অশালীন —অসীম তালুকদাৰ

“কোৱা কি হৈছিল? শাশ্বতীক কি কৈছিলা?” এইবাৰ অধ্যক্ষ চাৰে অলপ খঙেৰেই কলে৷

উত্তৰত একো নোকোৱাকৈ তলমূৰ হৈ থিয় হৈ থাকিল ৰাহুল৷ অংগনা বাইদেউ কাষতে ৰৈ আছে গতিকে সি মিছাও মাতিব নোৱাৰে৷ যোৱা চাৰিমাহত এয়া তৃতীয়বাৰ অধ্যক্ষৰ অফিচলৈ ৰাহুলৰ বিৰুদ্ধে অভিযোগ আহিছে৷ অপৰাধ একেটাই– একে শ্ৰেণীৰে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অশালীন শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ৷ ৰাহুলে ভয়ে ভয়ে এবাৰ অংগনা বাইদেউৰ ফালে চালে কিন্তু তেওঁৰ কঠোৰ মুখখন দেখি কোনো সহানুভূতিৰ আশা বাদ দিলে৷

আজি দুটা ক্লাছৰ মাজৰ বিৰতিৰ সময়ৰ কথা৷ টেবুলৰ তলত পৰা পেঞ্চিল এডাল হাতেৰে ঢুকি নোপোৱাৰ কাৰণে ভৰিৰে অলপ কাষলৈ আনিবলৈ চেষ্টা কৰিছিল শাশ্বতীয়ে৷ তেতিয়াই সন্মুখত বহা ৰাহুলৰ গাত শাশ্বতীৰ ভৰিখন লাগিল৷ ৰাহুলে ঘূৰি চাই কিবা কলে তাইক৷ আচলতে যে ভুলকৈহে ভৰিখন লাগিছিল সেয়া শাশ্বতীয়ে ৰাহুলক বুজাবলৈ চেষ্টা কৰিলে৷ কিন্তু ৰাহুলে নামানে৷ তাৰ মতে শাশ্বতীয়ে ইচ্ছাকৃত ভাবে তাক ‘লাথ’ মাৰিছে৷ অৱশেষত অলপ বিৰক্ত হৈ শাশ্বতীয়ে “তই ইমান ব’ৰ” বুলি কোৱাত ৰাহুল জাঙুৰ খাই উঠিল৷ “মই ব’ৰ যদি তই কি? তই ডবল ব’ৰ৷ পেটলী কৰবাৰ৷”

পেটলী বুলি কোৱা কাৰণে শাশ্বতীৰ খং উঠি ৰাহুলক অলপ জোৰকৈ ঠেলি দিলে৷ কিতাপৰ বেগটোৰে সৈতে ৰাহুলো কৰ্ফাল খাই পৰিল৷ তেতিয়াই খঙত অগ্নিশৰ্মা ৰাহুলে শাশ্বতীক উদ্দেশ্যি এৰিছিল সেই বাক্যবাণ৷ শ্ৰেণীৰ সমুদায় ছাত্ৰ-ছাত্ৰীৰ লগতে সেই সময়তে শ্ৰেণীকোঠালৈ সোমাই অহা অংগনা বাইদেউও স্তম্ভিত হৈ পৰিল৷ ত্ৰিছবছৰীয়া শৈক্ষিক জীৱনত আজিলৈকে অংগনা বৰমুদৈয়ে কোনো ছাত্ৰ-ছাত্ৰীয়ে তেনে কথা কোৱা শুনা নাই৷ আজি ষষ্ঠ শ্ৰেণীত পঢ়া এঘাৰ-বাৰ বছৰীয়া ল’ৰা এজনৰ মুখত শুনিবলৈহে বাকী আছিল!

পঢ়াওঁতে আজি অকণো মন দিব নোৱাৰিলে অংগনা বাইদেৱে৷ সময়তকৈ অলপ আগতেই ক্লাছটো শেষ কৰি ৰাহুলক লৈ অধ্যক্ষৰ অফিচ পালেহি৷ থুলমুলকৈ কথাখিনি কলে প্ৰিন্সিপাল চাৰক৷ কিন্তু সেই বিশেষ কথাখিনি তেওঁ ক’ব নোৱাৰিলে৷ সেয়ে অলপ খঙাল প্ৰকৃতিৰ অধ্যক্ষ যুগল বৰুৱাই ৰাহুলৰ পৰা শুনিব বিচাৰিছে৷

– শাশ্বতীয়ে মোক ঠেলি পেলাই দিছিল৷ সেয়ে মোৰ খং উঠিছিল৷

– মই যি সুধিছো সেই প্ৰশ্নৰ উত্তৰ দিয়া৷

– চাৰ প্লিজ৷ আগলৈ কেতিয়াও নকৰোঁ৷

– মোৰ প্ৰশ্নৰ উত্তৰ দিয়া৷

সেই সময়ত অধ্যক্ষৰ কোঠাত অন্য দুজন শিক্ষকো উপস্থিত আছিল৷ সকলোৱে ৰাহুলৰ মুখলৈ চাই আছে৷ অলপ সময় নিৰুত্তৰ আৰু তলমূৰ হৈ থাকি ৰাহুলে লাহে লাহে কলে ‘মই খঙতে কৈছিলো– শাশ্বতী, ইউ ব্লাডী হোৰ, ইউ ফা… বিটছ৷ ’

গোটেই অফিচটোত কাঁহ পৰি জীণ যোৱা অৱস্থা৷ নিজৰ অজানিতে প্ৰিন্সিপাল চাৰে সোঁহাতখনেৰে নিজৰ মুখখন ঢাকি ধৰিলে৷ তেওঁ বিশ্বাস কৰিব পৰা নাই৷ তেওঁ বাৰু ভুল শুনিলে নেকি? নিজৰ স্কুলীয়া জীৱনৰ হাইস্কুলৰ প্ৰধান শিক্ষক হৰমোহন পাটগিৰিৰ কথা তেওঁৰ মনলৈ আহিল৷ এবাৰ বন্ধু এজনৰ লগত কাজিয়া কৰা অপৰাধত দু্য়োজনকে গুৰুলা গুৰুলকৈ বেতেৰে কোবাইছিল৷ যুগল বৰুৱাৰ পিঠিত বেতৰ দাগ বহি ৰৈছিল৷ ঘৰত কথাটো গম পাই কিবা সহানুভূতি পোৱা বহুত দূৰৰ কথা, দেউতাকৰ পৰা পুনৰ পিটন খাইছিল৷ পাটগিৰি চাৰে যে ভালেই কৰিছিল কথাটো আজিও যুগল বৰুৱাই হাড়ে হিমজুৱে বিশ্বাস কৰে৷ কিন্তু আজিকালি সময় সলনি হ’ল৷ ল’ৰা-ছোৱালীক এতিয়া শাৰীৰিক শাস্তি বিহিব নোৱাৰি৷ অভিভাৱকে শিক্ষকক কোৰ্ট-কছাৰীলৈ টানি নিয়ে৷ তেওঁ ৰাহুলক সঁকিয়াই দিলে পুনৰ যদি অভিযোগ আহে ৰাহুলক সেই মুহূৰ্ততে স্কুলৰ পৰা বহিষ্কাৰ কৰা হ’ব৷ ৰাহুলৰ মাক-দেউতাকক স্কুললৈ মাতি পঠিয়াই চিঠি এখন লিখিলে৷

সিদিনা সন্ধিয়া আঠ মান বাজিছে৷ কাম কৰা মানুহজনীয়ে ৰাতিৰ সাজ বনাই সকলোৰে কাৰণে ডাইনিং টেবুলত সজাই থৈ গৈছে৷ এইমাত্ৰ কামৰ পৰা ঘৰ আহি পোৱা ৰাহুলৰ দেউতাক বিদ্যুতে সদায় কৰাৰ দৰেই কাপোৰ-কানি নসলোৱাকৈয়ে এক পেগ মদ লৈ বহিছে৷ ৰাহুল কাষতে বহি আছে, কিন্তু ৰাহুলক তেওঁ এষাৰো মাত দিয়া নাই৷ আধাঘণ্টা মান আগতে কামৰ পৰা আহি পোৱা ৰাহুলৰ মাক ৰশ্মিয়েও ইতিমধ্যে দ্বিতীয় গিলাচ ৱাইন বাকি লৈছে৷ ৰাহুলৰ দিনটোৰ বিষয়ে আনকি মাকেও এবাৰো সোধা নাই৷ তেতিয়াই বিদ্যুতে ৰাহুলক টিভি ৰিমোটটো ক’ত আছে বিচাৰি দিব দিলে৷ চোফাৰ তলত পৰি থকা ৰিমোটটো ৰাহুলে দেখা নাছিল৷ বিদ্যুতৰ ধৈৰ্যচ্যুতি ঘটিল৷ চোফাখনৰ ফালে আঙুলিয়াই দি তেওঁ ৰাহুলক গৰজি উঠিল – ‘চকুৰে নেদেখ নেকি? ইউ ষ্টুপিড ম’ৰণ৷ ’ ফোনত কিবা চাই থকা মাকে এবাৰ কেৰাহিকৈ চালে৷ একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি পুনৰ ফোন লৈ ব্যস্ত হৈ পৰিল৷ একো নমতাকৈ ভয়ে ভয়ে ৰিমোটোটো আনি ৰাহুলে দেউতাকৰ হাতত দিলে৷

বিদ্যুতৰ ফোনটো বাজি উঠিল৷ ফোনটো মাকৰ কাষতে আছিল৷ জিলিকি উঠা নামটো দেখি ৰশ্মিৰ খঙতে একো নাইকিয়া হ’ল৷ বিদ্যুতৰ অফিচৰ ব্যক্তিগত চেক্ৰেটাৰীৰ ফোন৷ “হোৱাই ইজ দেট ফা… বিটছ কলিং ইউ এট দিছ টাইম?” ৰশ্মিয়ে দলিয়াই দিলে ফোনটো বিদ্যুতৰ ফালে৷ দুটামান কথা পাতি ফোনটো থৈ দিলে বিদ্যুতে আৰু দাঁত কৰচি ৰশ্মিৰ ফালে চাই কৈ উঠিল– ‘দেটছ নান অব ইওৰ বিজনেছ– ব্লাডী হোৰ৷ ইউ ফাৰ্ষ্ট ষ্টপ শ্লিপিং উইথ দেট চন অব এ বিটছ, দেন লেকছাৰ মি৷” সেয়াই আৰম্ভণি৷ তাৰ পাছত ৰশ্মি আৰু বিদ্যুতে ইজনে সিজনক আৰু লগতে পৰিয়ালকো সাঙুৰি অসমীয়া-হিন্দী-ইংৰাজীত সানমিহলি কৰি গালি গালাজ আৰম্ভ কৰিলে৷ ৰাহুলে ভয়তে কুচিমুচি এটা চুকত বহি ৰল৷ এটা সময়ত ৰাহুলৰ ফালে চাই মাকে চিঞৰি উঠিল –”হোৱাই ডোণ্ট ইউ গো টু ইওৰ ৰুম এণ্ড ষ্টাডী৷ গাধ, ইদিয়ত৷”

নিজৰ ৰুমলৈ দৌৰি গৈ ৰাহুলে দুৱাৰখন বন্ধ কৰি ললে৷ সেয়া তেওঁলোকৰ ঘৰৰ নিত্যনৈমিত্তিক ঘটনা৷ বহুত সময় বিদ্যুত আৰু ৰশ্মিৰ কাজিয়া চলি থাকিল৷ গালি-গালাজৰ মাজতে এটা বিশেষ শব্দ ভাঁহি আহিল৷ দময়ন্তী খুড়ীয়ে সজাই থৈ যোৱা খানাখিনি আৰু কাঁহী-বাতি কোনোবা এজনে যে দলিয়াইছে সেয়া বুজাত ৰাহুলৰ অসুবিধা নহল৷ এনেকুৱা বহুত ৰাতি ৰাহুলে কান্দি কান্দি একো নোখোৱাকৈ পাৰ কৰিছে৷ মাক-দেউতাকৰ মাজত যেন মাৰ-পিট নালাগে তাৰ বাবে সি হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে৷

হঠাতে ৰাহুলৰ চকু গল প্ৰিন্সিপাল চাৰে দি পঠোৱা খামটোলৈ৷ যদি মাক আৰু দেউতাকে চিঠিখন দেখে তাৰ অৱস্থা কি হব ভাবি সি শিয়ৰি উঠিল৷ আগৰ বাৰ ঘৰলৈ অভিযোগ আহোঁতে দেউতাকে তাৰ পঢ়াৰ নামত কিমান পইছা খৰচ কৰিছে সেয়া সোঁৱৰাই দি ইমানকৈ পিটিছিল যে দুই-তিনিদিনলৈ তাৰ গা বিষাই আছিল৷ কোনোবাই দেখাৰ আগতেই সৰু সৰু টুকুৰা কৰি সি চিঠিখন ফালিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক