অলিখিত ডায়েৰী (ডা: দীপুল চন্দ্ৰ হালৈ)

অলিখিত ডায়েৰী (ডা: দীপুল চন্দ্ৰ হালৈ)

দেওবাৰ |
গা পা ধুই পৰিষ্কাৰ হ’লো |
: দীপু, অ‍ই দীপু, ফুৰিবলৈ যাবি?|
: হা ?
: ফুৰিবলৈ যাবি ?- হকে অলপ চিঞৰি ক’লে |
: কলৈ ?
: পল্টনলৈ –
: যাব লাগিছিল , পিছে এতিয়া নাযাও; বেলেগ এঠাইলৈ যাম |
: বেলেগ এঠাই মানে ? কেনেকুৱা বেলেগ ঠাই ? টেণ্ডাৰ চেণ্ডাৰ দিবলৈ যাৱ নেকি ? – একেলেথাৰিয়ে হকে কেবাটাও প্ৰশ্ন শুধিলে | “যা আকৌ , শুভেচ্ছা থাকিল |” হকে ক’লে |
: ধেত্‍ , হাঁহি মাৰি ক’লোঁ |
:থাক ম‍ই যাওগৈ | – হক গ’লগৈ |
আজি যাব লাগিব | নহলে এটা কামকে কৰোঁ নেকি- জুনিয়ৰ মক্কেল এটাৰ হতুৱাই কথাটো কোৱাই চাওঁ | “হা” কয় নে “না” কয় | …. নাই নিজে যোৱাই ভাল | অন্যথা পাছত পস্তাব লাগিব |
এতিয়া ১১ বাজিছে | নাই এতিয়াই যাব নোৱাৰি | আবেলিয়েই ভাল হ’ব | গৈ কি ক’ম- “ ম‍ই তোমাক ভাল পাও” নাই চিধা চিধি ভাল নালাগিব; কিবা অলপ পাতনিৰে আৰম্ভ কৰিব লাগিব | এহ্‍ হ’ব তাতে ভাবিম—নানা ভাৱৰ বুৰবুৰণি মোৰ মনত |
: ক্ৰিং ক্ৰিং ক্ৰিং—–
অ’ পাঁচ বাজিলেই | মুখ হাত ধুলোঁ | চুলিখিনিত তেল অলপ সানিলোঁ | আহ্‍, এই চুলি কেইডালৰ পৰা নহ’ব আৰু কি যে ভাজ লাগিল | মস্কিল ! ৰামপৰেশে ধুই ইষ্ট্ৰি কৰি দিয়া চোলা পেন্ট পিন্ধিলোঁ | জোতাযোৰ পালিছ কৰি পিন্ধিলোঁ |  অলি পাৰফিউমটো অলপ চটিয়াই ললোঁ | যাওঁ আৰু – |
: অ’ই ইছলাম থাক , ম‍ই অলপ আহোঁ |
:শৰ্মাদা ভালনে ?
: এইয়া আৰু |
গৈ আছোঁ | উগুল থুগুল ভাৱ | খোজবোৰ মন্থৰ হৈ গৈছে | ঘামিছোঁ | এনে ভাব হৈছে- সমস্ত ছোৱালীবোৰে যেন মোক চাইছে | উহ্‍, কি এক বিড়ম্বনা |
: লেডিজ হোষ্টেল – ২ |
কি কৰোঁ এতিয়া !
: হেৰি … নহয়… শেৱালী বৰুৱাক… মাতি দিয়কচোন | খণ্ড খণ্ডকৈ বাক্যটো চকীদাৰজনক কলোঁ |
: মাতিছো ৰ’ব; অলপ বহক | চকীদাৰ জনে ক’লে | দেৱাল ঘড়ীটোলৈ চালো- এনে লাগিল চেকেণ্ডৰ কাঁটাডাল যেন খৰকৈ গৈছে |
দেখিলোঁ – দূৰৰ পৰা কৰিড’ৰেৰে হাৱাই চেণ্ডেল চোঁচৰাই চোঁচৰাই শেৱালী আহি আছে | আহি আছে …… আৰু কেইখোজমান বাকী |

**********
: টক্ টক্ টক্‍…
: বাবু, ৰুটী, ৰুটী বাবু, ৰুটী..
: টক্ টক্ টক্‍…
: হে- ৰুটী ! খক্‍ মক্‍ কৈ উঠি বহিলোঁ ||

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments