অলপ (উজ্জ্বল ফুকন)

হাতৰ মুঠিটোৰ ওপৰত থিয় দি সৰু বুঢ়া আঙুলি এটা বেঁকা হৈ অহা যোৱা কৰি আছে।

 

“দেখাত সৰু ল’ৰা যেনেই লাগিছে। দেহাটো চাই বুজিব পাৰি সি মোক পাছপিনৰ পৰা আক্ৰমণ কৰাৰ শক্তি নাই”, ৰাজে ভাবিলে।

 

সাধাৰণতে সি বাইকত অচিনাকি কাৰোবাক উঠাবলৈ ভাল নাপায়। কিন্তু কিবা এটা ভবাৰ আগতেই ভিতৰৰ ভাল ৰাজটোৱে মাত লগালে, “বাইকৰ পাছপিনটোত কোনোবা এটা উঠাই নিলে তোৰ তেল বেছিকৈ নোপোৰে দে। উঠাই ল’ পোৱালিটো, আশীৰ্বাদ পাবি।”

 

ভিতৰৰপৰা বেয়া ৰাজটোৱে কিবা ক’বলৈ মুখ মেলাৰ আগতেই ৰাজে ল’ৰাটোৰ কাষত বাইকখন ৰখালে।

 

একেজাপে পাছপিনে উঠি পোৱালিয়ে ৰাজক সুধিলে, “কানাড়া”? অলপ সময় একো সঁহাৰি নাপাই সি আকৌ সুধিলে, “ইণ্ডি বায়া..”

“হা, হিন্দী”, ৰাজে ক’লে। ইহঁতমখাৰ মানচিত্ৰত কৰ্ণাটকৰ ওপৰৰ ফালে যিবোৰ ৰাজ্য আছে সকলো ‘নৰ্থ ইণ্ডিয়া’ বুলি ধৰি লয়। কেতিয়াবা এনে কিছুমান কথা সুধি দিয়ে ৰচমৰ লগত খোৱা বড়াটোৰ ঠাইত আমাৰ চিনাকি গ্ল’বটো খুৱাই দিবলৈ মন যায়। “কেতিয়াবা যে সোধে, “বাই তুমাৰা নৰ্থইষ্ট মে ইলেকচন কব হে”, বেয়া ৰাজটোৱে ভিতৰৰপৰা হাঁহি হাঁহি মাত লগালে।

 

“চেষ্টা কৰিছেযে তাকে বহুত বুলি ভাবচোন। বহুতে নৰ্থইষ্টকো নৰ্থ ইণ্ডিয়া বুলি কয়। আৰু কিনো ইমান ধৰি থাক। সিহঁতৰ যহতে আমি এতিয়াও একে ৰাজ্য হৈ আছোঁ। নিজেতো লগেভাগে থাকিব নোৱাৰিলোঁ কেতিয়াও”, ভাল ৰাজটোৱে উত্তৰ দিলে।

“মাডিৱালা”, পোৱালিটোৰ মাতত ৰাজৰ নিজকে বিএমটিচি বাছৰ কণ্ডাক্টৰ যেন লাগিল।

“কি মাডিৱালা? তেৰা নাম হে ক্যা”, হিন্দী অসমীয়া মিহলি হৈ শব্দবোৰ ৰাজৰ মুখৰপৰা ভাহি আহিল।

“নেহি বায়া, মে মাডিৱালা যাউঙ্গা”, পোৱালিয়ে উত্তৰ দিলে।

 

ৰাজে একো নমতা দেখি পোৱালিয়ে লাহেকৈ তাৰ কাহিনী আৰম্ভ কৰিলে। বাঙ্গালোৰৰ ট্ৰেফিক আৰু হেলমেটৰ ফাঁকেৰে তাৰ শব্দবোৰ ভাঁহি আহিল।

 

“আংকল কে ঘৰ মে আয়া থা বায়া। স্কুল কে ফীজ লেনে কে লিয়ে। পেইচা নহি দিয়া ৱৌ। ফীজ নেহি ডুঙ্গা তৌ স্কুল সে নিকাল দেগা”।

“কুছ কাম কৰো মৰ্ণিং মে। নিউজপেপাৰ দেনে কা কাম কৰো। আপনা পেইচা খুদ কমাৱো। আংকল চে কিঁউ মাঙ্গতে হৌ”, ৰাজে এনেই তাক জুখি চালে।

“ঘৰ কা কাম কৰনা হোতা হে বায়া। মাম্মি পাপা মৰ গয়ে দো ইয়েৰ হুৱা। ছোটী বেহেন হে। উচকো ভি দেখনা পৰতা হে। ৱৌ ভি স্কুল যাতি হে”।

 

ট্ৰেফিক চিগনেলত ৰৈ ৰাজে পিচপিনে ঘূৰি পোৱালিলৈ চালে। তাৰ চকু দুটাই সঁচা কোৱা যেন লাগিল যদিও ক’লা পৰা ওঁঠ দুটাই ৰাজাচাপ খৈনীৰ পেকেটটোলৈ মনত পেলাই দিলে।

 

“ঠিক হে মে ডুঙ্গা তেৰে স্কুল কা ফীজ”, ৰাজে এনেই তাক টোপ দি চালে।

 

হঠাৎ ভিতৰৰপৰা ভাল ৰাজটোৱে মাত লগালে, “চাবি দেই, পইচা তোৰ গছত লগা নাই। আৰু এইটোক মই এতিয়াও বিশ্বাস কৰিব পৰা নাই”।

 

বেয়া ৰাজটোৱে সমানে চিঞৰি উঠিল, “এই ক’লীয়াটো মস্ত মিছলীয়া। অলপ আগতে কয় মাডিৱালা। মানে মা-বেহেন-ৱালা আৰু দুই মিনিট পাছত কৈছে মাক মৰিল। মাৰ তাক দুই চৰ”।

 

ভাল ৰাজটোৱে কিবা এটা কোৱাৰ আগতেই ৰাজে চিঞৰি উঠিল, “মনে মনে থাক দুয়োটা। মই এতিয়াও তাক পইচা দিয়া নাই নহয়। আৰু মাডিৱালাৰ সন্ধি ভাঙিব নালাগে তহঁতে”।

“ক্যা হুৱা বায়া”, পোৱালিয়ে ৰাজৰ চিঞৰ শুনি সুধিলে।

“কুছ নাহি”, ৰাজৰ উত্তৰ।

“বায়া মেৰেকো অঔৰ এক হেল্প চাহিয়ে থা। বায়া আপ আচ্ছা আদমি হে, ইচিলিয়ে পুছ ৰাহা হু”, পোৱালিয়ে ৰাজক মিঠাতেলত ডুবাই ভাজি দিলে।

 

ৰাজে একো নামাতিলে।

 

“বায়া, মেৰে কৌ বাছ-পাছকে লিয়ে পেইচা চাহিয়ে থা। স্কুলকে লিয়ে ৱাকিং প্ৰব্লেম হে বায়া”, পোৱালিয়ে কৈ গ’ল।

“ঠিক হে, কিতনা চাহিয়ে”, ৰাজে সুধিলে।

“তিন মহিনে কা স্কুল ফিজ ১২০০ অউৰ ৪০০ বাছ-পাছ বায়া”, পোৱালিয়ে ক’লে।

“তুমহাৰা স্কুল কা এড্ৰেচ ক্যা হে”, ৰাজে এইবাৰ পোৱালিয়ে কিমান সঁচা কৈছে জুখি চালে।

“স্কুল বহত দূৰ হে বায়া। ইচিলিয়ে বাছ-পাছ চাহিয়ে”, পোৱালিয়ে ক’লে।

“ ‘বহত দূৰ’ কা এড্ৰেচ নাহি হৌতা হে ক্যা? চেন্নাই মে হে ক্যা তেৰা স্কুল?”, ৰাজে অলপ টানকৈ ক’লে।

“নাহি বায়া….”, পোৱালিৰ কথাৰ মাজত তাৰ ম’বাইলটো বাজি উঠিল।

“আম্মা, অণ্ডু নিমিচা আম্মা। মনে ৰিচ্ছ আগটিনি। অকে আম্মা অকে”, পোৱালিয়ে ফ’নত ক’বলৈ ধৰিলে।

“আম্মা….মই কৈছিলোঁ নহয় এইটো মা-বেহেনৱালা পোৱালি বুলি। ফাঁকিবাজ এক নম্বৰ। নমা তাক বাইকৰ পৰা”, বেয়া ৰাজটোৱে এইবাৰ চিঞৰি উঠিল।

 

ভাল ৰাজটোৱেও মৌন হৈ সন্মতি জনালে।

 

ৰাজে বাইকখন আলিবাটটোৰ কাষত ৰখাই পোৱালিক নামিবলৈ ক’লে, “বেছিকৈ মুখ মেলিলে কোৱাৰি ফাঁটে। তোৰো একেই হ’ল। তই ফীজটোতে থকা হ’লে কিজানি মই ফঁচি গ’লোঁ হয়। কিন্তু তই গৈ বাছ-পাছতো ধৰিলি, মাৰকো মাৰিলি”।

 

পোৱালিয়ে একো বুজি নাপাই বাইকৰপৰা নামি ৰাজক সুধিলে, “ক্যা হুৱা বায়া”?

“য়াহা চে আম্মা কে সাথ জানা। অউৰ পেইচা ভি ৱহি দেগা, ঠিক হে। তেৰা এক্টিং থৌৰা জ্যাদা হৌ গয়া”, ৰাজে হাতখন হেলমেটৰ ওপৰলৈ নি ক’লে, “স্বল্প……”। মানে অসমীয়াত “অলপ….”! পোৱালিৰ ক’লা মুখখন ৰাজে বাইকৰ আইনাত অলপ দূৰলৈকে চাই আহিল। মুখখন লাজত অলপ ৰঙা হৈ পৰিছিল।

 

অফিচ পাই ৰাজে নিয়মমতে দোকানখন খুলি বহি আছিল। হঠাৎ তামিল মেনেজাৰটোৱে আহি ৰাজক মাত লগালে, “ৰাজ, আৰ ইউ ফ্ৰি ? লেটচ ট’ক ফৰ চামটাইম”।

 

ৰাজৰ তেতিয়াহে মনত পৰিল আজি এপ্ৰাইজেল ডিচকাচন আছিল। ৰাজে মূৰ দুপিয়াই মেনেজাৰৰ পিছে পিছে আগবাঢ়িল।

“ব্লা ব্লা ব্লা…”, মেনেজাৰৰ একেবোৰ কথা আকৌ আৰম্ভ হ’ল। একেখন বিহুগীতৰ কেছেট। চনটো সলনি কৰি থাকে।

“ইউ ন’, ইউ আৰ ডুইং এ ৱানডাৰ্ফুল জব। ক্লাইণ্ট এপ্ৰিচিয়েটেদ ইউ মেনি টাইমচ। বাট দেট ইজ ইউৰ জব। হুৱাত এ’লচ ইউ দিদ ? এনি ইন’ভেছন হুইছ কেন হেল্প কম্পেনী টু কাম আপ ৱিথ চাম নিউ প্ৰডাক্ট। ন’ …”

 

পিছৰ লাইনটো ৰাজে নিজেই মুখৰ ভিতৰত ভোৰভোৰালে, “এনিথিং চিগনিফিকেণ্টলি এক্সট্ৰা ? ন’….”

সম্পূৰ্ণ মিলি গ’ল শাৰীটো। মেনেজাৰে আকৌ ক’লে, “এজ ইউ দিদ ন’ট কান্ট্ৰিবিউট এনিথিং টু দা গ্ৰৌথ অব দ্যা কম্পেনী এণ্ড এজ ইউ ন’ কম্পেনী অলচ’ ন’ট ডুইং ৱেল..চ’ দিচ টাইম ন’ হাইক…”।

 

ৰাজে অলপ সময় মেনেজাৰলৈ চালে। সেই সময়খিনিত তাৰ মনত চলি থকা এশ এবুৰি সমস্যাই হাঁহি হাঁহি ইতিকিং কৰিবলৈ ধৰিলে, “তই আমাৰ এটাকো মাৰি শেষ কৰিব নোৱাৰ। এই বছৰো তোৰ একেই অৱস্থা হ’ব”।

 

ৰাজৰ মুখৰ পৰা ক’ব নোৱাৰাকৈয়ে ওলাই আহিল, “অলপ …”

মেনেজাৰে ৰাজক সুধিলে, “আৰ ইউ অকে ? ডিড্ য়ু চে এনিথিং টু মি” ?

“ন’”, ৰাজে উত্তৰ দি বিশেষ একো নোকোৱাকৈ উঠি গুচি আহিল। হাজাৰটা কথা ভাবি অফিচৰপৰা ঘৰমূৱা হ’ল ৰাজ।

 

বাইকখন পাৰ্ক কৰি ৰাজে ঘৰৰ কলিং বেলটো বজালে। “গেলা দিন এটা পাৰ হ’ল”, ৰাজে মনে মনে ভাবিলে।

 

দুৱাৰখনৰ সিপাৰে ৰিয়াৰ মুখখন দেখি বৰষুণৰ আগৰ গোমা হৈ থকা বতৰটো যেন লাগিল। মুখ-হাত ধুই আহি ৰাজ টিভিটোৰ সন্মুখত বহিল।

 

“কি হ’ল, খঙত থকা যেন লাগিছে”, চাহকাপ হাতত লৈ ৰাজে সুধিলে।

“একো নাই”, ৰিয়াৰ উত্তৰ।

“তোমালোকক সুখত ৰাখিবলৈ কি কি কৰিব লাগিব কোৱাচো”, চাহত এটা শোহা মাৰি জুইকুৰা জ্বলাই দিলে ৰাজে।

“এটা নিজৰ ডাঙৰ ঘৰ”, ৰিয়াই ক’লে।

“ঠিক আছে, সেইটো জৰুৰী যদিও এতিয়া নাই”, ৰাজে সঁহাৰি জনালে।

“দুজনীমান কামকৰা মানুহ। এজনী হ’লেও কথা নাই, কিন্তু ঘৰটো ডাঙৰ হ’লে দুজনীৰ দৰকাৰ হয়”, ৰিয়াই আকৌ ক’লে।

“অ’কে…”, ৰাজে লাহেকৈ ক’লে।

“এখন ধুনীয়া গাড়ী মানে এচ-ইউ-ভি হ’লে ভাল, জানা ! ডাষ্টাৰ বা ফৰ্চুনাৰ টাইপ। নহ’লে ভাৰ্নাখন হ’লেও হ’ব”, ৰিয়াই ক’লে।

ৰাজে একো উত্তৰ নিদি ৰিয়ালৈ চাই সুধিলে, “আৰু” ?

“বছৰত এবাৰ বা দুবাৰ ফ’ৰেইন টুৰ। এনা’ফ। আৰু একো নালাগে”, ৰিয়াই কৈ ৰাজলৈ চালে।

ৰাজে এইবাৰ টিভিটোলৈ চাই লাহেকৈ ক’লে, “অলপ …”!

এইবাৰ টিভিটোৰ ভিতৰৰ পৰা জয়ন্ত দাসৰ মাতটোৱে ৰাজক বাক্যটো সম্পূৰ্ণ কৰাত সহায় কৰিলে, “অলপ… বেছি হ’ল নেকি” !!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক