অলৌকিক : উদ্দীপ তালুকদাৰ

‘ইমান সোনকালে ঘৰলৈ যায় যে!’ বাসন্তী বুক ষ্টলৰ মালিকে কৈ উঠিল। উদ্দেশ্যি কোৱা ব্যক্তিজন আছিল অম্লান দাস। অম্লান দাস সেই ঠাইখনৰ অসম পুলিচৰ ইনস্পেক্টৰ। মানুহজনৰ বয়স বৰ বেছি নহয়। আটিল দেহ। ভাল মানুহ বুলি যোৱা দুটা বছৰতে সৰু চহৰখনত নাম কৰিছে। ঘোচ-চোচ নলয় হেনো। আনকি চানা খালেও পইচা দিয়ে! চবৰে লগত মিলি-জুলি থাকি ভাল পায়। ডিউটি নাথাকিলে সন্ধিয়া সময়ত বাসন্তী বুক ষ্টল নামৰ কিতাপৰ দোকানখনতে এপাক বহে। ইখন-সিখন কিতাপ মেলি চায়, ভাল যেন পালে কিনি নিয়ে। তাতেই বহুতো কামৰ খবৰো পাই থাকে।
‘নক’বহে ডেকাদা,’ বাসন্তী বুক ষ্টলৰ মালিকক কলেজৰ অধ্যাপকপৰা ছাত্ৰলৈ সকলোৱে ডেকাদা বুলিয়েই মাতে। নামটো কি সুধিলে ক’ব পৰা মানুহ চহৰখনত ওলাব আঙুলিমূৰত লেখিব পাৰি, কিন্তু ডেকাদা বুলিলে তেওঁক নিচিনা মানুহ নাই। ‘শ্ৰীমতীৰ সন্ধিয়া হ’লেই ভূতৰ ভয় লম্ভে। অকলে থাকিব নোৱাৰে। যত চব এই টিভিৰ কাৰবাৰ!’
‘টিভিৰ কাৰবাৰ?’ ডেকাদাৰ টিভি-চিভিৰ লগত কোনো যোগাযোগ নাই। দিনটোৰ খবৰ তেওঁ ৰাতিপুৱা কাকতৰপৰাই পায়। ঘৰ পায়গৈ ৰাতি দহমান বজাত। আকৌ ৰাতিপুৱা ওলাবৰ হয়েই।
‘অ’ হে! আমাৰ টিভি চেনেলবোৰৰ কাম-চাম নাই। এই্ দুদিনমান আগতে টিভিত এটা আলোচনা চক্ৰ পাতিছে, সঁচা-সঁচি ভূত দেখা মানুহৰ। সেইটো চায়েই এখেতৰ ভূতৰ ভয় লম্ভিল।’
ডেকাই মোছৰ তলেৰে হাঁহি এটা মাৰিলে।
‘অ’ ভূতৰ কথাত মনত পৰিল। সেইদিনা টিভিত কোনোবা এজন ওলাইছিল, আমাৰ ইয়াৰ কথাই কৈ আছিল।’
‘ইয়াৰ কথা?’
‘ইণ্টাৰেষ্টিং কথা। আপুনি জানিব। কওঁৱেই ৰ’ব।’ যাবলৈ উঠা অম্লান দাস আকৌ বহিল। সন্ধিয়াৰ এই আড্ডাটো তেওঁ বেছ উপভোগ কৰে। আজি-ৰাতি শ্ৰীমতীয়ে যে বিহু দেখুৱাব সেইটো তেওঁ পাহৰিলে।
‘আদহীয়া মানুহ এজন ওলাইছিল টিভিত। নামটো দেখা নাপালো। সেই হাইস্কুলৰপৰা ষ্টেচনলৈ যোৱা ৰাস্তাটো যে আছে তাতেই হেনো দেখিছিল। তেতিয়া বোলে ৰাস্তাটো আছিল বাঁহতলীয়া। জয়াল ঠাই। দিনতো মানুহ যাবলৈ ভয় কৰে।’
ডেকাই তলমূৰ কৰি কিবা এটা ভাবিলে। তেওঁ ঠিকেই মনত পেলাইছে। এইখন ঠাইতে প্ৰায় পঁচিছ বছৰ আগতে ভূতৰ কাণ্ড এটাই সকলোকে ভয়বিহ্বল কৰি তুলিছিল। সেই ৰাস্তাটোৰে বহু দিনলৈ কোনেও কেতিয়াও যোৱা নাছিল। দিনে বেলিকা কেতিয়াবা মৰণক শৰণ দি পাৰ হ’লেও ৰাতি ভুলতো সেইফালেৰে কোনেও নগৈছিল। লাহে লাহে কথাবিলাক মানুহে পাহৰিলে। এঘৰ-দুঘৰকৈ সেইফালে মানুহ বহিল। আজি-কালি সেইটো ডাঙৰ ডাঙৰ মানুহৰ চুবুৰী। বহুতে তাত দালান-সদৃশ ঘৰ তুলিছে।
‘কি হৈছিল ডেকাদা?’ কিতাপৰ দোকানখনত থকা দীঘল মেজখনৰ এটা চুকত বহি থকা ঠৰঙা চুলিৰ ডেকাজনে সুধিছিল। তেখেতক সদায় সন্ধিয়া তাতেই পোৱা যায়। দোকানখনৰ চব কিতাপ তেওঁ পঢ়ি শেষ কৰিছে বুলিলেও ভুল নহয়। ডেকাদায়ো নজনা কিছুমান কিতাপ কোনখিনিত আছে সি এপাকতে উলিয়াই দিব পাৰে। এসময়ত পঢ়া-শুনাত বেছ ভাল আছিল হেনো। কিন্তু চাকৰি-বাকৰি একো নহ’ল। ডাঙৰ ককায়েক চাৰিওজনে ভাল ভাল আৰ্জনৰ চাকৰি কৰে। তাৰ ওপৰতে সি চলি আছে। দিনৰ দিনটো দুজন ভায়েক থকা যৌথ পৰিয়ালটোৰ সৰু-সুৰা কামবোৰ কৰি সি সন্ধিয়ালৈ আহি দোকানত বহে আৰু এফালৰপৰা কিতাপ পঢ়ে। ডেকাদাৰ লগত একেলগে ৰাতি উভতি যায়। প্ৰায়েই কথা শুনিহে থাকে। কয় কম। কিন্তু অলপমান ভালকৈ কথা পাতিলেই বুজি পোৱা যায়, সি নজনা কথা নাই। পঢ়ি থোৱা কিতাপবোৰ মগজুত দম খুৱাই ৰাখিছে। কিন্তু উলিয়াই দিবলৈ কোনো ভাল পথ পোৱা নাই। পইচা দি চাকৰি নলয় হেনো!
অম্লান দাসে সন্মুখৰ চাহৱালাটোক আৰু তিনিকাপ ফিকা চাহ আনিবলৈ চিঞৰিলে। ডেকাদাই কাহিনীটো কৈ গ’লঃ
তিনি বন্ধু ষ্টেচনলৈ যোৱাৰ কথা আছিল। ষ্টেচনৰপৰা ৰাতিৰ ৰেলত উঠি নাগালেণ্ডলৈ যাব হেনো। তাতে শিক্ষকৰ চাকৰি কৰাৰ কথা আছিল। দুজন বন্ধু আগতেই গৈ ষ্টেচন পাইছিল। তৃত্বীয় বন্ধুজন নিজৰ য়ামাহা মটৰ চাইকেলেৰে আহিব। স্কুলৰপৰা ষ্টেচনলৈ যোৱা সেই জয়াল বাটটোৰে। কিন্তু ৰেলৰ ঘণ্টা পৰাৰ পাছতো তৃত্বীয় বন্ধু আহি নোপোৱা দেখি দুয়ো ৰাস্তাটোৰে আগবাঢ়ি আহিছিল। অলপ অহাৰ পাছতে তৃত্বীয় বন্ধুক লগ পাইছিল দুয়ো। বাটতে হেনো মটৰ চাইকেলখন বেয়া হ’ল। ঠেলি ঠেলি আনিলে দেৰী হ’ব বুলি সি বাটতে সেইখন এৰি আহিল। দুই বন্ধু কাণ্ড দেখি আচৰিত হ’ল। মটৰ চাইকেল এখন এনেকৈ মাজ বাটতে এৰি যাব পাৰি নেকি? ঠিক হ’ল তিনিও মিলি সেইখন ঠেলিয়েই আনিব। তিনিওজনেই এৰা-ধৰাকৈ ঠেলিলে ঠিক সময়তে আহি ষ্টেচন পাবহি। ৰাতিপুৱা ষ্টেচনৰপৰাই ডেকাৰ ভাৰাঘৰৰ মালিকে সেইখন নি ঘৰত থ’বগৈ। কিছুদূৰ আহিয়েই দুই ডেকাই আন্ধাৰতে দেখিলে ৰাস্তাৰ প্ৰায় এফুটমান ওপৰেদি কিবা এডাল পৰি আছে। ভালকৈ চাই দেখে কাষৰ বাঁহনিৰপৰা বাঁহ এডাল হাউলি ৰাস্তাৰ ওপৰতে পথালিকৈ পৰি আছে। তাৰ সিটোফালে মটৰ চাইকেলখন পৰি আছে। ঠাইখিনিৰ কথা মনত পৰি দুই ডেকাই ভগৱানক চিন্তিলে। লগে লগেই বাঁহডাল চাৎকৈ ওপৰলৈ উঠি গ’ল। মটৰ চাইকেলখন উঠাবলৈ লৈ দেখে অলপ আঁতৰতে ৰাস্তাৰ কাষৰ দোঙত এটা যেন মানুহৰ মৃতদেহ। প্ৰথম ডেকাই চিঞৰি উঠিল, “কি সেইটো!” দ্বিতীয় ডেকাই প্ৰথম জনক সাৱটি ধৰিলে। সেইফালে ভালকৈ চাই দেখে দেহটোত থকা ছাৰ্টৰ ৰঙ তৃতীয়জন ডেকাই অলপ আগতে পিন্ধি থকা ছাৰ্টটোৰ দৰেই। দুয়ো তৰা-নৰা ছিঙি ষ্টেচনৰফালে দৌৰিবলৈ আৰম্ভ কৰিলে। ষ্টেচনত আহিয়েই দুয়ো অজ্ঞান হৈ পৰিল। পাছদিনা ৰাতিপুৱা দুয়োৰে জ্বৰ উঠিল। ৰাইজে বাঁহতলীৰপৰা আনি তৃতীয় ডেকাৰ মৃতদেহটো দাহ কৰিলে।
কাহিনী শেষ কৰি চাহৰ গিলাছটোত শেষ দিঘলীয়া শোহা এটা মাৰি ডেকাদা ৰ’ল। ডেকাদাৰ কাহিনী শুনি থকা কেউজনৰ মুখতে মাত নাছিল।
‘তুমি তো ভূত-চূত বিশ্বাসেই নকৰা, কোৱা কি এইটো?’ ডেকাদাই সেমেকা হাঁহি এটা মাৰি ঠৰঙা চুলিৰ ডেকালৈ চাই সুধিলে। ডেকাজনে অলপসময় বেলেগ ফালে চাই থাকিল। মুখত সামান্য হাঁহি এটা বিৰিঙি উঠিল আৰু তলমূৰকৈ আকৌ কিতাপত ডুব গ’ল।
‘আৰু আছে।’ ডেকাদাই কৈ গ’ল। ‘সেই ঘটনাৰ পাছত আমাৰ দ্বিজেন ছাৰেও কৈছিল তাৰ দুদিনমান আগতে হেনো দিনতে সেইফাল যাওঁতে ছোৱালী এজনীয়ে তেওঁক মাত দিছিল হেনো। কিন্তু মনটো ডাঠ কৰি ছাৰে নামঘোষা এফাঁকি মাতি তাৰপৰা নিৰাপদে ওলাই আহিছিল।’
‘ঠিক এইটো কাহিনীকে টিভিত কৈ আছিল,’ অম্লান দাসে ক’লে।
‘টিভিত ওলোৱা মানুহজনৰ উপাধি কলিতা আছিল নেকি বাৰু?’ ডেকাদাই এইবাৰ সুধিলে অম্লান দাসক। কাৰণ দুই বন্ধুৰএজনৰ উপাধি আছিল কলিতা।’
‘হয় হয়! এতিয়া মনত পৰিছে, নামটো দেখা নাছিলো যদিও ‘মি. কলিতা মই আপোনাৰপৰা জানিব বিচাৰিম’ ধৰণে কোৱা মনত পৰিছে।’
‘হু পৰমানন্দ কলিতা! ঘটনাৰ পাছতে দুই বন্ধু ইয়াৰপৰা গৈ গুৱাহাটী পালেগৈ। তাতে বিজনেছ আৰম্ভ কৰিলে। এতিয়া ডাঙৰ বিজনেছমেন।’
অম্লান দাসে আঁৰ চকুৰে ঠেৰেঙা চুলিৰ ডেকালৈ চালে। তেওঁ আকৌ এবাৰ হাঁহিলে। ‘কিহে কবিৰাজ, তুমি কি ভাবিছা?’ অম্লানে সুধিলে।
‘একো নাই,’ এইবুলি অম্লানৰ চকুলৈ অলপপৰ চালে। দুয়োৰে চকুৰ মাজত কিবা এটা বিনিময় হ’ল। অম্লানে আকৌ সুধিলে, ‘এই কলিতা বোলা মানুহজন ইয়াৰে খুব ধনী মানুহ আছিল নেকি? মানে গুৱাহাটীলৈ গৈ বিজনেছ কৰিবলৈ টকা লাগিব।’
‘ক’ত টকা আছিল হে! দেউতাকে কলেজৰ সন্মুখতে চাহৰ দোকান দিছিল। কিন্তু গুৱাহাটীলৈ গৈ ভাগ্যৰ চকৰী ঘূৰি গ’ল।’
‘আৰু অলপ কওকচোন এই তিনি বন্ধুৰ বিষয়ে।’
ডেকাদাই কৈ গ’লঃ
কলিতা আৰু শৰ্মা দুয়োজন এই চহৰৰে বাসিন্দা আছিল। শৰ্মাৰ দেউতাকে যজমানী কৰিছিল। কলিতাৰ দেউতাকৰ কথা কলোৱেই। দুয়ো ডিগ্ৰী পঢ়া শেষ কৰি বেকাৰ হৈ আছিল। অসম চুক্তি স্বাক্ষৰিত হৈছে। দিছপুৰত তেতিয়া ছাত্ৰ সংগঠনটোৱে চৰকাৰ গঠন কৰিছে। এটা সময়ত ছাত্ৰ সংগঠনৰ লগত ঘূৰা-পকা কৰিলেও দুই বন্ধু ছাত্ৰ সংগঠনৰ লগত ঘনিষ্ঠ ভাৱে জড়িত নাছিল। সেয়ে আন্দোলনৰ পাছত সিহঁত আকৌ আগৰদৰে বেকাৰ জীৱন কটাবলৈ আৰম্ভ কৰিছিল। মাজে মাজে ডেকাৰ দোকানত আড্ডা, ইফালে সিফালে ধোবাং বাই ফুৰা, এনেকৈয়ে দিনবোৰ পাৰ কৰি আছিল। মাজে মাজে চাকৰিৰ ইণ্টাৰভিউ দিছিল।
এদিন তৃত্বীয় ডেকাক দুই বন্ধুৰ লগত দেখা গ’ল। সৰু চহৰখনত তৃত্বীয় ডেকাৰ আৱিৰ্ভাৱ হঠাতে হৈছিল। স্থানীয় কলেজতে স্নাতকোত্তৰ পঢ়াৰ বাবে নাম লিখাই লৈছিল যদিও কলেজলৈ খুব কমেইহে গৈছিল। তেওঁ মাজে মাজে ডেকাদাৰ দোকানলৈও আহিছিল। কবিতাৰ কিতাপ পঢ়াৰ চখ আছিল তাৰ। কিতাপ বেছি কিনা নাছিল যদিও কবিতাৰ কিতাপ এখন থিয়ৈ থিয়ৈ পঢ়ি শেষ কৰিছিল। মাজে মাজে সি ৰাজনৈতিক পৰিৱৰ্তনৰ কথা কৈছিল। ডেকাৰ দোকানতে দুই বন্ধুৰ লগত এই ডেকাৰ চিনাকি হৈছিল। লাহে লাহে তিনিও ডেকা ইজনে সিজনৰ ছাঁৰ দৰে হৈ পৰিল।
ৰাজনৈতিক পৰিস্থিতিত আকৌ পৰিৱৰ্তনৰ সুচনা হৈছিল। আলফাৰ নাম সঘনে উচ্চাৰিত হ’বলৈ ধৰিছিল। সৰু চহৰখনতো কেবাজনো ব্যক্তিয়ে টকা দাবীৰ পত্ৰ লাভ কৰিছিল। কোনেও মুখ খুলি একো কোৱা নাছিল। কিন্তু সকলোৱে জানিছিল কোনে কিমান টকা দিলে। টকাৰ অংকটো হয়তো মুখ বাগৰি বাঢ়ি গৈছিল, কিন্তু বহুতে যে টকা দিছিল সেয়া আছিল নিশ্চিত। তাৰ পাছত আহিল মিলিটেৰী। মিলিটেৰীৰ উৎপাতত ডেকা মানুহবিলাকৰ ঘৰত থকাই মস্কিল হৈ পৰিল। তেনেতে তিনিও ডেকাই নাগালেণ্ডৰ মিছন স্কুলত চাকৰী পালে। সেই চাকৰীৰ বাবেই যাওঁতেই ঘটনাটো ঘটিল।
‘ভূতৰ ঘটনাটোৰ পুলিচ ডায়েৰী কৰা হৈছিল নে?’ হঠাৎ ঠৰঙা চুলিৰ ডেকাই সুধিলে। ‘হৈছিল চাগৈ। কিন্তু ভূতে মাৰিলে পুলিচেনো কি কৰিব?’
‘ভূতে মাৰিছে বুলি কেনেকৈ বুজিলে, সিহঁতে মিছাও ক’ব পাৰে।’
‘কিন্তু দ্বিজেন ছাৰৰ কথাটো?’
ডেকাই আকৌ হাঁহিলে।
‘আহোঁ,’ বুলি অম্লান দাস ওলাই আহিল। পাছ দিনা ৰাতিপুৱাই তেওঁ অফিচৰ পুৰণি ফাইলৰ মাজৰপৰা পঁচিছ বছৰ আগৰ মটৰ চাইকেল দুৰ্ঘটনা এটাৰ ফাইলটো উলিয়াবলৈ নিৰ্দেশ দিলে।
*********
এমাহৰ পাছত অম্লান দাস আকৌ আহি বাসন্তী বুক ষ্টলত বহিছিল। সেইদিনাৰ আড্ডা আৰু জমি উঠিল। কাৰণ সেইদিনাৰ বাতৰি কাকতত ওলাইছিল ‘পঁচিছ বছৰ আগৰ হত্যাৰ অপৰাধত ব্যৱসায়ী পৰমা কলিতা গ্ৰেপ্তাৰ! আনজন অভিযুক্ত নীৰেণ শৰ্মা ইতিমধ্যে মৃত!’
অম্লান দাসে সকলোকে চাহ-মিঠাই খুৱাইছিল। ডেকাদাই মৰমতে ঠৰঙা চুলিৰ ডেকাজনক দুটা মিঠাই দিলে। ‘পৰমা কলিতা আৰু নীৰেণ শৰ্মাৰ ভাগ্যৰ চকৰী নিজে নিজে ঘূৰা নাছিল। নাগালেণ্ডলৈ বুলি নিবলগীয়া মোনাখনো দুয়ো ৰাতিয়েই সৰকাইছিল সেইটোও বুজিলো। কিন্তু…’ ডেকাদাৰ ভূতৰ বিশ্বাস পূৰা-পূৰি আঁতৰ হোৱা নাছিল। ‘দ্বিজেন ছাৰে কি দেখিলে?’
‘কাহিনীত অলপ মছলা সানিবলৈ অকণমান বঢ়াই চবেই কয়েই!’ ঠৰঙা চুলিৰ ডেকাই লাহেকৈ ক’লে আৰু মিঠাইটোত কামোৰ মাৰি আকৌ কিতাপত মূৰ গুজিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক