অসমীয়াৰ অস্তিত্ব ৰক্ষা আৰু এটা প্রবন্ধৰ আঁত ধৰি…(অভিনিবেশ শৰ্মা)

অসমীয়াৰ অস্তিত্ব ৰক্ষা আৰু এটা প্রবন্ধৰ আঁত ধৰি

 

অভিনিবেশ শৰ্মা

 

 

অধ্যাপক অজিত কুমাৰ শৰ্মা । বহুতৰ বাবে এটা অচিনাকি নাম । তেখেতৰ সান্নিধ্যলৈ অহা বহু লোকৰ বাবেও হয়তো তেওঁ এতিয়া অতীত । যিয়েই নহওঁক মাধ্যম আন্দোলনৰ সময়ত অসম কলেজ শিক্ষক সংস্থাক নেতৃত্ব দিওঁতে বা অসম আন্দোলনৰ সংকটময় কালছোৱাত ৰাজ্য সভাৰ সদস্য ৰূপে কার্যনির্বাহ কৰি থাকোঁতে তথা সূদীর্ঘকাল এজন সমাজবাদী নেতা আৰু এজন চিন্তাশীল লেখক হিচাপে শর্মাদেৱে যি সততা, দৃঢ়তা আৰু নির্ভীকতাৰে অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল ই সচাঁকৈয়ে আমাৰ দৰে উঠি অহা প্রজন্মৰ বাবে পাথেয় হৈ ৰ’ব। স্বাধীনোত্তৰ কালত অসমীয়া সমাজক এক উজ্বল দিগন্তৰ ফালে লৈ যাবলৈ আহোপুৰুসার্থে চেষ্টা কৰা এই স্বনামধন্য ব্যক্তিজনাই অৱশ্যে জীৱিত কালত সেই স্বীকৃতি নাপালে। শুনিবলৈ বেয়া হ’লেও মই ক’বলৈ দ্বিধাবোধ নকৰোঁ যে অসমীয়া মানুহে যোগ্যজনক সন্মান দিব নাজানে। শর্মাদেৱৰ দৰে এজন ব্যক্তি পাহৰণিৰ গর্ভলৈ যোৱাটো সেইবাবে অসমীয়া সমাজ জীৱনত একো অস্বাভাৱিক কথা নহয়! এচাম অকৃতজ্ঞ লোকৰ সঙ্কীৰ্ণ মনোবৃত্তিৰ ফলত তেখেতৰ দৰে অনেক মুকুতা অসমৰ নতুন প্রজন্মৰ বাবে হেৰাই গৈছে আৰু তেওঁলোকৰ অমূল্য কর্মৰাজি তথা মহান আদর্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ পৰা বঞ্চিত হৈছে। ই সচাঁকৈয়ে এক চিন্তনীয় বিষয়।

শর্মাদেৱ আছিল এজন সুদক্ষ বক্তা ।উচ্চ খাপৰ বাগ্মীতাৰ জৰিয়তে অসম আন্দোলনৰ সময়চোৱাত যি দক্ষতাৰে তেখেতে অসমৰ জ্বলন্ত সমস্যাবোৰ সংসদৰ মজিয়াত উত্থাপিত কৰি কেন্দ্রীয় চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল সেয়া অসমৰ সংসদীয় বুৰঞ্জীত এক বিৰল অধ্যায় ৰুপে চিহ্নিত হ’ব। অন্যায়ৰ বিৰুদ্ধে অৱশ্যে তেওঁৰ প্রধান অস্ত্র আছিল কলমটো। সাধাৰণ জনতাক বিশ্বাসঘাতকতা কৰা নেতা সকলক চোকা ভাষাৰে থকা-সৰকা কৰাত তেখেত আছিল অদ্বিতীয়। অসমীয়া মানুহ বিপথে গ’লেও তেওঁলোকক সজ পথ দেখুৱাবলৈ তেখেতৰ কলম সৰৱ হৈ উঠিছিল। ইয়াৰ এক উৎকৃষ্ট নিদর্শন ৰূপে তেখেতে লিখা এটা প্রবন্ধ উল্লেখ কৰিব পাৰি। ১৯৬৭ চনৰ ১০ অক্টোবৰ তাৰিখে নতুন অসমীয়া কাকতৰ শাৰদীয় সংখ্যাত প্রকাশিত,‘আপুনি অসমীয়া নে ভাৰতীয়?’ নামৰ প্রবন্ধটোত শর্মাদেৱে কুৰি শতিকাৰ পঞ্চাশ-ষাঠিৰ দশকত অসমীয়া সমাজত দেখা দিয়া কেইটামান গুৰুত্বপূর্ণ সমস্যা আলোচনা কৰিছে। মন কৰিব লগীয়া কথাটো হ’ল যে অসমীয়া মানুহ সমূহীয়া ভাবে সতর্ক নোহোৱাৰ বাবেই হওঁক বা অসমীয়া মানুহৰ কিছুমান ব্যক্তিগত দুর্বলতাৰ ফলস্বৰূপেই হওঁক, সেই সমস্যাবোৰ সমাধান নহৈ বর্ত্তমান সময়ত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিজকে বড়ো, মিচিং, আহোম আদি বুলি হে পৰিচয় দিয়াত অসমীয়া নো কোন, সেয়া নির্ধাৰণ কৰাটো কঠিন হৈ পৰিছে। তথাপি এনে সংকটময় কালত যিয়েই অসমীয়া ভাষা সংস্কৃতিক আপোন কৰি ল’ব পাৰিছে তেওঁলোকে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বার্থত আগতে কৰা কিছুমান ভুল শুধৰণি কৰাটো নিতান্ত প্রয়োজন আৰু সেইবাবে এই বহুমূলীয়া প্রবন্ধটোৰ ওপৰত ভিত্তি কৰি এক আলোচনা কৰাটো প্রাসংগিক হৈ পৰিছে। শর্মাদেৱে প্রবন্ধটোত অসমীয়া মানুহৰ দুর্বলতাবোৰ আঙুলিয়াই দিয়াৰ ওপৰিও সমস্যাবোৰৰ সমাধানৰ পথো দেখুৱাইছে।

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্র হিচাপে মই দুটা বছৰ অতিক্রম কৰিলো। ইয়াত সমনীয়াবোৰৰ সৈতে নানা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। তাৰ মাজতে অৱশ্যে সঘনাই মই তেওঁলোকৰ এটা জটিল প্রশ্নৰ সন্মুখীন হ’ব লগাত পৰোঁ-“তই প্রথমে নিজকে অসমীয়া বুলি চিনাকি দিব খোজ নে ভাৰতীয় বুলি ?” মই ভাবো মোৰ দৰে আন বহু প্রবাসী অসমীয়াৰ বাবে সেইখিনি সময়ত এই প্রশ্নৰ সঠিক উত্তৰ বিচৰাটো এক ডাঙৰ সমস্যা। প্রবন্ধটোত শর্মাদেৱে ইয়াৰ প্রসংগত লিখিছে,“আপুনি অসমীয়া নে ভাৰতীয় ? এই বুলি প্রশ্ন কৰিলে হয়তো তাৰ ওলোটা প্রশ্নও হ’ব পাৰে-অসমীয়া হ’লেই ভাৰতীয় বা ভাৰতীয় হ’লেই অসমীয়া নহয় জানো? হয়, পিছৰ প্রশ্নটো শুদ্ধ; কিন্তু বর্ত্তমান অৱস্থাত আগৰটোও অবান্তৰ নহয়। অবান্তৰ নহয় এই বাবেই যে আজি স্বাধীনতাৰ ইমান বছৰৰ পাছত অসমীয়া মনৰ ভিতৰত সংঘাতে পুনৰ স্থান পাইছে। এহাতে এই সংঘাত সৃষ্টি হৈছে হতাশাৰ আৰু ক্ষোভৰ মনোভাৱৰ পৰা, আনহাতে এই সংঘাতে সৃষ্টি কৰিছে এক বিভক্ত মন, যি বিভিন্ন প্রকাৰে প্রকাশ পাইছে আৰু ব্যক্তিগত আৰু ৰাজহুৱা আচৰণ উভয়কে সি প্রভাৱ পেলাইছে ।

এই সংঘাতৰ গুৰি ক’ত, সেয়া জনাটো আৱশ্যকীয়।“স্বাধীনতা সংগ্রামৰ সময়ত অসমীয়াৰ স্বাধীনতা প্রভেদ নাছিল। ভাৰতে স্বৰাজ পালে অসমৰ ৰাইজেও সেই একে ভাৰতীয় হিচাপে ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিকাশৰ পূর্ণ সুযোগ পাব। এয়েই আছিল আশা আৰু এয়েই আছিল প্রতিশ্রুতি। কিন্তু স্বাধীনতাৰ পিছত আশা আৰু প্রতিশ্রুতি দুয়োটাই ভংগ হ’ল।” ইয়াৰ বাবে জগৰীয়া শাসক শ্রেণীক সমালোচনা কৰি শর্মা দেৱে লিখিছে,-“এই যুগৰ প্রধান নায়কৰ ভূমিকা ল’লে প্রধানমন্ত্রী নেহৰুৱে। ভাষা, ধর্ম, প্রদেশ, জাতৰ ভিত্তিত কৰা চিন্তা, কার্য বা দাবীৰ গৰিহণা দিয়া হ’ল। কিন্তু নেতৃত্বৰ কার্য্যাৱলীয়ে এইবোৰকে শক্তিশালী কৰি তুলিলে।জনসাধাৰণৰ ওপৰত শোষণ আৰু আধিপাত্যৰ মাধ্যম হিছাপে ইংৰাজী ভাষাক অধিক মর্য্যদা দি বিভিন্ন অঞ্চলৰ ভাষাক হীন পৰ্য্যায়লৈ নিয়া হ’ল।‘হেট কোট টাই’-ৰ দর্শনক মুখেৰে গৰিহণা দি কার্য্যক্ষেত্রত সেই দর্শনকেই পূজা কৰা হ’ল। ইংলেণ্ড, আমেৰিকাৰ আর্হিৰে পাঁচ বছৰ পৰিকল্পনা কৰি দেশৰ অর্থৈনৈতিক উন্নতিৰ চেষ্টা কৰা হ’ল। ফলত দেশৰ সমগ্র অর্থনীতি ব্রিটিছ স্বার্থৰ গোলাম হৈ পৰিল; ইংৰাজী ভাষা আৰু বিলাতী অর্থনীতিৰ অনুকৰণত জাতীয় চিন্তা আৰু জাতীয় চৰিত্রৰ শক্তিও কমি আহিল। এই দুটা কথাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত পাৰস্পৰিক সম্বন্ধ শিথিল কৰি পেলোৱাই নহয় পৰস্পৰকে শত্রুপক্ষত পৰিণতো কৰিলে। সমগ্র দেশতে চলা এনে এটা মাৰাত্মক প্রতিবিপ্লৱী নীতিৰ ভিত্তিত নেহৰু যুগত অসমৰ সামূহিক ৰাজ্যিক জীৱনতো ডাঙৰ অপকাৰ সাধন কৰা হ’ল, যি অপকাৰ নিগাজীয়েই হ’ল। প্রধানমন্ত্রী নেহৰুৰ মইমতীয়া নীতি, অসমত থকা তেওঁৰ দলৰ নেতা সকলৰ সঙ্কীর্ণ দৃষ্টি আৰু ভীৰুতা আৰু তাৰ লগতে আমাৰ শিক্ষিত সমাজে চাই চিতি কৰিব লগা নিজৰ কর্ত্তব্যৰ প্রতি অৱহেলা-এই তিনিওটা শক্তিয়ে একেলগে কাম কৰাৰ ফলত ভাৰতৰ উত্তৰ-পূবৰ এই অঞ্চলত ৰাষ্ট্রীয় সংহতিৰ শক্তিবোৰত আঘাতৰ ওপৰি আঘাত পৰিবলৈ ধৰিলে।”

ইয়াৰ প্রভাৱ অসমতো পৰিল। ৰাষ্ট্রীয়তাৰ ভাৱ যিমানে দুর্ব্বল হৈ আহিলে সিমানে ‘অসমীয়া’ ভাৱতো খেলি মেলি লাগি পৰিল। এই সন্দর্ভত শর্মাদেৱে লিখিছে-“অসমীয়াৰ মনৰ ব্যাপকতা, উদাৰতা আৰু সাহস হেৰাই গৈ তাৰ ঠাইত ক্রমাৎ সংকীর্ণতা, গোষ্ঠী বা সম্প্রদায়ৰ স্বার্থ আৰু অনুদানৰ দৃষ্টিভংগীয়ে ঠাই পালে। অসমীয়া কোন ? সাংবিধানিক অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো নিগাজী অধিবাসীয়েই অসমীয়া নে বর্ণহিন্দু উচ্চ শ্রেণী, ইংৰাজী শিক্ষিত শ্রেণী আৰু তেওঁলোকৰ লগৰীয়াৰ মাজতে এই অসমীয়াৰ স্বার্থ সীমাৱদ্ধ। দেখা গ’ল কংগ্রেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্ব আৰু অসম সাহিত্য সভাকে ধৰি অনান্য অনুষ্ঠানৰো নেতৃত্ব ঘাইকৈ এই শ্রেণীৰ হাততে থাকিল। অৱশ্যে ক্ষমতাৰ সুবিধা লাভৰ বাবে পিছপৰা দুজন চাৰিজনেও আহি বর্ণ হিন্দুৰ সঙ্কীর্ণ নেতৃত্বৰ লগত মিলি গ’ল। কিন্তু জাতিভেদ তথা গোষ্ঠী ভেদৰ অন্ত পেলাব পৰা বিপ্লৱমুখী চিন্তা বা কার্যৰ পৰা এই সকল আতঁৰি গ’ল। ভাৰতৰ অন্যান্য অঞ্চলত হোৱাৰ দৰে অসমতো নতুন শাসক শ্রেণী গঠিত হ’ল যাৰ গাত বর্ণ হিন্দুৰ সঙ্কীর্ণতা, ব্যৱসায়ীৰ স্বার্থপৰতা আৰু চাকৰিয়ালৰ ভীৰুতা এই কেউটাই একেলগে গোট খালে আৰু এই শ্রেণীয়েই অসমীয়া স্বার্থৰ নকল প্রতিনিধি হৈ পৰিল। এই শ্রেণীৰ মনৰ সীমা অতি ঠেক, স্বার্থৰ গণ্ডীও সঙ্কীর্ণ।”

শর্মাদেৱে দুটামান দৃষ্টান্ত অতি সুন্দৰভাৱে দাঙি ধৰিছে-“অলপতে অসম চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াৰ সৈতে ঘৰুৱা কথা বতৰা হওঁতে আমাৰ উমৈহতীয়া বন্ধু, এজন সাহিত্যিকৰ কথা ওলাল। বিষয়াজনে একোবত মন্তব্য কৰিলে সাহিত্যিক বন্ধুৰ কি চিন্তা; সাহিত্য লিখিয়েই বহুত উপার্জন কৰিব পাৰে।এই মন্তব্য শুনি তেখেতক লাহেকৈ শুধিলো অসমীয়া সাহিত্যিকে কিতাপ লিখি খাব পৰা অৱস্থা আছেনে নাই আৰু তেখেতে নিজে যোৱা দহ বাৰ বছৰত কেইখন অসমীয়া কিতাপ বা বাতৰি কাকত কিনি পঢ়িছে? অতি নির্ভীকভাবে আৰু নিঃসঙ্কোচে তেখেতে উত্তৰ দিলে যে তেখেতে পাচঁখন অসমীয়া কিতাপ পঢ়িছে-তাৰে দুখনৰ দাম দিলে। অসমীয়া খবৰ কাগজৰ আখৰ আৰু ছপা বেয়া কাৰণে তেখেতে ইংৰাজী খবৰ কাগজ পঢ়ে। তেখেতৰ ল’ৰা ছোৱালীয়ে শ্বিলঙৰ মিছনেৰী স্কুলত ইংৰাজী শিক্ষা লয়; অসমীয়া নেজানে। তেখেত নিজে আৰু তেখেতৰ ঘৈণীয়েক ইংৰাজী আদব কায়দা আৰু আভিজাত্যত অভ্যস্ত। আমাৰ আলোচনাৰ সামৰণি মাৰোতে এই বুলি তেখেতক ক’বলগীয়া হ’ল-এৰা আপুনি সকলো সময়তে চাহাব!অসমীয়াও নহয়;ভাৰতীয়ও নহয়; মাত্র এটা সময়ত হঠাৎ অসমীয়া হৈ পৰে যদিহে কেনেবাকৈ কোনোবা অসমীয়া বিষয়াক আপোনাক চেৰাই গৈ প্রমোচন দিয়া হয়!”

তেনেকুৱা আন এবিধ অসমীয়াৰ উদাহৰণ দি শর্মাদেৱে লিখিছে-“এজনক নির্ব্বাচনত প্রার্থী হিচাপে পাইছিলো। অসমত থকা এক বিশেষ সম্প্রদায়ৰ প্রতিনিধি হিচাপে তেখেতে কংগ্রেছৰ মনোয়ন লাভ কৰিছিল। কিন্তু নিজৰ সমগ্র সম্প্রদায়ৰ সমর্থন,ধন আৰু শক্তিৰ ওপৰত নির্ভৰ কৰি নির্দলীয় প্রার্থী হিচাপে নির্ব্বাচনত থিয় হ’ল। এখন নির্ব্বাচনী সভাত এবাৰ নির্ব্বাচনী বিষয়াৰ সৈতে আন এটা আলোচনাত তেখেতে দাবী কৰিছিল যে তেখেতৰ পৰিয়াল অসমলৈ ষাঁঠি বছৰৰ আগতেই আহিলে; গতিকে তেখেত আচল অসমীয়া। সেইবাবে তেখেতক অসমীয়া ৰাইজে ভোট দিয়া উচিত। কিন্তু নির্ব্বাচন অভিযানত গোটেই হিচাপটো আছিল তেওঁৰ নিজৰ সম্প্রদায়ক একগোট কৰি নির্ব্বাচন জিকাটোহে। এইজন প্রাৰ্থী ভোটাৰৰ মিটিঙত অসমীয়া,বাকী সকলো সময়তে নিজৰ সম্প্রদায়ৰ।”

এই শ্রেণীক সমালোচনা কৰি শর্মাদেৱে লিখিছে-“এনে ধৰণৰ যিসকল ‘অসমীয়া’ আছে তেওঁলোক অসমীয়াও নহয়,ভাৰতীয়ও নহয়।এনেবিধ অসমীয়াৰ নেতৃত্ব আৰু কবলৰ পৰা মুক্ত হৈ যেতিয়া জাতিভেদ বা বর্ণভেদৰ দ্বাৰা হোৱা সামাজিক শোষণ,ধর্মৰ বিভেদৰ নামত চলা ৰাজনৈতিক শোষণ আৰু সকলো বিধ অর্থনৈতিক শোষণৰ চলিত ব্যবস্থাৰ প্রতিৰোধ কৰিবলৈ দূৰদৃষ্টি সম্পন্ন উদাৰ অসমীয়া জাগৰণ হ’ব সিহে প্রকৃততে অসমীয়া চেতনা। সেই অসমীয়া চেতনাত সাহস আৰু দৃঢ়তা থাকিব আৰু সেই চেতনাইহে দিল্লীৰ প্রতিক্রিয়াশীল আধিপত্য অন্ত পেলাব পাৰিব।এই অসমীয়া চেতনাৰ লগত ভাৰতীয় চেতনাৰ কোনো সংঘাত হ’ব নোবাৰে।”

অসমীয়া চেতনাত থকা কেইটামান দুর্বলতা উল্লেখ কৰি তেখেতে লিখিছে-“অসমীয়া চেতনাই অনিচ্ছা সত্বেওহে ভাৰতীয় চেতনাৰ অংশ হৈ থাকিবলৈ বিচাৰে। সংখ্যাত কম হোৱাৰ বাবে আৰু অসমলৈ একেধাৰে বাহিৰৰ পৰা অলেখ মানুহ আহি হেচাঁ দিয়াৰ বাবে অসমীয়া চেতনা আত্মৰক্ষামূলক হৈ পৰিছে।এই মনোভাৱৰ বাবে বিভিন্ন সময়ত বঙালী বিৰোধী, হিন্দী বিৰোধী, মুছলমান বিৰোধী, পার্বতীয় নেতা বিৰোধী আদি ৰুপত প্রকাশ পাই আহিছে।যিকোনো জাতিয়েই যেতিয়া অনবৰতে আত্মৰক্ষা কৰিবলৈ বা বিপদ নিবাৰণ কৰিবলৈকে চিন্তা কৰি থাকে তেতিয়া সেই জাতিৰ ভিতৰত ক্রমাৎ সঙ্কীর্ণতা আৰু গোড়ামি বৃদ্ধি পোৱাটো স্বাভাৱিক।এই বাবেই পর্বতীয়া ৰাজ্য আদিৰ দাবী উঠিছে। ইফালে অসমীয়া সমাজৰ শিক্ষিত, সুবিধাভোগী আৰু বর্ণহিন্দু শ্রেণীৰ মাজতো উদাৰ দৃষ্টি আৰু বহল মনৰ অভাৱ দেখা গৈছে।অসমীয়া শিক্ষিত শ্রেণীয়ে নিজৰ কর্ত্তব্য সম্পূর্ণ অৱহেলা কৰি নিজৰ স্বার্থতহে মজি আছে। গতিকে তেওঁলোকৰ মনৰ জগতখনত অসমৰ ভিতৰত থকা সকলো সম্প্রদায়ৰ-বিশেষকৈ পিছপৰা সম্প্রদায়ৰ বাবে সমান স্থান নাই। আমাৰ বিশ্ববিদ্যালয় বা কলেজ সমূহত সেই বাবেই পাহাৰ অঞ্চলৰ পৰা অহা ল’ৰা-ছোৱালীক সুকীয়াকৈ থাকিবলৈ দিয়া হ’ল। যি সাহিত্য সভাৰ নেতৃত্বই ভৈয়ামত নিজৰ স্বার্থৰ বাবে ইংৰাজী ৰাখিবলৈ দাবী কৰে আৰু ৰাষ্ট্রভাষা হিচাপে হিন্দী গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে, সেই সাহিত্য সভাই যেতিয়া সীমান্ত অঞ্চলত অসমীয়া হ’ব লাগে বুলি কয় তেতিয়া সীমান্তৰ ৰাইজে তেওঁলোকক সন্দেহৰ চকুৰে চোৱাটো স্বাভাৱিক। আনহাতে অসমীয়া ভাষা যদি পর্বত-ভৈয়ামৰ উমৈহতীয়া ভাষা হয়, তেন্তে সেই অসমীয়া ভাষাৰ অভিধানত বিভিন্ন পর্বতীয়া অধিবাসীসকলৰ মাজত চলিত ভাষাৰ শব্দ সুমুৱাবলৈ আপত্তি হ’ব লাগে কিয়? এইটো জানো আভিজাত্যৰ ঠেক ভাৱ নহয়? অকল ঠেক ভাৱেই নহয়, ভীৰুতাও। ৰাজনীতি, সাহিত্য, সংস্কৃতি সকলো ক্ষেত্রতে এই ভীৰুতা বর্ত্তমান।”

অসমীয়া ভাষাই হ’ল অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰুপ।পিছে ইংৰাজী ভাষাৰ অগ্রসনে অসমীয়া ভাষাক হীন পৰ্য্যায়লৈ লৈ গৈছে। শর্মাদেৱে ইয়াৰ প্রসংগত লিখিছে-“ইংৰজী ভাষাৰ মাধ্যমত শিক্ষাদানে আমাৰ ব্যক্তিগত আৰু ৰাষ্ট্রীয় জীৱনত যি বিপদজনক বিভক্ত চেতনাৰ বিকাশ কৰিলে সেই কথালৈ ১৯৪৮ চনত ৰাধাকৃষ্ণণ শিক্ষা আয়োগে আঙুলিয়াই দিছিল যে অতীজত ইংৰাজী মাধ্যমেৰে শিক্ষা লাভ কৰিবলৈ গৈ আমাৰ ভীষণ ক্ষতি হ’ল। আমি চিন্তা আৰু যুক্তি-বিবেচনা কৰিবলৈ শিকাৰ পৰিৱর্তে ‘ভাটৌৰ দৰে আওঁৰাবলৈহে’ শিকিলোঁ; সত্য আৰু বাস্তৱৰ জ্ঞান উপলব্ধিৰ পৰিবর্তে আমি মাত্র অর্থহীন শব্দৰ জাল গথাঁতহে পাকৈত হ’লোঁহক। ইংৰাজী মাধ্যমৰ শিক্ষাই আমাৰ মৌলিক চিন্তাৰ বিকাশ আৰু আমাৰ মাতৃভাষাৰ সাহিত্যৰ বিকাশত বাধা দিলে।ইংৰাজী মাধ্যমৰ শিক্ষাৰ ফলত আমাৰ দুই কুল হেৰাল-যিটো ভাষা শিকিবলৈ আমি প্রাণ ঢালি চেষ্টা কৰিলো সেই ভাষাও চহকী কৰিব নোবাৰিলোঁ আৰু ইফালে আমাৰ নিজৰ ভাষাও নষ্ট কৰি অধঃপাতে গ’লো ।আমাৰ দুয়োফালে ক্ষতি হ’ল-বৌদ্ধিক ক্ষতি আৰু সামাজিক ক্ষতি।”এই ক্ষেত্রত মিশ্ব্যনাৰী স্কুলবোৰৰো (ব্যতিক্রমো আছে)নেতিবাচক অৰিহণা আছে। মই নিজেও এখন কনভেন্টত শিক্ষা লাভ কৰিছিলো। এইটো মই নিঃসঙ্কোচে ব্যক্ত কৰিব  পাৰোঁ যে তাত কটোৱা বাৰটা বছৰ মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব।শিক্ষাগুৰু সকলৰ পৰা পোৱা উদগনি তথা বন্ধু-বান্ধৱৰ সৈতে কটোৱা দিনকেইটা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তথাপি মই ক’ব খোজো যে ইয়াত বৌদ্ধিক বিকাশৰ সুযোগ পোৱাৰ পৰিৱর্তে ‘হাই-ফাই’  ইংৰাজী ক’বলৈ তথা ‘ভাটৌৰ দৰে আওঁৰাবলৈ’হে শিকিলো। কনভেন্টত শিক্ষা লাভ কৰি পাশ্বাত্য সংস্কৃতিৰ ঢৌত উটি গৈ নিজ সংস্কৃতিৰ লগত আত্মীয়তা স্থাপন কৰাৰ সুযোগ নাপালোঁ।

শুনিবলৈ আচহুৱা যেন লাগিলেও দিল্লীলৈ আহি হে অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে এক আত্মীয়তা স্থাপন কৰিব পাৰিছোঁ। বন্ধু চক্রৰ মাজত আলোচনা হওঁতে এষাৰ কথা প্রায়েই ইটো-সিটোক কৈ হাঁহিৰ খোৰাক যোগোৱা হয়- “দিল্লীলৈ আহিহে আমি বেছি অসমীয়া হ’লো নেকি?”  উল্লেখযোগ্য যে ইয়াত থাকি ইংৰাজী মাধ্যমত স্কুলীয়া শিক্ষা লাভ কৰা ছাত্র-ছাত্রীয়েও অসমীয়াত কবিতা-প্রবন্ধ আদি লিখিবলৈ চেষ্টা কৰে। সৰুতে ‘Alice In Wonderland’  বা ‘David Copperfield’ ৰ দ্বাৰা সাহিত্য জগতৰ সৈতে পৰিচয় ঘটা এই ছাত্র-ছাত্রী সকলে ‘বুঢ়ী আই সাধু’ ৰ ওপৰত হোৱা আলোচনাতো অতি আগ্রহেৰে অংশগ্রহণ কৰে। এই সংকটময় কালত অসমৰ ভাষা-সংস্কৃতিৰ শুভাকাংক্ষীসকলৰ বাবে ই নিশ্চয় এক সুখবৰ।

এইটো ঠিক যে এই প্রতিযোগিতাৰ যুগত ইংৰাজী ভাষাৰ দৰে বিশ্বজনীন ভাষা এটা ভালদৰে জনাটো আৰু ক’ব পৰাটো আৱশ্যকীয় হৈ পৰিছে।সেইবুলি অসমীয়া মানুহে নিজ মাতৃ ভাষাটো বিসর্জন দিয়াটো অনূচিত।অসমীয়া ভাষাটোৰ বিষয়ে ভালদৰে জনাটো আৰু শুদ্ধকৈ ক’ব পৰাটো আমাৰ দৰে উঠি অহা প্রজন্মৰ বাবে অকল প্রয়োজনে নহয়,এক দায়িত্বও।

শর্মাদেৱে প্রবন্ধটোৰ শেষত সমূহ অসমীয়া জাতিলৈ এক উপদেশ দিছে-“আমাৰ সাহিত্য সংস্কৃতিৰ নেতাসকলে যদি শঙ্কৰদেৱ বেজবৰুৱাৰ জন্ম মৃত্যুৰ তাৰিখকেলৈ ঘৰৰ ভিতৰতে অনাৱশ্যক বাদানুবাদ কৰি নেথাকি, দুজনমান সৃষ্টিশীল লিখকে বিভিন্ন পাহাৰ অঞ্চলৰ ৰাইজক আত্মীয়তাৰে অধ্যয়ন কৰিবলৈ আৰু প্রকাশ কৰিবলৈ চেষ্টা কৰে তেনে হ’লে অসমীয়া ভাষাৰ গাতো বল বাঢ়িব;সাহিত্যৰো শ্রীবৃদ্ধি হব আৰু অসমীয়া চেতনাও সাহসী আৰু নিৰ্ভয় হ’ব পাৰিব। তেতিয়াহে অসমীয়া মন গতিশীল হৈ উদাৰতাৰে সকলোকে সামৰি ল’ব পাৰিবগৈ।অসমীয়াই অকল অতীতৰ বুৰঞ্জীলৈকে চাই ‘সোতৰবাৰ মোঘলক পৰাস্ত কৰা’ ৰ গর্ব্ব কৰি থাকিলে কোনো লাভ নাই।নিজৰ বিভক্ত চেতনাৰ কেৰোণ বিলাক আতঁৰাই আত্মবিশ্বাসৰ পথত আগবাঢ়িলেহে অসমীয়া ৰক্ষা পৰিব আৰু তেতিয়াহে অসমীয়া ভাৰতীয় হ’ব আৰু অসমত থকা  ভাৰতীয়য়ো অসমীয়া হ’বলৈ বাধ্য হ’ব।”

শর্মাদেৱৰ দৰে অসমৰ কেইবাজনো স্বনামধন্য ব্যক্তিয়ে বিশেষ কোনো স্বীকৃতি নোপোৱাকৈয়ে সময়ৰ সোঁতত হেৰাই গৈছে।এইখিনিতে নামজ্বলা ফৰেনছিক বিজ্ঞানী ডক্টৰ পদ্মপাণি মহন্তদেৱে কোৱা এষাৰ কথা মনত পৰিছে-“গুণীজনৰ মৃত্যুৰ পিছত স্মৃতিগ্রন্থ ছপা কৰাতকৈ জীৱিত কালতে তেনে ব্যক্তিক শ্রদ্ধা জনোৱাৰ প্রতিহে মই আগ্রহী”।তেওঁৰ কথাষাৰত যোগ দি মই ক’ব খোজো যে কোনোবা এদিন শোভাযাত্রা কৰি ‘শ্রদ্ধাঞ্জলি’ জ্ঞাপন কৰাটোক প্রকৃতার্থত সন্মান দিয়া নুবুজায়। তেওঁলোকৰ আদর্শ তথা কীৰ্ত্তিক জীয়াই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলেহে তেওঁলোকৰ প্রতি প্রকৃত সন্মান জনোৱা হ’ব।এই সঙ্কতময় কালত তেওঁলোকৰ মহান আদর্শ তথা লিখনিৰ দ্বাৰা অনুপ্রাণিত হৈ যাতে আমি ডেকা প্রজন্মই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে দেহে কেহে খাটিবলৈ বল আৰু সাহস পাওঁ এয়াই  কামনা কৰিলোঁ|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক