অসমত পৰিৱেশ বিষয়ক শিক্ষা : বাস্তৱ আৰু কৰণীয় (মানসী গোস্বামী)

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০০৪ চনত এন.চি.ই.আৰ.টি. আৰু বিশ্ববিদ্যালয় অনুদান আয়োগলৈ জাৰী কৰা নিৰ্দেশনাৰ পাছত দেশজুৰি উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্য্যায়ত ছাত্ৰছাত্ৰীক পৰিৱেশ বিষয়ক প্ৰাথমিক শিক্ষা দান কৰাটো বাধ্যতামূলক কৰা হয়। সেই মৰ্মেই অসমতো বিদ্যালয়-মহাবিদ্যালয় পৰ্য্যায়ত পৰিৱেশ বিজ্ঞানৰ এক সাধাৰণ পাঠ্যক্ৰম আৰম্ভ কৰা হয় ২০০৪-০৫ চনৰ পৰা। অকল সেয়াই নহয় ২০১২চনৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদেও এই বিষয়ক এক পাঠ্যক্ৰ্ম উচ্চ মাধ্যমিক প্ৰথম বৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ মূল উদ্দেশ্য হ’ল পঢ়ি থকা সময়চোৱাতে যাতে দেশৰ ভৱিষ্যত ৰুপী ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ বিষয়ক সাধাৰণ জ্ঞানখিনি আহৰণ কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগ হ’ব পাৰে, তাৰ ব্যৱস্থা কৰা।
এতিয়া কথা হ’ল – পৰিৱেশৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ জৰিয়তে সংবেদনশীল আৰু সজাগ কৰি তোলাৰ এই উদ্দেশ্যত সফল হ’ব পৰাকৈ যোৱা দহবছৰত এই বিষয়টোক কিমান গূৰত্বসহকাৰে লোৱা হৈছে? নে পৰিৱেশ শিক্ষাৰ নামত আজিকোপতি এখন ভেকোঁভাওনাহে কৰি থকা হৈছে? অপ্ৰিয় হ’লেও এই দ্বিতীয় কথাষাৰহে অসমৰ পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰত সত্য। অসমৰ অধিক সংখ্যক মহাবিদ্যালয়তে পৰিৱেশ বিদ্যাৰ শিক্ষাদানৰ নামত “আৰ ছিগা চূলি, তাৰ ছিগা চূলি, বান্ধি যাওঁ নেঘেৰী খোপা”ৰ দৰে ব্যৱস্থা এটাৰে পাঠ্যক্ৰমটো চলাই থকা হৈছে। কোনোবা এখনত যদি অৰ্থনীতি পঢ়োৱা শিক্ষকক যেনে তেনে চেমিষ্টাৰটো শেষ কৰিবলৈ দিয়া হৈছে, আন কৰবাত ইংৰাজীৰ শিক্ষকক। বিজ্ঞানৰ পাঠ্যক্ৰ্ম থকা শিক্ষানুষ্ঠানসমূহত যেনিবা অৱস্থাটো সামান্য উন্নত, তাত জীৱবিজ্ঞানৰ শিক্ষকক বিষয়টোৰ সমস্ত দায়িত্ব দি স্বস্তিৰ নিশ্বাস পেলোৱা হৈছে। শিক্ষকেও নিজৰ বিষয়ৰ পাঠদানৰ লগতে আহি পৰা এই উপৰঞ্চি বোজাক মনে মনে “শাও-শপনি” দি যেনে-তেনে চেমিষ্টাৰৰ শেষত ছাত্ৰ-ছাত্ৰীৰ পৰা একোটাকৈ প্ৰকল্প জমা লৈছে, কৰবাত –কৰবাত কাষৰে পাজৰে থকা বিল-অৰণ্যলৈ নি প্ৰতিবেদন লিখিবলৈ দি দ্বায়িত্ব সামৰা হৈছে। অন্যহাতে হাত্ৰ-ছাত্ৰীয়েও এনে পৰিৱেশ-পৰিস্থিতিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে জমা দিয়া প্ৰকল্পকে যেনে তেনে “কপি-পেষ্ট” কৰি নিজৰ বুলি চলাই দিয়াই সুবিধাজনক বুলি গণ্য কৰি সন্তুষ্ট হৈছে। পৰীক্ষাৰ বহীত লিখি থৈ আহিছে – “যি জালেৰে খাদ্য বস্ত যেনে মাছ আদি ধৰা হয়, তাকে খাদ্য জাল বোলে।” অথবা “ভূপাল গেছ দূৰ্ঘটনাৰ সতে জড়িত গেছবিধৰ নাম –মিথেন।” আৰু এই উত্তৰক আমাৰ সদাশয়, ছাত্ৰ-ছাত্ৰীৰ কল্যাণকামী পৰীক্ষকে পৰীক্ষাত শুদ্ধ বুলি সম্পূৰ্ণ নম্বৰ দিছে!
আমি ওপৰত কোৱা কথাখিনিৰ এটাও মনে সজা নহয়, ব্যক্তিগত অভিজ্ঞতাৰ পৰা কোৱা কথা। পৰিৱেশ বিজ্ঞান বা বিদ্যা নিসন্দেহে এটা বহুমুখী(multidisciplinary) বিষয়। অৰ্থনীতি, সমাজবিজ্ঞান, জীৱবিজ্ঞান, আইন, বাণিজ্য, ৰসায়নবিজ্ঞান, পদাৰ্থবিজ্ঞান, গণিত আদি বহুকেইটা বিষয়ৰ জ্ঞান ইয়াত সম্পৃক্ত হৈ আছে। এতিয়া কথা হ’ল ৰসায়নবিজ্ঞান বা পদাৰ্থবিজ্ঞানৰ শিক্ষক এজনে এখন শিক্ষানুষ্ঠানত অৰ্থনীতি পঢ়াবলৈ যাবনে ? বা জীৱবিজ্ঞানৰ ব্যক্তি এজনে ইংৰাজী ? যদি নেযায়, পৰিৱেশবিজ্ঞান পঢ়োৱাৰ ক্ষেত্ৰত এনে মনোবৃত্তিৰ প্ৰয়োগ কিয় কৰা হয়? হয়, যিকোনো এজন সচেতন ব্যক্তিয়ে পৰিৱেশ সম্পৰ্কে চিন্তা-চৰ্চা কৰিব পাৰে, পৰিৱেশক লৈ কাম কৰিব পাৰে। কিন্তু কথা হ’ল – এনে এটা বহুমুখী বিষয়ৰ সকলো কথা অন্য এটা বিষয় পঢ়া মানুহে ছাত্ৰ-ছাত্ৰীক শিকাবলৈ গ’লে, তাকো ওপৰঞ্চি দায়িত্ব হিচাপে, তেন্তে বিষয়টোৰ প্ৰতি সুবিচাৰ হয়নে? আনহে নেলাগে, আমাৰ বিদ্যালয় পৰ্য্যায়তে অংক-বিজ্ঞান শিকাবলৈ কলা বিষয় পঢ়া লোকক নিয়োগ কৰা নহয়; তেনে স্থলত স্নাতক বা উচ্চতৰ শাখাত পৰিৱেশ শিকোৱাৰ ক্ষেত্ৰত এনে ধাৰণা এটা ক’ৰ পৰা কেনেকৈ গা কৰি উঠিল, সেয়া ভাৱিবলগীয়া নহয়নে? আনহাতে, এনে ধাৰণা প্ৰয়োগৰ পৰিণতিতে ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিষয়টো নিতান্তই অবান্তৰ, হাঁহি উৰুৱাই দিয়া “গাজাখুৰী” কাহিনী লিখি উত্তীৰ্ণ হ’ব পৰা বিষয়লৈ পৰ্য্যবসিত হৈছে ! পৰিৱেশ সচেতনতা জাগ্ৰত হোৱাৰ উদ্দেশ্য তেহেলৈ লাগে আঁতৰায়ে থ’লো !
পৰিৱেশ সংৰক্ষণ – এই বিষয়টো বহুতৰ বাবে আজগুবী, অবান্তৰ, হাস্যকৰ বিষয় হ’ব পাৰে। নদীবান্ধ আমাক লাগিব নে নালাগে- সেই কথালৈ আপোনাৰ আৰু মোৰ মাজত মত-পাৰ্থক্য থাকিব পাৰে, কাজিৰঙাৰ পৰা “সংবেদনশীল” এলেকাৰ যোষণা উঠাই লোৱা উচিত নে অনুচিত সেই লৈয়ো আমাৰ দৃষ্টিভংগী পৃথক হ’ব পাৰে। কিন্তু বিশ্বৰ নানা অংশৰ লগতে আমাৰ দেশ আৰু ৰাজ্যতো যে পৰিৱেশৰ ব্যাপক প্ৰদূষণ হৈছে, দিনে দিনে আমাৰ মাটি-পানী-বায়ুত অপকাৰী দ্ৰৱ্য বাঢ়িছে, খৰাং, বানপানী আদিবোৰৰ স্বাভাৱিক গতি-প্ৰকৃতি সলনি হৈছে, আমাৰ থলুৱা গছ-গছনি, জীৱকূল নোহোৱা হৈছে- সেই কথাষাৰ আমি একেমুখে মানি ল’বই লাগিব আৰু এই অপকাৰী পৰিৱৰ্তনবোৰক নিজৰ স্বাৰ্থতে হ’লেও দূৰ কৰিব লাগিব। সেইটো হ’বলৈ হ’লে কুমলীয়া বয়সতে, শিক্ষা লৈ থকাৰ কালতে আজিৰ চামটোক কথাবোৰ বুজি পোৱাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু আজিৰ তাৰিখত অসমত পৰিৱেশ বিদ্যা পঢ়োৱাৰ নামত চলি থকা “ভেকোঁ-ভাওনা” খনে এনে কামত সহায়তো নকৰেই, বৰঞ্চ গোটেই বিষয়টোকে টুলুঙা কৰি তুলি হিতে বিপৰীতহে কৰি তুলিব। যি শিক্ষকে মিথেন আৰু মিথাইল আইচ’চায়েনাইডক একে বুলি ভাৱি পৰীক্ষাৰ্থীক নম্বৰ দিয়ে, তেনে শিক্ষকৰ হাতত পৰিৱেশ শিক্ষা কোন দিশে ধাৱমান, সেয়া আমি চিন্তা কৰিবলগীয়া নহয়নে?
এনে পৰিপ্ৰেক্ষিতত আমাৰ উচ্চ শিক্ষা ব্যৱস্থাটোত পৰিৱেশ শিক্ষাক লৈ গুৰুত্বসহকাৰে চিন্তা কৰাৰ দৰকাৰ আছে। ৰাজ্যৰ তিনিখনকৈ বিশ্ববিদ্যালয়ত পৰিৱেশবিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আছে, অৰ্থাৎ স্নাতক পৰ্য্যায়ত বিষয়টো আন বিষয়ৰ দৰেই পঢ়াব পৰাকৈ সম্পদ আছে।তেনেস্থলত বৰ্তমান সময়ৰ এটা দৰকাৰী বিষয় পঢ়াবলৈ “জোৰা-তাপলি” মৰা ব্যৱস্থা এটা চলাই থকাৰ মনোবৃত্তিটো এৰি কাৰ্য্যকৰী ব্যৱস্থা এটা হাতত লোৱা দৰকাৰ। অথবা প্ৰয়োজন সাপেক্ষে বিষয়টোৰ সতে জড়িত ব্যক্তিৰ দ্বাৰা ব্যৱহাৰিক শিক্ষা প্ৰদানৰ, তাকো সঠিক ৰূপত, ব্যৱস্থা কৰাৰ দৰকাৰ। সেয়ে নহ’লে যি উদ্দেশ্যৰে পৰিৱেশ শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল, সেয়া বিগত দহ বছৰত হৈ থকাৰ দৰেই “নিধিৰাম চৰ্দাৰ” হৈয়ে ৰৈ যাব আৰু তাৰ কুফল ভৱিষ্যত প্ৰজন্মই ভোগ কৰিব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments