অশ্ৰুৰে অকাঁ এপাহি সুগন্ধি ফুলঃ ৰজনীকান্ত বৰদলৈ (- নিতুল বৰা)

চিনাকি অতীতৰ নোহোৱা তৰা তুমি
নোহোৱা অচিনাকি উল্কাফুল।
মাটিৰ পৃথিৱীয়ে হিমেৰে লিখি দিয়া
অশ্ৰু আখৰৰ তুমি সুগন্ধি ফুল।

ৰজনীকান্ত বৰদলৈ অসমীয়াৰ সঁচাকৈয়ে অশ্ৰুৰে অকাঁ এপাহি সুগন্ধি ফুল নে….???

অসমীয় সাহিত্যৰ উপন্যস সম্ৰাট উপাধিৰে বিভূষিত, একবিংশ শতিকাতো ঊনৈশ শতিকাৰ শেষৰছোৱাত আৰু বিংশ শতিকাৰ প্ৰথমচোৱাতো যি গৰাকী লোকৰ সম্পূৰ্ণ আধুনিকতাৰ বাৰ্তা বহনেৰে বুৰঞ্জীমূলক উপন্যাস লিখি ভষা-সাহিত্যক চহকী কৰিলে সেইগৰাকীয়েই হৈছে ৰজনীকান্ত বৰদলৈ।

ৰজনীকান্ত বৰদলৈ হয়তো কেতিয়াও ঔপন্যাসিক নহলহেঁতেন, তেওঁ বুৰঞ্জীমূলক উপন্যাস লিখাকে জীৱনৰ ব্ৰত নকৰিলেহেঁতেন, যদিহে তেওঁ কাহানিও গেইট্ চাহাবক লগ নাপালেহেঁতেন। ইংৰাজ বুৰঞ্জীবিদ ছাৰ এডৱাৰ্ড গেইট্ চাহাব আছিল অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়া। এদিন চৰকাৰী কামতেই গেইট্ চাহাবৰ সৈতে ৰজনীকান্ত বৰদলৈৰ সংযোগ ঘটিল। যথাসময়তেই বুৰঞ্জীবিদ গেইট্ চাহাবে ৰজনীকান্ত বৰদলৈক অসমৰ বুৰঞ্জী সম্পৰ্কে কেইটামান প্ৰশ্ন কৰে, কিন্তু তেওঁ সেই সম্পৰ্কত কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। তাৰ পাছত গেইট্ চাহাবে ৰজনীকান্ত বৰদলৈক গৰিহণা দিয়াৰ সুৰত কলে-তুমি অসমৰ শিক্ষিত ডেকা, এজন গ্ৰেজুৱেট, অথচ অসমৰ বিষয়ে একো নাজানা।

সেয়াই আছিল আৰম্ভনি, তেওঁ গেইট্ চাহাবৰ কথাত লাজ পায় আৰু গেইট্ চাহাবৰ অনুপ্ৰেৰণাত বুৰঞ্জী বিষয়ৰ প্ৰতি আগ্ৰহী হৈ অসমৰ বুৰঞ্জীৰ সৈতে সংপৃক্ত হৈ থকা কাহিনীৰ আলম লৈ উপন্যাস লিখিবলৈ উত্সাহ পালে।

ৰজনীকান্ত বৰদলৈৰ পূৰ্বপুৰুষ কনৌজৰ পৰা অহা, সেই সময়ত ১২ ঘৰ বৰদলৈ পৰিয়াল অসমলৈ আহিছিল। এই ১২ ঘৰৰ ভিতৰত বিজয়খৰিৰ ঘৰৰ দিহিঙীয়া বৰদলৈৰ পৰিয়ালে উজনি অসমৰ শিৱসাগৰৰ দিহিং নদীৰ পাৰত বাসতি কৰিছিল। বদন বৰফুকৰনে যেতিয়া অসমলৈ মান আনিলে, মানৰ ভয়ত যেতিয়া ৰজাঘৰীয়া পলাল, তেতিয়া প্ৰজাৰ ওপৰত মানৰ উপদ্ৰপ আৰম্ভ হল আৰু ৰাজ্যত চৰম নৈৰাজ্যই দেখা দিলে। সেইসময়তে দিহিঙৰ পাৰৰ বৰদলৈৰ পৰিয়ালেও ঘৰ-বাৰী এৰি নামনি অসমলৈ পলাই গুচি আহিল আৰু কামৰূপৰ হাজোৰ ওচৰৰ বাউসী গাঁৱত বসতি কৰিলেহি। কিন্তু হাজোতো তেওঁলোক বেছি বছৰ থাকিব নোৱাৰিলে, তাৰ পাছত গুৱাহাটীলৈ উঠি আহি বৰ্তমানৰ কটন কলেজ থকা ঠাইত থাকিবলৈ লয়। শেষত তেওঁলোক স্থায়ীভাবে থাকিবলৈ লয় শিলপুখুৰীৰ পঞ্চৱতী আশ্ৰমৰ ওচৰত। এই পঞ্চৱতী আশ্ৰমৰ ওচৰতে থাকি মাটিৰ পিয়লৰ কাম কৰি তিনিটা পুত্ৰ সন্তান আৰু পত্নীক পোহপাল দিছিল ৰজনীকান্ত বৰদলৈৰ পিতৃ নৰকান্ত বৰদলৈয়ে।

১৮৬৭ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীত জন্ম হৈছিল ৰজনীকান্ত বৰদলৈৰ। তেওঁ মাত্ৰ ৯ বছৰ বয়সতে পিতৃহাৰ হয়। মোমায়েক দুৰ্লভ চাংকাকতিৰ সহায়তেই শিক্ষা গ্ৰহন কৰিবলৈ সুযোগ পাইছিল। ১৮৮৫ চনত গুৱাহাটীৰ চৰকাৰী হাইস্কুলৰ পৰা ২য় বিভাগত এন্ট্ৰেস পাছ কৰি কুৰিটকীয়া বৃত্তি লৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু তাতে বিদ্যাসাগৰ কলেজৰ পৰা এফ এ পৰীক্ষা পাছ কৰে। একেসময়তে তেওঁ কলিকতা মেডিকেল কলেজৰ আয়ুৰ্বেদ ডাক্তৰীত নাম ভৰ্তি কৰে আৰু স্নাতক পাঠ্যক্ৰমতো নাম ভৰ্তি কৰে যদিও পাছলৈ ডাক্তৰী বিদ্যা আধৰুৱা কৰি স্নাতক সন্মান লৈয়ে উভতিবলৈ বাধ্য হয়। তাৰ পাছত তেওঁ আইন শিক্ষা লোৱাৰ উদ্দেশ্যে নাম ভৰ্তি কৰে যদিও আইন পঢ়াও আধাতে এৰি ১৮৯০ চনত গুৱাহাটীলৈ উভতি আহি ৪০টকীয়া দৰমহাৰ কেৰাণীৰ চাকৰিত যোগদান কৰে। তাৰপাছত তেওঁ গুৱাহাটীৰ কলিয়া বৰদলৈৰ কন্যা স্বৰ্ণময়ী দেৱীৰ লগত বিবাহ-পাশত আবদ্ধ হয় আৰু বৈবাহিক জীৱনৰ সখী হৈ ৰয় পাঁচজন পুত্ৰ সন্তান আৰু পাঁচ গৰাকী কন্যা সন্তান। পৰবৰ্তী সময়ত তেওঁ ডেপুটি কালেক্টৰ পদলৈ পদোন্নতি পাই উত্তৰ লক্ষীমপুৰলৈ বদলৈ হয় আৰু সেই সময়তেই তেওঁৰ সৰু ভায়েক ৰোহিনীকান্তৰো মৃত্যু হৈছিল। ডেকাকালতে নিজৰ প্ৰাণসম ভাতৃক হেৰুওৱাৰ পাছত তেওঁ দুজন পুত্ৰ আৰু কন্যাকো হেৰুওৱা লগিয়া হয়।

মানুহৰ অভাৱ-অনাটন আৰু দুখ-শোকেই সাহিত্য সৃষ্টিত অৰিহনা যোগায়, সাহিত্যক শক্তিশালী কৰি তোলে। এই কথাশাৰী ৰজনীকান্ত বৰদলৈৰ জীৱনত আখৰে আখৰে যেন ফলিয়াই গৈছিল। তেওঁ চাকৰি সূত্ৰে নগাঁৱত থকাৰ সময়তে বৰদলৈৰ জেষ্ঠ্য পুত্ৰ গোলোককান্ত বৰদলৈৰ মৃত্যু হয়। পুত্ৰ শোকত মৰ্মাহত হোৱা বৰদলৈয়ে তীৰ্থযাত্ৰালৈ ওলাই যায় আৰু তীৰ্থযাত্ৰাৰ পৰা উভতি আহি সাহিত্য সাধনাত একাগ্ৰতাৰে নিমগ্ন হয়।

লক্ষীমপুৰত থকাৰ সময়তেই তেওঁ মিচিং সমাজৰ জীৱন-যাত্ৰা প্ৰণালী পৰ্যবেক্ষণ কৰি মিৰিজীয়ৰী লিখিছিল আৰু ১৮৯৫ চনত উপন্যাসখনি সম্পূৰ্ণ কৰি উলিয়াইছিল। উপন্যাসখিনিত সন্নিবিষ্ট দুটি মিচিং বিহুগীত যথাক্ৰমে-

(১) ৰঙা নৈৰ যে দেকিয়া তোৰালি যে তোৰালি
দিনত চাৰি আঙুল বাৰে।
চম্পাফুল যে লেদেহা তোৰালি যে তোৰালি-
নাচাই বা তাকিব কোনে।

(২) মৰা নদীৰ পাৰ প্ৰভু জীৱই আছে ৰৈ ঐ
জীৱই আছে ৰৈ-
দেখা দেখা বন্ধু সৱ মোৰ ভেলৰ বিলৈ ঐ ভেলৰ বিলৈ।
কাউৰী -শগুণি-শৃগাল মহাদানী ঐ-শৃগাল মহাদানী-
শগুণিয়ে দোকান দিয়ে মাংস খায় টানি ঐ
মাংস খায় টানি।

এই মিৰিজীয়ৰীয়েই অসমৰ এখন শ্ৰেষ্ঠ উপন্যাস হিচাপে সাহিত্যৰ মৰ্য্যদা লাভ কৰিছে। মিচিং ডেকা-গাভৰুৰ প্ৰেম আৰু জীৱনদানৰ এই কৰুণ কাহিনী ভাৰতৰ বিভিন্ন ভাষালৈও অনূদিত হৈছে। তাৰোপৰি তেওঁ সৃষ্টিৰ উল্লেখযোগ্য হৈছে-মনোমতী, ৰঙ্গিলী, নিৰ্মল ভকত, ৰহদৈ লিগিৰী, তিলোত্তমা,তাম্ৰেশ্বৰী মন্দিৰ, ৰাধা-ৰুক্মিণীৰ ৰণ, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱাদ্ৰোহ আদি। জনজাতীয় জীৱনৰ পটভূমিত উপন্যাস ৰচনা কৰা প্ৰথমজন ঔপন্যাসিক আছিল ৰজনীকান্ত বৰদলৈ। এইখিনিতে নকৈ নোৱাৰি যে—

যাৰ ভাগ্যত অৰ্থনৈতিক নিৰাপত্তা নাই,
গৃহস্থ-ব্যৱসায়ী হিচাপে সফলতা নাই,
তেওঁৰ সৌভাগ্যক লৈ নিয়তিয়েও অট্টহাস্য কৰে।

ৰজনিকান্ত বৰদলৈয়ে ১৯১৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু তাৰ পাছতেই তেওঁ ডিব্ৰুগড়ৰ মাকুমত এখন নিজাকৈ চাহ বাগিছা খোলে, লাহে লাহে এখনৰ পাছত এখনকৈ কেইবাখনো চাহ-বাগিছাৰ গৰাকী হয়গৈ। ১৯৩১ চনত ভৰতৰ লগতে সমগ্ৰ বিশ্বতে হোৱা তীব্ৰ আৰ্থিক সংকটে বৰদলৈৰ চাহৰ ব্যৱসায়কো চুলেগৈ। লাহে লাহে ঋনত পোতগৈ উপায়ন্তৰহৈ তেওঁ ১৯৩৫ চনত ঘৰ-মাটি আৰু বাগিছাকেইখন বিক্ৰী কৰি ঋণমুক্ত হৈ গুৱাহাটীত নিগাজিকৈ বসতি স্থাপন কৰেহি। তাৰ পাছৰে পৰা তেওঁ বহুমূত্ৰ, ৰক্তচাপ জনিত ৰোগ আৰু পেৰালাইছিছ ৰোগত আক্ৰান্ত হৈ ১৯৪০ চনৰ ২৫ মাৰ্চ তাৰিখে বৈকুণ্ঠগামী হয়।

আধুনিক অসমীয়া শ্ৰেষ্ঠ উপন্যাসকেইখনৰ স্ৰষ্টা ৰজনীকান্ত বৰদলৈ সাদায়েই অসমীয়া ভাষী পঢ়ুৱৈৰ মনত অমৰ হৈ থাকক তাৰেই কামনা কৰিলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক