অলৌগুটি তলৌগুটি (অৰূপ কুমাৰ বৰা)

বেংকৰ ক্লেৰিকেল চাকৰিৰ পৰীক্ষা দি ওলায়েই বীৰুক পালোঁ৷ অলপ চিন্তাত যেন বিভোৰ!
“বেচেৰা! বেয়া হ’ল তাৰ চিউৰ!” – মনে মনে মই ভাবোঁ কি নাভাবোঁতেই বেচেৰাই মোক দেখি সুধিলে, “কেনে হ’ল তোৰ? টান পেপাৰ আহিছিল কিন্তু!”
“ধুইত! ক’ত টান পালিহে তই? এইখনো যদি টান পাইছ, বাদ দে আৰু তই৷ তোৰদ্বাৰা নহ’ব!”
খাৰাংখাচ চিধাচিধি কৈ দিলোঁ৷ মোৰ কথাৰ কোব যে তাৰ গাত লাগিছিল, তাৰ মুখৰ ধৰণ আৰু বৰণ দেখিয়েই বুজিছিলোঁ৷ কিন্তু বেয়া পালে কি হ’ব হে, যিটো সঁচা সঁচাই!
“তোৰ কেনে হ’ল পিছে?” অলপ বেজাৰতেই সুধিল যেন লাগিল মোৰ৷
“এহ্, ফালি আহিছোঁ ভাই৷ ভগৱানে চকু মেলিছে যেন পাইছোঁ আৰু৷” মোৰ কথা শুনিয়েই বীৰুৰ মুখখনৰ এনে ভাঁজ এটা হৈছিল, মোৰ বুজাত অলপো ভুল নহ’ল যে যদিহে সি সেই মুহূৰ্তত অকলে থাকিল হয় “আই ঐ! ম্যেঁ বৰবাদ হৌ গয়া, ম্যেঁ লুট গয়া” ধৰণৰ ডায়লগ মাৰি মাৰি হুকহুকাই কান্দিলে হয়! আৰু যদি কেনেবাকৈ এই মুহূৰ্তত সি বিছনাত পৰি থাকিল হয়, দুচকুৰে লোতকৰ অবিৰাম নিজৰা বৈ গাৰু তিতি গ’ল হয়৷
– “কিমান কৰিলি তই? মই যেনেতেনে ১২০ টা চুলো আৰু৷ ইণ্টাৰভিউ কল পাম চাগৈ নহয়?” কোনোমতে নকন্দাকৈ কৈ সি কৌতুহলপূৰ্ণতাৰে মোলৈ চালে৷
-“কিয় ১২০? ? বাকী ৮০ টা প্ৰশ্ন?”- এইবাৰ বুজাত মোৰ অলপো ভুল নহ’ল যে সি তাৰমানে নোপোৱাতো খাটাং!
আৰে যদি গোটে গোটে ৮০ টা প্ৰশ্ন সি সঁচাই কৰা নাই, তথাপি তাৰ হেঁপাহ কি নাচাবা! গাত নাই চাল-বাকলি, মদ খাই তিনি টেকেলি ধৰণৰ তাৰ আকাশত চাং পতা কথা শুনি পেটে পেটে হাঁহিও উঠিল৷
“টাইম মেনেজ নহ’ল আকৌ৷ কিন্তু কৰা গোটেইবোৰ কাৰেক্ট হৈছে৷ তই কিমান কৰিলি পিছে?”
“টাইম মেনেজমেণ্ট মোৰ বাওঁহাতৰ খেল ভাই৷ আধাঘণ্টা থাকোঁতেই ২০০ কমপ্লিট৷”
মই সগৰ্বে ক’লো৷ পিঠিখন আগফালে থকা হ’লে নিজকেই চাব্বাচি দি ক’ব পাৰিলোঁ হয়!
-“কি?” চকুদুটা উলিয়াই সি যি হে চিঞৰ এটা দিলে যে কাণৰ পৰ্দা কেনেবাকে ফলাহ’লে তাৰ কাণতো টেপেচকৈ কাণতলীয়া চৰ এটা দি তাৰো পৰ্দা ফালি দিলোঁ হয়! যিয়েই নহওক, মোৰ কৃতিত্ব দেখি-শুনি সি অবাকটেড্ হোৱা দেখি মোৰ অৱশ্যে পেটে পেটে ভালো লাগিল৷ তথাপি অবাক হৈ সি মূচকঁছ যায় বুলি ভয়ো লাগিছিল অলপ৷
“এহ্ এইডাল, লাহে লাহে ক৷ চিঞৰিবলৈ কি ডাল আছে? তইও প্ৰেকটিচ কৰিবি পৰীক্ষাৰ এসপ্তাহ-দহদিনমানৰ আগৰপৰা৷ নেক্সত টাইম চিউৰ টিকি যাব তোৰ৷ টেনচন নল’বি৷ অহাবছৰ ভালকৈ দিবি৷ বয়স সাৰি যোৱা নাই নহয়৷ কিবা হেল্প বা গাইড লাগিলেই, মোলৈ ফোন কৰিবি নিঃসংকোচে৷ মই বেংকত কাম কৰি থাকিলেও তোৰ ফোন ধৰিহে কাষ্টমাৰৰ কাম কৰিম৷ আখিৰ দোষ্ট কিচ্ বাত কা!”
এহালিচা লেকচাৰ দি তাক সান্ত্বনা দিবলৈ চেষ্টা কৰিলোঁ৷ সি খুব মনপুতি শুনিলে আৰু বেজাৰ কৰি থকা ল’ৰাটোৱে হাঁহি হাঁহি কৈ গ’ল, “অ’কে অ’কে বন্ধু, দেখিলে লেখিম দে৷ পাৰ্টি ৰেডী ৰাখিবি ৰিজাল্টৰ দিনাখন৷ লগ পাম পিছত৷”
এইবুলি কৈ সি আঁতৰি গুচি গ’ল৷ কথাত এইবাৰ ঠাট্টাৰ সুৰ এটা ভাঁহি আহিল তাৰ কথাত৷ মোৰ বুজিবলৈ বাকী নাথাকিল যে হয় সি মোৰ সফলতাত জ্বলিছে, নহয় মোৰ উপদেশ ভাল নাপালে৷ খং উঠি আহিল নিজৰ ওপৰতেই৷ কিহে পাইছিল উপযাচি উপদেশ দিবৰ? যদি জনা মানুহৰপৰা জ্ঞান লোৱাত ন্যূনতম ধৈৰ্য্যও নাই, তাৰ উন্নতি ক’ত হ’ব হে? বীৰুৰ সঁচাই ভৱিষ্যত নাই! মনতে এইবোৰ কথাই পাগুলি পাগুলি ঘৰ পালোঁগৈ৷
আৰু এদিন ৰিজাল্ট আহিল৷ পাম যে মই সেইয়া ধুৰুপ৷ লেপটপ খুলি চাবৰ মন নাছিলে যদিও চালোঁ আৰু৷ চায়েই একেজাঁপে উঠাদি উঠি বাৰাণ্ডাৰ চকীত বহি ল’লো দুখ পাতলক বুলি৷ জ্বলা জুইত ঘিঁউ ঢালি বীৰুৰ ফোন৷ তাৰ হ’ল বুলি কৈ মোক জ্বলোৱাতেই ক্ষান্ত নাথাকি বিদ্ৰূপতাৰে মোক বহুতো কথা শুনাই কেনেকৈ ক’ত কি পঢ়িব লাগে- নালাগে ইত্যাদি লেকচাৰ দি দি মোক সান্ত্বনা দিবলৈ ধৰিলে৷ এখন কাণেৰে তাৰ কথা শুনি আনখনেৰে উলিয়াই ভাবিব ধৰিলোঁ মাথোঁ,“এইবাৰ এমাহমান প্ৰেকটিচ কৰি বীৰুক দেখাই দিম ৰ’৷ লেকচাৰ কি নাচাবা তাৰ৷ এটা চাকৰিহে পাইছে, এনেকৈ কৈছে যেন ন’বেল প্ৰাইজ পালে সি! নেক্সত টাইম তাক মই দেখুৱামেই ৰ’ ময়ো কিমান পানীৰ মাছ!”
“খুৰা খুৰা, আজি অলৌগুটি-তলৌগুটি নেখেলে নেকি আকৌ? “
ভতিজা দুটাই মাত লগোৱাতহে সম্বিত ঘূৰাই পালোঁ৷
“এৰা! অলৌগুটি- তলৌগুটি! “
বিমৰ্ষ এটি মাত নিগৰিল মোৰ কণ্ঠেৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments