অশ্রাব্য(-স্মৃতিৰেখা ভুঞা )

পোতাশালৰ পৰা মুকলি কৰি দিয়া
এজাক উন্মাদৰ কিৰিলিত ত্রস্তমানমই
বিবেকক হত্যা কৰি পলাই ফুৰিছো,

সিহঁতে মুখত অঙঠা লৈ
শান্তিক মৃত্যু উপহাৰ দিব খোজে
দাহন কৰিব বিছাৰে
সম্প্রীতিৰ ঘূণেখোৱা দলং
আৰু অজ্ঞভাৱে মোৰ চকুৰ সন্মুখতে
দলঙৰ জুইত আত্মজাহ দিয়ে ।
কালিলৈ জ্বলন্ত অগ্নিপিণ্ডবোৰ ফুটছাঁই হ’ব
মৃতদেহবোৰ হ’ব শগুণৰ লোভনীয় খাদ্য।
হয়, মৃত্যু উপত্যকাৰ শীতল প্রান্তৰত
এজাক শগুণৰ অপেক্ষাত
মোৰ বিনিদ্র ৰজনীক উত্সৰ্গা কৰিছো,
মৰাশবোৰ টনাটনি কৰি
সিহঁতে কোৰ্হাল কৰিব
অত্যুত্তম খাদ্যৰে পৰিতৃপ্ত হ’ব সিহঁতৰ উদৰ।
সময় পুনৰ সুস্থিৰ হ’ব
প্রকৃতিত সন্তুলন আহিব
শান্তি বিৰাজিব মৰিশালিৰ নির্জনতাত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments