অসমীয়াৰ ভেন্সাৰঃ অসমীয়াৰ কেন্সাৰ (অজয় লাল দত্ত)

কৈশোৰৰ দিনত বিষ্ময়খন হাতত তুলি লৈছিলোঁ৷ পাত লুতিয়াবলৈ লওতেই এজনে শিকাইছিল- “মূৰ্খ, এইখন কিতাপ শেষ-পৃষ্ঠাৰ পৰাহে পঢ়ে!” সেই কথাকে মানি বিষ্ময় পঢ়া আৰম্ভ কৰিছিলো৷ শেষ পৃষ্ঠাৰ সৌন্দৰ্যৰ মায়াৰ পৰা ওলাবলৈ লওতেই হঠাৎ কোনো এটা সংখ্যাৰ এটা পৃষ্ঠাত চকু থৰ হোৱা লাইন কেইটা আছিল – স্কুলৰ ভেন্সাৰ, বেমাৰৰ কেন্সাৰ আৰু চাইকেলৰ পামচাৰ, সকলোৰে যন্ত্ৰণা হেনো একেই! তেতিয়াৰ পৰাই জীৱনে এই তিনিও যন্ত্ৰণাৰ পৰা দূৰত থাকিবলৈ বিচাৰিছিল।

 

অসমীয়াৰ ভেন্সাৰ বুলি কলে কেইটামান কথাই বৰকৈ আমনি কৰে। সেই কাৰণেই হয়তো আপুনিও এই কেইটাক পিউৰ অসমীয়া ভেন্সাৰ বুলি অভিহিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব।

 

১. ভেন্সাৰ স্কুলঃ

 

এসময়ত অসমত আদৰ্শ উচ্চ শিক্ষিত ডেকা ল’ৰা সকলৰ উদাহৰণ আছিল এনেধৰণৰ। যি কুৰি মাইল পৰ্যন্ত খোজকাঢ়ি বা নাও বাই গৈ এখন হাইস্কুলত পঢ়িছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা গৈ মেট্ৰিকৰ একমাত্ৰ চেণ্টাৰ ডিব্ৰুগড়ত আই এ বা এতিয়াৰ চিনাকী নাম মেট্ৰিক পৰীক্ষা দিয়া মানুহ। আমাৰ প্ৰত্যেকৰে পিতা-মাতা- মাহী-পেহী সকলেও জ্বলন্ত উদাহৰণ।

 

কলেজ বুলিবলৈ আঙুলিৰ মূৰত লিখিব পৰা নগণ্য সংখ্যা, বিজ্ঞান এটা ডাঙৰ অদ্ভূত বিষয়, এইবোৰ বৰবেছি পুৰণি কথা নহয়। ১৯৭৯ৰ আগে-পিছে একোটা দশক, আৰু এতিয়াও বহু ঠাইত এনে পৰিস্থিতি আছেই।

 

তেতিয়াৰ শিক্ষা লোৱা মানে গাঁৱৰ গৌৰৱ! যেন উচ্চ শিক্ষিত ডেকাৰ মনত বাহিৰলৈ গৈ কোম্পানীৰ চাকৰি কৰি, গাই-গুটীয়া পেটে ভঁৰাল ধাৰণাৰ পৰিয়ালৰ সপোন নাহিছিলেই চাগে।

 

” কোম্পানীৰ চাকৰি নালাগে লাহৰী, তুমি হবা হালোৱা, মইনো হম ৰোৱনী”- বিহুগীততেই সেই সময়ৰ অসমীয়া মানুহৰ চলিত আদৰ্শৰ এটা উমান পাব পাৰি৷ শস্য-শ্যামলা নিজ গাঁৱৰ পৰা চাকৰি কৰিবলৈ দূৰণীলৈ ওলাই যোৱাৰ প্ৰাসংগিকতা চাগে তেতিয়া নাছিলেই৷

 

উচ্চ শিক্ষিত, অঞ্চলৰ গৌৰৱ সকলে সেই আদৰ্শত প্ৰেৰিত হোৱাৰ ভাল ফলাফল কিছুমান আজি অসমীয়া সমাজে উপভোগ কৰি আছে৷ তেওঁসৱে গাঁৱৰ ঘৰলৈ ঘূৰি গৈ নিজৰ ভাই-ভনী বা পাছৰ সকলৰ শিক্ষাৰ বাবে স্কুল স্থাপনেই এটা আদৰ্শ কেৰিয়াৰ ৰূপে গঢ় লৈছিল। তাকো গাঁৱৰ ৰাইজৰ প্ৰত্যক্ষ সহযোগত, বাঁহ-খুজি খেৰ খুজি, সমজুৱা হুচৰি গাই গোটোৱা পইচাৰে গঢ়া স্কুল আছিল এইবোৰ। এইবোৰ ঘামৰ ফচলৰ ভেটিতে আমাৰ প্ৰজন্মই ঘৰৰ পৰা অন্ততঃ পাঁচ কিলমিটাৰৰ ভিতৰত দশম শ্ৰেণীলৈ পঢ়াৰ সুবিধা পালো। ৰাইজৰ মূলধনেৰে গঢ়া বিদ্যাৰ আলয় সমূহেই আজিও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভিতৰুৱা গাঁৱ অঞ্চলত শিক্ষাৰ বন্তি জ্বলাই আছে।

 

সেই সময়ৰ অতি উচ্চ শিক্ষিত সকলেও বিদেশত, বিলাতত উচ্চ শিক্ষালৈ অসমৰ মহাবিদ্যালয় , বিশ্ববিদ্যালয় স্থাপন তথা শিক্ষা বিস্তাৰত লাগি পৰিছিলহি। সেই সময়ত বৌদ্ধিক পৰিবেশটোও এনেকুৱা আছিল যে বিদেশৰ কোট চোলা এৰি আহি ৰিপু কৰা এৰী কাপোৰ লৈও পূৰ্ণ সণ্টুষ্টিৰে শিক্ষাৰ জ্যোতি বিলোৱা সকলৰ তালিকা মই দিয়াৰ প্ৰয়োজন নাই। আপোনাসৱৰ মন-মগজুত তেনে সন্মানীয় লোকৰ নামে নিশ্চয় ভিৰ কৰিবই৷

 

কিছু এনে লোকো আছিল, যি তেনে স্কুল কলেজ মাত্ৰ প্ৰতিস্থা কৰিছিল, আগৰণুৱা আছিল, অথচ থানথিত লগাৰ পাছত আকৌ আন ঠাইত স্কুল, কলেজ পাতিবলৈ দৌৰ মাৰিছিল৷ ফলত শেষ বয়সলৈ তেওঁ সৱৰ খাটাত মাত্ৰ প্ৰতিস্থা কৰা স্কুল, কেলজৰ তালিকাখনহে থাকিছিল, অথচ নাছিল একোটা চাকৰি, নাছিল কোনো স্বচ্ছলতা জীৱনভৰি৷ তেনে লোক সকলক মোৰ অসমৰ শিক্ষা বিপ্লৱৰ চে-গুৱেভাৰা বুলিবলৈহে কেতিয়াবা মন যায়!

 

অসমত শিক্ষা-বিস্তাৰৰ কথা কলেই বেছিভাগেই ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰি, নিজৰ ধৰ্ম প্ৰচাৰৰ মিচনত অহা সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিয়েই সামৰণি মাৰে। কিন্তু এই সকল অসমীয়াৰ ভেন্সাৰ স্কুল গঢ়াৰ যন্ত্ৰণাৰ অবিহনে আজি অসম আৰু অসমীয়াৰ শৈক্ষিক মান, শিক্ষিতৰ সংখ্যা তথা স্কুলৰ সংখ্যা প্ৰকৃততে কিমান হলগৈ হেতেন আপুনি এবাৰ ভাবকচোন।

 

আজি ইংৰাজী মাধ্যমত শিক্ষা লোৱা বেছিভাগৰে অভিভাৱক তথা প্ৰথম প্ৰজন্মই এই ৰাজহুৱা ভেন্সাৰ স্কুলৰ বা তাৰ পৰা কালক্ৰমত প্ৰাদেশীকৃত হোৱা বিদ্যালয়ৰে প্ৰডাক্ট! অকন ঘূৰি চালেই আপুনিও বুজি উঠিব যে অসমৰ সৰহভাগ গাঁৱলৈ শিক্ষাৰ জুমুঠি কোনে কঢ়িয়ালে…!

 

আনকি কত অসমীয়া ডেকাই উত্তৰ-পূৱৰ সাতভনীৰ পাহাৰে কন্দৰে শিক্ষা বিস্তাৰ কৰিলে, শিক্ষকতা কৰিলে তাৰ কোনো অফিচিয়েল হিচাব নাই, অথচ বিচাৰিলেই উদাহৰণ ধেৰ পাবই৷ তাকেই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ কালজয়ী উপন্যাস ঈয়াৰুঙ্গমে সেই ছবিক সফলতাৰে যুগলৈ অস্বীকাৰ কৰিব নোৱাৰাকৈ আঁকি গৈছে৷

 

মাজুলীৰ এজন দাদাক লগ পাইছিলো, ডেৰাডুনৰ এ টি এম এটাৰ সমুখত। দাদা, খুৱ কথকী। অসমীয়া লৰা বুলি চা-চিনাকী হৈ অসমৰ কথাৰে মহলা মাৰি এটিএমৰ লাইনৰ পৰা ওলায়েই আহিল। আমিও আগ্ৰহী নোহোৱা বা ভাল শ্ৰোতা নোহোৱাৰটো প্ৰশ্নই নুঠে!

 

তেখেতে কৈ গল- চোৱা, আজিৰ ইউ পি অথবা দিল্লীৰ এজন গ্ৰেজুৱেট, মানে আমাৰ তাৰ ৰয়েল গ্ৰেজুৱেট (স্নাতক বিজ্ঞানসহ পাচ কৰি পদাৰ্থ বিদ্যা, ৰসায়নৰ লগত অংক থাকিলে, তেওঁক ৰয়েল চাইন্স গ্ৰেজুৱেট বোলা হয়!)। চোৱা আমাৰ ৰয়েল গ্ৰেজুৱেটজনে ঘৰলৈ ঘূৰি গৈ ভেন্সাৰ স্কুল পাতিলে, ৰাইজক সেৱা কৰি প্ৰথম দাতাৰ পৰা মাটি, তাৰ পাছত বাঁহ, তাৰ পাছত খেৰ, তাৰ পাছত ছাত্ৰ-ছাত্ৰী গোটোৱা, ছাত্ৰ-ছাত্ৰীক লৈ বছৰেকীয়া বহাগৰ বিহুত স্কুলৰ বাবে হুচৰি জোৰা, নেগেৰা পাৰ্টি উলিওৱা,….ভেন্সাৰ স্কুলৰ কত যন্ত্ৰণাৰ অন্ততঃ তেওঁৰ আধা-বয়স ভটিয়াই যোৱাৰ পাছত যদি স্কুলখন চৰকাৰে ললে, তেতিয়াতো ৰক্ষাই পৰিল। শেষ বয়সত বিয়া পাতি লৈ, সন্তান এমা-ডিমা হৈ থাকোতেই ৰিটায়াৰ, একেবাৰে সৌভাগ্যবান জনৰ ক্ষেত্ৰতহে। গাঁৱত তেতিয়া টিউচনৰ টও নাই, ৰাতি বিয়লি বিনামূলীয়া শিক্ষা দিয়াই যেনেতেনে পাছ কৰাব পাৰিলেই স্কুলৰ নাম হয়, অঞ্চলৰ নাম হয়। কিমান শিক্ষকে ৰাতিপুৱা হাল-কোৰ-বাই, দুপৰীয়া স্কুলত বিনামূলীয়া শিক্ষা দি জীৱন পাত কৰিলে, সেই সকল অসমীয়াৰ খবৰ কোনেই বা ৰাখিছে?

 

কিন্তু অসমীয়া সকলৰ এটা কথা ভাল যে ছাৰ বুলি সন্মানত কিন্তু তেখেত সকলক কেতিয়াও নিজৰ অঞ্চলত কাৰ্পন্য কৰা শুনা নাই। সেয়াই সন্তুষ্টি!

 

কিন্তু তাৰ ঠাইত একে ৰয়েল বি এচ চি এইফালৰ, যি সেই যুগতে কোম্পানীৰ চাকৰিত সোমাল, সেইসকল আজি পঁশিচ-ত্ৰিশ বছৰত জেনেৰেল মেনেজাৰ লেভেলৰ হলগৈ।

 

তুমি এটা কথা ভাবা, ত্ৰিশ বছৰ পাছত যেতিয়া ৰিটায়াৰমেণ্টৰ টকা কেইটা আৰু পেঞ্চনৰ বাবে একোটা অঞ্চলে স-সন্মানে গোটেই জীৱন উপচাই ৰখা মানুহ জনক এজন সাধাৰণ কেৰাণীয়ে টেবুলৰ কাষত অসহায় কৰি ঠিয় কৰাই থয়, বাৰে বাৰে গুৱাহাটীলৈ দৌৰায়। পিয়নক তেওঁলোকে চাৰ বুলি মাতিব লাগে, নিজৰ ল’ৰাৰ চাকৰিৰ বাবে ঘোঁচ নিদিয়া আদৰ্শবাদী শিক্ষকজনে পিয়নক উপযাচি জেপত পইচা ভৰাই দিব লাগে। এইয়া কি ধৰণৰ সন্মানহে?

 

তুমি এটা কথা কোৱা সেই অসহায় হৈ পৰা প্ৰধান শিক্ষকজনে যেতিয়া দেশৰ খবৰ এটা লওঁ বুলি গুৱাহাটীৰ পদ-পথত এখন বাতৰি কাকত তুলি লৈ দেখে, যে একে এজন ৰয়েল বিএচছি কোম্পানী এটাৰ জেনেৰেল মেনেজাৰ হৈ, তেওঁৰ ৰাতি থকা হোটেল এখনৰ এটা ৰুমৰ বাবে এটা ৰাতিত কোম্পানীয়ে বহন কৰে নুন্যতম দহ হাজাৰ টকা। তেওঁ এনটাইটলড্! (কোম্পানী আৰু এনটাইটলমেণ্টৰ কথাবোৰ চেতন ভগতৰ টু ষ্টেট উপন্যাসত ধুনীয়াকৈ বৰ্ণোৱা আছে।)

 

কিন্তু সেই তাৰকাযুক্ত হোটেলৰ কোঠাতো দেখি, খৰচৰ পৰিমান দেখি আমাৰ হেড মাষ্টৰে বিশ্বাস কৰিবনে? এনেহেন বিলাসী একোটা ৰুম থাকে, ডিডাইনাৰ বিচনা, ডিজাইনাৰ লাইট, আলোক সজ্জা, এফুটীয়া ডাঠ গাডী, মখমল বিচনাচাদৰ……..এনেহেন এৰাতিৰ বাবে তেওঁৰোতো আছিল যোগ্যতা, অথচ আজিৰ সেয়া এক অলীক কল্পনা মাত্ৰ। তেওঁ মূৰ-ঘূৰাই পৰি নাযাৱনে? তেওঁ ভূল কৰিছিল নেকি বাৰু?

 

দাদাজনৰ মুখলৈ চালো, সঁচা-কথাৰ উজ্বলতাখিনিলৈ চাব নোৱাৰিলো, এজন অসমীয়া ৰূপে লাজ পোৱাৰ বাদে একোৱেই কৰিব নোৱাৰিলোঁ।

 

পাচদিনা ঘৰলৈ ফোন কৰোতে শুনিলো, কিমান জন শিক্ষকে অৱসৰৰ সময়লৈকে দৰমহা বিহীন হৈয়ে অৱসৰ লোৱাৰ বাতৰি তথা কৰবাত ভেন্সাৰ স্কুলৰ শিক্ষকৰ আত্মহত্যাৰ বাতৰি। এয়াই আমালৈ শিক্ষাৰ জুমুঠি কঢ়িওৱা সকলৰ যন্ত্ৰণা, ভেন্সাৰৰ যন্ত্ৰণা…।

 

ভাৰতীয় গণতন্ত্ৰৰ চৰকাৰীৰ পুঁজিৰ দ্বাৰা প্ৰথম স্থাপিত হোৱা অসমৰ বিদ্যালয়ৰ নাম সুধোতে এজন প্ৰাক্তন এমপি, এজন প্ৰাক্তন বিধায়কে কব নোৱাৰিলে। ভেন্সাৰ স্কুলৰ যন্ত্ৰণাৰ কথা পাতোতে, অসমৰ বাহিৰত এনে স্কুলৰ অৱস্থিতিৰ কথা নাজানো বুলি তেখেতে ব্যক্ত কৰিলে। ভেন্সাৰ স্কুল সমূহক প্ৰাইভেট বিদ্যালয়ৰ ৰূপ দি প্ৰফিটেবল, কচিং চেণ্টাৰ জাতীয় ৰূপ দি অন্ততঃ শিক্ষকক আত্মহননৰ পৰা ৰক্ষা কৰিব পৰা নাযায়নে বুলিও সুধিলো।

 

কিন্তু তেখেতৰ কথাত সঁচায়েই যুক্তি আছিল, এতিয়াও অসমৰ একেবাৰে জকাই-চুকীয়া গাঁৱৰ শিক্ষা এই ভেন্সাৰ স্কুলৰ ওপৰতে নিৰ্ভৰশীল। আটাইতকৈ নিম্ন-আৰ্থিক শ্ৰেণীৰ মানুহকো আজিও বিনামূলীয়া শিক্ষাও দি আছে, এইবোৰ স্কুলেই। যত প্ৰফিট মেকিং প্ৰাইভেট স্কুলৰ স্কপ নাই, সেয়েই তাত ব্যক্তিগত খণ্ডৰ স্কুলো গঢ় লোৱা নাই। গতিকে মোৰ আইডিয়া ইনভিলড্। মই নতশীৰে মানি ললো।

 

একমাত্ৰ ভাৰতীয় গণতন্ত্ৰৰ চৰকাৰী পুঁজিৰে স্থাপন হোৱা বিদ্যালয় অন্ততঃ আমাৰ দৃষ্টিত, জৱাহৰ নৱোদয় বিদ্যালয় সমূহ। খুৱ ভাল কনচেপ্ত । কিন্তু তাৰ সুফলে আঙুলি মূৰ পাৰ কৰিবই পৰা নাই।

 

স্বাধীনতাৰ পৰা প্ৰাক সৰ্ব-শিক্ষা মিচনৰ হোৱালৈকে প্ৰায় সুদীৰ্ঘ ৫৫টা বছৰত, অসমৰ ৰাজহুৱা বিদ্যালয় গৃহৰ নিৰ্মাণ- ৰাইজৰ দান আৰু অসমীয়াৰ অন্য এক অনবদ্য ভেন্সাৰৰ যোগেদিয়েই হৈ আহিছে৷ সেয়া হল- ভ্ৰাম্যমান থিয়েটাৰ।

 

আমাৰ দৃষ্টিত অসমত স্থাপিত ৰাজহুৱা এনে স্কুলৰ নৱ-স্থাপিত সময়চোৱাত বিদ্যালয়ৰ বিল্ডিং নিৰ্মাণ আৰু আন্তঃ-গাঁথনিৰ উন্নতিত এই ভ্ৰাম্যমান থিয়েটাৰ আয়োজন কৰি লাভ কৰা আয়ৰ অৱদানেই সবাটোতকৈ বেছি।

 

আনকি নামঘৰ, কৃষ্টি সংঘ, ক্লাৱ আদিৰ ডবা, খোল, ক্ৰিকেটৰ বেট পৰ্যন্ত ভ্ৰাম্যমান থিয়েটাৰৰ আয়োজনে অসমীয়ালৈ আনি দিছে। অসমৰ বাহিৰত এনে সংগঠিত সু-বৃহৎ ভ্ৰাম্যমান নাট্য প্ৰযোজনা হেনো নাই। কিন্তু শিল্পী সকলৰ প্ৰতি নিশাৰ কষ্টই, আয়োজকৰ টৰ্চ মাৰি দৰ্শক বহোৱা স্বেচ্ছাসেৱক সকলৰ কষ্টই প্ৰকৃততে অসমৰ শিক্ষাৰ বন্তিডালত কিমান অৰিহণা যোগাইছে তাক আমি বিচাৰ কৰি জানো চাব নালাগিব?

 

ৰাজহুৱা ভেন্সাৰ স্কুলৰ প্ৰতিস্থাৰে তথা পা-পইচাহীন শিক্ষকতাৰে মমৰ দৰে নিজে জ্বলি গলিও জ্ঞানৰ পোহৰেৰে অসম পোহৰোৱা সেই সকল ত্যাগী অসমীয়াৰ চৰণ চুব খুজিছো। ভেন্সাৰৰ যন্ত্ৰণাকো ৰাইজৰ আশীষতে জীৱন পথৰ সাৰথি কৰি লোৱা সকললৈ আপোনাৰো হিয়া ভৰা কৃতজ্ঞতা নজনাবনে?

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments