কৰাৰ কোনো উপায় নাই৷ আৰ্যভিন্ন ভাষা-সংস্কৃতিক বাদ দি আৰ্য ভাষা-সংস্কৃতিৰ ইতিহাস অৰ্বাচীন৷ আৰ্যভিন্ন ভাষা-সংস্কৃতি, ধৰ্ম-পৰম্পৰা, ইতিহাস কিধৰণে অনাদি কালৰ পৰা প্ৰতাৰিত-অপমানিত-শোষিত হৈ আহিছে, ইয়াৰ কিছু আলোচনা মোৰ মূল গ্ৰন্থ ’Social Mobility: From Tribalism to Indianism’ৰ পৰিচিতি (Introduction)ত দাঙি ধৰা হৈছে সেই পৰিচিতিৰ পূৰ্ণ পাঠ এই গ্ৰন্থৰ লগত দিয়া হৈছে৷ ’

বডো ভাষা আতিগুৰি সম্পৰ্কে গ্ৰন্থখনত সৰচি মাৰি আলোচনা কৰা হৈছে৷ বড়ো ভাষাৰ বিভিন্ন শব্দ যে অন্য ভাষাতো সোমাই আছে, অৰ্থাৎ সেই ভাষাবোৰৰ মূল বড়ো ভাষাহে, তাক তথ্য আৰু যুক্তি সহকাৰে লেখকে বৰ্ণনা কৰিছে৷

***

 

এতিহাসিকভাৱে বিষয়বস্তুক বিশ্লেষণ কৰাৰ ক্ষেত্ৰত সিদ্ধহস্ত লেখক ডঃ বিনয় কুমাৰ ব্ৰহ্ম৷ ’ম্লেচ্ছ-কুবাচ বিতৰ্ক’লৈ বিভিন্ন মহলে নিজস্ব ধ্যান-ধাৰণাক যুক্তিহীনভাৱে প্ৰতিষ্ঠিত ৰূপ দিব বিচাৰিছিল৷ কিন্তু ডঃ ব্ৰহ্মই প্ৰাগৈতিহাসিক যুগৰ পৰা বিষয়টোক প্ৰণালীবদ্ধ বিশ্লেষণ আৰু অধ্যয়নৰ জৰিয়তে লিখি উলিয়াইছে ’প্ৰাগৈতিহাসিক সভ্যতা-সংস্কৃতিৰ অনুনাদ’ (ম্লেচ্ছ-কুবাচ বিতৰ্ক) শীৰ্ষক গ্ৰন্থখন৷ আৰ্য পণ্ডিতসকলে মৰ্মস্পৰ্শীভাৱে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বিৰুদ্ধে যিবোৰ শব্দ ব্যৱহাৰ কৰি তাক সত্য ৰূপ দিয়াৰ চেষ্টা চলাইছিল, সেই কথা অতি যুক্তিনিষ্ঠভাৱে ডঃ বিনয় কুমাৰ ব্ৰহ্মই ঐতিহাসিক প্ৰামাণ্য তথ্য লৈ এই গ্ৰন্থখনত লিপিবদ্ধ কৰিছে৷ ৰামায়ণ, মহাভাৰত, পুৰাণ আদিত আদিম ভূমিপুত্ৰসকলক আৰ্য পণ্ডিতসকলে ম্লেচ্ছ, কুবাচ, দৈত্য, দানৱ, ৰাক্ষসৰ দৰে অৱজ্ঞাসূচক শব্দবোৰ কেনেদৰে দাঙি ধৰিছিল, তাক নিৰ্মোহভাৱে লেখকে গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে৷ ম্লেচ্ছ-কুবাচ বিতৰ্কক লৈ ভ্ৰান্ত ধাৰণা গ্ৰহণ কৰি থকাসকলৰ বাবে এই গ্ৰন্থখন সত্যানুসন্ধানৰ সমল হ’ব৷

ডঃ বিনয় কুমাৰ ব্ৰহ্মৰ যে এটা গভীৰ অধ্যয়নশীল মন আছে, তাৰ প্ৰমাণ তেওঁৰ দুয়োখন গ্ৰন্থতে পোৱা যায়৷ তথাকথিত উপৰুৱা বিশ্লেষণৰ বিপৰীতে তেওঁৰ কলমত প্ৰকাশ পাইছে গভীৰ জীৱন জিজ্ঞাসা৷ ’প্ৰাগৈতিহাসিক সভ্যতা-সংস্কৃতিৰ অনুনাদ’ (ম্লেচ্ছ-কুবাচ বিতৰ্ক) গ্ৰন্থখনৰ পাতনিটোৰ কিছু অংশ মই উল্লেখ কৰিলো৷ তাৰ পৰা কিতাপখনৰ বিষয়ে এটা থূলমূল ধাৰণা পাঠকৰ মনত থিতাপি ল’ব নিশ্চয়৷ তেওঁ লিখিছে— ’…ৰামায়ণ, মহাভাৰত, পুৰাণ আদিত উল্লেখ কৰা ৰাক্ষস, দৈত্য, দানৱ, ম্লেচ্ছ আৰু কুবাচ আদি শব্দবোৰ, যাৰ অৰ্থ বিধৰ্মী, বিদেশী, অসভ্য, কদাচাৰী আৰু অপভাষীসকল আন কোনো নহয়, তেওঁলোক হ’ল আমাৰে পূৰ্বপুৰুষসকল৷ এই শব্দবোৰ ব্ৰাহ্মণ পণ্ডিত আৰু আৰ্যভাষীসকলে নিন্দা আৰু ঘৃণাসূচক অৰ্থত ব্যৱহাৰ কৰিছিল৷ যিসকলক ব্ৰাহ্মণ পণ্ডিতসকলে ’ৰাক্ষস’, ’দৈত্য’, ’দানৱ’, ’ম্লেচ্ছ’ আৰু ’কুবাচ’ বুলি মাতিছিল, এই শব্দবোৰ তেওঁলোকৰ ভাষাৰ শব্দ নহয়৷ তেওঁলোকৰ নিজৰ জাতি বা গোষ্ঠীক বুজাবৰ কাৰণে নিজৰ ভাষাৰ অৰ্থপূৰ্ণ নামবোৰ আছে৷ যেনে ডিমাছা, বড়োছা, তিৱা, চুতীয়া, দেউৰী, কক-ব্ৰক, গাৰো, ৰাভা, কাৰ্বি, মিচিং, হাজং ইত্যাদি৷ বৰ্ণহিন্দুসকলে দিয়া নামবোৰ হৈছে কছাৰী, লালুং, ত্ৰিপুৰী, মেচ, কোঁচ, শৰণীয়া, মিকিৰ, মিৰি ইত্যাদি৷ আমাৰ বহুতে এইবিলাক শব্দ আৰু ইয়াৰ অৰ্থবোৰ স্বজ্ঞানে বা অজ্ঞানে বিনা আপত্তিৰে বহুদিন আগৰ পৰাই সসন্মানে গ্ৰহণ আৰু স্বীকাৰ কৰি আহিছে৷ বৰ্তমানৰ ইতিহাসবোৰতো এইবিলাক শব্দকে ব্যৱহাৰ কৰি আহিছে৷ উদাহৰণ স্বৰূপে কোঁচ ৰজা, মেচ ৰজা, কছাৰী ৰজা ইত্যাদি; যাৰ অৰ্থ অপভাষা কোৱা ৰজা, সদাচাৰবিহীন ৰজা, বিদেশী ৰজা, বিধৰ্মী ৰজা, অসভ্য ৰজা৷ এইবোৰ শব্দ আমাৰ বাবে প্ৰযোজ্য আৰু সন্মানজনকনে? যদি এইবোৰ প্ৰযোজ্য আৰু সন্মানজনক বুলি স্বীকাৰ কৰা হয়, তেনেহ’লে আমাৰ ইতিহাস হ’ব অপভাষা কোৱা ৰজা বা ৰাজ্যৰ ইতিহাস; আমাৰ ইতিহাস হ’ব সদাচাৰবিহীন ৰজা আৰু সদাচাৰবিহীন ৰাজ্যৰ ইতিহাস; আমাৰ ইতিহাস হ’ব বিধৰ্মী ৰজা আৰু বিধৰ্মী ৰাজ্যৰ ইতিহাস; আমাৰ ইতিহাস হ’ব বিদেশী ৰজা আৰু বিদেশী ৰাজ্যৰ ইতিহাস; আমাৰ ইতিহাস হ’ব অসভ্য ৰজা আৰু অসভ্যসকলৰ ৰাজ্যৰ ইতিহাস৷ বৈদিক ধৰ্ম, সমাজ আৰু সংস্কৃতিত এইসকল লোকৰ সমাজ, সংস্কৃতি, লোকবিশ্বাসৰ সকলোবিলাক উপাদান, বৈশিষ্ট্য আৰু চৰিত্ৰ এশ শতাংশই বিদ্যমান৷ এনেস্থলত এওঁলোক কিভাৱে বিধৰ্মী হ’ব? পশ্চিমে সিন্ধু নদীৰ পৰা পূবে ইৰাৱতী নদীলৈকে সমগ্ৰ উত্তৰ ভাৰতৰ নদ-নদী আৰু ঠাইসমূহৰ নামে এই অঞ্চল যে এইসকল লোকৰ পূৰ্বপুৰুষৰ সভ্যতা আৰু সংস্কৃতিৰ স্থল আছিল, এইটো দেখ দেখকৈ প্ৰমাণ কৰে৷ কোনটো দৃষ্টিভংগীৰ পৰা এইসকল লোকৰ পূৰ্বপুৰুষসকল বিদেশী হ’ল? সংস্কৃত ভাষাৰ স্থিতিক কেন্দ্ৰ কৰি আমাৰ ভাষাক ম্লেচ্ছ ভাষা বা কুভাষা বুলি বদনাম দিয়া হ’ল৷ অথচ সংস্কৃত ভাষাৰ স্থিতি ৰামায়ণ, মহাভাৰত আৰু বৈদিক যুগত থকাৰ যুক্তিয়েই নাই৷ দেৱনাগিৰি লিপি আৰু সংস্কৃত ভাষাৰ বিকাশ গুপ্তসকলৰ দিনৰ পৰাহে আৰম্ভ হোৱা বুলি কোৱা হয়৷ ’

গ্ৰন্থখনৰ প্ৰতিটো লেখাৰ বিষয়ে আমি আলোচনা কৰিবলৈ নাযাওঁ৷ অনুসন্ধিৎসু পাঠকসকলে গ্ৰন্থখন অধ্যয়ন কৰিলে নিশ্চয় বহু নজনা কথাৰ সম্ভেদ পাব৷ ইয়াত সন্নিৱিষ্ট হোৱা মুঠ প্ৰবন্ধকেইটাৰ শিৰোনামকেইটা হ’ল ১ বড়ো-কোঁচ-ৰাজবংশী সম্পৰ্ক ২ সামাজিক সংস্কৰণৰ ভাৰতীয় পৰম্পৰা আৰু ভাৰতৰ বৃহত্তৰ কিৰাতি -বড়োসকল, ৩ হিন্দু ধৰ্ম আৰু দৰ্শনত ম্লেচ্ছ হিচাপে বড়োসকলৰ সামাজিক আৰু ঐতিহাসিক স্থান, ৪কোঁচ আৰু মেচ, ৫ বৌদ্ধ আৰু জৈন

গ্ৰন্থখনৰ এয়া দ্বিতীয় সংস্কৰণ৷ দুয়োখন গ্ৰন্থৰ প্ৰকাশক: ’সৃজন প্ৰকাশ’, জ্যোতি পথ, ঘৰ নং ৩১, ভেটাপাৰা, গুৱাহাটী-২৮৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments