অলপ অদৰকাৰী কথা (বিচিত্ৰ বৰদলৈ)

অলপ অদৰকাৰী কথা :

১) গল্প নহয় :

বাছখন যাবলৈ তেতিয়াও আধাঘন্টা মান সময় আছিল। ৰৈ থকা বাছ এখনত বহি থকাটো স্বাভাৱিকতে বৰ আমনিদায়ক। সেই বাবেই চাগে ছিটটোত বেগখন থৈ মানুহজন নামি আহিল। অলপ সময় তেওঁ বাছ খনৰ কাষতে ৰৈ থাকিল। তাৰ পিছত এনেয়েই এফাল সিফাল কৈ পায়ছাৰি কৰিলে। এটা সময়ত হঠাতে কিবা এটা মনত পৰাৰ দৰে ৰৈ দিলে আৰু আশে-পাশে কিবা এটা বিচাৰিবলৈ ধৰিলে। ওচৰত নেদেখি অলপ দুৰ তেওঁ আগুৱাই গ’ল। ফলৰ দোকান কেইখনৰ কাষতে ল’ৰাটো ৰৈ আছে। চাইকেল এখনৰ ওপৰতে ভিন্ন ৰঙী কাকতবোৰ সি বিভিন্ন ৰকমেৰে ওলোমাই লৈছে। মানুহ জনে তাৰ ওচৰলৈ ধীৰ গতিত খোজ ল’লে।
ল’ৰাটোৰ কাষত থিয় হৈ ওলোতাকৈ ওলোমাই থোৱা কাকত বোৰৰ ’হেডলাইন’ বোৰ মুৰতো বেকা কৰি একমূহুৰ্তৰ বাবে তেওঁ পঢ়িলে। তাৰপিচত এখন কাকত হাতত ল’লে, ‘হেডলাইন’ কেইটা পঢ়ি সেইখন থলে। আন এখন ল’লে , আধা মিনিট মান পঢ়ি সেইখনো থলে। পিচৰ কাকত খন হাতত লৈ তেওঁ কিছু সময় ধৰি চাই থাকিল। তাত এটা খবৰ আছিল , ”নগাওঁৰ কলেজীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষন “। ছটকা দি কাকতখন কিনি মানুহজনে বাছ খনৰ পিনে পুনৰ খোজ ললে।

২) শক্তি :

পুৰণি ’চিডি’ এখন বিচাৰি ’চিডি’ খনৰ সমানেই পুৰণি বেগটো খুলিব খোজোতে মন কৰিলো বেগটোত চোন নিগনীয়ে আক্ৰমন কৰিছে। চেইনডালৰ কাষতেই সৰু এটা ফুটা। ইমান দিনে এবাৰো বেগটো পৰীক্ষা নকৰা বাবে এবাৰ নিজক আৰু চিডিবোৰৰ বকলা খাই পেলালে বুলি এবাৰ নিগনী টোক গালি পাৰি সন্দেহ আৰু সংশয়েৰে বেগখন দৌৰা দৌৰিকৈ খুলিলো। হাতৰ ওপৰেদিয়েই বগুৱা বাই বেগটোৰ ভিতৰৰ পৰা নিগনী পোৱালী এটা দৌৰ মাৰিলে। এক মুহুৰ্তৰ বাবে চক খালো। পিছমুহুৰ্ততে ওচৰতে পোৱা আলোচনী এখনেৰে ’থাপ’ কৈ নিগনীটোক কোব এটা দিলো। কোবটো সম্ভৱ ভালকৈ নালাগিল। নিগনীটো নমৰিল। মজিয়াত চট ফটাই থাকিল। আলোচনীখন লুৰা এটা বনাই অলপ সময় ৰৈ থাকিলো। কেতিয়াবা আকৌ এটা কোব দিবলৈও চিন্তা কৰিব লাগে। কেতিয়াবা নিগনী পোৱালী এটা মাৰিবলৈয়ো দেহাত শক্তি নাথাকে।

খবৰ কাকততেই খবৰ এটা পালো। চেন্নাইৰ চিকিৎসক এজনক যাৱতজীৱন কাৰাদণ্ড বিহা হৈছে। অপৰাধ : তেখেতে আই চি ইউ ৰ ভিতৰতেই এগৰাকী ৰোগীক ধৰ্ষন কৰিছিল, চলিত বৰ্ষটোৰ জানুৱাৰী মাহত। সেই চিকিৎসক জনক এবাৰ লগ পোৱাৰ মন আছিল। সুধিবৰ মন আছিল, ‘ক’ৰপৰা পোৱাহে ইমান বোৰ শক্তি , কি দৰে সাজা নিজক ইমান জিঘাংসু! ইমানৰ পিছতো কি দৰে ৰাতি টোপনি যোৱা , কি দৰে আয়নাত মুখ চোৱা ,কি দৰে ইমান দিনে চিলিং ফেনত চিপ নোলোৱাকে বাচি আছা , কোৱা চোন।’

৫০ গৰকিযোৱা সহকৰ্মী জনে খৱৰটো পঢ়ি কাকত খন জপাই থলে। চচমাযোৰ পেকেট এটাত ভৰাই বুকুৰ পকেটত ল’লে আৰু কাকত খন মোক ঘুৰাই দিলে। ‘নাৰীয়ে শৰীৰত কি এনে আকৰ্ষনীয়তা লুকাই ৰাখে যাৰ দ্বাৰা কৰ্তব্যৰত চিকিৎসক এজনোকো প্ৰলোভিত কৰিব পাৰে , বিচলিত কৰিব পাৰে!’ মিচিকিয়া হাঁহি এটা মুখত ওলোমাই মানুহজনে মোক সুধিলে। মই তেওঁলে চাই থাকিলোঁ। একো ক’ব নোৱাৰিলোঁ। মই তেওঁলে চায়েই থাকিলো , একোৱেই ক’ব নোৱাৰিলোঁ।

৩) বি এ ৰিবেল

মোৰ কোঠাৰ ওচৰতে ইন্জিনীয়াৰিং পঢ়ি থকা ভাইটি দুটা থাকে। সিহতৰ সৈতে মাজে মাজে সন্ধিয়াৰ অসমীয়া বাতৰিটো চাওঁ। নিউজ লাইভ , ডি ৱাই ৩৬৫ ,নিউজ টাইম অসম আদি বগাই ফুৰোঁ। বাতৰি চাঁও আৰু সিহতৰ সৈতে তৰ্ক বিতৰ্ক কৰোঁ। ভাইটি দুটা ভাল, জ্ঞানৰ ভাণ্ডাৰটো বয়সতকৈ ডাঙৰ, সেয়ে তৰ্ক বিতৰ্ক কৰি ভালো লাগে। শিকিবলৈও পাওঁ বহুত কিবা কিবি। সিদিনা বাতৰি চাই থকাৰ মাজতে হঠাতে এজনে টি.ভি.টো বন্ধ কৰি দিলে আৰু ছোফা খনতে হাত ভৰি মেলি বাগৰি দিলে। কিছু সময় তেনেকৈয়ে থাকিল। “এই বোৰ বাতৰি মই চাব নোৱাৰোঁ দাদা ,সঁচাকে নোৱাৰো। মোৰো এজনী ভাগিনী আছে , তাইৰ বয়সো পাঁচবছৰ |এই বাতৰি বোৰ দেখিলে মোৰ তাইৰ মুখখনলৈ মনত পৰে। তাইক কোনোবাই যদি ৰেপ কৰে ……….উউউফ ভগৱান , মই কেনেকৈ মানি লম। এই কনমানি জনীও টো কৰোবাৰ ভাগিনীয়েক , তাইৰো তো……………….” ছোফা খনত বাগৰি থাকিয়েই সি কৈ থাকিল। কথাবোৰ লাহে লাহে অস্পষ্ট যেন হ’ল |

‘কিবা এটা কৰিব লাগিব দাদা, লাগিলে বে আইনীয়েই হওক ’ সি দুৰ্বল মাত এটাৰে আকৌ ক’লে |
‘ওওওম কিবা এটা কৰিব লাগিব , লাগিলে বে আইনীয়েই হওক ’ |

সি স্প্ৰিঙৰ দৰে জাপ মাৰি ছোফাখনতে বহিল |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক