অসমীয়াৰ অস্তিত্ব ৰক্ষক : বেণুধৰ শৰ্মা (- নিতুল বৰা)

ভাগি গল বীণখনি ছিগি গল তাঁৰ

ৰৈ গল অৱশেষ অমিয়া জোঁকাৰ।

অসমীয়াক এটা ঐতিহ্যপূৰ্ণ আৰু প্ৰগতিশীল জাতি হিচাপে প্ৰতিষ্ঠা কৰাত বেণুধৰ শৰ্মাৰ যি ভুমিকা আছিল, সেয়া অদ্বিতীয়। তেওঁ অসমৰ প্ৰীতিৰ লগত অতীতৰ ঘটনাৰাজি এৰাব নোৱাৰাকৈ সম্পৃক্ত হৈ আছে। অসমীয়াৰ ঐতিহ্য আৰু সংস্কৃতি যে অন্য এটা প্ৰগতিশীল জাতিতকৈ কোনো গুণে কম নহয়, সেয়া বেণুধৰ শৰ্মাই প্ৰতিপন্ন কৰিছিল তেওঁৰ বিভিন্ন ৰচনাৰাজিৰ মাজেৰে। অতি সহজ-সৰল ভাষাত তেওঁ গদ্য লিখিছিল আৰু তেওঁৰ প্ৰতিটো ৰচনাতে ফুটি উঠিছিল অসম গৌৰৱ। এই কথা কলে বোধহয় বঢ়াই কোৱা নহ’ব যে অসমীয়াৰ প্ৰকৃত্ব সত্তা কি, গৌৰৱ কি এইসকলোবোৰ কথা অসমীয়াই বেণুধৰৰ পৰাহে বুজি উঠিছিল আৰু নিজৰ বুকুত ঘৰ বান্ধিব লোৱা হীনমন্যতাক যেন আঁজুৰি দলিয়াই পেলাইছিল।

এই মহান ব্যক্তি গৰাকীৰ জন্ম শিৱসাগৰৰ ওচৰৰ ঐতিহ্যমণ্ডিত চাৰিঙত, ১৮৯৪ চনৰ ১৬ নৱেম্বৰত। তেওঁৰ পিতৃ ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ তুলসী দেৱী। চাৰিঙৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি উত্তীৰ্ণ হৈ বেণুধৰ শৰ্মাই শিৱসাগৰ চৰকাৰী হাইস্কুলত নাম লিখায়। ১৯১৪ চনত তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় যদিও বিভিন্ন অসুবিধাৰ বাবে তত্ক্ষনাতে উচ্চ শিক্ষালৈ মন নকৰি শিৱসাগৰৰ ফুলেশ্বৰী হাইস্কুল আৰু যোৰহাট বেজবৰুৱা হাইস্কুলত দুবছৰমান শিক্ষকতা কৰে।

১৯১৬ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাত্ৰা কৰে আৰু বংগবাসী কলেজত নাম ভৰ্তি কৰে। যথা সময়ত আই এ পাছ কৰিছিলযদিও সময়মতে স্নাতক পৰীক্ষা সম্পূৰ্ণ কৰা নহল তেওঁৰ। স্কুল-কলেজত পঢ়া কালছোৱাত বেণুধৰ শৰ্মাৰ বিষয়ে সুঁৱৰি কৃষ্ণকান্ত সন্দিকৈয়ে লিখিছিল—বেণুধৰ শৰ্মা মোৰ ছাত্ৰ জীৱনৰ বন্ধু। মই কলেজত পঢ়োতে তেওঁ স্কুলত পঢ়িছিল। কিন্তু বয়সত তেওঁ মোতকৈ কেইবা বছৰো ডাঙৰ আছিল। সম্ভৱত স্কুলীয়া শিক্ষা আৰম্ভ কৰোতে তেওঁৰ পলম হৈছিল। আমাৰ প্ৰথম চিনাকি চিঠিৰ যোগেদি হৈছিল। তেওঁ এটা সংস্কৃত শ্লোকৰ মূল বিচাৰি মোলৈ এখন চিঠি লিখিছিল। মই চতুৰ্থ বাৰ্ষিক বি.এ. পঢ়িতে শৰ্মাই আই এ পঢ়িছিল। তেতিয়া কলিকতাত ৪৩ নম্বৰ আমহাৰ্ষ্ট্ৰত থকা আসাম মেচত আমি এবছৰ একেলগে আছিলো। মই ইউৰোপত থাকোতে আমাৰ মাজত চিঠি দিয়া-দিয়ি আছিল। অতি অনুসন্ধিত্সু আৰু পৰিশ্ৰমী ব্যক্তি বেণুধৰ শৰ্মা সৰুৰে পৰাই আছিল অতীতৰ বুকু খান্দি হেৰাই যোৱা গৌৰৱখিনিৰ পুনৰ আবিস্কাৰ কৰোতা। অৱশ্যে তেওঁ প্ৰথমটো বুৰঞ্জীমূলক প্ৰবন্ধ লিখিছিল ১৯১৮ চনত, আলোচনী কাকতত কানাই বৰশী বোৱা শিল নামেৰে প্ৰকাশ হৈছিল। কলিকতাত পঢ়ি থাকোতে ইম্পিৰিয়েল লাইব্ৰেৰীত সোমাই কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জীৰ প্ৰতিলিপি বিচাৰি, গেইট চাহাবৰ অসম বুৰঞ্জীখন খুঁচৰি, অসম আৰু অসমীয়াৰ বিষয়ে ইংৰাজ, উৰ্দু আৰো পাৰ্চী লেখকসকলে লিখি তৈ যোৱা বিভিন্ন গ্ৰন্থ আৰু টোকা তন্ন তন্নকৈ বিশ্লেষণ কৰি বেণুধৰ শৰ্মাই অসম বুৰঞ্জীৰ সমল গোটাইছিল। কাৰণ তেওঁ এইকথা সদায়েই উপলদ্ধি কৰিছিলো যে জাতিৰ অতীত নাই। অতীতৰ গৌৰৱ উদ্ধাৰ কৰি নিভাঁজ ৰূপত সেয়া প্ৰকাশ কৰিলেহে উত্তৰসূৰীয়েও গৌৰৱ বঢ়াবলৈ প্ৰেৰণা পাব।

শিৱসাগৰৰ চৰকাৰী হাইস্কুলত পঢ়ি থাকোতেই বিভিন্ন ধৰণৰ আলোচনী আৰু কিতাপ পঢ়ি বেণুধৰৰ সাহিত্যানুৰাগ বৃদ্ধি পায়। তেওঁ কেনেকৈ লিখিব ললে, এই সম্পৰ্কত মজিয়াৰ পৰা মেজলৈ নামেৰে আত্মজীৱনীত লিখিছে—দেওবাৰে ৰাতিপুৱা-ৰাতিপুৱা বাল্যাশ্ৰম ছাত্ৰ সমাজলৈ যাব লাগে। সমাজত পদ্য আৰু ৰচনা লেখি, পঢ়ি শুনাব লাগে আৰু বাদ-প্ৰতিবাদ অৰ্থাত্ তৰ্কও কৰিব লাগে। ছাত্ৰ জীৱনৰ সময়চোৱাতেই শৰ্মাই ৰবিন্সন ক্ৰচৰ সাৰাংশ অসমীয়াত লিখিছিল আৰু তেতিয়াৰ পৰাই তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। ১৯১২ চনৰ পৰা সাহিত্য চৰ্চা পূৰ্ণ উদ্যমেৰে আৰম্ভ কৰি বাঁহী আৰু আলোচনীত প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰিবলৈ ললে। তাৰ পাছতেই ভাগৱতী প্ৰসাদ বৰুৱাৰে লগলাগি বেণুধৰ শৰ্মাই জেউতি নামৰ হাতে লিখা আলোচনী আৰম্ভ কৰে। বেণুধৰ শৰ্মাৰ সাহিত্য চৰ্চাৰ মূল ক্ষেত্ৰ এই জেউতিয়েই আছিল। অৱশ্যে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ এৰাৰ পাছত জেউতিৰ কামো বন্ধ হয়। কলিকতাৰ বংগবাসী কলেজত বি এ পৰীক্ষা দিয়াৰ প্ৰস্তুতি চলোৱাৰ সময়তে জালিৱানৱালাবাগৰ হত্যাকাণ্ড আৰু তাৰ পাছত কলিকতাৰ জনসভাত মহাত্মা গন্ধীয়ে দেশৰ মুক্তিৰ সংগ্ৰমাত সকলোকে জঁপিয়াই পৰিবলৈ জনোৱা আহ্বানত বি এ পৰীক্ষাত নবহিল শৰ্মাদেৱ।

কলিকতাৰ পৰা জন্ম ঠাই চাৰিঙলৈ তেওঁ উভতি আহিল আৰু অসহযোগ আন্দোলনত সেই অঞ্চলৰ ৰাইজৰ নেতৃত্ব দিলে। অসহযোগ আন্দোলন পূৰ্ণৰূপত সফল হল আৰু ১৯১২ চনত বেণুধৰে কাৰাবাস খাটিবলৈ বাধ্য হয়। সেই বছৰতে তেওঁৰ পিতৃৰ মৃত্যু হয়। আন্দোলন শাম কটাৰ পাছত জেলৰ পৰা ছমাহৰ পাছত মুক্তি পায়েই বেণুধৰে শৰ্মাই সংসাৰৰ দায়িত্ব লবলৈ বাধ্য হয়। আন্দোলনকাৰী আৰু কংগ্ৰেছৰ সদস্য হিচাপে সক্ৰিয় আছিল তেওঁ, সেইবাবে চৰকাৰী চাকৰি কৰাৰ ক্ষেত্ৰতো বিবেকে বাধা দিলে। সেইবাবেই শৰ্মাই বিভিন্ন কামত হাত দিব লগিয়া হয়। তাৰ ভিতৰত ঘৰুৱা খেতি-বাতি, হাতী মহলৰ কাৰবাৰ, চাকেলৰ দোকান, জীৱন বীমাৰ এজেন্সি, মটৰ গাড়ীত পেট্ৰলৰ খৰচ কমোৱা এবিধ বঢ়িৰ কাৰবাৰ আদি বিভিন্ন পন্থাৰে তেওঁ জীৱিকা অৰ্জন কৰিব বিচাৰিছিল যদিও জীৱন বীমাৰ এজেন্সিৰ বাহিৰে বেণুধৰ শৰ্মাই সকলোতে লোকচান ভৰিছিল। চাৰিং অঞ্চলৰ বিভিন্ন সামাজিক কৰ্মত শৰ্মা আছিল অগ্ৰণী ব্যক্তি। চাৰিঙত ডাকঘৰ, হাস্পতাল, নাটঘৰ আদি স্থাপনত তেওঁৰ আছিল বিশেষ ভূমিকা।

১৯২৪ চনত এলাহাবাদ নেছনেল কলেজৰ পৰা বি এ ডিপ্লমা লাভ কৰা আৰু ২৬ চনত পাণ্ডু কংগ্ৰেছৰ অধিৱেশনৰ কৃতকাৰ্যতাৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰা বেণুধৰ শৰ্মাই। ১৯৩১ চনত চাৰিঙত প্ৰথমবাৰৰ বাবে মণিৰাম দেৱানৰ তিথি উত্সৱৰ আয়োজন কৰিছিল। বেণুধৰ শৰ্মাই ১৯৫০ চনত মণিৰাম দেৱনৰ ফাঁচি সম্পৰ্কীয় গ্ৰন্থত এশাৰী হৃদয় স্পৰ্শকৰা গদ্য প্ৰকাশ কৰিছিল, সেয়া আছিল-
“চালত মলঙিলে চালেদৈ কোমোৰা টেকেলিত মলঙিল লোণ, মাটিত মলঙিলে মণিৰাম দেৱান ঐ নেকান্দি থাকিব কোন ?”

শলগুৰি ৰায়ত সভা গঠন কৰা বেণুধৰ শৰ্মাই ১৯৩৫ চনত দৈনিক বাতৰি কাকতৰ সহকাৰী সম্পাদক হিচাপে যোগ দিয়ে আৰু এইকাকতৰ প্ৰেছৰ নাম আছিল ঠেঙাল প্ৰেছ। তেওঁ ডেৰবছৰ কাল ঠেঙাল প্ৰেছতেই কটাইছিল। প্ৰধান সম্পাদক নীলমণি ফুকনৰ লগত বৰ্ণাশুদ্ধিৰ বিষয়টো লৈ তীব্ৰ মত-বিৰোধে দেখা দিয়ে, তেওঁৰ আত্মজীৱনীত প্ৰকাশ কৰিছে যে খঙৰ ভমকত এদিন সম্পাদকীয় নোহোৱাকৈয়ে বাতৰি কাকত উলিয়াই দিলো বুলি। তেওঁ গজহস্তীৰ পৰা বালিচাঁহীলৈকে বহুবোৰ গ্ৰন্থ ৰচনা কৰিছিল। ১৯৬১ চনত কংগ্ৰেছৰ কাঁচিয়লি ৰদত নামৰ গ্ৰন্থখনৰ বাবে বেণুধৰ শৰ্মাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু ১৯৭৩ চনত তেওঁ সাহিত্যিক পেঞ্চন লাভ কৰে।

বেণুধৰ শৰ্মা অসমৰ প্ৰতিখন ঠাইলৈ গৈছিল আৰু সকলোৰে মাজৰ এজন হৈ কাম কৰিছিল। তেওঁ অহৰহ পৰ্বত-ভৈয়ামৰ সম্প্ৰীতি আৰু সংহতি স্থাপনত গুৰুত্ব দিছিল বাবেই নগা বিদ্ৰোহৰ নায়ক ফিজোৰ ভায়েকে উপহাৰ দিয়া লাখুটিডালক তেওঁ মৃত্যু পৰ্যন্ত হাতত লৈ ফুৰিছিল সম্প্ৰীতিৰ চানেকি স্বৰূপে। অৰুণাচলৰ সাহিত্যিক টাগাং টাকিৰ মতে, পাহাৰীয়া জনজাতি সকলক তেওঁ বৰ বিশ্বাস কৰিছিল।

তেখেতে কৈছিল ভোট, ডফলা, কপাহবোৰ, আবৰ, মিচিমি, চিংফৌ কাৰেং, খেন, খামতি, নগা খাচীয়া, জয়ন্তীয়া, গাৰো, কুকী এইবিলাক পৰ্বতীয়া মানুহে অসম খনক ওৰণিৰ দৰে আবৃত কৰি ৰাখিছে। লুইতৰ দুয়োপাৰে জনবসতি হোৱাৰ বহু বছৰৰ আগৰ পৰা এইবিলাক মানুহে ওখ ঠাইবোৰ অধিকাৰ কৰি আছিল। তাৰ পাছতে আহিছিল নগা সকল, নগা শব্দৰ অৰ্থ হৈছে যুঁজাৰু। উলুপী-চিত্ৰাঙ্গদা-উষা আদি স্ত্ৰী-ৰাজ্যৰ যিসকল স্ত্ৰী ৰূপ লাৱণ্যত মুগ্ধ হোৱা বাবে অৰ্জুনৰ হাতৰ অস্ত্ৰ হাতৰ পৰা আপোনা-আপুনি সৰি পৰিছিল, সেই স্ত্ৰী সবো আছিল উত্তৰ দক্ষিণ কুলীয়া পৰ্বতী ৰাজ্যৰ। মহাভাৰতৰ দিনত পূব প্ৰান্তত হোৱা ঔপন্যাসিক ঘটনাৱলীৰ বহুতেই আছিল অসম-কামৰূপৰ প্ৰমান সদৃশ গিৰিবাসী বিলাকই।

১৯৭৯ চনত আৰম্ভ হোৱা অসীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনক সমৰ্থন দিছিল বেণুধৰ শৰ্মাই। অসমৰ জাতীয় অস্তিত্বৰ যুদ্ধ লাগো লাগো তেওঁ নিশ্চিত হৈ বহি থাকিব নোৱাৰি ছাত্ৰ সংগঠনক উত্সাহিত কৰি আন্দোলনৰ গুড়ি ধৰিছিল। কিন্তু এই আন্দোলনৰ ফলাফল কি হলগৈ সেয়া তেওঁ চাই যাবলৈ নাপালে। ১৯৮১ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৮৭ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে। বেণুধৰ শৰ্মাৰ ভাম্যমান জীৱনত পাচিয়ে পাচিয়ে অৰ্জা অভিজ্ঞতাই অসমৰ সাহিত্যৰ সমৃদ্ধিত সৌস্থৱ বৃদ্ধি কৰি গৈছে। সেই জাপৰ বৰ লাগিল, লগে লগেই অসমীয়া সাহিত্যৰ এটা যুগেও থমকি ৰব লগা হল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

শেষৰফালৰ দ্বিতীয় দফাৰ … …ভোট ,ডফলা, কপাহবোৰ … ‘ভোট’ আৰু ‘কপাহবোৰে’ কিনো? বিপাঙত পেলাইছে।ভোট মানে ভূটিয়া বুলি ধৰি লব পাৰিলেও কপাহবোৰ কি ধৰিব পৰা নাই।অনুগ্ৰহ কৰি জনালে সুখী হ’ম।