অশ্ৰু-অঞ্জলি

অশ্ৰু-অঞ্জলি

——————

‘অসমীয়াত কথা-বতৰা’ গোটৰ সক্ৰিয় সদস্য তথা বিশিষ্ট যুৱ লেখক টিংকুমণি দাসে যোৱা ৭ ছেপ্তেম্বৰ¸ ২০২০ সোমবাৰে এক ৰহস্যজনক পৰিস্থিতিত মৃত্যুবৰণ কৰিছে। এই  খবৰে আমাক শোকাকুল কৰি তুলিছে। প্ৰতিভাশালী উদীয়মান লেখকজনৰ অকাল মৃত্যুত আমি ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে টিংকুমণি দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আশাকৰো টিংকুমণি দাসৰ হত্যাকাৰী শীঘ্ৰেই কৰায়ক্ত হব। টিংকুমণি দাসৰ সাহিত্য কৃতিক সুঁৱৰি মৃত্যুৰ কেইঘন্টামান পূৰ্বে ‘অসমীয়াত কথা বতৰা’  গোটত প্ৰকাশ হোৱা তেখেতৰ অন্তিম লেখাটি হুবহু প্ৰকাশ কৰা হ’ল। 

– ‘সাহিত্য ডট অৰ্গ’ৰ হৈ

সম্পাদক

****

কালনাগ

————-

.                                  (১)

             খেল পথাৰত সৰু ল’ৰা বোৰে ফুটবল খেলি আছে।‌ গোপালে দুপৰীয়াৰ ভাত খাই বজাৰলৈ গৈ আছিল। এনেতে এজন মানুহক লগ পোৱাত চাইকেলৰ পৰা নামিলে। আৰু মানুহ জনৰ লগত কথা পাতি বিদায় দিলে। এনেতে ফুটবলটো পথাৰৰ পৰা গোপালৰ কাষলৈ আহিলে। তেতিয়া গোপালে ফুটবলটো ভৰিৰে চুটিয়াই দিছিল। য’ত তেখেতৰ বলটোৰ লগত চেণ্ডেল ডাল ওলাই গৈছিল।‌ তেতিয়া পথাৰত খেলি থকা ল’ৰা কেইজনে হাঁহিব ধৰিছিল। তাত গোপালৰ ল’ৰা পোনাই খেলি আছিল। দেউতাকৰ কাণ্ডত সি বৰ লাজ পাইছিল । তাৰ দেউতাকৰ ওপৰত বৰ খং উঠিছিল। 

                                    (২)

       ৰাতি প্ৰায় ন বজা মানত গোপালে বজাৰৰ পৰা ঘৰলৈ আহে। তেখেতৰ বজাৰত পাণ তামোলৰ দোকান। সেই ব্যৱসায়টো কৰি কোনোমতে ঘৰখন চলাইছিল। তেখেতৰ এজন ল’ৰা আৰু এজনী ছোৱালী আছিল। ল’ৰা ছোৱালী হালে দিনটোত যিমান দুষ্ট নকৰক কিয় ? তেখেতে ঘৰত উপস্থিত হ’লে পঢ়া টেবুলত বহিছিল। 

      গোপালে মুখ হাত ধুই অইন দিনৰ দৰে চাহ খালে। পুতেক পোনাই কাষত গৈ সুধিলে

: আজি ফুটবল খেলিবলৈ কিয় গৈছিলি ? মই নেদেখা বুলি ভাবিছো নেকি ? ছয় মাহিলী পৰীক্ষাৰ বাবে কেইদিন বাকী আছে। খেল খেলি একো লাভ নাই। পঢ়াত গুৰুত্ব দিব লাগে। 

: কেৱল পঢ়া শুনা কৰিয়েই চাকৰি নাপাইটো। খেলা খেলিও চাকৰি পায়। দময়ন্তীয়ে ক’লে

: তুমি লাই দিয়েই ল’ৰাটো নষ্ট কৰি পেলাইছো। 

: আজিকালি পঢ়া শুনা কৰি কি লাভ আছে ? টকা নহ’লে চাকৰিৰ আশা কৰি লাভ নাই। চাকৰিৰ নামত কেই টকা জমা কৰিছো। 

: ফুটবল খেলি চাকৰি পাব নেকি ?

: ফুটবল খেলি চাকৰি পাব পাৰে। আজিকালি খেলা ধূলা কৰি লাভ আছে। কালনাগৰ নিছিনা ফুটবল খেলুৱৈ হ’ব পাৰিলেটো কথাই নাই। 

: কালনাগ কোন ? গোপালে ক’লে

: আজি কেইবাদিন ধৰি টিভিত কালনাগৰ কথা ওলাই আছে। এসময়ত বহুত ভাল ফুটবল খেলিছিল। দময়ন্তীয়ে ক’লে

                                (৩)

         জংগম ক্লাব আৰু ভাইপাৰ ক্লাবৰ মাজত প্ৰীতি ফুটবল খেলখন চোৱাৰ বাবে ৰাজ্যৰ সকলোৱে আগ্ৰহী হৈ পৰিছিল। যি দুটা ক্লাবে ত্ৰিশ বছৰ আগতে খেলিছিল। কিন্তু সময়ৰ‌ গতিত তাৰে খেলুৱৈ বোৰ চাকৰি পোৱাৰ বাবে ক্লাব দুটা বন্ধ হৈ গৈছিল। জংগম ক্লাব আৰু ভাইপাৰ ক্লাবে একেলগে সাতখন খেলত মুখামুখি হৈছিল। যদিও এখন খেলটো জংগম ক্লাবে জিকিব পৰা নাছিল। তাৰ অন্যতম কাৰণ আছিল কালনাগ। কালনাগে ভাইপাৰৰ ক্লাবৰ প্ৰতিখন খেলৰ জয়ৰ মূল নায়ক আছিল।‌

           নিউজ পেপাৰ আৰু বাতৰি কাকতত জংগম ক্লাব আৰু ভাইপাৰ ক্লাবৰ বিষয়ে বৰকৈ আলোচনা কৰা হৈছিল।‌ প্ৰতিজন খেলুৱৈ এতিয়া সফল। খেলৰ বাবে ৰেলৱে বিভাগ, সেনা বিভাগ, শিক্ষকতা আৰু আন বিভাগত চাকৰি পাবলৈ সক্ষম হৈছিল। প্ৰায় খেলুৱৈৰ স্মৃতিবোৰ সুৱৰি বাতৰি কাকতত লিখিছিল। সকলোৱে প্ৰশংসা কৰিছিল কালনাগক। কিন্তু জংগম ক্লাবৰ ঘনশ্যাম, পৰমানন্দ আৰু গনপতিয়ে কালনাগক একেবাৰে বেয়া পাইছিল। সেয়েহে কালনাগক প্ৰশংসা কৰিলে, খং কৰিছিল। 

            প্ৰীতি ফুটবল খেলখনৰ বাবে জংগম ক্লাব আৰু ভাইপাৰ ক্লাবৰ প্ৰাক্তন খেলুৱৈ সকলে প্ৰায় লগ হ’বলৈ চেষ্টা কৰিছিল। কিন্তু সকলোৱে ভিন্ন কামত নিয়োজিত হৈ থকাৰ বাবে লগ হ’ব পৰা নাছিল। 

                                 (৪)

       জংগম ক্লাব আৰু ভাইপাৰ ক্লাবৰ প্ৰীতি ফুটবল খেলখনৰ টিকট প্ৰায় শেষ হৈ গৈছিল। পুৰণি চামৰ লগতে নতুন চামে সিহঁতৰ খেল উপভোগ কৰাৰ বাবে উৎসাহিত হৈছিল। কাৰণ সিহতৰ খেলৰ কথা কেৱল পুৰণি মানুহৰ পৰা শুনিছে। বিশেষকৈ কালনাগৰ খেল চোৱাৰ বাবে বেছি উৎসাহিত হৈছিল। 

         গোপালে সন্ধিয়া বজাৰৰ পৰা আহিছে। সি মুখ হাত ধুই ভিতৰত সোমালে। ঘৈনীয়েকে একাপ চাহ দিছে। আৰু ক’লে

: পোনাই লগৰীয়াৰ লগত কালনাগৰ খেল চাবলৈ গুৱাহাটীত যাব বিচাৰে। 

: কিহৰ খেল চাব যাব লাগে ? কোনোবাই যাব বিচাৰে যাওঁক। পোনাই যাব নোৱাৰে। 

: ল’ৰাটোৰ ফুটবলত বৰ নিচা। তাক আপুনি কেতিয়াবা উৎসাহ দিছোনে ? তাৰ লগৰ সকলোৱে কালনাগক লগ কৰিবলৈ যাব। পোনাৰো কালনাগক লগ ধৰিবলৈ ইচ্ছা। সি কালনাগৰ দৰে হ’ব বিচাৰে। 

: কালনাগক লগ ধৰি কি লাভ আছে ? 

: আপুনি কালনাগৰ বিষয়ে কি জানিব ? আমি ছোৱালী কালতে কালনাগৰ নাম শুনিছিলো। আমাৰ গাঁৱৰ হৈ এবাৰ খেলিবলৈ আহিছিল। সেই ফাইনেল খেলখনত কালনাগে তিনি গ’ল দিছিল। আমি ঘৰৰ পৰা ঢোলৰ শব্দ শুনিবলৈ পাইছিলো। “কালনাগ ধিন না ধিনা” 

: আপুনি চাগে খেল ভাল নাপাইছিল। কিন্তু পোনাক খেলিবলৈ দিয়ক। 

: গুৱাহাটীত ফুটবল খেল চাবলৈ টকা ক’ত পাবি ? মই কিন্তু দিব নোৱাৰো।

: আপুনি মোক টকা দিব নালাগে। মোৰ বোৱা কাপোৰ কেইখনমান বিক্ৰী কৰিম। 

: সেইটো তোমাৰ ইচ্ছা। গোপালে খং কৰি শুবলৈ ললে।

                            (৫)

    ঘনশ্যাম, পৰমানন্দ আৰু গনপতিয়ে একেলগে ধাবাত বহিছিল।

: ত্ৰিশ বছৰ পাৰ হ’ল।‌ আমি অসমতে থাকিলো। কিন্তু কালনাগ হয়তো বিদেশৰ ভাল ক্লাব এটাৰ কোচাৰ হিচাপে আছে। গনপতিয়ে ক’লে

: আমি সকলোকে বিচাৰি পাইছো। কিন্তু কালনাগক বিচাৰি পোৱা নাই। সি যদি শুনিবলৈ পায়, নিশ্চয় আহিব। পৰমানন্দই ক’লে

: আজিও মানুহে কালনাগক পাহৰিবলৈ পৰা নাই। সি যি খেল খেলিছিল। আমিও সেই একেই খেল খেলিছিলো। ঘনশ্যামে ক’লে

: ঘনশ্যাম, তুমি ভুল কৈছোঁ। কালনাগ আমাৰ দলৰ নাছিল। যদিও তাক আমি প্ৰশংসা কৰিবলৈ বাধ্য। সি আমাতকৈ বহুত ভাল ফুটবল খেলিছিল। মই মোৰ ল’ৰা জনক কালনাগৰ নিছিনা খেলুৱৈ বনাব বিচাৰোঁ। সি যদি আহে, কেইদিনমানৰ বাবে হ’লেও কোচিং দিব দিম। পৰমানন্দই ক’লে

: আমি কি বেয়া খেল খেলো নেকি ? আমি ভাল খেল খেলাৰ বাবে ক্ৰীড়া পেঞ্চন পাইছোঁ। ঘনশ্যামে ক’লে

: আমি ক্ৰীড়া পেঞ্চন পাইছোঁ সচা। তাৰ বাবে আমি কিমানক যে ঘোচ খোৱাইছো। সেই কথাটো এবাৰ ভাবিছানে ? আমাৰ দৰে আৰু বহুত ভাল খেলুৱৈ আছে। কিন্তু সিহতে এতিয়ালৈকে কোনো ধৰণৰ পেঞ্চন পোৱা নাই। গনপতিয়ে ক’লে

: সেইটোৱেই আমাৰ কেপাচিটি। আমাৰ প্ৰাপ্য আমি পাইছোঁ।‌ পৰমানন্দই ক’লে

: কালনাগে হয়তো আজি এটা ভাল পজিচনত আছে। কিন্তু কালনাগে সেই ফাইনেল খেলখনক পাহৰিব নোৱাৰে।‌ মই ৰেড কাৰ্ড খাব পাৰো। পিচে মই জানি বুজি তাৰ ভৰিখন ভাঙিছিলো। ঘনশ্যামে ক’লে

: তথাপিও আমি সেই খেলখনত জিকিব নোৱাৰিলোঁ। পৰমানন্দই ক’লে

: সিদিনা মই কালনাগক ধন্য মানিছিলো। ভৰিত আঘাত পোৱা সত্বেও সি ২০ মিনিট সময় ফিল্ডত আছিল।‌ গনপতিয়ে ক’লে

: তাৰ পিছৰ পৰা আৰু তাক আমি লগ পোৱা নাই। আমিও চাকৰি পালোঁ। সেয়েহে সকলোৱে খেল বাদ দিলোঁ।‌ ঘনশ্যামে ক’লে 

                                 (৬)

      বাতৰি কাকতত কালনাগৰ বিষয়ে তেখেতৰ শুভাকাংশী সকলে লিখিছিল। আনকি নিউজ চেনেলত বিলাকত কালনাগৰ বিষয়ে কৈছিল। সাংবাদিক সকলে কালনাগক বিচৰাত লাগিছিল। কিন্তু কোনেও কালনাগক কোনেও বিচাৰি পোৱা নাছিল। কালনাগৰ ঘৰ শগুনমাৰী গাঁৱত আছিল। যি নেকি আজি ব্ৰহ্মপুত্ৰৰ তলত ডুব গৈছে। সিহঁতৰ গাঁৱৰ মানুহ আন ঠাইলৈ গুছি গৈছিল। কালনাগৰ ঘৰ শগুনমাৰী গাঁৱত বুলি জানিব পাৰি। গোপাল হতৰ ঘৰত গাঁৱৰ মানুহে যাব ধৰিছিল। কাৰণ গোপালৰ ঘৰ শগুনমাৰী গাঁৱত আছিল।

: গোপাল, কালনাগ এতিয়া ক’ত আছে ?

: মই ক’ব নোৱাৰিম। ব্ৰহ্মপুত্ৰৰ গঢ়া খহনীয়াৰ ফলত আমাৰ মানুহবোৰ ক’ত গৈছে ক’ব নোৱাৰিম। গোপালে ক’লে

: কালনাগৰ লগত ফুটবল খেলিছিলা নে ? গাৱৰ মানুহে সুধিছিল

: আমি প্ৰথমতে তাৰ লগত ৰবাব টেঙাৰে ফুটবল খেলিছিলো। আমাৰ তেতিয়া ফুটবল কিনিবলৈ টকা নাছিল। গোপালে ক’লে

       ৰাতি শুবৰ সময়ত গোপালৰ ঘৈনীয়েকে গোপালক সুধিছিল।

: আপুনি কালনাগৰ বাল্যবন্ধু। আপুনি এবাৰ ক’লে পোনাক কালনাগে প্ৰশিক্ষণ দিব পাৰে। এতিয়া সকলোৱে কালনাগৰ তাত প্ৰশিক্ষণ দিবলৈ সাজু আছে। কিন্তু আমি কালনাগৰ তাত প্ৰশিক্ষণ দিবলৈ টকা ক’ত পাম। তেখেত ইমান ডাঙৰ খৈলুৱৈ টকা বহুত লাগিব।

: আকাশত চাং পতা কথা নকবা। গোপালে খঙৰে ক’লে

: আপোনাক ধন্য মানিছো। ল’ৰা জনক উৎসাহ দিয়াৰ পৰিবৰ্তে হতাশ হে দিয়া। 

: অবশ্যে পোনাই ফুটবল ভাল খেলে। তাৰ লগত মই পথাৰত কেইবাদিনো ফুটবল খেলিছিলো। কিন্তু যি বুজিছো খেলা ধূলা কৰি একো লাভ নাই। গোপালে ক’লে

: নুবুজা মানুহক বুজাই একো লাভ নাই। যিকি নহ’লেও খেলৰ জৰিয়তে ক্ৰীড়া পেঞ্চনটো পায়। ঘৈনীয়েকে ক’লে

: প্ৰকৃত খেলুৱৈ সদায় বঞ্চিত হয়। কাৰণ ঘোচ দিব নোৱাৰিলে পেঞ্চন নাপায়। পেঞ্চন পাবলৈ বহুত মানুহৰ চিনাকি লাগে। সেইবাবে চাকৰি কৰা মানুহ বিলাকে এই বিলাক সুবিধা বেছিকৈ পায়। গোপালে ক’লে

: আপুনি ঠিকেই কৈছে। টকা নহ’লে সকলো মিছা। দুখীয়া মানুহ অফিচত গ’লে ক’ত পাত্তা দিব। সিহতক দেখিয়েই বুজি পাব। ঘৈনীয়েকে দুখৰে ক’লে

: ৰাতি হৈছে শুবলৈ দিয়া। পুৱা উঠিব ফুৰিবলৈ যাব লাগিব। 

: পৰহি গুৱাহাটীত খেল চাবলৈ আপুনি যাব নে ? মই দুটা টিকট কিনিছো। গাড়ী ভাড়াটো ময়েই দিম দিয়ক। গামোচা খিনি গোটেই বিক্ৰী কৰি টকা কেইটা পাইছোঁ। ঘৈনীয়েকে ক’লে

: তুমি পোনাক চাবলৈ নিবা। মই কালি মাজুলীত যাম।‌ তাত তিনিদিন মান থাকিম। গোপালে ক’লে

                               (৭)

      ঘৈনীয়েক দময়ন্তীয়ে পোনাৰ সৈতে জংগম ক্লাব আৰু ভাইপাৰ ক্লাবৰ প্ৰীতি ফুটবল খেলখন চাবলৈ গৈছিল। ষ্টেডিয়ামত সোমাই সিহতে দেখিবলৈ পাইছিল যে সকলোৱে কালনাগ নাম লিখি প্লে কাৰ্ড লৈ আহিছিল। 

       জংগম ক্লাব আৰু ভাইপাৰ ক্লাবৰ সকলোৱে উপস্থিত আছিল। কিন্তু কালনাগ অহা নাছিল। তাৰ বাবে ভাইপাৰ ক্লাব আৰু খেল পৰিচালনা সমিতিয়ে চিন্তিত হৈছিল। শেষত কালনাগ অবিহনে খেল পথাৰত নামিবলৈ সিদ্ধান্ত লৈছিল। আৰু কালনাগৰ নাম লিখা জাৰ্চিটো টেবুলত থৈছিল। আৰু পথাৰলৈ ওলাই আহিছিল। এনেতে কালনাগ আহি পাইছিল। কালনাগক দেখি সকলোৱে আনন্দিত হৈছিল। খেল আৰম্ভ হৈছিল, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কালনাগে। তেখেতে আগৰ দৰে খেল খেলিবলৈ ধৰিছিল। আৰু ষ্টেডিয়ামৰ পৰা এটাই ঢোলৰ শব্দ শুনিবলৈ পোৱা গৈছিল। 

                     “কালনাগ ধিন না ধিনা

                      কালনাগ ধিন না ধিনা”

   কিন্তু গোপালৰ ঘৈনীয়েক আৰু গাঁৱৰ মানুহে খেল চাই  আচৰিত হৈছিল। কাৰণ খেলপথাৰত খেলি থকা কালনাগ। আন কোনো নাছিল, সেইজন গোপাল আছিল। 

            কালনাগে সেই প্ৰীতি ফুটবল খেলখনত জংগম ক্লাবক দুই গ’ল দিছিল। আৰু ভাইপাৰ ক্লাবক বিজয়ী কৰিছিল। কালনাগক সেই খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান পাইছিল। কিন্তু সকলোৱে কালনাগৰ অবস্থা দেখিবলৈ দুখ প্ৰকাশ কৰিছিল। সাংবাদিক বোৰে তেখেতেক ঘেৰি ধৰি বহুত প্ৰশ্ন সুধিছিল। আপুনি সদায় নিজকে কিয় লুকাই ৰাখিছিল।

: ভাইপাৰ আৰু জংগম ক্লাবৰ শেষ খেল খনত মোৰ ভৰিখন ভাঙিছিল। যদিও খেলখনত আমি জয়লাভ কৰিছিলোঁ। তেতিয়া মই তিনি মাহ মান খেলৰ লগত জড়িত নাছিলো।  সেই সময়ত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াত  আমাৰ গাওঁ খন ভাঙি নিছিল। সেইবাবে আমাৰ গাঁৱৰ মানুহবোৰে যতে সুবিধা পাইছিল, তালৈ গৈছিল। আমি মামা হতৰ গাওঁলৈ আহিছিলো। সেই সময়ত আমাৰ সকলো খেলুৱৈয়ে চাকৰি লৈছিল। কিন্তু মই নোহোৱাৰ সুযোগতে মোৰ ঠাইত আন এজনে চাকৰি লৈছিল। আমাৰ ক্লাবৰ সকলোৱে চাকৰি পোৱাৰ বাবে ক্লাবটো আগৰ দৰে নাম নোহোৱা হৈ গৈছিল। ইফালে মোৰ দেউতাৰ মৃত্যু হোৱাত মই উপাৰ্জন কৰিবলগীয়া হৈছিল। শেষত বজাৰত পান তামোলৰ দোকান দিলো। অধিক উপাৰ্জন নোহোৱাৰ বাবে বিয়া নপতাৰ সিদ্ধান্ত লৈছিলো।‌ কিন্তু মাৰ অনুৰোধত বয়সত বিয়া পাতিলো। এতিয়া মই তেৰ বছৰীয়া এজন পুত্ৰ সন্তানৰ পিতৃ। মোৰ আন লগৰীয়া আজি মোতকৈ আৰ্থিকভাৱে বহুত সবল। সেইবাবে ময়েই যে কালনাগ, নিজকে লুকাই ৰাখিছিলো।‌ নহ’লে সিহতে মোক বিচাৰি আহিব। আৰু কালনাগৰ এই অবস্থাত দেখাটো বিচৰা নাছিলো।‌ সেইবাবে সদায় নিজকে লুকাই ৰাখিছিলো। গোপালে ক’লে

: ক্ৰীড়া পেঞ্চনৰ বাবে আপুনি লাগিছিল নে ? সাংবাদিক এজনে সুধিলে

: মোৰ পুৰণি চাৰ্টিফিকেট বোৰ লৈ অফিচত বহুত ঘূৰিছিলো। কিন্তু মোৰ ভাল চিনাকি আৰু টকা নোহোৱাৰ বাবে গুৰুত্ব দিয়া নাছিল। সৰু পান তামোলৰ ব্যবসায় কৰা মানুহ। ঘোচ দিবলৈ টকা নাই। এম.এল এ, বিষয়া সকলে ও গুৰুত্ব নিদিয়ে। আজি পাচ বছৰে আবেদন কৰি আহিছো। প্ৰতি বছৰে বঞ্চিত হৈ আছোঁ। কিন্তু মোৰ লগৰ বোৰে কেতিয়াই ক্ৰীড়া পেঞ্চন পাইছে। আজি মই চাকৰি বা টকা থকা মানুহ হ’লে, সিহঁতৰ দৰে ক্ৰীড়া পেঞ্চন কেতিয়াবাই পালোহেতেন। কালনাগে ক’লে

: আপোনাৰ দৰে আগশাৰীৰ খেলুৱৈ এজনে ক্ৰীড়া পেঞ্চন নোপোৱাটো ক্ৰীড়া জগতৰ বাবে অতি লজ্জাজনক। সাংবাদিক জনে কলে

: মই এই প্ৰীতি ফুটবল খেলখনত ভাগ ল’বলৈ ইচ্ছা নাছিল। কাৰণ মই লগৰীয়া বোৰৰ ওচৰত লাজ পাম। আৰু কালনাগৰ যি সন্মান আছে। মোক যেতিয়া কালনাগ বুলি জানিব পাৰিব। তেতিয়া কালনাগৰ সমাজত স্থান নোহোৱা হৈ যাব বুলি ভয় কৰিছিলোঁ। কিন্তু মোৰ বন্ধু ভাইপাৰ ক্লাবৰ গ’ল কীপাৰ নীলকান্তই মোক বিচাৰি পাইছিল। সি মোৰ দুৰাবস্থা দেখিবলৈ পাই দুখ কৰিছিল। মই তাক কৈছিলো যে মই প্ৰীতি খেলখন নেখেলো। কিন্তু তাৰ অনুৰোধত খেলিবলৈ আহিলো। গোপালে ক’লে

       ক্ৰীড়া জগতৰ কালনাগৰ নিছিনা খেলুৱৈ এজনৰ এনেকুৱা দুৰাবস্থা দেখিবলৈ পাই চৰকাৰে এককালীন সাহাৰ্য দিছিল। আৰু ১৩ বছৰীয়া অনুৰ্ধ্বৰ দলটোৰ প্ৰশিক্ষণ হিচাপে নিযুক্তি দিছিল। 

        গোপালৰ ঘৈনীয়েক দময়ন্তী আৰু পুত্ৰই কালনাগ বুলি জানিব পাই আচৰিত হৈছিল। আৰু মাকে বিচাৰিছিল তাক কালনাগৰ ওচৰত প্ৰশিক্ষণ দিব। কিন্তু নিজৰ পিতৃয়ে কালনাগ। যিজনে মাজে সময়ে তাক ফুটবলৰ প্ৰশিক্ষণ দিছিল।

: আপুনি মোক ক্ষমা কৰি দিবা। যি জন কালনাগক লগ পোৱাৰ বাবে মই হাবাথুৰি খাই আছিলোঁ। সেইজন মোৰ আপোন মানুহ। এতিয়া মই পোনাৰ প্ৰশিক্ষণৰ বাবে কালনাগক বিচাৰিব নালাগিব। দময়ন্তীয়ে ক’লে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক