অলপ শান্তিৰ আশাত (মেদিনী নেওগ)

মই কাম কৰা অ’ফিচটোত চিকিউৰিটী গাৰ্ডকেইজনৰ সৰহ সংখ্যকেই অসমীয়া ল’ৰা। সদায় অ’ফিচত গৈ পাইয়েই গে’টতে সিহঁত কেইজনৰ লগত দুআষাৰ কথা পাতি ভিতৰলৈ যাওঁ।ধেমেলীয়া ল’ৰা গোটেইকেইজন, ভাল লাগে সদায় ৰাতিপুৱা অসমীয়াতে ধেমালি অলপ কৰি। আজি গৈছোঁ, মাত্ৰ এজন অসমীয়া ল’ৰা আছে গেটত, প্ৰায়ে চাৰি-পাঁচজন ল’ৰাথাকে। মই বোলো, – “দাদা, বাকীকেইজন ক’লৈ গ’ল?”

ল’ৰাজনে ক’লে – “দাদা, আপুনি গম নাইপোৱা নেকি? অসমীয়াক ইয়াৰপৰা যাবলৈ দিছে নহয় ২০ তাৰিখৰ আগতে। কিবা ফাটোৱা নে কিবা এটা দিছে বোলে। আপুনি নাযায় নেকি ঘৰলৈ? আমাৰ লগৰগোটেই কেইজন গ’লগৈ কালি, জেনেৰেল টিকেট কৰি… ময়ো আজি ৰাতিয়েই যাওঁগৈনেকি।”

মই ঘুনুক ঘানাককৈ এই ধৰনৰ কথা এটা শুনি আছিলো যোৱা কালি গ’ধূলিৰেপৰা, কিন্তু এনেধৰনৰ কামবিলাক প্ৰায়ে কিছুমান অশিক্ষিত আৰু চোৰ জাতীয় ধৰ্মীয় নেতাই কৰে বাবে বিশেষ গুৰুত্ব দিয়া নাছিলো।দাদাজনৰ কথাখিনিয়ে মোক ৰাষ্ট্ৰীয় বাতৰি কাগজ কেইখন চাবলৈ বাধ্য কৰিলে।বিশেষ একো তেনেধৰনৰ ঘোষণাৰ বাতৰি নাপালো। আবেলি ঘৰলৈ অহাৰ আগতে দাদাজনক লগকৰি কৈ আহিছোঁ, “ইমান চিন্তা নকৰিব, মই দেখোন তেনে একো খবৰ নাপালো। কালিলৈলগ পাম দিয়ক…”

ৰুম আহি পাইছো, ঘৰৰপৰা ফোন, ঠিকে আছনে? মই বোলো, কি হ’ল? দেউতাই ক’লে টিভিৰ বাতৰিত দেখুৱাই আছে, অন্ধ্ৰত কোনোবা মুছলমানধৰ্মগুৰু কেইজনমানে উত্তৰ পূবৰ মানুহ বিলাকৰ ওপৰত কিবা ফটোৱা জাৰী কৰিছে, ২০ তাৰিখৰ আগতে অন্ধ্ৰ এৰি যাবৰ বাবে। মই বোলো ক’ত, কোনটো চেনেলত? অসমীয়ানিউজ চেনেল এটাত বোলে।

অকনমান দেৰি পিছত পেহাই ফোন কৰিলে, একেটা কথাৰ বাবে। মই মাত্ৰ ক’লো, ইমান চিন্তা নকৰিব।

কিন্তু সঁচাকৈ, কি হৈ আছে এইবোৰ? চিন্তা নকৰাকে থাকিব লগীয়া কথানে এইবোৰ? টিভি চেনেলকেইটা চাই আছো, সকলোতে আজি স্বাধীনতা দিৱস কেনেকৈ উদ্‌যাপন কৰাহ’ল তাৰ বাতৰি। প্ৰায়বিলাক নেতাৰে ভাষণত অসমৰ শেহতীয়া ঘটনাৱলীৰ বেলেগ বেলেগ উপস্থাপন শুনিবলৈ পালো। সকলোৱে নিজৰ নিজৰ সুবিধা হোৱাকৈ কথাবিলাক কৈছে।

মই সাধাৰনতে উত্তেজক জাতীয় বাতৰি বিলাক শুনিলে লগে লগে একো সিদ্ধান্ত নলওঁআৰু মন্তব্য নকৰোঁ, নিজৰ সীমিত জ্ঞানেৰে ঢ়ুকি নোপোৱা কথাবিলাক পঢ়ি চাওঁ, বুজিবলৈ চেষ্টা কৰোঁ। তাৰপিছত এট সিদ্ধান্ত লোৱাৰ চেষ্টা কৰোঁ। কিন্তু মইআজিকালি অনুভৱ কৰা হৈছো, এনেকৈ একো লাভ নাই। হৈ হাল্লা বিলাকত নিজকে বিলীনকৰি সস্তীয়া হৈ পৰাই ভাল। অসমত কিবা কাজিয়া হৈ আছে, কাজিয়াত বোলে মুছলমানমানুহ মাৰিছে, মই কিয় ৰৈ থাকিম? মই পাৰিলে অসমীয়া হিন্দুকেইটা মানমাৰিমেই। কোনোবাই হঠাতে ক’লে, বাংলাদেশী বেছি হৈছে অসমত, মাৰিব লাগে ইহঁতক।মই মাৰিম। এনেকৈ জীয়াই থকাই ভাল নেকি?

কথাবিলাক নাভাবোঁ বুলিয়েই ঠিক কৰোঁ। কিন্তু নোৱাৰি নভবাকৈ থাকিব। হিংসাই হিংসা বিয়পাই গৈ আছে, আৰুমানুহ বিলাকে একো নভবাকৈ নিজকে ঢৌত উটাই নি আছে। যেন এক এনাৰ্কী.. একো সৃষ্টিশীল কথা মূৰলৈ নহা হৈছে। পঢ়িবলৈ আছে বহুত, কিবা কিবি কৰিব লগীয়া আছেধেৰ, কিন্তু মানসিক শক্তি নোহোৱা হৈ গৈছে। কিয় কষ্ট কৰিব লাগেনো? দালালি কৰিলেই হ’ল দেখোন।

বন্ধু এজনে এক ভিতৰুৱা এলেকাত বেংকত চাকৰি কৰে।নগাঁৱৰ পৰা সদায় অহা যোৱা কৰে । এজনে বন্ধুৰ বেংকৰ পৰা ২০১০ চনতে লোৱা ল’নএটা ঘুৰাব পৰা নাই, বেংকৰ মেনেজাৰক আৰু এটা ল’নৰ কাৰনে পেৰি আছে। এদিন মেনেজাৰে অলপ টানকৈ ক’লে, বোলো আপুনি আগৰটো ঘুৰাওক, মই পিছদিনাই আপোনাক এইটো লোন দি দিম। পিছদিনা কথা নাই বতৰা নাই প্ৰায় এহেজাৰ মানুহ আহি বেংকঘেৰাও, মেনেজাৰে বোলে ল’ন দিবলৈ ঘোচ লয়। হাতে হাতে দা এইজাক মানুহৰ। নিউজ চেনেলৰ লাইভ সম্প্ৰসাৰন।

বন্ধুৱে পুলিচক ফোন কৰিলে, পুলিচ আহিলেআৰু বেংকৰ কৰ্মচাৰী সকলক এচক’ৰ্ট দি লৈ আহিলে তাৰপৰা। নগাওঁ আহি পালে, ভূতৰওপৰত দানহ পৰাদি পুলিচ কেইজনৰ ডিমাণ্ড, আমাক দিয়ক দহ হেজাৰ। এনেইআপোনালোকক সেইখনৰপৰা উলিয়াই আনিছো বুলি ভাবিছে নেকি? মেনেজাৰ উপায়হীন, দিদিলে শেষত।

বন্ধুৱে মোক অত্যন্ত হতাশাৰে ফোন কৰিছিল সেইদিনা গধূলি – “জানা বন্ধু, ইণ্ডিয়া ইজ গ’য়িং টু বি এ’ ফেইলড্‌ কান্ট্ৰি । আমি গনতন্ত্ৰৰযোগ্য নহয়।”

চাৰিওফালে হৈ থকা ঘটনা বিলাক দেখি বন্ধুৰ কথাষাৰ সঁচাবুলি বিশ্বাস হৈ গৈছে। নোৱাৰিছো আৰু, একো পাত্তা নোপোৱা হৈছো – কি সঁচাআৰু কি মিছা! কি কৰোঁ? নিজৰ দেশতে যদি ভয়ত জীয়াই থাকিব লগীয়া হয়, নিজে বাছিদিয়া শাসন যন্ত্ৰটোৱেই যদি নিজৰ বিৰুদ্ধে কাম কৰা যেন অনুভৱ হয়, আধুনিক বিশ্বৰ নাগৰিক এজনৰ বাবে ইয়াতকৈ আৰু হতাশাজনককথা কি হ’ব পাৰে? মোৰ ভাগৰলাগিছে ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক