অশান্ত প্ৰহেলিকা মোৰ জেট(JAT)ৰ প্ৰস্তুতি, চিত্ৰনাট্য আৰু কিবা কিবি ( প্ৰতিভু দত্ত )

অশান্ত প্ৰহেলিকা,  মোৰ জেট (JAT)ৰ প্ৰস্তুতি, চিত্ৰনাট্য আৰু কিবা কিবি

প্ৰতিভু  দত্ত

 

(বিয়া এখন খাবলৈ টঙলালৈ গৈ আছিলো ৷ বাটতে ভোক বেছিকৈয়ে লাগিল৷ তৃপ্তি ধাবাত সোমাই কিবা অলপ খাই ল’লো ৷ লগত আছিল মৃণ্ময় বৰুৱা দাদা আৰু ভাতৃ প্ৰতীম নিৰজ আৰু অগ্নি ৷ কথা পাতোতে, পাতোতে আমি চেৰাপুন্জিৰ চুনশিলৰ খনিৰ পৰা গৈ ছিলেট, বম্বেহৈ জাকাৰ্টা পালোগৈ ৷ অগ্নিয়ে ক’লে : দাদা আপুনি কি সদায়ে এনেকৈ “চাৰপ্ৰাইজ” দি থাকে নেকি? অলপ ফুলি গ’লো ৷ কিবা এটা কথা মনত পৰি গ’ল ৷ ভাবিলো লিখা যাওঁক ৷
বিয়াৰ পৰা আহি লগ পালো বণিদাক ৷ বণিদাই যি ক’লে শুনি মাথা ঘুৰি গ’ল ৷ ঠিক কৰিলো লিখিম ৷ মোৰ বৰটোকোলা দুটা আছে৷ এটা পুণেত থাকে, আনটো অইল দুলিয়াজানত থাকে৷ দুয়ো জাপ মাৰি উঠিল : লিখক, লিখক ৷ তাৰ পাছতে এইখন আৰম্ভ কৰিলো)

 

১ম খণ্ড :

কটনৰ নিউ হোষ্টেল ৷ হায়াৰচেকেন্ডেৰী পৰীক্ষা দি আছো ৷ মাজে মাজে মোৰ বন্ধু এটাই খা-খবৰ ল’বলৈ আহে ৷ বন্ধু মানে মোৰ তাৱৈদেউৰ ল’ৰা ৷ তাৰ দেউতাক আৰু মোৰ দেউতা ইঞ্জিনীয়াৰীং কলেজৰ দিনৰে বন্ধু ৷ এতিয়া সি আৰু মই ৷
এদিন সি মোক সুধিলে : ফাইনেলৰ পাছত কি কৰিবা ?
মই ক’লো : জেটৰ কাৰনে প্ৰিপেয়াৰ কৰিব লাগিব ৷
সি আকৌ সুধিলে : ক’ত থাকিবা তেতিয়া ?
মই ক’লো : হোষ্টেলতে থাকিম ৷ বাকীবোৰো থাকিব ৷
বন্ধু জাঙোৰ খাই আহিল ৷ ক’লে : তুমি আমাৰ ঘৰ থাকোতে আকৌ হোষ্টেলত কিয় থাকিবা ? আমাৰ ঘৰতে থাকিবা ৷
মই অলপ আচৰিত হ’লো আৰু লগতে অলপ বিৰক্ত হ’লো ৷ আচৰিত হ’লো, কাৰণ দুবছৰ দেখোন ইয়াতে থাকিলো আৰু এমাহ থাকিলে আকৌ কি অসুবিধা হ’ব ? বিৰক্ত হ’লো কাৰণ, দুবছৰীয়া বান্ধোনৰ পাছত এতিয়া অলপ আজাদী পাইছো ৷ ৰাতি ৰাতি অশোকা, অপ্সৰালৈ যাব লাগিব ৷ ক’ত অশোকা, অপ্সৰা ক’ত আৰু ক’ত তাৱৈদেউৰ ঘৰ!!!!!!!!!!!!
দুদিনমানৰ পাছত ফিজিক্স নে কেমেষ্ট্ৰীৰ প্ৰেক্টিকেল আছিল ৷ তাৰ পাছতে নেগুৰ কটা বাঘ!!! কোনে পাই আৰু??? প্ৰেক্টিকেল শেষ কৰি ততাতৈয়াকৈ হোষ্টেলৰ ফালে খোজ ল’লো ৷ চি.এম. হোষ্টেলৰ গেইটখন পাৰ হৈয়ে চকুত পৰিল নিউ হোষ্টেলৰ সন্মুখত তাৱৈদেউৰ ৰঙা লাইট লগোৱা বগা এম্বেছাডৰ গাড়ীখন ৷ বুকু চিৰিংকৈ মাৰিল ৷ ঘটনা বেলেগ যেন লাগিল ৷ নিউ হোষ্টেল পাই গম পালো আজি বন্ধু অকলে নহয়, লগত আমৈদেউও ৷ কিন্তু ৰুমৰ ভিতৰত সোমাই মোৰ চকু কপালত উঠিল ৷ হাঁহিম নে কান্দিম ধৰিব পৰা নাই ৷

২য় খণ্ড :

ৰুমত সোমাই দেখো বন্ধুবৰ বহি আছে মোৰ পালেংখনৰ তক্তাৰ ওপৰত, আমৈ বহি আছে কাঠৰ চকিখনৰ ওপৰত আৰু মোৰ ৰুমমেটতো বহি আছে মোৰ ট্ৰাঙ্কতোৰ ওপৰত ৷ট্ৰাঙ্কৰ কাষতে ধুনীয়াকৈ বান্ধি থোৱা আছে মোৰ হ’ল্ড-ও’লতো!!! বুজিলো কি হ’ল ৷ ৰুমমেটতোকে দোঘোচামান সোধাই দিম যেন লাগিল ৷ আমৈলৈ চাই বেঙা হাঁহি এটা মাৰিলো ৷
তেখেতে ক’লে : পৰীক্ষা শেষ হ’ল নহয়, ব’লা ৷
মই ক’ব খুজিছিলো : আমৈ পৰীক্ষাহে শেষ হ’ল , আচলখিনি আজি ৰাতিহে আছে ৷ নাযাওঁ নেকি আজি ?
ঘুৰি চাই দেখো লাভ নাই ৷ মোৰ বস্তু গৈ ৰঙা লাইট লগোৱা বগা এম্বেছাডৰৰ ডিকিত ৷ চুপ-চাপ গাড়ীত উঠিলোগৈ ৷ খঙতে ৰুমমেটতোকো ভালকৈ মাত দিয়া নহ’ল ৷ নিতু, পদুম, প্ৰণব কাকো মাত লগোৱা নহ’ল ৷ গৈ বন্ধুৰ ঘৰ পালোগৈ ৷ দুমহলীয়া ঘৰ ৷ আমৈদেউহঁত তলত থাকে, বন্ধু অকলে দুটা ৰুমলৈ ওপৰত থাকে ৷ মই যাম, পঢ়া-শুনা কৰিম গতিকে মোক ওপৰৰ ৰুম দুটা এৰি দি বন্ধু তলৰ মহলা পালেগৈ ৷ দেখো বিচনা, চকি-টেবুল সকলো সাজু কৰি থৈছে ৷ যেতিয়া বন্ধুৱে মোক বৰুৱা এজেঞ্ছিৰ দ্বাৰা প্ৰকাশিত আৰু তিনিজন গ’ল্ডমেডেলিষ্টিৰ দ্বাৰা প্ৰণিত ইঞ্জিনীয়াৰিং এন্ট্ৰেঞ্চ পৰীক্ষাৰ সহায়িকাখন উলিয়াই দিলে মই আৰু ৰ’ব নোৱাৰিলো ৷
অলপ ভয়ে ভয়েই ক’লো : বন্ধু ষড়যন্ত্ৰতো কি কৈ দিয়া ৷
বন্ধুৱে মোৰ মুখলৈ চাই যি হাঁহি মাৰিলে মোৰ অন্তৰাত্মা কঁপি উঠিল ৷ বৰ চিনাকি এই হাঁহি ৷ আমি ভুক্তভোগীয়েহে জানো এই হাঁহিৰ অৰ্থ কি হ’ব পাৰে ! কি কি কৰোৱা নাই বন্ধুৱে আমাৰ দ্বাৰা ৷ এইবাৰতো মই অকলে ৷ বাচিমনে বাৰু অভিযানৰ অন্তত ? ৰাতি শুবলৈ লৈ মনতে ভাবিবলৈ ধৰিলো কি হ’ব বাৰু এইবাৰ!!!!!
কোকৰাঝাৰৰ অটব্য শালকাঠনিত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানটো কৰোতে বাৰু আমি হাইস্কুল পাইছিলোহে মাথোন ৷ হৰিণাগুৰিৰ পাহাৰৰ পৰা আমাৰ ঘেগেলা চাইকেলেৰে মাউন্টেন বাইকিং কৰি নামি আহোতে মই মৰিম বুলিয়ে ভাবিছিলো ৷ এবাৰ ক্লাছ চিক্সমানত থাকোতে ৰাতি তাৰ ঘৰত থাকিবলৈ গৈছিলো আমি চাৰিটামান ৷ কিনো আৰু গৈছিলো ? সিয়ে মাহঁতক সৈমান কৰি আমাক লৈ গৈছিল ৷ ডাঙৰ ছাৰপ্ৰাইজ এটা দিব বোলে ৷ ৰাতি ভাতখোৱাৰ পাছত ডিম-লাইট অ’ন কৰি “ডাঙৰ ছাৰপ্ৰাইজ”তো দিলে ৷ বিচনাৰ তলৰ পৰা উলিয়ালে প্ৰায় এক-ডেৰ ফুটমান দীঘল এটা জন্তু ৷ মুখত এগালমান চেল’টেপ মাৰি থোৱা আছিল ৷ মই জন্তুতো এটা ঘৰিয়াল বুলি ভাবিছিলো ৷ বন্ধুৱে জ্ঞান দিলে : এইতো কেকো সাপ ৷ আজি আমাৰ লগতে শুব ৷
শুই থকাতোৱে ভাল কথা হ’ব ৷ দেখা যাওঁক কি হয় !!!

৩য় খণ্ড :

পুৱা ১১ মান বজাত মই ওলালো ‘নিজৰ হোষ্টেল’লৈ বুলি, বন্ধু ওলাল তেওঁৰ কলেজলৈ বুলি ৷
আমৈদেৱে অৱশ্যে সুধিছিল : তোমাৰ ক’ছিং ক্লাছ ৪ বজাৰ পৰাহে নহয় জানো ?
আমৈদেৱে নোকোৱা কথাখিনিও বুজিলো ৷
মনতে ভাবিলো : কেইটামান ভাল ভাল অজুহাত বিচাৰি থ’ব লাগিব ৷
হোষ্টেল পালোগৈ ৷ যোৱা নিশাৰ জমনিখিনি শুনিলো ৷ ভাগ্য ভাল মোক কোনেও নুসুধিলে মইনো কি কৰিলো যোৱা ৰাতি ৷ ৪ বজাৰ পৰা কামৰূপ একাডেমীত ক্লাছ কৰি ৭মান বজাত ঘৰ পালোগৈ ৷ ৰাতি হ’লে অলপ পঢ়া-শুনা কৰো – কাৰণট চাইকেল, অৰ্গেনিক কেমিস্ট্ৰি, ইন্টিগ্ৰেছন যি পাৰো পঢ়ি যাওঁ ৷ মাজে মাজে তলৰ মহলাৰ পৰা আহি বন্ধুৱে দেখা দিয়েহি ৷ বিশেষ একো নকয় , নকৰে ৷ এই ৰুটিন কেইবাদিনো চলিল ৷ যিমানেই দিন বাগৰিছে মোৰ টেনছন সিমানেই বাঢ়িছে ৷ মই জানো মোৰ বন্ধুক ৷ এয়া একো ভাল লক্ষণ নহয় ৷ বন্ধুৱে ১০/১৫ দিন একো বিস্ফোৰণ নঘটোৱাকৈ আছে ৷ এইটোতো এটা নিশ্চিত অশণি সংকেত!!!!!
এদিন ক্লাছ কৰি মই ঘৰ সোমাইছোহি ৷ সেইদিনা তাৱৈদেউ ঘৰতে আছিল ৷ মই ওপৰলৈ নগৈ তলতে হাত-মুখ ধুই চাহ একাপ খাই ল’লো ৷ অলপ তাৱৈদেউৰ ওচৰত বহিলো ৷ তেখেতে স্বভাৱসিদ্ধ গলগলীয়া মাতেৰে সুধিলে : কেনে চলিছে (পঢ়া-শুনা) ?
মই ক’লো : কৰি আছো ৷ বহুত কথা পাহৰি গৈছো ৷ অলপ কষ্ট কৰিব লাগিব ৷
এনেয়ে কৈ দিলো তেনেকৈ ৷ ভাবিলো এইটোৱেই “বেষ্ট লাইন অ’ব এক্সন” হ’ব ৷ লগতে এইতো কথাও মনলৈ আহিল । যোৱা দুটা বছৰ গধুলি চাহ নোখোৱাকৈ পাৰ হৈছিল ৷ তাৱৈদেউ থাকিলে চাহকাপ নাখালেও চলিব ৷
তাৱৈদেউ অলপ পৰ একো নোকোৱৈ থাকি হঠাৎ মনত পৰা দি সুধিলে : আমাৰটোৱে পঢ়া-শুনা কৰিছে নে?
মই কি ক’ম ভাবি থাকোতেই তেখেতে আকৌ ক’লে : আজি কোন আহিছে, এইবোৰ ?
মই উচপ খাই উঠিলো ৷ সুধিলো : কোনবোৰ ?
তাৱৈদেউৱে যিদৰে মোৰ ফালে চালে তাৰ মানেতো মোৰ এনে লাগিছিল : দগধাতো কৰবাৰ, কথা কবলৈ আহিছ? তহতঁক মই ওপজাৰে পৰা পাইছো ৷
মই আৰু কথা আগ নবঢ়হাই চাহৰ কাপতো কোনোমতে নভঙাকৈ থৈ ওপৰ মহলালৈ দৌৰ মাৰিলো ৷ ৰুমত সোমাই দেখো ৭/৮জন মান আমাৰ বয়সৰ ল’ৰা, ২জন খুৰাদেউ টাইপ মানুহ আৰু এজনী দিপলিপ যুৱতী ৷ (ইমান দুৰ্যোগৰ মাজতো মনতো ভাল লাগি গ’ল ৷ কোন কলেজত বা পঢ়ে?) বন্ধুৱে বাৰু হিপনটিজিম জানে নেকি? ই বাৰু কেনেকৈ ইমানবোৰ মানুহ সন্মোহিত কৰে ? মোৰ বা আমাৰ কথা বেলেগ ৷ আমি লি.পি. স্কুলত থাকোতেই সি আমাক গিৰাই দিছিল ৷ কিন্তু এই খুৰাদেউ দুজনৰ কি হ’ব ?
বন্ধু মোক দেখিয়ে যিটো ইংগিত দিলে তাৰ মানে হৈছে : তুমি মনে মনে থাকিবা ৷ খালি মূৰতো দুপিয়াই থাকিবা ৷ বাকী মই চম্ভালি ল’ম ৷
বুকু ধপধপাবলৈ ধৰিলে ৷ কৰিছে কি ? কি চম্ভালিছে ? মই একো বুজা নাই ৷
মোৰ হাৰ্ট এটেক হোৱা যেন লাগিল যেতিয়া বন্ধুৱে ঘোষণা কৰা শুনিলো : মইযে কৈ আছিলো মোৰ বন্ধু প্ৰতিভূৰ কথা, ইয়ে হয় ৷ আমাক ইয়ে বচাব এতিয়া ৷
লগে লগে হাত-চাপৰি ৷ মোৰ উশাহ-নিশাহ বন্ধহৈ আহিছিল ৷ এটা কথা অৱশ্যে ক’ব লাগিব, দিপলিপ যুবতীযে যেতিয়া মোৰ ফালে চাই মিচিককৈ হাঁহি এটা মাৰি দিলে মই মনতে ভাবিলো অন্ততঃ কষ্ট সাৰ্থক হ’ব ৷ বন্ধুৱে ইতিমধ্যে বাকীবোৰৰ লগত মোক চিনাকী কৰাই দিলে ৷ গম পালো যুবতীৰ নাম ৷ হঠাৎ মোৰ সম্বিত ঘুৰি আহিল ৷ মই কৰিব লাগিব কি???

৪ৰ্থ খণ্ড :

আলহী গ’ল, আমি ভাত খালো, আহি ওপৰ পালোহি ৷ মই মনে মনে আছো ৷ চাই আছো বন্ধুৰ মুখৰ ফালে ৷ জানো প্ৰশ্ন কৰি লাভ নাই ৷ তথাপিও মোৰ চকুৰ চাৱনি যিটো কৰিছো তাৰ মানেতো হৈছে : কোৱা আৰু এতিয়া !!!!
বন্ধু নিৰ্বিকাৰ ৷ দিয়াচলাই কাঠি এডালেৰে দাঁত খৰকিয়াই আছে ৷ দেখিলে এনে লাগে যেন একোৱে নাজানে৷ উপায় নাই ৷ ৰৈ আছো ৷ এটা সময়ত দাঁতৰ গুৰি চফা হ’ল গৈ ছাগৈ ৷ ক’লে : আহিছিল যে দুৱৰাদা, তেওঁ খুব ভাল সঙ্গীত পৰিচালক ৷
মই মুখেৰে একো নামাতিলো ৷ তথাপিও মোৰ চকুৰ চাওনিয়ে ঠিকেই কৈছে : এই সব বাদ দিয়া, আচল কথা কোৱা ৷
বন্ধুৱে কৈ গ’ল : আৰু যে সমিৰণ দা আহিছিল খুব ভাল কেমেৰামেন ৷ নামতো শুনিছা ছাগৈ ?
কথা শুনি বুকুখনে ধাপলুংকৈ মাৰিলে ৷ ই ক’ৰবাত চিনেমা-টিনেমা কৰি থকা নাইতো?????
বন্ধুৱে মোৰ চকুলৈ নোচোৱাকৈ কৈ গ’ল : ঠিকেই ভাবিছা তুমি ৷
মই কোনোমতে সুধিলো : মানে ?
বন্ধুৱে ক’লে : আমি চিনেমা এখন কৰি আছো ৷ তুমি অলপ হেল্প কৰি দিব লাগে ৷
মোৰ সুধিবলৈ মন গৈছিল : মই আকৌ কি কৰিম ??? দুৱৰাদা সঙ্গীত পৰিচালক, সমিৰণ দা কেমেৰামেন, তুমিতো নিৰ্ঘাট ডাইৰেক্টৰ, দিপলিপ যুবতী নায়িকা, বাকী থকাৰ মাজত নায়ক-খলনায়ক আছে৷ মই আকৌ কি কৰিম ? টেকনিকেল স্পটবয়????
বন্ধুৱে সহায়কণ কৰি দিলে যেনিবা ৷ যেন একোৱে হোৱা নাই তেনে ভাবত ক’লে : আমাৰ সকলো ৰেডি হৈ আছে তুমি মাত্ৰ কাহিনীটো লিখি দিব লাগে ৷ এনে লাগিল যেন মোৰ কাণ আৰু মগজুৰ মাজৰ স্নায়ুডালে ঠিককৈ কাম কৰা নাই ৷
মই সুধিলো : কি কৈছা তুমি?
মোৰ কথা শুনি বন্ধুৱে যি হাঁহি মাৰিলে মোৰ এনেকুৱা লাগিল যেন মই সাংঘাটিক জমনি কথা এটাহে ক’লো ৷ আজি কালি যে কমেডি চাৰ্কাছত অৰ্চনা পূৰণ সিঙে হাঁহে ঠিক তেনেকৈ ৷ কোনোমতে উশাহলৈ বন্ধুৱে ক’লে : তুমি কিয় ইমান চিন্তা কৰাহে ?
মনতে ভাবিলো : মূৰতো দেৱালত মাৰি দিম নে বন্ধুৰ মূৰত ৷
বন্ধুৱে আকৌ ক’লে : তুমি একো চিন্তা নকৰিবা ৷ আমাৰ কাহিনী ৰেডি হৈ আছে ৷ তুমি খালি স্ক্ৰিপ্ট লিখি দিলেই হ’ব ৷
মোৰ ফালে অলপ পৰ চাই, কিবা এটা ভাবি সুধিলে : স্ক্ৰিপ্ট মানে কি জানা নহয়?
যদিও মই উত্তৰ দিব লাগিছিল নাজানো বুলি মই সুধিলো : দোস্ত কথা এটা কোৱাচোন, মোক এই বাৰু গুৰুদ্বায়িত্ব কি কাৰণে দিলা ? যি উত্তৰ পালো সেইয়া অকল মোৰ বন্ধুৱেই ভাবি উলিয়াব পাৰে ৷ ক’লে : মেট্ৰিক পৰীক্ষাত তুমি আমাৰ আটাইকেউটাৰে ভিতৰত ভাল ৰিজাল্ট কৰিছিলা ৷ গতিকে চিনেমাৰ লিখা-পঢ়াৰ কামখিনিও তুমিয়ে কৰিব লাগিব ৷ বুজিলো, বন্ধুৱে কৈছে মই লিখিব লাগিব ৷ মানে মই পাৰিম নে নাই সেইতো ইমান ডাঙৰ কথা নহয় ৷
ভাবিলো কৈ চাওঁ নেকি : মেট্ৰিক পৰীক্ষাত মই নকল মাৰিহে পাছ কৰিছিলো ???
বন্ধুৱে আকৌ আৰম্ভ কৰিলে : তুমি পাৰিবা ৷ মই দেখুৱাই দিম ৷ এতিয়া শুই থাকা ৷ কাইলৈৰ পৰা কামত লাগি যাব লাগিব ৷
বন্ধু শুবলৈ গ’ল ৷ ময়ো বিচনাত পৰিলো ৷
ভাবিলো : এইবাৰ বৰ বেয়া প্ৰপ’জেল দিয়া নাই যেন পাওঁ ৷ ‘
দিপলিপ’ৰ চেহেৰাতো চকুৰ আগত ভাহিবলৈ ধৰিলে ৷ আকৌ সন্দেহ হ’ল, বাচিম জানো ? মোৰ এইজন বন্ধু মানেইতো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন!!!!!!

৫ম খণ্ড :

ৰাতিপুৱা শুই উঠি দেখো বন্ধুবৰ ৰৈ আছে মোৰ কাৰণে চাহ একাপলৈ ৷ মুখহাত ধুই ওচৰত বহিলো, চাহ একাপ হাতত ল’লো ৷
অলপ সময় ৰৈ বন্ধুৱে ক’লে : আমি কাহিনীতোৰ কাৰণে অষ্ট্ৰেলিয়ালৈ যাব লাগিব ৷
নাকে-মুখে যেনিযে তেনিয়ে চাহ সোমাই গ’ল ৷
মই ক’লো : মোৰতো পাছপৰ্ট নাই৷
মোৰ কথাত বিশেষ গুৰুত্ব নিদি কৈ গ’ল : আচল কাহিনীতো অষ্ট্ৰেলিয়াৰ কেইজনমান কলেজীয়া ল’ৰা-ছোৱালীৰ ৷ আমি তাকে গুৱাহাটিৰ পটভুমিত লিখি উলিয়াম ৷
মোৰ সুধিবলৈ মন গৈছিল : তুমি আমাৰ দেশৰ ল’ৰা-ছোৱালীৰ কাহিনী এটা নল’লা কেলৈনো ?
পাছে সুধিলো : তুমি এই কাহিনীতো পালা ক’ত ?
মোৰ কথাত গুৰুত্ব নিদি কৈ গ’ল : কেইজনমান কলেজীয়া ল’ৰা-ছোৱালী পিকনিক খাবলৈ পাহাৰ এখনলৈ গৈছিল ৷ তাতে এটা গুহাৰ ভিতৰলৈ সোমাই গৈ ল’ৰা-ছোৱালী কেইটামান হেৰাই গ’ল ৷ এইতোৱে কাহিনীতোৰ সাৰম ৰ্ম৷
বন্ধু আকৌ মৌন হৈ গ’ল, কি কাৰণে তেওঁহে জানিব ৷ হয়তো মোক ভাবিবলৈ সময় দিছে নাইবা এনেয়ে ৰৈ দিছে যাতে মোৰ উৎকন্ঠা আৰু বাঢ়ে ৷
মই সুধিলো : কাহিনী বাৰু হৈ যাব, চুটিং ক’ত কৰিবা ? গুৱাহাটীত গুহা পাবা ক’ত ?
বন্ধুৰ মুখলৈ চায়ে গম পালো গুৱাহাটিতে গুহা আছে ৷
বন্ধুৱে ক’লে : আছে, গুৱাহাটিত গুহা আছে ৷ ৰেডিওঁ চেন্টাৰৰ ওপৰত যে মস্ত টাৱাৰতো আছে, তাৰ ওচৰতে এটা ধুনীয়া গুহা আছে ৷ আমাৰ কাম হৈ যাব ৷
বহি গ’লো দুই বন্ধু কাগজ, কলম, ভুজিয়ালৈ ৷ বন্ধুৱে কাহিনীকৈ যায় মই লিখি যাওঁ ৷ অলপ লিখাৰ পাচতেই বুজিলো, স্ক্ৰিপ্ট লিখা মানে কি ৷ স্ক্ৰিপ্ট লিখা মানে “ডাইৰেক্টৰে কৈ যোৱা কথা / কাহিনীৰ শ্ৰুতলিপি লিখা” ৷
মাজে মাজে মই দুই-এটা মান ডাইল’গ সলনি কৰি দিলো ৷ এসময়ত ডাইৰেক্টৰ বন্ধুৱে মোলৈ চাই হাঁহি এটা মাৰিলে ৷ হয়তো বুজালে : কোৱা নাছিলোনে, মই তুমি পাৰিবা বুলি ? এপাকত বন্ধুক সুধিছিলো : চিনেমাখনৰ নাম কি ?
বন্ধুৱে উত্তৰ দিলে : প্ৰহেলিকা ৷
মই কিবা এটা ভাবি ক’লো : পাৰ্টনাৰ , প্ৰহেলিকা নথৈ অশান্ত প্ৰহেলিকা থলে চাছপেঞ্চ বেচি হ’ব নেকি ?
কবলৈহে পালো, বন্ধুৰ প্ৰতিক্ৰিয়া চাবলগীয়া আছিল ৷ এনে লাগিল যেন অস্কাৰ নহ’লেও ফিল্মফেয়াৰ এৱাৰ্ডহে যেন পালে ৷ মোক দাঙিলৈ দুপাকমান মাৰি চিঞৰিলে : বঢ়িয়া, বঢ়িয়া৷
এনেকৈয়ে চিত্ৰনাট্য আগবাঢ়িল আৰু মোৰ পঢ়া-শুনা পাছ পৰিল ৷ কাম ভালেখিনি আগবাঢ়িল ৷ মই বুজিলো বন্ধুৱে চিনেমাৰ কিছু কথা জানে ৷
এদিন মোক হঠাতে ক’লে : ব’লা, জেছমিনৰ পৰা আহোগৈ, কাম এটা আছে ৷
লাভ নাই কাৰণে সোধা নাই কি কাম আছে ৷ যাওঁতে ভাবি গৈছো নিশ্চয় আমি “টমেট’ চছ্”ৰ বটল আনিবলৈ যোৱা নাই ৷ ক’বলৈ পাহৰিছো, জেছমিন হৈছে সেই সময়ত গুৱাহাটিত থকা এটা নাম কৰা টমেট’ চছৰ কোম্পানী ৷ গৈ পালোগৈ কালাপাহাৰৰ ফালে থকা জেছমিনৰ কাৰখানা ৷ দেখিছো ৰঙালাউ, বিলাহী আদিৰে মস্ত, মস্ত কেৰাহিত জেছমিন টমেট’ চছ্ তৈয়াৰ আছে ৷ বহি আছো অফিছ যেন লগা ৰুম এটাত ৷
অলপ পাছত পেটুৱা মানুহ এজন আহিল ৷ চিনাকি কৰি দিলে – হৰিপদ সৰকাৰ, জেছমিনৰ মালিক ৷ নমস্কাৰ দিলো ৷
কথা-বতৰা শুনি গম পালো তেওঁ অশান্ত প্ৰহেলিকাৰ প্ৰযোজক ৷
মই ইফাল-সিফাল কৰি চাৰিওফালে চালো ৷ভালেইতো দেখিছো হৰিপদবাবুৰ ব্যৱসায় ৷ ভাল দেখিবলৈ আৰু কি আছে ? ৰেবতীৰ ছাউ-ছাউৰ পৰা আৰম্ভ কৰি, কল্যাণীৰ আলু পৰঠাৰ পৰা ৰিজাৰ্ভ বেঙ্ক চাৰিআলিৰ হোটেল কেলিফৰ্নিয়াৰ ঘুগুণীলৈকে সকলোতেতো জেছমিনেই জেছমিন ৷ বন্ধুৱে কিবা যাদু জানে নেকি বাৰু??? কেনেকৈ হৰিপদবাবুক সৈমান কৰালে বাৰু??? আলোচনাৰ অন্ত এইটো ঠিক হ’ল যে হৰিপদবাবুৱে প্ৰথমে দহহাজাৰ টকা দিব ৷ কাম যিমানে আগবাঢ়ি যাব তেখেতে টকা দি যাব ৷ ৰিক্সাত উঠি ঘূৰি আহোতে মনতো ভাল ৷ কামতো হ’বগৈ তাৰ মানে ৷ ঘৰ পালোহি ৷ পাছদিনা দেওবাৰ ৷ বন্ধু কেনিবা ওলাই গ’ল ৷ তাৱৈদেউ ঘৰতে আছিল ৷ এপাকত মোক মাতি পঠিয়ালে ৷
গলগলীয়া মাতেৰে ক’লে : বুজিছ, মাজতে আমাৰ এইটোৰ মূৰত চিনেমাৰ ভূত সোমাইছিল ৷ কোনোমতে ভূত খেদিলো ৷ তই আহিছ, মই ভাল পাইছো৷ অন্ততঃ তোৰ লগত পঢ়ি সি দুই এটা কথা শিকিছে ৷
মই কোনোমতে সেপ ঢুকি সুধিলো : ক’তনো পঢ়িছে ?
তাৱৈদেউৱে ক’লে : সেইযে তোৰ লগত লিখা-পঢ়া কৰিছে, সেয়ে বহুত ৷ তই যি পাৰ শিকাই দিবি ৷ পাৰিছেনে বাৰু সি ? বুজিলো বন্ধুৱে তলত কৈ আহে, মোৰ লগত ফিজিক্স পঢ়ে বুলি ৷ মোৰ ক’বলৈ মন গৈছিল : মই আৰু কি শিকাম, মোকেই শিকাই আছে৷
তাৱৈদেউৱে কৈ গ’ল : আগৰ তাৰ চিনেমা কৰা বন্ধুকেইটা পালে মই আটাইকেইটাৰে ভৰি ভাঙিম৷ (মোলৈ চাই) বুজিছ, যদি সি আকৌ চিনেমাৰ কথা কয়, তই মোক ক’বি ৷ তই তাক বুজাব অলপ ৷
মই বুজিলো, মই এতিয়া ডবল এজেন্ট হ’লো ৷
মনতে ভাবিলো : তাৱৈদেউৱে যেতিয়া গম পাব মই স্ক্ৰিপ্ট লিখি আছো বুলি তেতিয়া ছাগৈ ভৰিৰ লগতে মোৰ হাত দুখনো ভাঙিব ৷

অন্তিম খণ্ড :

সাংঘাটিক বিপদত পৰি গ’লো ৷
বিচনাখনত বহি বহি চিন্তা কৰি পাৰ পোৱা নাই কি কৰা যায় ৷ হাজাৰ হ’লেও বন্ধুক বিপদত পেলাব নোৱাৰো ৷ ইফালে তাৱৈদেউ মোৰ পিতৃতুল্য ব্যক্তি ৷ তেখেতৰ কথাও পেলাব নোৱাৰো ৷ ভাবি ভাবি পালোগৈ বন্ধুৰ আগত এক্টিং কৰিম, মোৰ JATৰ প্ৰস্তুতি একোকে হোৱা নাই ৷ কিনো আৰু এক্টিং কৰিম সচাকৈয়ে একো হোৱা নাই! এইতো কৰিলে বন্ধুৰ চিনেমা বন্ধ নহয়, কিন্তু মোৰ ‘হাত-ভৰি কেইটা’ বচাব পাৰিম ছাগৈ ! মাজে মাজে মই অবশ্যে বন্ধুক বুজাবলৈ চেষ্টা কৰো যে “এই চিনেমা-তিনেমা কৰা কামতো বৰ বুধিয়কৰ কাম নহয় ৷ আনকি বহুসময়ত এনেকুৱাও হৈছে যে চিনেমাত লাগি থকাৰ কাৰনে বহুতৰে হাত-ভৰিও ভাঙি গৈছে৷”৷ পাছে এইবোৰ চেষ্টাৰ একো লাভ নাই!!! খুব সম্ভব জানে কথাতো যে মই ডবল এজেন্টৰ কাম কৰি আছো আৰু লগতে ভালকৈ জানে তাৰ দৰব কি ৷
কেতিয়াবা কৈ দিয়ে : ব’লা ‘দিপলিপ’ৰ ঘৰৰ পৰা আহোগৈ ৷ আকৌ কেতিয়াবা কৈ দিয়ে : যাবা নেকি ? গুহাটোত কিবা এটা চাই আহিব লাগিছিল ৷ ‘ দিপলিপ’ক লগ পোৱাৰ আশাত, এডভেঞ্চাৰৰ মোহত মই আকৌ তাৱৈ-আমৈকে ‘ডবল ক্ৰছ’ কৰি লাগি যাওঁ অশান্ত প্ৰহেলিকাৰ পাছত ৷
…..
……………….
কাহিনী আগবাঢ়িল ৷
মস্ত-মস্ত এলছিছিয়ান কুকুৰ দুটালৈ পুলিছ আহি ওলালেহি গুহাত হেৰুৱা ল’ৰা-ছোৱালী বিচাৰি ৷ আমাৰ কাহিনী ভালেমান আগবাঢ়িল ।
ক’ব নোৱাৰাকৈয়ে আপদীয়া ইঞ্জিনীয়াৰিঙৰ এন্ট্ৰেঞ্চ পৰীক্ষাডাল আহি ওলালেহি ৷ পৰীক্ষা দিলো আৰু তাৰ এদিন নে দুদিন পাছত মই তাৱৈদেউৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ যাবলৈ ওললো ৷ বিদায়ৰ মূহুৰ্তত বন্ধুৱে মোক ঘৰৰ চাদলৈ লৈ গ’ল ৷ ব্ৰহ্মপ্ৰতিজ্ঞা এটা কৰালে যেন মই অশান্ত প্ৰহেলিকাৰ নিৰ্মাণৰ ৰহস্য কাৰো আগত, বিশেষকৈ আমাৰ দুয়োৰে ঘৰত, ভুলতো উল্লেখ নকৰো ৷ লগতে এইতো খবৰো মোক দিলে যে যদি দৰকাৰ পৰিলে বন্ধু পলাই গৈ হ’লেও পুণাত থকা ফিল্ম ইন্চটিউটত পঢ়িবই হেনো ৷ এই কথাতোওঁ যাতে মই গুপুতে ৰাখো ৷ ময়ো বন্ধুৰ দুহাতত ধৰি অশ্ৰুসিক্ত নয়নেৰে, মূৰ জোকাৰি-জোকাৰি প্ৰতিশ্ৰুতি দিলো ৷
লগতে অৱশ্যেই ভাবিছিলো : বন্ধুৱে বাৰু তেওঁৰ পুণালৈ যোৱাৰ পৰিকল্পনাৰ কথা মোক নোকোৱা হ’লে এডমিচন নাপালে হয় নেকি? কি দৰকাৰ আছিল আৰু এটা বোজা মোৰ ওপৰত জাপিবলৈ?
তাৰ পাছত বহুদিন পাৰ হ’ল ৷ ইঞ্জিনীয়াৰিঙত চিট পালো ৷ নতুন পৰিৱেশ পালো ৷ অশান্ত প্ৰহেলিকা তল পৰিল ৷ অৱশ্যে বন্ধুৰ আগত কৰি অহা প্ৰতিজ্ঞা আৰু তাৱৈদৱে ‘চিনেমা কৰা বন্ধুকেইটা পালে মই আটাইকেইটাৰে ভৰি ভাঙিম’ বুলি দিয়া ভাবুকিৰ কথাও মই পাহৰা নাছিলো ৷ মাজে মাজে অশান্ত প্ৰহেলিকাৰ কিনো কি হ’লগৈ জানিবৰ মন যায় ৷ কিন্তু সেইটো ‘মোবাইলৰ যুগ’ নাছিল, নাছিল ‘ফেছবুকৰযুগ’ ৷ দিনৰ দিনতো ইঞ্জিনীয়াৰিঙত ক্লাছ, আবেলি পাণবজাৰৰ ৰঙীণ সময় আৰু নিশা হোষ্টেলৰ আমেজ ৷ তাৰ পাছত আৰু কেন্টাৰত উঠি গৈ অশান্ত প্ৰহেলিকাৰ খবৰ কৰিবলৈ মন নোযোৱা হ’ল ৷
দুটামান ষণ্মাসিক পাৰ হ’ল ৷ মা-দেউতা তেতিয়া দেউতাৰ চাকৰিসুত্ৰে চামগুৰিত থাকে ৷ মই কিবা এটা বন্ধত চামগুৰিলৈ বুলি গ’লো ৷ সন্ধিয়া দেউতা উভতি আহি খবৰ দিলে যে অলপপৰ পাছতে তাৱৈ আৰু আমৈ আমাৰ ঘৰত ৰাতি থকাকৈ আহি পাবহি ৷ হঠাৎ অলপ ভয় লাগি গ’ল ৷ যদি কেনেবাকৈ অশান্ত প্ৰহেলিকাৰ কথা সোধে ??? নিজকে সান্তনা দিলো : নাই নোসোধে ৷ কাৰণ তাৱৈদেউৰ জানিবৰে উপায় নাই ৷ আমি কিমান কি কৰি থৈছো, কেইটা কথানো জানে?
তেখেতসকল আহি পালেহি ৷ মই দেখাৰ লগে লগে ভৰিত পৰি সেৱা কৰিলো ৷ লগতে এটা প্ৰাৰ্থনাও কৰিলো নেদেখাজনক : বচাবা আৰু এইবাৰলৈ ৷ ইয়াৰ পাছত কাহানিও এদিন-দুদিন বন্ধ পালেই ঘৰলৈ বুলি দৌৰ নামাৰো ৷ কলেজতে থাকিম ৷
অলপ আলেঙে আলেঙেই ফুৰিলো ৷ মাজে মাজে দুবাৰ-এবাৰ টুকুৰিয়াই চালো, কিজানিবা কিবা খবৰ পাওঁয়ে অশান্ত প্ৰহেলিকাৰ ৷ কথাই কথাই গম পালো বন্ধু গৈ পুনা পালেগৈ ৷ ভাবিলো : ফিল্ম ডাইৰেক্টৰ হ’বলৈ পঢ়া-শুনাটো আৰম্ভ কৰিলেই, গতিকে আৰু কিহৰ চিন্তা ৷ দিওঁ নেকি সুধি, অশান্ত প্ৰহেলিকাৰ কথা ?
সুধিবলৈ লওঁতেই গম পালো বন্ধুৱে পুনাত ফিজিক্সত মেজৰলৈ ডিগ্ৰীহে পঢ়ি আছে ৷ হে প্ৰভূ ভাল বচালা আজি !!!
ৰাতি ভাতৰ টেবুলত তাৱৈয়ে দেউতাৰ ফালে চাই সুধিলে : হেৰা, তুমি অশান্ত প্ৰহেলিকাৰ নাম শুনিছা?
কোনোমতে চকিখনৰ পৰা নপৰাকৈ বহি থাকিলো ৷
ভাবিলো : কাইলৈৰ পৰা ভগা হাতেৰে খাব লাগিব৷
দেউতাই উত্তৰ দিলে : ৰন্জু হাজৰিকাৰ উপন্যাস নেকি?
তাৱৈয়ে মোৰ ফালে চাই ক’লে : তই শুনিছনে নাই?
মই তলমুৰ কৰিলো, নিজৰ হাত-ভৰিকিটালৈ চালো ৷
তাৱৈয়ে হাঁহি এটা মাৰি ক’লে : ওলাবি কালিলৈ, অশান্ত প্ৰহেলিকা নাচাৱ নেকি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক