অলপ ভাবি চাওঁ (গাৰ্গী চক্ৰৱৰ্ত্তী)

গাৰ্গী চক্ৰৱৰ্ত্তী

আমি কওঁ আমি উন্নতি কৰিছোঁ, আমি আগবাঢ়িছোঁ, আমাৰ সন্তানে চহৰৰ নামজ্বলা বিদ্যালয়ত পঢ়িছে, আমি সুখী ইত্যাদি। কিন্তু প্ৰকৃততে আমি সুখীনে? মানসিক আৰু তাত্বিক দিশত আমি কিমান আগবাঢ়িলোঁ? আমাৰ মনবোৰ প্ৰকৃততে বহল হয়নে?

দুগৰাকী নতুনকৈ হোৱা বান্ধৱী – হিয়া আৰু শ্যামলী। শ্যামলীৰ দুয়োটা সন্তানক এইবাৰ নতুনকৈ হিয়াৰ সন্তানটো পঢ়ি থকা বিদ্যালয়খনত ভৰ্ত্তি কৰাইছে। শ্যামলীয়ে স্কুটি এখন চলাই আহে আৰু দুয়োটা সন্তানক বিদ্যালয়ত থৈ যায় আৰু লৈ যায়। বিদ্যালয় ছুটি হোৱাৰ সময়ত দুয়োজনী বান্ধৱী প্ৰায়ে লগ হয় আৰু কথা পাতে। লাহে লাহে দুয়ো বান্ধৱীৰ মাজত অন্তৰংগতা বাঢ়ে আৰু দুয়ো বহুত কথা পাতে – সন্তানৰ কথা, ব্যক্তিগত জীৱনৰ কথা ইত্যাদি। দিনটোত এবাৰ হলেও দুয়োজনী বান্ধৱীয়ে ফোনত হলেও কথা পাতিবই।

সিদিনাও আন দিনাৰ দৰে শ্যামলীয়ে হিয়ালৈ ফোন কৰিলে।

“শ্যামলী, কোৱা। কেনে আছা?”,  হিয়াৰ সম্ভাষণৰ উত্তৰত শ্যামলীয়ে ক’লে – “তোমাৰ লগত অলপ কথা আছে।“ সদাহাস্যময়ী শ্যামলীৰ মাতটোত হিয়াই প্ৰথমবাৰৰ বাবে এটা চেপি ৰখা খং, হতাশা, দুখ আৰু উত্তেজনা অনুভৱ কৰিলে।

হিয়াই ক’লে – “কোৱাচোন”।

তাৰ উত্তৰত শ্যামলীয়ে যিখিনি কথা ক’লে সেইখিনি কথাই হিয়াক এতিয়াও শান্তিত থাকিব দিয়া নাই। শ্যামলীয়ে কৈছিল – “হিয়া, তুমি কোৱাচোন মই কি দোষ কৰিলোঁ। আজি মই ঋষিক আনিবলৈ গৈ বাকী কেইগৰাকীমানৰ লগত স্কুলৰ সন্মুখত ৰৈ আছিলোঁ। হঠাতে তাৰ মাজৰে এগৰাকীয়ে মোক সুধিলে – ‘আপুনি বোলে বিধবা? হয় নেকি? নাজানিছিলোঁ দেই।‘ লগে লগে আন এগৰাকীয়ে ক’লে – ‘আপুনি অকলে অকলে কেনেকৈ থাকে? কেনেকৈ চলে?’ মই কিবা এটা উত্তৰ ভাবি থাকোতেই তৃতীয় এগৰাকীয়ে ক’লে – ‘অকলে থাকিবলৈ ভয় নালাগেনে? মোৰ যে এওঁ নথকাত আমাৰ ঘৰলৈ আন কোনোবা আহিলেও বিৰাট ভয় লাগে জানা। এই কথাবোৰ তেওঁলোকে মোক সুধি থাকোতে তেওঁলোক কিমান আগ্ৰহী আৰু উৎসাহী হৈ গৈছিল তুমি নেদেখিলে বিশ্বাস কৰিব নোৱাৰিবা। কোৱাচোন হিয়া, তেওঁলোকে আচলতে মোৰ পৰা কি জানিব বিচাৰিছিল? মোৰ স্বামীৰ এটা দূৰ্ঘটনাত মৃত্যু হোৱাতো জানো মোৰ দোষ? স্বামীৰ মৃত্যুৰ পিছত সন্তানদুটাক লৈ মই যে সাহসেৰে জীয়াই আছোঁ, সন্তানদুটাক মানুহ কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ কাৰণে তেওঁলোকৰ কিবা অসুবিধা হ’লনেকি?” কথাবোৰ কৈ কৈ শ্যামলীয়ে উচুপি উঠিল।

শ্যামলীৰ কথা শুনি হিয়াৰ মুখৰ মাত হৰিল। কি ক’ব এতিয়া শ্যামলীক। তথাপিও ক’লে – “তুমি দুখ নকৰিবা। আজিকালি সমাজত তথাকথিত শিক্ষিতৰ সংখ্যা বেছি হৈছে যি মানৱীয় প্ৰমূল্যসমূহৰ বিষয়ে একো নাজানে”।

ফোনটো থৈ হিয়াই ভাবিলে – ‘এগৰাকী স্বাৱলম্বী নাৰীক, একমাত্ৰ স্বামীৰ মৃত্যু হোৱাৰ বাবেই, কোনোবাই এনেকৈ কৈ দিব পাৰে। আৰু এই কথাবোৰ কওঁতে তেওঁলোকে পাহৰি যায় যে তেওঁলোকো নাৰী। এইখিনি মানবিক অনুভূতি লৈয়েই তেওঁলোকে নিজকে শিক্ষিত বুলি কয়, নিজক সুখী বুলি ভাবে, নিজৰ সন্তানক মানুহ কৰাৰ কথা কয়।‘


 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments