অসমীয়াত্বৰ সন্ধানত -(গুৰু গোবিন্দ বৰ-তামুলী)

(সম্পাদকীয় টোকাঃ অকব-ত গুৰু গোবিন্দ বৰ-তামুলী ডাঙৰীয়াই এটা বিশেষ প্ৰশ্ন উত্থাপন কৰিছিল৷ তাৰে নিৰ্বাচিত অংশ ইয়াত তুলি দিয়া হ’ল৷)
অসমীয়াত্বৰ সন্ধানতঃ গুৰু গোবিন্দ বৰ-তামুলী
অসমীয়া ভাষা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেইটো জনাটো সম্ভৱ নহয়। বৰ্তমান চলি থকা ৰূপটো অৰুণোদইৰ সময়ৰ পৰা প্ৰচলিত হৈ আহি এই ৰূপ পাইছেহি বুলি কব পাৰি। অসমীয়া ভাষাৰ স্বকীয়তাৰ বাবে আমি প্ৰায় ১৫০০ বছৰৰ ইতিহাসৰ কথা উনুকিয়াওঁ। অসমত যুগ-যুগান্তৰৰে পৰা চলি থকা বিভিন্ন ভাষা সমূহৰ মিশ্ৰনেৰে বিকশিত হৈ বৰ্তমানৰ চলিত অসমীয়া ভাষাটোৰ ৰূপ পাইছে নেকি? অসমৰ থলুৱা ভূমিপুত্ৰ (যি সকল আনঠাইৰ পৰা প্ৰব্ৰজন কৰি বৰ্তমানৰ অসম নামৰ ভূখণ্ডলৈ অহাৰ কোনো ইতিহাস নাই) সকলে যি কেইটা ভাষা ব্যৱহাৰ কৰে বা কৰি আহিছে (নিজা লিপি থকা নথকাৰ কথা বাদ) সেইকেইটা আৰু ‘অসমীয়া ভাষা’ৰ সাদৃশ্যতা কিমান? মংগোলীয় মূলৰ ভূমিপুত্ৰ সকলৰ ভাষা (দোৱান?) আৰু মান্য অসমীয়া ভাষাৰ মাজত সমন্ধ বিচাৰি উলিওৱাটো কষ্টসাধ্য নহয়নে? অসমীয়া ভাষা এক আৰ্যমূলীয় সাংস্কৃতিক সাম্ৰাজ্যবাদৰ আগ্ৰাসনৰ ফল নহয়তো ? ভূমিপুত্ৰ সকলৰ অনাৰ্য ভাষা-সংস্কৃতিক পৰাধীন কৰি ৰাখি এক বহিঃসঁচৰ আৰ্য সাংস্কৃতিক সাম্ৰাজ্যই শাসন চলাই থকা নাইতো ? মান্য অসমীয়া ভাষাত থলুৱা বড়ো, ৰাভা, মিচিং, কাৰ্বি, তিৱা, ডিমাছা, হাজংকে আদি কৰি অসমৰ  মাটিৰ থলুৱা ভাষাসমূহ নাইবা অসমৰ কাষৰীয়া অঞ্চল সমূহৰ ভাষাৰ প্ৰাধান্যতা  ক’ত ? একে কথা উপাস্য দেৱ-দেৱতাৰ ওপৰতো খাটে । জনজাতীয় দেৱ-দেৱী  আৰু আৰ্যমূলৰ আৰাধ্য দেৱ-দেৱীসকল একেই নেকি? হিন্দু, বৌদ্ধ , খ্ৰীষ্টান, ইছলাম আদি আনুষ্ঠানিক ধৰ্মবোৰ এই অঞ্চললৈ আমদানিকৃত বহিঃসঁচৰ ধৰ্ম নহয় নেকি ? আৰ্য উত্তৰ ভাৰত কেন্দ্ৰিক শ্ৰীৰাম নাইবা শ্ৰীকৃষ্ণই বুঢ়াগোসাঁইৰ থানবোৰৰ সংস্কৃতি বিলুপ্ত কৰা নাইনে? একে কথা বাকী আমদানিকৃত ধৰ্মবোৰৰ ক্ষেত্ৰতো। দঞি-প’ল’ক ঘৰতে গৃহহাৰা কৰিছে কোনোবা আগ্ৰাসনকাৰী ছেইন্ট অথবা নবীয়ে। য়ু.পি.ৱালা শ্ৰীকৃষ্ণ  ভগৱানৰ বুঢ়াগোঁসাই নাইবা আনকোনো স্থানীয় জনজাতীয় উপাস্যজনৰ ওপৰত আগ্ৰাসন, জেৰুজালেমৰ যীচু নাইবা মক্কাৰ হজৰত মহম্মদৰ আগ্ৰাসনৰ কিবা পাৰ্থক্য আছে নেকি? এই আগ্ৰাসনৰ ফলত সকলোৱে ক্ৰমাৎ হেৰুৱাই পেলাইছে নিজৰ নৃগোষ্ঠীয় ইউনিক ধাৰণাবোৰ। সাংস্কৃতিক সামাজ্যবাদৰ এই আগ্ৰাসনৰ পৰা বচাৰ কিবা উপায় কোনে দিব ? নে যি হ’ল হৈ গ’ল হৈ গ’ল আৰু সময়ৰ সোঁতত নিজস্ব সকলো হেৰুৱাই দাসত্বৰ শিকলিকেইডালতে আবদ্ধ থকাৰ বাদে গত্যন্তৰ নাই ?

মন্তব্য :

গতলাল দত্ত : কথাখিনি নোহোৱা নহয়। কিন্তু এনেধৰণৰ লেখা প্ৰচলিত অসমীয়া জাতীয়তাবাদৰ প্ৰতি ভাবুকি স্বৰূপ হব পাৰে।

গুৰু গোবিন্দ বৰতামুলী : অসমীয়া জাতীয়তাবাদ বোলা বস্তুটোৱেই জোৰকৈ সাজি লোৱা বস্তু এটা। ইয়াক সম্পূৰ্ণৰূপে প্ৰব্ৰজনকাৰী সকলেই নিজৰ সুবিধাৰ কাৰণে সাজি লৈছে ।

নিবিৰ জোনাক : কথাষাৰ সৰ্ম্পূণ  সত্য। প্রব্রজন আদিম যুগৰ পৰা চলি অহা এক স্বাভাবিক প্রক্রিয়া,যদিও ইয়াৰ ফলত দুয়ো পক্ষৰেই সভ্যতা সংস্কৃতি টনকিয়াল হোৱাৰ সম্ভাৱনা থাকে কিন্তু তাতোকৈ ডাঙৰ কথা এই যে ইয়াৰ ফলত নৃগোষ্ঠীয় ধাৰণাবোৰৰ যি ক্ষতি সাধন হয় সেই ক্ষতি পূৰণ কৰাটো একপ্রকাৰ অসম্ভৱ বুলিয়েই কব লাগিব।

গুৰু গোবিন্দ বৰতামুলী : তেন্তে অসমীয়া কোন ?

চাও সঞ্জু সন্দিকৈ : সেইবাবেই বৰ্তমান সকলো জনগোষ্ঠীয়েই নিজৰ নিজৰ অধিকাৰকলৈ সৰৱ হৈ পৰিছে ।

নিবিৰ জোনাক : বিপদতো  তাতেই ,কবলৈ গলে অসমীয়া হাজাৰ বছৰৰ সাংস্কৃতিক আদান প্রদানৰ ফলত গঠিত হোৱা এক বৃহত্তৰ জাতি ,যত আৰ্য্য, মংগোলীয় সকলো গোষ্ঠী , জনগোষ্ঠীৰ নিজস্ব অৱদান আছে। ইয়াত লোক বিশ্বাস বা ৰীতি নীতিৰ ভিত্তিত জেনেৰালাইজ কৰাটো টান। কিন্তু উগ্র জাতীয়তাবাদী  মনোভাব আমাৰ মনত ইমান দ কৈ শিপাইছে যে আমি ,বহুতো সৰু সৰু ব্লক লগ লাগি যিদৰে এখন সুন্দৰ পাজল হয়, তাক আকৌ বেলেগ বেলেগ কৰি খুলিবলৈ  আৰম্ভ কৰিছো।

গুৰু গোবিন্দ বৰতামুলী : তথাকথিত অসমীয়া জাতিসত্বাত থলুৱা ভূমিপুত্ৰ সকলৰ অবিশ্বাসযোগ্যতা কিয়? অসমীয়া ভাষাত থলুৱা ভাষাবোৰৰ অস্তিত্ব ক’ত ? এইটো যদি আদান-প্ৰদানৰ মাজেদিয়ে হৈছিল তেন্তে এই থলুৱা ভাষাবোৰৰ লগত মান্য অসমীয়াৰ মিল নেদেখিহে আচৰিত নহৈ নোৱাৰিছো। গোটেই অসমীয়াত্বৰ ধাৰণাটোৱেই এক কৰাৰ নামত বাকীবোৰক ধ্বংস কৰা এক কাৰ্য যেন লগা নাইনে? মিলনৰ নাম দি আধিপত্যৰ বিস্তাৰ, সাত ৰাজ্য মাৰি এক ৰাজ্য ৰাজনৈতিক ভাৱে হ’ল, কিন্তু সাংস্কৃতিক মিলন হোৱা যেন নালাগিল। পৃথিৱীৰ বেলেগ ভাষা, সংস্কৃতি, জাতি সত্বাবোৰলৈ চালে দেখো যে যিবোৰ অতীতৰ জাতি সত্বা, সংস্কৃতিৰ মিলন হৈ সেইবোৰৰ জন্ম সেইমূলৰ প্ৰভাৱ সকলোতে বিদ্যমান। তাত অসমীয়াত থলুৱাত্ব বিচৰাৰ দৰে বিচাৰিব নালাগে। প্ৰচলিত মান্য অসমীয়া জাতীয়তাবাদী জীৱনশৈলীৰ অনুশীলনত ভূমিপুত্ৰ সকলৰ জীৱনশৈলীৰ উপাদানবোৰ বিচাৰি হাবাথুৰি খোৱা অৱস্থা এটা কিয় হয় ?

সুব্ৰত গগৈ : যোগ্য-ভোগ্য বসুন্ধৰা। আমাৰ দেশৰ বৌদ্ধ ধর্মই চীন প্রদেশত ৰাজত্ব চলালে । শঙ্কৰদেৱে আপুনি কোৱা U.P.ৱালা কৃষ্ণ গোঁসাইক অসমত বৰপীৰা পাৰি বহুৱালে। ভূমিপুত্রসকলক খেদি গুৱাহাটীৰ মাটি দখল কৰি ৰাইজসকল নিজে বৰপীৰা পাৰি বহি গ’ল।গতিকে আগ্রাসন থাকিবই।

গুৰু গোবিন্দ বৰতামুলী : প্ৰব্ৰজন, মিলন, আগ্ৰাসন আদি বৈৱৰ্তনিক স্বাভাৱিক প্ৰক্ৰিয়া ।  মূল কথাটো হৈছে, অসমত ইমান দিনে মিলন হোৱা (সকলোৰে উপাদান থকা) বুলি যিটো ধাৰণাৰ প্ৰচাৰ চলাই থকা হৈছে, সেই প্ৰচাৰ সত্যৰ পৰা আঁতৰত। আচলতে আগ্ৰাসনহে হৈছে। অসমত এক সময়ত চৰকাৰী ভাষা হিচাপে বাংলা জাপি দিয়া আৰু অসমীয়া ভূমিপুত্ৰ সকলৰ ওপৰত তেওঁলোকৰ সংস্কৃতিৰ কোনো উপাদান প্ৰায়  বিচাৰি পাবলৈ নোপোৱা  ‘অসমীয়া’ জাপি দিয়াতো একে ধৰণৰ পৰিঘটনা নহয় নে? অসমীয়া আৰু বাংলাৰ সামঞ্জস্য যিমান, অসমৰ থলুৱা ভাষাবোৰ আৰু অসমীয়া মান্য ভাষাৰ সামঞ্জস্য তাৰ তুলনাত নাইৰ সমান। বাংলা আৰু অসমীয়া হয়তো একে উমৈহতীয়া পূৰ্বপুৰুষৰ পৰা উদ্ভুত। কিন্তু সাংস্কৃতিক মিলন প্ৰক্ৰিয়াৰে গঠন হোৱা বুলি কোৱা তথাকথিত অসমীয়া জাতিসত্বাত ইয়াৰ মাটিৰ উপাদানবোৰৰ অভাৱ কিয় ?

দেৱব্ৰত গগৈ : আগ্ৰাসন সকলোতে হয় , সকলোৱে কৰে । আহোমসকলে আহি বৰাহী , চুতীয়া আৰু কছাৰীসকলৰ ভুমি আগ্ৰাসন কৰিছিলহি । এসময়ত উজনি অসমত ৰাজত্ব কৰা কছাৰীসকলক খেদি আহোমে সেই ঠাই দখল কৰিলেহি । তেতিয়া দিল্লীশ্বৰ নাছিল বাবে কছাৰীসকলে কাকো আপত্তি কৰিব নোৱাৰি ডিমাপুৰ আৰু এতিয়াৰ শিলচৰত বহু শ বছৰ থাকি শেষত নামনি অসম পালেহি । এক কথাত তেওঁলোকৰ সৰলতা আৰু দুৰ্বলতাৰ বাবে এই ঐতিহাসিক আলৈ আথানি আৰু আজি কোকোৰাঝাৰৰ  শৰনাৰ্থী শিবিৰতো একেই আলৈ আথানি ।

মোৰ মতে কছাৰীসকলে ইতিহাসৰ পৰা শিক্ষা লোৱা নাই । লোৱা নাই অসমীয়াই । আগ্ৰাসী আৰু নিজৰ স্থান এৰি নিদিয়া মনোভাব এটা থাকিলেহে এটা জাতি জীয়াই থাকিব পাৰে । এইটো এটা অপ্ৰিয় সত্য ।

গুৰু গোবিন্দ বৰতামুলী : ‎’অসমীয়া জাতি’ গঠন প্ৰক্ৰিয়াটোৱেই গোটেইখন খেলিমেলি। প্ৰবক্তা সকলে প্ৰচাৰ চলোৱাৰ নিচিনা মিলন হৈ গঠিত হোৱা জাতি সত্তাৰ অস্তিত্ব বিচাৰি হাবাথুৰি খাব লগা হৈছে ! অসমীয়া এটা সন্মিলিত নৃগোষ্ঠীয় সাংস্কৃতিক জাতিসত্তাতকৈ ৰাজনৈতিক ৰাষ্ট্ৰসত্তাহে বেছি  নহয়নে ? দিল্লীৰ পৰা সকলোকে খুৱাই থকা ভাৰতীয়তাৰ শাসকীয় ৰাষ্ট্ৰসত্তাৰ পিলটোৰ নিচিনাকৈ অসমীয়াত্বটোও দিছপুৰ কেন্দ্ৰিক শাসকীয় ৰাজ্যসত্তাহে নেকি ?

সুব্ৰত গগৈ :  পিছে আহোম নহা হ’লে অসমীয়া জাতিৰ গঠনেই নহ’ল হেঁতেন। গতিকে আহোমে অসমত আগ্রাসন কৰা নাছিল, অসম গঠন কৰিছিল ; থিক যেনেদৰে হিন্দু ধর্মই ভাৰতত আগ্রাসন কৰা নাছিল।

ৰঞ্জিত গোবিন্দ বৰা : ইয়াণ্ডাবু চুক্তি নহ’লে বা বৃটিছে অসম দখল নকৰিলে অসমীয়া জাতি বুলিলে আজি যিটো জনসমষ্টিক বুজা হয় বা যিখিনি ভূ-খণ্ডক বুজোৱা হয়, সেয়া হয়তোবা নাথাকিলহেঁতেন। সামগ্ৰিকভাৱে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো সিমান পুৰণি নহয়। আনকি অবিভক্ত গোৱালপাৰা জিলাও অসমত চামিল হোৱা  বেছি  বছৰ হোৱা নাই। আনহাতে, বৃটিছেও শাসনৰ সুবিধাৰ্থে আজিৰ অসমৰ ভূ-খণ্ডৰো কেইবাবাৰো সাল-সলনি কৰিছিল। বৰ্তমানৰ বাংলাদেশৰ বহু অংশ এবাৰ যদি অসমৰ সৈতে আছিল, এবাৰ সুকীয়া হৈ পৰিছিল। ফলত অসমীয়া জাতি হিচাপে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ মাজত যি আনুভূতিক সমন্বয় গঢ়ি উঠিব লাগিছিল সেয়া হৈ নুঠিল। ইতিহাসৰ বিভিন্ন পাকচক্ৰত পৰি ঠন ধৰি উঠিব খোজোতে বাৰে বাৰে আহত হৈ পৰিছিল অসমীয়া জাতীয়তাবাদ। স্বাধীনতাৰ পিচত যদিওবা এডোখৰ বৃহৎ অংশক লৈ অসম নামৰ ৰাজ্যখন গঢ় লৈ উঠিছিল সেয়াও বেছিদিন নিটিকিল। ছখন ৰাজ্য হৈ ওলাই গ’ল। পৰিণতিত আৰু সংকুচিত হৈ পৰিল অসমীয়া জাতিৰ পৰিধি। এতিয়াও কেইবাখনো ৰাজ্যৰ দাবী উত্থাপন হৈ আছে। কাৰ্বি, ডিমাছা, বড়োৱে নিজকে অসমীয়া বুলি ভাবিলে সুকীয়া ৰাজ্য নিশ্চয় নিবিচাৰিলেহেঁতেন। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো ভগন প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে। জাতি গঠনৰ প্ৰৱাহমান ধাৰাটোৰ শেষ ক’ত হ’ব সেয়া সময়েহে ক’ব। কিন্তু অসমীয়া জাতীয়তাবাদৰ পৰিধি ক্ৰমশঃ সংকুচিত হৈ আহিছে।

দেৱব্ৰত  গগৈ :  আহোমৰ ৰাজ্য বিস্তাৰ মাথোন গুৱাহাটীলৈকে আছিল । গুৱাহাটীও ছেগাছোগোৰাকৈহে  আছিল । গদাধৰ সিংহৰ পাছতহে গোটেইখন গুৱাহাটী আহোমৰ অধীনলৈ আহিছিল । জনজাতিসকলৰ স্বকীয়তাক আহোমে সদায় মান্যতা দি আহিছিল । সেয়ে কৰ-কাটলৰ বাদে আহোমে তেওঁলোকৰ সাৰ্বভৌমত্বত হাত দিয়া নাছিল । আনহাতে নামনি অসমৰ শাসন ক্ষমতা মিউজিকেল চেয়াৰ খেলখনৰ  দৰে আছিল । 50 বছৰ যদি মোগলৰ  হাতত , 25 বছৰ আহোমৰ হাতত , 70 বছৰ কোঁচৰ হাতত আকৌ 50 বছৰ আহোমৰ হাতত । ৰুদ্ৰসিংহৰ দিনৰ পৰাহে নামনি অসম একেৰাহে 150 বছৰমান  আহোমৰ শাসন ব্যৱস্থাৰ অধীনলৈ আহিছিল । চতুৰ বৃটিছে কথাবোৰ বুজিব পাৰি নামনি অসমৰ শাসন ভাৰ প্ৰথমৰে পৰা পোনপটীয়াকৈ নিজৰ হাতত ৰাখিছিল । আজিৰ তাৰিখত অসমীয়াৰ বাপোতি সাহোন বুলি স্বীকৃতি পোৱা বিহুটোও আজিৰ পৰা  প্ৰায় 50 বছৰমানৰ আগতেহে নামনি অসমত জনপ্ৰিয় হৈছে ।

এনেবোৰ কাৰণৰ বাবেই আমি কাগজে পত্ৰই যি অসমীয়া জাতি আৰু সমাজৰ ধাৰণা কৰি থাকো সেই বাস্তৱ ছবিখন মাথোন উজনি অসমৰ অবিভক্ত শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাতহে দেখিবলৈ পাও । বৃটিছ বুৰঞ্জীবিদ এজনে বহুবছৰ আগতেই লিখি গৈছে যে অসমীয়াৰ আচল ছবিখন মাথোন এই দুখন জিলাতহে দেখিবলৈ পোৱা যাব । বাকী জিলা বা অঞ্চলবোৰত এক মিশ্ৰিত জনগাথনি দেখা যাব  ।

অসমত এই অসমীয়া নামটো লৈ আজি যি সমস্যাৰ সৃষ্টি হৈছে তাৰ প্ৰধান  কাৰণটো হৈছে যে এসময়ত অসমীয়া বৰ্ণহিন্দু , আহোমসকল , অসমীয়া মুছলমান বা আন আগবঢ়া সম্প্ৰদায়সকলে জনজাতিসকলৰ অস্তিত্বক আওকাণ কৰিছিল ।

সুব্ৰত গগৈ :  অসমীয়া জাতি বা জনসমষ্টি আৰু ভূ-খণ্ড দুটা পৃথক বস্তু। ইয়াণ্ডাবু চুক্তি বা বৃটিছে অসমীয়া জাতি গঠন কৰিছে বোলা আপোনাৰ     ( ৰঞ্জিত গোবিন্দ বৰা ) মন্তব্যটোৰ মই বিৰোধিতা কৰিছো।

দেৱব্ৰত গগৈ :  বৃটিছে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আংশিকভাবে হলেও যে অৰিহণা যোগাইছিল সেয়া সত্য । যেনেকৈ সত্য যে বৃটিছ অহা বাবেই আমি আজিৰ ৰূপত ভাৰতবৰ্ষখন পাইছো । নহলে হয়তো আমি ইউৰোপৰ দৰে মহাদেশ এখনৰ ৰূপত আজিৰ ভাৰতখন পালোহেঁতেন । এটা ধৰ্ম , প্ৰায় মিল থকা ভাষা আৰু বহুকেইখন দেশ । যিটো আজিৰ  ইউৰোপত দেখা পাও ।

সুব্ৰত গগৈ : অৰিহণা থকাটো স্বাভাৱিক। কিন্তু অসমীয়া জাতি ব্রিটিছ সকলৰ বাবে গঠন হৈছে ধৰণৰ মন্তব্য সমর্থনীয় নহয়। জাতিৰ অর্থ ভূখণ্ড নহয়। ১৯৭০ চনৰ আগেয়ে সমগ্র উঃপূঃ অসম আছিল। আজি সেই ভূখণ্ড নাই; কিন্তু অসমীয়া আজিও আছো।

দেৱব্ৰত  গগৈ : জাতি এটাৰ বাবে নিজস্ব ভুখণ্ড এক অপৰিহাৰ্য্য অংগ । যি জাতিৰ এই পৃথিৱীত এটুকুৰা নিজৰ বুলিবলৈ ভুখণ্ড নাথাকে সেই জাতি অতি সোনকালেই নাইকীয়া হৈ যায় । উদাহৰণ , বংগ-ত্ৰিপুৰাৰ চাকমা শৰনাৰ্থীসকল । বাংলাদেশৰ পৰা তেওঁলোক বিতাড়িত হৈ আজি ভাৰতত শৰণাৰ্থী হৈ আছে আৰু লাহে লাহে নাইকীয়া হোৱাৰ উপক্ৰম হৈছে , কিন্ত দেশ বিভাজনৰ সময়ত বাংলাদেশৰ পৰা পলাই অহা হিন্দু বঙালীসকলৰ সেই অৱস্থা হোৱা নাই কাৰণ তেওঁলোক ভাৰতত থকা সহোদৰসকলৰ ওচৰলৈ গুচি আহিব পাৰিছে আৰু জাতিটোলৈ অস্তিত্বৰ সংকট অহা নাই ।
আমাৰ অসমীয়াৰ ভুখণ্ড সংকুচিত হৈ আহিছে আৰু সেয়ে অস্তিত্বৰ সংকটও হৈছে । জাতি এটাৰ বাবে ভুখণ্ড অপৰিহাৰ্য বাবেই গোপীনাথ বৰদলৈয়ে অসমক গ্ৰুপিংৰ পৰা আঁতৰাই আনিছিল আৰু জাতিটোক ৰক্ষা কৰিছিল । যিজাতিৰ নিজস্ব ভুখণ্ড নাই সেই জাতিৰ ধ্বংস অনিবাৰ্য্য আৰু সেইবাবেই আমি অসমৰ পৰা বাংলাদেশী বিতাড়ন কৰিবলৈ আন্দোলন কৰিছোহঁক ।

সুব্ৰত  গগৈ : আপুনি যি ভাবে সেয়া নিজস্ব চিন্তা । মোৰ নিজস্ব চিন্তাৰে ইয়াকেই ঢুকি পাওঁ যে অসমীয়া জাতি গঠন প্রক্রিয়াৰ আহোমসকলেই বাটকটীয়া তথা স্বৰ্গদেওসকলৰেই সপোণৰ ফচল। কোনোবাই এইষাৰ কথা শুনি ভাল পাব বা বেয়া পাব লাগে বুলি নাভাবো। কাৰণ স্বর্গদেওসকল আহোমৰ ৰজা নহয়, অসমীয়াসকলৰ ৰজা আছিল। সেয়ে এই কথা ভাবি মই গৌৰৱ কৰো ।

ৰঞ্জিত গোবিন্দ বৰা : জাতি এটা গঠন হ’বলৈ কিছু চৰ্ত পূৰণৰ আৱশ্যক। তাৰে অন্যতম দুটা হৈছে ভাষা আৰু ভূমি। স্বাধীন ভাৰতত ভাষাৰ ভিত্তিত কেইবাখনো ৰাজ্য গঠন হৈছিল। আহোম স্বৰ্গদেউসকলৰ প্ৰধান অৱদান আছিল বহুধা বিভক্ত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যক একত্ৰিত কৰি আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা। ফলত বৃহৎ অঞ্চল এটা এক শাসন ব্যৱস্থাৰ অধীনলৈ আহিছিল। তাৰ পৰা জাতি গঠনৰ বীজ অংকুৰিত হৈছিল। সেই বীজটোৱে আজিৰ অসমীয়া জাতিৰ ৰূপ পৰিগ্ৰহ কৰিছে বুলি দাবী কৰিব নোৱাৰি। আহোম স্বৰ্গদেউসকলে যিদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ একত্ৰিত কৰি এখন আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল সেইদৰে বৃটিছৰ অধীনত এটা ভূ-খণ্ড একত্ৰিত হৈছিল। এক শাসন ব্যৱস্থাই পৰস্পৰৰ মাজত সম্পৰ্ক আদান-প্ৰদান কৰিবলৈ বাধ্য কৰিছিল। অসমীয়া ভাষাই উমৈহতীয়া ভাষাৰ স্থান পাইছিল বুলি ক’ব পাৰি। বৃটিছে গঠন কৰা অসমখন, চিলেট জিলা, কোচবিহাৰ জিলা আদিক বাদ দি আৰু পিচত অবিভক্ত গোৱালপাৰা জিলা চামিল হৈ যিখন অসম হৈছিল সেইখন অসমৰো মানচিত্ৰ পিচলৈ সলনি হৈছিল। নাগালেণ্ড গঠন হোৱাৰ আগলৈকে নগাও অসমীয়া আছিল। মিজোৰাম গঠনৰ হোৱাৰ আগেয়ে মিজোসকলো অসমীয়াই আছিল। আজি যিদৰে আছে কাৰ্বিভাষী অসমীয়া, বড়োভাষী অসমীয়া। আৰু যদি অসমীয়া ভাষা কোৱাসকলে অসমীয়া হয় তেন্তে কথা সুকীয়া। অসমীয়া জাতি বুলি শব্দটো আজিৰ পৰা তিনিশ-চাৰিশ বছৰ পূৰ্বে কোনো কিতাপত, আহোম স্বৰ্গেদউসকলে প্ৰণয়ন কৰা কোনো বুৰঞ্জীৰ পাতত লিপিবদ্ধআছে নে? অসম নামৰ ৰাজ্য এখনৰ অস্তিত্ব ক’ৰবাত আছিল নে? জনাসকলে সহায় কৰিব বুলি আশা কৰিলো।

ৰাজু শইকীয়া : অসমীয়াৰ অস্ত্বিত্ব ৰক্ষাৰ বাবে কিছু কৰণীয় (মোৰ অনুভৱ)

১) অসমীয়া  == অন্ন,বস্ত্র আৰু বাসস্হান । এই তিনিওটাৰে সম্পৰ্ক একমাত্র মাটি বা ভূমিৰ লগত । হয় মই মাটিৰ মানুহ । মই অসম দেশৰ মানুহ । তেজ মোৰ অসমীয়াৰ তেজ । নহয়, আপোনাৰ তেজ কোনো সম্প্রদায়ৰহে তেজ । তেনেহ’লে অসমীয়া কি ?শিখ,পাঞ্জাবী,মাৰাঠী আদিৰ দৰে নে অন্য কিবা ? আমি কোৱা বৃহত্তৰ অসমীয়া মানে কি ? যদিহে অসমীয়া হৈও পৃথক পৃথক জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰক লৈ সঘনাই আন্দোলন কৰিব লাগে তেনেহ’লে কোনে কাক শোষণ কৰি আছে ?  অসমীয়া শব্দটো ব্যৱহাৰ কৰিব লাগে বাবেহে কৰো নেকি ? কোৱা শুনো শংকৰ-মাধৱে অসমীয়া সমাজক একতাৰ বান্ধোনেৰে বান্ধি থৈ গ’ল । এতিয়াৰ অসমীয়াৰ একতাৰ অভাব নেকি ? তেনেহলে বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজৰ অস্ত্বিত্ব ৰক্ষাৰ বাবে পৃথক হব বিছৰাটো যুক্তিপূৰ্ণ । বহুতে কব যে অসম খণ্ডিত হ’লে অৰাজকতাৰ সৃষ্ঠি হব । কিয় হব ? একেখন ঠাই, একেখিনি মানুহেইটো বসবাস কৰিব । একতা বাঢ়িবহে । নিজৰ মাটিখিনিৰ প্রতি একাগ্রতা বাঢ়িব , ভক্তি বাঢ়িব , নিজৰ ঠাইখিনি অধিক উন্নত কৰাত ব্রতী হব কাৰণ এতিয়া প্রৱঞ্চনাৰ বলি হৈ থকা অনুভৱটো নাথাকিব । কবলৈ হ’লে ৰাজনৈতিক চাল চলনেহে সমাজখনক বিষাক্ত কৰে । বিকেন্দ্রীকৰন নকৰিলে অসম এদিন বাংলাদেশ হব । কাৰণ বিকেন্দ্রকৰণ কৰিলে ভূমি সংৰক্ষণ নীতিৰ ফলত খিলঞ্জীয়াৰ বাদে আনে স্থায়ীভাবে প্রৱেশ কৰিব নোৱাৰিব । সংৰক্ষিত এলেকা হিচাবে আসন সংৰক্ষিত হব ।

২) সত্রৰ কৰণীয় = সত্রৰ মাটি মুছলমান বেদখলকাৰীয়ে গ্রাস কৰি আহিছে । ইয়াতে সত্রই কি কৰি আছে ?  চৰকাৰক দোষ জাপি দিয়াতকৈ সত্রইও কিছু কৰিব লাগে । কিবা কামত মাটিবিলাক ব্যৱহাৰযোগ্য কৰি তুলিব লাগে নাইবা দুখীয়া পৰিয়াল তথা অশান্ত জৰ্জৰ ঠাইৰ খিলঞ্জীয়া মানুহখিনিক তাত সংস্হাপন দি কৰ্মত নিয়োজিত কৰিলে ৰাজহ সংগ্রহও হব আৰু মুছলমান বেদখলকাৰীৰ পৰাও মুক্ত হব ।

 

 
৩) জন্ম নিয়ন্ত্রণ== চৰকাৰে জন্ম নিয়ন্ত্রণৰ ক্ষেত্রত সঠিক আৰু কঠোৰ নীতি তথা আচঁনি গ্রহণ কৰিব লাগিব । নহলে এদিন নহয় এদিন মেঘালয়ৰ দৰে অস্ত্বিত্ব সংকটত ভূগি খিলঞ্জীয়াক দুজনতকৈ অধিক জন্ম দিয়াৰ বাবে অনুৰোধ কৰিব লাগিব আৰু জনসংখ্যা বৃদ্ধিৰ আচঁনি লব লাগিব ।

৪) সীমা সুৰক্ষা= আটাইতকৈ ডাঙৰ প্রত্যাহৱান । ভাৰতীয়ই উত্তৰ-পূৰ্বাঞ্চলক অবহেলা কৰাৰ বহি:প্রকাশ প্রত্যক্ষভাবে দেখা যায় । নিৰাপত্তাৰক্ষীৰ দেশ প্রেম আছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ প্রতি বিতৃষ্ণা তথা ভ্রান্ত ধাৰণাই(অভাৰতীয় সূলভ) প্রধান কাৰণ । ধনৰ বিনিময়ত বিদেশী সোমাব পৰা সুবিধাখিনি তেওঁলোকেই কৰি আছে । গতিকে সীমা সুৰক্ষাত ভাৰতৰ নিৰাপত্তাৰক্ষীৰ মাজৰ অসমীয়া নিৰাপত্তাৰক্ষীখিনিক নিয়োজিত কৰিব লাগে ।
৫) নিন্ম-মধ্য কৰ্মচাৰী= দেশৰ নীতি সূক্ষ্ম বিশ্লেষণৰ পিছতহে গ্রহণ কৰা হয় । গতিকে দেশৰ স্বাৰ্থৰ বাবেহে নীতি যুগুত কৰা হয় । পিছে আমাৰ মাজত দেশৰ প্রতি, নিজৰ মাটিৰ প্রতি কোনো শ্রদ্ধা বা প্রেম নাই । বিদেশীৰ  দেশীয়কৰণৰ প্রক্রিয়াটো নিন্ম তথা মধ্যবৰ্গৰ কৰ্মচাৰীসকল জড়িত হৈ থাকে । বিদেশীয়ে সকলো লাগতিয়াল নথি-পত্র এই দেশদ্রোহী কৰ্মচাৰী সকলৰ হাতৰ পৰাই পায় । ধনৰ বিনিময়ত দেশক বিক্রী কৰোতা এই কৰ্মচাৰী সকলৰ শাস্তিৰ ব্যৱস্হা কৰিব লাগে ।

৬) কৰ্মস্পৃহা== কওঁতে আমি কওঁ,  সকলো সিহঁতৰ হাতলৈ গ’ল । কেতিয়াবা সিহঁতে কৰা কামৰ প্রতি খিলঞ্জীয়াৰ  কাৰোবাক আপুনি অনুপ্রেৰণা দিছেনে ? যিকোনো ঘৰুৱা কাম কৰিবলৈ হ’লে নিজৰজনতকৈ সিহঁতক বেছি বিশ্বাসত লোৱা দেখা যায় । মনোভাব এনেকুৱা “সিহঁতে কামত ফাঁকি নিদিয়ে , টকা নামাৰে, আমাৰ মানুহবোৰ কামচোৰ , টকা লৈ কাম নকৰে ইত্যাদি ইত্যাদি ” আচলতে আপুনি নিজক ফাঁকি দি আছে । আমি দেখোন কাণিয়াৰ জাত । নিজৰ ছোৱালীজনীক বিয়া দিয়াৰ সময়ত আপুনি সৰু কাম কৰাবোৰৰ ফালেও চোৱা কৰক নহলে এদিন শত্রুৱে সকলো গ্রাস কৰিব ।

৭) ধৰ্ম সংকট  = ধৰ্মই ভেদা-ভেদ দুৰ কৰে । আমাৰ অসমৰ ধৰ্মীয় অনুষ্ঠান প্রতিষ্ঠানৰ ক্ষেত্রত ওলোটা । বাহিৰত  দেখুৱাব আমাৰ কোনো ভেদা-ভেদ নাই কিন্তু কাজেই বিপৰীত । ধৰ্মৰ প্রতি অন্ধ নহৈ আমি এক জাতি হিচাবে থিয় হব নোৱাৰিলে আমি নিজেই অসম ধংসৰ ফালে ঠেলি দিয়া নাই জানো ?

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক